< ২ সামুয়েল 15 >

1 সেই সময়ৰ পাছত অবচালোমে নিজৰ বাবে এখন ৰথ, কেইটামান ঘোঁৰা আৰু নিজৰ আগে আগে লৰি যাবৰ বাবে পঞ্চাশ জন মানুহ যুগুত কৰি ল’লে।
Sau đó, Áp-sa-lôm sắm một cỗ xe ngựa; có năm mươi người chạy trước xe.
2 অবচালোমে ৰাতিপুৱাতে উঠি, নগৰৰ দুৱাৰ বাটৰ কাষত থিয় দি থাকে৷ তেতিয়া যদি বিচাৰৰ অৰ্থে ৰজাৰ ওচৰলৈ আহিব লগা কোনো মানুহৰ গোচৰ থাকে, অবচালোমে তেওঁক মাতি সোধে, “তুমি কোন নগৰৰ পৰা আহিছা?” তাতে সেই লোকজনে উত্তৰ দি কয় বোলে, “আপোনাৰ এই দাস ইস্ৰায়েলৰ ফৈদৰ মাজৰ এজন৷”
Áp-sa-lôm cũng thường dậy sớm, đi ra đứng bên cổng thành, đợi có ai đi kiện, xin vua xét xử, thì gọi đến hỏi: “Ông từ đâu đến?” Khi người kia đáp: “Từ thành nọ, đại tộc kia,”
3 তেতিয়া অবচালোমে তেওঁক কয়, “চোৱা, তোমাৰ গোচৰৰ কথা ভাল আৰু ন্যায়, কিন্তু তোমাৰ কথা শুনিবলৈ ৰজাৰ নিযুক্ত কৰা লোক কোনো নাই।”
Áp-sa-lôm liền nói: “Trong việc này, tôi xét thấy ông hoàn toàn phải. Nhưng tiếc thay, người của vua đâu có nghe ông.”
4 অবচালোমে আৰু কয়, “মোৰ ইচ্ছা এয়ে যে যদি মোক দেশৰ বিচাৰকৰ্ত্তা পতা হ’লে, কোনো বিবাদ বা গোচৰ থকা প্ৰতিজন ব্যক্তিয়ে মোৰ ওচৰলৈ আহিলহেঁতেন আৰু মই তেওঁলৈ ন্যায় বিচাৰ কৰিলোঁহেঁতেন।”
Áp-sa-lôm tiếp: “Nếu tôi làm phán quan, ai có vụ thưa kiện gì đến với tôi, tôi sẽ công minh xét xử cho người ấy!”
5 পাছত এনে ঘটে যে কোনো এজন লোক যেতিয়া তেওঁক শ্ৰদ্ধা জনাবলৈ তেওঁৰ ওচৰলৈ আহে, সেই লোকজনক তেওঁ হাত মেলি ধৰে আৰু চুমা খায়।
Và, hễ có người nào cung kính vái chào Áp-sa-lôm, ông liền dang tay ôm lấy người ấy mà hôn.
6 ইস্ৰায়েলৰ যি সকলো লোক ৰজাৰ ওচৰলৈ বিচাৰৰ অৰ্থে আহে, সেই সকলোকে অবচালোমে সেইৰূপেই ব্যৱহাৰ কৰে। এইদৰেই অবচালোমে ইস্ৰায়েল লোকসকলৰ মন তেওঁৰ ফাললৈ নিলে।
Hành động như thế, Áp-sa-lôm lấy lòng được nhiều người Ít-ra-ên.
7 তাৰ পাছত চাৰি বছৰৰ শেষত, অবচালোমে ৰজাক ক’লে, “মই আপোনাক বিনয় কৰিছোঁ, মই যিহোৱালৈ যি এটা সঙ্কল্প কৰিলোঁ তাক হিব্ৰোণত পালন কৰিবৰ বাবে মোক যাবলৈ অনুমতি দিয়ক।
Bốn năm sau, một hôm Áp-sa-lôm thưa với vua: “Xin cho phép con đi Hếp-rôn dâng lễ vật thề nguyện lên Chúa Hằng Hữu.
