< ২ সামুয়েল 17 >
1 ১ তাৰ পাছত অহীথোফলে অবচালোমক ক’লে, “মোক আপুনি বাৰ হাজাৰ লোকক বাচি ল’ব দিয়ক আৰু মই আজি ৰাতিয়েই উঠি গৈ দায়ূদৰ পিচত খেদি যাওঁ৷
Ahitofele anati kwa Abisalomu, “Mundilole ndisankhe asilikali 12,000, ndinyamuke usiku womwe uno kuti ndithamangire Davide.
2 ২ যেতিয়া তেওঁ ক্লান্ত আৰু দুৰ্বল হোৱা যেন দেখিম, মই হঠাৎ তেওঁক আক্ৰমণ কৰি ত্ৰাসত পেলাম৷ তাতে তেওঁৰ লগৰ সকলো মানুহ পলাই যাব আৰু মই অকল ৰজাকহে বধ কৰিম৷
Ndipo ndikamuthira nkhondo atatopa ndiponso atataya mtima. Ndikamuchititsa mantha ndipo anthu onse amene ali naye akathawa. Ine ndikakantha mfumu yokhayo,
3 ৩ এইদৰে মই সকলো লোকক আপোনাৰ ফাললৈ আনিম যি দৰে এজনী কন্যা তেওঁৰ স্ৱামীৰ ওচৰলৈ আহে৷ তাতে সকলো লোক আপোনাৰ অধীনত শান্তিৰে থাকিব।”
ndipo anthu onse ndidzabwera nawo kwa inu, ngati mkwati amene akubwerera kwa mwamuna wake. Imfa ya munthu mmodzi yekha idzakhalitsa anthu onse pa mtendere.”
4 ৪ তেতিয়া অহীথোফলৰ এই কথাত অবচালোম আৰু ইস্ৰায়েলৰ সকলো বৃদ্ধ লোকে সন্তোষ পালে।
Malangizo awa anaoneka abwino kwa Abisalomu ndi kwa akuluakulu onse a Israeli.
5 ৫ তেতিয়া অবচালোমে ক’লে, “এতিয়া অৰ্কীয়া হূচয়ক মাতা আৰু তেওঁ কি কয় সেই বিষয়ে আমি শুনো।”
Koma Abisalomu anati, “Muyitanenso Husai Mwariki kuti timve zimene iye adzanena.”
6 ৬ যেতিয়া হূচয় অবচালোমৰ ওচৰলৈ আহিল, তেতিয়া অবচালোমে তেওঁক অহীথোফলে কোৱা কথাষাৰ বুজাই ক’লে আৰু হূচয়ক সুধিলে বোলে, “অহীথোফলে যি কথা ক’লে আমি সেইদৰে কৰিম নে? যদি কৰিব নালাগে, তেনেহ’লে আপুনিয়েই আমাক পৰামর্শ দিয়ক।”
Husai atabwera kwa iye, Abisalomu anati, “Ahitofele wapereka malangizo ake. Kodi tichite zimene wanena? Ngati sichoncho, tiwuze maganizo ako.”
7 ৭ তেতিয়া হূচয়ে অবচালোমক ক’লে, “অহীথোফলে এইবাৰ দিয়া দিহা ভাল নহয়।”
Husai anayankha Abisalomu kuti, “Malangizo amene Ahitofele wapereka si abwino pa nthawi ino.
8 ৮ হূচয়ে আৰু ক’লে, “আপুনি জানে যে আপোনাৰ পিতৃ আৰু তেওঁৰ লোকসকল বীৰ যোদ্ধা আৰু তেওঁলোকৰ খং পোৱালি কাঢ়ি নিয়া হাবিৰ ভালুকৰ দৰে ৷ আপোনাৰ পিতৃ এজন যুদ্ধাৰু; তেওঁ সৈন্যসকলৰ লগত আজি ৰাতি নাথাকিব৷
Inu mukudziwa bwino abambo anu ali ndi ankhondo awo. Iwo ndi anthu ankhondo komanso ndi woopsa ngati chimbalangondo chimene chalandidwa ana ake. Kuwonjezera apa abambo anu ndi katswiri wa nkhondo. Iwo sanagone pamodzi ndi asilikali awo.
9 ৯ চাওঁক, এতিয়া তেওঁ হয়তো কোনো এটা গাতত নাইবা আন কোনো ঠাইত লুকাই আছে৷ তেতিয়া এনে ঘটিব যে, আৰম্ভতে তোমাৰ লোকসকলৰ মাজত কেইজনমান লোক পতিত হ’ব আৰু তেতিয়া সেই বিষয়ে শুনা লোকসকলে ক’ব বোলে, ‘অবচালোমৰ পাছত যাওঁতা লোকসকলৰ মাজত হত্যা হৈছে।’
Onani, ngakhale tsopano lino abisala mʼphanga lina ku malo ena ake. Ngati iwo atayamba kuthira nkhondo asilikali anu, aliyense amene adzamve zimenezi adzati, ‘Gulu lalikulu lankhondo lotsatira Abisalomu laphedwa.’
