< ২ সামুয়েল 14 >
1 ১ পাছত চৰূয়াৰ পুত্ৰ যোৱাবে ৰজাৰ মন অবচালোমৰ প্ৰতি থকা বুজি,
Joab aber, der Zeruja Sohn, merkte, daß des Königs Herz war wider Absalom,
2 ২ তকোৱালৈ মানুহ পঠাই, তাৰ পৰা এজনী বুদ্ধিয়ক মহিলা অনাই তাইক ক’লে, “এতিয়া তুমি শোক কৰা ভাও ধৰা, শোক-বস্ত্ৰ পিন্ধা আৰু গাত তেল নঘঁহিবা; কিন্তু মৃতলোকৰ বাবে বহুকাল শোক কৰা মহিলা যেন হোৱা৷
und sandte hin gen Thekoa und ließ holen von dort ein kluges Weib und sprach zu ihr: Trage Leid und zieh Trauerkleider an und salbe dich nicht mit Öl, sondern stelle dich wie ein Weib, das eine lange Zeit Leid getragen hat über einen Toten;
3 ৩ তাৰ পাছত ৰজাৰ ওচৰলৈ গৈ, তেওঁক মই কোৱা কথা এনেদৰে ক’বাগৈ৷” এই বুলি যোৱাবে, তাই ৰজাক ক’ব লগীয়া কথাখিনি শিকাই দিলে।
und sollst zum König hineingehen und mit ihm reden so und so. Und Joab gab ihr ein, was sie reden sollte.
4 ৪ পাছত তকোৱাৰ মহিলা গৰাকীয়ে ৰজাক কোৱা সময়ত, তাই তললৈ মুখ কৰি মাটিত পৰি প্ৰণিপাত কৰি ক’লে, “হে মহাৰাজ, উপকাৰ কৰক।”
Und da das Weib von Thekoa mit dem König reden wollte, fiel sie auf ihr Antlitz zur Erde und beugte sich nieder und sprach: Hilf mir, König!
5 ৫ ৰজাই সুধিলে, “তোমাৰ কি হ’ল?” তাতে তাই ক’লে, “মই সঁচাকৈ এগৰাকী বিধৱা; মোৰ স্বামী মৰিল।
Der König sprach zu ihr: Was ist dir? Sie sprach: Ach, ich bin eine Witwe, und mein Mann ist gestorben.
6 ৬ আৰু আপোনাৰ বেটীৰ দুটি পো আছিল আৰু সিহঁত দুয়ো পথাৰত কাজিয়া কৰিছিল, তাতে সিহঁতক এৰুৱাবলৈ কোনো নথকাত, এটাই আনটোত প্ৰহাৰ কৰি বধ কৰি পেলালে।
Und deine Magd hatte zwei Söhne, die zankten miteinander auf dem Felde, und da kein Retter war, schlug einer den andern und tötete ihn.
7 ৭ এতিয়া চাওঁক, গোটেই গোষ্ঠীয়ে আপোনাৰ বেটীৰ বিৰুদ্ধে উঠি কৈছে, ‘তই সেই ভ্ৰাতৃ-বধীটোক শোধাই দে; তাৰ বধ কৰা ভায়েকৰ প্ৰাণৰ সলনি আমি তাৰ প্ৰাণ লম৷’ গতিকে তেওঁলোকে উত্তৰাধিকাৰিকো বিনষ্ট কৰিব। এইদৰে সিহঁতে মোৰ বাকী থকা আঙ্গঠাটি নুমাই পৃথিৱীত মোৰ স্বামীৰ নাম আদি একো নথকা কৰিব খুজিছে।”
Und siehe, nun steht auf die ganze Freundschaft wider deine Magd und sagen: Gib her den, der seinen Bruder erschlagen hat, daß wir ihn töten für die Seele seines Bruders, den er erwürgt hat, und auch den Erben vertilgen; und wollen meinen Funken auslöschen, der noch übrig ist, daß meinem Mann kein Name und nichts Übriges bleibe auf Erden.
