< ২ রাজাবলি 1 >
1 ১ আহাবৰ মৃত্যুৰ পাছত, মোৱাব দেশে ইস্ৰায়েলৰ বিৰুদ্ধে বিদ্ৰোহ-আচৰণ কৰিলে।
Poslije smrti Ahabove pobuni se Moab protiv Izraela.
2 ২ অহজিয়াই চমৰিয়াত তেওঁৰ ঘৰৰ ওপৰ-কোঁঠালিৰ খিড়িকিয়েদি তললৈ পৰি আঘাত পালে। তেতিয়া তেওঁ কেইজনমান লোকক এইবুলি কৈ পঠাই দিলে যে, “তোমালোকে গৈ ইক্ৰোণৰ দেৱতা বাল-জবুবৰ ওচৰত সোধা, এই আঘাতৰ পৰা মই সুস্থ হ’ম নে নাই।”
Kako Ahazja bijaše pao preko prozorske rešetke svoje gornje odaje u Samariji i ozlijedio se, posla glasnike kojima reče: “Idite, pitajte Baal Zebuba, boga ekronskog, hoću li ozdraviti od ove bolesti.”
3 ৩ কিন্তু যিহোৱাৰ দূতে তিচবীয়া এলিয়াক ক’লে, “তুমি গৈ চমৰিয়াৰ ৰজাই পঠোৱা লোকসকলৰ লগত সাক্ষাত কৰি তেওঁলোকক কোৱা, ‘ইস্ৰায়েল দেশত জানো ঈশ্বৰ নাই যে, তোমালোকে ইক্ৰোণৰ বাল-জবুবৰ গুৰিত সুধিবলৈ গৈছা?
Ali je Anđeo Jahvin rekao Iliji Tišbijcu: “Ustani! Idi u susret glasnicima samarijanskoga kralja i reci im: 'Zar nema Boga u Izraelu te se idete savjetovati s Baal Zebubom, bogom ekronskim?'
4 ৪ সেয়ে যিহোৱাই কৈছে, “তুমি যি শয্যাত পৰি আছা, তাৰ পৰা তুমি পুনৰ নুঠিবা। তোমাৰ অৱেশ্যেই মৃত্যু হ’ব’।” এলিয়াই সেই লোকসকলক লগ ধৰিলে আৰু এই দৰে কৈ গুছি গ’ল।
I zato veli Jahve ovako: 'Nećeš sići s postelje u koju si se popeo; sigurno ćeš umrijeti.'” I ode Ilija.
5 ৫ পাছত সেই লোকসকল ৰজাৰ ওচৰলৈ ঘূৰি অহাৰ পাছত তেওঁ তেওঁলোকক সুধিলে, “তোমালোক কিয় উভটি আহিলা?”
Glasnici se vratiše k Ahazji, a on im reče: “Kako to da ste se već vratili?”
6 ৬ উত্তৰত তেওঁলোকে ক’লে, “এজন মানুহে আমাৰ লগত সাক্ষাত কৰি ক’লে, ‘যি জনে আপোনালোকক পঠিয়াইছে, আপোনালোক যেন সেই ৰজাৰ ওচৰলৈ উভটি গৈ তেওঁক জনায়, “যিহোৱাই কৈছে, ‘ইস্ৰায়েল দেশত জানো ঈশ্বৰ নাই, আপুনি যে ইক্ৰোণৰ দেৱতা বাল-জবুবৰ গুৰিত সুধিবৰ কাৰণে মানুহ পঠিয়াইছে? সেয়ে আপুনি যি শয্যাত পৰি আছে, তাৰ পৰা পুনৰ নুঠিব, কিন্তু অৱশ্যেই মৃত্যু হ’ব।’”
Oni mu odgovoriše: “Sreo nas neki čovjek i rekao nam: 'Idite, vratite se pred kralja koji vas je poslao i recite mu: Ovako veli Jahve: Zar nema Boga u Izraelu te si poslao po savjet k Baal Zebubu, bogu ekronskom? Zato nećeš sići s postelje na koju si se popeo, nego ćeš umrijeti.'”
