< ২ সামুয়েল 10 >
1 ১ পাছত অম্মোনৰ সন্তান সকলৰ ৰজা মৃত্যু হোৱাত, তেওঁৰ পুতেক হানুন তেওঁৰ পদত ৰজা হ’ল।
καὶ ἐγένετο μετὰ ταῦτα καὶ ἀπέθανεν βασιλεὺς υἱῶν Αμμων καὶ ἐβασίλευσεν Αννων υἱὸς αὐτοῦ ἀντ’ αὐτοῦ
2 ২ তাতে দায়ুদে ক’লে, “হানুনৰ পিতৃ নাহচে মোক যিদৰে অনুগ্ৰহ কৰিছিল, সেই দৰে ময়ো হানুনক অনুগ্ৰহ কৰিম।” এই বুলি দায়ূদে তেওঁৰ পিতৃৰ বাবে সান্ত্বনা দিবলৈ নিজৰ দাসবোৰক পঠিয়ালে। তাতে দায়ুদৰ দাসবোৰে অম্মোনৰ সন্তান সকলৰ দেশ প্ৰবেশ কৰিলে৷
καὶ εἶπεν Δαυιδ ποιήσω ἔλεος μετὰ Αννων υἱοῦ Ναας ὃν τρόπον ἐποίησεν ὁ πατὴρ αὐτοῦ μετ’ ἐμοῦ ἔλεος καὶ ἀπέστειλεν Δαυιδ παρακαλέσαι αὐτὸν ἐν χειρὶ τῶν δούλων αὐτοῦ περὶ τοῦ πατρὸς αὐτοῦ καὶ παρεγένοντο οἱ παῖδες Δαυιδ εἰς τὴν γῆν υἱῶν Αμμων
3 ৩ অম্মোনৰ সন্তান সকলৰ অধ্যক্ষসকলে নিজ প্ৰভু হানুনক ক’লে, “দায়ূদে আপোনাৰ পিতৃক আদৰ কৰে দেখি, আপোনাক সান্ত্বনা দিবলৈ আপোনাৰ ওচৰলৈ লোক পঠিয়াইছে বুলি আপুনি ভাবিছেনে?” দায়ূদে নগৰ চাবলৈ, তাৰ বুজ-বিচাৰ ল’বলৈ আৰু তাক নষ্ট কৰিবলৈ দাসবোৰক জানো পঠোৱা নাই?
καὶ εἶπον οἱ ἄρχοντες υἱῶν Αμμων πρὸς Αννων τὸν κύριον αὐτῶν μὴ παρὰ τὸ δοξάζειν Δαυιδ τὸν πατέρα σου ἐνώπιόν σου ὅτι ἀπέστειλέν σοι παρακαλοῦντας ἀλλ’ οὐχὶ ὅπως ἐρευνήσωσιν τὴν πόλιν καὶ κατασκοπήσωσιν αὐτὴν καὶ τοῦ κατασκέψασθαι αὐτὴν ἀπέστειλεν Δαυιδ τοὺς παῖδας αὐτοῦ πρὸς σέ
4 ৪ তাতে হানুনে দায়ূদৰ দাসবোৰক ধৰি তেওঁলোকৰ এফাল এফাল ডাঢ়ি খুৰোওৱালে আৰু তেওঁলোকৰ পিন্ধা কাপোৰৰ আধা টিকাৰ গুৰিত কাটি তেওঁলোকক বিদায় দিলে।
καὶ ἔλαβεν Αννων τοὺς παῖδας Δαυιδ καὶ ἐξύρησεν τοὺς πώγωνας αὐτῶν καὶ ἀπέκοψεν τοὺς μανδύας αὐτῶν ἐν τῷ ἡμίσει ἕως τῶν ἰσχίων αὐτῶν καὶ ἐξαπέστειλεν αὐτούς
