< ২ সামুয়েল 11 >
1 ১ পাছত বসন্তকাল আহিল, যি কালত ৰজাসকলে যুদ্ধলৈ যায়, এনে কালতেই দায়ূদে যোৱাবক, লগত তেওঁৰ দাসবোৰ আৰু গোটেই ইস্ৰায়েলৰ সৈন্যসকলক পঠিয়ালে৷ তেওঁলোকে গৈ অম্মোনৰ সৈন্যসকলক বিনাশ কৰি ৰব্বা নগৰ অধিকাৰ কৰি ল’লে৷ কিন্তু দায়ুদ যিৰূচালেমতেই থাকিল।
L’année suivante, au temps où les rois se mettaient en campagne, David envoya Joab, avec ses serviteurs et tout Israël, pour détruire les fils d’Ammon et pour assiéger Rabba. Mais David resta à Jérusalem.
2 ২ পাছত এদিন সন্ধিয়া সময়ত, দায়ূদে শয্যাৰ পৰা উঠি তেওঁৰ ৰাজগৃহৰ চালৰ ওপৰত ঘূৰি ফুৰি আছিল৷ তাতে তাৰ পৰা চাই এগৰাকী মহিলাক গা ধুই থকা দেখিলে; মহিলা গৰাকী দেখিবলৈ অতি শুৱনি আছিল।
Un soir, David se leva de sa couche; et, comme il se promenait sur le toit de la maison royale, il aperçut de là une femme qui se baignait, et qui était très belle de figure.
3 ৩ তেতিয়া কোনে এই মহিলা গৰাকীৰ বিষয়ে জানিব, তাৰ বুজ-বিচাৰ ল’বলৈ দায়ূদে মানুহ পঠিয়ালে৷ কোনো এজনে ক’লে, “তেওঁ ইলীয়ামৰ জীয়েক বৎচেবা আৰু হিত্তীয়া ঊৰিয়াৰ পত্নী জানো নহয়?”
David fit demander qui était cette femme, et on lui dit: N’est-ce pas Bath-Schéba, fille d’Éliam, femme d’Urie, le Héthien?
4 ৪ তেতিয়া দায়ূদে দূত পঠিয়াই তেওঁক অনোৱালে আৰু যেতিয়া তেওঁ দায়ূদৰ ওচৰলৈ আহিল, তেতিয়া দায়ূদে তেওঁৰ লগত শয়ন কৰিলে, কিয়নো সেই মহিলাই নিজ অশৌচৰ পৰা শুচি হৈছিল৷ তাৰ পাছত তাই নিজৰ ঘৰলৈ উভটি গ’ল।
Et David envoya des gens pour la chercher. Elle vint vers lui, et il coucha avec elle. Après s’être purifiée de sa souillure, elle retourna dans sa maison.
5 ৫ পাছত সেই মহিলা গৰাকী গৰ্ভৱতী হোৱাত, তেওঁ মানুহ পঠিয়াই দায়ূদক এই বাতৰি দি ক’লে বোলে, “মই গৰ্ভৱতী হ’লো।”
Cette femme devint enceinte, et elle fit dire à David: Je suis enceinte.
6 ৬ তেতিয়া দায়ূদে যোৱাবৰ ওচৰলৈ কৈ পঠিয়ালে বোলে, “হিত্তীয়া ঊৰিয়াক মোৰ ওচৰলৈ পঠিয়াই দিয়া।” তাতে যোৱাবে ঊৰিয়াক দায়ূদৰ ওচৰলৈ পঠিয়াই দিলে।
Alors David expédia cet ordre à Joab: Envoie-moi Urie, le Héthien. Et Joab envoya Urie à David.
7 ৭ যেতিয়া ঊৰিয়া তেওঁৰ ওচৰলৈ আহিল, দায়ূদে তেওঁক যোৱাবৰ বিষয়ে, সৈন্যসকলৰ আৰু যুদ্ধৰ বাতৰি সুধিলে।
Urie se rendit auprès de David, qui l’interrogea sur l’état de Joab, sur l’état du peuple, et sur l’état de la guerre.
