< ২ রাজাবলি 9 >
1 ১ ইলীচা ভাৱবাদীয়ে শিষ্য ভাববাদীসকলৰ মাজৰ এজনক মাতি ক’লে, “যাত্রাৰ বাবে সাজু হোৱা আৰু ৰামোৎ-গিলিয়দলৈ যোৱা। তেলৰ এই সৰু বটলটো তোমাৰ লগত লোৱা।”
Mneneri Elisa anayitanitsa mmodzi mwa ana a aneneri, namuwuza kuti, “Manga lamba mʼchiwuno mwako, tenga botolo la mafuta mʼdzanja lako ndipo upite ku Ramoti Giliyadi.
2 ২ সেই ঠাই পালে তুমি নিমচীৰ নাতি অর্থাৎ যিহোচাফটৰ পুত্ৰ যেহূক বিচাৰিবা; তেওঁৰ ওচৰলৈ গৈ তেওঁক তেওঁৰ সঙ্গীসকলৰ মাজৰ পৰা আঁতৰাই এটা ভিতৰৰ কোঁঠালিলৈ লৈ যাবা।
Ukakafika kumeneko, ukafunefune Yehu mwana wa Yehosafati, mwana wa Nimisi. Ukapite kwa iye, ukamuchotse pakati pa anzake ndi kukamulowetsa mʼchipinda chamʼkati.
3 ৩ তাৰ পাছত এই বটলটোৰ পৰা অলপমান তেল লৈ তেওঁৰ মূৰত ঢালি দি ক’বা যে, “যিহোৱাই এই কথা কৈছে, ‘ইস্ৰায়েলৰ ৰজা হিচাবে মই তোমাক অভিষেক কৰিলোঁ।’ তাৰ পাছত তুমি দুৱাৰখন মেলি দৌৰ মাৰিবা, পলম নকৰিবা।”
Ndipo ukatenge botololi ndi kuthira mafuta pa mutu wake ndipo ukanene kuti, ‘Yehova akuti, Ine ndikudzoza iwe kukhala mfumu ya Israeli.’ Kenaka ukatsekule chitseko ndi kuthawa ndipo usakachedwe!”
4 ৪ সেইদৰেই সেই যুৱক ভাববাদীজন ৰামোৎ-গিলিয়দলৈ গ’ল।
Choncho mneneri wachinyamatayo anapita ku Ramoti Giliyadi.
5 ৫ সেই ঠাই পাই তেওঁ দেখিলে সেনাবাহিনীৰ সেনাপতিসকল এঠাইত বহি আছে। যুৱক ভাৱবাদীজনে ক’লে, “সেনাপতি মহাশয়, মই আপোনাৰ বাবে এটা খবৰ লৈ আহিছোঁ।” যেহূৱে উত্তৰ দি সুধিলে, “সেই খবৰ আমাৰ মাজৰ কোনজনৰ কাৰণে?” তেওঁ ক’লে, “সেনাপতি মহাশয়, আপোনাৰ কাৰণেই।”
Atafika ku Giliyadiko anapeza atsogoleri a ankhondo ali pa msonkhano. Iye anati, “Mtsogoleri, ine ndili ndi uthenga wanu.” Ndipo Yehu anafunsa kuti, “Uthengawo ndi wa yani pakati pathu?” Mneneriyo anayankha kuti, “Ndi wa inuyo, mtsogoleri.”
6 ৬ তাতে যেহূ উঠি ঘৰৰ ভিতৰলৈ গ’ল। তেতিয়া সেই ভাৱবাদীয়ে যেহূৰ মূৰত তেল ঢালি দি ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: ‘যিহোৱাৰ লোকসকলৰ ওপৰত অর্থাৎ ইস্ৰায়েলৰ ওপৰত ৰজা হিচাবে মই তোমাক অভিষেক কৰিলোঁ।
Yehu anayimirira nakalowa mʼnyumba. Pamenepo mneneriyo anakhuthulira mafuta pamutu pa Yehu ndipo ananena kuti, “Yehova Mulungu wa Israeli akuti, ‘Ine ndikukudzoza kukhala mfumu ya Israeli, anthu a Yehova.
