< ২ সামুয়েল 15 >
1 ১ সেই সময়ৰ পাছত অবচালোমে নিজৰ বাবে এখন ৰথ, কেইটামান ঘোঁৰা আৰু নিজৰ আগে আগে লৰি যাবৰ বাবে পঞ্চাশ জন মানুহ যুগুত কৰি ল’লে।
After this, Absalom prepared him charets and horses, and fiftie men to runne before him.
2 ২ অবচালোমে ৰাতিপুৱাতে উঠি, নগৰৰ দুৱাৰ বাটৰ কাষত থিয় দি থাকে৷ তেতিয়া যদি বিচাৰৰ অৰ্থে ৰজাৰ ওচৰলৈ আহিব লগা কোনো মানুহৰ গোচৰ থাকে, অবচালোমে তেওঁক মাতি সোধে, “তুমি কোন নগৰৰ পৰা আহিছা?” তাতে সেই লোকজনে উত্তৰ দি কয় বোলে, “আপোনাৰ এই দাস ইস্ৰায়েলৰ ফৈদৰ মাজৰ এজন৷”
And Absalom rose vp early, and stoode hard by the entring in of the gate: and euery man that had any matter, and came to the King for iudgement, him did Absalom call vnto him, and sayde, Of what citie art thou? And he answered, Thy seruant is of one of the tribes of Israel.
3 ৩ তেতিয়া অবচালোমে তেওঁক কয়, “চোৱা, তোমাৰ গোচৰৰ কথা ভাল আৰু ন্যায়, কিন্তু তোমাৰ কথা শুনিবলৈ ৰজাৰ নিযুক্ত কৰা লোক কোনো নাই।”
Then Absalom said vnto him, See, thy matters are good and righteous, but there is no man deputed of the King to heare thee.
4 ৪ অবচালোমে আৰু কয়, “মোৰ ইচ্ছা এয়ে যে যদি মোক দেশৰ বিচাৰকৰ্ত্তা পতা হ’লে, কোনো বিবাদ বা গোচৰ থকা প্ৰতিজন ব্যক্তিয়ে মোৰ ওচৰলৈ আহিলহেঁতেন আৰু মই তেওঁলৈ ন্যায় বিচাৰ কৰিলোঁহেঁতেন।”
Absalom sayd moreouer, Oh that I were made Iudge in the lande, that euery man which hath any matter of controuersie, might come to me, that I might do him iustice.
5 ৫ পাছত এনে ঘটে যে কোনো এজন লোক যেতিয়া তেওঁক শ্ৰদ্ধা জনাবলৈ তেওঁৰ ওচৰলৈ আহে, সেই লোকজনক তেওঁ হাত মেলি ধৰে আৰু চুমা খায়।
And when any man came neere to him, and did him obeisance, he put forth his hand, and tooke him, and kissed him.
6 ৬ ইস্ৰায়েলৰ যি সকলো লোক ৰজাৰ ওচৰলৈ বিচাৰৰ অৰ্থে আহে, সেই সকলোকে অবচালোমে সেইৰূপেই ব্যৱহাৰ কৰে। এইদৰেই অবচালোমে ইস্ৰায়েল লোকসকলৰ মন তেওঁৰ ফাললৈ নিলে।
And on this maner did Absalom to al Israel, that came to the King for iudgement: so Absalom stale the hearts of the men of Israel.
7 ৭ তাৰ পাছত চাৰি বছৰৰ শেষত, অবচালোমে ৰজাক ক’লে, “মই আপোনাক বিনয় কৰিছোঁ, মই যিহোৱালৈ যি এটা সঙ্কল্প কৰিলোঁ তাক হিব্ৰোণত পালন কৰিবৰ বাবে মোক যাবলৈ অনুমতি দিয়ক।
And after fourtie yeeres, Absalom sayd vnto the King, I pray thee, let me go to Hebron, and render my vowe which I haue vowed vnto the Lord.