8 ৮ দায়ূদে ঊৰিয়াক ক’লে, “তুমি নিজ ঘৰলৈ যোৱা আৰু নিজৰ ভৰি ধুই পেলোৱা।” তাতে ঊৰিয়া ৰজাৰ ঘৰৰ পৰা ওলাই গ’ল আৰু তেওঁ ওলাই যোৱাৰ পাছত ৰজাই তেওঁলৈ এটি উপহাৰ দি পঠিয়ালে৷
Puis David dit à Urie: Descends dans ta maison, et lave tes pieds. Urie sortit de la maison royale, et il fut suivi d’un présent du roi.
9 ৯ কিন্তু ঊৰিয়াই নিজ প্ৰভুৰ দাসবোৰৰ সৈতে ৰাজগৃহৰ দুৱাৰ-মুখতে শুই থাকিল, নিজৰ ঘৰলৈ বুলি আৰু নামি নগ’ল।
Mais Urie se coucha à la porte de la maison royale, avec tous les serviteurs de son maître, et il ne descendit point dans sa maison.
10 ১০ পাছত ঊৰিয়া নিজৰ ঘৰলৈ নোযোৱা কথা দায়ূদৰ আগত লোক সকলে জনোৱাত দায়ূদে উৰিয়াক ক’লে, “তুমি যাত্ৰা কৰি অহা নাই নে? তেন্তে নিজৰ ঘৰলৈ তুমি কিয় নগ’লা?”
On en informa David, et on lui dit: Urie n’est pas descendu dans sa maison. Et David dit à Urie: N’arrives-tu pas de voyage? Pourquoi n’es-tu pas descendu dans ta maison?
11 ১১ তাতে ঊৰিয়াই দায়ূদক ক’লে, “নিয়ম চন্দুকটি, ইস্ৰায়েলসকল আৰু যিহূদা তম্বুত বাস কৰি আছে আৰু মোৰ প্ৰভু যোৱাব আৰু মোৰ প্ৰভুৰ দাসবোৰ মুকলি পথাৰত ছাউনি পাতি আছে৷ তেন্তে মই জানো ভোজন-পান কৰিবলৈ আৰু পত্নীৰ সৈতে শয়ন কৰিবলৈ নিজৰ ঘৰলৈ যাব পাৰোঁ? আপোনাৰ জীৱনৰ আৰু আপোনাৰ জীয়া প্ৰাণৰ শপত, মই এনে কৰ্ম কৰিব নোৱাৰো।”
Urie répondit à David: L’arche et Israël et Juda habitent sous des tentes, mon seigneur Joab et les serviteurs de mon seigneur campent en rase campagne, et moi j’entrerais dans ma maison pour manger et boire et pour coucher avec ma femme! Aussi vrai que tu es vivant et que ton âme est vivante, je ne ferai point cela.
12 ১২ তেতিয়া দায়ূদে ঊৰিয়াক ক’লে, “তুমি আজিও ইয়াতে থাকা, কাইলৈ মই তোমাক বিদায় দিম।” তাতে উৰিয়াই সেইদিনা আৰু তাৰ পাছ দিনাখনো যিৰূচালেমত থাকিল।
David dit à Urie: Reste ici encore aujourd’hui, et demain je te renverrai. Et Urie resta à Jérusalem ce jour-là et le lendemain.
13 ১৩ আৰু দায়ূদে যেতিয়া তেওঁক নিমন্ত্ৰণ কৰিলে, তেওঁৰ সাক্ষাতে ভোজন পান কৰোঁৱাই তেওঁক মতলীয়া কৰালে৷ তথাপি তেওঁ সন্ধ্যাৰ সময়ত নিজ প্ৰভুৰ দাসবোৰৰ লগত নিজ শয্যাত শুবলৈ বাহিৰলৈ গ’ল; তেওঁ নিজৰ ঘৰলৈ নামি নগ’ল।
David l’invita à manger et à boire en sa présence, et il l’enivra; et le soir, Urie sortit pour se mettre sur sa couche, avec les serviteurs de son maître, mais il ne descendit point dans sa maison.
