< ২ পিতৰ 1 >
1 ১ মই চিমোন পিতৰ, যীচু খ্ৰীষ্টৰ এজন দাস আৰু পাঁচনি। যি সকলে আমাৰ ঈশ্বৰ আৰু ত্ৰাণকৰ্তা যীচু খ্ৰীষ্টৰ ধাৰ্মিকতাৰ মাধ্যমত আমি লাভ কৰাৰ দৰে একেই অমূল্য বিশ্বাস লাভ কৰিছে, সেই সকলৰ সমীপলৈ।
ये जना अस्माभिः सार्द्धम् अस्तदीश्वरे त्रातरि यीशुख्रीष्टे च पुण्यसम्बलितविश्वासधनस्य समानांशित्वं प्राप्तास्तान् प्रति यीशुख्रीष्टस्य दासः प्रेरितश्च शिमोन् पितरः पत्रं लिखति।
2 ২ ঈশ্বৰ আৰু আমাৰ প্ৰভু যীচুক গভীৰভাৱে জনাৰ মাজেদি আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি বাহুল্যৰূপে হওক।
ईश्वरस्यास्माकं प्रभो र्यीशोश्च तत्वज्ञानेन युष्मास्वनुग्रहशान्त्यो र्बाहुल्यं वर्त्ततां।
3 ৩ যি জনে নিজৰ মহিমা আৰু সদগুণেৰে আমাক আমন্ত্রণ কৰিলে, তেওঁক গভীৰভাৱে জনাৰ মাধ্যমেদি তেওঁৰ ঐশ্বৰিক শক্তিয়ে আমাক ঈশ্বৰৰ প্রতি ভক্তিপূর্ণ জীৱন-যাপন কৰাৰ সকলো বিষয় দান কৰিলে।
जीवनार्थम् ईश्वरभक्त्यर्थञ्च यद्यद् आवश्यकं तत् सर्व्वं गौरवसद्गुणाभ्याम् अस्मदाह्वानकारिणस्तत्त्वज्ञानद्वारा तस्येश्वरीयशक्तिरस्मभ्यं दत्तवती।
4 ৪ তেওঁ এইবোৰৰ দ্বাৰাই আমাক মূল্যবান আৰু অতি মহৎ প্ৰতিজ্ঞাবোৰ দান কৰিলে। তেওঁ এনেদৰে কৰিলে যাতে আপোনালোকে সেই প্রতিজ্ঞাবোৰৰ দ্বাৰাই জগতৰ মন্দ অভিলাষবোৰৰ দুর্নীতিৰ পৰা মুক্ত হৈ ঐশ্বৰিক স্বভাৱৰ সহভাগী হ’ব পাৰে।
तत्सर्व्वेण चास्मभ्यं तादृशा बहुमूल्या महाप्रतिज्ञा दत्ता याभि र्यूयं संसारव्याप्तात् कुत्सिताभिलाषमूलात् सर्व्वनाशाद् रक्षां प्राप्येश्वरीयस्वभावस्यांशिनो भवितुं शक्नुथ।
5 ৫ ঈশ্বৰে যি সকলো কৰিলে, তাৰ কাৰণে আপোনালোকৰ বিশ্বাসৰ মাধ্যমেৰে সদগুণ লাভ কৰিবলৈ নিজে সম্পূর্ণৰূপে যত্ন কৰক। সদগুণৰ লগতে আপোনাৰ জ্ঞানো বৃদ্ধি কৰক।
ततो हेतो र्यूयं सम्पूर्णं यत्नं विधाय विश्वासे सौजन्यं सौजन्ये ज्ञानं
6 ৬ জ্ঞানৰ লগত ইন্দ্ৰিয়-দমন, ইন্দ্ৰিয়-দমনৰ লগত ধৈৰ্য, ধৈৰ্যৰ লগত ঈশ্বৰভক্তি,
ज्ञान आयतेन्द्रियताम् आयतेन्द्रियतायां धैर्य्यं धैर्य्य ईश्वरभक्तिम्
7 ৭ ঈশ্বৰ-ভক্তিৰ লগত পৰস্পৰৰ মাজত ভাতৃ-স্নেহ আৰু ভাতৃ-স্নেহৰ লগত প্ৰেম বৃদ্ধি কৰক।
ईश्वरभक्तौ भ्रातृस्नेहे च प्रेम युङ्क्त।
