< ২ সামুয়েল 17 >
1 ১ তাৰ পাছত অহীথোফলে অবচালোমক ক’লে, “মোক আপুনি বাৰ হাজাৰ লোকক বাচি ল’ব দিয়ক আৰু মই আজি ৰাতিয়েই উঠি গৈ দায়ূদৰ পিচত খেদি যাওঁ৷
Achitophel dit à Absalom: Laisse-moi maintenant choisir douze mille hommes, je me lèverai et je poursuivrai David cette nuit.
2 ২ যেতিয়া তেওঁ ক্লান্ত আৰু দুৰ্বল হোৱা যেন দেখিম, মই হঠাৎ তেওঁক আক্ৰমণ কৰি ত্ৰাসত পেলাম৷ তাতে তেওঁৰ লগৰ সকলো মানুহ পলাই যাব আৰু মই অকল ৰজাকহে বধ কৰিম৷
J'arriverai sur lui pendant qu'il sera fatigué et épuisé, et je l'effrayerai. Tout le peuple qui est avec lui s'enfuira. Je ne frapperai que le roi,
3 ৩ এইদৰে মই সকলো লোকক আপোনাৰ ফাললৈ আনিম যি দৰে এজনী কন্যা তেওঁৰ স্ৱামীৰ ওচৰলৈ আহে৷ তাতে সকলো লোক আপোনাৰ অধীনত শান্তিৰে থাকিব।”
et je ramènerai tout le peuple vers toi. L'homme que tu cherches est comme si tous étaient revenus. Tout le peuple sera en paix. »
4 ৪ তেতিয়া অহীথোফলৰ এই কথাত অবচালোম আৰু ইস্ৰায়েলৰ সকলো বৃদ্ধ লোকে সন্তোষ পালে।
Cette parole plut à Absalom et à tous les anciens d'Israël.
5 ৫ তেতিয়া অবচালোমে ক’লে, “এতিয়া অৰ্কীয়া হূচয়ক মাতা আৰু তেওঁ কি কয় সেই বিষয়ে আমি শুনো।”
Et Absalom dit: « Maintenant, appelez aussi Huschaï, l'Architecte, et écoutons de même ce qu'il dira. »
6 ৬ যেতিয়া হূচয় অবচালোমৰ ওচৰলৈ আহিল, তেতিয়া অবচালোমে তেওঁক অহীথোফলে কোৱা কথাষাৰ বুজাই ক’লে আৰু হূচয়ক সুধিলে বোলে, “অহীথোফলে যি কথা ক’লে আমি সেইদৰে কৰিম নে? যদি কৰিব নালাগে, তেনেহ’লে আপুনিয়েই আমাক পৰামর্শ দিয়ক।”
Lorsque Huschaï fut arrivé auprès d'Absalom, celui-ci lui parla ainsi: « Ahithophel a parlé ainsi. Faisons-nous ce qu'il dit? Sinon, parlez. »
7 ৭ তেতিয়া হূচয়ে অবচালোমক ক’লে, “অহীথোফলে এইবাৰ দিয়া দিহা ভাল নহয়।”
Huschaï dit à Absalom: « Le conseil qu'Ahitophel a donné cette fois-ci n'est pas bon. »
8 ৮ হূচয়ে আৰু ক’লে, “আপুনি জানে যে আপোনাৰ পিতৃ আৰু তেওঁৰ লোকসকল বীৰ যোদ্ধা আৰু তেওঁলোকৰ খং পোৱালি কাঢ়ি নিয়া হাবিৰ ভালুকৰ দৰে ৷ আপোনাৰ পিতৃ এজন যুদ্ধাৰু; তেওঁ সৈন্যসকলৰ লগত আজি ৰাতি নাথাকিব৷
Huschaï dit encore: « Tu connais ton père et ses hommes, ce sont des hommes puissants, et ils sont féroces dans leur esprit, comme une ourse qui a volé ses petits dans les champs. Ton père est un homme de guerre, et il ne veut pas loger avec le peuple.
