< ২ সামুয়েল 1 >
1 ১ চৌলৰ মৃত্যুৰ পাছত, দায়ূদে অমালেকীয়া সকলক বধ কৰি ঘূৰি আহিল আৰু চিক্লগত দুদিন থাকিল।
Na rĩrĩ, thuutha wa gĩkuũ gĩa Saũlũ, Daudi agĩkorwo aacooka kuuma kũhoota Aamaleki na agĩikara kũu Zikilagi mĩthenya ĩĩrĩ.
2 ২ পাছত তৃতীয় দিনত, চৌলৰ সেনাবাহিনীৰ ছাউনিৰ পৰা ফলা কাপোৰেৰে সৈতে এজন মানুহ আহিল; তেওঁৰ মুৰত মাটি লাগি আছিল। তেওঁ দায়ূদৰ ওচৰলৈ আহি শিৰনত হৈ প্রণাম কৰিলে।
Mũthenya wa ĩtatũ-rĩ, hagĩũka mũndũ oimĩte kambĩ-inĩ ya Saũlũ, arĩ na nguo ndembũkangu na rũkũngũ mũtwe. Hĩndĩ ĩrĩa aakinyire harĩ Daudi, akĩĩgũithia thĩ nĩguo amũhe gĩtĩĩo.
3 ৩ তেতিয়া দায়ূদে তেওঁক সুধিলে, “তুমি ক’ৰ পৰা আহিছা?” তেওঁ উত্তৰ দি ক’লে, “মই ইস্ৰায়েলৰ সেনা ছাউনিৰ পৰা পলাই আহিছোঁ।”
Daudi akĩmũũria atĩrĩ, “Wee uumĩte kũ?” Nake akĩmũcookeria atĩrĩ, “Nĩ kũũra njũrĩte, ngoima kambĩ-inĩ ya andũ a Isiraeli.”
4 ৪ দায়ূদে তেওঁক সুধিলে, “তাত কি হ’ল, সেই বিষয়ে মোক কোৱাচোন।” তেওঁ ক’লে, “লোকসকল যুদ্ধৰ পৰা পলাল, অনেক পতিত হ’ল। লোকসকলৰ মাজত অনেক লোক মৰিল। চৌল আৰু তেওঁৰ পুত্ৰ যোনাথনৰো মৃত্যু হ’ল।”
Daudi akĩmũũria atĩrĩ, “Kaĩ gwĩkĩkĩte atĩa? Ta njĩĩra.” Nake akĩmwĩra atĩrĩ, “Andũ nĩmorĩte makoima mbaara-inĩ. Na andũ aingĩ nĩmooragĩtwo. Nake Saũlũ na mũriũ Jonathani nĩmakuĩte.”
5 ৫ তেতিয়া দায়ূদে সেই সম্বাদ দিয়া ডেকা লোক জনক সুধিলে, “চৌল আৰু তেওঁৰ পুত্ৰ যোনাথনৰ যে মৃত্যু হ’ল, সেই বিষয়ে তুমি কেনেকৈ জানিলা?”
Ningĩ Daudi akĩũria mwanake ũcio wamũreheire ũhoro ũcio atĩrĩ, “Ũmenyete atĩa atĩ Saũlũ na mũriũ Jonathani nĩmakuĩte?”
6 ৬ তেতিয়া সেই ডেকা লোক জনে ক’লে, “ঘটনাক্ৰমে মই গিলবোৱা পৰ্ব্বতত আছিলোঁ আৰু তাতে চৌলে বৰছাৰ ওপৰত ভৰ দি আছিল আৰু ৰথ ও অশ্বাৰোহীসকলে তেওঁৰ পাছে পাছে বৰকৈ খেদি খেদি প্রায় তেওঁৰ ওচৰ চাপি আহিছিল।
Mwanake ũcio akĩmũcookeria atĩrĩ, “Ndĩrakorirwo ndĩ hau kĩrĩma-inĩ kĩa Giliboa, na hau nĩho ndĩronire Saũlũ, etiranĩtie na itimũ rĩake, akiriĩ gũkorererwo nĩ ngaari cia ita na ahaici a mbarathi.
7 ৭ তেতিয়া তেওঁ ঘূৰি মোক দেখি মাতিলে। তেতিয়া মই উত্তৰ দি ক’লো, “মই ইয়াত আছোঁ৷”
Rĩrĩa eehũgũrire, akĩnyona, na akĩnjĩta, na niĩ ngĩmũũria atĩrĩ, ‘Ũngĩenda ngwĩkĩre atĩa?’
8 ৮ তেওঁ মোক সুধিলে, “তুমি কোন?” মই তেওঁক ক’লো, “মই এজন অমালেকীয়া লোক।”
“Nake akĩnjũũria atĩrĩ, ‘Wee ũrĩ ũ?’ “Ngĩmũcookeria atĩrĩ, ‘Niĩ ndĩ Mũamaleki.’
