< ২ রাজাবলি 9 >

1 ইলীচা ভাৱবাদীয়ে শিষ্য ভাববাদীসকলৰ মাজৰ এজনক মাতি ক’লে, “যাত্রাৰ বাবে সাজু হোৱা আৰু ৰামোৎ-গিলিয়দলৈ যোৱা। তেলৰ এই সৰু বটলটো তোমাৰ লগত লোৱা।”
و الیشع نبی یکی از پسران انبیا را خوانده، به او گفت: «کمر خود را ببند و این حقه روغن را به‌دست خود گرفته، به راموت جلعادبرو.۱
2 সেই ঠাই পালে তুমি নিমচীৰ নাতি অর্থাৎ যিহোচাফটৰ পুত্ৰ যেহূক বিচাৰিবা; তেওঁৰ ওচৰলৈ গৈ তেওঁক তেওঁৰ সঙ্গীসকলৰ মাজৰ পৰা আঁতৰাই এটা ভিতৰৰ কোঁঠালিলৈ লৈ যাবা।
و چون به آنجا رسیدی، ییهو ابن یهوشافاطبن نمشی را پیدا کن و داخل شده، او را از میان برادرانش برخیزان و او را به اطاق خلوت ببر.۲
3 তাৰ পাছত এই বটলটোৰ পৰা অলপমান তেল লৈ তেওঁৰ মূৰত ঢালি দি ক’বা যে, “যিহোৱাই এই কথা কৈছে, ‘ইস্ৰায়েলৰ ৰজা হিচাবে মই তোমাক অভিষেক কৰিলোঁ।’ তাৰ পাছত তুমি দুৱাৰখন মেলি দৌৰ মাৰিবা, পলম নকৰিবা।”
وحقه روغن را گرفته، به‌سرش بریز و بگو خداوندچنین می‌گوید که تو را به پادشاهی اسرائیل مسح کردم. پس در را باز کرده، فرار کن و درنگ منما.»۳
4 সেইদৰেই সেই যুৱক ভাববাদীজন ৰামোৎ-গিলিয়দলৈ গ’ল।
پس آن جوان، یعنی آن نبی جوان به راموت جلعاد آمد.۴
5 সেই ঠাই পাই তেওঁ দেখিলে সেনাবাহিনীৰ সেনাপতিসকল এঠাইত বহি আছে। যুৱক ভাৱবাদীজনে ক’লে, “সেনাপতি মহাশয়, মই আপোনাৰ বাবে এটা খবৰ লৈ আহিছোঁ।” যেহূৱে উত্তৰ দি সুধিলে, “সেই খবৰ আমাৰ মাজৰ কোনজনৰ কাৰণে?” তেওঁ ক’লে, “সেনাপতি মহাশয়, আপোনাৰ কাৰণেই।”
و چون بدانجا رسید، اینک سرداران لشکر نشسته بودند و او گفت: «ای سردار با توسخنی دارم.» ییهو گفت: «به کدام‌یک از جمیع ما؟» گفت: «به تو‌ای سردار!»۵
6 তাতে যেহূ উঠি ঘৰৰ ভিতৰলৈ গ’ল। তেতিয়া সেই ভাৱবাদীয়ে যেহূৰ মূৰত তেল ঢালি দি ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: ‘যিহোৱাৰ লোকসকলৰ ওপৰত অর্থাৎ ইস্ৰায়েলৰ ওপৰত ৰজা হিচাবে মই তোমাক অভিষেক কৰিলোঁ।
پس او برخاسته، به خانه داخل شد و روغن را به‌سرش ریخته، وی را گفت: «یهوه، خدای اسرائیل چنین می‌گوید که تو را بر قوم خداوند، یعنی بر اسرائیل به پادشاهی مسح کردم.۶