8 কিয়নো আপোনাৰ দাস মই যেতিয়া অৰাম দেশৰ গচুৰত প্ৰবাস কৰি আছিলোঁ, তেতিয়া মই এই সঙ্কল্প কৰি কৈছিলোঁ, ‘যদি যিহোৱাই মোক নিশ্চয়ে যিৰূচালেমলৈ ওভোটাই নিয়ে, তেতিয়া মই যিহোৱাক সেৱাভক্তি কৰিম।’”
Vì lúc còn ở Ghê-sua thuộc xứ A-ram, con có khấn nguyện: ‘Nếu Chúa Hằng Hữu đem con về Giê-ru-sa-lem, con sẽ dâng lễ vật lên Ngài.’”
9 তাতে ৰজাই ক’লে, “শান্তিৰে যোৱা।” তেতিয়া অবচালোম উঠি হিব্ৰোণলৈ গ’ল।
Vua nói: “Chúc con đi bình an.” Vậy, Áp-sa-lôm đi Hếp-rôn.
10 ১০ কিন্তু অবচালোমে ইস্ৰায়েলৰ আটাই ফৈদৰ ওচৰলৈ চোৰাং-চোৱাৰ দ্বাৰাই কৈ পঠালে, বোলে, “শিঙাৰ শব্দ শুনামাত্ৰে তোমালোকে ক’বা, ‘অবচালোম হিব্ৰোণত ৰজা হ’ল।’”
Tại đây, ông bí mật sai người đi khắp các đại tộc Ít-ra-ên xúi giục dân nổi loạn và căn dặn: “Khi nghe tiếng kèn thổi, anh em sẽ la lên: ‘Áp-sa-lôm làm vua ở Hếp-rôn.’”
11 ১১ আৰু অবচালোমৰ লগত যিৰূচালেমৰ পৰা দুশ নিমন্ত্ৰিত লোক গৈছিল।
Khi rời Giê-ru-sa-lem, Áp-sa-lôm có mời 200 quan khách cùng đi với mình, nhưng họ không biết gì về mưu phản của ông.
12 ১২ পাছে অবচালোমে বলি দান কৰা সময়ত মানুহ পঠাই দায়ূদৰ মন্ত্ৰী গিলোনীয়া অহীথোফলক তেওঁৰ নগৰ গিলোৰ পৰা মতাই আনিলে৷ এইদৰে অবচালোমৰ চক্ৰান্ত মজবুত হৈ উঠিল, কাৰণ অবচালোমৰ পক্ষৰ লোক ক্ৰমে ক্ৰমে বাঢ়ি গ’ল।
Lúc dâng lễ, Áp-sa-lôm cho mời cả A-hi-tô-phe người Ghi-lô, là một cố vấn của Đa-vít, về với mình. Vậy cuộc nổi loạn lan rộng, số người theo ngày càng đông.
13 ১৩ পাছত এজন দূতে দায়ূদৰ ওচৰলৈ আহি এই সম্বাদ দিলে, বোলে, “ইস্ৰায়েল লোকসকলৰ মন অবচালোমৰ পক্ষ হ’ল।”
Có người đến báo cho Đa-vít: “Lòng dân ngả qua ủng hộ Áp-sa-lôm.”
14 ১৪ তাতে দায়ূদে যিৰূচালেমত নিজৰ লগত থকা সকলো দাসবোৰক ক’লে, “আহা আমি ওলাই পলাওঁহ’ক; নহ’লে অবচালোমৰ হাতৰ পৰা আমি এজনো সাৰিব নোৱাৰিম। এতেকে শীঘ্ৰে যাবলৈ যুগুত হোৱা, নহ’লে সি বেগাই আমাৰ লগ ধৰিব আৰু আমাৰ ওপৰত অমঙ্গল ঘটাব আৰু তৰোৱালৰ ধাৰেৰে নগৰৰ লোকক আঘাত কৰিব।”
Đa-vít bảo quần thần đang ở với mình tại Giê-ru-sa-lem: “Chúng ta phải chạy ngay; nếu đợi Áp-sa-lôm đến, cả chúng ta và dân trong thành đều bị tàn sát.”
15 ১৫ তাতে, ৰজাৰ দাসবোৰে ৰজাক ক’লে, “চাওঁক, আমাৰ প্ৰভু মহাৰাজে যি কৰিবলৈ মন কৰিছে তাক কৰিবলৈ আপোনাৰ দাসবোৰ যুগুত হৈ আছে।”
Quần thần thưa: “Bất kỳ điều gì vua quyết định, chúng tôi xin thi hành.”
