< ২ রাজাবলি 3 >
1 ১ যিহূদাত যিহোচাফটৰ ৰাজত্বৰ ওঠৰ বছৰত ইস্রায়েলৰ ৰজা আহাবৰ পুত্ৰ যোৰাম ৰজা হ’ল। তেওঁ চমৰিয়াত থাকি বাৰ বছৰ ৰাজত্ব কৰিলে।
၁ယုဒရှင်ဘုရင်ယောရှဖတ်နန်းစံဆယ်ရှစ်နှစ် တွင်၊ အာဟပ်သား ယောရံသည်ရှမာရိမြို့၌ မင်းပြု၍ ဣသရေလနိုင်ငံကို စိုးစံ၏။
2 ২ যিহোৱাৰ দৃষ্টিত তেওঁ কু-আচৰণ কৰিলে, কিন্তু তেওঁ তেওঁৰ পিতৃ-মাতৃৰ দৰে কৰা নাছিল; কিয়নো তেওঁৰ পিতৃয়ে বাল দেৱতাৰ পূজাৰ কাৰণে যি স্তম্ভ নিৰ্ম্মাণ কৰিছিল, তাক তেওঁ দূৰ কৰি দিছিল।
၂ထိုမင်းသည် ထာဝရဘုရားရှေ့တော်၌ ဒုစရိုက် ကို ပြု၏။ သို့ရာတွင် မိဘကဲ့သို့မပြု။ ခမည်းတော်လုပ် သော ဗာလရုပ်တုကို ပယ်ရှား၏။
3 ৩ তথাপি নবাটৰ পুত্র যাৰবিয়ামে যি সকলো পাপ কার্য কৰি ইস্ৰায়েলক পাপ কৰিবলৈ বাধ্য কৰাইছিল, সেই পাপবোৰত তেওঁ আসক্ত হৈ থাকিল; তেওঁ সেইবোৰ বন্ধ নকৰিলে।
၃သို့သော်လည်း ဣသရေလအမျိုးကို ပြစ်မှားစေ သော နေဗတ်၏သား ယေရောဗောင်ပြုသော ဒုစရိုက် အပြစ်ကို မရှောင်မှီဝဲ၏။
4 ৪ মোৱাবৰ ৰজা মেচাই মেৰ-ছাগ পুহি সেইবোৰৰ বংশ বৃদ্ধি কৰিছিল। তেওঁ ইস্ৰায়েলৰ ৰজাক কৰ হিচাবে এক লাখ মেৰ-ছাগ পোৱালি আৰু এক লাখ মতা মেৰ-ছাগৰ ঊল দিব লাগিছিল।
၄မောဘမင်းကြီး မေရှာသည် သိုးထိန်းကြီး ဖြစ်၍၊ ဣသရေလရှင်ဘုရင်အား သိုးသငယ်တသိန်းနှင့် အမွေး ပါသော သိုးထီးတသိန်းကို ဆက်ရ၏။
5 ৫ কিন্তু আহাবৰ মৃত্যুৰ পাছত, মোৱাবৰ ৰজাই ইস্ৰায়েলৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে।
၅အာဟပ်သေသောအခါ၊ မောဘမင်းကြီးသည် ဣသရေလရှင်ဘုရင်ကို ပုန်ကန်လေ၏။
6 ৬ সেয়ে ইস্রায়েলৰ ৰজা যোৰামে তেতিয়া চমৰিয়াৰ পৰা ওলাই গৈ ইস্ৰায়েলীয়াসকলক যুদ্ধৰ কাৰণে একগোট কৰিলে।
၆ထိုအခါ ယောရံမင်းကြီးသည် ရှမာရိမြို့ထဲက ထွက်၍ ဣသရေလအမျိုးသားအပေါင်းတို့ကို စာရင်း ယူ၏။
7 ৭ যিহূদাৰ ৰজা যিহোচাফটৰ ওচৰলৈ তেওঁ বার্তা পঠাই জনালে যে, “মোৱাবৰ ৰজাই মোৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছে; আপুনি মোৱাবৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ মোৰ লগত যাব নে?” যিহোচাফটে ক’লে, “মই আপোনাৰ লগত যাম। মই আপোনাৰ দৰেই হওঁ; মোৰ লোক আৰু ঘোঁৰাবোৰ যেনে আপোনাৰ লোকসকল আৰু ঘোঁৰাবোৰো তেনে।”