8 ৮ তেতিয়া ৰজাই সেই মহিলাক ক’লে, “তুমি তোমাৰ ঘৰলৈ যোৱা, মই বাৰু কি কৰিব পাৰোঁ, তোমাৰ কাৰণে এই বিষয়ে আজ্ঞা দিম।”
Der König sprach zum Weibe: Gehe heim, ich will für dich gebieten.
9 ৯ পাছে সেই তকোৱাৰ মহিলাই ৰজাক ক’লে, “হে মোৰ প্ৰভু, মহাৰাজ, মোৰ আৰু মোৰ পিতৃ-বংশৰ ওপৰতেই এই দোষ পৰক৷ মহাৰাজ আৰু নিজ সিংহাসন হ’লে নিৰ্দ্দোষী হওঁক।”
Und das Weib von Thekoa sprach zum König: Mein Herr König, die Missetat sei auf mir und meines Vaters Hause; der König aber und sein Stuhl sei unschuldig.
10 ১০ তেতিয়া ৰজাই ক’লে, “কোনোৱে যদি তোমাক কিবা কয়, তেন্তে তাক মোৰ আগলৈ আনিবা, তাতে সি আৰু তোমাক নুচুব।”
Der König sprach: Wer wider dich redet, den bringe zu mir, so soll er nicht mehr dich antasten.
11 ১১ তেতিয়া সেই মহিলাই ক’লে, “মই মিনতি কৰিছোঁ, প্ৰতিকাৰ সাধকক নষ্ট কৰিবলৈ নিদিবলৈ মহাৰাজে নিজ ঈশ্বৰ যিহোৱাৰ নাম উচ্ছাৰণ কৰক; সেয়ে নহ’লে তেওঁলোকে মোৰ ল’ৰাটিক বিনষ্ট কৰিব।” ৰজাই ক’লে, “জীৱন্ত যিহোৱাৰ শপত, তোমাৰ ল’ৰাৰ এডালি চুলিও মাটিত নপৰিব।”
Sie sprach: Der König gedenke an den HERRN, deinen Gott, daß der Bluträcher nicht noch mehr Verderben anrichte und sie meinen Sohn nicht vertilgen. Er sprach: So wahr der HERR lebt, es soll kein Haar von deinem Sohn auf die Erde fallen.
12 ১২ তেতিয়া সেই মই ক’লে, “মই বিনয় কৰোঁ, আপোনাৰ বেটীক মোৰ প্ৰভু মহাৰাজৰ আগত এটি কথা ক’বলৈ দিয়ক।” তাতে ৰজাই ক’লে, “কোৱা।”
Und das Weib sprach: Laß deine Magd meinem Herrn König etwas sagen. Er sprach: Sage an!
13 ১৩ পাছে সেই মহিলাই ক’লে, “ঈশ্বৰৰ প্ৰজাৰ বিৰুদ্ধে আপুনি কিয় তেনে কল্পনা কৰিছে? সেই কথা কোৱাতে মহাৰাজ দোষী লোক যেন হৈছে, কাৰণ মহাৰাজে খেদি দিয়া পুত্ৰক ওভোটাই আনিব নোখোজে।
Das Weib sprach: Warum bist du also gesinnt wider Gottes Volk? Denn da der König solches geredet hat, ist er wie ein Schuldiger, dieweil er seinen Verstoßenen nicht wieder holen läßt.
14 ১৪ কিয়নো আমি অৱশ্যে মৰিম; আৰু আমি পুনৰায় জমা কৰিব নোৱাৰা মাটিত পৰা পানীৰ নিচিনা হ’ম৷ ঈশ্বৰে প্ৰাণ নিনিয়ে, কিন্তু আপোনাৰ পৰা দেশান্তৰ কৰা লোক যাতে দেশান্তৰিত হৈ নাথাকে, তাৰ উপায় চিন্তা কৰে।
Denn wir sterben eines Todes und sind wie Wasser, so in die Erde verläuft, das man nicht aufhält; und Gott will nicht das Leben wegnehmen, sondern bedenkt sich, daß nicht das Verstoßene auch von ihm verstoßen werde.
