< ২ পিতৰ 2 >
1 ১ অতীতত ইস্ৰায়েলবাসীৰ মাজত যেনেদৰে মিছলীয়া ভাৱবাদী সকল আছিল, তেনেদৰে আপোনালোকৰ মাজলৈকো ভণ্ড শিক্ষক সকল আহিব। তেওঁলোকে মনে মনে এনেকুৱা কিছুমান বিৰোধী ভ্রান্ত মতবাদ লৈ আহিব যিয়ে লোক সকলক ধ্বংস কৰি দিব। এনে কি যি জনে তেওঁলোকক কিনি ললে, সেই প্ৰভুকো অস্বীকাৰ কৰিব; এইদৰে তেওঁলোকে শীঘ্রেই নিজলৈ ধ্বংস মাতি আনিব।
Es gab aber auch falsche Propheten unter dem Volk, wie auch unter euch falsche Lehrer sein werden, welche verderbliche Sekten nebeneinführen und durch Verleugnung des Herrn, der sie erkauft hat, ein schnelles Verderben über sich selbst bringen werden.
2 ২ অনেকে সেই ভণ্ড শিক্ষক সকলৰ লম্পট আচৰণ অনুসৰণ কৰিব; তেওঁলোকৰ প্রৰোচনাত মানুহে সত্যৰ পথৰ বিষয়ে নিন্দা কৰিব।
Und viele werden ihren Ausschweifungen nachfolgen, und um ihretwillen wird der Weg der Wahrheit verlästert werden.
3 ৩ তেওঁলোকে লোভৰ বশত ছলাহী কথাৰে আপোনালোকৰ পৰা অর্থ লাভ কৰিব। এই ভণ্ড শিক্ষক সকলৰ বিৰুদ্ধে বিচাৰৰ শাস্তি অনেক দিনলৈ অপেক্ষা কৰি নাথাকিব; তেওঁলোকৰ বিনাশ পলম কৰা নহয়।
Und aus Habsucht werden sie euch mit betrügerischen Worten ausbeuten; aber das Urteil über sie ist von alters her nicht müßig, und ihr Verderben schlummert nicht.
4 ৪ স্বর্গৰ দূত সকলে যেতিয়া পাপ কৰিছিল, তেতিয়া ঈশ্বৰে তেওঁলোকক এৰি দিয়া নাছিল; বৰং বিচাৰৰ দিন পর্যন্ত অন্ধকূপৰ বন্ধনত ৰক্ষিত হবলৈ তেওঁ সেই সকলক নৰকত পেলাই দিলে। (Tartaroō )
Denn wenn Gott die Engel, die gesündigt hatten, nicht verschonte, sondern sie in Banden der Finsternis der Hölle übergab, um sie zum Gericht aufzubehalten, (Tartaroō )
5 ৫ ঈশ্বৰে সেই পুৰণি জগতকো এৰি দিয়া নাছিল; ঈশ্বৰৰ প্রতি ভক্তিহীন লোক সকলৰ ওপৰলৈ তেওঁ জলপ্লাৱন আনিলে; কেৱল নোহ আৰু তেওঁৰ লগত আন সাত জনক তেওঁ ৰক্ষা কৰিলে। এই নোহে লোক সকলক ধাৰ্মিকতাৰ পথত চলাৰ সম্বন্ধে প্রচাৰ কৰিছিল।
und wenn er die alte Welt nicht verschonte, sondern Noah, den Prediger der Gerechtigkeit, als achten beschützte, als er die Sündflut über die Welt der Gottlosen brachte,
6 ৬ চদোম আৰু ঘমোৰা নগৰ ভস্ম কৰি ঈশ্বৰে সেই নগৰৰ লোক সকলক বিচাৰ কৰি শাস্তি দিছিল। ইয়াৰ দ্বাৰা ঈশ্বৰে ভাবী কালত ঈশ্বৰৰ ভক্তিহীন লোকৰ শেষ অৱস্থা কি হ’ব তাকেই উদাহৰণ স্বৰূপে স্থাপন কৰিলে।
auch die Städte Sodom und Gomorra einäscherte und so zum Untergang verurteilte, womit er sie zukünftigen Gottlosen zum Beispiel setzte,
7 ৭ কিন্তু লোটক তেওঁ ৰক্ষা কৰিছিল। লোট ধাৰ্মিক লোক আছিল। সেই নগৰৰ বিধানহীন মানুহবোৰৰ অনৈতিক চাল-চলনত তেওঁ অতি ব্যথিত হৈছিল।
während er den gerechten Lot herausrettete, der durch den ausschweifenden Lebenswandel der Zuchtlosen geplagt worden war