14 ১৪ পাছত ৰাতিপুৱা দায়ূদে যোৱাবলৈ এখন পত্ৰ লিখিলে আৰু ঊৰিয়াৰ হাতত দি পঠিয়ালে।
Le lendemain matin, David écrivit une lettre à Joab, et l’envoya par la main d’Urie.
15 ১৫ দায়ূদে পত্ৰখনত ইয়াকে লিখিছিল বোলে, “তোমালোকে ঊৰিয়াক আটাইতকৈ প্ৰবল যুদ্ধৰ সন্মুখত ৰাখি থবা আৰু সি যেন আঘাত পাই মৰে সেই বাবে তোমালোক তাৰ পৰা পাছ হুঁহকি যাবা।”
Il écrivit dans cette lettre: Placez Urie au plus fort du combat, et retirez-vous de lui, afin qu’il soit frappé et qu’il meure.
16 ১৬ পাছত যোৱাবে নগৰ অৱৰোধ হোৱা সময়ত, যি ঠাইত আটাইতকৈ শক্তিশালী শত্ৰু আছে বুলি জানিছিল, সেই ঠাইতে ঊৰিয়াক হ’ল।
Joab, en assiégeant la ville, plaça Urie à l’endroit qu’il savait défendu par de vaillants soldats.
17 ১৭ পাছে নগৰত থকা লোকসকলে বাহিৰ ওলাই যোৱাবৰ সৈন্যসকলৰ লগত যুদ্ধ কৰাত, লোকসকলৰ মাজৰ অৰ্থাৎ দায়ূদৰ সৈন্যসকলৰ মাজৰ কিছুলোক পতিত হ’ল আৰু তাতে হিত্তীয়াৰ ঊৰিয়াৰো মৃত্যু হ’ল।
Les hommes de la ville firent une sortie et se battirent contre Joab; plusieurs tombèrent parmi le peuple, parmi les serviteurs de David, et Urie, le Héthien, fut aussi tué.
18 ১৮ যেতিয়া যোৱাবে দূত পঠিয়াই সেই যুদ্ধৰ সকলো বিৱৰণ দায়ূদক জনালে,
Joab envoya un messager pour faire rapport à David de tout ce qui s’était passé dans le combat.
19 ১৯ তেওঁ দূতক আজ্ঞা দি কৈছিল, বোলে, “তুমি ৰজাৰ আগত ৰণৰ আটাই বাতৰি কৈ এটোৱাৰ পাছত,
Il donna cet ordre au messager: Quand tu auras achevé de raconter au roi tous les détails du combat,
20 ২০ যদি ৰজাই খং উঠি তোমাক কয়, তোমালোকে যুদ্ধ কৰোঁতে নগৰৰ গড়ৰ ইমান ওচৰ চাপি কিয় গৈছিলা? তেওঁলোকে গড়ৰ ওপৰৰ পৰা কাঁড় মাৰিব বুলি তোমালোকে নাজানিছিলা নে?
peut-être se mettra-t-il en fureur et te dira-t-il: Pourquoi vous êtes vous approchés de la ville pour combattre? Ne savez-vous pas qu’on lance des traits du haut de la muraille?