16 ১৬ পাছে ৰজা ওলাই গ’ল, আৰু তেওঁৰ সকলো পৰিয়াল তেওঁৰ পাছে পাছে গ’ল; কিন্তু ৰাজগৃহ প্ৰতিপাল কৰিবৰ বাবে ৰজাই দহজনী উপপত্নী এৰি থৈ গ’ল।
Vậy, vua và toàn thể hoàng gia vội vàng ra đi, chỉ có mười cung phi ở lại để giữ cung.
17 ১৭ পাছত ৰজা আৰু তেওঁৰ পাছত যোৱা সকলো মানুহ ওলাই গৈ বৈৎ-মিৰ্হকত ৰ’ল।
Vua đi trước, mọi người theo sau. Ra đến cuối thành,
18 ১৮ তেওঁৰ দাসবোৰ তেওঁৰ লগে লগে কুচকাৱাজ কৰি খোজ কাঢ়ি গ’ল আৰু সকলো কৰেথীয়া, পেলেথীয়া আৰু সকলো গাতীয়া লোক অৰ্থাৎ ছশ লোক তেওঁৰ পাছে পাছে গাতৰ পৰা অহা ৰজাৰ আগে আগে গ’ল।
vua dừng lại cho mọi người đi trước. Có tất cả 600 người từ đất Gát theo Đa-vít cùng tất cả thị vệ của vua.
19 ১৯ তেতিয়া ৰজাই গাতীয়া ইত্তয়ক ক’লে, “তুমি আমাৰ লগত কিয় আহিছা? তুমি উভটি গৈ অবচালোম ৰজাৰ লগত থাকা কিয়নো তুমি বিদেশী আৰু এজন দেশান্তৰিত লোক৷ তোমাৰ নিজ ঠাইলৈ উভটি যোৱা।
Vua bảo Y-tai người Ghi-tít: “Ông theo chúng tôi làm gì? Tôi nghĩ ông nên quay lại với vua mới, vì ông là người ngoại quốc bỏ quê hương.
20 ২০ যিহেতু তুমি যোৱা কালি মাথোন আহিলা, কিয় মই তোমাক আমাৰ লগত লৈ সকলোফালে ঘূৰাই ফুৰাম? মই নিজেই নাজানো যে মই ক’লৈ গৈ আছোঁ৷ সেই কাৰণে তুমি তোমাৰ লোকসকলক লৈ ঘূৰি যোৱা৷ তোমাৰ লগত দয়া আৰু সত্য থাকক।”
Ông vừa đến với chúng tôi hôm qua, hôm nay tôi không muốn ông theo chúng tôi lang thang chưa biết về đâu. Ông nên dẫn anh em người Ghi-tít quay về đi thôi. Cầu cho ông giữ được lòng nhân ái và trung thực.”
21 ২১ কিন্তু ইত্তয়ে ৰজাক উত্তৰ দি ক’লে, “জীৱন্ত যিহোৱাৰ শপত আৰু মোৰ প্ৰভু মহাৰাজৰ জীৱনৰ শপত, মৰিবৰ বা জীয়াই থকাৰ অৰ্থেই হওঁক, মোৰ প্ৰভু মহাৰাজ যি ঠাইলৈ যাব, আপোনাৰ এই দাসো সেই ঠাইলৈকে যাব।”
Nhưng Y-tai đáp: “Tôi thề trước Đức Chúa Trời và trên mạng sống vua, vua đi đâu tôi theo đó, dù chết hay sống cũng không màng.”
22 ২২ সেই বাবে দায়ূদে ইত্তয়ক ক’লে, “তেন্তে তুমি আমাৰ লগত আগবাঢ়ি গৈ পাৰ হোৱা।” তেতিয়া গাতীয়া ইত্তয় ও তেওঁৰ সমূদায় লোক আৰু তেওঁলোকৰ লগত অহা সকলো পৰিয়াল ৰজাৰ সৈতে গ’ল।
Vua nói: “Đã thế thì đi!” Vậy Y-tai cùng toán quân mình với con cái đều đi lên trước.
