< ২ সামুয়েল 18 >
1 ১ দায়ূদে তেওঁৰ লগত থকা সৈন্যসকলক গণনা কৰিলে আৰু তেওঁলোকৰ মাজত সহস্ৰপতি ও শতপতি নিযুক্ত কৰিলে।
Davide anasonkhanitsa anthu amene anali naye ndipo anasankha atsogoleri ena olamulira ankhondo 1,000 ndi ena olamulira ankhondo 100.
2 ২ তাৰ পাছত দায়ূদে যোৱাবৰ হাতত সৈন্যসকলৰ এভাগ, যোৱাবৰ ভায়েক চৰূয়াৰ পুত্ৰ অবীচয়ৰ হাতত এভাগ আৰু গাতীয়া ইত্তয়ৰ হাতত এভাগ সমৰ্পণ কৰি পঠিয়াই দিলে। ৰজাই তেতিয়া সৈন্যসকলক ক’লে, “মই নিজেও নিশ্চয়ে তোমালোকৰ লগত যাম।”
Davide anatumiza asilikaliwo atawagawa patatu: gulu loyamba limalamulidwa ndi Yowabu, gulu lachiwiri limalamulidwa ndi Abisai ndipo gulu lachitatu limalamulidwa ndi Itai Mgiti. Mfumu inawuza asilikaliwo kuti, “Inenso ndipita nanu ndithu.”
3 ৩ কিন্তু লোকসকলে ক’লে, “আপুনি যাব নালাগে, কিয়নো যদি আমি পলাই যাও, আমাৰ বাবে চিন্তা নকৰিব, আমাৰ অৰ্দ্ধেকলোক মৰিলেও আমাৰ বাবে চিন্তা নকৰিব৷ কিন্তু আপুনি আমাৰ দহ হাজাৰৰ সমান। এই হেতুকে আপুনি নগৰৰ পৰা আমাক সহায় কৰিবৰ অৰ্থে আপুনি যুগুত হৈ থাকিলে ভাল হ’ব।”
Koma anthuwo anati, “Inu musapite nafe. Ngati tidzathamangitsidwa, iwowo sadzasamala za ife. Ngakhale theka la ife litafa, iwo sadzasamalako. Koma inuyo ndinu ofunika kuposa asilikali 10,000. Nʼkwabwino kwambiri kuti inu muzititumizira chithandizo kuchokera ku mzindako.”
4 ৪ তাতে ৰজাই তেওঁলোকক ক’লে, “তোমালোকে যিহকে ভাল দেখা, মই তাকেই কৰিম।” পাছত ৰজা নগৰৰ দুৱাৰৰ কাষত থিয় হৈ ৰ’ল আৰু সকলো সৈন্য শ শ আৰু হাজাৰ হাজাৰ কৈ ওলাই গ’ল।
Mfumu inayankha kuti, “Ine ndichita chimene chili chokukomerani.” Kotero mfumu inayima pambali pa chipata pamene ankhondo onse amayenda mʼmagulu a anthu 100 ndi a 1,000.
5 ৫ তেতিয়া ৰজাই যোৱাব, অবীচয় আৰু ইত্তয়ক আজ্ঞা দি ক’লে, “তোমালোকে মোলৈ চাই, সেই ডেকা যোৱবক অবচালোমৰ প্ৰতি বিনীত ভাৱে ব্যৱহাৰ কৰিবা।” অবচালোমৰ বিষয়ে সেনাপতিসকলক ৰজাই এই আজ্ঞা দিয়া সময়ত সকলো লোকে সেই কথা শুনিলে।
Mfumu inalamulira Yowabu, Abisai ndi Itai kuti, “Mumukomere mtima Abisalomu chifukwa cha ine.” Ndipo asilikali onse anamva pamene mfumu imalamula izi za Abisalomu kwa wolamulira aliyense.
6 ৬ এইদৰে সৈন্যসকল ইস্ৰায়েলৰ বিৰুদ্ধে গ্ৰাম্যঞ্চলৰ বাহিৰলৈ ওলাই গ’ল; সেই যুদ্ধ ইফ্ৰয়িমৰ হাবিত হ’ল।
Ankhondo anayenda kupita kukachita nkhondo ndi Israeli, ndipo nkhondo inachitika mʼnkhalango ya Efereimu.
