< ২ সামুয়েল 13 >
1 ১ তাৰ পাছত এনেকুৱা ঘটনা হ’ল, যে, দায়ূদৰ পুত্ৰ অবচালোমৰ তামাৰ নামেৰে এজনী শুৱনি ভনীয়েক আছিল। আৰু দায়ূদৰ পুত্ৰ অম্নোন তাইলৈ কামাসক্ত হ’ল;
Și s-a întâmplat după aceasta, că Absalom, fiul lui David avea o soră frumoasă, al cărei nume era Tamar; și Amnon, fiul lui David, o iubea.
2 ২ অম্নোনে মনতে এনে দুখ পালে, যে, সি নিজ ভনীয়েক তামাৰৰ কাৰণে নৰিয়া পৰিল৷ তাই কুমাৰী আছিল, আৰু সেই কাৰণে অম্নোনে তাইলৈ কিবা কৰিবলৈ দুসাধ্য বুলি ভাবিলে।
Și Amnon era atât de chinuit, încât a căzut bolnav după sora sa, Tamar, pentru că era fecioară și lui Amnon i se părea greu să îi facă ceva.
3 ৩ দায়ূদৰ ককায়েক চিমিয়াৰ পুত্ৰ যোনাদবৰ নামেৰে অম্নোনৰ এজন বন্ধু আছিল৷ যোনাদব এজন বৰ চতুৰ লোক আছিল।
Dar Amnon avea un prieten, al cărui nume era Ionadab, fiul lui Șimea, fratele lui David; Și Ionadab era un om foarte viclean.
4 ৪ সি অম্নোনক সুধিলে, হে ৰাজপুত্ৰ তুমি প্ৰতি দিনে এনেকৈ নিৰুৎসাহ হৈছা কিয়? সেই বিষয়ে মোক নোকোৱানে? তেতিয়া অম্নোনে তাক উত্তৰ দি ক’লে, “মোৰ ককাই অবচালোমৰ ভনীয়েক তামাৰলৈ মই প্ৰেমাসক্ত হৈছোঁ।”
Și el i-a spus: Fiind fiul împăratului de ce ești tu tot mai slab, din zi în zi? Refuzi să îmi spui? Și Amnon i-a spus: O iubesc pe Tamar, sora fratelui meu, Absalom.
5 ৫ তেতিয়া যোনাদৰে তাক ক’লে, “তুমি নিজৰ খাটৰ ওপৰত শুই নৰিয়াৰ ভাও ধৰা৷ যেতিয়া তোমাৰ পিতৃয়ে তোমাক চাবলৈ আহিব তেতিয়া তেওঁক ক’বা, ‘অনুগ্ৰহ কৰি মোৰ ভনী তামাৰক মোক আহাৰ দিবৰ বাবে মোৰ আগত পঠিয়াই দিয়ক আৰু মোৰ আগত আহাৰ যুগুত কৰা দেখি যেন তাইৰ হাতে ভোজন কৰোঁ, এই কাৰণে মোৰ ওচৰলৈ আহিবলৈ তাইক আজ্ঞা কৰক’।”
Și Ionadab i-a spus: Culcă-te în patul tău și fă-te bolnav; și când tatăl tău vine să te vadă, spune-i: Te rog, să vină sora mea Tamar și să îmi dea mâncare și să pregătească mâncarea înaintea ochilor mei, ca să o văd și să mănânc din mâna ei.
6 ৬ তেতিয়া অম্নোনে নৰিয়াৰ ভাও ধৰি পৰি থাকিল৷ তাতে ৰজাই তাক চাবলৈ আহোতে, অম্নোনে ৰজাক ক’লে, “মই বিনয় কৰোঁ, মোৰ ভনী তামাৰক মোৰ অসুস্থতাৰ বাবে মোৰ আগত যেন আহাৰ যোগাৰ কৰে আৰু মই তাইৰ হাতে যেন ভোজন কৰোঁ এই কাৰণে মোৰ ওচৰলৈ আহিবলৈ তাইক আজ্ঞা কৰক৷”
Astfel Amnon s-a culcat și s-a prefăcut bolnav; și când împăratul a venit să îl vadă, Amnon a spus împăratului: Te rog, să vină Tamar, sora mea, și să îmi facă două turte înaintea ochilor mei, ca să mănânc din mâna ei.