10 ১০ সেই সময়ত যি সকল সাহিয়াল লোক, যি সকলৰ সাহস সিংহৰ নিচিনা, তেওঁলোকো পমি যাব কাৰণ আপোনাৰ পিতৃ যে এজন বীৰ পুৰুষ আৰু তেওঁৰ লগৰ লোকসকলো যে সাহিয়াল, সেই বিষয়ে সকলো ইস্ৰায়েলে জানে।
Tsono ngakhale msilikali wolimba mtima kwambiri, amene mtima wake uli ngati wa mkango, adzagwidwa ndi mantha aakulu pakuti Aisraeli akudziwa kuti abambo anu ndi ankhondo ndipo kuti iwo amene ali nawo ndi anthu olimba mtima.
11 ১১ কিন্তু মই এই পৰামৰ্শ দিওঁ যে দানৰে পৰা বেৰ-চেবালৈকে, সাগৰৰ তীৰত থকা বালিৰ নিচিনা অসংখ্যক ইস্ৰায়েলক আপোনাৰ আগত গোট খুউৱা হওঁক আৰু যেন আপুনি নিজেও যুদ্ধলৈ যাওঁক।
“Kotero ine ndikukulangizani kuti: Aisraeli onse, kuchokera ku Dani mpaka ku Beeriseba; ochuluka ngati mchenga wa mʼmbali mwa nyanja, asonkhane kwa inu ndipo muwatsogolera kupita ku nkhondo.
12 ১২ তেতিয়া যি কোনো ঠাইত তেওঁক পোৱা যাব, সেই ঠাইতে আমি তেওঁৰ গুৰিত উপস্থিত হৈ, মাটিত নিয়ৰ পৰাৰ দৰে তেওঁৰ ঢাকি ধৰিল৷ তাতে তেওঁক আৰু তেওঁৰ লগত যোৱা মানুহৰ মাজৰ কোনো এজনকো অৱশিষ্ট নাৰাখিম।
Ndipo ife tidzapita kukamuthira nkhondo kulikonse kumene tikamupeze, ndipo ife tikamuthira nkhondo ngati mame pa nthaka. Palibe amene adzakhale wamoyo kaya iye kapena ankhondo ake.
13 ১৩ যদি তেওঁ কোনো নগৰত আশ্ৰয় লয়, তেন্তে গোটেই ইস্ৰায়েলে সেই নগৰলৈ জৰী আনিব আৰু আমি সেই নগৰখন বান্ধি, জুৰিলৈকে তাক এনেধৰণে টানি লৈ যাম যে সেই ঠাইত এটি সৰু শিলো নাথাকিব৷”
Iye akakathawira mu mzinda, Aisraeli onse adzabweretsa zingwe ku mzindawo, ndipo ife tidzawugwetsera ku chigwa mpaka sipadzapezeka ngakhale kachidutswa.”
14 ১৪ তেতিয়া অবচালোম আৰু ইস্ৰায়েলৰ লোকসকলে ক’লে, “অহীথোফলৰ পৰামৰ্শতকৈ অৰ্কীয়া হূচয়ৰ দিহাই উত্তম।” কিয়নো অবচালোমৰ ওপৰত অমঙ্গল ঘটাবৰ কাৰণে অহীথোফলৰ উত্তম পৰামৰ্শ ব্যৰ্থ কৰিবলৈ যিহোৱাই সেই বিষয়ে থিৰ কৰিছিল।
Abisalomu ndi ankhondo ena onse a Israeli anati, “Malangizo a Husai Mwariki ndi abwino kuposa a Ahitofele.” Pakuti Yehova anatsimikiza kutsutsa malangizo onse abwino a Ahitofele ndi cholinga choti zimuvute Abisalomu.
15 ১৫ তাৰ পাছত হূচয়ে চাদোক আৰু অবিয়াথৰ এই দুজন পুৰোহিতক ক’লে, “অহীথোফলে অবচালোমক আৰু ইস্ৰায়েলৰ বৃদ্ধ লোকসকলক এনে-তেনে পৰামৰ্শ দিছিল কিন্তু মই হ’লে অন্য পৰামৰ্শ দিলোঁ।
Husai anawuza ansembe Zadoki ndi Abiatara kuti, “Ahitofele analangiza Abisalomu ndi akuluakulu a Israeli zakuti, koma ine ndawalangiza kuchita zakutizakuti.