8 ৮ সেই ধাৰ্মিক লোক জনে বিধানহীন মানুহবোৰৰ মাজত বাস কৰিছিল আৰু তেওঁৰ ধার্মিক আত্মাই প্রতিদিনে এই লোক সকলৰ অধার্মিক কার্যবোৰ দেখি আৰু সেইবোৰৰ বিষয়ে শুনি যন্ত্রণা ভোগ কৰিছিল।
denn dadurch, daß er es mitansehen und mitanhören mußte, quälte der Gerechte, der unter ihnen wohnte, Tag für Tag seine gerechte Seele mit ihren gottlosen Werken;
9 ৯ গতিকে যি সকল ঈশ্বৰভক্ত লোক, তেওঁলোকক কেনেদৰে পৰীক্ষাৰ পৰা উদ্ধাৰ কৰিব লাগে, প্রভুৱে জানে। যি সকলে ঈশ্বৰক ভক্তি নকৰে, অধার্মিক লোক; তেওঁলোকক কেনেদৰে বিচাৰৰ দিনা শাস্তি দিয়া হ’ব, সেই বিষয়েও প্রভুৱে জানে।
so weiß der Herr die Gottseligen aus der Prüfung zu erretten, die Ungerechten aber für den Tag des Gerichts zur Bestrafung aufzubehalten,
10 ১০ এই দণ্ড বিশেষভাৱে তেওঁলোকৰ বাবে, যি সকলে অশুচিতাৰ মাংসিক অভিলাষবোৰত চলে আৰু প্রভুৰ কতৃত্বক হেয়জ্ঞান কৰে। এই ভণ্ড শিক্ষক সকল দু: সাহসী আৰু তেওঁলোকে নিজৰ ইচ্ছামতে চলে। তেওঁলোকে এনে কি স্বর্গৰ দূত সকলকো নিন্দা কৰিবলৈ ভয় নকৰে।
allermeist die, welche aus Begierde nach Befleckung dem Fleische nachlaufen und die Herrschaft verachten. Verwegen, frech, wie sie sind, fürchten sie sich nicht, die Majestäten zu lästern,
11 ১১ সকলো মনুষ্যতকৈয়ো স্বর্গৰ দূত সকল অধিক শক্তিশালী আৰু ক্ষমতাশালী, তথাপি প্রভুৰ ওচৰত তেওঁলোকৰ সম্বন্ধে কোনো দোষ, অভিযোগ উপস্থাপন নকৰে।
wo doch Engel, die an Stärke und Macht größer sind, kein lästerndes Urteil wider sie bei dem Herrn vorbringen.
12 ১২ কিন্তু জ্ঞানহীন, বুদ্ধিহীন পশুবোৰ নিজৰ স্বভাৱগত বাসনাৰ অধীন, যাৰ জন্ম মৰিবৰ বাবেই হৈছে; ভণ্ড শিক্ষক সকলো এনে বিচাৰ-বুদ্ধিহীন পশুৰ নিচিনা; তেওঁলোকে যি নাজানে, সেই বিষয়ে নিন্দা কৰে। নিজৰ মন্দতাতে সিহঁত ধ্বংস হৈ যাব।
Diese aber, wie unvernünftige Tiere von Natur zum Fang und Verderben geboren, lästern über das, was sie nicht verstehen, und werden in ihrer Verdorbenheit umkommen,
13 ১৩ নিজৰ মন্দ কামৰ বেচ হিচাপে সিহঁতে কষ্টভোগ কৰিব। এই লোক সকলে দিনৰ বেলা অন্যায় কাম কৰি আনন্দ কৰে। সেই সকল আপোনালোকৰ মাজত অপৰিস্কাৰ দাগ আৰু কলঙ্ক স্বৰূপ। তেওঁলোকে আপোনালোকৰ লগত ভোজন-পান কৰি নিজৰ প্রতাৰণাপূর্ণ সুখ উপভোগ কৰে;
indem sie so den Lohn der Ungerechtigkeit davontragen. Sie halten die zeitliche Wollust für Vergnügen, sind Schmutz und Schandflecken und schwelgen bei ihren Liebesmahlen und wenn sie mit euch zusammen schmausen;
14 ১৪ সকলো মহিলাৰ প্রতি তেওঁলোকৰ চকু ব্যভিচাৰেৰে ভৰা আৰু তেওঁলোকে পাপ কার্য কৰি কেতিয়াও সন্তুষ্ট নহয়; আৰু যি সকল চঞ্চলমনা, সেই সকলক ভুল পথত লৈ যায়৷ তেওঁলোকৰ মন কেৱল লোভ কৰাত অভ্যস্ত; তেওঁলোক অভিশপ্ত।
dabei haben sie Augen voll Ehebruch, hören nie auf zu sündigen, locken an sich die unbefestigten Seelen, haben ein Herz, geübt in der Habsucht, sind Kinder des Fluchs.