7 ৭ সেই ঠাইত ইস্ৰায়েলৰ সৈন্যসকল দায়ূদৰ সৈন্যসকলৰ সন্মুখত পৰাজিত হ’ল; তাতে সেইদিনা মহা-সংহাৰ হোৱাত বিশ হাজাৰ লোকৰ মৃত্যু হয়।
Aisraeli anagonjetsedwa kumeneko ndi ankhondo a Davide. Tsiku limenelo anaphedwa anthu okwanira 20,000.
8 ৮ কিয়নো যুদ্ধ সেই অঞ্চলত বিয়পি গ’ল, সেই বাবে তাত তৰোৱালে যিমান লোক গ্ৰাস কৰিলে, হাবিয়ে তাতকৈ অধিক লোক গ্ৰাস কৰিলে।
Nkhondo inafalikira ku madera onse akumidzi ndipo anthu akufa chifukwa cha zoopsa za mʼnkhalango anali ambiri tsiku limenelo kuposa akufa ndi lupanga.
9 ৯ পাছত অবচালোমে দায়ূদৰ সৈন্যসকলক হঠাৎ লগ পালে৷ তেতিয়া অবচালোম নিজৰ খছৰৰ ওপৰত উঠি যাওঁতে, সেই খছৰে তাত থকা এজোপা ডাঙৰ এলা গছৰ ঘন ডালৰ তলেদি যোৱাত, সেই এলা গছত অবচালোমৰ মুৰটো লাগি ধৰিল, তেওঁ আকাশ আৰু পৃথিৱীৰ মাজত ওলমি থাকিল আৰু তলৰ পৰা খচ্ছৰ চলি গৈ থাকিল।
Tsono zinachitika kuti Abisalomu anakumana ndi asilikali a Davide. Iye anali atakwera bulu ndipo pamene buluyo amadutsa pansi pa nthambi zambiri za mtengo wa thundu, mutu wa Abisalomu unakodwa mu mtengomo. Iye anasiyidwa atatsakamira mʼmalele, pamene bulu amene anakwerapoyo amapitirira.
10 ১০ তেতিয়া কোনো এজন লোকে সেই দৃশ্য দেখা পাই যোৱাবক ক’লে, “চাওঁক, মই এলা গছত অবচালোমক ওলমি থকা দেখিলোঁ।”
Mmodzi mwa asilikali ataona zimenezi, anamuwuza Yowabu kuti, “Ine ndamuona Abisalomu ali lende mu mtengo wa thundu.”
11 ১১ তেতিয়া যোৱাবে সেই বাতৰি দিয়া মানুহ জনক ক’লে, “যদি তুমি তেনেকুৱা দেখিছিলা, তেনেহ’লে কিয় সেই ঠাইতে তেওঁক মাৰি মাটিত নেপেলালা? তাকে কৰা হ’লে, মই তোক দহ চেকল ৰূপ আৰু এগজ টঙালি দিলোঁহেঁতেন।”
Yowabu anati kwa munthu amene anamuwuza zimenezi, “Ukuti chiyani! Unamuona? Nʼchifukwa chiyani sunamukanthire pansi pomwepo? Ndipo ine ndikanakupatsa ndalama za siliva khumi ndi lamba wausilikali.”
12 ১২ তেতিয়া মানুহ জনে যোৱাবক ক’লে, “মই যদিও হাজাৰ চেকল ৰূপ লওঁ তথাপিও মই সেই ৰাজ কোঁৱৰৰ অহিতে হাত নেমেলোঁ কিয়নো আমি শুনাকৈ ৰজাই আপোনাক, অবীচয়ক আৰু ইত্তয়ক এই আজ্ঞা দিছিল বোলে, ‘সাৱধান, তোমালোকৰ কোনোৱেও যেন সেই ডেকা অবচালোমক নুচুৱে’।
Koma munthuyo anayankha kuti, “Ngakhale atandipatsa mʼmanja mwanga ndalama zasiliva 1,000, sindingatambasule dzanja langa kupha mwana wa mfumu. Ife tikumva, mfumu inalamula inu Abisai ndiponso Itai kuti, ‘Mutetezeni mnyamatayo Abisalomu chifukwa cha ine!’
13 ১৩ আৰু যদিও মই গুপুতে তেওঁৰ প্ৰাণ ললোহেতেন, তথাপিও আপুনি নিজেও মোৰ বিৰুদ্ধে হ’লহেতেন, কাৰণ ৰজাৰ পৰা কোনো কথা গুপুতে নাথাকে৷
Ndipo sindikanayika moyo wanga pa chiswe pakuti palibe chimene chimabisika pamaso pa mfumu komanso inu simukanditeteza.”