9 ৯ চাওঁক, এতিয়া তেওঁ হয়তো কোনো এটা গাতত নাইবা আন কোনো ঠাইত লুকাই আছে৷ তেতিয়া এনে ঘটিব যে, আৰম্ভতে তোমাৰ লোকসকলৰ মাজত কেইজনমান লোক পতিত হ’ব আৰু তেতিয়া সেই বিষয়ে শুনা লোকসকলে ক’ব বোলে, ‘অবচালোমৰ পাছত যাওঁতা লোকসকলৰ মাজত হত্যা হৈছে।’
Voici, il est maintenant caché dans quelque fosse, ou dans quelque autre lieu. Lorsque quelques-uns d'entre eux seront tombés les premiers, quiconque l'entendra dira: « Il y a un massacre parmi le peuple qui suit Absalom! »
10 ১০ সেই সময়ত যি সকল সাহিয়াল লোক, যি সকলৰ সাহস সিংহৰ নিচিনা, তেওঁলোকো পমি যাব কাৰণ আপোনাৰ পিতৃ যে এজন বীৰ পুৰুষ আৰু তেওঁৰ লগৰ লোকসকলো যে সাহিয়াল, সেই বিষয়ে সকলো ইস্ৰায়েলে জানে।
Même celui qui est vaillant et dont le cœur est comme celui d'un lion se fondra dans la masse; car tout Israël sait que ton père est un homme puissant et que ceux qui sont avec lui sont des hommes vaillants.
11 ১১ কিন্তু মই এই পৰামৰ্শ দিওঁ যে দানৰে পৰা বেৰ-চেবালৈকে, সাগৰৰ তীৰত থকা বালিৰ নিচিনা অসংখ্যক ইস্ৰায়েলক আপোনাৰ আগত গোট খুউৱা হওঁক আৰু যেন আপুনি নিজেও যুদ্ধলৈ যাওঁক।
Mais je conseille que tout Israël se rassemble autour de toi, depuis Dan jusqu'à Beersheba, comme le sable qui est au bord de la mer pour la multitude, et que tu ailles au combat dans ta propre personne.
12 ১২ তেতিয়া যি কোনো ঠাইত তেওঁক পোৱা যাব, সেই ঠাইতে আমি তেওঁৰ গুৰিত উপস্থিত হৈ, মাটিত নিয়ৰ পৰাৰ দৰে তেওঁৰ ঢাকি ধৰিল৷ তাতে তেওঁক আৰু তেওঁৰ লগত যোৱা মানুহৰ মাজৰ কোনো এজনকো অৱশিষ্ট নাৰাখিম।
Nous l'atteindrons dans quelque lieu où il se trouvera, et nous l'éclairerons comme la rosée tombe sur le sol; puis nous ne laisserons pas un seul de lui et de tous les hommes qui sont avec lui.
13 ১৩ যদি তেওঁ কোনো নগৰত আশ্ৰয় লয়, তেন্তে গোটেই ইস্ৰায়েলে সেই নগৰলৈ জৰী আনিব আৰু আমি সেই নগৰখন বান্ধি, জুৰিলৈকে তাক এনেধৰণে টানি লৈ যাম যে সেই ঠাইত এটি সৰু শিলো নাথাকিব৷”
De plus, s'il est entré dans une ville, tout Israël apportera des cordes à cette ville, et nous la tirerons dans le fleuve, jusqu'à ce qu'il ne s'y trouve plus une seule petite pierre. »
14 ১৪ তেতিয়া অবচালোম আৰু ইস্ৰায়েলৰ লোকসকলে ক’লে, “অহীথোফলৰ পৰামৰ্শতকৈ অৰ্কীয়া হূচয়ৰ দিহাই উত্তম।” কিয়নো অবচালোমৰ ওপৰত অমঙ্গল ঘটাবৰ কাৰণে অহীথোফলৰ উত্তম পৰামৰ্শ ব্যৰ্থ কৰিবলৈ যিহোৱাই সেই বিষয়ে থিৰ কৰিছিল।
Absalom et tous les hommes d'Israël dirent: « Le conseil de Huschaï, l'Architecte, vaut mieux que le conseil d'Achitophel. » Car Yahvé avait décidé de faire échouer le bon conseil d'Achitophel, afin que Yahvé fasse venir le malheur sur Absalom.
15 ১৫ তাৰ পাছত হূচয়ে চাদোক আৰু অবিয়াথৰ এই দুজন পুৰোহিতক ক’লে, “অহীথোফলে অবচালোমক আৰু ইস্ৰায়েলৰ বৃদ্ধ লোকসকলক এনে-তেনে পৰামৰ্শ দিছিল কিন্তু মই হ’লে অন্য পৰামৰ্শ দিলোঁ।
Alors Huschaï dit aux sacrificateurs Tsadok et Abiathar: Ahithophel a conseillé à Absalom et aux anciens d'Israël de suivre cette voie, et moi j'ai conseillé de suivre cette voie.
