< ২ সামুয়েল 18 >

1 দায়ূদে তেওঁৰ লগত থকা সৈন্যসকলক গণনা কৰিলে আৰু তেওঁলোকৰ মাজত সহস্ৰপতি ও শতপতি নিযুক্ত কৰিলে।
Dawuda ya tattara mutanen da suke tare da shi, ya naɗa musu komandodi na dubu-dubu, da na ɗari-ɗari.
2 তাৰ পাছত দায়ূদে যোৱাবৰ হাতত সৈন্যসকলৰ এভাগ, যোৱাবৰ ভায়েক চৰূয়াৰ পুত্ৰ অবীচয়ৰ হাতত এভাগ আৰু গাতীয়া ইত্তয়ৰ হাতত এভাগ সমৰ্পণ কৰি পঠিয়াই দিলে। ৰজাই তেতিয়া সৈন্যসকলক ক’লে, “মই নিজেও নিশ্চয়ে তোমালোকৰ লগত যাম।”
Dawuda ya sa rundunoni kashi ɗaya bisa uku a ƙarƙashin Yowab, kashi ɗaya bisa uku a ƙarƙashin Abishai, ɗan’uwan Yowab ɗan Zeruhiya, kashi ɗaya bisa uku a ƙarƙashin Ittai mutumin Gat. Sai sarki ya ce wa rundunonin, “Tabbatacce zan tafi tare da ku.”
3 কিন্তু লোকসকলে ক’লে, “আপুনি যাব নালাগে, কিয়নো যদি আমি পলাই যাও, আমাৰ বাবে চিন্তা নকৰিব, আমাৰ অৰ্দ্ধেকলোক মৰিলেও আমাৰ বাবে চিন্তা নকৰিব৷ কিন্তু আপুনি আমাৰ দহ হাজাৰৰ সমান। এই হেতুকে আপুনি নগৰৰ পৰা আমাক সহায় কৰিবৰ অৰ্থে আপুনি যুগুত হৈ থাকিলে ভাল হ’ব।”
Amma mutanen suka ce, “Ba za ka fita ba; gama in ya kasance tilas mu gudu, ba za su kula da mu ba. Ko da rabinmu sun mutu, ba za su damu ba; amma kai kanka ka fi mutum dubu goma namu. Zai fi maka ka zauna a cikin gari, ka dinga aika mana da taimako.”
4 তাতে ৰজাই তেওঁলোকক ক’লে, “তোমালোকে যিহকে ভাল দেখা, মই তাকেই কৰিম।” পাছত ৰজা নগৰৰ দুৱাৰৰ কাষত থিয় হৈ ৰ’ল আৰু সকলো সৈন্য শ শ আৰু হাজাৰ হাজাৰ কৈ ওলাই গ’ল।
Sarki ya ce, “Zan yi duk abin da ya fi muku kyau.” Saboda haka sarki ya tsaya kusa da bakin ƙofa yayinda dukan mutane suke fitowa a ƙungiyar ɗari-ɗari da ta dubu-dubu.
5 তেতিয়া ৰজাই যোৱাব, অবীচয় আৰু ইত্তয়ক আজ্ঞা দি ক’লে, “তোমালোকে মোলৈ চাই, সেই ডেকা যোৱবক অবচালোমৰ প্ৰতি বিনীত ভাৱে ব্যৱহাৰ কৰিবা।” অবচালোমৰ বিষয়ে সেনাপতিসকলক ৰজাই এই আজ্ঞা দিয়া সময়ত সকলো লোকে সেই কথা শুনিলে।
Sarki ya umarci Yowab, Abishai, da Ittai, ya ce musu, “Ku yi mini hankali da saurayin nan Absalom.” Dukan mutane kuwa suka ji yadda sarki yake ba wa kowane komanda umarni.
6 এইদৰে সৈন্যসকল ইস্ৰায়েলৰ বিৰুদ্ধে গ্ৰাম্যঞ্চলৰ বাহিৰলৈ ওলাই গ’ল; সেই যুদ্ধ ইফ্ৰয়িমৰ হাবিত হ’ল।
Rundunonin suka tafi zuwa fili don su yi yaƙi da Isra’ila. Aka kuwa yi yaƙi a kurmin Efraim.
