< ২ রাজাবলি 9 >
1 ১ ইলীচা ভাৱবাদীয়ে শিষ্য ভাববাদীসকলৰ মাজৰ এজনক মাতি ক’লে, “যাত্রাৰ বাবে সাজু হোৱা আৰু ৰামোৎ-গিলিয়দলৈ যোৱা। তেলৰ এই সৰু বটলটো তোমাৰ লগত লোৱা।”
၁ဤအတောအတွင်း၌ပရောဖက်ဧလိရှဲ သည် လူငယ်ပရောဖက်တစ်ပါးကိုခေါ်၍``သင် သည်ရာမုတ်မြို့သို့သွားရန်အသင့်ပြင်လော့။ ဤသံလွင်ဆီဘူးကိုလည်းယူသွားလော့။ ထို မြို့သို့ရောက်သောအခါ၊-
2 ২ সেই ঠাই পালে তুমি নিমচীৰ নাতি অর্থাৎ যিহোচাফটৰ পুত্ৰ যেহূক বিচাৰিবা; তেওঁৰ ওচৰলৈ গৈ তেওঁক তেওঁৰ সঙ্গীসকলৰ মাজৰ পৰা আঁতৰাই এটা ভিতৰৰ কোঁঠালিলৈ লৈ যাবা।
၂နိမ်ရှိ၏မြေး၊ ယေဟောရှဖတ်၏သားယေဟု ကိုရှာလော့။ သူ့ကိုအဖော်များရှိရာမှဝေး ရာဆိတ်ကွယ်သည့်အခန်းသို့ခေါ်ပြီးလျှင်၊-
3 ৩ তাৰ পাছত এই বটলটোৰ পৰা অলপমান তেল লৈ তেওঁৰ মূৰত ঢালি দি ক’বা যে, “যিহোৱাই এই কথা কৈছে, ‘ইস্ৰায়েলৰ ৰজা হিচাবে মই তোমাক অভিষেক কৰিলোঁ।’ তাৰ পাছত তুমি দুৱাৰখন মেলি দৌৰ মাৰিবা, পলম নকৰিবা।”
၃ဤဆီကိုသူ၏ဦးခေါင်းပေါ်တွင်လောင်း၍ ထာဝရဘုရားက`ငါသည်သင့်အားဣသရေ လဘုရင်အဖြစ်ဘိသိက်ပေး၏' ဟုမိန့်တော် မူကြောင်းဆင့်ဆိုလော့'' ဟုမှာကြားလိုက်၏။
4 ৪ সেইদৰেই সেই যুৱক ভাববাদীজন ৰামোৎ-গিলিয়দলৈ গ’ল।
၄သို့ဖြစ်၍ပရောဖက်ငယ်သည်ရာမုတ်မြို့ သို့သွားရာ၊-
5 ৫ সেই ঠাই পাই তেওঁ দেখিলে সেনাবাহিনীৰ সেনাপতিসকল এঠাইত বহি আছে। যুৱক ভাৱবাদীজনে ক’লে, “সেনাপতি মহাশয়, মই আপোনাৰ বাবে এটা খবৰ লৈ আহিছোঁ।” যেহূৱে উত্তৰ দি সুধিলে, “সেই খবৰ আমাৰ মাজৰ কোনজনৰ কাৰণে?” তেওঁ ক’লে, “সেনাপতি মহাশয়, আপোনাৰ কাৰণেই।”
၅ထိုအရပ်တွင်တပ်မှူးများတိုင်ပင်နေကြသည် ကိုတွေ့လျှင်``တပ်မှူးမင်း၊ အကျွန်ုပ်သည်အရှင့် အတွက်သတင်းယူဆောင်လာပါသည်'' ဟု ဆို၏။ ယေဟုက``ငါတို့အနက်မည်သူ့အတွက်နည်း'' ဟုမေး၏။ ထိုအခါပရောဖက်ငယ်က``အရှင့်အတွက် ဖြစ်ပါသည်'' ဟုဆို၏။-
6 ৬ তাতে যেহূ উঠি ঘৰৰ ভিতৰলৈ গ’ল। তেতিয়া সেই ভাৱবাদীয়ে যেহূৰ মূৰত তেল ঢালি দি ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: ‘যিহোৱাৰ লোকসকলৰ ওপৰত অর্থাৎ ইস্ৰায়েলৰ ওপৰত ৰজা হিচাবে মই তোমাক অভিষেক কৰিলোঁ।