7 ৭ ৰজাই তেওঁলোকক সুধিলে, “যি মানুহজনে তোমালোকৰ লগত সাক্ষাত কৰি এই কথা ক’লে, তেওঁ বাৰু দেখাত কেনেকুৱা আছিল?”
On ih upita: “Kakav bijaše na oči taj čovjek koji vas je sreo i rekao vam te riječi?”
8 ৮ তেওঁলোকে উত্তৰ দিলে, “তেওঁ জন্তুৰ নোমেৰে তৈয়াৰী পোছাক পিন্ধিছিল আৰু তেওঁৰ কঁকালত আছিল চামৰাৰ কটিবন্ধন।” ৰজাই ক’লে, “তেৱেঁ হৈছে তিচবীয়া এলিয়া।”
A oni mu odgovoriše: “Bio je to čovjek u kožuhu i s kožnim pojasom oko bedara.” On reče: “To je Ilija Tišbijac!”
9 ৯ তাৰ পাছত ৰজাই এজন সেনাপতি আৰু তেওঁৰ পঞ্চাশজন সৈন্যক এলিয়াৰ ওচৰলৈ পঠাই দিলে। এলিয়া সেই সময়ত পাহাৰৰ ওপৰত বহি আছিল। সেনাপতিজন এলিয়াৰ ওচৰলৈ উঠি গৈ ক’লে, “হে ঈশ্বৰৰ লোক, ৰজাই আপোনাক নামি আহিবলৈ কৈছে।”
Tada mu posla pedesetnika s njegovom pedesetoricom i ode taj k njemu i, našavši ga gdje sjedi na vrhu brijega, reče mu: “Čovječe Božji! Kralj je naredio: Siđi!”
10 ১০ এলিয়াই সেনাপতিজনক ক’লে, “মই যদি ঈশ্বৰৰ লোক হওঁ, তেন্তে আকাশৰ পৰা জুই নামি আহি যেন আপোনাক আৰু আপোনাৰ পঞ্চাশজন সৈন্যক পুৰি গ্ৰাস কৰে।” তেতিয়া আকাশৰ পৰা জুই নামি আহি সেই সেনাপতি আৰু তেওঁৰ পঞ্চাশজন সৈন্যক গ্ৰাস কৰিলে।
Ilija odgovori i reče pedesetniku: “Ako sam čovjek Božji, neka oganj siđe s neba i neka te proguta, tebe i tvoju pedesetoricu.” I oganj se spusti s neba i proguta ga, njega i njegovu pedesetoricu.
11 ১১ ৰজাই আকৌ এজন সেনাপতি আৰু তেওঁৰ পঞ্চাশজন সৈন্যক এলিয়াৰ ওচৰলৈ পঠালে। সেই সেনাপতিয়েও এলিয়াক ক’লে, “হে ঈশ্বৰৰ লোক, ৰজাই আপোনাক এতিয়াই নামি আহিবলৈ কৈছে।”
Kralj mu posla drugoga pedesetnika i njegovu pedesetoricu; a taj, kad dođe, reče mu: “Čovječe Božji! Kralj je ovo zapovjedio: Brže siđi!”
12 ১২ এলিয়াই উত্তৰ দি ক’লে, “মই যদি ঈশ্বৰৰ লোক হওঁ, তেন্তে আকাশৰ পৰা জুই নামি আহি যেন আপোনাক আৰু আপোনাৰ পঞ্চাশজন সৈন্যক পুৰি গ্ৰাস কৰে।” তেতিয়া পুনৰাই আকাশৰ পৰা ঈশ্বৰৰ জুই নামি আহি তেওঁক আৰু তেওঁৰ পঞ্চাশজন সৈন্যক গ্ৰাস কৰিলে।
Ilija odgovori i reče mu: “Ako sam čovjek Božji, neka siđe oganj s neba i proguta tebe i tvoju pedesetoricu.” I spusti se oganj s neba i proguta ga, njega i njegovu pedesetoricu.
