< ২ রাজাবলি 8 >
1 ১ যি গৰাকী মহিলাৰ পুতেকক ইলীচাই জীয়াই তুলিছিল, এদিন তেওঁ সেই মহিলাক ক’লে, “তুমি তোমাৰ পৰিয়ালেৰে সৈতে আন যি ঠাইতে পাৰা সেই ঠাইলৈকে গৈ কিছুকাল থাকা, কিয়নো যিহোৱাই এই দেশত আকাল পঠাই দিব আৰু সেয়ে সাত বছৰ ধৰি থাকিব।”
Elisa talte til den Kvinde, hvis Søn han havde kaldt til Live, og sagde: »Drag bort med dit Hus og slaa dig ned som fremmed et eller andet Sted, thi HERREN har kaldt Hungersnøden hid; og den vil komme over Landet og vare syv Aar!«
2 ২ মহিলাগৰাকীয়ে ঈশ্বৰৰ লোকৰ কথা অনুসাৰেই কার্য কৰিলে। তাই নিজৰ পৰিয়ালেৰে সৈতে গৈ সাত বছৰ পলেষ্টীয়াসকলৰ দেশত বাস কৰিলে।
Da brød Kvinden op og gjorde, som den Guds Mand havde sagt, og drog med sit Hus hen og boede syv Aar som fremmed i Filisternes Land.
3 ৩ সাত বছৰৰ শেষত মহিলাগৰাকী পলেষ্টীয়াসকলৰ দেশৰ পৰা উভটি আহি নিজৰ ঘৰ আৰু মাটি ঘূৰাই পোৱাৰ কাৰণে ৰজাৰ ওচৰত নিবেদন কৰিবলৈ গ’ল।
Men da der var gaaet syv Aar, vendte Kvinden tilbage fra Filisternes Land; Og hun gik hen og paakaldte Kongens Hjælp til at faa sit Hus og sin Jord tilbage.
4 ৪ ৰজাই সেই সময়ত ঈশ্বৰৰ লোকৰ দাস গেহজীৰ লগত কথা পাতি আছিল। তেওঁ গেহজীক সুধি আছিল, “ইলীচাই যি যি মহৎ কামবোৰ কৰিছে, সেই সকলোকে মোক কোৱাছোন।”
Kongen talte just med den Guds Mands Tjener Gehazi og sagde: »Fortæl mig om alle de store Gerninger, Elisa har udført!«
5 ৫ গেহজীয়ে যেতিয়া ৰজাক ইলীচাই কেনেকৈ মৃত শিশুটিক জীয়াই তুলিছিল, এই কথা কৈ আছিল, ঠিক সেই সময়তেই যি মহিলাৰ পুতেকক ইলীচাই জীয়াই তুলিছিল, সেই মহিলাগৰাকী ৰজাৰ ওচৰত নিজৰ ঘৰ আৰু মাটি ঘূৰাই পাবৰ কাৰণে নিবেদন কৰিবলৈ আহিল। গেহজীয়ে তেতিয়া ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, এৱেঁই সেই মহিলা আৰু এই জনেই তাইৰ ল’ৰা যাক ইলীচাই পুনৰ জীৱন দিলে।”
Og netop som han fortalte Kongen, hvorledes han havde kaldt den døde til Live, kom Kvinden, hvis Søn han havde kaldt til Live, og paakaldt Kongens Hjælp til at faa sit Hus og sin Jord tilbage. Da sagde Gehazi: »Herre Konge, der er den Kvinde, og der er hendes Søn, som Elisa kaldte til Live!«
6 ৬ ৰজাই তেতিয়া মহিলাগৰাকীক তাইৰ ল’ৰাটিৰ বিষয়ে সুধিলত, তাই তেওঁৰ আগত সকলো কথা ক’লে। তাতে ৰজাই মহিলাগৰাকীৰ কাৰণে এজন কৰ্মচাৰীক আদেশ দি ক’লে, “তাইৰ যি যি আছিল সকলোবোৰ ঘূৰাই দিয়া আৰু তাই দেশ এৰি যোৱাৰে পৰা এতিয়ালৈকে তাইৰ মাটিত যি যি শস্য উৎপন্ন হৈছিল, সেইবোৰো উভটাই দিয়া।”
Kongen spurgte saa Kvinden ud, og hun fortalte. Derpaa gav Kongen hende en Hofmand med og sagde: »Sørg for, at hun faar al sin Ejendom tilbage og alt, hvad hendes Jord har baaret, siden den Dag hun forlod Landet!«
7 ৭ তাৰ পাছত ইলীচা দম্মেচকলৈ আহিল; সেই সময়ত অৰামৰ ৰজা বিন-হদদ অসুস্থ আছিল। কোনোৱে ৰজাক ক’লে, “ঈশ্বৰৰ লোক এই ঠাইলৈ আহিছে।”
Siden begav Elisa sig til Damaskus, hvor Kong Benhadad af Aram laa syg. Da Kongen fik at vide, at den Guds Mand var paa Vej derhen,
8 ৮ ৰজাই তেতিয়া হজায়েলক ক’লে, “তুমি হাতত এটি উপহাৰ লৈ ঈশ্বৰৰ লোকৰ সাক্ষাৎ হ’বলৈ যোৱা আৰু তেওঁৰ যোগেদি যিহোৱাৰ পৰা জানি লোৱা যে, ‘মই এই অসুখৰ পৰা সুস্থ হৈ উঠিম নে নাই’?”
