< ২ সামুয়েল 14 >

1 পাছত চৰূয়াৰ পুত্ৰ যোৱাবে ৰজাৰ মন অবচালোমৰ প্ৰতি থকা বুজি,
ゼルヤの子ヨアブは王の心がアブサロムに向かっているのを知った。
2 তকোৱালৈ মানুহ পঠাই, তাৰ পৰা এজনী বুদ্ধিয়ক মহিলা অনাই তাইক ক’লে, “এতিয়া তুমি শোক কৰা ভাও ধৰা, শোক-বস্ত্ৰ পিন্ধা আৰু গাত তেল নঘঁহিবা; কিন্তু মৃতলোকৰ বাবে বহুকাল শোক কৰা মহিলা যেন হোৱা৷
そこでヨアブはテコアに人をつかわして、そこからひとりの賢い女を連れてこさせ、その女に言った、「あなたは悲しみのうちにある人をよそおって、喪服を着、油を身に塗らず、死んだ人のために長いあいだ悲しんでいる女のように、よそおって、
3 তাৰ পাছত ৰজাৰ ওচৰলৈ গৈ, তেওঁক মই কোৱা কথা এনেদৰে ক’বাগৈ৷” এই বুলি যোৱাবে, তাই ৰজাক ক’ব লগীয়া কথাখিনি শিকাই দিলে।
王のもとに行き、しかじかと彼に語りなさい」。こうしてヨアブはその言葉を彼女の口に授けた。
4 পাছত তকোৱাৰ মহিলা গৰাকীয়ে ৰজাক কোৱা সময়ত, তাই তললৈ মুখ কৰি মাটিত পৰি প্ৰণিপাত কৰি ক’লে, “হে মহাৰাজ, উপকাৰ কৰক।”
テコアの女は王のもとに行き、地に伏して拝し、「王よ、お助けください」と言った。
5 ৰজাই সুধিলে, “তোমাৰ কি হ’ল?” তাতে তাই ক’লে, “মই সঁচাকৈ এগৰাকী বিধৱা; মোৰ স্বামী মৰিল।
王は女に言った、「どうしたのか」。女は言った、「まことにわたしは寡婦でありまして、夫は死にました。
6 আৰু আপোনাৰ বেটীৰ দুটি পো আছিল আৰু সিহঁত দুয়ো পথাৰত কাজিয়া কৰিছিল, তাতে সিহঁতক এৰুৱাবলৈ কোনো নথকাত, এটাই আনটোত প্ৰহাৰ কৰি বধ কৰি পেলালে।
つかえめにはふたりの子どもがあり、ふたりは野で争いましたが、だれも彼らを引き分ける者がなかったので、ひとりはついに他の者を撃って殺しました。
7 এতিয়া চাওঁক, গোটেই গোষ্ঠীয়ে আপোনাৰ বেটীৰ বিৰুদ্ধে উঠি কৈছে, ‘তই সেই ভ্ৰাতৃ-বধীটোক শোধাই দে; তাৰ বধ কৰা ভায়েকৰ প্ৰাণৰ সলনি আমি তাৰ প্ৰাণ লম৷’ গতিকে তেওঁলোকে উত্তৰাধিকাৰিকো বিনষ্ট কৰিব। এইদৰে সিহঁতে মোৰ বাকী থকা আঙ্গঠাটি নুমাই পৃথিৱীত মোৰ স্বামীৰ নাম আদি একো নথকা কৰিব খুজিছে।”
すると全家族がつかえめに逆らい立って、『兄弟を撃ち殺した者を引き渡たすがよい。われわれは彼が殺したその兄弟の命のために彼を殺そう』と言い、彼らは世継をも殺そうとしました。こうして彼らは残っているわたしの炭火を消して、わたしの夫の名をも、跡継をも、地のおもてにとどめないようにしようとしています」。
8 তেতিয়া ৰজাই সেই মহিলাক ক’লে, “তুমি তোমাৰ ঘৰলৈ যোৱা, মই বাৰু কি কৰিব পাৰোঁ, তোমাৰ কাৰণে এই বিষয়ে আজ্ঞা দিম।”