9 ৯ তেতিয়া তেওঁ মোক ক’লে, “মই বিনয় কৰোঁ, তুমি মোৰ ওচৰত থিয় হৈ মোক বধ কৰা কাৰণ মোক শিৰামূৰিয়ে ধৰিছে, যদিও মোত এতিয়াও প্ৰাণ আছে।”
“Ningĩ akĩnjĩĩra atĩrĩ, ‘Ũka haha ũnjũrage! Niĩ ndĩ na ruo rũnene mũno rwa gĩkuũ, no ndĩ o muoyo.’
10 ১০ তেতিয়া মই গৈ তেওঁৰ ওচৰত থিয় হৈ তেওঁক বধ কৰিলোঁ; কিয়নো তেওঁ পৰাজিত হোৱাৰ পাছত যে পুনৰ তেওঁ আৰু জীয়াই নাথাকিব, সেই বিষয়ে মই নিশ্চয়ে জানিছিলোঁ৷ এতিয়া মই তেওঁৰ মূৰৰ কিৰীটি আৰু বাহুৰ বাজু লৈ, এই ঠাইত মোৰ প্ৰভুৰ ওচৰলৈ লৈ আহিছোঁ।”
“Nĩ ũndũ ũcio ngĩthiĩ harĩ we, ngĩmũũraga, tondũ nĩndamenyire atĩ arĩkĩtie kũgũa ndekũhona. Ngĩruta thũmbĩ ĩrĩa yarĩ mũtwe wake, na mũrĩnga ũrĩa warĩ guoko gwake, na nĩcio indo iria ndarehera mwathi wakwa.”
11 ১১ তেতিয়া দায়ূদে নিজ কাপোৰ ধৰি ফালিলে আৰু তেওঁৰ লগৰ আটাই লোকসকলেও সেই দৰে কৰিলে।
Hĩndĩ ĩyo Daudi na andũ othe arĩa maarĩ nake makĩnyiita nguo ciao, magĩcitembũranga.
12 ১২ চৌল, তেওঁৰ পুত্ৰ যোনাথন আৰু যিহোৱাৰ প্ৰজা ইস্ৰায়েল বংশ তৰোৱালত পতিত হোৱাৰ বাবে তেওঁলোকে শোক কৰি কৰি কান্দিলে আৰু সন্ধ্যালৈকে লঘোনে থাকিল।
Nao magĩcakaya, na makĩrĩra, o na makĩĩhinga kũrĩa irio nginya hwaĩ-inĩ, nĩ ũndũ wa Saũlũ na mũriũ Jonathani, o na nĩ ũndũ wa mbũtũ cia ita cia Jehova, na nyũmba ya Isiraeli, tondũ nĩmooragĩtwo na rũhiũ rwa njora.
13 ১৩ পাছত দায়ূদে সেই বাতৰি অনা ডেকা মানুহজনক ক’লে, “তুমি ক’ৰ মানুহ?” তেওঁ উত্তৰ দি ক’লে, “মই এজন প্রবাসী অমালেকীয়া মানুহ।”
Daudi akĩũria mwanake ũcio wamũreheire ũhoro atĩrĩ, “Wee uumĩte kũ?” Nake agĩcookia atĩrĩ, “Niĩ ndĩ mũriũ wa mũndũ wa kũngĩ, Mũamaleki.”
14 ১৪ দায়ূদে তেওঁক ক’লে, “তুমি যিহোৱাৰ অভিষিক্তজনক বধ কৰিবৰ অৰ্থে নিজ হাত মেলিবলৈ ভয় নকৰিলা, ই কেনে কথা?”
Daudi akĩmũũria atĩrĩ, “Nĩ kĩĩ kĩragiririe wĩtigĩre gũtambũrũkia guoko gwaku ũũrage mũitĩrĩrie maguta wa Jehova?”
15 ১৫ দায়ূদে ডেকাসকলৰ মাজৰ এজনক মাতি এই আজ্ঞা দি ক’লে, “তুমি ওচৰলৈ গৈ তেওঁক বধ কৰা।” গতিকে সেই লোকজনে গৈ তেওঁক প্ৰহাৰ কৰি আঘাত কৰিলে৷ তাতে সেই অমালেকীয়াজনৰ মৃত্যু হ’ল।
Ningĩ Daudi agĩĩta ũmwe wa andũ ake, akĩmwĩra atĩrĩ, “Thiĩ, ũmũũrage!” Nake akĩmũringa, agĩkua.
16 ১৬ তেতিয়া দায়ূদে সেই মৃত অমালেকীয়াজনক ক’লে, “তোমাৰ ৰক্তপাতৰ দোষ তোমাৰ নিজ মূৰতেই থাকক; কিয়নো, ‘ময়েই যিহোৱাৰ অভিষিক্ত জনক বধ কৰিলোঁ’ এইবুলি তোমাৰ নিজ মুখেৰেই নিজৰ বিৰুদ্ধে সাক্ষ্য দিলা।”
Nĩgũkorwo Daudi aamwĩĩrire atĩrĩ, “Thakame yaku ĩrogũcookerera. Kanua gaku we mwene nĩko kaaruta ũira wa gũgũũkĩrĩra, rĩrĩa uugire atĩrĩ, ‘Nĩndĩrooragire mũitĩrĩrie maguta wa Jehova.’”