14 ১৪ তেতিয়া যোৱাবে ক’লে, “মই তোমাৰ কাৰণে ৰখি নাথাকো।” তেতিয়া তেওঁ নিজৰ হাতত তিনিডাল শূল লৈ, অবচালোম এলা গছৰ মাজত জীয়াই ওলমি থাকোঁতেই, তেওঁৰ বুকুৰ মাজেৰে সোমোৱাই দিলে৷
Yowabu anati, “Ine sinditayanso nthawi ndi iwe.” Ndipo anatenga mikondo itatu mʼmanja mwake ndipo anabaya pamtima pa Abisalomu, Abisalomuyo akanali ndi moyo pa mtengo wa thundu.
15 ১৫ তেতিয়া যোৱাবৰ সেই দহজন অস্ত্ৰধাৰী ডেকাই অবচালোমক বেৰি ধৰি, আঘাত কৰি, তেওঁক বধ কৰিলে।
Ndipo anthu khumi onyamula zida za Yowabu anazungulira Abisalomu, kumubaya ndi kumupha.
16 ১৬ তাৰ পাছত যোৱাবে শিঙা বজালে আৰু সৈন্যসকল ইস্ৰায়েলৰ পাছত খেদি যোৱাৰ পৰা উভটি আহিল কিয়নো যোৱাবে সৈন্যসকলক ৰখাই হ’ল।
Kenaka Yowabu analiza lipenga ndipo asilikali analeka kuthamangitsa Israeli pakuti Yowabu anawaletsa.
17 ১৭ তেওঁলোকে অবচালোমক নমাই আনি, হাবিৰ মাজত থকা বৰ গাত এটাত পেলাই দিলে; তেওঁলোকে তেওঁৰ ওপৰত শিলৰ এটা বৰ দ’ম ৰাখি হ’ল আৰু সকলো ইস্ৰায়েলৰ প্ৰত্যেক জন লোক নিজ নিজ তম্বুলৈ পলাই গ’ল
Iwo anatenga Abisalomu ndi kumuponya mʼdzenje lalikulu mʼchipululumo ndipo anawunjikapo miyala ikuluikulu. Nthawiyi Aisraeli onse anathawa kupita ku nyumba zawo.
18 ১৮ ৰজাৰ উপত্যকাত যি স্তম্ভ আছে, তাক অবচালোমে জীয়াই থকা কালত নিৰ্ম্মাণ কৰাই, নিজৰ কাৰণে স্থাপন কৰিছিল কিয়নো তেওঁ কৈছিল যে, “মোৰ নাম ৰাখিবলৈ মোৰ পো নাই।” এই কাৰণে তেওঁ নিজৰ নাম অনুসাৰে সেই স্তম্ভৰ নাম ৰাখিলে আৰু সেই বাবে সেয়ে আজিলৈকে অবচালোমৰ স্তম্ভ বুলি প্ৰখ্যাত আছে।
Abisalomu ali ndi moyo anadzimangira chipilala mʼchigwa cha mfumu, pakuti ankaganiza kuti, “Ine ndilibe mwana wamwamuna amene adzakhale chikumbutso changa.” Chipilalacho anachitchula dzina lake lomwe ndipo mpaka lero chimatchedwa chipilala cha Abisalomu.
19 ১৯ তাৰ পাছত চাদোকৰ পুত্ৰ অহীমাচে ক’লে, “যিহোৱাই কেনেকৈ ৰজাৰ পক্ষে তেওঁৰ শত্ৰুবোৰৰ প্ৰতিকাৰ সাধিলে, তাৰ শুভবাৰ্ত্তা ৰজাক দিবলৈ মোক এতিয়া লৰি যাবলৈ দিয়ক।”
Tsono Ahimaazi mwana wa Zadoki anati, “Ndiloleni ndithamange ndi kukapereka uthenga kwa mfumu kuti Yehova wayipulumutsa mʼdzanja la adani ake.”
20 ২০ তেতিয়া যোৱাবে তেওঁক ক’লে, “তুমি আজি এই বাতৰি দিয়া লোক হ’ব নালাগে; তুমি আন দিনাখন এই বাতৰি দিবা৷ আজি তুমি একো বাতৰি নিদিবা কাৰণ ৰজাৰ কোঁৱৰৰ মৃত্যু হ’ল।”
Yowabu anamuwuza iye kuti, “Iwe si amene uti ukanene zimenezi lero. Ukapereka uthenga nthawi ina, koma usatero lero, chifukwa mwana wa mfumu wafa.”