8 ৮ কিয়নো আপোনালোকৰ যদি এই সকলো গুণ থাকে আৰু সেইবোৰ আপোনালোকৰ মাজত বৃদ্ধি পায়, তেনেহলে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ তত্ব-জ্ঞানত আপোনালোক কৰ্মহীন বা নিষ্ফল নহ’ব।
एतानि यदि युष्मासु विद्यन्तेे वर्द्धन्ते च तर्ह्यस्मत्प्रभो र्यीशुख्रीष्टस्य तत्त्वज्ञाने युष्मान् अलसान् निष्फलांश्च न स्थापयिष्यन्ति।
9 ৯ যি জনৰ এই সকলো গুণ নাই, তেওঁ ওচৰতহে দেখে; আচলতে তেওঁ অন্ধ। তেওঁক যে পূৰ্বৰ পাপ সমূহৰ পৰা শুচি কৰা হৈছে, সেই বিষয় তেওঁ পাহৰি গ’ল।
किन्त्वेतानि यस्य न विद्यन्ते सो ऽन्धो मुद्रितलोचनः स्वकीयपूर्व्वपापानां मार्ज्जनस्य विस्मृतिं गतश्च।
10 ১০ এতেকে ভাই সকল, ঈশ্বৰে যে আপোনালোকক আমন্ত্রণ আৰু মনোনীত কৰিছে, সেই বিষয়ে আপোনালোকে নিজে নিশ্চিত হবৰ কাৰণে অধিক যত্ন কৰক। এইবোৰ কৰিলে, আপোনালোকে উজুটি নাখাব।
तस्माद् हे भ्रातरः, यूयं स्वकीयाह्वानवरणयो र्दृढकरणे बहु यतध्वं, तत् कृत्वा कदाच न स्खलिष्यथ।
11 ১১ তাতে আমাৰ প্রভু আৰু ত্ৰাণকর্তা যীচু খ্রীষ্টৰ অনন্ত ৰাজ্যত আপোনালোকক অতি আন্তৰিকতাৰে প্রৱেশ কৰোঁৱা হ’ব। (aiōnios )
यतो ऽनेन प्रकारेणास्माकं प्रभोस्त्रातृ र्यीशुख्रीष्टस्यानन्तराज्यस्य प्रवेशेन यूयं सुकलेन योजयिष्यध्वे। (aiōnios )
12 ১২ এই হেতুকে, যদিও আপোনালোকে এই সকলোবোৰ জানে আৰু যি সত্য তাত থিৰে আছে, তথাপি মই সকলো সময়তে আপোনালোকক এই বিষয়বোৰ মনত পেলাই দিবলৈ প্রস্তুত থাকিম;
यद्यपि यूयम् एतत् सर्व्वं जानीथ वर्त्तमाने सत्यमते सुस्थिरा भवथ च तथापि युष्मान् सर्व्वदा तत् स्मारयितुम् अहम् अयत्नवान् न भविष्यामि।
13 ১৩ কিন্তু মই এইটো সঠিক বুলি ভাৱো যে, যিমান দিন মই এই তম্বুৰূপ অস্থায়ী দেহত থাকিম, সিমান দিনলৈকে এই বিষয়বোৰ সোঁৱৰাই দি আপোনালোকক জাগ্রত কৰি ৰখা মোৰ উচিত।
यावद् एतस्मिन् दूष्ये तिष्ठामि तावद् युष्मान् स्मारयन् प्रबोधयितुं विहितं मन्ये।
14 ১৪ কিয়নো মই জানো যে, শীঘ্রেই মই মোৰ তম্বু গুচাম; আমাৰ প্রভু যীচু খ্রীষ্টই ইয়াকে মোক জনালে।
यतो ऽस्माकं प्रभु र्यीशुख्रीष्टो मां यत् ज्ञापितवान् तदनुसाराद् दूष्यमेतत् मया शीघ्रं त्यक्तव्यम् इति जानामि।
15 ১৫ মই আপ্রাণ চেষ্টা কৰিছোঁ যাতে মোৰ মৃত্যুৰ পাছতো আপোনালোকে এই সকলো বিষয় সকলো সময়তে মনত ৰাখে।
मम परलोकगमनात् परमपि यूयं यदेतानि स्मर्त्तुं शक्ष्यथ तस्मिन् सर्व्वथा यतिष्ये।