23 ২৩ সকলো লোকে কিদ্ৰোণ উপত্যকা পাৰ হৈ যাওঁতে, গোটেই দেশখনে বৰকৈ ক্ৰন্দন কৰিলে আৰু ৰজাই নিজেও পাৰ হ’ল৷ এইদৰে সকলো লোক বাটত যাত্ৰা কৰি কৰি মৰুপ্ৰান্তৰ দিশে গ’ল।
Thấy vua và mọi người đi qua, ai cũng phải mủi lòng rơi lệ. Đoàn người băng suối Kít-rôn tiến về phía hoang mạc.
24 ২৪ আনকি চাদোকো তেওঁৰ লগত লেবীয়া লোকসকল ঈশ্বৰৰ নিয়ম-চন্দুকটি বৈ লৈ উপস্থিত হ’ল৷ তেওঁলোকে যিহোৱাৰ নিয়ম-চন্দুকটি নমাই ৰাখিলে আৰু তেতিয়া অবিয়াথৰ তেওঁলোকৰ লগত লগ দিলে৷ তেওঁলোকে এনে কৰাৰ আগে লোকসকল নগৰৰ পৰা একেবাৰে ওলাই নহালৈক ৰখি থাকিল৷
Có A-bia-tha, Xa-đốc và người Lê-vi đem Hòm Giao Ước của Đức Chúa Trời đi nữa. Họ đặt Hòm xuống, chờ cho đoàn người đi qua trước.
25 ২৫ ৰজাই চাদোকক ক’লে, “তুমি ঈশ্বৰৰ নিয়ম-চন্দুকটি পুনৰাই নগৰলৈ ঘূৰাই লৈ যোৱা। যদি যিহোৱাৰ দৃষ্টিত মই অনুগ্ৰহ পাওঁ, তেনেহ’লে তেওঁ পুনৰাই মোক ঘূৰাই আনিব আৰু তাক ও তেওঁৰ বাসস্থান মোক দেখুৱাব৷
Nhưng vua nói với Xa-đốc: “Ông hãy đem Hòm của Đức Chúa Trời trở vào thành. Nếu tôi được Chúa Hằng Hữu đoái hoài, Ngài sẽ cho tôi về để thấy Hòm và Đền Tạm Ngài ngự.
26 ২৬ কিন্তু যদি তেওঁ এইদৰে কয়, ‘তোমাত মোৰ একো সন্তোষ নাই,’ তেন্তে চোৱা, মই ইয়াত আছোঁ আৰু তেওঁ দৃষ্টিত যি ভাল, মোলৈ তেওঁ তাকেই কৰক।”
Nhưng nếu Chúa không ưa thích tôi nữa, xin Ngài làm cho tôi điều Ngài muốn.”
27 ২৭ ৰজাই চাদোক পুৰোহিতক ইয়াকো ক’লে, “তুমি এজন দৰ্শক নহয় নে? তুমি তোমাৰ পুত্ৰ অহীমাচ আৰু অবিয়াথৰৰ পুত্ৰ যোনাথন, তোমালোকৰ এই দুই পুত্ৰক লগত লৈ, শান্তিৰে নগৰলৈ ঘূৰি যোৱা।
Vua thì thầm với Thầy Tế lễ Xa-đốc: “Chắc ông hiểu ý tôi: Ông và A-bia-tha trở về thành với A-hi-mát con ông và Giô-na-than con A-bia-tha.
28 ২৮ আৰু চাবা তোমালোকৰ ওচৰৰ পৰা মোলৈ ঠিক খবৰ নহামানে, মই পাৰ-ঘাটত বাট চাই থাকিম।”
Tôi sẽ chờ tin ông bên sông nơi nước cạn.”
29 ২৯ এতেকে চাদোক আৰু অবিয়াথৰে ঈশ্বৰৰ নিয়ম-চন্দুকটি আকৌ যিৰূচালেমলৈ লৈ গৈ, তেওঁলোক সেই ঠাইতে থাকিল।
Vậy Xa-đốc và A-bia-tha đem Hòm của Đức Chúa Trời về Giê-ru-sa-lem rồi ở lại đó.
30 ৩০ পাছত দায়ুদ জৈতুন পৰ্বতলৈ উঠি যোৱা বাটেদি খালি ভৰিৰে উঠি গ’ল৷ তেওঁ ওপৰলৈ উঠি যাওঁতে কান্দি কান্দি গ’ল আৰু তেওঁৰ মূৰ ঢকা আছিল৷ তেওঁৰ লগৰ লোকসকলে প্ৰতিজনেও নিজ নিজ মূৰ ঢাকিলে আৰু ওপৰলৈ উঠি যাওঁতে কান্দি কান্দি গ’ল।
Đa-vít lên Núi Ô-liu, đi chân không, trùm đầu lại, vừa đi vừa khóc. Những người khác cũng khóc lóc, trùm đầu.