7 ৭ তোমাৰ প্ৰভু আহাবৰ বংশক তুমি বিনষ্ট কৰিবা। ঈজেবলৰ হাতেৰে মোৰ দাসবোৰৰ অর্থাৎ ভাববাদীসকলৰ আৰু যিহোৱাৰ আন সকলো দাসবোৰৰ যি ৰক্তপাত কৰা হ’ল, তাৰ প্ৰতিশোধ মই যেন লব পাৰোঁ।
Uyenera kuwononga nyumba ya mbuye wako Ahabu ndipo ndidzabwezera imfa ya atumiki anga, aneneri ndiponso imfa ya atumiki ena onse a Yehova amene anaphedwa ndi Yezebeli.
8 ৮ আহাবৰ বংশৰ সকলোৱেই বিনষ্ট হ’ব; দাস হওঁক বা স্বাধীন হওঁক, আহাবৰ বংশৰ প্ৰতিজন ল’ৰা শিশুক মই বিনষ্ট কৰিম।
Banja lonse la Ahabu lidzatheratu. Ndidzachotsa munthu aliyense wamwamuna wa banja la Ahabu kaya ndi kapolo kapena mfulu.
9 ৯ মই তেওঁৰ বংশক নবাটৰ পুতেক যাৰবিয়ামৰ বংশৰ নিচিনা আৰু অহিয়াৰ পুতেক বাচাৰ বংশৰ নিচিনা কৰিম।
Ndidzachititsa kuti banja la Ahabu lifanane ndi banja la Yeroboamu mwana wa Nebati ndiponso ngati banja la Baasa mwana wa Ahiya.
10 ১০ কুকুৰবোৰে ঈজেবলক যিজ্ৰিয়েলৰ এলেকাত খাই পেলাব আৰু তাইক মৈদাম দিবলৈ কোনো নহ’ব।’” এইবুলি কৈ যুবক ভাৱবাদীজনে দুৱাৰ খুলি দৌৰি পলাল।
Kunena za Yezebeli, agalu adzamudya ku dera la Yezireeli ndipo palibe amene adzamuyike mʼmanda.’” Kenaka mneneriyo anatsekula chitseko nʼkuthawa.
11 ১১ যেহূৱে বাহিৰলৈ আহি যেতিয়া তেওঁৰ সঙ্গী প্ৰভুৰ সেনাপতিসকলৰ ওচৰলৈ গ’ল, তেতিয়া তেওঁলোকৰ এজনে তেওঁক সুধিলে, “সকলো ঠিকেই আছে নে? সেই বলীয়াটো আপোনাৰ ওচৰলৈ কিয় আহিছিল?” যেহূৱে ক’লে, “আপোনালোকেতো সেই মানুহক চিনি পায় আৰু তেওঁ কেনে ধৰণৰ প্রলাপ বকে, তাকো জানে।”
Yehu atatuluka kupita kumene kunali atsogoleri anzake, mmodzi mwa iwo anamufunsa kuti, “Kodi zonse zili bwino? Kodi munthu wamisala uja anabwera kudzatani kwa iwe?” Yehu anayankha kuti, “Iwe ukumudziwa munthu uja ndiponso ukudziwa zomwe amayankhula.”
12 ১২ তেওঁলোকে ক’লে, “নহয়, আমি সেইবোৰ একো নাজানো। আমাক সকলো কথা খুলি কওঁক।” যিহূৱে তেতিয়া ক’লে, “তেওঁ মোক এই কথা ক’লে যে, যিহোৱাই এইদৰে কৈছে: “ইস্ৰায়েলৰ ওপৰত ৰজা হিচাবে মই তোমাক অভিষেক কৰিছোঁ।”
Atsogoleri aja anati, “Ukunama! Tiwuze.” Yehu anati, “Zimene wandiwuza ndi izi: ‘Yehova akuti: Ine ndakudzoza iwe kukhala mfumu ya Israeli.’”
13 ১৩ তেতিয়া সেই সেনাপতিসকলৰ প্রত্যেকেই লগে লগে নিজৰ গাৰ পৰা ওপৰৰ কাপোৰখন লৈ খটখটিৰ ওপৰত যেহূৰ ভৰিৰ তলত পাৰি দিলে। তাৰ পাছত তেওঁলোকে শিঙা বজাই চিঞঁৰি ক’বলৈ ধৰিলে, “যেহূ ৰজা হ’ল।”
Atsogoleri aja mofulumira anatenga zofunda zawo naziyala pansi pa makwerero kuti Yehu akhalepo. Kenaka analiza lipenga, nafuwula kuti, “Yehu ndiye mfumu!”