15 ১৫ এই ভণ্ড শিক্ষক সকলে পোন পথ ত্যাগ কৰি অপথে গৈছে। তেওঁলোকে বিয়োৰৰ পুত্ৰ বিলিয়মক অনুসৰণ কৰে; বিলিয়মে মন্দ কার্যক প্ৰেম কৰিলে আৰু তাৰে বেচ পাবলৈ উচিত দেখিছিল।
Weil sie den richtigen Weg verlassen haben, irren sie jetzt herum und folgen dem Wege Bileams, des Sohnes Beors, welcher den Lohn der Ungerechtigkeit liebte;
16 ১৬ কিন্তু বিলিয়মে তেওঁৰ অপৰাধৰ কাৰণে এটা গাধৰ পৰা কঠোৰ ধমক পালে। গাধ পশু হোৱা বাবে কথা কব নোৱাৰে। কিন্তু সেই গাধই মানুহৰ মাতেৰে কথা কৈ ভাৱবাদীৰ মূর্খ কার্যত বাধা দিছিল।
aber er bekam die Strafe für seine Übertretung: das stumme Lasttier redete mit Menschenstimme und wehrte der Torheit des Propheten.
17 ১৭ এই লোক সকল পানী নথকা নাদৰ নিচিনা আৰু ধুমুহা বতাহে চলাই নিয়া মেঘস্বৰূপ। তেওঁলোকৰ কাৰণে ঘোৰ আন্ধাৰ সাঁচি থোৱা হৈছে।
Solche [Menschen] sind Brunnen ohne Wasser, und Wolken, vom Sturmwind getrieben, welchen das Dunkel der Finsternis aufbehalten ist.
18 ১৮ কিয়নো তেওঁলোকে অসাৰতাৰ গর্ব কথা কয় আৰু মানুহক মাংসিক অভিলাষ পূর্ণ কৰাৰ বাসনা জগায়। যি সকলে ভুল পথত জীৱন-যাপন কৰা লোক সকলৰ সঙ্গৰ পৰা হাত সাৰি আহিবলৈ চেষ্টা কৰে, এনে লোক সকলক তেওঁলোকে পাপ স্বভাৱৰ মাংসিক অভিলাষলৈ প্রলুব্ধ কৰে।
Denn mit hochfahrenden, nichtigen Reden locken sie durch ausschweifende Fleischeslust diejenigen an sich, welche denen, die in der Irre gehen, kaum entflohen waren,
19 ১৯ এই ভণ্ড শিক্ষক সকলে তেওঁলোকক স্বাধীনতা দিয়াৰ প্ৰতিজ্ঞা কৰে, কিন্তু নিজেই সেই সকলো নিন্দনীয় কামৰ দাস হৈ থাকে। কাৰণ যিহে এজন মানুহক জয় কৰি পৰিচালনা কৰে, তেওঁ তাৰে দাস হয়।
dabei verheißen sie ihnen Freiheit, wo sie doch selbst Knechte des Verderbens sind; denn wovon jemand überwunden ist, dessen Sklave ist er geworden.
20 ২০ কিয়নো প্ৰভু আৰু ত্ৰাণকৰ্তা যীচু খ্ৰীষ্টক গভীৰভাৱে জনাৰ ফলত জগতৰ মন্দতাৰ পৰা হাত সাৰি অহাৰ পাছতো যেতিয়া সেই একেই পাপৰ জীৱনলৈ পুণৰাই ঘূৰি যায়, তেনেহলে তেওঁলোকৰ প্রথম অৱস্থাতকৈ শেষ অৱস্থা অধিক বেয়া হব।
Denn wenn sie durch die Erkenntnis des Herrn und Retters Jesus Christus den Befleckungen der Welt entflohen sind, aber wieder darin verstrickt werden und unterliegen, so wird es mit ihnen zuletzt ärger als zuerst.
21 ২১ কাৰণ যি পবিত্র বিধান তেওঁলোকে লাভ কৰিছিল, তাৰ পৰা যদি উলটি যায়, তেনেহলে তেওঁলোকৰ বাবে সেই ধাৰ্মিকতাৰ পথ নজনাই ভাল আছিল।
Denn es wäre für sie besser, daß sie den Weg der Gerechtigkeit nie erkannt hätten, als daß sie nach erlangter Erkenntnis sich wieder abwenden von dem ihnen überlieferten heiligen Gebot.
22 ২২ তেওঁলোকৰ ক্ষেত্রত এই প্রবাদ সত্য হৈছে, “কুকুৰে নিজৰ বমিলৈ ঘূৰে আৰু গাহৰিক ধুউৱা হলেও সি বোকালৈকে আকৌ উলটি যায়।”
Es ist ihnen ergangen nach dem wahren Sprichwort: «Der Hund frißt wieder, was er gespien hat, und die Sau wälzt sich nach der Schwemme wieder im Kot!»