7 তোমাৰ প্ৰভু আহাবৰ বংশক তুমি বিনষ্ট কৰিবা। ঈজেবলৰ হাতেৰে মোৰ দাসবোৰৰ অর্থাৎ ভাববাদীসকলৰ আৰু যিহোৱাৰ আন সকলো দাসবোৰৰ যি ৰক্তপাত কৰা হ’ল, তাৰ প্ৰতিশোধ মই যেন লব পাৰোঁ।
و خاندان آقای خود، اخاب راخواهی زد تا من انتقام خون بندگان خود، انبیا را وخون جمیع بندگان خداوند را از دست ایزابل بکشم.۷
8 আহাবৰ বংশৰ সকলোৱেই বিনষ্ট হ’ব; দাস হওঁক বা স্বাধীন হওঁক, আহাবৰ বংশৰ প্ৰতিজন ল’ৰা শিশুক মই বিনষ্ট কৰিম।
و تمامی خاندان اخاب هلاک خواهندشد. و از اخاب هر مرد را و هر بسته و رهاشده‌ای در اسرائیل را منقطع خواهم ساخت.۸
9 মই তেওঁৰ বংশক নবাটৰ পুতেক যাৰবিয়ামৰ বংশৰ নিচিনা আৰু অহিয়াৰ পুতেক বাচাৰ বংশৰ নিচিনা কৰিম।
و خاندان اخاب را مثل خاندان یربعام بن نباط و مانندخاندان بعشا ابن اخیا خواهم ساخت.۹
10 ১০ কুকুৰবোৰে ঈজেবলক যিজ্ৰিয়েলৰ এলেকাত খাই পেলাব আৰু তাইক মৈদাম দিবলৈ কোনো নহ’ব।’” এইবুলি কৈ যুবক ভাৱবাদীজনে দুৱাৰ খুলি দৌৰি পলাল।
و سگان، ایزابل را در ملک یزرعیل خواهند خورد ودفن کننده‌ای نخواهند بود.» پس در را باز کرده، بگریخت.۱۰
11 ১১ যেহূৱে বাহিৰলৈ আহি যেতিয়া তেওঁৰ সঙ্গী প্ৰভুৰ সেনাপতিসকলৰ ওচৰলৈ গ’ল, তেতিয়া তেওঁলোকৰ এজনে তেওঁক সুধিলে, “সকলো ঠিকেই আছে নে? সেই বলীয়াটো আপোনাৰ ওচৰলৈ কিয় আহিছিল?” যেহূৱে ক’লে, “আপোনালোকেতো সেই মানুহক চিনি পায় আৰু তেওঁ কেনে ধৰণৰ প্রলাপ বকে, তাকো জানে।”
و ییهو نزد بندگان آقای خویش بیرون آمدو کسی وی را گفت: «آیا سلامتی است؟ و این دیوانه برای چه نزد تو آمد؟» به ایشان گفت: «شمااین مرد و کلامش را می‌دانید.»۱۱
12 ১২ তেওঁলোকে ক’লে, “নহয়, আমি সেইবোৰ একো নাজানো। আমাক সকলো কথা খুলি কওঁক।” যিহূৱে তেতিয়া ক’লে, “তেওঁ মোক এই কথা ক’লে যে, যিহোৱাই এইদৰে কৈছে: “ইস্ৰায়েলৰ ওপৰত ৰজা হিচাবে মই তোমাক অভিষেক কৰিছোঁ।”
گفتند: «چنین نیست. ما را اطلاع بده.» پس او گفت: «چنین وچنان به من تکلم نموده، گفت که خداوند چنین می‌فرماید: تو را به پادشاهی اسرائیل مسح کردم.»۱۲