8 ৮ কিয়নো আপোনাৰ দাস মই যেতিয়া অৰাম দেশৰ গচুৰত প্ৰবাস কৰি আছিলোঁ, তেতিয়া মই এই সঙ্কল্প কৰি কৈছিলোঁ, ‘যদি যিহোৱাই মোক নিশ্চয়ে যিৰূচালেমলৈ ওভোটাই নিয়ে, তেতিয়া মই যিহোৱাক সেৱাভক্তি কৰিম।’”
For thy seruant vowed a vowe when I remayned at Geshur, in Aram, saying, If the Lord shall bring me againe in deede to Ierusalem, I will serue the Lord.
9 ৯ তাতে ৰজাই ক’লে, “শান্তিৰে যোৱা।” তেতিয়া অবচালোম উঠি হিব্ৰোণলৈ গ’ল।
And the King sayd vnto him, Go in peace. So he arose, and went to Hebron.
10 ১০ কিন্তু অবচালোমে ইস্ৰায়েলৰ আটাই ফৈদৰ ওচৰলৈ চোৰাং-চোৱাৰ দ্বাৰাই কৈ পঠালে, বোলে, “শিঙাৰ শব্দ শুনামাত্ৰে তোমালোকে ক’বা, ‘অবচালোম হিব্ৰোণত ৰজা হ’ল।’”
Then Absalom sent spyes throughout all the tribes of Israel, saying, When yee heare the sound of the trumpet, Ye shall say, Absalom reigneth in Hebron.
11 ১১ আৰু অবচালোমৰ লগত যিৰূচালেমৰ পৰা দুশ নিমন্ত্ৰিত লোক গৈছিল।
And with Absalom went two hundreth men out of Ierusalem, that were called: and they went in their simplicitie, knowing nothing.
12 ১২ পাছে অবচালোমে বলি দান কৰা সময়ত মানুহ পঠাই দায়ূদৰ মন্ত্ৰী গিলোনীয়া অহীথোফলক তেওঁৰ নগৰ গিলোৰ পৰা মতাই আনিলে৷ এইদৰে অবচালোমৰ চক্ৰান্ত মজবুত হৈ উঠিল, কাৰণ অবচালোমৰ পক্ষৰ লোক ক্ৰমে ক্ৰমে বাঢ়ি গ’ল।
Also Absalom sent for Ahithophel the Gilonite Dauids counseller, from his citie Giloh, while he offred sacrifices: and the treason was great: for the people encreased still with Absalom.
13 ১৩ পাছত এজন দূতে দায়ূদৰ ওচৰলৈ আহি এই সম্বাদ দিলে, বোলে, “ইস্ৰায়েল লোকসকলৰ মন অবচালোমৰ পক্ষ হ’ল।”
Then came a messenger to Dauid, saying, The hearts of the men of Israel are turned after Absalom.
14 ১৪ তাতে দায়ূদে যিৰূচালেমত নিজৰ লগত থকা সকলো দাসবোৰক ক’লে, “আহা আমি ওলাই পলাওঁহ’ক; নহ’লে অবচালোমৰ হাতৰ পৰা আমি এজনো সাৰিব নোৱাৰিম। এতেকে শীঘ্ৰে যাবলৈ যুগুত হোৱা, নহ’লে সি বেগাই আমাৰ লগ ধৰিব আৰু আমাৰ ওপৰত অমঙ্গল ঘটাব আৰু তৰোৱালৰ ধাৰেৰে নগৰৰ লোকক আঘাত কৰিব।”
Then Dauid sayd vnto all his seruants that were with him at Ierusalem, Vp, and let vs flee: for we shall not escape from Absalom: make speede to depart, lest he come suddenly and take vs, and bring euill vpon vs, and smite the citie with the edge of the sworde.
15 ১৫ তাতে, ৰজাৰ দাসবোৰে ৰজাক ক’লে, “চাওঁক, আমাৰ প্ৰভু মহাৰাজে যি কৰিবলৈ মন কৰিছে তাক কৰিবলৈ আপোনাৰ দাসবোৰ যুগুত হৈ আছে।”
And the Kings seruants sayd vnto him, Behold, thy seruants are ready to do according to all that my lord the King shall appoynt.