7 ৭ তেতিয়া দায়ূদে তামাৰৰ ঘৰলৈ মানুহ পঠিয়াই কোৱালে বোলে, “এতিয়া তুমি তোমাৰ ককাই অম্নোনৰ ঘৰলৈ গৈ, তাৰ কাৰণে আহাৰ যুগুত কৰি দিয়া।”
Atunci David a trimis acasă la Tamar, spunând: Du-te acum la casa fratelui tău, Amnon, și pregătește-i mâncare.
8 ৮ তাতে তামাৰ নিজ ককাই অম্নোনে শুই থকা সেই ঘৰলৈ গ’ল৷ তামাৰে আটাগুড়ি লৈ খচি, তেওঁৰ আগতে পিঠা বনালে।
Astfel Tamar a mers la casa fratelui ei, Amnon; și el era culcat. Și ea a luat făină și a frământat-o și a pregătit turte înaintea ochilor lui și a copt turtele.
9 ৯ তাই তাৰ সৈতে লৈ গৈ, সেই পিঠা তেওঁক দিলে কিন্তু তেওঁ খাবলৈ অমান্তি হ’ল৷ তেতিয়া অম্নোনে ক’লে, “মোৰ ওচৰৰ পৰা সকলো লোকক বাহিৰলৈ যাবলৈ দিয়া৷” তাতে সকলোৱে তেওঁৰ ওচৰৰ পৰা বাহিৰলৈ গ’ল।
Și a luat o tigaie și le-a turnat înaintea lui; dar el a refuzat să mănânce. Și Amnon a spus: Să iasă toți bărbații de la mine. Și au ieșit, fiecare bărbat de la el.
10 ১০ তেতিয়া অম্মোনে তামাৰক ক’লে, “মই তোমাৰ হাতে ভোজন কৰিবৰ কাৰণে খোৱা বস্তুবোৰ মোৰ কোঁঠালিলৈ আনা৷” তেতিয়া তামাৰে নিজ হাতে বনোৱা সেই পিঠা লৈ ভিতৰ কোঁঠালিলৈ তেওঁৰ ককাই অম্নোনৰ ওচৰলৈ গ’ল।
Și Amnon i-a spus lui Tamar: Adu mâncarea în cameră, ca să mănânc din mâna ta. Și Tamar a luat turtele pe care le făcuse și le-a adus în cameră, la Amnon, fratele ei.
11 ১১ যেতিয়া তাই পিঠা লৈ তেওঁৰ ওচৰলৈ আনিলে, তেতিয়া অম্নোনে তাইক ধৰি ক’লে, “হে মোৰ ভনী, আহা মোৰ লগত শয়ন কৰা।”
Și după ce i le-a adus ca să mănânce, el a apucat-o și i-a spus: Vino să te culci cu mine, sora mea.
12 ১২ তাতে তাই উত্তৰ দি ক’লে, “নহয়, নহয়, মোৰ ককাই, মোক বলাৎকাৰ নকৰিবা কিয়নো ইস্ৰায়েলৰ মাজত এনে কৰ্ম কৰা অযুগুত৷ তুমি এনে মুৰ্খৰ কৰ্ম নকৰিবা!
Dar ea i-a răspuns: Nu, fratele meu, nu mă forța, pentru că un astfel de lucru nu trebuie făcut în Israel, nu face această prostie.
13 ১৩ মই কলৈ গৈ মোৰ মুখ ঢাকিম? আৰু তুমিও ইস্ৰায়েলৰ মাজত এজন লজ্জাহীন মুৰ্খৰ নিচিনা হ’বা। এই হেতুকে এতিয়া মই বিনয় কৰোঁ, তুমি ৰজাৰ আগত জনোৱা কিয়নো তেওঁ মোক তোমালৈ বিয়া দিবলৈ অসন্মত নহ’ব।”
Și eu, încotro voi face să plece rușinea mea? Și cât despre tine, tu vei fi ca unul dintre proști în Israel. De aceea acum, te rog, vorbește împăratului, pentru că nu mă va opri de la tine.
14 ১৪ কিন্তু অম্নোনে তাইৰ কথা শুনিবলৈ অসন্মত হ’ল আৰু নিজে তাইতকৈ বলী হোৱা হেতুকে, তেওঁ তাইক বলেৰে ধৰি তাইৰ লগত শয়ন কৰিলে।
Totuși el a refuzat să dea ascultare vocii ei; și, fiind mai tare decât ea, a forțat-o și s-a culcat cu ea.