17 ১৭ তেতিয়া দায়ূদে চৌল আৰু তেওঁৰ পুত্ৰ যোনাথন, এই মৃতকেইজনৰ বিষয়ে বিলাপেৰে গীত গালে।
Nake Daudi agĩcakaĩra Saũlũ na mũriũ Jonathani,
18 ১৮ তেওঁ যিহূদাৰ সন্তান সকলক এই ধনুগীত শিকাবলৈ দিলে; চোৱা, যি গীত যাচেৰ পুস্তকখনিত লিখা আছে।
na agĩathana atĩ andũ a Juda marutwo icakaya rĩĩrĩ rĩĩtagwo rwĩmbo rwa ũta (narĩo rĩandĩkĩtwo Ibuku-inĩ rĩa Jasharu):
19 ১৯ হে ইস্ৰায়েল, তোমাৰ উচ্চস্থানবোৰত ৰত্ন দুটি বধ কৰা হ’ল! হায় হায়, বীৰসকল কেনেকৈ পতিত হ’ল!
“Wee Isiraeli, riiri waku ũũragĩtwo irĩma-inĩ ciaku.
20 ২০ গাত’ত এই বিষয় প্ৰকাশ নকৰিবা, অস্কিলোনৰ বাটত এই বিষয় প্ৰচাৰ নকৰিবা; কৰিলে পলেষ্টীয়াসকলৰ জীয়ৰীসকলে আনন্দ কৰিব, অচুন্নৎসকলৰ জীয়ৰীসকলে উল্লাস কৰিব।
“Ũhoro ũyũ ndũkaheanwo Gathu,
21 ২১ হে গিলবোৱা পৰ্ব্বত, তোমাৰ ওপৰত নিয়ৰ বা বৰষুণ নহওক, বা উত্তোলনীয় নৈবেদ্যৰ পথাৰ নহওঁক, কিয়নো সেই ঠাইত বীৰসকলৰ ঢাল পেলোৱা হ’ল। তেলেৰে অভিষিক্ত নোহোৱা চৌলৰ ঢাল পেলোৱা হ’ল৷
“Atĩrĩrĩ, inyuĩ irĩma cia Giliboa,
22 ২২ হত হোৱা লোকসকলৰ তেজ আৰু বীৰসকলৰ দেহৰ পৰা যোনাথনৰ ধনু বিমুখ নহৈছিল, চৌলৰ তৰোৱালো শুদাই ঘূৰি নাহিছিল।
Kuuma kũrĩ thakame ya arĩa moragĩtwo,
23 ২৩ চৌল আৰু যোনাথন, জীৱন কালত প্ৰিয় আৰু সন্তোষজনক আছিল, আৰু মৰণৰ কালতো তেওঁলোক পৃথক নহ’ল; তেওঁলোক ঈগল পক্ষীতকৈয়ো বেগী আছিল, তেওঁলোক সিংহতকৈয়ো বলৱান আছিল।
“Saũlũ na Jonathani,
24 ২৪ হে ইস্ৰায়েলৰ জীয়ৰীসকল, চৌলৰ বাবে ক্ৰন্দন কৰা, তেওঁ তোমালোকক ৰঙা বৰণীয়া বস্ত্ৰ পিন্ধাই ভূষিত কৰিছিল, তেওঁ তোমালোকৰ বস্ত্ৰৰ ওপৰত সোণৰ অলঙ্কাৰ পিন্ধাইছিল।
“Inyuĩ airĩtu a Isiraeli,
25 ২৫ হায় হায়, যুদ্ধৰ মাজত বীৰসকল কেনেকৈ পতিত হ’ল! তোমাৰ উচ্চ স্থানবোৰত যোনাথন হত হ’ল৷
“Hĩ, kaĩ andũ arĩa njamba nĩmagwĩrĩire mbaara-inĩ-ĩ!
26 ২৬ হে মোৰ ভাই যোনাথন, তোমাৰ বাবে মই দুখিত হৈছোঁ৷ তুমি মোলৈ অতি মৰমীয়াল আছিলা৷ নাৰীসকলৰ প্ৰেমতকৈয়ো তোমাৰ প্ৰেম মোৰ পক্ষে চমৎকাৰ আছিল।
Niĩ ndĩ na kĩeha nĩ ũndũ waku Jonathani, wee mũrũ wa baba;
27 ২৭ হায় হায়, বীৰসকল কেনেকৈ পতিত হ’ল আৰু যুদ্ধৰ অস্ত্ৰবোৰ যুদ্ধক্ষেত্ৰত নষ্ট হ’ল!”
“Hĩ, kaĩ andũ arĩa njamba nĩmagwĩte-ĩ!