14 ১৪ এইদৰে নিমচীৰ নাতি, অর্থাৎ যিহোচাফটৰ পুত্ৰ যেহূৱে যোৰামৰ বিৰুদ্ধে ষড়যন্ত্র কৰিলে। সেই সময়তে ৰজা যোৰাম আৰু সমগ্র ইস্ৰায়েলবাসীয়ে অৰামৰ ৰজা হজায়েলৰ হাতৰ পৰা ৰামোৎ-গিলিয়দ ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল।
Choncho Yehu mwana wa Yehosafati, mwana wa Nimisi, anachitira chiwembu Yoramu. (Nthawi imeneyi nʼkuti Yoramu ndi Aisraeli onse akuteteza Ramoti Giliyadi kwa Hazaeli mfumu ya ku Aramu,
15 ১৫ কিন্তু অৰামৰ ৰজা হজায়েলৰ সৈতে যুদ্ধ কৰাৰ সময়ত অৰামীয়াসকলে যোৰামক যি আঘাত কৰিছিল, তাৰ পৰা সুস্থ হ’বলৈ ৰজা যোৰাম যিজ্ৰিয়েললৈ উভটি আহিছিল। তাৰ পাছত যেহূৱে যোৰামৰ দাস, সঙ্গী সেনাপতি সকলক ক’লে, “আপোনালোকৰো যদি এয়ে মত হয়, তেন্তে যিজ্ৰিয়েলত এই কথা জনাবলৈ কোনো লোকক নগৰৰ পৰা ওলাই যাব নিদিব।”
koma nʼkuti Yoramu atabwerera ku Yezireeli kuti akachire mabala amene Aaramu anamuvulaza pa nkhondo ndi Hazaeli mfumu ya ku Aramu.) Yehu anati, “Ngati mukugwirizana nazo zimenezi, wina aliyense asatuluke mu mzinda muno kupita kukafotokoza nkhaniyi ku Yezireeli.”
16 ১৬ তাৰ পাছত যেহূৱে এখন ৰথত উঠি যিজ্ৰিয়েললৈ গ’ল; কিয়নো সেই ঠাইত যোৰাম শয্যাত পৰি আছিল। সেই সময়ত যিহূদাৰ ৰজা অহজিয়াও যোৰামক চাবৰ কাৰণে তালৈ নামি গৈছিল।
Pamenepo Yehu anakwera galeta lake, napita ku Yezireeli, chifukwa Yoramu anali akupumula kumeneko ndipo Ahaziya, mfumu ya ku Yuda, nʼkuti ali komweko kudzamuona.
17 ১৭ যেহূৰ সৈন্য দলক অহা দেখি যিজ্ৰিয়েলৰ ওখ দুৰ্গৰ ওপৰত থিয় হৈ পহৰা দিয়া প্রহৰীজনে চিঞঁৰি উঠিল, “মই এদল মানুহ অহা দেখিছোঁ।” তেতিয়া যোৰামে ক’লে, “এজন অশ্বাৰোহীক তেওঁলোকৰ ওচৰলৈ পঠাই দিয়া আৰু তেওঁ গৈ তেওঁলোকক সুধিবলৈ ক’বা, ‘আপোনালোক শান্তিভাৱেৰে আহিছে নে’?”
Mlonda amene ankayimirira pa nsanja yolondera mzinda wa Yezireeli ataona gulu lankhondo la Yehu likuyandikira, anafuwula kuti, “Ndikuona gulu lankhondo likubwera.” Yoramu analamula kuti, “Peza munthu wokwera kavalo, mutume kuti akakumane nawo ndi kuwafunsa kuti, ‘Kodi mukubwera mwamtendere?’”
18 ১৮ পাছত সেইদৰে এজন অশ্বাৰোহী যেহূৰ সাক্ষাৎ হ’বলৈ ওলাই গ’ল আৰু তেওঁক ক’লে, “ৰজাই সুধিছে, আপোনালোক শান্তিভাৱেৰে আহিছে নে?” তাতে যেহূৱে ক’লে, “শান্তিৰে অহাটো তোমাক কিয় লাগে? তুমি ঘূৰি মোৰ পাছে পাছে আহাঁ।” সেই প্রহৰীজনে তেতিয়া ৰজাক খবৰ দিলে, “সেই বার্তাবাহকজন গৈ তেওঁলোকৰ ওচৰ পালে, কিন্তু তেওঁ এতিয়ালৈকে উভটি অহা নাই।”
Choncho munthu wokwera kavalo anapita kukakumana ndi Yehu ndipo anati, “Mfumu ikufunsa kuti, ‘Kodi mukubwera mwamtendere?’” Yehu anayankha kuti, “Kodi iwe nkhani ya mtendere yakukhudza bwanji? Tiye, zinditsata pambuyo panga.” Mlonda uja anakafotokoza kwa mfumu kuti, “Wamthenga uja wakafika kwa anthuwo koma sakubwerera.”