15 ১৫ এতিয়া মই যে এই কথা মোৰ প্ৰভু মহাৰাজৰ আগত ক’বলৈ আহিলোঁ, লোকসকলে মোক ভয় দেখুৱাৰ কাৰণেহে আহিলোঁ৷ তেতিয়া আপোনাৰ বেটীয়ে মনতে ভাবিলো যে, ‘মই মহাৰাজৰ আগত এই কথা জনাম, কিজানি মহাৰাজে নিজৰ বেটীৰ নিবেদন অনুসাৰে কাৰ্য কৰিব।
So bin ich nun gekommen, mit meinem Herrn König solches zu reden; denn das Volk macht mir bang. Denn deine Magd gedachte: Ich will mit dem König reden; vielleicht wird er tun, was seine Magd sagt.
16 ১৬ কিয়নো যি জনে মোক আৰু মোৰ ল’ৰাটিক একেলগে যিহোৱাৰ উত্তৰাধিকাৰৰ পৰা উচ্ছন্ন কৰিবলৈ খুজিছে, তেওঁৰ হাতৰ পৰা নিজৰ বেটীক উদ্ধাৰ কৰিবলৈ মহাৰাজে মোৰ কথা শুনিব।’
Denn er wird seine Magd erhören, daß er mich errette von der Hand aller, die mich samt meinem Sohn vertilgen wollen vom Erbe Gottes.
17 ১৭ তেতিয়া আপোনাৰ দাসীয়ে প্ৰার্থনা কৰিলে বোলে, ‘হে যিহোৱা, মোৰ প্ৰভু মহাৰাজৰ বাক্য মোলৈ যেন অৱশ্যে শান্ত্বনাদায়ক হয়, কিয়নো ভাল-বেয়া বিবেচনা কৰাত মোৰ প্ৰভু মহাৰাজ ঈশ্বৰৰ দূতৰ তুল্য।’ আপোনাৰ ঈশ্বৰ যিহোৱা যেন আপোনাৰ লগত থাকক।”
Und deine Magd gedachte: Meines Herrn, des Königs, Wort soll mir ein Trost sein; denn mein Herr, der König, ist wie ein Engel Gottes, daß er Gutes und Böses hören kann. Darum wird der HERR, dein Gott, mit dir sein.
18 ১৮ তেতিয়া ৰজাই উত্তৰ দি সেই মহিলা গৰাকীক ক’লে, “মই বিনয় কৰোঁ, তোমাক মই যি সোধো, সেই বিষয়ে যেন একোকে মোৰ পৰা গুপুতে নাৰাখা।” তাতে তাই ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, এতিয়া কওঁক।”
Der König antwortete und sprach zu dem Weibe: Leugne mir nicht, was ich dich frage. Das Weib sprach: Mein Herr, der König, rede.
19 ১৯ ৰজাই ক’লে, “তোমাৰ এই সকলো কথাত যোৱাবৰ জানো হাত নাই?” তাতে সেই মহিলা গৰাকীয়ে উত্তৰ দি ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, আপোনাৰ জীৱনৰ শপত, মোৰ প্ৰভু মহাৰাজে কোৱা কথাৰ পৰা সোঁ কি বাওঁফালে ঘূৰিবৰ কাৰো সাধ্য নাই৷ আপোনাৰ দাস যোৱাবেই মোক আদেশ কৰিলে আৰু মই যি কথা ক’লোঁ, এই সকলো কথা আপোনাৰ বেটীক কবলৈ দিলে।
Der König sprach: Ist nicht die Hand Joabs mit dir in diesem allem? Das Weib antwortete und sprach: So wahr deine Seele lebt, mein Herr König, es ist nicht anders, weder zur Rechten noch zur Linken, denn wie mein Herr, der König, geredet hat. Denn dein Knecht Joab hat mir's geboten, und er hat solches alles seiner Magd eingegeben;
20 ২০ যি যি ঘটি আছে তাৰ পৰিৱৰ্ত্তন কৰিবলৈহে আপোনাৰ দাস যোৱাবে এই কাৰ্য কৰিলে৷ পৃথিৱীত থকা সকলো বিষয় জানিবলৈ, মোৰ প্ৰভু, আপুনি ঈশ্বৰৰ দূতৰ নিচিনা জ্ঞানী।”
daß ich diese Sache also wenden sollte, das hat dein Knecht Joab gemacht. Aber mein Herr ist weise wie die Weisheit eines Engels Gottes, daß er merkt alles auf Erden.
