< ২ রাজাবলি 5 >
1 ১ অৰামৰ ৰজাৰ সেনাপতিজনৰ নাম আছিল নামান। তেওঁ এজন সাহসী, পৰাক্ৰমী বীৰ আছিল আৰু তেওঁৰ যোগেদিয়েই যিহোৱাই অৰামীয়া সৈন্যৰ ওপৰত জয়ী হৈছিল। সেয়ে, ৰজাৰ ওচৰত তেওঁ এজন অতি মহান আৰু শ্রদ্ধাৰ ব্যক্তি আছিল। কিন্তু তেওঁ এজন কুষ্ঠৰোগীও আছিল।
Нааман, кэпетения оштирий ымпэратулуй Сирией, авя тречере ынаинтя стэпынулуй сэу ши маре вазэ, кэч прин ел избэвисе Домнул пе сириень. Дар омул ачеста таре ши витяз ера лепрос.
2 ২ এবাৰ অৰামীয়া সৈন্যৰ দলে ইস্রায়েলক আক্রমণ কৰিবলৈ ওলাই যাওঁতে, ইস্ৰায়েল দেশৰ পৰা এজনী সৰু ছোৱালী তুলি লৈ আহিছিল; তাই নামানৰ ভাৰ্য্যাৰ সেৱা কৰিছিল।
Ши сириений ешисерэ ын чете ла о луптэ ши адусесерэ роабэ пе о фетицэ дин цара луй Исраел. Еа ера ын служба невестей луй Нааман.
3 ৩ ছোৱালীজনীয়ে নামানৰ ভার্য্যাক ক’লে, “মোৰ ইচ্ছা, প্ৰভুৱে যদি চমৰিয়াত থকা ভাববাদীক সাক্ষাৎ কৰে, বৰ ভাল হয়! তেওঁ নিশ্চয়ে প্রভুক কুষ্ঠ ৰোগৰ পৰা সুস্থ কৰিব।”
Ши еа а зис стэпыней сале: „О, дакэ домнул меу ар фи ла пророкул ачела дин Самария, пророкул л-ар тэмэдуи де лепра луй!”
4 ৪ তেতিয়া ইস্ৰায়েল দেশৰ পৰা অনা ছোৱালীজনীয়ে কোৱা সকলো কথা নামানে গৈ ৰজাক জনালে।
Нааман с-а дус ши а спус стэпынулуй сэу: „Фата ачея дин цара луй Исраел а ворбит аша ши аша.”
5 ৫ “তেন্তে তুমি এতিয়াই যোৱাগৈ, ইস্ৰায়েলৰ ৰজালৈ মই এখন পত্ৰ পঠাই দিম,” অৰামৰ ৰজাই ক’লে। তেতিয়া নামানে নিজৰ লগত দহ কিক্কৰ ৰূপ, ছয় হাজাৰটা সোণৰ টুকুৰা আৰু দহ যোৰ পিন্ধা কাপোৰ লৈ ইস্রায়েললৈ যাত্ৰা কৰিলে।
Ши ымпэратул Сирией а зис: „Ду-те ла Самария ши вой тримите о скрисоаре ымпэратулуй луй Исраел.” А плекат луынд ку ел зече таланць де арӂинт, шасе мий де сикли де аур ши зече хайне де скимб.
6 ৬ লগত ইস্ৰায়েলৰ ৰজালৈ লিখা পত্ৰখনো তেওঁ ল’লে; ৰজালৈ নিয়া পত্র খনত লিখা আছিল, “এই পত্রৰে সৈতে মই মোৰ সেৱক নামানৰ কুষ্ঠৰোগ সুস্থ হ’বৰ কাৰণে তেওঁক আপোনাৰ ওচৰলৈ পঠাইছো।”
А дус ымпэратулуй луй Исраел скрисоаря, каре глэсуя аша: „Акум, кынд вей прими скрисоаря ачаста, вей шти кэ ыць тримит пе служиторул меу Нааман ка сэ-л виндечь де лепра луй.”