၆ထိုနောက်သူတို့နှစ်ယောက်သည်အိမ်ထဲသို့ဝင် သွားပြီးလျှင် လူငယ်ပရောဖက်သည်ယေဟု ၏ဦးခေါင်းပေါ်သို့သံလွင်ဆီကိုသွန်းလောင်း ကာ``ဣသရေလအမျိုးသားတို့၏ဘုရားသခင်ထာဝရဘုရားက`ငါသည်သင့်အား ဣသရေလဘုရင်အဖြစ်ဘိသိက်ပေး၏။-
7 ৭ তোমাৰ প্ৰভু আহাবৰ বংশক তুমি বিনষ্ট কৰিবা। ঈজেবলৰ হাতেৰে মোৰ দাসবোৰৰ অর্থাৎ ভাববাদীসকলৰ আৰু যিহোৱাৰ আন সকলো দাসবোৰৰ যি ৰক্তপাত কৰা হ’ল, তাৰ প্ৰতিশোধ মই যেন লব পাৰোঁ।
၇ငါ၏ပရောဖက်များနှင့်အခြားအစေခံ များကိုသတ်သည့်အပြစ်အတွက် ယေဇဗေလ အားငါဒဏ်ခတ်နိုင်ရန်သင်သည် အာဟပ်၏ သား၊ သင့်အရှင်ဘုရင်မင်းအားလုပ်ကြံရမည်။-
8 ৮ আহাবৰ বংশৰ সকলোৱেই বিনষ্ট হ’ব; দাস হওঁক বা স্বাধীন হওঁক, আহাবৰ বংশৰ প্ৰতিজন ল’ৰা শিশুক মই বিনষ্ট কৰিম।
၈အာဟပ်၏မိသားစုနှင့်သူ၏မြေးအပေါင်း တို့သည်သေရကြမည်။ သူ၏မိသားစုမှ ယောကျာ်းမှန်သမျှကိုကြီးငယ်မရွေးငါ ပယ်ရှားမည်။-
9 ৯ মই তেওঁৰ বংশক নবাটৰ পুতেক যাৰবিয়ামৰ বংশৰ নিচিনা আৰু অহিয়াৰ পুতেক বাচাৰ বংশৰ নিচিনা কৰিম।
၉ဣသရေလဘုရင်ယေရောဗောင်နှင့်ဗာရှာတို့ ၏အိမ်ထောင်စုတို့ကို ငါစီရင်ခဲ့သည့်နည်းတူ အာဟပ်၏အိမ်ထောင်စုကိုလည်းငါစီရင်မည်။-
10 ১০ কুকুৰবোৰে ঈজেবলক যিজ্ৰিয়েলৰ এলেকাত খাই পেলাব আৰু তাইক মৈদাম দিবলৈ কোনো নহ’ব।’” এইবুলি কৈ যুবক ভাৱবাদীজনে দুৱাৰ খুলি দৌৰি পলাল।
၁၀ယေဇဗေလ၏အလောင်းကိုသင်္ဂြိုဟ်ရလိမ့် မည်မဟုတ်။ သူ၏အလောင်းသည်ယေဇရေလ အရပ်တွင် ခွေးစာဖြစ်လိမ့်မည်' ဟုမိန့်တော် မူ၏'' ဟုဆင့်ဆို၏။ ထိုနောက်ပရောဖက်ငယ် သည်အခန်းထဲမှထွက်ပြေးလေ၏။
11 ১১ যেহূৱে বাহিৰলৈ আহি যেতিয়া তেওঁৰ সঙ্গী প্ৰভুৰ সেনাপতিসকলৰ ওচৰলৈ গ’ল, তেতিয়া তেওঁলোকৰ এজনে তেওঁক সুধিলে, “সকলো ঠিকেই আছে নে? সেই বলীয়াটো আপোনাৰ ওচৰলৈ কিয় আহিছিল?” যেহূৱে ক’লে, “আপোনালোকেতো সেই মানুহক চিনি পায় আৰু তেওঁ কেনে ধৰণৰ প্রলাপ বকে, তাকো জানে।”