16 ১৬ পাছে ৰজা ওলাই গ’ল, আৰু তেওঁৰ সকলো পৰিয়াল তেওঁৰ পাছে পাছে গ’ল; কিন্তু ৰাজগৃহ প্ৰতিপাল কৰিবৰ বাবে ৰজাই দহজনী উপপত্নী এৰি থৈ গ’ল।
So the King departed and all his houshold after him, and the King left ten concubines to keepe the house.
17 ১৭ পাছত ৰজা আৰু তেওঁৰ পাছত যোৱা সকলো মানুহ ওলাই গৈ বৈৎ-মিৰ্হকত ৰ’ল।
And the King went forth and all the people after him, and taried in a place farre off.
18 ১৮ তেওঁৰ দাসবোৰ তেওঁৰ লগে লগে কুচকাৱাজ কৰি খোজ কাঢ়ি গ’ল আৰু সকলো কৰেথীয়া, পেলেথীয়া আৰু সকলো গাতীয়া লোক অৰ্থাৎ ছশ লোক তেওঁৰ পাছে পাছে গাতৰ পৰা অহা ৰজাৰ আগে আগে গ’ল।
And all his seruants went about him, and all the Cherethites and all the Pelethites and all the Gittites, euen sixe hudreth men which were come after him from Gath, went before the King.
19 ১৯ তেতিয়া ৰজাই গাতীয়া ইত্তয়ক ক’লে, “তুমি আমাৰ লগত কিয় আহিছা? তুমি উভটি গৈ অবচালোম ৰজাৰ লগত থাকা কিয়নো তুমি বিদেশী আৰু এজন দেশান্তৰিত লোক৷ তোমাৰ নিজ ঠাইলৈ উভটি যোৱা।
Then sayde the King to Ittai the Gittite, Wherefore commest thou also with vs? Returne aud abide with the King, for thou art a stranger: depart thou therefore to thy place.
20 ২০ যিহেতু তুমি যোৱা কালি মাথোন আহিলা, কিয় মই তোমাক আমাৰ লগত লৈ সকলোফালে ঘূৰাই ফুৰাম? মই নিজেই নাজানো যে মই ক’লৈ গৈ আছোঁ৷ সেই কাৰণে তুমি তোমাৰ লোকসকলক লৈ ঘূৰি যোৱা৷ তোমাৰ লগত দয়া আৰু সত্য থাকক।”
Thou camest yesterday, and should I cause thee to wander to day and go with vs? I will goe whither I can: therefore returne thou and cary againe thy brethren: mercy and trueth be with thee.
21 ২১ কিন্তু ইত্তয়ে ৰজাক উত্তৰ দি ক’লে, “জীৱন্ত যিহোৱাৰ শপত আৰু মোৰ প্ৰভু মহাৰাজৰ জীৱনৰ শপত, মৰিবৰ বা জীয়াই থকাৰ অৰ্থেই হওঁক, মোৰ প্ৰভু মহাৰাজ যি ঠাইলৈ যাব, আপোনাৰ এই দাসো সেই ঠাইলৈকে যাব।”
And Ittai answered the King, and sayde, As the Lord liueth, and as my lord the King liueth, in what place my lord the King shalbe, whether in death or life, euen there surely will thy seruant bee.
22 ২২ সেই বাবে দায়ূদে ইত্তয়ক ক’লে, “তেন্তে তুমি আমাৰ লগত আগবাঢ়ি গৈ পাৰ হোৱা।” তেতিয়া গাতীয়া ইত্তয় ও তেওঁৰ সমূদায় লোক আৰু তেওঁলোকৰ লগত অহা সকলো পৰিয়াল ৰজাৰ সৈতে গ’ল।
Then Dauid sayd to Ittai, Come, and go forward. And Ittai the Gittite went, and all his men, and all the children that were with him.
23 ২৩ সকলো লোকে কিদ্ৰোণ উপত্যকা পাৰ হৈ যাওঁতে, গোটেই দেশখনে বৰকৈ ক্ৰন্দন কৰিলে আৰু ৰজাই নিজেও পাৰ হ’ল৷ এইদৰে সকলো লোক বাটত যাত্ৰা কৰি কৰি মৰুপ্ৰান্তৰ দিশে গ’ল।
And all the countrey wept with a loude voyce, and all the people went forward, but the King passed ouer the brooke Kidron: and all the people went ouer toward the way of ye wildernes.