5 ৫ যেতিয়া তেওঁলোকে দায়ূদৰ আগত এই সকলো বাখ্যা কৰিলে, ৰজাই তেওঁলোকৰ সৈতে সাক্ষাৎ কৰিবলৈ মানুহ পঠিয়ালে, কাৰণ তেওঁলোকে অতিশয় লজ্জিত হৈছিল। ৰজাই তেওঁলোকক আজ্ঞা দিলে, বোলে “তোমালোকৰ ডাঢ়ি নহয় মানে তোমালোক যিৰীহোতে থাকাগৈ; পাছত উলটি আহিবা।”
καὶ ἀνήγγειλαν τῷ Δαυιδ ὑπὲρ τῶν ἀνδρῶν καὶ ἀπέστειλεν εἰς ἀπαντὴν αὐτῶν ὅτι ἦσαν οἱ ἄνδρες ἠτιμασμένοι σφόδρα καὶ εἶπεν ὁ βασιλεύς καθίσατε ἐν Ιεριχω ἕως τοῦ ἀνατεῖλαι τοὺς πώγωνας ὑμῶν καὶ ἐπιστραφήσεσθε
6 ৬ পাছে অম্মোনৰ সন্তান সকল দায়ূদলৈ ঘিণলগীয়া হ’ল বুলি জানি, মানুহ পঠিয়াই বৈৎ-ৰহোবৰ আৰু চোবাৰ বিশ হাজাৰ অৰামীয়া পদাতিক সৈন্য আৰু মাখাৰ ৰজাক ও তেওঁৰ এক হাজাৰ লোক আৰু টোবৰ বাৰ হাজাৰ লোকক বেচ দি অনালে।
καὶ εἶδαν οἱ υἱοὶ Αμμων ὅτι κατῃσχύνθησαν ὁ λαὸς Δαυιδ καὶ ἀπέστειλαν οἱ υἱοὶ Αμμων καὶ ἐμισθώσαντο τὴν Συρίαν Βαιθροωβ εἴκοσι χιλιάδας πεζῶν καὶ τὸν βασιλέα Μααχα χιλίους ἄνδρας καὶ Ιστωβ δώδεκα χιλιάδας ἀνδρῶν
7 ৭ পাছে দায়ূদে সেই সম্বাদ পাই যোৱাবক আৰু পৰাক্ৰমী গোটেই সৈন্যসামন্তক তালৈ পঠিয়াই দিলে।
καὶ ἤκουσεν Δαυιδ καὶ ἀπέστειλεν τὸν Ιωαβ καὶ πᾶσαν τὴν δύναμιν τοὺς δυνατούς
8 ৮ তাতে অম্মোনৰ সন্তান সকলে বাহিৰলৈ আহি নগৰৰ দুৱাৰ মুখত যুদ্ধ কৰিবৰ অৰ্থে সৈন্যৰ বেহু পাতিলে আৰু চোবাৰ ও ৰহোবৰ অৰামীয়া লোকসকল আৰু টোবৰ ও মাখাৰ লোকসকল পৃথকে পৃথকে মুকলি পথাৰত থাকিল।
καὶ ἐξῆλθαν οἱ υἱοὶ Αμμων καὶ παρετάξαντο πόλεμον παρὰ τῇ θύρᾳ τῆς πύλης καὶ Συρία Σουβα καὶ Ροωβ καὶ Ιστωβ καὶ Μααχα μόνοι ἐν ἀγρῷ
9 ৯ এইদৰে শাৰীপাতি তেওঁৰ ফালে মুখ কৰি আগফালে আৰু পাছফালে অৰ্থাৎ দুয়োফালে যুদ্ধ হোৱাৰ আশঙ্কা দেখি, যোৱাবে ইস্ৰায়েলৰ আটাই মনোনীতলোকৰ মাজত মানুহ বাচি লৈ, অৰামীয়াসকলৰ বিৰুদ্ধে বেহু পাতিলে;