၁၁ယေဟုသည်မိမိ၏အဖော်တပ်မှူးများထံ သို့ပြန်လာသောအခါ ထိုသူတို့က``အစစ အရာရာအဆင်ပြေပါ၏လော။ ထိုသူရူး သည်အဘယ်ကိစ္စနှင့်သင့်ထံသို့လာပါ သနည်း'' ဟုမေးကြ၏။ ယေဟုက``သူ၏ကိစ္စကိုသင်တို့သိပါ၏'' ဟု ဖြေ၏။
12 ১২ তেওঁলোকে ক’লে, “নহয়, আমি সেইবোৰ একো নাজানো। আমাক সকলো কথা খুলি কওঁক।” যিহূৱে তেতিয়া ক’লে, “তেওঁ মোক এই কথা ক’লে যে, যিহোৱাই এইদৰে কৈছে: “ইস্ৰায়েলৰ ওপৰত ৰজা হিচাবে মই তোমাক অভিষেক কৰিছোঁ।”
၁၂ထိုသူတို့က``ငါတို့မသိပါ။ သူပြောသည့် စကားကိုငါတို့သိပါရစေ'' ဟုဆိုကြ၏။ ယေဟုက``ထိုသူသည်ငါ့အား`သင့်ကိုဣသ ရေလဘုရင်အဖြစ် ထာဝရဘုရားဘိသိက် ပေးတော်မူပြီ' ဟုပြောပါသည်'' ဟူ၍ပြန် ပြောလေ၏။
13 ১৩ তেতিয়া সেই সেনাপতিসকলৰ প্রত্যেকেই লগে লগে নিজৰ গাৰ পৰা ওপৰৰ কাপোৰখন লৈ খটখটিৰ ওপৰত যেহূৰ ভৰিৰ তলত পাৰি দিলে। তাৰ পাছত তেওঁলোকে শিঙা বজাই চিঞঁৰি ক’বলৈ ধৰিলে, “যেহূ ৰজা হ’ল।”
၁၃ချက်ချင်းပင်ယေဟု၏အဖော်ဗိုလ်မှူးတို့သည် လှေကားထိပ်ပေါ်တွင်ယေဟုနင်းရန် မိမိတို့၏ ဝတ်လုံများကိုဖြန့်ခင်းပြီးလျှင်တံပိုးခရာ မှုတ်၍``ယေဟုသည်ဘုရင်ဖြစ်တော်မူ၏'' ဟု ကြွေးကြော်ကြ၏။
14 ১৪ এইদৰে নিমচীৰ নাতি, অর্থাৎ যিহোচাফটৰ পুত্ৰ যেহূৱে যোৰামৰ বিৰুদ্ধে ষড়যন্ত্র কৰিলে। সেই সময়তে ৰজা যোৰাম আৰু সমগ্র ইস্ৰায়েলবাসীয়ে অৰামৰ ৰজা হজায়েলৰ হাতৰ পৰা ৰামোৎ-গিলিয়দ ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল।
၁၄ထိုနောက်ယေဟုသည်ယောရံမင်းအားလုပ် ကြံရန် လျှို့ဝှက်ကြံစည်လေသည်။ ထိုအခါ မင်းကြီးသည် ရှုရိဘုရင်ဟာဇေလနှင့်ရာ မုတ်မြို့တွင်တိုက်ပွဲဖြစ်ရာမှ ရရှိခဲ့သည့် ဒဏ်ရာများကိုကုသရန်ယေဇရေလမြို့ သို့သွားနှင့်ပြီ။ သို့ဖြစ်၍ယေဟုကမိမိ ၏အဖော်တပ်မှူးတို့အား``သင်တို့သည်ငါ ၏ဘက်တော်သားများဖြစ်ပါလျှင် ယေဇ ရေလမြို့သားတို့အားကြိုတင်သတိပေး ရန်မည်သူတစ်စုံတစ်ယောက်မျှရာမုတ်မြို့ မှမထွက်ပါစေနှင့်'' ဟုဆို၏။-