21 ২১ তাৰ পাছত ৰজাই যোৱাবক ক’লে, “এতিয়া চোৱা, মই এনে কৰ্ম কৰিম৷ এই হেতুকে যোৱা, সেই ডেকা অবচালোমক পুনৰায় আনাগৈ।”
Da sprach der König zu Joab: Siehe, ich habe solches getan; so gehe hin und bringe den Knaben Absalom wieder.
22 ২২ তাতে যোৱাবে মাটিত উবুৰি হৈ ৰজাক প্ৰণিপাত কৰিলে আৰু তেওঁক ধন্যবাদ জনালে৷ তেওঁ ৰজাক ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, আপুনি আপোনাৰ দাসৰ নিবেদন অনুসাৰে যে কাৰ্য কৰিলে আৰু মই যে আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাইছোঁ, সেই বিষয়ে আজি আপোনাৰ এই দাসে জানিলে।”
Da fiel Joab auf sein Antlitz zur Erde und beugte sich nieder und dankte dem König und sprach: Heute merkt dein Knecht, daß ich Gnade gefunden habe vor deinen Augen, mein Herr König, da der König tut, was sein Knecht sagt.
23 ২৩ তাৰ পাছত যোৱাব উঠি গচুৰলৈ গৈ অবচালোমক যিৰূচালেমলৈ আনিলে।
Also macht sich Joab auf und zog gen Gessur und brachte Absalom gen Jerusalem.
24 ২৪ তেতিয়া ৰজাই ক’লে, সি নিজ ঘৰলৈ ঘূৰি আহিব পাৰে কিন্তু মোৰ মুখ হ’লে সি দেখিবলৈ নাপাওঁক। তেতিয়া অবচালোমে নিজৰ ঘৰলৈ ঘূৰি গ’ল কিন্তু ৰজাৰ মুখ দেখিবলৈ নাপালে।
Aber der König sprach: Laß ihn wider in sein Haus gehen und mein Angesicht nicht sehen. Also kam Absalom wieder in sein Haus und sah des Königs Angesicht nicht.
25 ২৫ সেই সময়ত গোটেই ইস্ৰায়েলৰ মাজত অবচালোমতকৈ সৌন্দৰ্য্যৰ কথাত প্ৰশংসনীয় তেনে কোনো পুৰুষ নাছিল৷ তেওঁৰ ভৰিৰ তলুৱাৰ পৰা মূৰৰ তালুলৈকে তেওঁত একো ঘূণ নাছিল।
Es war aber in ganz Israel kein Mann so schön wie Absalom, und er hatte dieses Lob vor allen; von seiner Fußsohle an bis auf seinen Scheitel war nicht ein Fehl an ihm.
26 ২৬ যেতিয়া তেওঁৰ মুৰৰ চুলি অতি গধুৰ হয় তেতিয়া প্ৰত্যেক বছৰৰ শেষত নিজৰ মূৰৰ চুলি কাটি পেলায় আৰু তেওঁ তেওঁৰ সেই কটা চুলি জোখে যাৰ ৰাজ পৰিমাণ অনুসাৰে প্ৰায় দুশ চেকলমান হয়।
Und wenn man sein Haupt schor (das geschah gemeiniglich alle Jahre; denn es war ihm zu schwer, daß man's abscheren mußte), so wog sein Haupthaar zweihundert Lot nach dem königlichen Gewicht.
27 ২৭ অবচালোমৰ তিনটা পুত্ৰ আৰু তামাৰ নামেৰে এজনী জীয়েক জন্মে৷ সেই ছোৱালীজনী বৰ শুৱনী আছিল।
Und Absalom wurden drei Söhne geboren und eine Tochter, die hieß Thamar und war ein Weib schön von Gestalt.