7 ৭ ইস্ৰায়েলৰ ৰজাই সেই পত্ৰ পঢ়ি বেজাৰতে নিজৰ কাপোৰ ফালি ক’লে, “মই জানো ঈশ্বৰ? মোৰ জানো কাৰোবাৰ মৃত্যু আৰু জীৱনৰ ওপৰত হাত আছে। কিয় এই লোকজনে এজন মানুহৰ কুষ্ঠ ৰোগ সুস্থ কৰাৰ বাবে তেওঁক মোৰ ওচৰলৈ পঠাইছে? ইয়াতে বুজা গৈছে যে, তেওঁ মোৰ লগত কাজিয়া আৰম্ভ কৰিবলৈহে ছল কৰিছে।”
Дупэ че а читит скрисоаря, ымпэратул луй Исраел шь-а рупт хайнеле ши а зис: „Оаре сунт еу Думнезеу, ка сэ омор ши сэ ынвиез, де-мь спуне сэ виндек пе ун ом де лепра луй? Сэ штиць дар ши сэ ынцелеӂець кэ ел каутэ прилеж де чартэ ку мине.”
8 ৮ যেতিয়া ইস্ৰায়েলৰ ৰজাই নিজৰ কাপোৰ ফলা কথা ঈশ্বৰৰ লোক ইলীচাই শুনিলে, তেওঁ ৰজাৰ ওচৰলৈ এই বার্তা পঠালে, “আপুনি কিয় আপোনাৰ বস্ত্ৰ ফালিলে? সেই মানুহক মোৰ ওচৰলৈ আহিব দিয়ক; তাতে তেওঁ জানিব যে ইস্ৰায়েলৰ মাজত এজন ভাববাদী আছে।”
Кынд а аузит Елисей, омул луй Думнезеу, кэ ымпэратул луй Исраел шь-а сфышият хайнеле, а тримис сэ спунэ ымпэратулуй: „Пентру че ць-ай сфышият хайнеле? Ласэ-л сэ винэ ла мине ши ва шти кэ есте ун пророк ын Исраел.”
9 ৯ সেয়ে, নামানে নিজৰ ঘোঁৰা আৰু ৰথবোৰৰে সৈতে আহি, ইলীচাৰ ঘৰৰ দুৱাৰমুখত থিয় হ’ল।
Нааман а венит ку каий ши ку карул луй ши с-а оприт ла поарта касей луй Елисей.
10 ১০ ইলীচাই এজন লোকৰ দ্বাৰাই তেওঁৰ ওচৰলৈ এই বার্তা কৈ পঠালে, “আপুনি যাওঁক আৰু যৰ্দ্দন নদীত সাতবাৰ জোবোৰা মাৰক, তাতে আপোনাৰ গাৰ মঙহ পূর্বৰ দৰে হৈ পৰিব আৰু আপুনি শুচি হ’ব।”
Елисей а тримис сэ-й спунэ принтр-ун сол: „Ду-те ши скалдэ-те де шапте орь ын Йордан; ши карня ци се ва фаче сэнэтоасэ ши вей фи курат.”
11 ১১ তেতিয়া নামান তাৰ পৰা খং উঠি গুচি গ’ল আৰু তেওঁ ক’লে, “চোৱাছোন, মই ভাবিছিলোঁ, তেওঁ অৱশ্যেই ওলাই আহি মোৰ ওচৰত থিয় হ’ব আৰু নিজৰ ঈশ্বৰ যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিব, ৰোগৰ ঠাইত হাত বুলাই মোৰ কুষ্ঠ ৰোগ সুস্থ কৰিব।
Нааман с-а мыният ши а плекат зикынд: „Еу кредям кэ ва еши ла мине, се ва ынфэциша ел ынсушь, ва кема Нумеле Домнулуй Думнезеулуй луй, ышь ва дуче мына пе локул рэний ши ва виндека лепра.