7 সেই ঠাইত ইস্ৰায়েলৰ সৈন্যসকল দায়ূদৰ সৈন্যসকলৰ সন্মুখত পৰাজিত হ’ল; তাতে সেইদিনা মহা-সংহাৰ হোৱাত বিশ হাজাৰ লোকৰ মৃত্যু হয়।
A nan ne mutanen Isra’ila suka sha kashi a hannun mutanen Dawuda. Waɗanda suka yi rauni da kuma waɗanda suka mutu a ranar sun yi yawa, mutum dubu ashirin.
8 কিয়নো যুদ্ধ সেই অঞ্চলত বিয়পি গ’ল, সেই বাবে তাত তৰোৱালে যিমান লোক গ্ৰাস কৰিলে, হাবিয়ে তাতকৈ অধিক লোক গ্ৰাস কৰিলে।
Yaƙin ya bazu a duk fāɗin ƙauyukan, abin da kurmin ya ci kawai a ranar ya fi yawan abin da aka kashe da takobi.
9 পাছত অবচালোমে দায়ূদৰ সৈন্যসকলক হঠাৎ লগ পালে৷ তেতিয়া অবচালোম নিজৰ খছৰৰ ওপৰত উঠি যাওঁতে, সেই খছৰে তাত থকা এজোপা ডাঙৰ এলা গছৰ ঘন ডালৰ তলেদি যোৱাত, সেই এলা গছত অবচালোমৰ মুৰটো লাগি ধৰিল, তেওঁ আকাশ আৰু পৃথিৱীৰ মাজত ওলমি থাকিল আৰু তলৰ পৰা খচ্ছৰ চলি গৈ থাকিল।
To, Absalom ya haɗu da mutanen Dawuda. Yana hawan dokinsa, kuma yayinda dokin ya kusa kai cikin rassan babban itacen oak, sai kan Absalom ya sarƙafe a kan itacen oak ɗin. Dokin ya wuce da gudu, shi kuwa ya rataye a can yana lilo.
10 ১০ তেতিয়া কোনো এজন লোকে সেই দৃশ্য দেখা পাই যোৱাবক ক’লে, “চাওঁক, মই এলা গছত অবচালোমক ওলমি থকা দেখিলোঁ।”
Sa’ad da wani daga cikin mutanen ya gan haka, sai ya gaya wa Yowab, “Na ga Absalom yana rataye a itacen oak.”
11 ১১ তেতিয়া যোৱাবে সেই বাতৰি দিয়া মানুহ জনক ক’লে, “যদি তুমি তেনেকুৱা দেখিছিলা, তেনেহ’লে কিয় সেই ঠাইতে তেওঁক মাৰি মাটিত নেপেলালা? তাকে কৰা হ’লে, মই তোক দহ চেকল ৰূপ আৰু এগজ টঙালি দিলোঁহেঁতেন।”
Yowab ya ce wa mutumin da ya ba shi labarin, “Mene! Ka ga shi? Don me ba ka buge shi har ƙasa nan da nan ba? Ai, da na ba ka shekel goma na azurfa da abin ɗamarar jarumi.”
12 ১২ তেতিয়া মানুহ জনে যোৱাবক ক’লে, “মই যদিও হাজাৰ চেকল ৰূপ লওঁ তথাপিও মই সেই ৰাজ কোঁৱৰৰ অহিতে হাত নেমেলোঁ কিয়নো আমি শুনাকৈ ৰজাই আপোনাক, অবীচয়ক আৰু ইত্তয়ক এই আজ্ঞা দিছিল বোলে, ‘সাৱধান, তোমালোকৰ কোনোৱেও যেন সেই ডেকা অবচালোমক নুচুৱে’।
Amma mutumin ya ce wa Yowab, “Ko da za a auna mini azurfa dubu a hannuna, ba zan miƙa hannuna in taɓa ɗan sarki ba. A kunnuwanmu fa sarki ya umarce ka, da Abishai, da Ittai cewa, ‘Ku tsare saurayin nan Absalom a madadina.’
13 ১৩ আৰু যদিও মই গুপুতে তেওঁৰ প্ৰাণ ললোহেতেন, তথাপিও আপুনি নিজেও মোৰ বিৰুদ্ধে হ’লহেতেন, কাৰণ ৰজাৰ পৰা কোনো কথা গুপুতে নাথাকে৷
Da na yi haka da na sa kaina a halin ƙaƙa-ni-ka-yi, kuma babu abin da zai ɓoyu ga sarki, kai kuwa za ka janye abinka daga gare ni.”