15 ১৫ কিন্তু অৰামৰ ৰজা হজায়েলৰ সৈতে যুদ্ধ কৰাৰ সময়ত অৰামীয়াসকলে যোৰামক যি আঘাত কৰিছিল, তাৰ পৰা সুস্থ হ’বলৈ ৰজা যোৰাম যিজ্ৰিয়েললৈ উভটি আহিছিল। তাৰ পাছত যেহূৱে যোৰামৰ দাস, সঙ্গী সেনাপতি সকলক ক’লে, “আপোনালোকৰো যদি এয়ে মত হয়, তেন্তে যিজ্ৰিয়েলত এই কথা জনাবলৈ কোনো লোকক নগৰৰ পৰা ওলাই যাব নিদিব।”
၁၅
16 ১৬ তাৰ পাছত যেহূৱে এখন ৰথত উঠি যিজ্ৰিয়েললৈ গ’ল; কিয়নো সেই ঠাইত যোৰাম শয্যাত পৰি আছিল। সেই সময়ত যিহূদাৰ ৰজা অহজিয়াও যোৰামক চাবৰ কাৰণে তালৈ নামি গৈছিল।
၁၆ထိုနောက်သူသည်မိမိ၏စစ်ရထားပေါ်သို့ တက်၍ ယေဇရေလမြို့သို့ထွက်ခွာသွားလေ သည်။ ယောရံ၏ဒဏ်ရာများမပျောက်သေး သဖြင့် ယုဒဘုရင်အာခဇိသည်သူ့ထံသို့ လာရောက်လည်ပတ်လျက်ရှိ၏။
17 ১৭ যেহূৰ সৈন্য দলক অহা দেখি যিজ্ৰিয়েলৰ ওখ দুৰ্গৰ ওপৰত থিয় হৈ পহৰা দিয়া প্রহৰীজনে চিঞঁৰি উঠিল, “মই এদল মানুহ অহা দেখিছোঁ।” তেতিয়া যোৰামে ক’লে, “এজন অশ্বাৰোহীক তেওঁলোকৰ ওচৰলৈ পঠাই দিয়া আৰু তেওঁ গৈ তেওঁলোকক সুধিবলৈ ক’বা, ‘আপোনালোক শান্তিভাৱেৰে আহিছে নে’?”
၁၇ယေဇရေလမြို့မျှော်စင်ပေါ်တွင်တာဝန်ကျ သောကင်းစောင့်သည် ယေဟုနှင့်သူ၏လူစု တို့ချဉ်းကပ်လာနေသည်ကိုမြင်လျှင်``မြင်း စီးသူလူအချို့လာနေသည်ကိုမြင်ပါသည်'' ဟုဟစ်အော်၏။ ယောရံက``ထိုသူတို့သည်မိတ်ဆွေများသို့ မဟုတ်ရန်သူများဖြစ်သည်ကို သိရှိနိုင်ရန် မြင်းစီးသူရဲတစ်ယောက်ကိုစေလွှတ်စုံစမ်း လော့'' ဟုအမိန့်ပေးတော်မူ၏။
18 ১৮ পাছত সেইদৰে এজন অশ্বাৰোহী যেহূৰ সাক্ষাৎ হ’বলৈ ওলাই গ’ল আৰু তেওঁক ক’লে, “ৰজাই সুধিছে, আপোনালোক শান্তিভাৱেৰে আহিছে নে?” তাতে যেহূৱে ক’লে, “শান্তিৰে অহাটো তোমাক কিয় লাগে? তুমি ঘূৰি মোৰ পাছে পাছে আহাঁ।” সেই প্রহৰীজনে তেতিয়া ৰজাক খবৰ দিলে, “সেই বার্তাবাহকজন গৈ তেওঁলোকৰ ওচৰ পালে, কিন্তু তেওঁ এতিয়ালৈকে উভটি অহা নাই।”
၁၈မင်းကြီး၏စေတမန်သည်ယေဟုထံရောက် ၍``အရှင်သည်မိတ်ဆွေအနေဖြင့်လာပါ သလောဟုမင်းကြီးကစုံစမ်းခိုင်းပါ သည်'' ဟုမေး၏။ ယေဟုက``ဤကိစ္စသည်သင်နှင့်မသက်ဆိုင်။ ငါ့ နောက်မှလိုက်လော့'' ဟုဆို၏။ ထိုစေတမန်သည်ယေဟုထံသို့ရောက်ရှိသွား သော်လည်း ပြန်မလာဘဲနေသည်ကိုမျှော်စင် ပေါ်ရှိကင်းစောင့်ကအစီရင်ခံသောအခါ၊-
