< ২ রাজাবলি 3 >

1 যিহূদাত যিহোচাফটৰ ৰাজত্বৰ ওঠৰ বছৰত ইস্রায়েলৰ ৰজা আহাবৰ পুত্ৰ যোৰাম ৰজা হ’ল। তেওঁ চমৰিয়াত থাকি বাৰ বছৰ ৰাজত্ব কৰিলে।
Joram, sin Ahabov, zakralji se nad Izraelom u Samariji osamnaeste godine Jošafatova kraljevanja u Judeji. I vladao je dvanaest godina.
2 যিহোৱাৰ দৃষ্টিত তেওঁ কু-আচৰণ কৰিলে, কিন্তু তেওঁ তেওঁৰ পিতৃ-মাতৃৰ দৰে কৰা নাছিল; কিয়নো তেওঁৰ পিতৃয়ে বাল দেৱতাৰ পূজাৰ কাৰণে যি স্তম্ভ নিৰ্ম্মাণ কৰিছিল, তাক তেওঁ দূৰ কৰি দিছিল।
Činio je što je zlo u očima Jahvinim, ali ne kao njegov otac i mati, jer je uklonio Baalov stup što ga bijaše podigao njegov otac.
3 তথাপি নবাটৰ পুত্র যাৰবিয়ামে যি সকলো পাপ কার্য কৰি ইস্ৰায়েলক পাপ কৰিবলৈ বাধ্য কৰাইছিল, সেই পাপবোৰত তেওঁ আসক্ত হৈ থাকিল; তেওঁ সেইবোৰ বন্ধ নকৰিলে।
Ali je prianjao uz grijeh kojim je Jeroboam, sin Nebatov, zavodio Izraela; i nije odstupao od njega.
4 মোৱাবৰ ৰজা মেচাই মেৰ-ছাগ পুহি সেইবোৰৰ বংশ বৃদ্ধি কৰিছিল। তেওঁ ইস্ৰায়েলৰ ৰজাক কৰ হিচাবে এক লাখ মেৰ-ছাগ পোৱালি আৰু এক লাখ মতা মেৰ-ছাগৰ ঊল দিব লাগিছিল।
Meša, kralj moapski, bio je stočar i slao je izraelskom kralju u danak stotinu tisuća janjaca i vunu od stotine tisuća ovnova.
5 কিন্তু আহাবৰ মৃত্যুৰ পাছত, মোৱাবৰ ৰজাই ইস্ৰায়েলৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে।
Ali kad je umro Ahab, pobuni se kralj moapski protiv izraelskog kralja.
6 সেয়ে ইস্রায়েলৰ ৰজা যোৰামে তেতিয়া চমৰিয়াৰ পৰা ওলাই গৈ ইস্ৰায়েলীয়াসকলক যুদ্ধৰ কাৰণে একগোট কৰিলে।
U to je baš vrijeme kralj Joram izišao iz Samarije i izvršio smotru svih Izraelaca.
7 যিহূদাৰ ৰজা যিহোচাফটৰ ওচৰলৈ তেওঁ বার্তা পঠাই জনালে যে, “মোৱাবৰ ৰজাই মোৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছে; আপুনি মোৱাবৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ মোৰ লগত যাব নে?” যিহোচাফটে ক’লে, “মই আপোনাৰ লগত যাম। মই আপোনাৰ দৰেই হওঁ; মোৰ লোক আৰু ঘোঁৰাবোৰ যেনে আপোনাৰ লোকসকল আৰু ঘোঁৰাবোৰো তেনে।”
Zatim je poručio judejskom kralju Jošafatu: “Moapski se kralj pobunio protiv mene. Hoćeš li sa mnom u rat protiv Moabaca?” Judejski kralj odgovori: “Hoću! Ja kao ti, moj narod kao tvoj narod, moji konji kao i tvoji konji.”
8 তাৰ পাছত ৰজা যোৰামে সুধিলে, “আমি কোন বাটেৰে গৈ আক্রমণ কৰিম?” তাতে তেওঁ ক’লে, “ইদোমৰ মৰুপ্রান্তৰৰ মাজেদি।”
I doda: “Kojim ćemo putem?” A drugi mu odgovori: “Kroz Edomsku pustinju.”