13 ১৩ তেতিয়া সেই সেনাপতিসকলৰ প্রত্যেকেই লগে লগে নিজৰ গাৰ পৰা ওপৰৰ কাপোৰখন লৈ খটখটিৰ ওপৰত যেহূৰ ভৰিৰ তলত পাৰি দিলে। তাৰ পাছত তেওঁলোকে শিঙা বজাই চিঞঁৰি ক’বলৈ ধৰিলে, “যেহূ ৰজা হ’ল।”
آنگاه ایشان تعجیل نموده، هر کدام رخت خود را گرفته، آن را زیر او به روی زینه نهادند، و کرنا را نواخته، گفتند که «ییهو پادشاه است.»۱۳
14 ১৪ এইদৰে নিমচীৰ নাতি, অর্থাৎ যিহোচাফটৰ পুত্ৰ যেহূৱে যোৰামৰ বিৰুদ্ধে ষড়যন্ত্র কৰিলে। সেই সময়তে ৰজা যোৰাম আৰু সমগ্র ইস্ৰায়েলবাসীয়ে অৰামৰ ৰজা হজায়েলৰ হাতৰ পৰা ৰামোৎ-গিলিয়দ ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল।
لهذا ییهو ابن یهوشافاط بن نمشی بر یورام بشورید و یورام خود و تمامی اسرائیل، راموت جلعاد را از حزائیل، پادشاه ارام نگاه می‌داشتند.۱۴
15 ১৫ কিন্তু অৰামৰ ৰজা হজায়েলৰ সৈতে যুদ্ধ কৰাৰ সময়ত অৰামীয়াসকলে যোৰামক যি আঘাত কৰিছিল, তাৰ পৰা সুস্থ হ’বলৈ ৰজা যোৰাম যিজ্ৰিয়েললৈ উভটি আহিছিল। তাৰ পাছত যেহূৱে যোৰামৰ দাস, সঙ্গী সেনাপতি সকলক ক’লে, “আপোনালোকৰো যদি এয়ে মত হয়, তেন্তে যিজ্ৰিয়েলত এই কথা জনাবলৈ কোনো লোকক নগৰৰ পৰা ওলাই যাব নিদিব।”
اما یهورام پادشاه به یزرعیل مراجعت کرده بود تا از جراحتهایی که ارامیان به او رسانیده بودند وقتی که با حزائیل، پادشاه ارام، جنگ می‌نمود، شفا یابد. پس ییهو گفت: «اگر رای شمااین است، مگذارید که کسی رها شده، از شهربیرون رود مبادا رفته، به یزرعیل خبر برساند.»۱۵
16 ১৬ তাৰ পাছত যেহূৱে এখন ৰথত উঠি যিজ্ৰিয়েললৈ গ’ল; কিয়নো সেই ঠাইত যোৰাম শয্যাত পৰি আছিল। সেই সময়ত যিহূদাৰ ৰজা অহজিয়াও যোৰামক চাবৰ কাৰণে তালৈ নামি গৈছিল।
پس ییهو به ارابه سوار شده، به یزرعیل رفت زیرا که یورام در آنجا بستری بود و اخزیا، پادشاه یهودا برای عیادت یورام فرود آمده بود.۱۶
17 ১৭ যেহূৰ সৈন্য দলক অহা দেখি যিজ্ৰিয়েলৰ ওখ দুৰ্গৰ ওপৰত থিয় হৈ পহৰা দিয়া প্রহৰীজনে চিঞঁৰি উঠিল, “মই এদল মানুহ অহা দেখিছোঁ।” তেতিয়া যোৰামে ক’লে, “এজন অশ্বাৰোহীক তেওঁলোকৰ ওচৰলৈ পঠাই দিয়া আৰু তেওঁ গৈ তেওঁলোকক সুধিবলৈ ক’বা, ‘আপোনালোক শান্তিভাৱেৰে আহিছে নে’?”