၇ယုဒရှင်ဘုရင် ယောရှဖတ်ထံသို့ လူကိုစေလွှတ် ၍၊ မောဘမင်း ကြီးသည် ငါ့ကိုပုန်ကန်ပြီ။ မောဘပြည်ကို စစ်တိုက်ခြင်းငှါ ငါနှင့်အတူ လိုက်မည်လောဟု မေးလျှင်၊ ယောရှဖတ်က ငါလိုက်မည်။ ငါသည် မင်းကြီး ကဲ့သို့ ဖြစ်၏။ ငါ့လူတို့သည် မင်းကြီး၏ လူကဲ့သို့၎င်း၊ ငါ့မြင်းတို့သည် မင်းကြီး၏ မြင်းကဲ့သို့၎င်း ဖြစ်ကြသည်ဟု ပြန်ပြော၏။
8 ৮ তাৰ পাছত ৰজা যোৰামে সুধিলে, “আমি কোন বাটেৰে গৈ আক্রমণ কৰিম?” তাতে তেওঁ ক’লে, “ইদোমৰ মৰুপ্রান্তৰৰ মাজেদি।”
၈အဘယ်လမ်းဖြင့် စစ်ချီရမည်နည်းဟုမေးသော်၊ ဧဒုံတောလမ်းဖြင့် ချီရမည်ဟုပြန်ပြော၏။
9 ৯ সেইদৰে, যিহূদাৰ ৰজা আৰু ইদোমৰ ৰজাৰ সৈতে ইস্ৰায়েলৰ ৰজা ওলাই গ’ল। তেওঁলোকে সাত দিন ধৰি অর্ধবৃত্ত হৈ ঘূৰি আগবাঢ়ি গ’ল। তেতিয়া সৈন্যসকলৰ কাৰণে আৰু লগত নিয়া পশুবোৰৰ কাৰণে তেওঁলোকে পানী বিচাৰি পোৱা নাছিল।
၉ထိုသို့ဣသရေလရှင်ဘုရင်၊ ယုဒရှင်ဘုရင်၊ ဧဒုံ ရှင်ဘုရင်တို့သည် ဝိုင်း၍ခုနှစ်ရက် ခရီးသွားကြ၏။ ဗိုလ်ခြေများ သောက်စရာ၊ ပါသော တိရစ္ဆာန် များသောက်စရာ ရေမရှိ။
10 ১০ তাকে দেখি ইস্ৰায়েলৰ ৰজাই ক’লে, “হায় হায়! মোৱাবৰ হাতত পৰাজিত হ’বলৈকে যিহোৱাই আমাৰ এই তিনিজন ৰজাক একত্রিত কৰি মাতি আনিলে নেকি?”
၁၀ဣသရေလရှင်ဘုရင်က၊ ခက်လှပြီ။ ထာဝရ ဘုရားသည် ဤရှင် ဘုရင်သုံးပါးတို့ကို မောဘလူတို့ လက်သို့အပ်ခြင်းငှါ စုဝေးစေတော်မူသည်တကားဟု ဆို၏။
11 ১১ কিন্তু যিহোচাফটে ক’লে, “ইয়াত যিহোৱাৰ কোনো ভাববাদী নাই নেকি যিজনৰ যোগেদি আমি যিহোৱাৰ ওচৰত সুধিব পাৰিম?” তাতে ইস্ৰায়েলৰ ৰজাৰ দাসবোৰৰ এজনে ক’লে, “চাফটৰ পুতেক ইলীচা ইয়াত আছে। তেওঁ এলিয়াৰ হাতত পানী বাকী দিয়া সেৱাকাৰী আছিল।”
၁၁ယောရှဖတ်ကလည်း၊ ထာဝရဘုရား၌ မေး လျှောက်မည်အကြောင်း၊ ထာဝရဘုရား၏ ပရောဖက် တယောက်မျှမရှိသလောဟုမေးလျှင်၊ ဣသရေလ ရှင်ဘုရင်၏ ကျွန်တယောက်က၊ ဧလိယလက်ထောက် ရှာဖတ်သားဧလိရှဲရှိပါ၏ဟု လျှောက်သော်၊
12 ১২ যিহোচাফটে ক’লে, “যিহোৱাৰ বাক্য তেওঁৰ ওচৰত আছে।” তাতে ইস্ৰায়েলৰ ৰজা, ইদোমৰ ৰজা আৰু যিহোচাফট ইলীচাৰ ওচৰলৈ নামি গ’ল।