9 সেইদৰে, যিহূদাৰ ৰজা আৰু ইদোমৰ ৰজাৰ সৈতে ইস্ৰায়েলৰ ৰজা ওলাই গ’ল। তেওঁলোকে সাত দিন ধৰি অর্ধবৃত্ত হৈ ঘূৰি আগবাঢ়ি গ’ল। তেতিয়া সৈন্যসকলৰ কাৰণে আৰু লগত নিয়া পশুবোৰৰ কাৰণে তেওঁলোকে পানী বিচাৰি পোৱা নাছিল।
I tako krenu izraelski kralj s judejskim kraljem i s kraljem edomskim. Sedam su dana lutali, a nije bilo vode četama ni stoci koja je išla za njima.
10 ১০ তাকে দেখি ইস্ৰায়েলৰ ৰজাই ক’লে, “হায় হায়! মোৱাবৰ হাতত পৰাজিত হ’বলৈকে যিহোৱাই আমাৰ এই তিনিজন ৰজাক একত্রিত কৰি মাতি আনিলে নেকি?”
Tada povika kralj izraelski: “Jao, Jahve je pozvao ova tri kralja da ih preda u ruke Moapcima!”
11 ১১ কিন্তু যিহোচাফটে ক’লে, “ইয়াত যিহোৱাৰ কোনো ভাববাদী নাই নেকি যিজনৰ যোগেদি আমি যিহোৱাৰ ওচৰত সুধিব পাৰিম?” তাতে ইস্ৰায়েলৰ ৰজাৰ দাসবোৰৰ এজনে ক’লে, “চাফটৰ পুতেক ইলীচা ইয়াত আছে। তেওঁ এলিয়াৰ হাতত পানী বাকী দিয়া সেৱাকাৰী আছিল।”
Ali Jošafat reče: “Nema li tu proroka Jahvina da se preko njega posavjetujemo s Jahvom?” Tada odgovori jedan između slugu izraelskoga kralja: “Ovdje je Elizej, sin Šafatov, koji je lijevao vodu na Ilijine ruke.”
12 ১২ যিহোচাফটে ক’লে, “যিহোৱাৰ বাক্য তেওঁৰ ওচৰত আছে।” তাতে ইস্ৰায়েলৰ ৰজা, ইদোমৰ ৰজা আৰু যিহোচাফট ইলীচাৰ ওচৰলৈ নামি গ’ল।
Jošafat reče: “U njega je riječ Božja.” I kralj izraelski, kralj judejski i kralj edomski odoše Elizeju.
13 ১৩ ইলীচাই ইস্ৰায়েলৰ ৰজাক ক’লে, “আপোনাৰ কাৰণে মই কি কৰিব পাৰোঁ? আপুনি আপোনাৰ পিতৃ আৰু মাতৃৰ ভাববাদীসকলৰ ওচৰলৈ যাওঁক।” তেতিয়া ইস্ৰায়েলৰ ৰজাই তেওঁক ক’লে, “নহয়, আমি নাযাওঁ, কাৰণ মোৱাবৰ হাতত পৰাজিত হ’বলৈ যিহোৱাই আমাৰ তিনিওজন ৰজাক একত্রিত কৰি মাতি আনিলে।”
A Elizej reče kralju izraelskom: “Što ja imam s tobom? Potraži proroke svoga oca i proroke svoje majke!” Izraelski kralj odgovori mu: “Ne! Jer Jahve je pozvao ova tri kralja da ih preda u ruke Moapcima.”
14 ১৪ ইলীচাই ক’লে, “যিজনাৰ সন্মুখত থাকি মই সেৱা কৰিবলৈ প্রস্তুত, বাহিনীসকলৰ সেই জীৱিত যিহোৱাৰ শপত যে, যিহূদাৰ ৰজা যিহোচাফট যদি ইয়াত নাথাকিলহেঁতেন, মই আপোনালৈ মনোযোগ নিদিলোহেঁতেন, এনেকি মই আপোনাৰ ফালে নাপালোহেঁতেন।
Elizej uzvrati: “Tako mi živoga Jahve Sebaota, komu služim, kad ne bih gledao na judejskog kralja Jošafata, ne bih ti obraćao pažnje niti bih te pogledao.
