< ২ সামুয়েল 16 >

1 যেতিয়া দায়ূদে পৰ্ব্বতৰ টিঙত পাছ পেলাই অলপ আগ হ’ল, তেতিয়া চোৱা, মফিবোচতৰ দাস চীবাই সজোৱা দুটা গাধ লগত লৈ গৈ তেওঁৰ গুৰিত উপস্থিত হ’ল; সেই গাধৰ ওপৰত দুশ পিঠা, এশ থোপা শুকান দ্ৰাক্ষা গুটি, এশ লদা খেজুৰ গুটি আৰু এক মোট দ্ৰাক্ষাৰস আছিল।
Nígbà tí Dafidi sì fi díẹ̀ kọjá orí òkè náà, sì wò ó, Ṣiba ìránṣẹ́ Mefiboṣeti sì ń bọ̀ wá pàdé rẹ̀, òun àti kẹ́tẹ́kẹ́tẹ́ méjì tí a ti dì ní gàárì, àti igba ìṣù àkàrà lórí wọn, àti ọgọ́rùn-ún síírí àjàrà gbígbẹ, àti ọgọ́rùn-ún èso ẹ̀rún, àti ìgò ọtí wáìnì kan.
2 পাছে ৰজাই চীবাক সুধিলে, “তুমি এইবোৰ অনাৰ অভিপ্ৰায় কি?” তাতে চীবাই ক’লে, “এই গাধ দুটা ৰজাৰ পৰিয়াল উঠি যাবৰ বাবে, এই পিঠা আৰু খেজুৰ গুটি ডেকাসকলৰ আহাৰৰ বাবে আৰু দ্ৰাক্ষাৰস অৰণ্যত ক্লান্ত হোৱা লোকসকলে পান কৰিবৰ বাবে।”
Ọba sì wí fún Ṣiba pé, “Kí ni wọ̀nyí?” Ṣiba sì wí pé, “Kẹ́tẹ́kẹ́tẹ́ wọ̀nyí ni fún àwọn ará ilé ọba láti máa gùn àti àkàrà yìí, àti èso ẹ̀rún yìí ni fún àwọn ọ̀dọ́mọdékùnrin láti jẹ; àti ọtí wáìnì yìí ni fún àwọn aláàárẹ̀ ní ijù láti mu.”
3 পাছে ৰজাই ক’লে, “তোমাৰ প্ৰভুৰ নাতি ল’ৰাটি ক’ত?” তাতে চীবাই ৰজাক ক’লে, “চাওক, তেওঁ যিৰূচালেমত আছে; কিয়নো তেওঁ ক’লে, ‘ইস্ৰায়েল বংশই আজি মোৰ পৈতৃক ৰাজ্য মোক ওলোটাই দিব।’”
Ọba sì wí pé, “Ọmọ olúwa rẹ dà?” Ṣiba sì wí fún ọba pé, “Wò ó, ó jókòó ní Jerusalẹmu; nítorí tí ó wí pé, ‘Lónìí ni ìdílé Israẹli yóò mú ìjọba baba mi padà wá fún mi.’”
4 তাতে ৰজাই চীবাক ক’লে, “চোৱা, মফিবোচতৰ সৰ্ব্বস্ব তোমাৰেই।” চীবোই ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, মই প্ৰণিপাত কৰিছোঁ৷ বিনয় কৰোঁ, মোক আপোনাৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত কৰক।”
Ọba sì wí fún Ṣiba pé, “Wò ó, gbogbo nǹkan tí í ṣe ti Mefiboṣeti jẹ́ tìrẹ.” Ṣiba sì wí pé, “Mo túúbá, jẹ́ kí n rí oore-ọ̀fẹ́ lójú rẹ, olúwa mi ọba.”
5 যেতিয়া দায়ুদ ৰজাই বহূৰীম পালে, চৌলৰ বংশৰ ভিতৰৰ গেৰাৰ পুতেক চিমিয়ী নামেৰে এটা মানুহ তাৰ পৰা ওলাল; সি ওলাই যাওঁতে যাওঁতে শাও দি দি গ’ল।
Dafidi ọba sì dé Bahurimu, sì wò ó, ọkùnrin kan ti ibẹ̀ jáde wá, láti ìdílé Saulu wá, orúkọ rẹ̀ sì ń jẹ́ Ṣimei, ọmọ Gera, ó sì ń bú èébú bí o tí ń bọ̀.
