< ২ সামুয়েল 12 >
1 ১ তাৰ পাছত যিহোৱাই দায়ূদৰ ওচৰলৈ নাথনক পঠিয়ালে। তেওঁ দায়ূদৰ ওচৰলৈ আহি ক’লে, “এখন নগৰত দুজন মানুহ আছিল, এজন ধনৱান আৰু আন জন দৰিদ্ৰ।
Yahweh enviou Nathan para David. Ele veio até ele e lhe disse: “Havia dois homens em uma cidade: um rico e o outro pobre.
2 ২ সেই ধনৱান জনৰ গৰু মেৰ আদিৰ বহুত জাক আছিল;
O homem rico tinha muitos rebanhos e rebanhos,
3 ৩ কিন্তু সেই দৰিদ্ৰ জনৰ এজনী সৰু চেঁউৰী মেৰ পোৱালিৰ বাহিৰে আৰু একোৱেই নাছিল যিটোক তেওঁ কিনি লৈ, খুৱাই-বোৱাই পুহি ৰাখিছিল৷ সেই মেৰ পোৱালিটি তেওঁৰ সৈতে তেওঁৰ ল’ৰা-ছোৱালীৰ লগত থাকি ডাঙৰ হৈছিল৷ তাই তেওঁৰ খোৱা বস্তুকে খাই, তেওঁৰ পাত্ৰতে পান কৰি তেওঁৰ বুকুতে শুইছিল আৰু তাই তেওঁৰ এজনী জীয়েকৰ নিচিনা আছিল।
mas o homem pobre não tinha nada, exceto um cordeirinho de ovelha, que ele havia comprado e criado. Ele cresceu junto com ele e com seus filhos. Comia de sua própria comida, bebia de seu próprio copo, deitava-se em seu seio e era como uma filha para ele.
4 ৪ এদিন সেই ধনৱান জনৰ ঘৰলৈ এজন আলহী আহিল, কিন্তু নিজৰ ঘৰলৈ অহা সেই আলহীৰ বাবে খাদ্য যোগাৰ কৰিবলৈ তেওঁ নিজৰ গৰু মেৰ আদিৰ জাকৰ পৰা একো আনিবলৈ ইচ্ছা নকৰিলে৷ তাৰ সলনি তেওঁ দৰিদ্ৰজনৰ মেৰ পোৱালিটিকে লৈ নিজৰ ওচৰলৈ অহা আলহীজনৰ বাবে ৰান্ধিলে।
Um viajante veio ao homem rico, e não queria pegar de seu próprio rebanho e de seu próprio rebanho para se preparar para o viajante que tinha vindo até ele, mas pegou o cordeiro do homem pobre e o preparou para o homem que tinha vindo até ele”.
5 ৫ তাতে দায়ূদে সেই মানুহজনৰ বিৰুদ্ধে অতিশয় ক্ৰুদ্ধ হৈ নাথনক ক’লে, “যিহোৱাৰ জীৱনৰ শপত, যি জন মানুহে সেই কাম কৰিলে, তেওঁ মৃত্যু পোৱাৰ যোগ্য৷
A raiva de David queimou quente contra o homem, e ele disse a Nathan: “Como Yahweh vive, o homem que fez isso merece morrer!
6 ৬ কিয়নো দৰিদ্ৰ জনৰ প্ৰতি তেওঁৰ কোনো দয়াই নাথাকিল, সেই কাৰণে যিহেতু তেওঁ এনে কাম কৰিলে, সেই মেৰ পোৱালিৰ সলনি তেওঁ চাৰিগুণ ওভোটাই দিব লাগিব৷”
Ele deve restaurar o cordeiro quatro vezes, porque ele fez esta coisa e porque não teve piedade”!
7 ৭ তেতিয়া নাথনে দায়ূদক ক’লে, “তুমিয়েই সেই মানুহজন! ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘ময়েই তোমাক ইস্ৰায়েলৰ ওপৰত ৰজা অভিষেক কৰিলোঁ আৰু চৌলৰ হাতৰ পৰা তোমাক উদ্ধাৰ কৰিলোঁ।
Nathan disse a David: “Você é o homem! Isto é o que Javé, o Deus de Israel, diz: “Eu te ungi rei sobre Israel, e te livrei da mão de Saul”.
8 ৮ মই তোমাক তোমাৰ প্ৰভুৰ গৃহ আৰু প্ৰভুৰ পত্নীসকলক তোমাৰ বাহুত দিলোঁ আৰু ইস্ৰায়েল ও যিহূদাৰ বংশ তোমাক দিলোঁ৷ যদি সেয়ে অলপ হোৱা হ’লে, মই তোমাক আৰু অধিক বস্তু দিলোঁহেঁতেন।
Eu te dei a casa de teu senhor e as esposas de teu senhor em teu seio, e te dei a casa de Israel e de Judá; e se isso tivesse sido muito pouco, eu teria acrescentado a ti muitas outras coisas assim.
