< ২ রাজাবলি 3 >

1 যিহূদাত যিহোচাফটৰ ৰাজত্বৰ ওঠৰ বছৰত ইস্রায়েলৰ ৰজা আহাবৰ পুত্ৰ যোৰাম ৰজা হ’ল। তেওঁ চমৰিয়াত থাকি বাৰ বছৰ ৰাজত্ব কৰিলে।
Yoramu mwana wa Ahabu anakhala mfumu ya Israeli ku Samariya mʼchaka cha 18 cha Yehosafati mfumu ya ku Yuda ndipo analamulira zaka khumi ndi ziwiri.
2 যিহোৱাৰ দৃষ্টিত তেওঁ কু-আচৰণ কৰিলে, কিন্তু তেওঁ তেওঁৰ পিতৃ-মাতৃৰ দৰে কৰা নাছিল; কিয়নো তেওঁৰ পিতৃয়ে বাল দেৱতাৰ পূজাৰ কাৰণে যি স্তম্ভ নিৰ্ম্মাণ কৰিছিল, তাক তেওঁ দূৰ কৰি দিছিল।
Iye anachita zoyipa pamaso pa Yehova koma sizinafanane ndi zimene anachita abambo ndi amayi ake. Iye anachotsa fano la mwala la Baala limene abambo ake anapanga.
3 তথাপি নবাটৰ পুত্র যাৰবিয়ামে যি সকলো পাপ কার্য কৰি ইস্ৰায়েলক পাপ কৰিবলৈ বাধ্য কৰাইছিল, সেই পাপবোৰত তেওঁ আসক্ত হৈ থাকিল; তেওঁ সেইবোৰ বন্ধ নকৰিলে।
Komabe anawumirira kuchita machimo a Yeroboamu mwana wa Nebati, amene anachimwitsa nawo Israeli ndipo sanafune kuwaleka.
4 মোৱাবৰ ৰজা মেচাই মেৰ-ছাগ পুহি সেইবোৰৰ বংশ বৃদ্ধি কৰিছিল। তেওঁ ইস্ৰায়েলৰ ৰজাক কৰ হিচাবে এক লাখ মেৰ-ছাগ পোৱালি আৰু এক লাখ মতা মেৰ-ছাগৰ ঊল দিব লাগিছিল।
Tsono Mesa, mfumu ya ku Mowabu ankaweta nkhosa, ndipo iye ankayenera kumapereka kwa mfumu ya ku Israeli chaka ndi chaka ana ankhosa onenepa okwanira 100,000 pamodzi ndi ubweya wankhosa 100,000 zazimuna.
5 কিন্তু আহাবৰ মৃত্যুৰ পাছত, মোৱাবৰ ৰজাই ইস্ৰায়েলৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে।
Koma atamwalira Ahabu, mfumu ya ku Mowabu inawukira mfumu ya ku Israeli.
6 সেয়ে ইস্রায়েলৰ ৰজা যোৰামে তেতিয়া চমৰিয়াৰ পৰা ওলাই গৈ ইস্ৰায়েলীয়াসকলক যুদ্ধৰ কাৰণে একগোট কৰিলে।
Choncho nthawi imeneyi mfumu Yoramu inatuluka mu Samariya ndi kukasonkhanitsa Aisraeli onse.
7 যিহূদাৰ ৰজা যিহোচাফটৰ ওচৰলৈ তেওঁ বার্তা পঠাই জনালে যে, “মোৱাবৰ ৰজাই মোৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছে; আপুনি মোৱাবৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ মোৰ লগত যাব নে?” যিহোচাফটে ক’লে, “মই আপোনাৰ লগত যাম। মই আপোনাৰ দৰেই হওঁ; মোৰ লোক আৰু ঘোঁৰাবোৰ যেনে আপোনাৰ লোকসকল আৰু ঘোঁৰাবোৰো তেনে।”
Yoramu anatumizanso uthenga uwu kwa Yehosafati mfumu ya ku Yuda: “Mfumu ya ku Mowabu yandiwukira. Kodi ungapite nane kukamenyana ndi Mowabu?” Iye anayankha kuti, “Ine ndidzapita nawe. Iwe ndi ine ndife anthu amodzi, anthu anga ali ngati anthu ako, akavalo anga ali ngati akavalo ako.”