12 ১২ ইস্ৰায়েলৰ সকলো নদীতকৈ জানো দম্মেচকৰ অবানা আৰু ফাৰ্পৰ নদী উত্তম নহয়? মই জানো সেইবোৰত গা ধুই শুচি হ’ব নোৱাৰিম?” এই বুলি তেওঁ প্রচণ্ড খঙেৰে সৈতে ঘূৰি গুচি গ’ল।
Ну сунт оаре рыуриле Дамаскулуй, Абана ши Парпар, май буне декыт тоате апеле луй Исраел? Н-аш фи путут оаре сэ мэ спэл ын еле ши сэ мэ фак курат?” Ши с-а ынторс ши а плекат плин де мыние.
13 ১৩ তেতিয়া দাসবোৰে তেওঁৰ ওচৰ চাপি আহি নিবেদন কৰি ক’লে, “হে মোৰ পিতৃ, ভাববাদীজনে আপোনাক কোনো কষ্টৰ কাম কৰিবলৈ দিয়া হ’লে, আপুনি জানো তাক নকৰিলেহেঁতেন? তেন্তে কিনো ডাঙৰ কথা, তেওঁ কেৱল কৈছে যে, ‘জোবোৰা মাৰি শুচি হোৱা’; সেয়ে আপুনি তাক কৰা উচিত।”
Дар служиторий луй с-ау апропият сэ-й ворбяскэ ши ау зис: „Пэринте, дакэ пророкул ць-ар фи черут ун лукру греу, ну л-ай фи фэкут? Ку атыт май мулт требуе сэ фачь че ць-а спус: ‘Скалдэ-те ши вей фи курат.’”
14 ১৪ তেতিয়া নামানে ঈশ্বৰৰ লোকৰ কথা অনুসাৰে যৰ্দ্দন নদীত নামি গৈ সাত বাৰ ডুব মাৰিলে আৰু তেতিয়াই তেওঁৰ দেহ পূর্বৰ দৰে শুচি হ’ল। একেবাৰে সৰু ল’ৰাৰ দৰে তেওঁৰ গাৰ ছাল পৰিস্কাৰ হ’ল।
С-а коборыт атунч ши с-а куфундат де шапте орь ын Йордан, дупэ кувынтул омулуй луй Думнезеу, ши карня луй с-а фэкут ярэшь кум есте карня унуй копилаш ши с-а курэцит.
15 ১৫ নামান আৰু তেওঁৰ সকলো সঙ্গী তেতিয়া ঈশ্বৰৰ লোকৰ ওচৰলৈ উভটি আহিল। ইলীচাৰ সন্মুখত থিয় হৈ ক’লে, “মই এতিয়া জানিলোঁ যে, ইস্রায়েলৰ বাহিৰে গোটেই পৃথিৱীতে আৰু ক’তো ঈশ্বৰ নাই। গতিকে এতিয়া অনুগ্রহ কৰি, আপোনাৰ এই দাসৰ পৰা এটি উপহাৰ গ্ৰহণ কৰক।”
Нааман с-а ынторс ла омул луй Думнезеу ку тот алаюл луй. Кынд а ажунс, с-а ынфэцишат ынаинтя луй ши а зис: „Ятэ, куноск акум кэ ну есте Думнезеу пе тот пэмынтул декыт ын Исраел. Ши акум, примеште, рогу-те, ун дар дин партя робулуй тэу.”
16 ১৬ ইলীচাই ক’লে, “মই যি জনাৰ সাক্ষাতে থিয় হৈ আছোঁ, সেই জীৱনময় যিহোৱাৰ শপত, মই একোকে গ্ৰহণ নকৰোঁ।” নামানে উপহাৰ গ্ৰহণ কৰিবলৈ তেওঁক বহুবাৰ অনুনয়-বিনয় কৰাতো তেওঁ মান্তি নহ’ল।
Елисей а рэспунс: „Виу есте Домнул, ал кэруй служитор сунт, кэ ну вой прими.” Нааман а стэруит де ел сэ примяскэ, дар ел н-а врут.