王は女に言った、「家に帰りなさい。わたしはあなたのことについて命令を下します」。
9 পাছে সেই তকোৱাৰ মহিলাই ৰজাক ক’লে, “হে মোৰ প্ৰভু, মহাৰাজ, মোৰ আৰু মোৰ পিতৃ-বংশৰ ওপৰতেই এই দোষ পৰক৷ মহাৰাজ আৰু নিজ সিংহাসন হ’লে নিৰ্দ্দোষী হওঁক।”
テコアの女は王に言った、「わが主、王よ、わたしとわたしの父の家にその罪を帰してください。どうぞ王と王の位には罪がありませんように」。
10 ১০ তেতিয়া ৰজাই ক’লে, “কোনোৱে যদি তোমাক কিবা কয়, তেন্তে তাক মোৰ আগলৈ আনিবা, তাতে সি আৰু তোমাক নুচুব।”
王は言った、「もしあなたに何か言う者があれば、わたしの所に連れてきなさい。そうすれば、その人は重ねてあなたに触れることはないでしょう」。
11 ১১ তেতিয়া সেই মহিলাই ক’লে, “মই মিনতি কৰিছোঁ, প্ৰতিকাৰ সাধকক নষ্ট কৰিবলৈ নিদিবলৈ মহাৰাজে নিজ ঈশ্বৰ যিহোৱাৰ নাম উচ্ছাৰণ কৰক; সেয়ে নহ’লে তেওঁলোকে মোৰ ল’ৰাটিক বিনষ্ট কৰিব।” ৰজাই ক’লে, “জীৱন্ত যিহোৱাৰ শপত, তোমাৰ ল’ৰাৰ এডালি চুলিও মাটিত নপৰিব।”
女は言った、「どうぞ王が、あなたの神、主をおぼえて、血の報復をする者に重ねて滅ぼすことをさせず、わたしの子の殺されることのないようにしてください」。王は言った、「主は生きておられる。あなたの子の髪の毛一筋も地に落ちることはないでしょう」。
12 ১২ তেতিয়া সেই মই ক’লে, “মই বিনয় কৰোঁ, আপোনাৰ বেটীক মোৰ প্ৰভু মহাৰাজৰ আগত এটি কথা ক’বলৈ দিয়ক।” তাতে ৰজাই ক’লে, “কোৱা।”
女は言った、「どうぞ、つかえめにひと言、わが主、王に言わせてください」。ダビデは言った、「言いなさい」。
13 ১৩ পাছে সেই মহিলাই ক’লে, “ঈশ্বৰৰ প্ৰজাৰ বিৰুদ্ধে আপুনি কিয় তেনে কল্পনা কৰিছে? সেই কথা কোৱাতে মহাৰাজ দোষী লোক যেন হৈছে, কাৰণ মহাৰাজে খেদি দিয়া পুত্ৰক ওভোটাই আনিব নোখোজে।
女は言った、「あなたは、それならばどうして、神の民に向かってこのような事を図られたのですか。王は今この事を言われたことによって自分を罪ある者とされています。それは王が追放された者を帰らせられないからです。
14 ১৪ কিয়নো আমি অৱশ্যে মৰিম; আৰু আমি পুনৰায় জমা কৰিব নোৱাৰা মাটিত পৰা পানীৰ নিচিনা হ’ম৷ ঈশ্বৰে প্ৰাণ নিনিয়ে, কিন্তু আপোনাৰ পৰা দেশান্তৰ কৰা লোক যাতে দেশান্তৰিত হৈ নাথাকে, তাৰ উপায় চিন্তা কৰে।
わたしたちはみな死ななければなりません。地にこぼれた水の再び集めることのできないのと同じです。しかし神は、追放された者が捨てられないように、てだてを設ける人の命を取ることはなさいません。