9 ৯ তেনেহলে তুমি কিয় যিহোৱাৰ বাক্য তুচ্ছ কৰি তেওঁৰ সাক্ষাতে কু-আচৰণ কৰিলা? তুমি হিত্তীয়া ঊৰিয়াক তৰোৱালৰ দ্বাৰাই হত্যা কৰিলা আৰু তেওঁৰ পত্নীক আনি নিজৰ পত্নী কৰি ৰাখিলা৷ অম্মোনৰ সৈন্যসকলৰ তৰোৱালৰ দ্বাৰাই ঊৰিয়াক বধ কৰালা।
Por que você desprezou a palavra de Javé, para fazer o que é mau aos olhos dele? Você golpeou Urias, o hitita, com a espada, tomou sua esposa para ser sua esposa e o matou com a espada dos filhos de Amon.
10 ১০ এতেকে তৰোৱালে কেতিয়াও তোমাৰ বংশক এৰা নিদিব; কিয়নো তুমি মোক হেয়জ্ঞান কৰি হিত্তীয়া ঊৰিয়াৰ পত্নীক আনি নিজৰ পত্নী কৰি ৰাখিলা।’
Agora, portanto, a espada nunca sairá de sua casa, porque você me desprezou e tomou Uriah, a esposa do hitita, para ser sua esposa'.
11 ১১ যিহোৱাই এই কথা কৈছে, ‘চোৱা, মই তোমাৰ নিজ বংশৰ পৰা তোমাৰ বিৰুদ্ধে অমঙ্গল উৎপন্ন কৰিম আৰু তোমাৰ নিজ চকুৰ আগতে তোমাৰ পত্নীসকলক লৈ তোমাৰ চুবুৰীয়াক দিম; তাতে তেওঁলোকে সৌ সূৰ্যৰ সাক্ষাতে তোমাৰ পত্নীসকলৰ লগত শয়ন কৰিব।
“Isto é o que diz Javé: “Eis que levantarei o mal contra ti de tua própria casa; e tomarei tuas esposas diante de teus olhos e as darei ao teu próximo, e ele se deitará com tuas esposas à vista deste sol”.
12 ১২ কিয়নো তুমি গুপুতে এই কৰ্ম কৰিলা, কিন্তু মই হ’লে সকলো ইস্ৰায়েলৰ আৰু সূৰ্যৰ সাক্ষাতে এই কৰ্ম কৰোৱাম’।”
Pois fizestes isto em segredo, mas farei isto diante de todo Israel, e diante do sol”.
13 ১৩ তেতিয়া দায়ূদে নাথনক ক’লে, “মই যিহোৱাৰ বিৰুদ্ধে পাপ কৰিলোঁ।” তাতে নাথনে দায়ূদক উত্তৰ দি ক’লে, “কিন্তু যিহোৱায় তোমাৰ পাপ দূৰ কৰিলে৷ তোমাক আৰু বধ কৰা নহ’ব।
David disse a Nathan: “Eu pequei contra Yahweh”. Nathan disse a David: “Yahweh também afastou seu pecado. Você não vai morrer.
14 ১৪ কিন্তু তুমি এই কৰ্মৰ দ্বাৰাই, যিহোৱাৰ শত্ৰুবোৰে তেওঁক নিন্দা কৰিবলৈ তেওঁলোকক অতি প্ৰশ্ৰয় দিলা, এই হেতুকে তোমাৰ ঔৰসত জন্মা ল’ৰাটি নিশ্চয়ে মৰিব।
Entretanto, porque com este ato você deu grande ocasião aos inimigos de Yahweh de blasfemar, a criança que nasceu para você certamente morrerá”.
15 ১৫ তেতিয়া নাথন নিজৰ ঘৰলৈ গুচি গ’ল। পাছত যিহোৱাই ঊৰিয়াৰ ভাৰ্য্যাই জন্ম দিয়া দায়ূদৰ পুত্ৰটিক আঘাত কৰিলে, তাতে সি অতিশয় নৰিয়াত পৰিল।
Então Nathan partiu para sua casa. Yahweh atingiu a criança que a esposa de Uriah aborreceu para David, e ele estava muito doente.
16 ১৬ তেতিয়া দায়ূদে ল’ৰাৰ বাবে যিহোৱাৰ আগত কাবৌ-কাকূতি কৰি প্ৰাৰ্থনা কৰিলে৷ লঘোন দিলে আৰু ভিতৰত সোমাই ওৰে ৰাতি মাটিত পৰি থাকিল।
David, portanto, implorou a Deus pela criança; e David jejuou, e entrou e passou a noite no chão.