19 ১৯ তেতিয়া ৰজাই দ্বিতীয় আন এজন অশ্বাৰোহীক পঠালে; তেওঁ সেই সৈন্য দলৰ ওচৰলৈ গৈ ক’লে, “ৰজাই এই কথা কৈছে, ‘আপোনালোক শান্তিভাৱেৰে আহিছে নে’?” যেহূৱে উত্তৰ দি’লে, “শান্তিৰে অহাটো তোমাক কিয় লাগে? তুমি ঘূৰি মোৰ পাছে পাছে আহা।”
၁၉မင်းကြီးသည်အခြားစေတမန်တစ်ယောက် ကိုလွှတ်ပြန်၏။ သူသည်လည်းရှေးနည်းတူ ယေဟုအားမေး၏။ ယေဟုက``ဤကိစ္စသည် သင်နှင့်မသက်ဆိုင်။ ငါ့နောက်မှလိုက်လော့'' ဟုဆိုပြန်၏။
20 ২০ সেই প্রহৰীজনে পুনৰায় খবৰ দিলে, “সেই বার্তাবাহক জনেও গৈ তেওঁলোকক লগ পালে, কিন্তু তেৱোঁতো এতিয়ালৈকে উভটি অহা নাই। ৰথ চলোৱাটো দেখি ভাব হৈছে নিমচীৰ নাতিয়েক যেহূৱে ৰথ চলাইছে। কিয়নো তেওঁ বলিয়াৰ দৰে ৰথ চলাইছে।”
၂၀ထိုစေတမန်သည်ယေဟုတို့လူစုထံသို့ ရောက်ရှိသွားသော်လည်း ပြန်မလာဘဲနေ သည်ကိုကင်းစောင့်သည်နောက်တစ်ကြိမ်အစီ ရင်ခံပြန်၏။ ထိုနောက်သူသည်ဆက်လက်၍``ထို လူစု၏ခေါင်းဆောင်သည် မိမိစစ်ရထားကို ယေဟုမောင်းနှင်သကဲ့သို့ပင် သူရူးသဖွယ် အပြင်းမောင်းနှင်လာပါသည်'' ဟုလျှောက် ထား၏။
21 ২১ তেতিয়া যোৰামে ক’লে, “মোৰ ৰথ যুগুত কৰা।” তেওঁলোকে তেওঁৰ ৰথ যুগুত কৰাৰ পাছত ইস্ৰায়েলৰ ৰজা যোৰাম আৰু যিহূদাৰ ৰজা অহজিয়াই নিজৰ নিজৰ ৰথত উঠি যেহূক লগ পাবলৈ ওলাই গ’ল। তেওঁলোকে যেহূক যিজ্ৰিয়েলীয়া নাবোতৰ এলেকাত লগ পালে।
၂၁ယောရံက``ငါ၏စစ်ရထားကိုအသင့်ပြင် လော့'' ဟုအမိန့်ပေး၏။ အသင့်ရှိသောအခါ သူနှင့်အာခဇိမင်းသည် စစ်ရထားကိုယ်စီစီး ၍ယေဟုနှင့်တွေ့ဆုံရန်ထွက်သွားကြ၏။ သူ တို့သည်နာဗုတ်၏မြေသို့ရောက်သောအခါ ယေဟုနှင့်ဆုံမိကြ၏။-
22 ২২ যোৰামে যেহূক দেখামাত্ৰকে সুধিলে, “যেহূ, তুমি শান্তিভাৱেৰে আহিছা নে?” তেওঁ ক’লে, “আপোনাৰ মা ঈজেবলৰ ব্যভিচাৰী কার্যৰ প্রতিমাপূজা আৰু মায়াকর্মৰ কাম যেতিয়া ইমান বেছিকৈ হৈছে তেন্তে তাত আৰু কি শান্তি থাকিব পাৰে?”