15 ১৫ কিন্তু এতিয়া মোৰ ওচৰলৈ এজন বীণা বজোৱা লোকক লৈ আনক।” লোকজনে যেতিয়া বীণা বজাইছিল, তেতিয়া যিহোৱাৰ হাত ইলীচাৰ ওপৰলৈ আহিল।
Sada mi dovedite svirača.” I dok je glazbenik svirao, siđe ruka Jahvina nada nj.
16 ১৬ তাতে তেওঁ ক’লে, “যিহোৱাই এই কথা কৈছে: ‘এই শুকান নদীৰ উপত্যকাটো খান্দি খাল তৈয়াৰ কৰক।’
I on reče: “Ovako veli Jahve: 'Iskopajte u ovoj dolini mnogo jama.
17 ১৭ কিয়নো যিহোৱাই এই কথা কৈছে, ‘আপোনালোকে কোনো বতাহ বা বৰষুণ দেখা নাপালেও, এই নদীৰ উপত্যকা পানীৰে পৰিপূৰ্ণ হ’ব আৰু আপোনালোকে পানী খাব পাৰিব; আপোনালোকৰ পশুধন আৰু আন আন জন্তুবোৰেও পানী খাব।’
Jer ovako veli Jahve: nećete osjetiti vjetra niti ćete vidjeti dažda, a ova će se dolina napuniti vodom. I pit ćete vi, vaš marva i vaša stoka.'
18 ১৮ যিহোৱাৰ দৃষ্টিত ই অতি সৰু কথা; তেওঁ মোৱাবীয়াসকলৰ ওপৰত আপোনালোকক বিজয়ী কৰিব।
Ali to još nije ništa u očima Jahve: on će predati Moab u vaše ruke.
19 ১৯ গড়েৰে আবৃত প্ৰত্যেকখন নগৰ আৰু উত্তম নগৰ আপোনালোকে আক্রমণ কৰিব; আপোনালোকে প্ৰত্যেকটো উত্তম গছ কাটি পেলাব, পানীৰ সকলো ভুমুক বন্ধ কৰি দিব আৰু সকলো উত্তম পথাৰ শিলেৰে নষ্ট কৰি পেলাব।”
Vi ćete zauzeti sve utvrđene gradove, posjeći sve plodno drveće, zatrpati sve izvore i opustošiti najbolja polja: kamenjem ćete ih zasijati.”
20 ২০ পাছদিনা ৰাতিপুৱা বলি উৎসৰ্গৰ সময়ত ইদোম দেশৰ ফালৰ পৰা পানীবৈ আহিল। পানীৰে দেশখন ভৰি পৰিল।
I doista, ujutro, u vrijeme kad se prinosi žrtva, dođe voda od Edoma i preplavi svu okolinu.
21 ২১ ইতিমধ্যে মোৱাবীয়াসকলে শুনিছিল যে, তেওঁলোকৰ বিৰুদ্ধে সেই তিনিজন ৰজা যুদ্ধ কৰিবলৈ আহিছে। তেতিয়া যুদ্ধৰ সাজ পিন্ধি যুদ্ধ কৰিব পৰা সকলো একগোট হৈ দেশৰ সীমাত উপস্থিত হ’ল।
Kad su Moapci čuli da su kraljevi došli s njima ratovati, pozvaše sve koji bijahu sposobni za oružje i postaviše ih na granicu.
22 ২২ অতি ৰাতিপুৱাতে যেতিয়া তেওঁলোকে সাৰ পালে, তেতিয়া সূৰ্যৰ ৰশ্মি পানীৰ ওপৰত প্রতিফলিত হৈছিল। মোৱাবীয়াসকলে তেওঁলোকৰ ওচৰত সেই পানী তেজৰ দৰে ৰঙা যেন দেখিলে।
Kad su ujutro ustali i kad je sunce granulo nad onom vodom, Moapcima se sa strane voda učini crvenom kao krv.