၁၂ယောရှဖတ်က၊ ထာဝရဘုရား၏နှုတ်ကပတ် တော်သည် သူ၌ရှိတော်မူသည်ဟုဆိုလျက်၊ ရှင်ဘုရင် သုံးပါးတို့သည် ဧလိရှဲထံသို့သွားကြ၏။
13 ১৩ ইলীচাই ইস্ৰায়েলৰ ৰজাক ক’লে, “আপোনাৰ কাৰণে মই কি কৰিব পাৰোঁ? আপুনি আপোনাৰ পিতৃ আৰু মাতৃৰ ভাববাদীসকলৰ ওচৰলৈ যাওঁক।” তেতিয়া ইস্ৰায়েলৰ ৰজাই তেওঁক ক’লে, “নহয়, আমি নাযাওঁ, কাৰণ মোৱাবৰ হাতত পৰাজিত হ’বলৈ যিহোৱাই আমাৰ তিনিওজন ৰজাক একত্রিত কৰি মাতি আনিলে।”
၁၃ဧလိရှဲသည် ဣသရေလရှင်ဘုရင်အားလည်း၊ ငါသည်သင်နှင့် အဘယ်သို့ ဆိုင်သနည်း။ သင့်အဘ၏ ပရောဖက်၊ သင့်အမိ၏ ပရောဖက်တို့ထံသို့ သွားလော့ဟု ဆိုလျှင်၊ ဣသရေလရှင်ဘုရင်က၊ မဆိုပါနှင့်။ ထာဝရ ဘုရားသည် ဤရှင်ဘုရင်သုံးပါးတို့ကို မောဘလူတို့ လက်သို့ အပ်ခြင်းငှါ စုဝေးစေတော်မူသည်တကားဟု ဆိုသော်၊
14 ১৪ ইলীচাই ক’লে, “যিজনাৰ সন্মুখত থাকি মই সেৱা কৰিবলৈ প্রস্তুত, বাহিনীসকলৰ সেই জীৱিত যিহোৱাৰ শপত যে, যিহূদাৰ ৰজা যিহোচাফট যদি ইয়াত নাথাকিলহেঁতেন, মই আপোনালৈ মনোযোগ নিদিলোহেঁতেন, এনেকি মই আপোনাৰ ফালে নাপালোহেঁতেন।
၁၄ဧလိရှဲက၊ ငါကိုးကွယ်သော ကောင်းကင်ဗိုလ် ခြေအရှင် ထာဝရဘုရား အသက်ရှင်တော်မူသည် အတိုင်း၊ အကယ်၍ ယုဒရှင်ဘုရင်ယောရှဖတ်၏ မျက်နှာ ကို ငါမထောက်လျှင်၊ သင့်ကို ငါမကြည့်မမြင်လို။
15 ১৫ কিন্তু এতিয়া মোৰ ওচৰলৈ এজন বীণা বজোৱা লোকক লৈ আনক।” লোকজনে যেতিয়া বীণা বজাইছিল, তেতিয়া যিহোৱাৰ হাত ইলীচাৰ ওপৰলৈ আহিল।
၁၅စောင်းသမားကို ခေါ်ခဲ့ဟုဆို၍ စောင်းသမား သည် တီးသော အခါ၊ ထာဝရဘုရား၏ လက်တော်သည် ဧလိရှဲအပေါ်သို့ ရောက်၍၊
16 ১৬ তাতে তেওঁ ক’লে, “যিহোৱাই এই কথা কৈছে: ‘এই শুকান নদীৰ উপত্যকাটো খান্দি খাল তৈয়াৰ কৰক।’
၁၆ထာဝရဘုရားမိန့်တော်မူသည်ကား၊ ဤချိုင့်ပတ် လည်၌ ဆယ်ပေါင်းတို့ကို လုပ်ကြလော့။
17 ১৭ কিয়নো যিহোৱাই এই কথা কৈছে, ‘আপোনালোকে কোনো বতাহ বা বৰষুণ দেখা নাপালেও, এই নদীৰ উপত্যকা পানীৰে পৰিপূৰ্ণ হ’ব আৰু আপোনালোকে পানী খাব পাৰিব; আপোনালোকৰ পশুধন আৰু আন আন জন্তুবোৰেও পানী খাব।’