13 ১৩ তাৰ পাছত পুনৰ ৰজাই তৃতীয়বাৰলৈ এজন সেনাপতি আৰু তেওঁৰ পঞ্চাশজন সৈন্যক পঠালে। এই তৃতীয় সেনাপতিয়ে ওপৰলৈ উঠি গৈ এলিয়াৰ সন্মুখত আঠুকাঢ়ি মিনতি কৰিলে, “হে ঈশ্বৰৰ লোক, আপোনাৰ দৃষ্টিত মোৰ আৰু আপোনাৰ এই পঞ্চাশজন দাসৰ জীৱন যেন বহুমূলীয়াৰূপে গ্রাহ্য হয়।
Kralj posla opet trećega pedesetnika i njegovu pedesetoricu. Treći pedesetnik dođe, prignu koljena pred Ilijom i zamoli ga ovako: “Čovječe Božji! Neka bude dragocjen u tvojim očima moj život i život ovih pedeset tvojih slugu!
14 ১৪ চাওক, আকাশৰ পৰা জুই নামি আগেয়ে অহা দুজন সেনাপতি আৰু তেওঁলোকৰ সকলো সৈন্যকে পুৰি গ্ৰাস কৰিলে; কিন্তু এইবাৰ আপোনাৰ দৃষ্টিত মোৰ প্ৰাণ বহুমূল্য হওক।”
Oganj se spustio s neba i progutao je oba pedesetnika s njihovom pedesetoricom; ali sada neka barem moj život bude dragocjen u tvojim očima!”
15 ১৫ তেতিয়া যিহোৱাৰ দূতে এলিয়াক ক’লে, “তুমি তেওঁৰ লগত নামি যোৱা, তেওঁক ভয় নকৰিবা।” তাতে এলিয়াই তেওঁৰ লগত নামি আহি ৰজাৰ ওচৰলৈ গ’ল।
Anđeo Jahvin reče Iliji: “Siđi s njim, ne boj se!” On ustade i siđe s njim pred kralja
16 ১৬ তেওঁ ৰজাক ক’লে, “যিহোৱাই এই কথা কৈছে, ‘আপুনি ইক্ৰোণৰ দেৱতা বাল-জবুবৰ ওচৰলৈ লোক পঠাইছিল। ইস্ৰায়েল দেশত জানো সুধিবৰ বাবে ঈশ্বৰ নাই? এনে কাম কৰাৰ কাৰণে যি শয্যাত আপুনি পৰি আছে, সেই শয্যাৰ পৰা আৰু উঠিব নোৱাৰিব; কিন্তু অৱশ্যেই মৃত্যু হ’ব’।”
i reče mu: “Ovako veli Jahve: zato što si slao glasnike Baal Zebubu, bogu ekronskom, po savjet, nećeš sići s postelje na koju si se popeo, nego ćeš umrijeti.”
17 ১৭ যিহোৱাই এলিয়াৰ যোগেদি যিদৰে কৈছিল, সেইদৰে ৰজা অহজিয়াৰ মৃত্যু হ’ল। অহজিয়াৰ কোনো পুত্ৰ সন্তান নথকাৰ বাবে তেওঁৰ ঠাইত যোৰাম ইস্রায়েলৰ ৰজা হ’ল। যিহূদাৰ ৰজা যিহোচাফটৰ পুত্র যিহোৰামৰ ৰাজত্ব কালৰ দ্বিতীয় বছৰত যোৰাম ইস্রায়েলৰ ৰজা হৈছিল।
I umrije po riječi Jahvinoj koju je objavio Ilija. A Joram, njegov brat, zakralji se mjesto njega druge godine Jorama, sina Jošafata, judejskoga kralja, jer ovaj nije imao sinova.
18 ১৮ অহজিয়াৰ আন আন সকলো কৰ্মৰ বৃত্তান্ত ইস্ৰায়েলৰ ৰজাসকলৰ “ইতিহাস” পুস্তকখনত জানো লিখা নাই?
Ostala povijest Ahazje, sve što je učinio, zar to nije zapisano u knjizi Ljetopisa kraljeva izraelskih?