< ২ রাজাবলি 8 >

1 যি গৰাকী মহিলাৰ পুতেকক ইলীচাই জীয়াই তুলিছিল, এদিন তেওঁ সেই মহিলাক ক’লে, “তুমি তোমাৰ পৰিয়ালেৰে সৈতে আন যি ঠাইতে পাৰা সেই ঠাইলৈকে গৈ কিছুকাল থাকা, কিয়নো যিহোৱাই এই দেশত আকাল পঠাই দিব আৰু সেয়ে সাত বছৰ ধৰি থাকিব।”
ואלישע דבר אל האשה אשר החיה את בנה לאמר קומי ולכי אתי (את) וביתך וגורי באשר תגורי כי קרא יהוה לרעב וגם בא אל הארץ שבע שנים
2 মহিলাগৰাকীয়ে ঈশ্বৰৰ লোকৰ কথা অনুসাৰেই কার্য কৰিলে। তাই নিজৰ পৰিয়ালেৰে সৈতে গৈ সাত বছৰ পলেষ্টীয়াসকলৰ দেশত বাস কৰিলে।
ותקם האשה ותעש כדבר איש האלהים ותלך היא וביתה ותגר בארץ פלשתים שבע שנים
3 সাত বছৰৰ শেষত মহিলাগৰাকী পলেষ্টীয়াসকলৰ দেশৰ পৰা উভটি আহি নিজৰ ঘৰ আৰু মাটি ঘূৰাই পোৱাৰ কাৰণে ৰজাৰ ওচৰত নিবেদন কৰিবলৈ গ’ল।
ויהי מקצה שבע שנים ותשב האשה מארץ פלשתים ותצא לצעק אל המלך אל ביתה ואל שדה
4 ৰজাই সেই সময়ত ঈশ্বৰৰ লোকৰ দাস গেহজীৰ লগত কথা পাতি আছিল। তেওঁ গেহজীক সুধি আছিল, “ইলীচাই যি যি মহৎ কামবোৰ কৰিছে, সেই সকলোকে মোক কোৱাছোন।”
והמלך מדבר אל גחזי נער איש האלהים לאמר ספרה נא לי את כל הגדלות אשר עשה אלישע
5 গেহজীয়ে যেতিয়া ৰজাক ইলীচাই কেনেকৈ মৃত শিশুটিক জীয়াই তুলিছিল, এই কথা কৈ আছিল, ঠিক সেই সময়তেই যি মহিলাৰ পুতেকক ইলীচাই জীয়াই তুলিছিল, সেই মহিলাগৰাকী ৰজাৰ ওচৰত নিজৰ ঘৰ আৰু মাটি ঘূৰাই পাবৰ কাৰণে নিবেদন কৰিবলৈ আহিল। গেহজীয়ে তেতিয়া ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, এৱেঁই সেই মহিলা আৰু এই জনেই তাইৰ ল’ৰা যাক ইলীচাই পুনৰ জীৱন দিলে।”
ויהי הוא מספר למלך את אשר החיה את המת והנה האשה אשר החיה את בנה צעקת אל המלך על ביתה ועל שדה ויאמר גחזי אדני המלך--זאת האשה וזה בנה אשר החיה אלישע
6 ৰজাই তেতিয়া মহিলাগৰাকীক তাইৰ ল’ৰাটিৰ বিষয়ে সুধিলত, তাই তেওঁৰ আগত সকলো কথা ক’লে। তাতে ৰজাই মহিলাগৰাকীৰ কাৰণে এজন কৰ্মচাৰীক আদেশ দি ক’লে, “তাইৰ যি যি আছিল সকলোবোৰ ঘূৰাই দিয়া আৰু তাই দেশ এৰি যোৱাৰে পৰা এতিয়ালৈকে তাইৰ মাটিত যি যি শস্য উৎপন্ন হৈছিল, সেইবোৰো উভটাই দিয়া।”
וישאל המלך לאשה ותספר לו ויתן לה המלך סריס אחד לאמר השיב את כל אשר לה ואת כל תבואת השדה מיום עזבה את הארץ ועד עתה
7 তাৰ পাছত ইলীচা দম্মেচকলৈ আহিল; সেই সময়ত অৰামৰ ৰজা বিন-হদদ অসুস্থ আছিল। কোনোৱে ৰজাক ক’লে, “ঈশ্বৰৰ লোক এই ঠাইলৈ আহিছে।”
ויבא אלישע דמשק ובן הדד מלך ארם חלה ויגד לו לאמר בא איש האלהים עד הנה
8 ৰজাই তেতিয়া হজায়েলক ক’লে, “তুমি হাতত এটি উপহাৰ লৈ ঈশ্বৰৰ লোকৰ সাক্ষাৎ হ’বলৈ যোৱা আৰু তেওঁৰ যোগেদি যিহোৱাৰ পৰা জানি লোৱা যে, ‘মই এই অসুখৰ পৰা সুস্থ হৈ উঠিম নে নাই’?”