sagde han til Hazael: »Tag en Gave med, gaa den Guds Mand i Møde og raadspørg HERREN gennem ham, om jeg kommer mig af min Sygdom!«
9 ৯ হজায়েলে তেতিয়া উপহাৰ হিচাবে দম্মেচকৰ সকলো উত্তম উত্তম বস্তুৰে চল্লিশটা উটৰ পিঠিত বোজাই কৰি ইলীচাৰ সৈতে সাক্ষাৎ হ’বলৈ গ’ল; তেওঁ আহি ইলীচাৰ সন্মুখত থিয় হৈ ক’লে, “আপোনাৰ পুত্র অৰামৰ ৰজা বিন-হদদে এই কথা সুধিবলৈ মোক আপোনাৰ ওচৰলৈ পঠাইছে, ‘মই এই অসুখৰ পৰা সুস্থ হ’ম নে’?”
Da gik Hazael ham i Møde; han tog en Gave med af alskens Kostbarheder, som fandtes i Damaskus, fyrretyve Kamelladninger, og traadte frem for ham og sagde: »Din Søn Benhadad, Arams Konge sender mig til dig og lader spørge: Kommer jeg mig af min Sygdom?«
10 ১০ তেতিয়া ইলীচাই তেওঁক ক’লে, “তুমি গৈ ৰজা বিন-হদদক কোৱা যে ‘আপুনি অৱশ্যেই সুস্থ হৈ যাব;’ কিন্তু যিহোৱাই মোৰ ওচৰত প্রকাশ কৰিলে যে, তেওঁ নিশ্চয় মৰিব।”
Elisa svarede: »Gaa hen og sig ham: «Du kommer dig!» Men HERREN har ladet mig skue, at han skal dø!«
11 ১১ ইয়াকে কৈ হজায়েলে লাজ নোপোৱা পর্যন্ত ইলীচাই তেওঁৰ ফালে একে-থৰে চাই থাকিল আৰু পাছত ঈশ্বৰৰ লোকে কান্দিবলৈ আৰম্ভ কৰিলে।
Og han stirrede stift frem for sig og var ude af sig selv af Rædsel. Saa brast den Guds Mand i Graad,
12 ১২ হজায়েলে সুধিলে, “হে মোৰ প্ৰভু, আপুনি কিয় কান্দিছে?” তেওঁ উত্তৰ দিলে, “কাৰণ, তুমি ইস্ৰায়েলৰ লোকসকললৈ কি ক্ষতি কৰিবা, তাক মই জানো। তুমি তেওঁলোকৰ দুৰ্গবোৰ জুই দি পুৰিবা, তৰোৱালেৰে তেওঁলোকৰ যুবকসকলক বধ কৰিবা, তেওঁলোকৰ শিশুসকলক মাটিত আচাৰি মাৰিবা আৰু তেওঁলোকৰ গৰ্ভৱতী মহিলাবোৰৰ পেট ফালিবা।”
og Hazael sagde: »Hvorfor græder min Herre?« Han svarede: »Fordi jeg ved, hvilke Ulykker du skal bringe over Israeliterne! Deres Fæstninger skal du stikke i Brand, deres unge Mænd skal du hugge ned med Sværdet, deres spæde Børn skal du knuse, og paa deres frugtsommelige Kvinder skal du rive Livet op!«
13 ১৩ তেতিয়া হজায়েলে ক’লে, “কেৱল এটা কুকুৰৰ তুল্য আপোনাৰ এই দাসনো কোন যে, এই ভয়ানক কৰ্ম কৰিব?” ইলীচাই ক’লে, “তুমি যে অৰামৰ ৰজা হ’বা, এই কথা যিহোৱাই মোক প্রকাশ কৰিলে।”
Da sagde Hazael: »Hvad er din Træl, den Hund, at han skal kunne gøre slige store Ting!« Elisa svarede: »HERREN har ladet mig skue dig som Konge over Aram!«
14 ১৪ তাৰ পাছত হজায়েল ইলীচাৰ ওচৰৰ পৰা নিজৰ প্ৰভুৰ ওচৰলৈ ঘূৰি গ’ল। তেতিয়া ৰজা বিন-হদদে তেওঁক সুধিলে, “ইলীচাই তোমাক কি ক’লে?” তেওঁ উত্তৰ দিলে, “তেওঁ মোক ক’লে যে আপুনি অৱশ্যেই সুস্থ হ’ব।”
Derpaa forlod han Elisa og kom til sin Herre; og han spurgte ham: »Hvad sagde Elisa til dig?« Han svarede: »Han sagde: Du kommer dig!«
15 ১৫ কিন্তু ঠিক পাছ দিনাই হজায়েলে এখন কম্বল পানীত জুবুৰিয়াই লৈ শ্বাসৰুদ্ধ হোৱাকৈ ৰজা বিন-হদদৰ মুখৰ ওপৰত মেলি ধৰিলে আৰু তাতে ৰজাৰ মৃত্যু হ’ল। তাৰ পাছত হজায়েল বিন-হদদৰ পদত ৰজা হ’ল।
Men næste Dag tog han et Klæde, dyppede det i Vand og bredte det over Ansigtet paa Kongen, og det blev hans Død. Og Hazael blev Konge i hans Sted.