16 ১৬ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পৰাক্ৰম আৰু তেওঁৰ আগমণ সম্বন্ধে আপোনালোকক জনাওঁতে আমি চতুৰতাৰে সজা কোনো গল্প-কথা কোৱা নাছিলো। আমি তেওঁৰ মহিমা নিজৰ চকুৰে দেখিছিলোঁ।
यतो ऽस्माकं प्रभो र्यीशुख्रीष्टस्य पराक्रमं पुनरागमनञ्च युष्मान् ज्ञापयन्तो वयं कल्पितान्युपाख्यानान्यन्वगच्छामेति नहि किन्तु तस्य महिम्नः प्रत्यक्षसाक्षिणो भूत्वा भाषितवन्तः।
17 ১৭ কিয়নো, “এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁতেই মই পৰম সন্তুষ্ট,” স্বর্গৰ গৌৰৱময় প্ৰতাপৰ দ্বাৰা তেওঁলৈ অহা এই বাণীৰ মাধ্যমেদি খ্রীষ্টই পিতৃ ঈশ্বৰৰ পৰা সন্মান আৰু গৌৰৱ পাইছিল।
यतः स पितुरीश्वराद् गौरवं प्रशंसाञ्च प्राप्तवान् विशेषतो महिमयुक्ततेजोमध्याद् एतादृशी वाणी तं प्रति निर्गतवती, यथा, एष मम प्रियपुत्र एतस्मिन् मम परमसन्तोषः।
18 ১৮ আমি যেতিয়া তেওঁৰ লগত সেই পবিত্ৰ পাহাৰত আছিলোঁ, তেতিয়া স্বৰ্গৰ পৰা কোৱা এই মাত নিজে শুনিছিলো।
स्वर्गात् निर्गतेयं वाणी पवित्रपर्व्वते तेन सार्द्धं विद्यमानैरस्माभिरश्रावि।
19 ১৯ ভাববাদী সকলৰ এই বাক্য আমাৰ ওচৰত অধিকৰূপে নিশ্চিত হৈছে আৰু সেই বিষয়ত মনোযোগ দিয়া আপোনালোকৰ পক্ষে ভাল। সেই বাক্য এক অন্ধকাৰ ঠাইত জ্বলি থকা চাকিৰ নিচিনা। যেতিয়ালৈকে ৰাতিপুৱা নহয় আৰু আপোনালোকৰ হৃদয়ত প্রভাতী তৰাৰ উদয় নহয়, তেতিয়ালৈকে অন্ধকাৰৰ মাজতো সেয়ে পোহৰ দিব।
अपरम् अस्मत्समीपे दृढतरं भविष्यद्वाक्यं विद्यते यूयञ्च यदि दिनारम्भं युष्मन्मनःसु प्रभातीयनक्षत्रस्योदयञ्च यावत् तिमिरमये स्थाने ज्वलन्तं प्रदीपमिव तद् वाक्यं सम्मन्यध्वे तर्हि भद्रं करिष्यथ।
20 ২০ সকলোৰে ওপৰত প্ৰথমে ইয়াকে জানি থওঁক যে, ধৰ্মশাস্ত্ৰৰ কোনো ভাৱবাণী, ভাৱবাদীজনৰ নিজৰ যুক্তি-ব্যাখ্যাৰ পৰা নাহে;
शास्त्रीयं किमपि भविष्यद्वाक्यं मनुष्यस्य स्वकीयभावबोधकं नहि, एतद् युष्माभिः सम्यक् ज्ञायतां।
21 ২১ ভাৱবাণী কেতিয়াও মানুহৰ ইচ্ছাৰে নাহে, কিন্তু পবিত্ৰ আত্মাৰ পৰিচালনাত ভাৱবাদী সকলে ঈশ্বৰৰ পৰা পোৱা কথা কয়।
यतो भविष्यद्वाक्यं पुरा मानुषाणाम् इच्छातो नोत्पन्नं किन्त्वीश्वरस्य पवित्रलोकाः पवित्रेणात्मना प्रवर्त्तिताः सन्तो वाक्यम् अभाषन्त।