24 ২৪ আনকি চাদোকো তেওঁৰ লগত লেবীয়া লোকসকল ঈশ্বৰৰ নিয়ম-চন্দুকটি বৈ লৈ উপস্থিত হ’ল৷ তেওঁলোকে যিহোৱাৰ নিয়ম-চন্দুকটি নমাই ৰাখিলে আৰু তেতিয়া অবিয়াথৰ তেওঁলোকৰ লগত লগ দিলে৷ তেওঁলোকে এনে কৰাৰ আগে লোকসকল নগৰৰ পৰা একেবাৰে ওলাই নহালৈক ৰখি থাকিল৷
And lo, Zadok also was there, and all the Leuites with him, bearing the Arke of the couenant of God: and they set downe the Arke of God, and Abiathar went vp vntill the people were all come out of the citie.
25 ২৫ ৰজাই চাদোকক ক’লে, “তুমি ঈশ্বৰৰ নিয়ম-চন্দুকটি পুনৰাই নগৰলৈ ঘূৰাই লৈ যোৱা। যদি যিহোৱাৰ দৃষ্টিত মই অনুগ্ৰহ পাওঁ, তেনেহ’লে তেওঁ পুনৰাই মোক ঘূৰাই আনিব আৰু তাক ও তেওঁৰ বাসস্থান মোক দেখুৱাব৷
Then the King said vnto Zadok, Carie the Arke of God againe into the citie: if I shall finde fauour in the eyes of the Lord, he will bring me againe, and shewe me both it, and the Tabernacle thereof.
26 ২৬ কিন্তু যদি তেওঁ এইদৰে কয়, ‘তোমাত মোৰ একো সন্তোষ নাই,’ তেন্তে চোৱা, মই ইয়াত আছোঁ আৰু তেওঁ দৃষ্টিত যি ভাল, মোলৈ তেওঁ তাকেই কৰক।”
But if he thus say, I haue no delite in thee, behold, here am I, let him doe to me as seemeth good in his eyes.
27 ২৭ ৰজাই চাদোক পুৰোহিতক ইয়াকো ক’লে, “তুমি এজন দৰ্শক নহয় নে? তুমি তোমাৰ পুত্ৰ অহীমাচ আৰু অবিয়াথৰৰ পুত্ৰ যোনাথন, তোমালোকৰ এই দুই পুত্ৰক লগত লৈ, শান্তিৰে নগৰলৈ ঘূৰি যোৱা।
The King sayde againe vnto Zadok the Priest, Art not thou a Seer? returne into the citie in peace, and your two sonnes with you: to wit, Ahimaaz thy sonne, and Ionathan the sonne of Abiathar.
28 ২৮ আৰু চাবা তোমালোকৰ ওচৰৰ পৰা মোলৈ ঠিক খবৰ নহামানে, মই পাৰ-ঘাটত বাট চাই থাকিম।”
Behold, I wil tarie in the fieldes of the wildernesse, vntill there come some worde from you to be tolde me.
29 ২৯ এতেকে চাদোক আৰু অবিয়াথৰে ঈশ্বৰৰ নিয়ম-চন্দুকটি আকৌ যিৰূচালেমলৈ লৈ গৈ, তেওঁলোক সেই ঠাইতে থাকিল।
Zadok therefore and Abiathar caried the Arke of God againe to Ierusalem, and they taried there.
30 ৩০ পাছত দায়ুদ জৈতুন পৰ্বতলৈ উঠি যোৱা বাটেদি খালি ভৰিৰে উঠি গ’ল৷ তেওঁ ওপৰলৈ উঠি যাওঁতে কান্দি কান্দি গ’ল আৰু তেওঁৰ মূৰ ঢকা আছিল৷ তেওঁৰ লগৰ লোকসকলে প্ৰতিজনেও নিজ নিজ মূৰ ঢাকিলে আৰু ওপৰলৈ উঠি যাওঁতে কান্দি কান্দি গ’ল।
And Dauid went vp the mount of oliues and wept as he went vp, and had his head couered, and went barefooted: and al the people that was with him, had euery man his head couered, and as they went vp, they wept.