21 ২১ যিৰূব্বেচতৰৰ পুত্ৰ অবীমেৰকক কোনে বধ কৰিলে? এগৰাকী মহিলাই গড়ৰ ওপৰৰ পৰা জাঁত শিলৰ ওপৰৰ চলা তেওঁৰ ওপৰত পেলালে, যাতে তেওঁৰ মৃত্যু হয়, সেইদৰে তেওঁ তেবেচত নমৰিল নে? গতিকে তোমালোকে গড়ৰ ইমান ওচৰলৈ কিয় গৈছিলা? তেতিয়া তুমি নিশ্চয় কবা, ‘আপোনাৰ দাস হিত্তীয়াৰ ঊৰিয়াও মৰিল’৷”
Qui a tué Abimélec, fils de Jerubbéscheth? N’est-ce pas une femme qui lança sur lui du haut de la muraille un morceau de meule de moulin, et n’en est-il pas mort à Thébets? Pourquoi vous êtes-vous approchés de la muraille? Alors tu diras: Ton serviteur Urie, le Héthien, est mort aussi.
22 ২২ পাছে সেই দূতে গৈ দায়ূদৰ গুৰিত উপস্থিত হৈ, যোৱাবে কৈ পঠোৱা সকলো কথা তেওঁৰ আগত জনালে।
Le messager partit: et, à son arrivée, il fit rapport à David de tout ce que Joab lui avait ordonné.
23 ২৩ সেই দূতে দায়ূদক ক’লে, “সেই শত্ৰুসকল আমাতকৈ পাচত আমাৰ বিৰুদ্ধে প্ৰবল হৈ পথাৰলৈ আমাৰ ওচৰলৈকে ওলাই আহিছিল; তেতিয়া আমি নগৰৰ দুৱাৰ-মুখলৈকে সিহঁতৰ পাছে পাছে খেদি গৈছিলোঁ৷
Le messager dit à David: Ces gens ont eu sur nous l’avantage; ils avaient fait une sortie contre nous dans les champs, et nous les avons repoussés jusqu’à l’entrée de la porte;
24 ২৪ কাঁড়মৰা লোকসকলে গড়ৰ ওপৰৰ পৰা আপোনাৰ দাসবোৰলৈ কাঁড় মাৰিলে; তাতে মহাৰাজৰ কেতবোৰ দাস মৰিল আৰু আপোনাৰ দাস হিত্তীয়াৰ ঊৰিয়াও মৰিল।”
les archers ont tiré du haut de la muraille sur tes serviteurs, et plusieurs des serviteurs du roi ont été tués, et ton serviteur Urie, le Héthien, est mort aussi.
25 ২৫ তেতিয়া দায়ূদে সেই দূতক ক’লে, “তুমি গৈ যোৱাবক এইদৰে ক’বা, ‘ইয়াত তুমি অসন্তোষ নকৰিবা কিয়নো তৰোৱালে যেনেকৈ এজনক, তেনেকৈ আনজনকো গ্ৰাস কৰে; তুমি নগৰৰ বিৰুদ্ধে আৰু ঘোৰ যুদ্ধ কৰি তাক উচ্ছন্ন কৰা। এইদৰে তেওঁক আশ্বাস দিবা।
David dit au messager: Voici ce que tu diras à Joab: Ne sois point peiné de cette affaire, car l’épée dévore tantôt l’un, tantôt l’autre; attaque vigoureusement la ville, et renverse-la. Et toi, encourage-le!
26 ২৬ পাছে উৰিয়াৰ পত্নীয়ে নিজ স্বামী ঊৰিয়াৰ মৃত্যু-সম্বাদ পাই তেওঁ স্বামীৰ বাবে গভীৰ শোক কৰিলে।
La femme d’Urie apprit que son mari était mort, et elle pleura son mari.
27 ২৭ পাছে শোকৰ দিন শেষ হোৱাত, দায়ূদে মানুহ পঠিয়াই তেওঁক নিজৰ ঘৰলৈ অনালে, তাতে তেওঁ তেওঁৰ পত্নী হৈ তেওঁলৈ এটি পুত্ৰ প্ৰসৱ কৰিলে৷ কিন্তু দায়ূদে কৰা সেইকৰ্মত যিহোৱাই অসন্তুষ্ট হ’ল।
Quand le deuil fut passé, David l’envoya chercher et la recueillit dans sa maison. Elle devint sa femme, et lui enfanta un fils. Ce que David avait fait déplut à l’Éternel.