15 ১৫ এতিয়া মই যে এই কথা মোৰ প্ৰভু মহাৰাজৰ আগত ক’বলৈ আহিলোঁ, লোকসকলে মোক ভয় দেখুৱাৰ কাৰণেহে আহিলোঁ৷ তেতিয়া আপোনাৰ বেটীয়ে মনতে ভাবিলো যে, ‘মই মহাৰাজৰ আগত এই কথা জনাম, কিজানি মহাৰাজে নিজৰ বেটীৰ নিবেদন অনুসাৰে কাৰ্য কৰিব।
わたしがこの事を王、わが主に言おうとして来たのは、わたしが民を恐れたからです。つかえめは、こう思ったのです、『王に申し上げよう。王は、はしための願いのようにしてくださるかもしれない。
16 ১৬ কিয়নো যি জনে মোক আৰু মোৰ ল’ৰাটিক একেলগে যিহোৱাৰ উত্তৰাধিকাৰৰ পৰা উচ্ছন্ন কৰিবলৈ খুজিছে, তেওঁৰ হাতৰ পৰা নিজৰ বেটীক উদ্ধাৰ কৰিবলৈ মহাৰাজে মোৰ কথা শুনিব।’
王は聞いてくださる。わたしとわたしの子を共に滅ぼして神の嗣業から離れさせようとする人の手から、はしためを救い出してくださるのだから』。
17 ১৭ তেতিয়া আপোনাৰ দাসীয়ে প্ৰার্থনা কৰিলে বোলে, ‘হে যিহোৱা, মোৰ প্ৰভু মহাৰাজৰ বাক্য মোলৈ যেন অৱশ্যে শান্ত্বনাদায়ক হয়, কিয়নো ভাল-বেয়া বিবেচনা কৰাত মোৰ প্ৰভু মহাৰাজ ঈশ্বৰৰ দূতৰ তুল্য।’ আপোনাৰ ঈশ্বৰ যিহোৱা যেন আপোনাৰ লগত থাকক।”
つかえめはまた、こう思ったのです、『王、わが主の言葉はわたしを安心させるであろう』と。それは王、わが主は神の使のように善と悪を聞きわけられるからです。どうぞあなたの神、主があなたと共におられますように」。
18 ১৮ তেতিয়া ৰজাই উত্তৰ দি সেই মহিলা গৰাকীক ক’লে, “মই বিনয় কৰোঁ, তোমাক মই যি সোধো, সেই বিষয়ে যেন একোকে মোৰ পৰা গুপুতে নাৰাখা।” তাতে তাই ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, এতিয়া কওঁক।”
王は女に答えて言った、「わたしが問うことに隠さず答えてください」。女は言った、「王、わが主よ、どうぞ言ってください」。
19 ১৯ ৰজাই ক’লে, “তোমাৰ এই সকলো কথাত যোৱাবৰ জানো হাত নাই?” তাতে সেই মহিলা গৰাকীয়ে উত্তৰ দি ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, আপোনাৰ জীৱনৰ শপত, মোৰ প্ৰভু মহাৰাজে কোৱা কথাৰ পৰা সোঁ কি বাওঁফালে ঘূৰিবৰ কাৰো সাধ্য নাই৷ আপোনাৰ দাস যোৱাবেই মোক আদেশ কৰিলে আৰু মই যি কথা ক’লোঁ, এই সকলো কথা আপোনাৰ বেটীক কবলৈ দিলে।
王は言った、「このすべての事において、ヨアブの手があなたと共にありますか」。女は答えた、「あなたはたしかに生きておられます。王、わが主よ、すべて王、わが主の言われた事から人は右にも左にも曲ることはできません。わたしに命じたのは、あなたのしもべヨアブです。彼がつかえめの口に、これらの言葉をことごとく授けたのです。
20 ২০ যি যি ঘটি আছে তাৰ পৰিৱৰ্ত্তন কৰিবলৈহে আপোনাৰ দাস যোৱাবে এই কাৰ্য কৰিলে৷ পৃথিৱীত থকা সকলো বিষয় জানিবলৈ, মোৰ প্ৰভু, আপুনি ঈশ্বৰৰ দূতৰ নিচিনা জ্ঞানী।”