ויאמר המלך אל חזהאל קח בידך מנחה ולך לקראת איש האלהים ודרשת את יהוה מאותו לאמר האחיה מחלי זה
9 হজায়েলে তেতিয়া উপহাৰ হিচাবে দম্মেচকৰ সকলো উত্তম উত্তম বস্তুৰে চল্লিশটা উটৰ পিঠিত বোজাই কৰি ইলীচাৰ সৈতে সাক্ষাৎ হ’বলৈ গ’ল; তেওঁ আহি ইলীচাৰ সন্মুখত থিয় হৈ ক’লে, “আপোনাৰ পুত্র অৰামৰ ৰজা বিন-হদদে এই কথা সুধিবলৈ মোক আপোনাৰ ওচৰলৈ পঠাইছে, ‘মই এই অসুখৰ পৰা সুস্থ হ’ম নে’?”
וילך חזאל לקראתו ויקח מנחה בידו וכל טוב דמשק משא ארבעים גמל ויבא ויעמד לפניו ויאמר בנך בן הדד מלך ארם שלחני אליך לאמר האחיה מחלי זה
10 ১০ তেতিয়া ইলীচাই তেওঁক ক’লে, “তুমি গৈ ৰজা বিন-হদদক কোৱা যে ‘আপুনি অৱশ্যেই সুস্থ হৈ যাব;’ কিন্তু যিহোৱাই মোৰ ওচৰত প্রকাশ কৰিলে যে, তেওঁ নিশ্চয় মৰিব।”
ויאמר אליו אלישע לך אמר לא (לו) חיה תחיה והראני יהוה כי מות ימות
11 ১১ ইয়াকে কৈ হজায়েলে লাজ নোপোৱা পর্যন্ত ইলীচাই তেওঁৰ ফালে একে-থৰে চাই থাকিল আৰু পাছত ঈশ্বৰৰ লোকে কান্দিবলৈ আৰম্ভ কৰিলে।
ויעמד את פניו וישם עד בש ויבך איש האלהים
12 ১২ হজায়েলে সুধিলে, “হে মোৰ প্ৰভু, আপুনি কিয় কান্দিছে?” তেওঁ উত্তৰ দিলে, “কাৰণ, তুমি ইস্ৰায়েলৰ লোকসকললৈ কি ক্ষতি কৰিবা, তাক মই জানো। তুমি তেওঁলোকৰ দুৰ্গবোৰ জুই দি পুৰিবা, তৰোৱালেৰে তেওঁলোকৰ যুবকসকলক বধ কৰিবা, তেওঁলোকৰ শিশুসকলক মাটিত আচাৰি মাৰিবা আৰু তেওঁলোকৰ গৰ্ভৱতী মহিলাবোৰৰ পেট ফালিবা।”
ויאמר חזאל מדוע אדני בכה ויאמר כי ידעתי את אשר תעשה לבני ישראל רעה מבצריהם תשלח באש ובחריהם בחרב תהרג ועלליהם תרטש והרתיהם תבקע
13 ১৩ তেতিয়া হজায়েলে ক’লে, “কেৱল এটা কুকুৰৰ তুল্য আপোনাৰ এই দাসনো কোন যে, এই ভয়ানক কৰ্ম কৰিব?” ইলীচাই ক’লে, “তুমি যে অৰামৰ ৰজা হ’বা, এই কথা যিহোৱাই মোক প্রকাশ কৰিলে।”
ויאמר חזהאל--כי מה עבדך הכלב כי יעשה הדבר הגדול הזה ויאמר אלישע הראני יהוה אתך מלך על ארם
14 ১৪ তাৰ পাছত হজায়েল ইলীচাৰ ওচৰৰ পৰা নিজৰ প্ৰভুৰ ওচৰলৈ ঘূৰি গ’ল। তেতিয়া ৰজা বিন-হদদে তেওঁক সুধিলে, “ইলীচাই তোমাক কি ক’লে?” তেওঁ উত্তৰ দিলে, “তেওঁ মোক ক’লে যে আপুনি অৱশ্যেই সুস্থ হ’ব।”
וילך מאת אלישע ויבא אל אדניו ויאמר לו מה אמר לך אלישע ויאמר אמר לי חיה תחיה