14 ১৪ তেতিয়া যোৱাবে ক’লে, “মই তোমাৰ কাৰণে ৰখি নাথাকো।” তেতিয়া তেওঁ নিজৰ হাতত তিনিডাল শূল লৈ, অবচালোম এলা গছৰ মাজত জীয়াই ওলমি থাকোঁতেই, তেওঁৰ বুকুৰ মাজেৰে সোমোৱাই দিলে৷
Yowab ya ce, “Ba zan ɓata lokaci da kai ba.” Saboda haka sai ya ɗauki māsu uku a hannunsa ya zura su a ƙahon zuciyar Absalom, tun Absalom yana da sauran rai a maƙale a itacen oak.
15 ১৫ তেতিয়া যোৱাবৰ সেই দহজন অস্ত্ৰধাৰী ডেকাই অবচালোমক বেৰি ধৰি, আঘাত কৰি, তেওঁক বধ কৰিলে।
Masu ɗaukan kayan yaƙin Yowab goma kuwa sun kewaye Absalom, suka bubbuge shi suka kashe.
16 ১৬ তাৰ পাছত যোৱাবে শিঙা বজালে আৰু সৈন্যসকল ইস্ৰায়েলৰ পাছত খেদি যোৱাৰ পৰা উভটি আহিল কিয়নো যোৱাবে সৈন্যসকলক ৰখাই হ’ল।
Sa’an nan Yowab ya busa ƙaho, sai sojoji suka bar fafaran Isra’ila, gama Yowab ya tsai da su.
17 ১৭ তেওঁলোকে অবচালোমক নমাই আনি, হাবিৰ মাজত থকা বৰ গাত এটাত পেলাই দিলে; তেওঁলোকে তেওঁৰ ওপৰত শিলৰ এটা বৰ দ’ম ৰাখি হ’ল আৰু সকলো ইস্ৰায়েলৰ প্ৰত্যেক জন লোক নিজ নিজ তম্বুলৈ পলাই গ’ল
Suka ɗauki Absalom, suka jefa shi cikin wani babban rami a kurmin, suka kuwa tula tsibin duwatsu a kansa. Ana cikin haka, sai dukan Isra’ilawa suka tsere zuwa gidajensu.
18 ১৮ ৰজাৰ উপত্যকাত যি স্তম্ভ আছে, তাক অবচালোমে জীয়াই থকা কালত নিৰ্ম্মাণ কৰাই, নিজৰ কাৰণে স্থাপন কৰিছিল কিয়নো তেওঁ কৈছিল যে, “মোৰ নাম ৰাখিবলৈ মোৰ পো নাই।” এই কাৰণে তেওঁ নিজৰ নাম অনুসাৰে সেই স্তম্ভৰ নাম ৰাখিলে আৰু সেই বাবে সেয়ে আজিলৈকে অবচালোমৰ স্তম্ভ বুলি প্ৰখ্যাত আছে।
A lokacin da Absalom yake da rai, Absalom ya gina wa kansa al’amudin tunawa, a Kwarin Sarki, gama ya yi tunani ya ce, “Ba ni da ɗa namiji wanda zai sa a riƙa tunawa da ni.” Sai ya kira ginshiƙin da sunansa, ana kuwa kira shi Al’amudin Absalom har wa yau.
19 ১৯ তাৰ পাছত চাদোকৰ পুত্ৰ অহীমাচে ক’লে, “যিহোৱাই কেনেকৈ ৰজাৰ পক্ষে তেওঁৰ শত্ৰুবোৰৰ প্ৰতিকাৰ সাধিলে, তাৰ শুভবাৰ্ত্তা ৰজাক দিবলৈ মোক এতিয়া লৰি যাবলৈ দিয়ক।”
Ahimawaz ɗan Zadok ya ce, “Bari in ruga in kai wa sarki labari cewa Ubangiji ya cece shi daga hannun abokan gābansa.”
20 ২০ তেতিয়া যোৱাবে তেওঁক ক’লে, “তুমি আজি এই বাতৰি দিয়া লোক হ’ব নালাগে; তুমি আন দিনাখন এই বাতৰি দিবা৷ আজি তুমি একো বাতৰি নিদিবা কাৰণ ৰজাৰ কোঁৱৰৰ মৃত্যু হ’ল।”
Yowab ya ce, “Ba kai ba ne za ka kai wannan labari a yau ba. Kana iya kai labarin wani lokaci, amma yau kam ba zai yiwu ba, saboda ɗan sarki ya mutu.”