16 ১৬ যিহোচাফটৰ পুত্র যিহোৰাম যিহূদাৰ ৰজা আছিল। ইস্রায়েলৰ ৰজা আহাবৰ পুত্ৰ যোৰামৰ ৰাজত্ব কালৰ পঞ্চম বছৰত যিহোৰামে যিহূদাত ৰাজত্ব কৰিবলৈ আৰম্ভ কৰে।
I Akabs Søns, Kong Joram af Israels, femte Regeringsaar blev Joram, Josafats Søn, Konge over Juda.
17 ১৭ তেওঁ যেতিয়া ৰাজত্ব আৰম্ভ কৰিছিল, তেতিয়া তেওঁৰ বয়স আছিল বত্ৰিশ বছৰ আৰু তেওঁ আঠ বছৰ ধৰি যিৰূচালেমত ৰাজত্ব কৰিছিল।
Han var to og tredive Aar gammel, da han blev Konge, og han herskede otte Aar i Jerusalem.
18 ১৮ যিহোৰাম ইস্রায়েলৰ ৰজাসকলৰ পথত চলিছিল আৰু তেওঁ আহাবৰ জীয়েকক বিবাহ কৰাৰ কাৰণে আহাবৰ বংশৰ লোকসকলে কৰাৰ দৰেই তেওঁ কু-আচৰণ কৰিছিল। যিহোৱাৰ দৃষ্টিত যি বেয়া তেওঁ তাকে কৰিছিল।
Han vandrede i Israels Kongers Spor ligesom Akabs Hus, thi han havde en Datter af Akab til Hustru, og han gjorde, hvad der var ondt i HERRENS Øjne.
19 ১৯ তথাপিও যিহোৱাই নিজৰ দাস দায়ুদৰ কথা মনত ৰাখি যিহূদা বিনষ্ট কৰিবলৈ ইচ্ছা নকৰিলে; কাৰণ তেওঁ দায়ুদক তেওঁৰ বংশধৰ দিব বুলি প্রতিজ্ঞা কৰিছিল।
Dog vilde HERREN ikke tilintetgøre Juda for sin Tjener Davids Skyld efter det Løfte, han havde givet ham, at han altid skulde have en Lampe for hans Aasyn.
20 ২০ যিহোৰামৰ ৰাজত্বৰ সময়ত ইদোমীয়াসকলে যিহূদাৰ বশ্যতা অস্বীকাৰ কৰি বিদ্রোহ কৰিলে আৰু তেওঁলোকৰ নিজৰ কাৰণে এজন ৰজা পাতি ল’লে।
I hans Dage rev Edomiterne sig løs fra Judas Overherredømme og valgte sig en Konge.
21 ২১ তেতিয়া যিহোৰামে তেওঁৰ সকলো সেনাপতিৰ সৈতে ৰথবোৰ লৈ চায়ীৰলৈ গ’ল। ইদোমীয়াসকলে তেওঁক আৰু ৰথবোৰৰ সেনাপতিসকলক ঘেৰাও কৰিলে; কিন্তু তেওঁ ৰাতিয়েই উঠি তেওঁক আৰু ৰথবোৰৰ সেনাপতিসকলক বেৰি ৰখা ঘেৰাও ভাঙি ইদোমীয়াসকলক আক্রমণ কৰি ওলাই আহিল আৰু তেওঁৰ সৈন্যসকল পলাই গৈ নিজৰ ঘৰলৈ ঘূৰি গ’ল।
Da drog Joram over til Za'ir med alle sine Stridsvogne. Og han stod op om Natten, og sammen med Vognstyrerne slog han sig igennem Edoms Rækker, der havde omringet ham, hvorpaa Folket flygtede tilbage hver til sit.