17 ১৭ নামানে ক’লে, “আপুনি যদি ইয়াক নলয়, তেন্তে অন্ততঃ মোক ইস্রায়েলৰ পৰা দুটা খছৰে বোজা কৰিব পৰাকৈ মাটি আপোনাৰ এই দাসক দিয়ক; কিয়নো এতিয়াৰ পৰা মই যিহোৱাৰ বাহিৰে কোনো ইতৰ দেৱতালৈ হোমবলি বা বলি উৎসর্গ নকৰিম।
Атунч, Нааман а зис: „Фииндкэ ну врей сэ примешть ту, ынгэдуе сэ се дя робулуй тэу пэмынт кыт пот дуче дой катырь, кэч робул тэу ну май вря сэ май адукэ алтор думнезей нич ардере-де-тот, нич жертфэ, чи ва адуче нумай Домнулуй.
18 ১৮ কিন্তু, এটা বিষয়ত যেন যিহোৱাই আপোনাৰ এই দাসক ক্ষমা কৰে; মোৰ ৰজাই যেতিয়া সেৱা কৰিবৰ অৰ্থে ৰিম্মোনৰ মন্দিৰলৈ যায় আৰু তেওঁ মোৰ হাতৰ সাহার্যত নির্ভৰ কৰে, সেই সময়ত মই নিজেও ৰিম্মোন দেৱতাৰ গৃহত মূৰ দোৱাঁব লগা হয়; তেতিয়া এই ক্ষেত্রত যিহোৱাই আপোনাৰ দাসক ক্ষমা কৰক।”
Ятэ тотушь че рог пе Домнул сэ ерте робулуй тэу: кынд стэпынул меу интрэ ын каса луй Римон сэ се ынкине аколо ши се сприжинэ пе мына мя, мэ ынкин ши еу ын каса луй Римон – сэ ерте Домнул пе робул тэу кынд мэ вой ынкина ын каса луй Римон!”
19 ১৯ ইলীচাই তেওঁক ক’লে, “শান্তি মনেৰে যোৱা।” তেতিয়া তেওঁ ইলীচাৰ ওচৰৰ পৰা গুছি গ’ল।
Елисей й-а зис: „Ду-те ын паче!” Дупэ че а плекат Нааман де ла Елисей ши а фост ла о депэртаре буничикэ,
20 ২০ নামান তেওঁৰ ওচৰৰ পৰা কিছু দূৰ যোৱাৰ পাছতে ঈশ্বৰৰ লোক ইলীচাৰ দাস গেহজীয়ে নিজৰ মনতে ক’লে, “সেই অৰামীয়া নামানে অনা উপহাৰবোৰ গ্রহণ নকৰি মোৰ প্ৰভুৱে তেওঁক এনেয়ে এৰি দিলে! জীৱিত যিহোৱাৰ শপত, মই তেওঁৰ পাছে পাছে লৰি গৈ তেওঁৰ পৰা কিছু কিছু লওঁগৈ!”
Гехази, служиторул луй Елисей, омул луй Думнезеу, а зис ын сине: „Ятэ кэ стэпынул меу а круцат пе сириянул ачела, Нааман, ши н-а примит дин мына луй че адусесе. Виу есте Домнул кэ вой алерга дупэ ел ши вой кэпэта чева де ла ел.”
21 ২১ এইবুলি গেহজীয়ে নামানৰ পাছে পাছে ল’ৰি গ’ল। নামানে গেহজীক তেওঁৰ ফালে লৰি অহা দেখি তেওঁৰ লগত সাক্ষাৎ হ’বলৈ ৰথৰ পৰা নামি সুধিলে, “কি, সকলোবোৰ ঠিকে আছেনে?”
Ши Гехази а алергат дупэ Нааман. Нааман, кынд л-а вэзут алергынд дупэ ел, с-а дат жос дин кар ка сэ-й ясэ ынаинте ши а зис: „Есте бине тотул?”
22 ২২ গেহজীয়ে ক’লে, “সকলো ঠিকেই আছে। কিন্তু মোৰ প্ৰভুৱে এই কথা ক’বলৈ মোক পঠালে যে, ‘ইফ্ৰয়িমৰ পাহাৰীয়া অঞ্চলৰ পৰা শিষ্য ভাববাদীসকলৰ দুজন যুৱক এতিয়াই মোৰ কাষলৈ আহিল; সেয়ে অনুগ্রহ কৰি, তেওঁলোকৰ বাবে এক কিক্কৰ ৰূপ আৰু দুযোৰ কাপোৰ দিয়ক।’”
Ел а рэспунс: „Тотул есте бине. Стэпынул меу мэ тримите сэ-ць спун: ‘Ятэ кэ ау венит ла мине дой тинерь дин мунтеле луй Ефраим, динтре фиий пророчилор, дэ-мь пентру ей, те рог, ун талант де арӂинт ши доуэ хайне де скимб.’”