事のなりゆきを変えるため、あなたのしもべヨアブがこの事をしたのです。わが君には神の使の知恵のような知恵があって、地の上のすべてのことを知っておられます」。
21 ২১ তাৰ পাছত ৰজাই যোৱাবক ক’লে, “এতিয়া চোৱা, মই এনে কৰ্ম কৰিম৷ এই হেতুকে যোৱা, সেই ডেকা অবচালোমক পুনৰায় আনাগৈ।”
そこで王はヨアブに言った、「この事を許す。行って、若者アブサロムを連れ帰るがよい」。
22 ২২ তাতে যোৱাবে মাটিত উবুৰি হৈ ৰজাক প্ৰণিপাত কৰিলে আৰু তেওঁক ধন্যবাদ জনালে৷ তেওঁ ৰজাক ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, আপুনি আপোনাৰ দাসৰ নিবেদন অনুসাৰে যে কাৰ্য কৰিলে আৰু মই যে আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাইছোঁ, সেই বিষয়ে আজি আপোনাৰ এই দাসে জানিলে।”
ヨアブは地にひれ伏して拝し、王を祝福した。そしてヨアブは言った、「わが主、王よ、王がしもべの願いを許されたので、きょうしもべは、あなたの前に恵みを得たことを知りました」。
23 ২৩ তাৰ পাছত যোৱাব উঠি গচুৰলৈ গৈ অবচালোমক যিৰূচালেমলৈ আনিলে।
そこでヨアブは立ってゲシュルに行き、アブサロムをエルサレムに連れてきた。
24 ২৪ তেতিয়া ৰজাই ক’লে, সি নিজ ঘৰলৈ ঘূৰি আহিব পাৰে কিন্তু মোৰ মুখ হ’লে সি দেখিবলৈ নাপাওঁক। তেতিয়া অবচালোমে নিজৰ ঘৰলৈ ঘূৰি গ’ল কিন্তু ৰজাৰ মুখ দেখিবলৈ নাপালে।
王は言った、「彼を自分の家に引きこもらせるがよい。わたしの顔を見てはならない」。こうしてアブサロムは自分の家に引きこもり、王の顔を見なかった。
25 ২৫ সেই সময়ত গোটেই ইস্ৰায়েলৰ মাজত অবচালোমতকৈ সৌন্দৰ্য্যৰ কথাত প্ৰশংসনীয় তেনে কোনো পুৰুষ নাছিল৷ তেওঁৰ ভৰিৰ তলুৱাৰ পৰা মূৰৰ তালুলৈকে তেওঁত একো ঘূণ নাছিল।
さて全イスラエルのうちにアブサロムのように、美しさのためほめられた人はなかった。その足の裏から頭の頂まで彼には傷がなかった。
26 ২৬ যেতিয়া তেওঁৰ মুৰৰ চুলি অতি গধুৰ হয় তেতিয়া প্ৰত্যেক বছৰৰ শেষত নিজৰ মূৰৰ চুলি কাটি পেলায় আৰু তেওঁ তেওঁৰ সেই কটা চুলি জোখে যাৰ ৰাজ পৰিমাণ অনুসাৰে প্ৰায় দুশ চেকলমান হয়।
アブサロムがその頭を刈る時、その髪の毛をはかったが、王のはかりで二百シケルあった。毎年の終りにそれを刈るのを常とした。それが重くなると、彼はそれを刈ったのである。
27 ২৭ অবচালোমৰ তিনটা পুত্ৰ আৰু তামাৰ নামেৰে এজনী জীয়েক জন্মে৷ সেই ছোৱালীজনী বৰ শুৱনী আছিল।
アブサロムに三人のむすこと、タマルという名のひとりの娘が生れた。タマルは美しい女であった。