28 ২৮ পাছত অবচালোমে ৰজাৰ মুখ নেদেখি সম্পূৰ্ণ দুবছৰ যিৰূচালেমত নিবাস কৰিলে৷
Also blieb Absalom zwei Jahre zu Jerusalem, daß er des Königs Angesicht nicht sah.
29 ২৯ তাৰ পাছত অবচালোমে নিজকে ৰজাৰ ওচৰলৈ পঠিয়াবৰ কাৰণে যোৱাবক সেই কথা জনালে, কিন্তু যোৱাব তেওঁৰ ওচৰলৈ আহিবলৈ সন্মত নহ’ল। সেই বাবে তেওঁ দ্বিতীয়বাৰ মানুহ পঠালে কিন্তু তেতিয়াও যোৱাব আহিবলৈ মান্তি নহ’ল৷
Und Absalom sandte nach Joab, daß er ihn zum König sendete; und er wollte nicht zu ihm kommen. Er aber sandte zum andernmal; immer noch wollte er nicht kommen.
30 ৩০ তেতিয়া অবচালোমে নিজৰ দাসবোৰক ক’লে, “চোৱা, মোৰ মাটিৰ ওচৰতে যোৱাবৰ এখন শস্যক্ষেত্ৰ আছে আৰু তাত তেওঁৰ যৱধান আছে৷ তোমালোকে সেই ঠাইত গৈ তাত জুই লগাই দিয়া।” তাতে অবচালোমৰ দাসবোৰে সেই খেতিত জুই লগাই দিলে।
Da sprach er zu seinen Knechten: Seht das Stück Acker Joabs neben meinem, und er hat Gerste darauf; so geht hin und steckt es mit Feuer an. Da steckten die Knechte Absaloms das Stück mit Feuer an.
31 ৩১ তেতিয়া যোৱাবে উঠি অবচালোমৰ ঘৰলৈ তেওঁৰ ওচৰলৈ আহি তেওঁক ক’লে, “তোমাৰ দাসবোৰে মোৰ খেতিত কিয় জুই লগাই দিলে?”
Da machte sich Joab auf und kam zu Absalom ins Haus und sprach zu ihm: Warum haben deine Knechte mein Stück mit Feuer angesteckt?
32 ৩২ তেতিয়া অবচালোমে যোৱাবক ক’লে, “চোৱা, মই তোমাক খবৰ পঠিয়াইছিলো বোলে, ‘তুমি মোৰ ওচৰলৈ আহা যাতে মই তোমাক ৰজাৰ ওচৰলৈ ক’বলৈ পঠিয়াম যে, “মই গচুৰৰ পৰা কেলেই আহিলোঁ? এতিয়ালৈকে তাত থকা হ’লে মোৰ ভাল আছিল৷ এতিয়া এই হেতুকে মোক ৰজাৰ মুখ দেখিবলৈ দিয়ক আৰু যদি মোত কিবা অপৰাধ আছে তেতিয়া হ’লে তেওঁ যেন মোক বধ কৰক৷”’”
Absalom sprach zu Joab: Siehe, ich sandte nach dir und ließ dir sagen: Komm her, daß ich dich zum König sende und sagen lasse: Warum bin ich von Gessur gekommen? Es wäre mir besser, daß ich noch da wäre. So laß mich nun das Angesicht des Königs sehen; ist aber eine Missetat an mir, so töte mich.
33 ৩৩ তেতিয়া যোৱাবে ৰজাৰ আগলৈ গৈ তেওঁক সেই কথা জনালে৷ যেতিয়া ৰজাই অবচালোমক মতাই আনিলে, তেতিয়া তেওঁ ৰজাৰ আগলৈ গৈ তললৈ মাটিত মূৰ দোঁৱাই ৰজাৰ আগত প্ৰণিপাত কৰিলে আৰু তেতিয়া ৰজাই অবচালোমক চুমা খালে।
Und Joab ging hinein zum König und sagte es ihm an. Und er rief Absalom, daß er hinein zum König kam; und er fiel nieder vor dem König auf sein Antlitz zur Erde, und der König küßte Absalom.