23 ২৩ তাতে নামানে ক’লে, “আপুনি যদি দুই কিক্কৰ লয়, তাতো মই অতি সুখী হ’ম।” এই বুলি নামানে দুযোৰ কাপোৰ আৰু দুটা বস্তাত দুই কিক্কৰ ৰূপ বান্ধি নিজৰ দুজন দাসক কঢ়িয়াই নিবলৈ দিলে; তেওঁলোকে সেইবোৰ লৈ গেহজীৰ আগে আগে গ’ল।
Нааман а зис: „Фэ-мь плэчеря ши я дой таланць.” А стэруит де ел ши а легат дой таланць де арӂинт ын дой сачь, ымпреунэ ку доуэ хайне де скимб, ши а пус пе дой дин служиторий сэй сэ ле дукэ ынаинтя луй Гехази.
24 ২৪ পাছত পাহাৰৰ কাষ গৈ পোৱাত, তেওঁ দাসবোৰৰ পৰা সেই ৰূপৰ বস্তাবোৰ ল’লে আৰু ঘৰৰ ভিতৰত লুকুৱাই থৈ দাস দুজনক বিদায় দিলে। তেতিয়া তেওঁলোক গুচি গ’ল।
Ажунгынд ла дял, Гехази ле-а луат дин мыниле лор ши ле-а пус ын касэ. Апой а дат друмул оаменилор ачелора, каре ау плекат.
25 ২৫ তাৰ পাছত তেওঁ ভিতৰলৈ গৈ নিজৰ প্ৰভুৰ সন্মুখত থিয় হ’ল। তেতিয়া ইলীচাই তেওঁক সুধিলে, “গেহজী, তুমি ক’ৰ পৰা আহিলা?” তেওঁ উত্তৰ দিলে, “আপোনাৰ দাস ক’লৈকো যোৱা নাই।”
Дупэ ачея с-а дус ши с-а ынфэцишат ынаинтя стэпынулуй сэу. Елисей й-а зис: „Де унде вий, Гехази?” Ел а рэспунс: „Робул тэу ну с-а дус никэерь.”
26 ২৬ কিন্তু ইলীচাই তেওঁক ক’লে, “সেই মানুহজনে যেতিয়া তোমাৰ লগত সাক্ষাৎ কৰিবলৈ নিজৰ ৰথৰ পৰা নামিছিল, তেতিয়া মোৰ অন্তৰ জানো তোমাৰ লগত যোৱা নাছিল? ধন, কাপোৰ-কানি, জিত গছৰ বাৰী, দ্ৰাক্ষাবাৰী, মেৰ-ছাগ, গৰু আৰু দাস-দাসী লোৱাৰ এইটো জানো সময়?
Дар Елисей й-а зис: „Оаре н-а фост духул меу ку тине кынд а лэсат омул ачела карул ши а венит ынаинтя та? Есте оаре акум время де луат арӂинт, хайне, мэслинь, вий, ой, бой, робь ши роабе?
27 ২৭ এই হেতুকে নামানৰ কুষ্ঠৰোগ তোমাৰ আৰু তোমাৰ বংশধৰ সকলৰ মাজত চিৰকাল লাগি থাকিব।” তেতিয়া গেহজী ইলীচাৰ সন্মুখৰ পৰা গুছি গ’ল আৰু তেওঁৰ গাৰ ছাল হিমৰ নিচিনা বগা কুষ্ঠৰোগ হ’ল।
Лепра луй Нааман се ва липи де тине ши де сэмынца та пентру тотдяуна.” Ши Гехази а ешит динаинтя луй Елисей плин де лепрэ, алб ка зэпада.