19 ১৯ তেতিয়া ৰজাই দ্বিতীয় আন এজন অশ্বাৰোহীক পঠালে; তেওঁ সেই সৈন্য দলৰ ওচৰলৈ গৈ ক’লে, “ৰজাই এই কথা কৈছে, ‘আপোনালোক শান্তিভাৱেৰে আহিছে নে’?” যেহূৱে উত্তৰ দি’লে, “শান্তিৰে অহাটো তোমাক কিয় লাগে? তুমি ঘূৰি মোৰ পাছে পাছে আহা।”
Choncho mfumu inatumanso munthu wina wachiwiri wokwera kavalo. Atafika kwa anthuwo iye anati, “Mfumu ikufunsa kuti, ‘Kodi mukubwera mwamtendere?’” Yehu anayankha kuti, “Kodi iwe nkhani ya mtendere yakukhudza bwanji? Tiye, zinditsata pambuyo panga.”
20 ২০ সেই প্রহৰীজনে পুনৰায় খবৰ দিলে, “সেই বার্তাবাহক জনেও গৈ তেওঁলোকক লগ পালে, কিন্তু তেৱোঁতো এতিয়ালৈকে উভটি অহা নাই। ৰথ চলোৱাটো দেখি ভাব হৈছে নিমচীৰ নাতিয়েক যেহূৱে ৰথ চলাইছে। কিয়নো তেওঁ বলিয়াৰ দৰে ৰথ চলাইছে।”
Mlonda uja anakanenanso kuti, “Wamthenga uja wakafika kwa anthuwo koma sakubwereranso. Kuyendako kukukhala ngati kwa Yehu mwana wa Nimisi, iye amayenda ngati munthu wamisala.”
21 ২১ তেতিয়া যোৰামে ক’লে, “মোৰ ৰথ যুগুত কৰা।” তেওঁলোকে তেওঁৰ ৰথ যুগুত কৰাৰ পাছত ইস্ৰায়েলৰ ৰজা যোৰাম আৰু যিহূদাৰ ৰজা অহজিয়াই নিজৰ নিজৰ ৰথত উঠি যেহূক লগ পাবলৈ ওলাই গ’ল। তেওঁলোকে যেহূক যিজ্ৰিয়েলীয়া নাবোতৰ এলেকাত লগ পালে।
Yoramu analamula kuti, “Konzani galeta langa.” Ndipo atakonza galeta lake, Yoramu mfumu ya Israeli ndi Ahaziya mfumu ya ku Yuda anakwera nʼkutuluka mu mzindamo, aliyense atakwera galeta lake, kukakumana ndi Yehu. Iwo anakumana ndi Yehu pa munda umene unali wa Naboti, wa ku Yezireeli.
22 ২২ যোৰামে যেহূক দেখামাত্ৰকে সুধিলে, “যেহূ, তুমি শান্তিভাৱেৰে আহিছা নে?” তেওঁ ক’লে, “আপোনাৰ মা ঈজেবলৰ ব্যভিচাৰী কার্যৰ প্রতিমাপূজা আৰু মায়াকর্মৰ কাম যেতিয়া ইমান বেছিকৈ হৈছে তেন্তে তাত আৰু কি শান্তি থাকিব পাৰে?”
Yoramu ataona Yehu anafunsa kuti, “Yehu, kodi wabwera mwamtendere?” Yehu anayankha kuti, “Pangakhale bwanji mtendere pamene zopembedza mafano zonse zilipo ndiponso ufiti wa amayi ako Yezebeli uli ponseponse?”
23 ২৩ এই কথা শুনি যোৰামে নিজৰ ৰথ ঘূৰাই পলাবলৈ ধৰিলে আৰু অহজিয়াক ক’লে, “অহজিয়া, ই বিশ্বাসঘাতক।”
Yoramu anatembenuka, nathawa akufuwula kwa Ahaziya kuti, “Ahaziya, anthuwa atiwukira!”