23 ২৩ তেওঁলোকে আচৰিত হৈ ক’লে, “এই চাওকচোন, চাওঁক, এইয়া তেজ! নিশ্চয়ে, সেই ৰজাসকলে এজনে আন জনক হত্যা কৰিলে আৰু তেওঁলোকৰ মৃত্যু হ’ল! গতিকে হে মোৱাবীয়াসকল ব’লা, এতিয়া আমি গৈ লুট কৰোঁহক!”
I rekoše: “To je krv! Zacijelo su se kraljevi međusobno pobili i jedan drugoga pogubili. A sada: na plijen, Moapci!”
24 ২৪ কিন্তু মোৱাবীয়াসকল ইস্ৰায়েলৰ ছাউনিৰ ওচৰ আহি পোৱাত ইস্ৰায়েলীয়াসকলে অতর্কিতে ওলাই গৈ মোৱাবীয়াসকলক আক্রমণ কৰিলে আৰু মোৱাবীয়াসকল ইস্রায়েলৰ সন্মুখৰ পৰা পলাই গ’ল। ইস্ৰায়েলৰ সৈন্যসকলে মোৱাবীয়াসকলক বধ কৰি কৰি তেওঁলোকৰ দেশত সোমাই পৰিল।
Ali kad su stigli do izraelskog tabora, digoše se Izraelci i potukoše Moapce, tako te ovi pobjegoše pred njima. A Izraelci pojuriše da dotuku Moapce.
25 ২৫ তেওঁলোকে নগৰবোৰ ধ্বংস কৰিলে আৰু প্ৰত্যেকে শিল দলিয়াই সকলো সাৰুৱা পথাৰবোৰ শিলাময় কৰিলে। তেওঁলোকে পানীৰ ভুমুকবোৰ বন্ধ কৰি দিলে আৰু উত্তম উত্তম গছবোৰ কাটি পেলালে। কেৱলমাত্র কীৰ-হেৰচত নগৰখনৰ শিলবোৰ য’তে আছিল ত’তে এৰি হ’ল। কিন্তু ফিঙ্গা অস্ত্রধাৰী সৈন্যসকলে নগৰখন আক্রমণ কৰিলে।
Razorili su im gradove, bacali svaki po kamen na najbolje njive da ih zaspu, zatrpali izvore i posjekli sve plodno drveće. Konačno, ostao je samo grad Kir Harešet; praćari su ga opkolili i tukli ga.
26 ২৬ পাছত মোৱাবৰ ৰজা মেচেই যেতিয়া দেখিলে যে তেওঁ যুদ্ধত পৰাজয় হ’ব, তেতিয়া তেওঁ সৈন্যসকলৰ মাজেদিয়েই ইদোমৰ ৰজাৰ ওচৰলৈ যাবলৈ নিজৰ লগত সাতশ তৰোৱালধাৰী সেনা ল’লে; কিন্তু তেওঁলোকে নোৱাৰিলে।
Kada je moapski kralj vidio da neće izdržati bitku, uze sa sobom sedam stotina ljudi naoružanih mačevima, pokuša se probiti i doći do kralja edomskog, ali ne uspje.
27 ২৭ তাৰ পাছত তেওঁ নিজৰ জ্যেষ্ঠপুত্র, যিজন তেওঁৰ পাছত ৰাজপাটৰ উত্তৰাধিকাৰী, তেওঁক লৈ গৈ নগৰৰ দেৱালৰ ওপৰত হোম-বলি উৎসর্গ কৰিলে আৰু ইস্ৰায়েলৰ বিৰুদ্ধে অতিশয় ক্রোধিত হ’ল। তাতে ইস্রায়েলীয়া সৈন্যসকলে ৰজা মেচাক এৰি দি নিজ দেশলৈ ওভটি গ’ল।
Tada uze svoga sina prvenca, koji ga imaše naslijediti, i prinese ga kao paljenicu na zidu. To se tako silno zgadilo Izraelcima te odoše od njih i vratiše se u svoju zemlju.

< ২ রাজাবলি 3 >