16 ১৬ এতেকে তোমালোকে বেগাই দায়ূদৰ ওচৰলৈ মানুহ পঠিয়াই তেওঁক কোৱা যে, ‘আপুনি আজি ৰাতি আৰাবাহ’ৰ মৰুপ্ৰান্তৰ পাৰ ঘাটত নাথাকিব কিন্তু কোনো প্ৰকাৰে সেই ঠাই পাৰ হৈ যাব, নহ’লে মহাৰাজ আৰু আপোনাৰ লগৰ সকলো লোক গ্ৰাসিত হ’ব’।”
Tsopano tumizani wamthenga msangamsanga kuti akamuwuze Davide kuti, ‘Musakagone powolokera Yorodani ku chipululu koma mukawoloke. Mukapanda kutero, mfumu ndi anthu onse amene ali naye adzaphedwa.’”
17 ১৭ সেই সময়ত যোনাথন আৰু অহীমাচ অয়িন-ৰোগেলৰ জুৰিত বাস কৰি আছিল; তাতে এগৰাকী দাসীয়ে গৈ গৈ তেওঁলোকক বাতৰিসমূহ দিছিল৷ এইদৰে তেওঁলোকে দায়ুদ ৰজাৰ ওচৰত বাতৰি দিবলৈ যায় যাতে তেওঁলোকক নগৰত সোমোৱা কোনো লোকে দেখা নাপায়।
Yonatani ndi Ahimaazi amakhala ku Eni Rogeli. Tsono wantchito wamkazi ndiye amapita kukawawuza ndipo iwo amayenera kupita kukamuwuza mfumu Davide, pakuti iwowo sankayenera kuonekera polowa mu mzinda.
18 ১৮ কিন্তু এইবাৰ এজন যুৱকে তেওঁলোকক দেখি অবচালোমৰ আগত জনালে৷ তেতিয়া যোনাথন আৰু অহীমাচ দুয়ো শীঘ্ৰে গুচি গৈ, বহূৰীমত থকা এজন মানুহৰ ঘৰত উপস্থিত হ’ল। সেই জন মানুহৰ চোতালত এটা নাদ আছিল আৰু দুয়ো সেই নাদলৈ নামি গ’ল।
Koma mnyamata wina anawaona ndipo anakawuza Abisalomu. Kotero anthu awiriwo anachoka mofulumira ndipo anapita ku nyumba ya munthu wina ku Bahurimu. Iye anali ndi chitsime ku mpanda kwake ndipo iwo analowamo.
19 ১৯ তেতিয়া সেই মানুহ জনৰ পত্নীয়ে নাদৰ মুখত কাপোৰ এখন পাৰি, তাৰ ওপৰত খৰচিয়া পিঠাগুৰি মেলি দিলে; তাতে যোনাথন আৰু অহীমাচ সেই নাদত থকা বুলি কোনেও নাজানিলে।
Mkazi wake anatenga chophimba ndipo anachiyika pamwamba pa chitsimecho nawazapo tirigu. Palibe amene anadziwa chilichonse za izi.
20 ২০ পাছত অবচালোমৰ দাসবোৰে সেই ঘৰৰ মহিলা গৰাকীৰ ওচৰলৈ গৈ সুধিলে, “অহীমাচ আৰু যোনাথন ক’ত আছে?” তেতিয়া সেই মহিলা গৰাকীয়ে তেওঁলোকক ক’লে, “তেওঁলোক নদীখন পাৰ হৈ গ’ল৷” তাতে সেই ঠাইত তেওঁলোক দুয়োকে বিচাৰি নাপাই যিৰূচালেমলৈ ঘূৰি আহিল।
Anthu a Abisalomu atafika kwa mkaziyo pa nyumbapo anafunsa kuti, “Kodi Ahimaazi ndi Yonatani ali kuti?” Mkaziyo anawayankha kuti, “Awoloka mtsinje.” Anthuwo anafunafuna koma sanapeze munthu, kotero anabwerera ku Yerusalemu.
21 ২১ তেওঁলোক গুচি যোৱাৰ পাছত যোনাথন আৰু অহীমাচ নাদৰ বাহিৰলৈ উঠি আহিল৷ তাৰ পাছত দুয়ো দায়ুদ ৰজাক বাতৰি দিবলৈ গ’ল৷ তেওঁলোকে তেওঁক ক’লে, “আপোনালোক উঠক আৰু বেগাই পানীখিনি পাৰ হৈ যাওঁক কিয়নো অহীথোফলে আপোনালোকৰ বিৰুদ্ধে এনে-তেনে পৰামৰ্শ দিলে।”
Anthu aja atapita, awiriwo anatuluka mʼchitsimemo ndipo anapita kukawuza mfumu Davide nati kwa iye, “Nyamukani, muwoloke mtsinje msangamsanga. Ahitofele wapereka malangizo akutiakuti kutsutsana nanu.”