24 ২৪ তেতিয়া যেহূৱে নিজৰ সমস্ত বলেৰে সৈতে ধনুৰ জোঁৰ টানি, যোৰামৰ দুই কান্ধৰ মাজত কাঁড়ডাল মাৰি পঠালে। সেই কাঁড় গৈ ৰজা যোৰামৰ হৃদপিণ্ডৰ মাজেদি সৰকি গ’ল আৰু তেওঁ কুঁজা হৈ ৰথতে পৰি গ’ল।
Pamenepo Yehu anakoka uta wake ndipo analasa Yoramu kumsana pakati pa mapewa. Muviwo unakalasa mtima wake ndipo anagwa pansi mʼgaleta lakelo.
25 ২৫ তেতিয়া যেহূৱে তেওঁৰ সেনাপতি বিদকৰক ক’লে, “তেওঁক তুলি নি যিজ্ৰিয়েলীয়া নাবোতৰ এলেকাত পেলাই দিয়া। মনত পেলোৱাছোন! মই আৰু তুমি যেতিয়া একেলগে তেওঁৰ পিতৃ আহাবৰ পিছত ৰথেৰে গৈছিলোঁ, তেতিয়া যিহোৱাই আহাবৰ বিৰুদ্ধে এই ভাৱবাণী কৈছিল:
Yehu anawuza Bidikara, mtsogoleri wa galeta lake kuti, “Munyamule ndipo ukamuponye mʼmunda umene unali wa Naboti wa ku Yezireeli, chifukwa kumbukira mmene iwe ndi ine tinkayenda pambuyo pa Ahabu abambo ake, kuti Yehova ananeneratu za iye kuti,
26 ২৬ ‘মই যিহোৱাই কৈছো, যোৱাকালি মই নাবোতৰ আৰু তেওঁৰ পুতেকসকলৰ তেজ দেখিলোঁ আৰু এই মাটিতেই মই নিশ্চয়কৈ তোমাক তাৰ প্ৰতিফল দিম।’ এই হেতুকে তুমি এতিয়া যিহোৱাৰ কথা অনুসাৰে তেওঁক তুলি লৈ সেই মাটিত পেলাই দিয়া।”
‘Zoonadi dzulo ndinaona magazi a Naboti ndi magazi a ana ake, akutero Yehova, ndipo Ine ndidzakubwezera ndithu choyipa chimenechi pa munda womwe uno, akutero Yehova.’ Tsono munyamule ndipo ukamuponye mʼmundamo, potsatira zimene Yehova ananena.”
27 ২৭ যি ঘটিল, তাকে দেখি যিহূদাৰ ৰজা অহজিয়াই বৈৎ-হাগগানৰ পথেদি পলাই গ’ল। যেহূৱে তেওঁৰ পাছে পাছে খেদি গৈ চিঞৰিলে, “তেওঁকো ৰথৰ ভিতৰত বধ কৰা।” তেতিয়া তেওঁলোকে যিব্লিয়ামৰ ওচৰৰ গূৰলৈ উঠি যোৱা পথত তেওঁক আঘাত কৰিলে। অহজিয়াই মগিদ্দোলৈ পলাই গ’ল আৰু তাতে তেওঁ মৰিল।
Ahaziya mfumu ya ku Yuda ataona zimene zinachitika, anathawira ku Beti Hagani. Yehu anamuthamangitsa, uku akufuwula kuti, “Mupheninso!” Iwo anamuvulaza ali mʼgaleta lakelo pa njira yopita ku Guri pafupi ndi Ibuleamu, koma iye anathawira ku Megido ndipo anakafera kumeneko.
28 ২৮ তেওঁৰ দাসবোৰে তেওঁক ৰথত তুলি যিৰূচালেমলৈ লৈ গ’ল আৰু দায়ুদৰ নগৰত তেওঁৰ ওপৰ-পিতৃসকলৰ লগত তেওঁৰ মৈদামত তেওঁক মৈদাম দিলে।
Antchito ake anamunyamulira mʼgaleta kupita naye ku Yerusalemu ndipo anamuyika mʼmanda pamodzi ndi makolo ake mu mzinda wa Davide.
29 ২৯ আহাবৰ পুত্ৰ যোৰামৰ ৰাজত্ব কালৰ একাদশ বছৰত অহজিয়া যিহূদাৰ ৰজা হৈছিল।
(Mʼchaka cha khumi ndi chimodzi cha ufumu wa Yoramu mwana wa Ahabu, Ahaziya anakhala mfumu ya ku Yuda).