31 ৩১ তেতিয়া কোনো এজনে দায়ূদক ক’লে, “অবচালোমৰ লগত চক্ৰান্তকাৰীবোৰৰ মাজত অহীথোফলো আছে।” তাতে দায়ূদে প্ৰার্থনা কৰি ক’লে, ‘হে যিহোৱা, মই বিনয় কৰোঁ, অহীথোফলৰ মন্ত্ৰণা মূৰ্খৰ মন্ত্ৰণা কৰক।’
Then one tolde Dauid, saying, Ahithophel is one of them that haue cospired with Absalom: and Dauid sayde, O Lord, I pray thee, turne the counsell of Ahithophel into foolishnesse.
32 ৩২ পাছত দায়ূদে যেতিয়া পৰ্বতৰ সেই টিং পালে, যি ঠাইত লোকসকলে যিহোৱাৰ আৰাধনা কৰে, তেতিয়া অৰ্কীয়া হূচয়ে নিজৰ কাপোৰ ফালি মূৰত মাটি লৈ দায়ূদৰ লগ ধৰিবলৈ আহিল।
Then Dauid came to the toppe of the mount where he worshipped God: and beholde, Hushai the Archite came against him with his coate torne, and hauing earth vpon his head.
33 ৩৩ দায়ূদে তেওঁক ক’লে, “তুমি যদি মোৰ লগত যোৱা তেন্তে তুমি মোলৈ ভাৰহে হ’বা।
Vnto whom Dauid sayd, If thou goe with me, thou shalt be a burthen vnto me.
34 ৩৪ কিন্তু যদি তুমি নগৰলৈ ঘূৰি গৈ অবচালোমক কোৱা যে ‘হে মহাৰাজ, মই আপোনাৰ দাস হম, আগেয়ে যেনেকৈ আপোনাৰ পিতৃৰ দাস আছিলোঁ, তেনেকৈ আপোনাৰো দাস হম,’ তেন্তে মোৰ বাবে তুমি অহীথোফলৰ মন্ত্ৰণা ব্যৰ্থ কৰিব পাৰিবা।
But if thou returne to the citie, and say vnto Absalom, I wil be thy seruant, O King, (as I haue bene in time past thy fathers seruant, so will I now be thy seruant) then thou mayest bring me the counsell of Ahithophel to nought.
35 ৩৫ সেই ঠাইতে চাদোক আৰু অবিয়াথৰ পুৰোহিত জানো তোমাৰ লগত নাথাকিব নে? এই হেতুকে তুমি ৰাজগৃহত যি যি কথা শুনিবা সেই সকলো কথা চাদোক আৰু অবিয়াথৰ পুৰোহিতক ক’বা।
And hast thou not there with thee Zadok and Abiathar the Priests? therefore what so euer thou shalt heare out of the Kings house, thou shalt shew to Zadok and Abiathar the Priests.
36 ৩৬ চাবা, যেন সেই ঠাইত তেওঁলোকৰ লগত তেওঁলোকৰ দুজন পুত্ৰক, চাদোকৰ পুত্ৰক অহীমাচ আৰু অবিয়াথৰৰ পুত্ৰক যোনাথন আছে৷ তোমালোকে যি যি কথা শুনিবা, তেওঁলোকৰ দ্বাৰাই মোৰ গুৰিলৈ সেই সকলো বাতৰি পঠাই দিবা।”
Beholde, there are with them their two sonnes: Ahimaaz Zadoks sonne, and Ionathan Abiathars sonne: by them also shall ye send me euery thing that ye can heare.
37 ৩৭ তেতিয়া দায়ূদৰ বন্ধু হূচয় নগৰলৈ গ’ল আৰু তেতিয়া অবচালোমো যিৰূচালেমত সোমাল।
So Hushai Dauids friend went into the citie: and Absalom came into Ierusalem.