6 সি দায়ূদলৈ আৰু দায়ুদ ৰজাৰ সকলো দাসলৈ শিল দলিয়ালে; যদিওঁবা সকলো লোক আৰু সকলো বীৰ তেওঁৰ সোঁ আৰু বাওঁ ফালে আছিল।
Ó sì sọ òkúta sí Dafidi, àti sí gbogbo ìránṣẹ́ Dafidi ọba, àti sí gbogbo ènìyàn, gbogbo àwọn alágbára ọkùnrin sì wà lọ́wọ́ ọ̀tún rẹ̀ àti lọ́wọ́ òsì rẹ̀.
7 চিমিয়ীয়ে শাও দি দি কৈছিল, “হেৰৌ ৰক্তপাতি পাষণ্ড, যা, গুচি যা!
Báyìí ni Ṣimei sì wí nígbà tí ó ń yọ èébú, “Jáde, ìwọ ọkùnrin ẹ̀jẹ̀, ìwọ ọkùnrin Beliali.
8 তই যাৰ পদত ৰজা হ’লি, সেই চৌলৰ বংশৰ সকলো ৰক্তপাতৰ প্ৰতিফল যিহোৱাই তোক দিছে৷ যিহোৱাই তোৰ পুতেক অবচালোমৰ হাতত ৰাজ্য সমৰ্পণ কৰিলে৷ চা, তই নিজেই ধ্বংস হ’লি, কিয়নো তই ৰক্তপাতি মানুহ।”
Olúwa mú gbogbo ẹ̀jẹ̀ ìdílé Saulu padà wá sí orí rẹ, ní ipò ẹni tí ìwọ jẹ ọba; Olúwa ti fi ìjọba náà lé Absalomu ọmọ rẹ lọ́wọ́: sì wò ó, ìwà búburú rẹ ni ó mú èyí wá bá ọ, nítorí pé ọkùnrin ẹ̀jẹ̀ ni ìwọ.”
9 তেতিয়া চৰূয়াৰ পুত্ৰ অবীচয়ে ৰজাক ক’লে, “সেই মৰা কুকুৰে মোৰ প্ৰভু মহাৰাজক কিয় শাও দিয়ে? আপুনি অনুমতি দিয়ে যদি, মই পাৰ হৈ গৈ তাৰ মূৰটো কাটি পেলাওঁ।”
Abiṣai ọmọ Seruiah sì wí fún ọba pé, “Èéṣe tí òkú ajá yìí fi ń bú olúwa mi ọba? Jẹ́ kí èmi kọjá, èmi bẹ̀ ọ́, kí èmi sì bẹ́ ẹ́ lórí.”
10 ১০ কিন্তু ৰজাই ক’লে, “হে চৰূয়াৰ পুত্ৰসকল, তোমালোকৰ লগত মোৰ কি সম্পৰ্ক? যি স্থলত যিহোৱাই দায়ূদক শাও দে বুলি তাক কৈছে, ‘এনে স্থলত, সি শাও দিয়াত, তই এনে কিয় কৰিছ বুলি কোনে ক’ব’?”
Ọba sì wí pé, “Kín ni èmi ní ṣe pẹ̀lú yín, ẹ̀yin ọmọ Seruiah? Bí ó bá ń bú èébú, nítorí tí Olúwa ti wí fún un pé, ‘Bú Dafidi!’ Ta ni yóò sì wí pé, ‘Kín ni ìdí tí o fi ṣe bẹ́ẹ̀.’”