21 ২১ তেতিয়া যোৱাবে কুচীয়াক ক’লে, “তুমি যোৱা আৰু যি দেখিলা সেই বিষয়ে ৰজাক জনোৱাগৈ৷” তাতে কুচীয়াই যোৱাবক সেৱা কৰি লৰি গ’ল।
Kenaka Yowabu anawuza Mkusi kuti, “Pita ukawuze mfumu zimene waona.” Mkusiyo anawerama pamaso pa Yowabu ndipo anathamanga kupita.
22 ২২ তেতিয়া চাদোকৰ পুত্ৰ অহীমাচে আকৌ যোৱাবক ক’লে, “যি হওঁক, অনুগ্ৰহ কৰি কুচীয়াৰ পাছত মোকো লৰি যাবলৈ দিয়ক।” তাতে যোৱাবে ক’লে, “বোপা তুমি কিয় লৰি যোৱা? তুমি বাতৰিৰ একো বঁটা নাপাবা।”
Ahimaazi mwana wa Zadoki ananenanso kwa Yowabu kuti, “Zivute zitani, chonde mundilole kuti ndipite pambuyo pa Mkusiyo.” Koma Yowabu anayankha kuti, “Mwana wanga, nʼchifukwa chiyani ukufuna kupita? Ulibe nkhani yoti ukalandire nayo mphotho.”
23 ২৩ অহীমাচে ক’লে, “যি হওঁক, মোক লৰি যাবলৈ দিয়ক।” তাতে যোৱাবে ক’লে, “লৰি যোৱা।” তেতিয়া অহীমাচে সমথলৰ বাটেদি লৰি লৰি গৈ কুচীয়াক পাছ পেলালে।
Iye anati, “Zivute zitani ine ndikufuna kuti ndipite.” Choncho Yowabu anati “Pita!” Ndipo Ahimaazi anathamanga kudzera njira ya ku chigwa ndipo anamupitirira Mkusi uja.
24 ২৪ সেই সময়ত দায়ুদ নগৰৰ দুই দোৱাৰৰ মাজত বহি আছিল৷ তেতিয়া প্ৰহৰীয়ে নগৰৰ দোৱাৰৰ ওপৰ ভাগৰ গড়ৰ ওপৰত উঠি চকু তুলি চালে৷ তেতিয়া তেওঁ এজন মানুহ অকলেই তেওঁলোকৰ ফালে লৰি আহি থকা দেখিলে।
Nthawi imeneyo nʼkuti Davide atakhala pakati pa zipata ziwiri, chakubwalo ndi chamʼkati. Mlonda anakwera pa khoma nakayimirira pa denga la chipata. Anati atayangʼana, anaona munthu akuthamanga yekhayekha.
25 ২৫ তেতিয়া প্ৰহৰীয়ে ৰিঙিয়াই ৰজাক সেই কথা জনালে৷ ৰজাই ক’লে, “তেওঁ যদি অকলে আছে, তেন্তে তেওঁৰ মুখত বাতৰি আছে।” লৰি অহা ল’ৰা জনে ওচৰ আহি নগৰৰ কাষ চাপিলে৷
Mlonda uja anapita kwa mfumu ndipo anafotokoza. Mfumu inati, “Ngati ali yekha ali ndi nkhani yabwino” Ndipo munthuyo anayandikira.
26 ২৬ তেতিয়া প্ৰহৰীয়ে আৰু এজনক লৰি অহা দেখি ৰিঙিয়াই দুৱৰীটোক ক’লে, “চোৱা আৰু এজন অকলে লৰি আহিছে।” তাতে ৰজাই ক’লে, “তেৱোঁ বাতৰি আনিছে।”
Mlonda uja anaonanso munthu wina akuthamanga, ndipo anayitana woyangʼanira pa chipata, “Taona, munthu winanso akuthamanga ali yekha!” Mfumu inati, “Iye akubweretsanso nkhani yabwino.”
27 ২৭ তেতিয়া প্ৰহৰীয়ে ক’লে, “মই ভাবো প্ৰথম জন লোকৰ লৰ চাদোকৰ পুত্ৰ অহীমাচৰ লৰৰ নিচিনা।” ৰজাই ক’লে, “তেওঁ ভাল মানুহ আৰু তেওঁ ভাল সম্বাদ আনিছে।”
Mlonda uja anati, “Munthu akuthamanga patsogoloyo, kathamangidwe kake kakufanafana ndi mmene amathamangira Ahimaazi, mwana wa Zadoki.” Mfumu inati, “Ameneyo ndi munthu wabwino, ndipo akubwera ndi nkhani yabwino.”