16 ১৬ এতেকে তোমালোকে বেগাই দায়ূদৰ ওচৰলৈ মানুহ পঠিয়াই তেওঁক কোৱা যে, ‘আপুনি আজি ৰাতি আৰাবাহ’ৰ মৰুপ্ৰান্তৰ পাৰ ঘাটত নাথাকিব কিন্তু কোনো প্ৰকাৰে সেই ঠাই পাৰ হৈ যাব, নহ’লে মহাৰাজ আৰু আপোনাৰ লগৰ সকলো লোক গ্ৰাসিত হ’ব’।”
Maintenant, envoie vite dire à David: « Ne passe pas cette nuit aux gués du désert, mais passe absolument, de peur que le roi et tout le peuple qui est avec lui ne soient engloutis ».
17 ১৭ সেই সময়ত যোনাথন আৰু অহীমাচ অয়িন-ৰোগেলৰ জুৰিত বাস কৰি আছিল; তাতে এগৰাকী দাসীয়ে গৈ গৈ তেওঁলোকক বাতৰিসমূহ দিছিল৷ এইদৰে তেওঁলোকে দায়ুদ ৰজাৰ ওচৰত বাতৰি দিবলৈ যায় যাতে তেওঁলোকক নগৰত সোমোৱা কোনো লোকে দেখা নাপায়।
Or Jonathan et Ahimaaz logeaient près d'En Rogel; une servante avait l'habitude d'aller leur faire des rapports, et ils allaient en parler au roi David, car ils ne pouvaient pas risquer d'être vus en entrant dans la ville.
18 ১৮ কিন্তু এইবাৰ এজন যুৱকে তেওঁলোকক দেখি অবচালোমৰ আগত জনালে৷ তেতিয়া যোনাথন আৰু অহীমাচ দুয়ো শীঘ্ৰে গুচি গৈ, বহূৰীমত থকা এজন মানুহৰ ঘৰত উপস্থিত হ’ল। সেই জন মানুহৰ চোতালত এটা নাদ আছিল আৰু দুয়ো সেই নাদলৈ নামি গ’ল।
Mais un garçon les vit et le dit à Absalom. Tous deux s'en allèrent rapidement et arrivèrent à la maison d'un homme de Bahurim, qui avait un puits dans sa cour, et ils y descendirent.
19 ১৯ তেতিয়া সেই মানুহ জনৰ পত্নীয়ে নাদৰ মুখত কাপোৰ এখন পাৰি, তাৰ ওপৰত খৰচিয়া পিঠাগুৰি মেলি দিলে; তাতে যোনাথন আৰু অহীমাচ সেই নাদত থকা বুলি কোনেও নাজানিলে।
La femme prit la couverture et l'étendit sur l'embouchure du puits, et y répandit du grain pilé; et rien ne fut connu.
20 ২০ পাছত অবচালোমৰ দাসবোৰে সেই ঘৰৰ মহিলা গৰাকীৰ ওচৰলৈ গৈ সুধিলে, “অহীমাচ আৰু যোনাথন ক’ত আছে?” তেতিয়া সেই মহিলা গৰাকীয়ে তেওঁলোকক ক’লে, “তেওঁলোক নদীখন পাৰ হৈ গ’ল৷” তাতে সেই ঠাইত তেওঁলোক দুয়োকে বিচাৰি নাপাই যিৰূচালেমলৈ ঘূৰি আহিল।
Les serviteurs d'Absalom vinrent trouver la femme à la maison; ils dirent: « Où sont Ahimaats et Jonathan? » La femme leur dit: « Ils sont passés de l'autre côté du ruisseau. » Après avoir cherché et n'avoir pu les trouver, ils retournèrent à Jérusalem.
21 ২১ তেওঁলোক গুচি যোৱাৰ পাছত যোনাথন আৰু অহীমাচ নাদৰ বাহিৰলৈ উঠি আহিল৷ তাৰ পাছত দুয়ো দায়ুদ ৰজাক বাতৰি দিবলৈ গ’ল৷ তেওঁলোকে তেওঁক ক’লে, “আপোনালোক উঠক আৰু বেগাই পানীখিনি পাৰ হৈ যাওঁক কিয়নো অহীথোফলে আপোনালোকৰ বিৰুদ্ধে এনে-তেনে পৰামৰ্শ দিলে।”
Après leur départ, ils remontèrent du puits et allèrent avertir le roi David; ils lui dirent: « Lève-toi et passe rapidement l'eau, car c'est ainsi qu'Achitophel a conseillé contre toi. »
22 ২২ তেতিয়া দায়ুদ আৰু তেওঁৰ লগৰ সকলোৱে উঠি যৰ্দ্দন পাৰ হ’ল৷ ৰাতিপুৱালৈ যৰ্দ্দন পাৰ নোহোৱাকৈ তেওঁলোকৰ এজনো অৱশিষ্ট নাথাকিল।
Alors David se leva, ainsi que tout le peuple qui était avec lui, et ils passèrent le Jourdain. A la lumière du matin, il ne manquait pas un seul d'entre eux qui n'avait pas passé le Jourdain.