၂၂ယောရံက``သင်သည်ငြိမ်းချမ်းစွာလာ သလော'' ဟုမေးတော်မူ၏။ ယေဟုက``သင်၏မိခင်ယေဇဗေလစတင် ကျင့်သုံးခဲ့သည့် စုန်းအတတ်နှင့်ရုပ်တုကိုး ကွယ်မှုရှိနေသမျှကာလပတ်လုံး အဘယ် မှာငြိမ်းချမ်းမှုရှိနိုင်ပါမည်နည်း'' ဟုဆို၏။
23 ২৩ এই কথা শুনি যোৰামে নিজৰ ৰথ ঘূৰাই পলাবলৈ ধৰিলে আৰু অহজিয়াক ক’লে, “অহজিয়া, ই বিশ্বাসঘাতক।”
၂၃ယောရံက``အို အာခဇိ၊ တော်လှန်ပုန်ကန်မှု ပါတကား'' ဟုအော်ဟစ်ကာမိမိ၏စစ် ရထားကိုလှည့်၍ထွက်ပြေးလေ၏။-
24 ২৪ তেতিয়া যেহূৱে নিজৰ সমস্ত বলেৰে সৈতে ধনুৰ জোঁৰ টানি, যোৰামৰ দুই কান্ধৰ মাজত কাঁড়ডাল মাৰি পঠালে। সেই কাঁড় গৈ ৰজা যোৰামৰ হৃদপিণ্ডৰ মাজেদি সৰকি গ’ল আৰু তেওঁ কুঁজা হৈ ৰথতে পৰি গ’ল।
၂၄ယေဟုသည်မိမိ၏လေးကိုယူပြီးလျှင် အား ကုန်ဆွဲ၍မြားတစ်လက်ကိုပစ်လွှတ်လိုက်ရာ ယောရံ၏ကျောမှနှလုံးအထိခွင်းဖောက် သဖြင့် ယောရံသည်ရထားပေါ်၌ပင်လဲကျ သေဆုံးလေသည်။-
25 ২৫ তেতিয়া যেহূৱে তেওঁৰ সেনাপতি বিদকৰক ক’লে, “তেওঁক তুলি নি যিজ্ৰিয়েলীয়া নাবোতৰ এলেকাত পেলাই দিয়া। মনত পেলোৱাছোন! মই আৰু তুমি যেতিয়া একেলগে তেওঁৰ পিতৃ আহাবৰ পিছত ৰথেৰে গৈছিলোঁ, তেতিয়া যিহোৱাই আহাবৰ বিৰুদ্ধে এই ভাৱবাণী কৈছিল:
၂၅ထိုအခါယေဟုသည်မိမိ၏ရထားမှူး ဗိဒကအား``သူ၏အလောင်းကိုယူ၍နာဗုတ် မြေကွက်ထဲသို့ပစ်ချလော့။ ယောရံမင်း၏ဖခင် အာဟပ်နောက်မှ သင်နှင့်ငါမြင်းစီး၍လိုက် လာစဉ်အခါ၌ ထာဝရဘုရားကအာဟပ် အား`ယမန်နေ့ကနာဗုတ်နှင့်သားများအား သတ်သည့်အမှုကိုငါတွေ့မြင်ပြီ။ သို့ဖြစ်၍ ငါသည်သင့်အားထိုမြေကွက်ထဲ၌ပင် အပြစ် ဒဏ်စီရင်မည်' ဟုမိန့်တော်မူသည်ကိုသတိ ရလျက် ထာဝရဘုရားမိန့်ကြားတော်မူခဲ့ သည့်အတိုင်း ယောရံ၏အလောင်းကိုနာ ဗုတ်၏မြေကွက်ထဲသို့ပစ်ချလော့'' ဟုဆို ၏။
26 ২৬ ‘মই যিহোৱাই কৈছো, যোৱাকালি মই নাবোতৰ আৰু তেওঁৰ পুতেকসকলৰ তেজ দেখিলোঁ আৰু এই মাটিতেই মই নিশ্চয়কৈ তোমাক তাৰ প্ৰতিফল দিম।’ এই হেতুকে তুমি এতিয়া যিহোৱাৰ কথা অনুসাৰে তেওঁক তুলি লৈ সেই মাটিত পেলাই দিয়া।”