21 ২১ তেতিয়া যোৱাবে কুচীয়াক ক’লে, “তুমি যোৱা আৰু যি দেখিলা সেই বিষয়ে ৰজাক জনোৱাগৈ৷” তাতে কুচীয়াই যোৱাবক সেৱা কৰি লৰি গ’ল।
Sai Yowab ya ce wa wani mutumin Kush, “Je ka faɗa wa sarki abin da ka gani.” Mutumin Kush ɗin kuwa ya rusuna wa Yowab, sai ya ruga a guje.
22 ২২ তেতিয়া চাদোকৰ পুত্ৰ অহীমাচে আকৌ যোৱাবক ক’লে, “যি হওঁক, অনুগ্ৰহ কৰি কুচীয়াৰ পাছত মোকো লৰি যাবলৈ দিয়ক।” তাতে যোৱাবে ক’লে, “বোপা তুমি কিয় লৰি যোৱা? তুমি বাতৰিৰ একো বঁটা নাপাবা।”
Ahimawaz ɗan Zadok ya sāke ce wa Yowab, “Ko mene ne zai faru, ina roƙonka bari in bi bayan mutumin Kush nan.” Amma Yowab ya ce, “Ɗana me ya sa kake so ka je? Ba ka da labarin da zai jawo maka lada.”
23 ২৩ অহীমাচে ক’লে, “যি হওঁক, মোক লৰি যাবলৈ দিয়ক।” তাতে যোৱাবে ক’লে, “লৰি যোৱা।” তেতিয়া অহীমাচে সমথলৰ বাটেদি লৰি লৰি গৈ কুচীয়াক পাছ পেলালে।
Ya ce, “Ko mene ne zai faru, ina so in ruga da gudu.” Sai Yowab ya ce, “Ruga!” Sai Ahimawaz ya sheƙa a guje ya bi ta hanyar fili ya riga mutumin Kush nan.
24 ২৪ সেই সময়ত দায়ুদ নগৰৰ দুই দোৱাৰৰ মাজত বহি আছিল৷ তেতিয়া প্ৰহৰীয়ে নগৰৰ দোৱাৰৰ ওপৰ ভাগৰ গড়ৰ ওপৰত উঠি চকু তুলি চালে৷ তেতিয়া তেওঁ এজন মানুহ অকলেই তেওঁলোকৰ ফালে লৰি আহি থকা দেখিলে।
Yayinda Dawuda yake zaune tsakanin ƙofofin ciki da na waje, sai mai tsaro ya hau rufin ginin da yake kan hanyar shiga ta wajen katanga. Da ya duba sai ya ga wani mutum shi kaɗai yana gudu.
25 ২৫ তেতিয়া প্ৰহৰীয়ে ৰিঙিয়াই ৰজাক সেই কথা জনালে৷ ৰজাই ক’লে, “তেওঁ যদি অকলে আছে, তেন্তে তেওঁৰ মুখত বাতৰি আছে।” লৰি অহা ল’ৰা জনে ওচৰ আহি নগৰৰ কাষ চাপিলে৷
Mai tsaro ya tā da murya ya faɗa wa sarki. Sarki ya ce, “In shi kaɗai ne, ya kawo labari mai kyau ke nan.” Mutumin ya matso kusa-kusa.
26 ২৬ তেতিয়া প্ৰহৰীয়ে আৰু এজনক লৰি অহা দেখি ৰিঙিয়াই দুৱৰীটোক ক’লে, “চোৱা আৰু এজন অকলে লৰি আহিছে।” তাতে ৰজাই ক’লে, “তেৱোঁ বাতৰি আনিছে।”
Sai mai tsaron ya ga wani mutum yana zuwa a guje. Sai ya tā da murya ya kira mai tsaron ƙofa ya ce, “Duba, ga wani mutum kuma yana gudu shi kaɗai!” Sarki ya ce, “Shi ma yana kawo labari mai daɗi ne.”
27 ২৭ তেতিয়া প্ৰহৰীয়ে ক’লে, “মই ভাবো প্ৰথম জন লোকৰ লৰ চাদোকৰ পুত্ৰ অহীমাচৰ লৰৰ নিচিনা।” ৰজাই ক’লে, “তেওঁ ভাল মানুহ আৰু তেওঁ ভাল সম্বাদ আনিছে।”
Sai mai tsaron ya ce, “A ganina gudu na farin, ya yi kama da gudun Ahimawaz, ɗan Zadok.” Sarki ya ce, “Shi mutumin kirki ne, yana zuwa da saƙo mai kyau.”