15 ১৫ তাৰ পাছত অম্নোনে তাইক অতিশয় ঘিণ কৰিব ধৰিলে৷ তেওঁ যি পৰিমানে তাইলৈ কামাসক্ত আছিল তাতকৈ অধিক পৰিমাণে তাইক ঘিণ কৰিব ধৰিলে। এই হেতুকে অম্নোনে তাইক ক’লে, “উঠি গুচি যোৱা।”
Apoi, Amnon a urât-o foarte mult; astfel încât ura cu care a urât-o a fost mai mare decât dragostea cu care o iubise. Și Amnon i-a spus: Ridică-te, pleacă.
16 ১৬ তাতে তাই তেওঁক ক’লে, “এনে নকৰিবা! কিয়নো তুমি মোলৈ কৰা প্ৰথম দোষতকৈ, মোক বাহিৰ কৰি উলিয়াই খেদাতোহে বেচিকৈ বেয়া!” কিন্তু অম্নোনে তাইৰ কথা নুশুনিলে৷
Iar ea i-a spus: Cât despre acest lucru, acest rău de a mă alunga este mai mare decât celălalt pe care mi l-ai făcut. Dar el a refuzat să îi dea ascultare.
17 ১৭ তাৰ সলনি তেওঁ নিজৰ দাসক মাতি ক’লে, “এইক মোৰ ওচৰৰ পৰা উলিয়াই নে আৰু তাইৰ পাছত দুৱাৰৰ ডাং লগাই দে।”
Atunci el a chemat pe servitorul său care îi servea și a spus: Scoate acum afară pe această femeie de la mine și încuie ușa după ea.
18 ১৮ তেতিয়া তেওঁৰ দাসে তাইক বাহিৰ কৰি দি তাইৰ পাছত দুৱাৰৰ ডাং লগাই দিলে। সেই কণ্যাৰ গাত দীঘল অলংকাৰপূর্ণ চোলা আছিল, কিয়নো বিয়া নিদিয়া ৰাজকুমাৰীসকলে সেইৰূপ চোলা পিন্ধে।
Și ea purta o haină pestriță, pentru că în asemenea robe erau îmbrăcate fiicele fecioare ale împăratului. Atunci servitorul lui a scos-o afară și a încuiat ușa după ea.
19 ১৯ তেতিয়া তামাৰে নিজৰ মুৰত ছাঁই ল’লে, আৰু নিজৰ গাত থকা সেই দীঘল অলংকাৰপূর্ণ চোলা ফালি মুৰত হাত দি চিঞৰি কান্দি কান্দি গুচি আহিল।
Și Tamar și-a pus cenușă pe cap și și-a sfâșiat haina pestriță care era pe ea și și-a pus mâna pe cap și a plecat, plângând.
20 ২০ তাৰ পাছত তাইৰ ককায়েক অবচালোমে তাইক সুধিলে, “তোমাৰ ককাই অম্নোন তোমাৰ লগত আছিল নেকি? কিন্তু এতিয়া হে মোৰ ভনী, মনে মনে থাকা, সি তোমাৰ ককাই; এই কথাত বৰকৈ দুখ নকৰিবা।” তেতিয়াৰে পৰা তামাৰ বিষাদ মনেৰে নিজ ককাই অবচালোমৰ ঘৰত থাকিল।
Și Absalom, fratele ei, i-a spus: A fost Amnon, fratele tău, cu tine? Dar acum liniștește-te, sora mea; el este fratele tău; nu lua aminte la acest lucru. Astfel Tamar a rămas părăsită în casa fratelui ei, Absalom.
21 ২১ পাছে দায়ুদ ৰজাই এই সকলো কথা শুনি অতিশয় ক্ৰুদ্ধ হ’ল।
Dar când împăratul David a auzit de toate aceste lucruri, s-a înfuriat foarte tare.
22 ২২ আৰু অবচালোমে অম্নোনক ভাল বেয়া একোকে নক’লে; কিয়নো তেওঁৰ ভনীয়েক তামাৰক অম্নোনে বলাৎকাৰ কৰাৰ কাৰণে অবচালোমে তাক ঘিণ কৰিলে।
Și Absalom nu vorbea fratelui său, Amnon, nici rău nici bine, pentru că Absalom îl ura pe Amnon, pentru că o forțase pe Tamar, sora lui.
23 ২৩ সম্পূর্ণ দুবছৰৰ পাছত ইফ্ৰয়িমৰ ওচৰত থকা বালহাচোৰত অবচালোমৰ লোকসকলে মেৰৰ নোম কটা কাম কৰি আছিল৷ তাতে অবচালোমে আটাইকেইজন ৰাজকোঁৱৰক নিমন্ত্ৰণ কৰিলে।
Și s-a întâmplat după doi ani întregi, că Absalom avea tunzători de oi în Baal-Hațor, care este lângă Efraim; și Absalom a invitat pe toți fiii împăratului.