پس دیده یانی بر برج یزرعیل ایستاده بود، و جمعیت، ییهو را وقتی که می‌آمد، دید و گفت: «جمعیتی می‌بینم.» و یهورام گفت: «سواری گرفته، به استقبال ایشان بفرست تا بپرسد که آیاسلامتی است؟»۱۷
18 ১৮ পাছত সেইদৰে এজন অশ্বাৰোহী যেহূৰ সাক্ষাৎ হ’বলৈ ওলাই গ’ল আৰু তেওঁক ক’লে, “ৰজাই সুধিছে, আপোনালোক শান্তিভাৱেৰে আহিছে নে?” তাতে যেহূৱে ক’লে, “শান্তিৰে অহাটো তোমাক কিয় লাগে? তুমি ঘূৰি মোৰ পাছে পাছে আহাঁ।” সেই প্রহৰীজনে তেতিয়া ৰজাক খবৰ দিলে, “সেই বার্তাবাহকজন গৈ তেওঁলোকৰ ওচৰ পালে, কিন্তু তেওঁ এতিয়ালৈকে উভটি অহা নাই।”
پس سواری به استقبال وی رفت و گفت: «پادشاه چنین می‌فرماید که آیاسلامتی است؟» ییهو جواب داد که «تو را باسلامتی چه‌کار است؟ به عقب من برگرد.» و دیده بان خبر داده گفت که «قاصد نزد ایشان رسید، امابرنمی گردد.»۱۸
19 ১৯ তেতিয়া ৰজাই দ্বিতীয় আন এজন অশ্বাৰোহীক পঠালে; তেওঁ সেই সৈন্য দলৰ ওচৰলৈ গৈ ক’লে, “ৰজাই এই কথা কৈছে, ‘আপোনালোক শান্তিভাৱেৰে আহিছে নে’?” যেহূৱে উত্তৰ দি’লে, “শান্তিৰে অহাটো তোমাক কিয় লাগে? তুমি ঘূৰি মোৰ পাছে পাছে আহা।”
پس سوار دیگری فرستاد و اونزد ایشان آمد و گفت: «پادشاه چنین می‌فرماید که آیا سلامتی است؟» ییهو جواب داد: «تو را باسلامتی چه‌کار است؟ به عقب من برگرد.»۱۹
20 ২০ সেই প্রহৰীজনে পুনৰায় খবৰ দিলে, “সেই বার্তাবাহক জনেও গৈ তেওঁলোকক লগ পালে, কিন্তু তেৱোঁতো এতিয়ালৈকে উভটি অহা নাই। ৰথ চলোৱাটো দেখি ভাব হৈছে নিমচীৰ নাতিয়েক যেহূৱে ৰথ চলাইছে। কিয়নো তেওঁ বলিয়াৰ দৰে ৰথ চলাইছে।”
ودیده بان خبر داده، گفت که «نزد ایشان رسید امابرنمی گردد و راندن مثل راندن ییهو ابن نمشی است زیرا که به دیوانگی می‌راند.»۲۰
21 ২১ তেতিয়া যোৰামে ক’লে, “মোৰ ৰথ যুগুত কৰা।” তেওঁলোকে তেওঁৰ ৰথ যুগুত কৰাৰ পাছত ইস্ৰায়েলৰ ৰজা যোৰাম আৰু যিহূদাৰ ৰজা অহজিয়াই নিজৰ নিজৰ ৰথত উঠি যেহূক লগ পাবলৈ ওলাই গ’ল। তেওঁলোকে যেহূক যিজ্ৰিয়েলীয়া নাবোতৰ এলেকাত লগ পালে।
و یهورام گفت: «حاضر کنید.» پس ارابه اورا حاضر کردند و یهورام، پادشاه اسرائیل واخزیا، پادشاه یهودا، هر یک بر ارابه خود بیرون رفتند و به استقبال ییهو بیرون شده، او را در ملک نابوت یزرعیلی یافتند.۲۱
22 ২২ যোৰামে যেহূক দেখামাত্ৰকে সুধিলে, “যেহূ, তুমি শান্তিভাৱেৰে আহিছা নে?” তেওঁ ক’লে, “আপোনাৰ মা ঈজেবলৰ ব্যভিচাৰী কার্যৰ প্রতিমাপূজা আৰু মায়াকর্মৰ কাম যেতিয়া ইমান বেছিকৈ হৈছে তেন্তে তাত আৰু কি শান্তি থাকিব পাৰে?”