31 ৩১ তেতিয়া কোনো এজনে দায়ূদক ক’লে, “অবচালোমৰ লগত চক্ৰান্তকাৰীবোৰৰ মাজত অহীথোফলো আছে।” তাতে দায়ূদে প্ৰার্থনা কৰি ক’লে, ‘হে যিহোৱা, মই বিনয় কৰোঁ, অহীথোফলৰ মন্ত্ৰণা মূৰ্খৰ মন্ত্ৰণা কৰক।’
Khi nghe tin A-hi-tô-phe theo Áp-sa-lôm, Đa-vít cầu: “Lạy Chúa Hằng Hữu xin làm cho lời khuyên của A-hi-tô-phe ra ngớ ngẩn.”
32 ৩২ পাছত দায়ূদে যেতিয়া পৰ্বতৰ সেই টিং পালে, যি ঠাইত লোকসকলে যিহোৱাৰ আৰাধনা কৰে, তেতিয়া অৰ্কীয়া হূচয়ে নিজৰ কাপোৰ ফালি মূৰত মাটি লৈ দায়ূদৰ লগ ধৰিবলৈ আহিল।
Lên đến đỉnh núi, nơi người ta thờ phụng Đức Chúa Trời, Đa-vít thấy Hu-sai người Ạt-kít đầu phủ bụi đất, áo xé rách, đến tìm mình.
33 ৩৩ দায়ূদে তেওঁক ক’লে, “তুমি যদি মোৰ লগত যোৱা তেন্তে তুমি মোলৈ ভাৰহে হ’বা।
Đa-vít rỉ tai Hu-sai: “Đi với tôi, ông chỉ thêm gánh nặng cho tôi;
34 ৩৪ কিন্তু যদি তুমি নগৰলৈ ঘূৰি গৈ অবচালোমক কোৱা যে ‘হে মহাৰাজ, মই আপোনাৰ দাস হম, আগেয়ে যেনেকৈ আপোনাৰ পিতৃৰ দাস আছিলোঁ, তেনেকৈ আপোনাৰো দাস হম,’ তেন্তে মোৰ বাবে তুমি অহীথোফলৰ মন্ত্ৰণা ব্যৰ্থ কৰিব পাৰিবা।
nhưng nếu ông trở về Giê-ru-sa-lem, nói với Áp-sa-lôm: ‘Tôi xin cố vấn vua như đã cố vấn cha vua,’ ông sẽ vì tôi phá hỏng mưu kế của A-hi-tô-phe.
35 ৩৫ সেই ঠাইতে চাদোক আৰু অবিয়াথৰ পুৰোহিত জানো তোমাৰ লগত নাথাকিব নে? এই হেতুকে তুমি ৰাজগৃহত যি যি কথা শুনিবা সেই সকলো কথা চাদোক আৰু অবিয়াথৰ পুৰোহিতক ক’বা।
Bên ông còn có hai Thầy Tế lễ Xa-đốc và A-bia-tha. Nếu ông biết được tin gì trong cung vua, cứ cho họ hay.
36 ৩৬ চাবা, যেন সেই ঠাইত তেওঁলোকৰ লগত তেওঁলোকৰ দুজন পুত্ৰক, চাদোকৰ পুত্ৰক অহীমাচ আৰু অবিয়াথৰৰ পুত্ৰক যোনাথন আছে৷ তোমালোকে যি যি কথা শুনিবা, তেওঁলোকৰ দ্বাৰাই মোৰ গুৰিলৈ সেই সকলো বাতৰি পঠাই দিবা।”
Họ sẽ sai con là A-hi-mát (con Xa-đốc) và Giô-na-than (con A-bia-tha) đi báo tin cho tôi.”
37 ৩৭ তেতিয়া দায়ূদৰ বন্ধু হূচয় নগৰলৈ গ’ল আৰু তেতিয়া অবচালোমো যিৰূচালেমত সোমাল।
Vậy Hu-sai, là bạn của Đa-vít, về đến Giê-ru-sa-lem đúng ngay lúc Áp-sa-lôm vào thành.

< ২ সামুয়েল 15 >