καὶ εἶδεν Ιωαβ ὅτι ἐγενήθη πρὸς αὐτὸν ἀντιπρόσωπον τοῦ πολέμου ἐκ τοῦ κατὰ πρόσωπον ἐξ ἐναντίας καὶ ἐκ τοῦ ὄπισθεν καὶ ἐπέλεξεν ἐκ πάντων τῶν νεανίσκων Ισραηλ καὶ παρετάξαντο ἐξ ἐναντίας Συρίας
10 ১০ আৰু অৱশিষ্ট লোকসকলক নিজ ভায়েক অবীচয়ৰ হাতত শোধাই দিলে, তেতিয়া তেওঁ অম্মোনৰ সন্তান সকলৰ বিৰুদ্ধে বেহু পাতিলে।
καὶ τὸ κατάλοιπον τοῦ λαοῦ ἔδωκεν ἐν χειρὶ Αβεσσα τοῦ ἀδελφοῦ αὐτοῦ καὶ παρετάξαντο ἐξ ἐναντίας υἱῶν Αμμων
11 ১১ যোৱাবে ক’লে, “যদি অৰামীয়াসকল মোতকৈ বলৱান হয়, তেন্তে তুমি আহি মোক সহায় কৰিবাহি৷ আৰু যদি তোমাতকৈ অম্মোনৰ সন্তান সকল অতি বলৱান হয়, তেন্তে মই গৈ তোমাক সহায় কৰিম।
καὶ εἶπεν ἐὰν κραταιωθῇ Συρία ὑπὲρ ἐμέ καὶ ἔσεσθέ μοι εἰς σωτηρίαν καὶ ἐὰν υἱοὶ Αμμων κραταιωθῶσιν ὑπὲρ σέ καὶ ἐσόμεθα τοῦ σῶσαί σε
12 ১২ তুমি সাহিয়াল হোৱা; আমি স্ব-জাতীয় লোকসকলৰ আৰু আমাৰ ঈশ্বৰৰ নগৰবোৰৰ বাবে পুৰুষালি দেখুৱাওহঁক; আৰু যিহোৱাই নিজ দৃষ্টিত যিহকে ভাল দেখে, তাকেই কৰক।”
ἀνδρίζου καὶ κραταιωθῶμεν ὑπὲρ τοῦ λαοῦ ἡμῶν καὶ περὶ τῶν πόλεων τοῦ θεοῦ ἡμῶν καὶ κύριος ποιήσει τὸ ἀγαθὸν ἐν ὀφθαλμοῖς αὐτοῦ
13 ১৩ পাছে যোৱাব আৰু তেওঁৰ লগৰ লোকসকল অৰামীয়াসকলৰ সৈতে যুদ্ধ কৰিবলৈ ওচৰ চাপোতেই তেওঁলোক ইস্ৰায়েলৰ সৈন্যসকলৰ আগৰ পৰা পলাল।
καὶ προσῆλθεν Ιωαβ καὶ ὁ λαὸς αὐτοῦ μετ’ αὐτοῦ εἰς πόλεμον πρὸς Συρίαν καὶ ἔφυγαν ἀπὸ προσώπου αὐτοῦ
14 ১৪ আৰু অৰামীয়াসকলক পলোৱা দেখি, অম্মোনৰ সন্তান সকলেও অবীচয়ৰ আগৰ পৰা পলাই নগৰত সোমালগৈ। তেতিয়া যোৱাব অম্মোনৰ সন্তান সকলৰ ওচৰৰ পৰা ঘুৰি যিৰূচালেমলৈ উভটি আহিল।
καὶ οἱ υἱοὶ Αμμων εἶδαν ὅτι ἔφυγεν Συρία καὶ ἔφυγαν ἀπὸ προσώπου Αβεσσα καὶ εἰσῆλθαν εἰς τὴν πόλιν καὶ ἀνέστρεψεν Ιωαβ ἀπὸ τῶν υἱῶν Αμμων καὶ παρεγένοντο εἰς Ιερουσαλημ
15 ১৫ পাছত অৰামীয়াসকলে ইস্ৰায়েলৰ সন্মুখত নিজকে পৰাজিত হোৱা দেখি তেওঁলোক পুনৰ গোট খালে।