و چون یهورام، ییهو رادید گفت: «ای ییهو آیا سلامتی است؟» او جواب داد: «چه سلامتی مادامی که زناکاری مادرت ایزابل و جادوگری وی اینقدر زیاد است؟»۲۲
23 ২৩ এই কথা শুনি যোৰামে নিজৰ ৰথ ঘূৰাই পলাবলৈ ধৰিলে আৰু অহজিয়াক ক’লে, “অহজিয়া, ই বিশ্বাসঘাতক।”
آنگاه یهورام، دست خود را برگردانیده، فرارکرد و به اخزیا گفت: «ای اخزیا خیانت است.»۲۳
24 ২৪ তেতিয়া যেহূৱে নিজৰ সমস্ত বলেৰে সৈতে ধনুৰ জোঁৰ টানি, যোৰামৰ দুই কান্ধৰ মাজত কাঁড়ডাল মাৰি পঠালে। সেই কাঁড় গৈ ৰজা যোৰামৰ হৃদপিণ্ডৰ মাজেদি সৰকি গ’ল আৰু তেওঁ কুঁজা হৈ ৰথতে পৰি গ’ল।
و ییهو کمان خود را به قوت تمام کشیده، درمیان بازوهای یهورام زد که تیر از دلش بیرون آمدو در ارابه خود افتاد.۲۴
25 ২৫ তেতিয়া যেহূৱে তেওঁৰ সেনাপতি বিদকৰক ক’লে, “তেওঁক তুলি নি যিজ্ৰিয়েলীয়া নাবোতৰ এলেকাত পেলাই দিয়া। মনত পেলোৱাছোন! মই আৰু তুমি যেতিয়া একেলগে তেওঁৰ পিতৃ আহাবৰ পিছত ৰথেৰে গৈছিলোঁ, তেতিয়া যিহোৱাই আহাবৰ বিৰুদ্ধে এই ভাৱবাণী কৈছিল:
و ییهو به بدقر، سردارخود گفت: «او را برداشته، در حصه ملک نابوت یزرعیلی بینداز و بیادآور که چگونه وقتی که من وتو با هم از عقب پدرش اخاب، سوار می‌بودیم، خداوند این وحی را درباره او فرمود.۲۵
26 ২৬ ‘মই যিহোৱাই কৈছো, যোৱাকালি মই নাবোতৰ আৰু তেওঁৰ পুতেকসকলৰ তেজ দেখিলোঁ আৰু এই মাটিতেই মই নিশ্চয়কৈ তোমাক তাৰ প্ৰতিফল দিম।’ এই হেতুকে তুমি এতিয়া যিহোৱাৰ কথা অনুসাৰে তেওঁক তুলি লৈ সেই মাটিত পেলাই দিয়া।”
خداوندمی گوید: هرآینه خون نابوت و خون پسرانش رادیروز دیدم و خداوند می‌گوید: که در این ملک به تو مکافات خواهم رسانید. پس الان او را بردار وبه موجب کلام خداوند او را در این ملک بینداز.»۲۶
27 ২৭ যি ঘটিল, তাকে দেখি যিহূদাৰ ৰজা অহজিয়াই বৈৎ-হাগগানৰ পথেদি পলাই গ’ল। যেহূৱে তেওঁৰ পাছে পাছে খেদি গৈ চিঞৰিলে, “তেওঁকো ৰথৰ ভিতৰত বধ কৰা।” তেতিয়া তেওঁলোকে যিব্লিয়ামৰ ওচৰৰ গূৰলৈ উঠি যোৱা পথত তেওঁক আঘাত কৰিলে। অহজিয়াই মগিদ্দোলৈ পলাই গ’ল আৰু তাতে তেওঁ মৰিল।
اما چون اخزیا، پادشاه یهودا این را دید، به راه خانه بوستان فرار کرد و ییهو او را تعاقب نموده، فرمود که او را بزنید و او را نیز در ارابه‌اش به فراز جور که نزد یبلعام است (زدند) و او تامجدو فرار کرده، در آنجا مرد.۲۷
28 ২৮ তেওঁৰ দাসবোৰে তেওঁক ৰথত তুলি যিৰূচালেমলৈ লৈ গ’ল আৰু দায়ুদৰ নগৰত তেওঁৰ ওপৰ-পিতৃসকলৰ লগত তেওঁৰ মৈদামত তেওঁক মৈদাম দিলে।
و خادمانش اورا در ارابه به اورشلیم بردند و او را در مزارخودش در شهر داود با پدرانش دفن کردند.۲۸
29 ২৯ আহাবৰ পুত্ৰ যোৰামৰ ৰাজত্ব কালৰ একাদশ বছৰত অহজিয়া যিহূদাৰ ৰজা হৈছিল।
و در سال یازدهم یورام بن اخاب، اخزیا بریهودا پادشاه شد.۲۹
30 ৩০ তাৰ পাছত যেহূ যিজ্ৰিয়েললৈ গ’ল। ঈজেবলে এই বাতৰি পাই চকুত কাজল লগালে আৰু কেশ-বিন্যাসেৰে নিজক শোভিত কৰি খিড়িকিয়েদি চালে।
و چون ییهو به یزرعیل آمد، ایزابل این راشنیده، سرمه به چشمان خود کشیده و سر خود را زینت داده، از پنجره نگریست.۳۰
31 ৩১ যেহূ যেতিয়া দুৱাৰেদি সোমাই আহিল, তেতিয়া ঈজেবলে তেওঁক ক’লে, “তুমি শান্তিৰে আহিলা নে জিম্ৰী, নিজৰ প্রভুৰ হত্যাকাৰী?”