၂၆
27 ২৭ যি ঘটিল, তাকে দেখি যিহূদাৰ ৰজা অহজিয়াই বৈৎ-হাগগানৰ পথেদি পলাই গ’ল। যেহূৱে তেওঁৰ পাছে পাছে খেদি গৈ চিঞৰিলে, “তেওঁকো ৰথৰ ভিতৰত বধ কৰা।” তেতিয়া তেওঁলোকে যিব্লিয়ামৰ ওচৰৰ গূৰলৈ উঠি যোৱা পথত তেওঁক আঘাত কৰিলে। অহজিয়াই মগিদ্দোলৈ পলাই গ’ল আৰু তাতে তেওঁ মৰিল।
၂၇အာခဇိမင်းသည်ထိုအဖြစ်အပျက်ကို မြင်သဖြင့် မိမိ၏စစ်ရထားဖြင့်ဗေသာဂနံ မြို့ဘက်သို့ထွက်ပြေးလေ၏။ ယေဟုသည် သူ၏နောက်မှလိုက်၍``သူ့ကိုလည်းသတ်ကြ လော့'' ဟုမိမိ၏တပ်သားများအားအမိန့် ပေး၏။ အာခဇိမင်းသည်ဣဗလံမြို့အနီး ရှိဂုရမြို့သို့သွားရာလမ်းတွင်ဒဏ်ရာရ လေသည်။ သို့ရာတွင်သူသည် မေဂိဒ္ဒေါမြို့သို့ ရောက်သည့်တိုင်အောင်ဆက်လက်သွားပြီး မှသေလေ၏။-
28 ২৮ তেওঁৰ দাসবোৰে তেওঁক ৰথত তুলি যিৰূচালেমলৈ লৈ গ’ল আৰু দায়ুদৰ নগৰত তেওঁৰ ওপৰ-পিতৃসকলৰ লগত তেওঁৰ মৈদামত তেওঁক মৈদাম দিলে।
၂၈သူ၏အမှုထမ်းတို့သည်သူ၏အလောင်းကို စစ်ရထားပေါ်တင်၍ ယေရုရှလင်မြို့သို့ယူ ဆောင်ပြီးလျှင်ဒါဝိဒ်မြို့ရှိသင်္ချိုင်းတော်၌ သင်္ဂြိုဟ်ကြ၏။
29 ২৯ আহাবৰ পুত্ৰ যোৰামৰ ৰাজত্ব কালৰ একাদশ বছৰত অহজিয়া যিহূদাৰ ৰজা হৈছিল।
၂၉အာခဇိသည်အာဟပ်၏သားတော်ဣသ ရေလဘုရင်ယောရံ၏နန်းစံတစ်ဆယ့်တစ် နှစ်မြောက်၌ ယုဒပြည်ဘုရင်အဖြစ်နန်း တက်ခဲ့သတည်း။
30 ৩০ তাৰ পাছত যেহূ যিজ্ৰিয়েললৈ গ’ল। ঈজেবলে এই বাতৰি পাই চকুত কাজল লগালে আৰু কেশ-বিন্যাসেৰে নিজক শোভিত কৰি খিড়িকিয়েদি চালে।
၃၀ယေဟုသည်ယေဇရေလမြို့သို့ရောက်ရှိလာ ၏။ ယေဇဗေလသည်ဖြစ်ပျက်သည့်အကြောင်း အရာကိုကြားသိပြီးဖြစ်သဖြင့် မိမိ၏မျက် ခမ်းတို့ကိုဆေးဆိုး၍ဆံပင်ကိုအလှပြင် ကာ နန်းတော်ပြူတင်းမှလမ်းသို့မျှော်ကြည့် လျက်နေ၏။-
31 ৩১ যেহূ যেতিয়া দুৱাৰেদি সোমাই আহিল, তেতিয়া ঈজেবলে তেওঁক ক’লে, “তুমি শান্তিৰে আহিলা নে জিম্ৰী, নিজৰ প্রভুৰ হত্যাকাৰী?”