11 ১১ দায়ূদে অবীচয়ক আৰু নিজৰ সকলো দাসক ক’লে, “চোৱা, মোৰ ঔৰসত জন্মা মোৰ পুত্ৰই মোৰ প্ৰাণ ল’বলৈ বিচাৰিছে৷ তেন্তে সেই বিন্যামীনীয়াটোৱে কিমান অধিক পৰিমাণে মোৰ ধ্বংস হোৱাতো বিচাৰিব! তাক থাকিব দিয়া, সি শাও দিয়ক; কিয়নো যিহোৱাই তাক অনুমতি দিছে।
Dafidi sì wí fún Abiṣai, àti fún gbogbo àwọn ìránṣẹ́ rẹ̀ pé, “Wò ó, ọmọ mi tí ó ti inú mi wá, ń wá mi kiri, ǹjẹ́ mélòó mélòó ni ará Benjamini yìí yóò sì ṣe? Fi í sílẹ̀, sì jẹ́ kí o máa yan èébú; nítorí pé Olúwa ni ó sọ fún un.
12 ১২ কিজানি মোলৈ কৰা অন্যায়লৈ যিহোৱাই দৃষ্টি কৰিব আৰু সি আজি মোক দিয়া শাওৰ সলনি যিহোৱাই মোৰ মঙ্গল কৰিব।”
Bóyá Ọlọ́run yóò wo ìpọ́njú mi, Olúwa yóò sì fi ìre san án fún mi ní ipò èébú rẹ̀ lónìí.”
13 ১৩ এইদৰে দায়ুদ আৰু তেওঁৰ লোকসকল বাটেদি গৈ আছিল আৰু সেই চিমিয়ীয়েও তেওঁৰ সন্মুখৰ পৰ্ব্বতৰ কাষেদি, শাও দি দি তেওঁলৈ শিল মাৰি মাৰি আৰু মাটি দলিয়াই গৈ আছিল।
Dafidi àti àwọn ọmọkùnrin rẹ̀ sì ń lọ ní ọ̀nà, Ṣimei sì ń rìn òdìkejì òkè tí ó wà lẹ́gbẹ̀ẹ́ rẹ̀, ó sì ń yan èébú bí ó ti ń lọ, ó sì ń sọ ọ́ lókùúta, ó sì ń fọ́n erùpẹ̀.
14 ১৪ তেতিয়া ৰজাই তেওঁৰ লগৰ লোকসকলে সৈতে অয়েফীমলৈ আহি সেই ঠাইতে জিৰণি ল’লে।
Ọba, àti gbogbo àwọn ènìyàn tí ó ń bẹ lọ́dọ̀ rẹ̀ sì dé Jordani, ó sì rẹ̀ wọ́n, wọ́n sì sinmi níbẹ̀.
15 ১৫ এনেতে অবচালোম আৰু তেওঁৰ লগত অহীথোফল আৰু ইস্ৰায়েলৰ সকলোলোক যিৰূচালেমলৈ আহিল।
Absalomu àti gbogbo àwọn ènìyàn, àwọn ọkùnrin Israẹli sì wá sí Jerusalẹmu, Ahitofeli sì wà pẹ̀lú rẹ̀.
16 ১৬ পাছে যেতিয়া দায়ূদৰ বন্ধু অৰ্কীয়া হূচয় অবচালোমৰ ওচৰলৈ আহিল, তেতিয়া হূচয়ে অবচালোমক ক’লে, “মহাৰাজ চিৰজীৱি হওক, মহাৰাজ চিৰজীৱি হওক!”
Ó sì ṣe, nígbà tí Huṣai ará Arki, ọ̀rẹ́ Dafidi tọ Absalomu wá, Huṣai sì wí fún Absalomu pé, “Kí ọba ó pẹ́! Kí ọba ó pẹ́.”
17 ১৭ তাতে অবচালোমে হূচয়ক ক’লে, “তোমাৰ বন্ধুলৈ এনেকুৱাহে মৰম নে? তুমি নিজৰ বন্ধুৰ লগত কিয় নগ’লা?
Absalomu sì wí fún Huṣai pé, “Oore rẹ sí ọ̀rẹ́ rẹ ni èyí? Èéṣe tí ìwọ kò bá ọ̀rẹ́ rẹ lọ?”