24 ২৪ অবচালোমে ৰজাৰ ওচৰলৈ আহি ক’লে, “চাওঁক, আপোনাৰ এই দাসৰ লগত মেৰৰ নোম কটা লোকসকল আছে৷ এই কাৰণে মই বিনয় কৰোঁ, মহাৰাজ আৰু মহাৰাজৰ দাসবোৰ আপোনাৰ এই দাসৰ লগত আহক।”
Și Absalom a venit la împărat și a spus: Iată acum, servitorul tău are tunzători de oi; să meargă, te implor, împăratul și servitorii săi cu servitorul tău.
25 ২৫ তাতে ৰজাই অবচালোমক ক’লে, “সেয়ে নহয় বোপা, আমি সকলোৱে নাযাওঁ; গ’লে তোমাৰ অধিক ভাৰহে হ’ব।” তথাপি তেওঁ বৰকৈ ধৰিলে; কিন্তু ৰজাই যাবলৈ মান্তি নহ’ল যদিও তেওঁক আশীৰ্ব্বাদ কৰিলে।
Și împăratul i-a spus lui Absalom: Nu, fiul meu, să nu mergem toți acum, ca nu cumva să îți fim povară. Dar el a insistat asupra lui; totuși a refuzat să meargă dar l-a binecuvântat.
26 ২৬ তেতিয়া অবচালোমে ক’লে, “যদি সেয়ে নহয়, তেন্তে মোৰ ভাই অম্নোনক আমাৰ লগত যাবলৈ অনুমতি দিয়ক।” তেতিয়া ৰজাই তেওঁক ক’লে, “অম্নোন তোমাৰ লগত কিয় যাব লাগে?”
Atunci Absalom a spus: Dacă nu, te rog, lasă pe fratele meu Amnon să meargă cu noi. Și împăratul i-a spus: De ce să meargă el cu tine?
27 ২৭ অবচালোমে বৰকৈ ধৰাত ৰজাই অম্নোনক আৰু সকলো ৰাজকোঁৱৰক তেওঁৰ লগত যাবলৈ অনুমতি দিলে।
Dar Absalom a insistat asupra lui, încât l-a lăsat pe Amnon și pe toți fiii împăratului să meargă cu el.
28 ২৮ অবচালোমে তেওঁৰ দাসবোৰক এই আজ্ঞা কৰিলে, বোলে, “ভালদৰে শুন৷ অম্নোনৰ মন কোন সময়ত দ্ৰাক্ষাৰসত প্ৰফুল্লিত হয়, তহঁতে তাক ভালকৈ চাবি আৰু যেতিয়া ‘অম্নোনক আঘাত কৰ’ বুলি মই তহঁতক কম, তেতিয়া তাক বধ কৰিবি, ভয় নকৰিবি; মই তহঁতক জানো হুকুম দিয়া নাই? সাহিয়াল হৈ বীৰত্ব দেখুওৱা।”
Acum, Absalom poruncise servitorilor săi, spunând: Fiți atenți, când inima lui Amnon este veselă cu vin și când vă spun: Loviți pe Amnon; atunci omorâți-l, nu vă temeți; nu v-am poruncit eu? Fiți curajoși și fiți viteji.
29 ২৯ তেতিয়া অবচালোমৰ দাসবোৰে তেওঁৰ আজ্ঞাৰ দৰে অম্নোনলৈ কৰিলে। তেতিয়া আন আটাই ৰাজকোঁৱৰসকল উঠি, প্ৰতিজনে নিজ নিজ খছৰৰ পিঠিত উঠি পলাল।
Și servitorii lui Absalom i-au făcut lui Amnon precum le poruncise Absalom. Atunci toți fiii împăratului s-au ridicat și fiecare s-a urcat pe catârul său și au fugit.
30 ৩০ তেওঁলোক বাটত থাকোঁতেই দায়ূদলৈ এই বাতৰি আহিল, বোলে, “অবচালোমে আটাইকেইজন ৰাজকোঁৱৰক বধ কৰিলে, তেওঁলোকৰ এজনো অৱশিষ্ট নাই।”
Și s-a întâmplat, în timp ce ei erau încă pe cale, că veștile au ajuns la David, spunând: Absalom a ucis pe toți fiii împăratului și nu a rămas niciunul dintre ei.