22 ২২ ইদোম আজিও যিহূদাৰ বিৰুদ্ধে বিদ্রোহী হৈ আছে। সেই একে সময়তে লিব্নায়ো বিদ্ৰোহ কৰিছিল।
Saaledes rev Edom sig løs fra Judas Overherredømme, og saaledes er det den Dag i Dag. Paa samme Tid rev ogsaa Libna sig løs.
23 ২৩ যিহোৰামৰ অন্যান্য সকলো কার্যৰ বিৱৰণ জানো ‘যিহূদাৰ ৰজাসকলৰ ইতিহাস’ নামৰ পুস্তকখনত লিখা নাই?
Hvad der ellers er at fortælle om Joram, alt, hvad han udførte, staar optegnet i Judas Kongers Krønike.
24 ২৪ পাছত যিহোৰামৰ মৃত্যু হোৱাত তেওঁ পূর্বপুৰুষসকলৰ ওচৰলৈ গ’ল আৰু তেওঁক দায়ুদৰ নগৰত পূর্বপুৰুষসকলৰ লগত মৈদাম দিয়া হ’ল। তাৰ পাছত তেওঁৰ পুত্ৰ অহজিয়া তেওঁৰ পদত ৰজা হ’ল।
Saa lagde Joram sig til Hvile hos sine Fædre og blev jordet hos sine Fædre i Davidsbyen; og hans Søn Ahazja blev Konge i hans Sted.
25 ২৫ ইস্ৰায়েলৰ ৰজা আহাবৰ পুত্ৰ যোৰামৰ ৰাজত্ব কালৰ দ্বাদশ বছৰত যিহোৰামৰ পুত্ৰ অহজিয়াই যিহূদাত ৰাজত্ব কৰিবলৈ ধৰিলে।
I Akabs Søns, Kong Joram af Israels, tolvte Regeringsaar blev Ahazja, Jorams Søn, Konge over Juda.
26 ২৬ অহজিয়াই যেতিয়া ৰাজত্ব আৰম্ভ কৰিছিল, তেতিয়া তেওঁৰ বয়স আছিল বাইশ বছৰ আৰু তেওঁ এবছৰ কাল যিৰূচালেমত ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল অথলিয়া; তেওঁ ইস্ৰায়েলৰ ৰজা অম্ৰীৰ নাতিনীয়েক।
Ahazja var to og tyve Aar gammel, da han blev Konge, og han herskede eet Aar i Jerusalem. Hans Moder hed Atalja og var Datter af Kong Omri af Israel.
27 ২৭ অহজিয়াই আহাবৰ বংশৰ লোকসকলৰ পথত চলিলে আৰু তেওঁলোকৰ দৰেই কার্য কৰি যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিলে; কিয়নো অহজিয়া আহাবৰ বংশৰ জোঁৱায়েক আছিল।
Han vandrede i Akabs Hus's Spor og gjorde, hvad der var ondt i HERRENS Øjne, ligesom Akabs Hus, thi han var besvogret med Akabs Hus.
28 ২৮ পাছত অৰামৰ ৰজা হজায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিবৰ কাৰণে ৰজা অহজিয়াই আহাবৰ পুত্ৰ ৰজা যোৰামৰ সৈতে ৰামোৎ-গিলিয়দলৈ গ’ল; তেতিয়া অৰামীয়াসকলে যোৰামক আঘাত কৰিলে।
Sammen med Joram, Akabs Søn, drog han i Krig mod Kong Hazael af Aram ved Ramot i Gilead. Men Aramæerne saarede Joram.
29 ২৯ অৰামৰ ৰজা হজায়েলৰ সৈতে ৰামাত যুদ্ধ কৰাৰ সময়ত অৰামীয়াসকলে কৰা সেই আঘাতৰ পৰা সুস্থ হ’বৰ কাৰণে ৰজা যোৰাম যিজ্ৰিয়েললৈ ঘূৰি গ’ল। যিহোৰামৰ পুত্র যিহূদাৰ ৰজা অহজিয়াই আহাবৰ পুত্ৰ যোৰামে আঘাত পাই অসুস্থ হোৱা বাবে তেওঁক চাবলৈ যিজ্রিয়েললৈ নামি গ’ল।
Saa vendte Kong Joram tilbage for i Jizre'el at søge Helbredelse for de Saar, Aramæerne havde tilføjet ham ved Ramot, da han kæmpede med Kong Hazael af Aram; og Jorams Søn, Kong Ahazja af Juda, drog ned for at se til Joram, Akabs Søn, i Jizre'el, fordi han laa syg.