καὶ εἶδεν Συρία ὅτι ἔπταισεν ἔμπροσθεν Ισραηλ καὶ συνήχθησαν ἐπὶ τὸ αὐτό
16 ১৬ তেতিয়া হদদেজৰে মানুহ পঠিয়াই ইউফ্ৰেটাচ্ নদীৰ সিপাৰে থকা অৰামীয়াসকলক বাহিৰ কৰি আনিলে৷ তেওঁলোক হেলমলৈ হদদেজৰৰ সেনাপতি চোবকৰ সৈতে তেওঁলোকৰ অগ্ৰগামী হৈ আহিল।
καὶ ἀπέστειλεν Αδρααζαρ καὶ συνήγαγεν τὴν Συρίαν τὴν ἐκ τοῦ πέραν τοῦ ποταμοῦ Χαλαμακ καὶ παρεγένοντο Αιλαμ καὶ Σωβακ ἄρχων τῆς δυνάμεως Αδρααζαρ ἔμπροσθεν αὐτῶν
17 ১৭ পাছে দায়ূদৰ আগত এই বাতৰি দিয়া হোৱাত, তেওঁ গোটেই ইস্ৰায়েলক গোটাই লৈ যৰ্দ্দন পাৰহৈ হেলমলৈ গ’ল। তাতে অৰামীয়া লোকসকলে দায়ূদৰ বিৰুদ্ধে বেহু পাতি তেওঁৰ লগত যুদ্ধ কৰিলে।
καὶ ἀνηγγέλη τῷ Δαυιδ καὶ συνήγαγεν τὸν πάντα Ισραηλ καὶ διέβη τὸν Ιορδάνην καὶ παρεγένοντο εἰς Αιλαμ καὶ παρετάξατο Συρία ἀπέναντι Δαυιδ καὶ ἐπολέμησαν μετ’ αὐτοῦ
18 ১৮ কিন্তু অৰামীয়াসকল ইস্ৰায়েলৰ সন্মুখৰ পৰা পলাল৷ আৰু দায়ূদে অৰামীয়াসকলৰ সাত শ ৰথী সৈন্য আৰু চল্লিশ হাজাৰ অশ্বাৰোহী বধ কৰিলে আৰু তেওঁলোকৰ সেনাপতি চোবককো এনেকৈ প্ৰহাৰ কৰিলে যে, তেওঁ তাতে মৰিল।
καὶ ἔφυγεν Συρία ἀπὸ προσώπου Ισραηλ καὶ ἀνεῖλεν Δαυιδ ἐκ τῆς Συρίας ἑπτακόσια ἅρματα καὶ τεσσαράκοντα χιλιάδας ἱππέων καὶ τὸν Σωβακ τὸν ἄρχοντα τῆς δυνάμεως αὐτοῦ ἐπάταξεν καὶ ἀπέθανεν ἐκεῖ
19 ১৯ পাছত ইস্ৰায়েলৰ সন্মুখত নিজক পৰাজিত হোৱা দেখি, হদদেজৰৰ অধীনত থকা সকলো ৰজাই ইস্ৰায়েল সকলৰ সৈতে সন্ধি পাতি তেওঁলোকৰ অধীন হ’ল। তেতিয়াৰে পৰা অৰামীয়ালোকে অম্মোনৰ সন্তান সকলক আৰু সহায় কৰিবলৈ ভয় কৰিলে।
καὶ εἶδαν πάντες οἱ βασιλεῖς οἱ δοῦλοι Αδρααζαρ ὅτι ἔπταισαν ἔμπροσθεν Ισραηλ καὶ ηὐτομόλησαν μετὰ Ισραηλ καὶ ἐδούλευσαν αὐτοῖς καὶ ἐφοβήθη Συρία τοῦ σῶσαι ἔτι τοὺς υἱοὺς Αμμων