28 ২৮ পাছত অবচালোমে ৰজাৰ মুখ নেদেখি সম্পূৰ্ণ দুবছৰ যিৰূচালেমত নিবাস কৰিলে৷
こうしてアブサロムは満二年の間エルサレムに住んだが、王の顔を見なかった。
29 ২৯ তাৰ পাছত অবচালোমে নিজকে ৰজাৰ ওচৰলৈ পঠিয়াবৰ কাৰণে যোৱাবক সেই কথা জনালে, কিন্তু যোৱাব তেওঁৰ ওচৰলৈ আহিবলৈ সন্মত নহ’ল। সেই বাবে তেওঁ দ্বিতীয়বাৰ মানুহ পঠালে কিন্তু তেতিয়াও যোৱাব আহিবলৈ মান্তি নহ’ল৷
そこでアブサロムはヨアブを王のもとにつかわそうとして、ヨアブの所に人をつかわしたが、ヨアブは彼の所にこようとはしなかった。彼は再び人をつかわしたがヨアブはこようとはしなかった。
30 ৩০ তেতিয়া অবচালোমে নিজৰ দাসবোৰক ক’লে, “চোৱা, মোৰ মাটিৰ ওচৰতে যোৱাবৰ এখন শস্যক্ষেত্ৰ আছে আৰু তাত তেওঁৰ যৱধান আছে৷ তোমালোকে সেই ঠাইত গৈ তাত জুই লগাই দিয়া।” তাতে অবচালোমৰ দাসবোৰে সেই খেতিত জুই লগাই দিলে।
そこでアブサロムはその家来に言った、「ヨアブの畑はわたしの畑の隣にあって、そこに大麦がある。行ってそれに火を放ちなさい」。アブサロムの家来たちはその畑に火を放った。
31 ৩১ তেতিয়া যোৱাবে উঠি অবচালোমৰ ঘৰলৈ তেওঁৰ ওচৰলৈ আহি তেওঁক ক’লে, “তোমাৰ দাসবোৰে মোৰ খেতিত কিয় জুই লগাই দিলে?”
ヨアブは立ってアブサロムの家にきて彼に言った、「どうしてあなたの家来たちはわたしの畑に火を放ったのですか」。
32 ৩২ তেতিয়া অবচালোমে যোৱাবক ক’লে, “চোৱা, মই তোমাক খবৰ পঠিয়াইছিলো বোলে, ‘তুমি মোৰ ওচৰলৈ আহা যাতে মই তোমাক ৰজাৰ ওচৰলৈ ক’বলৈ পঠিয়াম যে, “মই গচুৰৰ পৰা কেলেই আহিলোঁ? এতিয়ালৈকে তাত থকা হ’লে মোৰ ভাল আছিল৷ এতিয়া এই হেতুকে মোক ৰজাৰ মুখ দেখিবলৈ দিয়ক আৰু যদি মোত কিবা অপৰাধ আছে তেতিয়া হ’লে তেওঁ যেন মোক বধ কৰক৷”’”
アブサロムはヨアブに言った、「わたしはあなたに人をつかわして、ここへ来るようにと言ったのです。あなたを王のもとにつかわし、『なんのためにわたしはゲシュルからきたのですか。なおあそこにいたならば良かったでしょうに』と言わせようとしたのです。それゆえ今わたしに王の顔を見させてください。もしわたしに罪があるなら王にわたしを殺させてください」。
33 ৩৩ তেতিয়া যোৱাবে ৰজাৰ আগলৈ গৈ তেওঁক সেই কথা জনালে৷ যেতিয়া ৰজাই অবচালোমক মতাই আনিলে, তেতিয়া তেওঁ ৰজাৰ আগলৈ গৈ তললৈ মাটিত মূৰ দোঁৱাই ৰজাৰ আগত প্ৰণিপাত কৰিলে আৰু তেতিয়া ৰজাই অবচালোমক চুমা খালে।
そこでヨアブは王のもとへ行って告げたので、王はアブサロムを召しよせた。彼は王のもとにきて、王の前に地にひれ伏して拝した。王はアブサロムに口づけした。

< ২ সামুয়েল 14 >