8 তাৰ পাছত ৰজা যোৰামে সুধিলে, “আমি কোন বাটেৰে গৈ আক্রমণ কৰিম?” তাতে তেওঁ ক’লে, “ইদোমৰ মৰুপ্রান্তৰৰ মাজেদি।”
Yehosafati anafunsa kuti, “Kodi tidzera njira iti popita ku nkhondoko?” Yoramu anayankha kuti, “Tidzera ku Chipululu cha Edomu.”
9 সেইদৰে, যিহূদাৰ ৰজা আৰু ইদোমৰ ৰজাৰ সৈতে ইস্ৰায়েলৰ ৰজা ওলাই গ’ল। তেওঁলোকে সাত দিন ধৰি অর্ধবৃত্ত হৈ ঘূৰি আগবাঢ়ি গ’ল। তেতিয়া সৈন্যসকলৰ কাৰণে আৰু লগত নিয়া পশুবোৰৰ কাৰণে তেওঁলোকে পানী বিচাৰি পোৱা নাছিল।
Choncho mfumu ya ku Israeli inanyamuka pamodzi ndi mfumu ya ku Yuda ndi ya ku Edomu. Ndipo atayenda mozungulira mʼchipululu kwa masiku asanu ndi awiri, asilikali analibe madzi woti amwe kapena kumwetsa nyama zawo zosenza katundu.
10 ১০ তাকে দেখি ইস্ৰায়েলৰ ৰজাই ক’লে, “হায় হায়! মোৱাবৰ হাতত পৰাজিত হ’বলৈকে যিহোৱাই আমাৰ এই তিনিজন ৰজাক একত্রিত কৰি মাতি আনিলে নেকি?”
Mfumu inafuwula kuti, “Nʼchiyani chomwe chikutichitikira! Kodi Yehova wasonkhanitsa mafumu atatu pamodzi kuti atipereke mʼmanja mwa Amowabu?”
11 ১১ কিন্তু যিহোচাফটে ক’লে, “ইয়াত যিহোৱাৰ কোনো ভাববাদী নাই নেকি যিজনৰ যোগেদি আমি যিহোৱাৰ ওচৰত সুধিব পাৰিম?” তাতে ইস্ৰায়েলৰ ৰজাৰ দাসবোৰৰ এজনে ক’লে, “চাফটৰ পুতেক ইলীচা ইয়াত আছে। তেওঁ এলিয়াৰ হাতত পানী বাকী দিয়া সেৱাকাৰী আছিল।”
Koma mfumu Yehosafati inafunsa kuti, “Kodi kuno kulibe mneneri wa Yehova woti tingakafunse kwa Yehova kudzera mwa iyeyo?” Mtsogoleri wa ankhondo wa mfumu ya ku Israeli anayankha kuti, “Alipo, Elisa mwana wa Safati. Iye anali mtumiki wa Eliya.”
12 ১২ যিহোচাফটে ক’লে, “যিহোৱাৰ বাক্য তেওঁৰ ওচৰত আছে।” তাতে ইস্ৰায়েলৰ ৰজা, ইদোমৰ ৰজা আৰু যিহোচাফট ইলীচাৰ ওচৰলৈ নামি গ’ল।
Yehosafati anati, “Yehova amayankhula kudzera mwa iye.” Choncho mfumu ya ku Israeli pamodzi ndi Yehosafati ndiponso mfumu ya ku Edomu anapita kwa Elisa.
13 ১৩ ইলীচাই ইস্ৰায়েলৰ ৰজাক ক’লে, “আপোনাৰ কাৰণে মই কি কৰিব পাৰোঁ? আপুনি আপোনাৰ পিতৃ আৰু মাতৃৰ ভাববাদীসকলৰ ওচৰলৈ যাওঁক।” তেতিয়া ইস্ৰায়েলৰ ৰজাই তেওঁক ক’লে, “নহয়, আমি নাযাওঁ, কাৰণ মোৱাবৰ হাতত পৰাজিত হ’বলৈ যিহোৱাই আমাৰ তিনিওজন ৰজাক একত্রিত কৰি মাতি আনিলে।”
Elisa ananena kwa mfumu ya ku Israeli kuti, “Pali ubale wanji pakati pa inu ndi ine? Pitani kwa aneneri a abambo ndi amayi anu.” Mfumu ya ku Israeli inayankha kuti, “Ayi, pakuti ndi Yehova amene anatisonkhanitsa ife mafumu atatu pamodzi kuti atipereke mʼmanja mwa Amowabu.”