15 ১৫ কিন্তু ঠিক পাছ দিনাই হজায়েলে এখন কম্বল পানীত জুবুৰিয়াই লৈ শ্বাসৰুদ্ধ হোৱাকৈ ৰজা বিন-হদদৰ মুখৰ ওপৰত মেলি ধৰিলে আৰু তাতে ৰজাৰ মৃত্যু হ’ল। তাৰ পাছত হজায়েল বিন-হদদৰ পদত ৰজা হ’ল।
ויהי ממחרת ויקח המכבר ויטבל במים ויפרש על פניו וימת וימלך חזהאל תחתיו
16 ১৬ যিহোচাফটৰ পুত্র যিহোৰাম যিহূদাৰ ৰজা আছিল। ইস্রায়েলৰ ৰজা আহাবৰ পুত্ৰ যোৰামৰ ৰাজত্ব কালৰ পঞ্চম বছৰত যিহোৰামে যিহূদাত ৰাজত্ব কৰিবলৈ আৰম্ভ কৰে।
ובשנת חמש ליורם בן אחאב מלך ישראל ויהושפט מלך יהודה--מלך יהורם בן יהושפט מלך יהודה
17 ১৭ তেওঁ যেতিয়া ৰাজত্ব আৰম্ভ কৰিছিল, তেতিয়া তেওঁৰ বয়স আছিল বত্ৰিশ বছৰ আৰু তেওঁ আঠ বছৰ ধৰি যিৰূচালেমত ৰাজত্ব কৰিছিল।
בן שלשים ושתים שנה היה במלכו ושמנה שנה (שנים) מלך בירושלם
18 ১৮ যিহোৰাম ইস্রায়েলৰ ৰজাসকলৰ পথত চলিছিল আৰু তেওঁ আহাবৰ জীয়েকক বিবাহ কৰাৰ কাৰণে আহাবৰ বংশৰ লোকসকলে কৰাৰ দৰেই তেওঁ কু-আচৰণ কৰিছিল। যিহোৱাৰ দৃষ্টিত যি বেয়া তেওঁ তাকে কৰিছিল।
וילך בדרך מלכי ישראל כאשר עשו בית אחאב--כי בת אחאב היתה לו לאשה ויעש הרע בעיני יהוה
19 ১৯ তথাপিও যিহোৱাই নিজৰ দাস দায়ুদৰ কথা মনত ৰাখি যিহূদা বিনষ্ট কৰিবলৈ ইচ্ছা নকৰিলে; কাৰণ তেওঁ দায়ুদক তেওঁৰ বংশধৰ দিব বুলি প্রতিজ্ঞা কৰিছিল।
ולא אבה יהוה להשחית את יהודה למען דוד עבדו כאשר אמר לו לתת לו ניר לבניו--כל הימים
20 ২০ যিহোৰামৰ ৰাজত্বৰ সময়ত ইদোমীয়াসকলে যিহূদাৰ বশ্যতা অস্বীকাৰ কৰি বিদ্রোহ কৰিলে আৰু তেওঁলোকৰ নিজৰ কাৰণে এজন ৰজা পাতি ল’লে।
בימיו פשע אדום מתחת יד יהודה וימלכו עליהם מלך
21 ২১ তেতিয়া যিহোৰামে তেওঁৰ সকলো সেনাপতিৰ সৈতে ৰথবোৰ লৈ চায়ীৰলৈ গ’ল। ইদোমীয়াসকলে তেওঁক আৰু ৰথবোৰৰ সেনাপতিসকলক ঘেৰাও কৰিলে; কিন্তু তেওঁ ৰাতিয়েই উঠি তেওঁক আৰু ৰথবোৰৰ সেনাপতিসকলক বেৰি ৰখা ঘেৰাও ভাঙি ইদোমীয়াসকলক আক্রমণ কৰি ওলাই আহিল আৰু তেওঁৰ সৈন্যসকল পলাই গৈ নিজৰ ঘৰলৈ ঘূৰি গ’ল।
ויעבר יורם צעירה וכל הרכב עמו ויהי הוא קם לילה ויכה את אדום הסביב אליו ואת שרי הרכב וינס העם לאהליו
22 ২২ ইদোম আজিও যিহূদাৰ বিৰুদ্ধে বিদ্রোহী হৈ আছে। সেই একে সময়তে লিব্‌নায়ো বিদ্ৰোহ কৰিছিল।
ויפשע אדום מתחת יד יהודה עד היום הזה אז תפשע לבנה בעת ההיא
23 ২৩ যিহোৰামৰ অন্যান্য সকলো কার্যৰ বিৱৰণ জানো ‘যিহূদাৰ ৰজাসকলৰ ইতিহাস’ নামৰ পুস্তকখনত লিখা নাই?