28 ২৮ তেতিয়া অহীমাচে ৰিঙিয়াই ৰজাক ক’লে, “সকলো মঙ্গলময়৷” পাছত তেওঁ মাটিত মুখ লগাই ৰজাৰ আগত সেৱা কৰি ক’লে, “যি জনে মোৰ প্ৰভু ৰজাৰ অহিতে হাত তোলা লোকসকলক শোধাই দিলে, আপোনাৰ সেই ঈশ্বৰ যিহোৱা ধন্য।”
Sai Ahimawaz ya tā da murya ya ce wa sarki, “Kome lafiya yake!” Sai ya rusuna har ƙasa a gaban sarki ya ce, “Yabo ya tabbata ga Ubangiji Allahnka! Ya ba da mutanen da suka tayar wa ranka yă daɗe a hannunsa.”
29 ২৯ তেতিয়া ৰজাই সুধিলে, “ডেকা যুৱক অবচালোমৰ মঙ্গল নে?” তাতে অহীমাচে উত্তৰ দি ক’লে, “যি সময়ত যোৱাবে আপোনাৰ দাস মোক আপোনালৈ পঠালে, তেতিয়া বৰ হুৰা-মুৰা হোৱা দেখিলোঁ; কিন্তু কি হৈছিল সেই বিষয়ে জানিবলৈ নাপালোঁ।”
Sai sarki ya ce, “Saurayin nan Absalom yana nan da rai?” Ahimawaz ya ce, “Na ga wani babban rikicewar a daidai lokacin da Yowab yake gab da aikan bawan sarki da kuma ni, sai dai ban san ko mene ne ba.”
30 ৩০ ৰজাই ক’লে, “একাষে গৈ ইয়াতে থিয় হোৱা।” তাতে অহীমাচে একাষে গৈ থিয় হ’ল।
Sai sarki ya ce, “Koma gefe ka jira a can.” Sai ya ja gefe ya tsaya.
31 ৩১ তেতিয়াই সেই কুচীয়াই আহি ক’লে, “মোৰ প্ৰভু মহাৰাজলৈ বাতৰি আনিছোঁ কিয়নো আপোনাৰ অহিতে উঠা আটাই মানুহৰ ওপৰত আজি আপোনাৰ পক্ষে যিহোৱাই প্ৰতিকাৰ সাধিলে।”
Sai ga mutumin Kush ya iso ya ce, “Ranka yă daɗe sarki, ka ji labari mai kyau! Ubangiji ya cece ka yau daga dukan waɗanda suka tayar maka.”
32 ৩২ তাতে ৰজাই কুচীয়াক সুধিলে, ডেকা পুৰুষ অবচালোমৰ মঙ্গল নে? কুচীয়াই ক’লে, “মোৰ প্ৰভু মহাৰাজৰ শত্ৰুবোৰ আৰু আপোনাৰ অনিষ্ট কৰিবলৈ আপোনাৰ বিৰুদ্ধে উঠা আটাইবোৰ সেই ডেকা যুৱক জনৰ নিচিনা হওঁক।”
Sarki ya ce wa mutumin Kush, “Saurayin nan Absalom, yana nan lafiya?” Mutumin Kush ya ce, “Allah yă sa abokan gāban ranka yă daɗe, da duk waɗanda suka tayar maka da mugunta, su zama kamar saurayin nan.”
33 ৩৩ তেতিয়া ৰজাই অধৈৰ্য হৈ নগৰৰ দুৱাৰৰ ওপৰৰ কোঁঠালিলৈ উঠি ক্ৰন্দন কৰিবলৈ ধৰিলে৷ আৰু ইফাল-সিফালে ফুৰি ক’লে, “হায় মোৰ পুত্ৰ অবচালোম! হায় মোৰ পুত্ৰ! হায় মোৰ পুত্ৰ অবচালোম! তোমাৰ সলনি মই মৰা হ’লেই ভাল আছিল! হায় অবচালোম! হায় মোৰ পুত্ৰ! মোৰ পুত্ৰ!”
Sai gaban sarki ya faɗi. Ya haura zuwa ɗakin da yake kan katangar hanyar shiga ya yi kuka. Yayinda yake tafiya ya ce, “Ya ɗana Absalom! Ɗana, ɗana Absalom! Da ma a ce ni ne na mutu maimakonka. Ya Absalom, ɗana, ɗana!”

< ২ সামুয়েল 18 >