30 ৩০ তাৰ পাছত যেহূ যিজ্ৰিয়েললৈ গ’ল। ঈজেবলে এই বাতৰি পাই চকুত কাজল লগালে আৰু কেশ-বিন্যাসেৰে নিজক শোভিত কৰি খিড়িকিয়েদি চালে।
Kenaka Yehu anapita ku Yezireeli. Yezebeli atamva zimene zinachitika, anapaka zodzikometsera mʼmaso, naluka tsitsi lake, namasuzumira pa zenera.
31 ৩১ যেহূ যেতিয়া দুৱাৰেদি সোমাই আহিল, তেতিয়া ঈজেবলে তেওঁক ক’লে, “তুমি শান্তিৰে আহিলা নে জিম্ৰী, নিজৰ প্রভুৰ হত্যাকাৰী?”
Pamene Yehu ankalowa pa chipata iye anafunsa kuti, “Kodi wabwera mwamtendere, iwe Zimuri, munthu wopha mbuye wako?”
32 ৩২ তেতিয়া যেহূৱে ওপৰলৈ খিড়িকিৰ ফালে চাই ক’লে, “মোৰ পক্ষত কোন আছে? কোন কোন আছে?” তাতে দুই তিনিজন নপুংসকে ওপৰৰ পৰা বাহিৰলৈ চালে।
Yehu anakweza maso nayangʼana pa zenera, ndipo anafuwula kuti, “Kodi ndani ali mbali yanga? Ndani?” Anthu ofulidwa awiri kapena atatu anayangʼana Yehu pansipo.
33 ৩৩ যেহূৱে ক’লে, “তেওঁক তললৈ পেলাই দিয়া।” তেতিয়া তেওঁলোকে ঈজেবলক তললৈ পেলাই দিলে; তাতে ঈজেবলৰ কিছু তেজ দেৱালত আৰু ঘোঁৰাবোৰৰ গাত ছিটিকি পৰিল আৰু যেহূৰ ৰথৰ ঘোঁৰাবোৰে তেওঁক ভৰিৰে গচকিলে;
Yehu anawawuza kuti, “Muponyeni pansi!” Motero anamuponya pansi ndipo magazi ake ena anafalikira pa khoma ndi pa akavalo pamene ankamupondaponda.
34 ৩৪ তাৰ পাছত যেহূ ৰাজগৃহৰ ভিতৰলৈ গৈ ভোজন-পান কৰিলে; তেতিয়া তেওঁ ক’লে, “এই শাও পোৱা মহিলাগৰাকীক এতিয়া চোৱা; তাইক লৈ মৈদাম দিয়াগৈ; কিয়নো তাই ৰজাৰ জীয়েক।”
Yehu analowa mʼnyumba yaufumu ndipo anadya ndi kumwa. Kenaka iye anati, “Kamutoleni mkazi wotembereredwayo, ndipo kamuyikeni mʼmanda, popeza ndi mwana wa mfumu.”
35 ৩৫ লোকসকলে যেতিয়া ঈজেবলক মৈদাম দিবৰ কাৰণে ওলাই গ’ল, তেতিয়া মূৰৰ লাউখোলা, ভৰি আৰু হাতৰ বাহিৰে তেওঁৰ একোকে নাপালে।
Koma atapita kuti akamuyike mʼmanda, sanapeze kanthu kupatula chibade cha mutu wokha, mapazi ake ndi manja ake.
36 ৩৬ সেয়ে তেওঁলোকে উভটি গৈ যেহূক এই বাতৰি দিলে; তাতে তেওঁ ক’লে, “যিহোৱাই তেওঁৰ দাস তিচবীয়া এলিয়াৰ দ্বাৰাই ঠিক এই কথাই কৈছিল যে, ‘যিজ্ৰিয়েলৰ মাটিত কুকুৰবোৰে ঈজেবলৰ মঙহ খাব,
Choncho iwo anabwerera kwa Yehu ndi kukamufotokozera kuti, “Mawu amene Yehova anayankhula kudzera mwa mtumiki wake Eliya wa ku Tisibe ndi awa: Pa munda wa ku Yezireeli agalu adzadya mtembo wa Yezebeli.
37 ৩৭ আৰু সেই মাটিত ঈজেবলৰ শৱ গোবৰৰ দৰে পৰি থাকিব; তাতে কোনেও ক’ব নোৱাৰিব যে, ‘এইটো ঈজেবলৰ দেহ’।”
Mtembo wa Yezebeli udzakhala ngati zinyalala pa munda wa ku Yezireeli, kotero kuti palibe amene adzathe kunena kuti, ‘Uyu ndi Yezebeli.’”