၁၇အကြောင်းမူကား၊ သင်တို့နှင့်တိရစ္ဆာန်တို့သည် သောက်စရာဘို့ လေမလာ၊ မိုဃ်းမရွာဘဲ ဤချိုင့်သည် ရေနှင့်ပြည့်လိမ့်မည်။
18 ১৮ যিহোৱাৰ দৃষ্টিত ই অতি সৰু কথা; তেওঁ মোৱাবীয়াসকলৰ ওপৰত আপোনালোকক বিজয়ী কৰিব।
၁၈ထိုအမှုသည် ထာဝရဘုရားရှေ့တော်၌ သာမည အမှုဖြစ်သေး၏။ မောဘလူတို့ကိုလည်း သင်တို့လက်သို့ အပ်တော်မူမည်။
19 ১৯ গড়েৰে আবৃত প্ৰত্যেকখন নগৰ আৰু উত্তম নগৰ আপোনালোকে আক্রমণ কৰিব; আপোনালোকে প্ৰত্যেকটো উত্তম গছ কাটি পেলাব, পানীৰ সকলো ভুমুক বন্ধ কৰি দিব আৰু সকলো উত্তম পথাৰ শিলেৰে নষ্ট কৰি পেলাব।”
၁၉သင်တို့သည် ခိုင်ခံ့ထူးဆန်းသော မြို့ရှိသမျှတို့ကို လုပ်ကြံကြလိမ့်မည်။ အသုံးဝင်သော သစ်ပင်ရှိသမျှတို့ကို ခုတ်လှဲကြလိမ့်မည်။ ရေတွင်းရှိသမျှတို့ကို မြေဖို့ကြလိမ့်မည်။ ကောင်း သော မြေကွက် ရှိသမျှတို့ကို ကျောက်ခဲနှင့် ဖျက်ကြလိမ့် မည်ဟု မိန့်တော်မူ၏။
20 ২০ পাছদিনা ৰাতিপুৱা বলি উৎসৰ্গৰ সময়ত ইদোম দেশৰ ফালৰ পৰা পানীবৈ আহিল। পানীৰে দেশখন ভৰি পৰিল।
၂၀နံနက်အချိန် ဘောဇဉ်ပူဇော်သက္ကာကို ပူဇော် သောအခါ၊ ရေသည် ဧဒုံလမ်းဖြင့်လာ၍ တပြည်လုံးကို လွှမ်းလေ၏။
21 ২১ ইতিমধ্যে মোৱাবীয়াসকলে শুনিছিল যে, তেওঁলোকৰ বিৰুদ্ধে সেই তিনিজন ৰজা যুদ্ধ কৰিবলৈ আহিছে। তেতিয়া যুদ্ধৰ সাজ পিন্ধি যুদ্ধ কৰিব পৰা সকলো একগোট হৈ দেশৰ সীমাত উপস্থিত হ’ল।
၂၁ရှင်ဘုရင်တို့သည် စစ်ချီ၍ လာကြောင်းကို မောဘပြည်သားအပေါင်းတို့သည် ကြားသောအခါ၊ လက်နက်ဆောင်သောသူ အကြီးအငယ်ရှိသမျှတို့ကို စုဝေးစေ၍၊ ပြည်စွန်းနားမှာ တပ်ချကြ၏။
22 ২২ অতি ৰাতিপুৱাতে যেতিয়া তেওঁলোকে সাৰ পালে, তেতিয়া সূৰ্যৰ ৰশ্মি পানীৰ ওপৰত প্রতিফলিত হৈছিল। মোৱাবীয়াসকলে তেওঁলোকৰ ওচৰত সেই পানী তেজৰ দৰে ৰঙা যেন দেখিলে।
၂၂နံနက်စောစောထသောအခါ၊ ရေပေါ်မှာ နေရောင်ထင်၍၊ ပြည် တဘက်၌ ရေသည်အသွေးကဲ့သို့ နီသည်ကို မောဘပြည်သားတို့သည် မြင်ကြလျှင်၊
23 ২৩ তেওঁলোকে আচৰিত হৈ ক’লে, “এই চাওকচোন, চাওঁক, এইয়া তেজ! নিশ্চয়ে, সেই ৰজাসকলে এজনে আন জনক হত্যা কৰিলে আৰু তেওঁলোকৰ মৃত্যু হ’ল! গতিকে হে মোৱাবীয়াসকল ব’লা, এতিয়া আমি গৈ লুট কৰোঁহক!”