17 ১৭ তেতিয়া তেওঁৰ ঘৰৰ বৃদ্ধ লোকসকলে উঠি তেওঁক মাটিৰ পৰা তুলিবলৈ তেওঁৰ কাষত থিয় হ’ল; কিন্তু তেওঁ উঠিবলৈ সন্মত নহ’ল আৰু তেওঁলোকে সৈতে ভোজনো নকৰিলে।
Os anciãos de sua casa se levantaram ao seu lado, para criá-lo da terra; mas ele não quis, e não comeu pão com eles.
18 ১৮ পাছত সপ্তম দিনা ল’ৰাটিৰ মৃত্যু হ’ল। তাতে ল’ৰাটিৰ মৃত্যু হোৱাৰ কথা দায়ূদৰ আগত ক’বলৈ তেওঁৰ দাসবোৰে ভয় কৰিলে, কিয়নো তেওঁলোকে ক’লে, “চোৱা! ল’ৰাটি জীয়াই থাকোঁতে আমি তেওঁৰ লগত অনেক কথা কোৱাতো, তেওঁ আমাৰ কথাবোৰ শুনা নাপালে৷ এতিয়া ল’ৰাটিৰ মৃত্যু হ’ল বুলি কেনেকৈ তেওঁক ক’ম? আৰু যদি কওঁ, তেন্তে তেওঁ নিজকে নিজে কিবা অপকাৰ কৰিব নেকি?”
No sétimo dia, a criança morreu. Os criados de David tiveram medo de dizer-lhe que a criança estava morta, pois disseram: “Eis que, enquanto a criança ainda estava viva, nós falamos com ele e ele não escutou nossa voz”. Como ele então se machucará se lhe dissermos que a criança está morta”?
19 ১৯ কিন্তু দাসবোৰে ইটোৱে সিটোৱে ফুচ-ফুচাই কথা পাতি থকা দেখি, ল’ৰাটিৰ মৃত্যু হ’ল বুলি দায়ূদে বুজি পালে৷ তেওঁ দাসবোৰক সুধিলে, “ল’ৰাটিৰ মৃত্যু হ’ল নেকি?” তাতে তেওঁলোকে ক’লে, “হয়, ল’ৰাটি ঢুকাল।”
Mas quando David viu que seus criados estavam sussurrando juntos, David percebeu que a criança estava morta; e David disse a seus criados: “A criança está morta”? Eles disseram: “Ele está morto”.
20 ২০ তেতিয়া দায়ূদে মাটিৰ পৰা উঠি গা ধুলে, গাত তেল ঘঁহিলে আৰু কাপোৰ সলাই যিহোৱাৰ গৃহলৈ গ’ল অাৰু তাতে তেওঁৰ আৰাধনা কৰিলে, তাৰ পাছত তেওঁ নিজৰ গৃহলৈ গ’ল৷ যেতিয়া তেওঁ আজ্ঞা দিলে, তেওঁলোকে তেওঁৰ আগত আহাৰ দিলে আৰু তেওঁ ভোজন কৰিলে।
Então David levantou-se da terra, lavou-se e ungiu-se, e mudou de roupa; e entrou na casa de Yahweh, e adorou. Depois veio para sua própria casa; e quando pediu, puseram pão diante dele e ele comeu.
21 ২১ তেতিয়া তেওঁৰ দাসবোৰে তেওঁক ক’লে, “আপুনি এনে ব্যৱহাৰ কিয় কৰিছে? ল’ৰাটি জীয়াই থাকোঁতে আপুনি তাৰ বাবে লঘোন দি ক্ৰন্দন কৰিছিল, কিন্তু এতিয়া ল’ৰাটিৰ মৃত্যু হোৱাত আপুনি উঠি ভোজন কৰিলে?”
Então seus servos lhe disseram: “O que é isso que você fez? Você jejuou e chorou pela criança enquanto ela estava viva, mas quando a criança estava morta, você se levantou e comeu pão”.
22 ২২ তাতে তেওঁ ক’লে, “ল’ৰাটি জীয়াই থাকোঁতে মই লঘোন দি ক্ৰন্দন কৰিছিলোঁ, কাৰণ মই ভাবিছিলোঁ, কোনে জানে, যে ল’ৰাটি জীয়াই থাকিবৰ কাৰণে কিজানি যিহোৱাই মোলৈ কৃপা কৰিব!
Ele disse: “Enquanto a criança ainda estava viva, eu jejuei e chorei; pois eu disse: 'Quem sabe se Yahweh não será gracioso comigo, para que a criança possa viver?