ויתר דברי יורם וכל אשר עשה הלא הם כתובים על ספר דברי הימים--למלכי יהודה
24 ২৪ পাছত যিহোৰামৰ মৃত্যু হোৱাত তেওঁ পূর্বপুৰুষসকলৰ ওচৰলৈ গ’ল আৰু তেওঁক দায়ুদৰ নগৰত পূর্বপুৰুষসকলৰ লগত মৈদাম দিয়া হ’ল। তাৰ পাছত তেওঁৰ পুত্ৰ অহজিয়া তেওঁৰ পদত ৰজা হ’ল।
וישכב יורם עם אבתיו ויקבר עם אבתיו בעיר דוד וימלך אחזיהו בנו תחתיו
25 ২৫ ইস্ৰায়েলৰ ৰজা আহাবৰ পুত্ৰ যোৰামৰ ৰাজত্ব কালৰ দ্বাদশ বছৰত যিহোৰামৰ পুত্ৰ অহজিয়াই যিহূদাত ৰাজত্ব কৰিবলৈ ধৰিলে।
בשנת שתים עשרה שנה ליורם בן אחאב מלך ישראל מלך אחזיהו בן יהורם מלך יהודה
26 ২৬ অহজিয়াই যেতিয়া ৰাজত্ব আৰম্ভ কৰিছিল, তেতিয়া তেওঁৰ বয়স আছিল বাইশ বছৰ আৰু তেওঁ এবছৰ কাল যিৰূচালেমত ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল অথলিয়া; তেওঁ ইস্ৰায়েলৰ ৰজা অম্ৰীৰ নাতিনীয়েক।
בן עשרים ושתים שנה אחזיהו במלכו ושנה אחת מלך בירושלם ושם אמו עתליהו בת עמרי מלך ישראל
27 ২৭ অহজিয়াই আহাবৰ বংশৰ লোকসকলৰ পথত চলিলে আৰু তেওঁলোকৰ দৰেই কার্য কৰি যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিলে; কিয়নো অহজিয়া আহাবৰ বংশৰ জোঁৱায়েক আছিল।
וילך בדרך בית אחאב ויעש הרע בעיני יהוה כבית אחאב כי חתן בית אחאב הוא
28 ২৮ পাছত অৰামৰ ৰজা হজায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিবৰ কাৰণে ৰজা অহজিয়াই আহাবৰ পুত্ৰ ৰজা যোৰামৰ সৈতে ৰামোৎ-গিলিয়দলৈ গ’ল; তেতিয়া অৰামীয়াসকলে যোৰামক আঘাত কৰিলে।
וילך את יורם בן אחאב למלחמה עם חזאל מלך ארם--ברמת גלעד ויכו ארמים את יורם
29 ২৯ অৰামৰ ৰজা হজায়েলৰ সৈতে ৰামাত যুদ্ধ কৰাৰ সময়ত অৰামীয়াসকলে কৰা সেই আঘাতৰ পৰা সুস্থ হ’বৰ কাৰণে ৰজা যোৰাম যিজ্ৰিয়েললৈ ঘূৰি গ’ল। যিহোৰামৰ পুত্র যিহূদাৰ ৰজা অহজিয়াই আহাবৰ পুত্ৰ যোৰামে আঘাত পাই অসুস্থ হোৱা বাবে তেওঁক চাবলৈ যিজ্রিয়েললৈ নামি গ’ল।
וישב יורם המלך להתרפא ביזרעאל מן המכים אשר יכהו ארמים ברמה בהלחמו את חזהאל מלך ארם ואחזיהו בן יהורם מלך יהודה ירד לראות את יורם בן אחאב ביזרעאל--כי חלה הוא

< ২ রাজাবলি 8 >