31 ৩১ তেতিয়া ৰজাই উঠি নিজৰ কাপোৰ ফালি মাটিত দীঘল হৈ পৰিল; আৰু তেওঁৰ দাসবোৰেও নিজ নিজ কাপোৰ ফালি ৰজাৰ ওচৰত থিয় হৈ ৰ’ল।
Atunci împăratul s-a ridicat și și-a sfâșiat hainele și s-a întins pe pământ; și toți servitorii săi au stat împrejur cu hainele sfâșiate.
32 ৩২ তেতিয়া দায়ূদৰ ককায়েক চিমিয়াৰ পুত্ৰ সেই যোনাদবে মাত লগাই ক’লে, “সকলো ৰাজকোঁৱৰ যে হত হ’ল, মোৰ প্ৰভুৱে এনে নাভাবক, কিয়নো কেৱল অম্নোনৰহে মৃত্যু হৈছে। কাৰণ অবচালোমৰ ভনী তামাৰক বলাৎকাৰ কৰা দিনৰে পৰা অবচালোমে ইয়াক থিৰ কৰিছিল।
Și Ionadab, fiul lui Șimea, fratele lui David, a răspuns și a zis: Să nu zică domnul meu că i-au ucis pe toți tinerii, pe fiii împăratului, pentru că numai Amnon este mort; fiindcă după rânduiala lui Absalom aceasta a fost hotărâtă din ziua în care el a forțat-o pe Tamar, sora lui.
33 ৩৩ এতেকে সকলো ৰাজকোঁৱৰ মৰাৰ কথা মোৰ প্ৰভু ৰজাই যেন নিজ মনত ঠাই নিদিয়ে কিয়নো কেৱল অম্নোনহে মৰিছে।”
De aceea acum, să nu pună domnul meu, împăratul, lucrul acesta la inima lui, zicând că toți fiii împăratului sunt morți, pentru că numai Amnon este mort.
34 ৩৪ কিন্তু ইয়াৰ ভিতৰতে অবচালোম পলাল। পাছত ডেকা পৰিয়াই চকু তুলি চাই পৰ্বতৰ কাষৰ পৰা নিজৰ পাছফালে থকা বাটেদি অনেক লোকক অহা দেখিলে।
Dar Absalom a fugit. Și tânărul care era de gardă și-a ridicat ochii și a privit și, iată, venea mult popor pe calea din spatele lui, pe coasta dealului.
35 ৩৫ তাতে যোনাদবে ৰজাক ক’লে, “সৌৱা চাওঁক, ৰাজকোঁৱৰসকল আহিছে; আপোনাৰ দাসৰ কথাৰ দৰে সেয়েই ঘটিল।”
Și Ionadab a spus împăratului: Iată, fiii împăratului vin; precum servitorul tău a spus, așa este.
36 ৩৬ এই কথা কোৱা মাত্ৰকে ৰাজকোঁৱৰসকল আহি পাই, চিঞৰি কান্দিবলৈ ধৰিলে৷ তাতে ৰজা আৰু তেওঁৰ আটাই দাসবোৰেও বৰকৈ কান্দিবলৈ ধৰিলে।
Și s-a întâmplat, imediat ce a terminat de vorbit, că, iată, fiii împăratului au venit și și-au înălțat vocea și au plâns; și împăratul de asemenea și toți servitorii săi au plâns foarte tare.
37 ৩৭ কিন্তু অবচালোম পলাই গচুৰৰ ৰজা অম্মীহোৰৰ পুত্ৰ তল্ময়ৰ ওচৰলৈ গ’ল। দায়ূদে প্ৰতিদিনে নিজৰ পুত্ৰৰ কাৰণে শোক কৰিলে।
Dar Absalom a fugit și a mers la Talmai, fiul lui Amihur, împăratul Gheșurului. Și David jelea zilnic pe fiul său.
38 ৩৮ এইদৰে অবচালোম পলাই গচুৰলৈ গৈ, তাত তিনি বছৰ থাকিল।
Astfel Absalom a fugit și a mers la Gheșur și a stat acolo trei ani.
39 ৩৯ পাছত দায়ুদ ৰজাই অবচালোমৰ ওচৰলৈ যাবলৈ হাবিয়াহ কৰিলে কিয়নো তেওঁ অম্নোনৰ মৃত্যু হোৱাত সেই বিষয়ে শান্ত্বনাপ্ৰাপ্ত হৈছিল।
Și sufletul împăratului David tânjea să meargă la Absalom, pentru că era mângâiat referitor la Amnon, văzând că era mort.