23 ২৩ কিন্তু সি এতিয়া মৰিল, এই হেতুকে মই কি কাৰণে লঘোন দিম? মই জানো তাক ওভোটাই আনিব পাৰিম? মই তাৰ ওচৰলৈ যাম, কিন্তু সি মোৰ ওচৰলৈ আৰু উভটি নাহিব।”
Mas agora ele está morto. Por que eu deveria jejuar? Posso trazê-lo de volta? Eu irei até ele, mas ele não voltará para mim”.
24 ২৪ পাছে দায়ূদে নিজ পত্নী বৎচেবাক সান্ত্বনা দিলে আৰু তাইৰ ওচৰলৈ গৈ শয়ন কৰিলে৷ তাতে তাই এটি পুত্ৰ প্ৰসৱ কৰিলে আৰু সন্তানটিৰ নাম চলোমন ৰাখিলে। যিহোৱাই তাক প্ৰেম কৰিলে,
David confortou Betsabá sua esposa, e foi até ela, e deitou-se com ela. Ela deu à luz um filho, e ele chamou-o de Salomão. Javé o amava;
25 ২৫ গতিকে তেওঁ নাথন ভাববাদীক পঠিয়াই যিহোৱাৰ কাৰণে তাৰ নাম যিদীদীয়া ৰখালে।
e enviou pela mão de Natã o profeta, e lhe deu o nome de Jedidias, em nome de Javé.
26 ২৬ তেতিয়া যোৱাবে অম্মোনৰ সন্তান সকলৰ ৰব্বা নগৰৰ বিৰুদ্ধে যুদ্ধ কৰি ইয়াৰ দুর্গ অধিকাৰ কৰি ল’লে।
Now Joab lutou contra Rabbah das crianças de Ammon, e tomou a cidade real.
27 ২৭ তেতিয়া যোৱাবে দায়ূদৰ ওচৰলৈ দূত পঠিয়াই কোৱালে বোলে, “মই ৰব্বাৰ বিৰুদ্ধে যুদ্ধ কৰি পানী যোগান ধৰা ঠাইখন আটক কৰিলোঁ;
Joab enviou mensageiros a David, e disse: “Eu lutei contra Rabbah”. Sim, eu tomei a cidade das águas.
28 ২৮ এতিয়া আপুনি অৱশিষ্ট সৈন্যসকলক গোটাই লৈ নগৰৰ বিৰুদ্ধে ছাউনি পাতি তাক লওঁকহি, নহ’লে মই হাত কৰি ল’লে, নগৰখন মোৰ নামেৰে প্ৰখ্যাত হ’ব।”
Agora, portanto, reúnam o resto do povo, acampem-se contra a cidade e tomem-na; para que eu não tome a cidade, e ela seja chamada pelo meu nome”.
29 ২৯ তাতে দায়ূদে আটাই সৈন্যক গোটাই ৰব্বালৈ গৈ তাৰ বিৰুদ্ধে যুদ্ধ কৰি তাক ল’লে।
David reuniu todo o povo e foi para Rabbah, lutou contra ela e a levou.
30 ৩০ আৰু তেওঁ তেওঁলোকৰ ৰজাৰ মূৰৰ পৰা ৰাজমুকুটটি ল’লে; তাৰ সোণৰ পৰিমান এক কিক্কৰ আছিল আৰু তাত অনেক বহুমূল্য মণি আছিল৷ ৰাজমুকুটটি দায়ূদৰ মুৰত দিয়া হ’ল। তেওঁ সেই নগৰৰ পৰা অধিক লুটদ্ৰব্য উলিয়াই আনিলে।
Ele tirou a coroa do rei deles de sua cabeça; e seu peso era um talento de ouro, e nele havia pedras preciosas; e foi colocado na cabeça de Davi. Ele trouxe uma grande quantidade de pilhagem para fora da cidade.
31 ৩১ দায়ূদে সেই নগৰৰ ভিতৰত থকা লোকসকলক বাহিৰলৈ আনি তেওঁলোকক কৰত, লোহাৰ মৈ ও কুঠাৰেৰে কাম কৰিবলৈ বাধ্য কৰালে; আৰু তেওঁ তেওঁলোকক ইটা পোৰা ভাতীৰ কামতো লগুৱালে৷ তেওঁ অম্মোনৰ আটাই নগৰত থকা লোকসকলক এইদৰে কামত লগালে। তাৰ পাছত দায়ুদ আৰু তেওঁৰ সকলো সৈন্য যিৰূচালেমলৈ উভটি আহিল।
Ele trouxe para fora as pessoas que estavam nela, e as colocou para trabalhar sob serras, sob picaretas de ferro, sob eixos de ferro, e as fez ir para o forno de tijolos; e o fez para todas as cidades das crianças de Ammon. Então Davi e todo o povo retornaram a Jerusalém.