23 ২৩ পাছত যেতিয়া অহীথোফলে নিজৰ পৰামৰ্শৰ দৰে কাম নোহোৱা দেখিলে তেতিয়া তেওঁ নিজৰ গাধ সজাই তাত উঠি গুছি গ’ল। তেওঁ নিজ নগৰত থকা নিজ ঘৰলৈ গৈ, নিজৰ ঘৰৰ বিষয়ে দিহা দি, নিজে নিজৰ ডিঙিত ফাঁচ লগালে৷ তাতে তেওঁৰ এনেদৰে মৃত্যু হয় আৰু নিজ পিতৃৰ মৈদামতে তেওঁক মৈদাম দিয়া হ’ল।
Lorsqu'Ahithophel vit que son conseil n'était pas suivi, il sella son âne, se leva, rentra dans sa ville, remit sa maison en ordre et se pendit; il mourut et fut enterré dans le tombeau de son père.
24 ২৪ তাৰ পাছত দায়ূদে মহনয়িমত আহিল৷ অবচালোমে হ’লে সকলো ইস্ৰায়েল লোকৰ সৈতে যৰ্দ্দন পাৰ হ’ল।
Puis David arriva à Mahanaïm. Absalom passa le Jourdain, lui et tous les hommes d'Israël avec lui.
25 ২৫ তেতিয়া অবচালোমে যোৱাবৰ সলনি অমাচাক প্ৰধান সেনাপতি পাতিলে। অমাচা ইস্ৰায়েলীয়া যিথ্ৰা নামেৰে এজন মানুহৰ পুত্ৰ আছিল৷ সেই মানুহ জনে যোৱাবৰ মাক চৰূয়াৰ ভনীয়েক নাহচৰ জীয়েক অবীগলত গমণ কৰিছিল।
Absalom mit Amasa à la tête de l'armée à la place de Joab. Or Amasa était le fils d'un homme du nom d'Ithra, l'Israélite, qui était entré en relation avec Abigaïl, fille de Nahash, sœur de Tseruja, mère de Joab.
26 ২৬ তাৰ পাছত ইস্ৰায়েল আৰু অবচালোমে গিলিয়দ দেশত ছাউনি পাতিলে।
Israël et Absalom campèrent dans le pays de Galaad.
27 ২৭ যি সময়ত দায়ূদে মহনয়িমত আহিছিল, অম্মোনৰ সন্তানসকলৰ ৰব্বাত থকা নাহচৰ পুত্ৰ চোবীয়ে, লো-দবৰাত থকা অম্মীয়েলৰ পুত্ৰ মাখীৰে আৰু ৰোগেলীমত থকা গিলিয়দীয়া বৰ্জ্জিলয়ে দায়ূদৰ আৰু তেওঁৰ লগৰ লোকসকলৰ কাৰণে
Lorsque David fut arrivé à Mahanaïm, Schobi, fils de Nachasch, de Rabba, des enfants d`Ammon, Makir, fils d`Ammiel, de Lodebar, et Barzillaï, Galaadite, de Rogelim,
28 ২৮ শয্যা, চৰিয়া, মাটিৰ পাত্ৰ, ঘেঁহু, যৱ, আটাগুৰি, ভজা শস্য, লেচেৰা মাহ, মচুৰ মাহ, ভজামাহ,
apportèrent des lits, des bassins, des vases de terre, du froment, de l`orge, de la farine, des grains desséchés, des haricots, des lentilles, des grains rôtis,
29 ২৯ মৌ, মাখন, মেৰৰ জাক আৰু গৰু গাখীৰৰ পনিৰ আনিলে৷ এই লোকসকলে কৈছিল যে, “লোকসকলে মৰুপ্ৰান্তত ক্ষুধাতুৰ, শ্ৰান্ত, আৰু তৃষ্ণাতুৰ হৈছে।”
du miel, du beurre, des brebis et du fromage du troupeau, pour le repas de David et du peuple qui était avec lui; car ils disaient: « Le peuple a faim, il est fatigué et il a soif dans le désert. »