18 ১৮ তাতে হূচয়ে অবচালোমক ক’লে, “নহয়! কিন্তু যি জনক যিহোৱাই এই লোকসকল আৰু ইস্ৰায়েলৰ সকলো লোকক মনোনীত কৰিলে, মই তেওঁৰ ফলীয়াহে, তেওঁৰ লগতহে মই থাকিম।
Huṣai sì wí fún Absalomu pé, “Bẹ́ẹ̀ kọ́ nítorí ẹni tí Olúwa, àti gbogbo àwọn ènìyàn yìí, àti gbogbo àwọn ọkùnrin Israẹli bá yàn, tirẹ̀ lèmi ó jẹ́, òun lèmi ó sì bá jókòó.
19 ১৯ আৰু কওঁ, মই কাৰ সেৱাকৰ্ম কৰিম? তেওঁৰ পুত্ৰৰ সাক্ষাতে দাস্য কৰ্ম কৰা উচিত নহব নে? যিদৰে তোমাৰ পিতৃৰ উপস্হিতিত দাস্য কৰ্ম কৰিলোঁ, তেনেকৈ আপোনাৰ আগতো কৰিম।
Àti pé, ta ni èmi ó sì sìn? Kò ha yẹ kí èmi ó máa sìn níwájú ọmọ rẹ̀? Gẹ́gẹ́ bí èmi ti ń sìn rí níwájú baba rẹ, bẹ́ẹ̀ ni èmi ó sìn níwájú rẹ.”
20 ২০ পাছে অবচালোমে অহীথোফলক ক’লে, “এতিয়া আমি কি কৰা উচিত, সেই বিষয়ে তোমালোকে দিহা দিয়া।
Absalomu sì wí fún Ahitofeli pé, “Ẹ bá ará yín gbìmọ̀ ohun tí àwa ó ṣe.”
21 ২১ তেতিয়া অহীথোফলে অবচালোমক ক’লে, “আপোনাৰ পিতৃয়ে নিজ ৰাজগৃহ প্ৰতিপাল কৰিবৰ বাবে যি উপপত্নীসকল থৈ গৈছে, আপুনি তেওঁলোকলৈ গমণ কৰকগৈ; তাতে আপুনি যে নিজ পিতৃৰ দৃষ্টিত ঘিণলগীয়া হৈছে, তাক গোটেই ইস্ৰায়েলে শুনিব৷ তেতিয়া আপোনাৰ লগত থকা সকলো লোকৰ হাত বলৱান হ’ব।”
Ahitofeli sì wí fún Absalomu pé, “Wọlé tọ àwọn obìnrin baba rẹ lọ, tí ó fi sílẹ̀ láti máa ṣọ́ ilé, gbogbo Israẹli yóò sì gbọ́ pé, ìwọ di ẹni ìríra sí baba rẹ, ọwọ́ gbogbo àwọn tí ó wà lọ́dọ̀ rẹ yóò sì le.”
22 ২২ পাছে অবচালোমৰ বাবে গৃহৰ শীৰ্ষ স্হানত এটা তম্বু তৰি দিয়া হ’ল আৰু অবচালোমে সকলো ইস্ৰায়েলৰ সাক্ষাতে নিজ পিতৃৰ উপপত্নীবোৰত গমণ কৰিলে।
Wọ́n sì tẹ́ àgọ́ kan fún Absalomu ní òrùlé; Absalomu sì wọlé tọ àwọn obìnrin baba rẹ̀ lójú gbogbo Israẹli.
23 ২৩ সেই কালত অহীথোফলে যি যি দিহা দিছিল, সেইবোৰ ঈশ্বৰৰ মুখৰ বাক্যৰ দ্বাৰাই উত্তৰ পোৱাৰ দৰে আছিল৷ দায়ূদক দিয়া আৰু অবচালোমক দিয়া অহীথোফলৰ সকলো দিহা তেনেদৰেই আছিল।
Ìmọ̀ Ahitofeli tí ó máa ń gbà ni ìgbà náà, ó dàbí ẹni pé ènìyàn béèrè nǹkan lọ́wọ́ Ọlọ́run, bẹ́ẹ̀ ni gbogbo ìmọ̀ Ahitofeli fún Dafidi àti fún Absalomu sì rí.

< ২ সামুয়েল 16 >