22 ২২ তেতিয়া দায়ুদ আৰু তেওঁৰ লগৰ সকলোৱে উঠি যৰ্দ্দন পাৰ হ’ল৷ ৰাতিপুৱালৈ যৰ্দ্দন পাৰ নোহোৱাকৈ তেওঁলোকৰ এজনো অৱশিষ্ট নাথাকিল।
Kotero Davide ndi anthu onse amene anali nawo ananyamuka ndi kuwoloka Yorodani. Pofika mmamawa, panalibe munthu amene anatsala asanawoloke Yorodani!
23 ২৩ পাছত যেতিয়া অহীথোফলে নিজৰ পৰামৰ্শৰ দৰে কাম নোহোৱা দেখিলে তেতিয়া তেওঁ নিজৰ গাধ সজাই তাত উঠি গুছি গ’ল। তেওঁ নিজ নগৰত থকা নিজ ঘৰলৈ গৈ, নিজৰ ঘৰৰ বিষয়ে দিহা দি, নিজে নিজৰ ডিঙিত ফাঁচ লগালে৷ তাতে তেওঁৰ এনেদৰে মৃত্যু হয় আৰু নিজ পিতৃৰ মৈদামতে তেওঁক মৈদাম দিয়া হ’ল।
Ahitofele ataona kuti malangizo ake sanatsatidwe, iye anakwera bulu wake napita ku mzinda wa kwawo ku nyumba yake. Iye anakonza mʼnyumba mwakemo ndi kudzimangirira. Kotero anafa nayikidwa mʼmanda a abambo ake.
24 ২৪ তাৰ পাছত দায়ূদে মহনয়িমত আহিল৷ অবচালোমে হ’লে সকলো ইস্ৰায়েল লোকৰ সৈতে যৰ্দ্দন পাৰ হ’ল।
Davide anapita ku Mahanaimu, ndipo Abisalomu anawoloka Yorodani pamodzi ndi ankhondo ena onse a Israeli.
25 ২৫ তেতিয়া অবচালোমে যোৱাবৰ সলনি অমাচাক প্ৰধান সেনাপতি পাতিলে। অমাচা ইস্ৰায়েলীয়া যিথ্ৰা নামেৰে এজন মানুহৰ পুত্ৰ আছিল৷ সেই মানুহ জনে যোৱাবৰ মাক চৰূয়াৰ ভনীয়েক নাহচৰ জীয়েক অবীগলত গমণ কৰিছিল।
Abisalomu anasankha Amasa kukhala mkulu wa ankhondo mʼmalo mwa Yowabu. Amasa anali mwana wa munthu wotchedwa Itira Mwisraeli amene anakwatira Abigayeli mwana wa Nahasi mlongo wake wa Zeruya, amayi ake a Yowabu.
26 ২৬ তাৰ পাছত ইস্ৰায়েল আৰু অবচালোমে গিলিয়দ দেশত ছাউনি পাতিলে।
Aisraeli ndi Abisalomu anamanga zithando mʼdziko la Giliyadi.
27 ২৭ যি সময়ত দায়ূদে মহনয়িমত আহিছিল, অম্মোনৰ সন্তানসকলৰ ৰব্বাত থকা নাহচৰ পুত্ৰ চোবীয়ে, লো-দবৰাত থকা অম্মীয়েলৰ পুত্ৰ মাখীৰে আৰু ৰোগেলীমত থকা গিলিয়দীয়া বৰ্জ্জিলয়ে দায়ূদৰ আৰু তেওঁৰ লগৰ লোকসকলৰ কাৰণে
Davide atafika ku Mahanaimu, Sobi mwana wa Nahasi wochokera ku Raba ku dziko la Amoni ndi Makiri mwana wa Amieli wochokera ku Lodebara, ndi Barizilai Mgiliyadi wochokera ku Rogelimu
28 ২৮ শয্যা, চৰিয়া, মাটিৰ পাত্ৰ, ঘেঁহু, যৱ, আটাগুৰি, ভজা শস্য, লেচেৰা মাহ, মচুৰ মাহ, ভজামাহ,
anabweretsa zofunda, mabeseni ndi miphika. Iwo anabweretsanso kwa Davide ndi anthu ake zakudya izi: tirigu ndi barele, ufa ndi tirigu wokazinga, nyemba ndi mphodza,
29 ২৯ মৌ, মাখন, মেৰৰ জাক আৰু গৰু গাখীৰৰ পনিৰ আনিলে৷ এই লোকসকলে কৈছিল যে, “লোকসকলে মৰুপ্ৰান্তত ক্ষুধাতুৰ, শ্ৰান্ত, আৰু তৃষ্ণাতুৰ হৈছে।”
uchi ndi chambiko, nkhosa ndi mafuta olimba a mkaka wangʼombe. Pakuti anati, “Anthuwa ali ndi njala ndipo atopa, alinso ndi ludzu muno mʼchipululu.”