၂၃အသွေးဖြစ်၏။ စင်စစ်ရှင်ဘုရင်တို့သည် တယောက်ကိုတယောက်လုပ်ကြံ၍ သေကြပြီ။ သို့ဖြစ်၍ မောဘပြည်သားတို့၊ လုယူကြလော့ဟု ဆိုကြ၏။
24 ২৪ কিন্তু মোৱাবীয়াসকল ইস্ৰায়েলৰ ছাউনিৰ ওচৰ আহি পোৱাত ইস্ৰায়েলীয়াসকলে অতর্কিতে ওলাই গৈ মোৱাবীয়াসকলক আক্রমণ কৰিলে আৰু মোৱাবীয়াসকল ইস্রায়েলৰ সন্মুখৰ পৰা পলাই গ’ল। ইস্ৰায়েলৰ সৈন্যসকলে মোৱাবীয়াসকলক বধ কৰি কৰি তেওঁলোকৰ দেশত সোমাই পৰিল।
၂၄ဣသရေလတပ်သို့ ရောက်သောအခါ၊ ဣသ ရေလလူတို့သည် ထ၍ မောဘပြည်သားတို့ကို လိုက် သဖြင့် သူတို့သည် ပြေးကြ၏။ ဣသရေလလူတို့သည် မောဘပြည်ထဲသို့တိုင်အောင် လိုက်၍ လုပ်ကြံကြ၏။
25 ২৫ তেওঁলোকে নগৰবোৰ ধ্বংস কৰিলে আৰু প্ৰত্যেকে শিল দলিয়াই সকলো সাৰুৱা পথাৰবোৰ শিলাময় কৰিলে। তেওঁলোকে পানীৰ ভুমুকবোৰ বন্ধ কৰি দিলে আৰু উত্তম উত্তম গছবোৰ কাটি পেলালে। কেৱলমাত্র কীৰ-হেৰচত নগৰখনৰ শিলবোৰ য’তে আছিল ত’তে এৰি হ’ল। কিন্তু ফিঙ্গা অস্ত্রধাৰী সৈন্যসকলে নগৰখন আক্রমণ কৰিলে।
၂၅မြို့တို့ကိုဖြိုဖျက်ကြ၏။ ကောင်းသော မြေကွက် ရှိသမျှတို့အပေါ်မှာ လူအပေါင်းတို့သည် ကျောက်ခဲ ပစ်ချ၍ ဖုံးလွှမ်းကြ၏။ ရေတွင်းရှိသမျှတို့ကိုလည်း မြေဖို့ ၍၊ အသုံးဝင်သော သစ်ပင်ရှိသမျှတို့ကို ခုတ်လှဲကြ၏။ ကိရဟရက်မြို့၌သာ မြို့ရိုးကို ချန်ထားရာတွင်၊လောက်လွှဲ သမားတို့သည် ဝိုင်း၍ ပစ်ကြ၏။
26 ২৬ পাছত মোৱাবৰ ৰজা মেচেই যেতিয়া দেখিলে যে তেওঁ যুদ্ধত পৰাজয় হ’ব, তেতিয়া তেওঁ সৈন্যসকলৰ মাজেদিয়েই ইদোমৰ ৰজাৰ ওচৰলৈ যাবলৈ নিজৰ লগত সাতশ তৰোৱালধাৰী সেনা ল’লে; কিন্তু তেওঁলোকে নোৱাৰিলে।
၂၆မောဘမင်းကြီးသည် အတိုက်မခံနိုင်သည်ကို သိသောအခါ၊ ထားကိုင်သောသူခုနစ်ရာကို ခေါ်၍ ဧဒုံရှင်ဘုရင်၏ တပ်ကိုဖျက်မည်ဟု အားထုတ်သော် လည်း မဖျက်နိုင်။
27 ২৭ তাৰ পাছত তেওঁ নিজৰ জ্যেষ্ঠপুত্র, যিজন তেওঁৰ পাছত ৰাজপাটৰ উত্তৰাধিকাৰী, তেওঁক লৈ গৈ নগৰৰ দেৱালৰ ওপৰত হোম-বলি উৎসর্গ কৰিলে আৰু ইস্ৰায়েলৰ বিৰুদ্ধে অতিশয় ক্রোধিত হ’ল। তাতে ইস্রায়েলীয়া সৈন্যসকলে ৰজা মেচাক এৰি দি নিজ দেশলৈ ওভটি গ’ল।
၂၇နောက်မှမိမိကိုယ်စား နန်းထိုင်ထိုက်သော သားဦးကို ယူ၍ မြို့ရိုးပေါ်မှာ မီးရှို့ရာယဇ်ပြုလေ၏။ ဣသရေလအမျိုးသားတို့သည် သူတပါးအမျက်ထွက်ခြင်း ကို ခံရသောကြောင့်၊ ထိုပြည်ကို ထား၍ ကိုယ်ပြည်သို့ ပြန်သွားကြ၏။