28 ২৮ তেতিয়া অহীমাচে ৰিঙিয়াই ৰজাক ক’লে, “সকলো মঙ্গলময়৷” পাছত তেওঁ মাটিত মুখ লগাই ৰজাৰ আগত সেৱা কৰি ক’লে, “যি জনে মোৰ প্ৰভু ৰজাৰ অহিতে হাত তোলা লোকসকলক শোধাই দিলে, আপোনাৰ সেই ঈশ্বৰ যিহোৱা ধন্য।”
Ndipo Ahimaazi anafuwula kwa mfumu, “Zonse zili bwino!” Iye anagwada pamaso pa mfumu nkhope yake atagunditsa pansi ndipo anati, “Yehova Mulungu wathu alemekezedwe! Iye wapereka mʼdzanja lathu anthu amene anawukira inu mbuye wanga mfumu.”
29 ২৯ তেতিয়া ৰজাই সুধিলে, “ডেকা যুৱক অবচালোমৰ মঙ্গল নে?” তাতে অহীমাচে উত্তৰ দি ক’লে, “যি সময়ত যোৱাবে আপোনাৰ দাস মোক আপোনালৈ পঠালে, তেতিয়া বৰ হুৰা-মুৰা হোৱা দেখিলোঁ; কিন্তু কি হৈছিল সেই বিষয়ে জানিবলৈ নাপালোঁ।”
Mfumu inafunsa, “Kodi mnyamata uja Abisalomu watetezedwa?” Ahimaazi anayankha, “Pamene Yowabu amati azindituma ine mtumiki wanu ndinaona chipiringu cha anthu, koma sindikudziwa chinali chiyani.”
30 ৩০ ৰজাই ক’লে, “একাষে গৈ ইয়াতে থিয় হোৱা।” তাতে অহীমাচে একাষে গৈ থিয় হ’ল।
Mfumu inati, “Ima apo ndipo udikire.” Kotero iye anapita pa mbali nayima pamenepo.
31 ৩১ তেতিয়াই সেই কুচীয়াই আহি ক’লে, “মোৰ প্ৰভু মহাৰাজলৈ বাতৰি আনিছোঁ কিয়নো আপোনাৰ অহিতে উঠা আটাই মানুহৰ ওপৰত আজি আপোনাৰ পক্ষে যিহোৱাই প্ৰতিকাৰ সাধিলে।”
Kenaka Mkusi uja anafika ndipo anati, “Mbuye wanga mfumu imvani nkhani yabwino! Yehova wakupulumutsani inu lero kwa onse amene anakuwukirani.”
32 ৩২ তাতে ৰজাই কুচীয়াক সুধিলে, ডেকা পুৰুষ অবচালোমৰ মঙ্গল নে? কুচীয়াই ক’লে, “মোৰ প্ৰভু মহাৰাজৰ শত্ৰুবোৰ আৰু আপোনাৰ অনিষ্ট কৰিবলৈ আপোনাৰ বিৰুদ্ধে উঠা আটাইবোৰ সেই ডেকা যুৱক জনৰ নিচিনা হওঁক।”
Mfumu inafunsa Mkusiyo kuti, “Kodi mnyamata uja Abisalomu watetezedwa?” Mkusiyo anayankha kuti, “Adani anu mbuye wanga mfumu, pamodzi ndi anthu onse amene amakuwukirani, ziwaonekere zomwe zamuonekera mnyamatayo.”
33 ৩৩ তেতিয়া ৰজাই অধৈৰ্য হৈ নগৰৰ দুৱাৰৰ ওপৰৰ কোঁঠালিলৈ উঠি ক্ৰন্দন কৰিবলৈ ধৰিলে৷ আৰু ইফাল-সিফালে ফুৰি ক’লে, “হায় মোৰ পুত্ৰ অবচালোম! হায় মোৰ পুত্ৰ! হায় মোৰ পুত্ৰ অবচালোম! তোমাৰ সলনি মই মৰা হ’লেই ভাল আছিল! হায় অবচালোম! হায় মোৰ পুত্ৰ! মোৰ পুত্ৰ!”
Mfumu inanthunthumira. Inapita ku chipinda cha mmwamba cha pa chipata kukalira. Pamene imapita, inkati: “Iwe mwana wanga Abisalomu! Mwana wanga! Mwana wanga Abisalomu! Zikanakhala bwino ndikanafa ndine mʼmalo mwako! Iwe Abisalomu, mwana wanga, mwana wanga!”