၃၁ယေဟုသည်နန်းတော်ဝင်တံခါးဝကိုဝင်၍ လာသောအခါ ယေဇဗေလသည်ယေဟု အား``ကိုယ့်သခင်ကိုသတ်သောအချင်း ဇိမရိ သင်သည်အဘယ်ကြောင့် ဤအရပ်သို့လာ သနည်း'' ဟုဟစ်အော်၍ပြော၏။
32 ৩২ তেতিয়া যেহূৱে ওপৰলৈ খিড়িকিৰ ফালে চাই ক’লে, “মোৰ পক্ষত কোন আছে? কোন কোন আছে?” তাতে দুই তিনিজন নপুংসকে ওপৰৰ পৰা বাহিৰলৈ চালে।
၃၂ယေဟုသည်မော်၍ကြည့်ပြီးလျှင်``ငါ၏ဘက် သို့အဘယ်သူပါမည်နည်း'' ဟုမေး၏။ ထိုအခါ သူ့အားမိန်းမစိုးနှစ်ယောက်သုံးယောက်တို့သည် နန်းတော်ပြူတင်းမှငုံ့၍ကြည့်ကြ၏။-
33 ৩৩ যেহূৱে ক’লে, “তেওঁক তললৈ পেলাই দিয়া।” তেতিয়া তেওঁলোকে ঈজেবলক তললৈ পেলাই দিলে; তাতে ঈজেবলৰ কিছু তেজ দেৱালত আৰু ঘোঁৰাবোৰৰ গাত ছিটিকি পৰিল আৰু যেহূৰ ৰথৰ ঘোঁৰাবোৰে তেওঁক ভৰিৰে গচকিলে;
၃၃ယေဟုကသူတို့အား``သူ့ကိုတွန်းချလော့'' ဟုဆိုသည့်အတိုင်း သူတို့သည်ယေဇဗေလ ကိုတွန်းချကြသဖြင့် သွေးစက်သည်နန်း တော်နံရံနှင့်မြင်းများအပေါ်သို့စဉ်၍ကျ လေသည်။ ယေဟုသည်ယေဇဗေလ၏အလောင်း ပေါ်ဖြတ်၍ မိမိ၏စစ်ရထားကိုမောင်းနှင် ပြီးလျှင်၊-
34 ৩৪ তাৰ পাছত যেহূ ৰাজগৃহৰ ভিতৰলৈ গৈ ভোজন-পান কৰিলে; তেতিয়া তেওঁ ক’লে, “এই শাও পোৱা মহিলাগৰাকীক এতিয়া চোৱা; তাইক লৈ মৈদাম দিয়াগৈ; কিয়নো তাই ৰজাৰ জীয়েক।”
၃၄နန်းတော်သို့ဝင်၍အစားအစာစား၏။ ထို နောက်သူက``အမင်္ဂလာခံရသောထိုမိန်းမ ကိုသင်္ဂြိုဟ်ကြလော့။ မည်သို့ပင်ဆိုစေကာမူ သူသည်မင်းသမီးဖြစ်သည်'' ဟုဆို၏။-
35 ৩৫ লোকসকলে যেতিয়া ঈজেবলক মৈদাম দিবৰ কাৰণে ওলাই গ’ল, তেতিয়া মূৰৰ লাউখোলা, ভৰি আৰু হাতৰ বাহিৰে তেওঁৰ একোকে নাপালে।
၃၅သို့ရာတွင်သူ့အားသင်္ဂြိုဟ်ရန်သွားကြသော သူတို့သည် သူ၏ဦးခွံ၊ လက်ရိုး၊ ခြေရိုးမျှကို သာတွေ့ရှိရကြသဖြင့်၊-
36 ৩৬ সেয়ে তেওঁলোকে উভটি গৈ যেহূক এই বাতৰি দিলে; তাতে তেওঁ ক’লে, “যিহোৱাই তেওঁৰ দাস তিচবীয়া এলিয়াৰ দ্বাৰাই ঠিক এই কথাই কৈছিল যে, ‘যিজ্ৰিয়েলৰ মাটিত কুকুৰবোৰে ঈজেবলৰ মঙহ খাব,
၃၆ယေဟုအားအစီရင်ခံကြ၏။ ထိုအခါ ယေဟုက``ယေဇဗေလသည်ယေဇရေလ အရပ်တွင်ခွေးစာဖြစ်လိမ့်မည်။-
37 ৩৭ আৰু সেই মাটিত ঈজেবলৰ শৱ গোবৰৰ দৰে পৰি থাকিব; তাতে কোনেও ক’ব নোৱাৰিব যে, ‘এইটো ঈজেবলৰ দেহ’।”
၃၇သူ၏အလောင်းကိုခွဲခြား၍မသိနိုင်အောင် ထိုအရပ်တွင်နောက်ချေးကဲ့သို့ကြဲလျက်နေ လိမ့်မည်ဟု ပရောဖက်ဧလိယအားဖြင့် ထာဝရ ဘုရားမိန့်တော်မူချက်နှင့်အညီဖြစ်သည်'' ဟုဆို၏။