و چون ییهوبه دروازه داخل شد، او گفت: «آیا زمری را که آقای خود را کشت، سلامتی بود؟»۳۱
32 ৩২ তেতিয়া যেহূৱে ওপৰলৈ খিড়িকিৰ ফালে চাই ক’লে, “মোৰ পক্ষত কোন আছে? কোন কোন আছে?” তাতে দুই তিনিজন নপুংসকে ওপৰৰ পৰা বাহিৰলৈ চালে।
و او به سوی پنجره نظر افکنده، گفت: «کیست که به طرف من باشد؟ کیست؟» پس دو سه نفر ازخواجگان به سوی او نظر کردند.۳۲
33 ৩৩ যেহূৱে ক’লে, “তেওঁক তললৈ পেলাই দিয়া।” তেতিয়া তেওঁলোকে ঈজেবলক তললৈ পেলাই দিলে; তাতে ঈজেবলৰ কিছু তেজ দেৱালত আৰু ঘোঁৰাবোৰৰ গাত ছিটিকি পৰিল আৰু যেহূৰ ৰথৰ ঘোঁৰাবোৰে তেওঁক ভৰিৰে গচকিলে;
و او گفت: «اورا بیندازید.» پس او را به زیر انداختند و قدری ازخونش بر دیوار و اسبان پاشیده شد و او را پایمال کرد.۳۳
34 ৩৪ তাৰ পাছত যেহূ ৰাজগৃহৰ ভিতৰলৈ গৈ ভোজন-পান কৰিলে; তেতিয়া তেওঁ ক’লে, “এই শাও পোৱা মহিলাগৰাকীক এতিয়া চোৱা; তাইক লৈ মৈদাম দিয়াগৈ; কিয়নো তাই ৰজাৰ জীয়েক।”
و داخل شده، به اکل و شرب مشغول گشت. پس گفت: «این زن ملعون را نظر کنید، و اورا دفن نمایید زیرا که دختر پادشاه است.»۳۴
35 ৩৫ লোকসকলে যেতিয়া ঈজেবলক মৈদাম দিবৰ কাৰণে ওলাই গ’ল, তেতিয়া মূৰৰ লাউখোলা, ভৰি আৰু হাতৰ বাহিৰে তেওঁৰ একোকে নাপালে।
اماچون برای دفن کردنش رفتند، جز کاسه سر وپایها و کفهای دست، چیزی از او نیافتند.۳۵
36 ৩৬ সেয়ে তেওঁলোকে উভটি গৈ যেহূক এই বাতৰি দিলে; তাতে তেওঁ ক’লে, “যিহোৱাই তেওঁৰ দাস তিচবীয়া এলিয়াৰ দ্বাৰাই ঠিক এই কথাই কৈছিল যে, ‘যিজ্ৰিয়েলৰ মাটিত কুকুৰবোৰে ঈজেবলৰ মঙহ খাব,
پس برگشته، وی را خبر دادند. و او گفت: «این کلام خداوند است که به واسطه بنده خود، ایلیای تشبی تکلم نموده، گفت که سگان گوشت ایزابل را در ملک یزرعیل خواهند خورد.۳۶
37 ৩৭ আৰু সেই মাটিত ঈজেবলৰ শৱ গোবৰৰ দৰে পৰি থাকিব; তাতে কোনেও ক’ব নোৱাৰিব যে, ‘এইটো ঈজেবলৰ দেহ’।”
و لاش ایزابل مثل سرگین به روی زمین، در ملک یزرعیل خواهد بود، به طوری که نخواهند گفت که این ایزابل است.»۳۷

< ২ রাজাবলি 9 >