14 ১৪ ইলীচাই ক’লে, “যিজনাৰ সন্মুখত থাকি মই সেৱা কৰিবলৈ প্রস্তুত, বাহিনীসকলৰ সেই জীৱিত যিহোৱাৰ শপত যে, যিহূদাৰ ৰজা যিহোচাফট যদি ইয়াত নাথাকিলহেঁতেন, মই আপোনালৈ মনোযোগ নিদিলোহেঁতেন, এনেকি মই আপোনাৰ ফালে নাপালোহেঁতেন।
Elisa anati, “Pali Yehova Wamphamvuzonse amene ndimamutumikira, pakanapanda kuti ndimamuchitira ulemu Yehosafati mfumu ya ku Yuda, sindikanakulabadirani kapena kukuyangʼanani nʼkomwe.
15 ১৫ কিন্তু এতিয়া মোৰ ওচৰলৈ এজন বীণা বজোৱা লোকক লৈ আনক।” লোকজনে যেতিয়া বীণা বজাইছিল, তেতিয়া যিহোৱাৰ হাত ইলীচাৰ ওপৰলৈ আহিল।
Koma tsopano ndiyitanireni munthu wodziwa kuyimba bwino zeze.” Munthuyo akuyimba zeze, mphamvu ya Yehova inafika pa Elisa,
16 ১৬ তাতে তেওঁ ক’লে, “যিহোৱাই এই কথা কৈছে: ‘এই শুকান নদীৰ উপত্যকাটো খান্দি খাল তৈয়াৰ কৰক।’
ndipo anati, “Yehova akuti, ‘Kumbani ngalande mʼchigwa chonse.’
17 ১৭ কিয়নো যিহোৱাই এই কথা কৈছে, ‘আপোনালোকে কোনো বতাহ বা বৰষুণ দেখা নাপালেও, এই নদীৰ উপত্যকা পানীৰে পৰিপূৰ্ণ হ’ব আৰু আপোনালোকে পানী খাব পাৰিব; আপোনালোকৰ পশুধন আৰু আন আন জন্তুবোৰেও পানী খাব।’
Pakuti Yehova akunena kuti, ‘Simudzaona mphepo kapena mvula, komabe chigwa ichi chopanda madzi chidzadzaza ndi madzi, ndipo inu mudzamwa pamodzi ndi ngʼombe zanu ndiponso nyama zanu zonse.’
18 ১৮ যিহোৱাৰ দৃষ্টিত ই অতি সৰু কথা; তেওঁ মোৱাবীয়াসকলৰ ওপৰত আপোনালোকক বিজয়ী কৰিব।
Izi ndi zosavuta pamaso pa Yehova. Ndipo adzaperekanso Amowabu mʼmanja mwanu.
19 ১৯ গড়েৰে আবৃত প্ৰত্যেকখন নগৰ আৰু উত্তম নগৰ আপোনালোকে আক্রমণ কৰিব; আপোনালোকে প্ৰত্যেকটো উত্তম গছ কাটি পেলাব, পানীৰ সকলো ভুমুক বন্ধ কৰি দিব আৰু সকলো উত্তম পথাৰ শিলেৰে নষ্ট কৰি পেলাব।”
Mudzagonjetsa mizinda yawo yonse yotetezedwa ndiponso mizinda yawo ikuluikulu. Mudzagwetsa mtengo wabwino uliwonse, mudzatseka akasupe onse amadzi, ndiponso mudzawononga minda yawo yonse yachonde poponyamo miyala.”
20 ২০ পাছদিনা ৰাতিপুৱা বলি উৎসৰ্গৰ সময়ত ইদোম দেশৰ ফালৰ পৰা পানীবৈ আহিল। পানীৰে দেশখন ভৰি পৰিল।
Mmawa mwake, nthawi yopereka nsembe ili pafupi, anangoona madzi akutuluka kuchokera ku Edomu, ndipo malo onse anadzaza ndi madzi.
21 ২১ ইতিমধ্যে মোৱাবীয়াসকলে শুনিছিল যে, তেওঁলোকৰ বিৰুদ্ধে সেই তিনিজন ৰজা যুদ্ধ কৰিবলৈ আহিছে। তেতিয়া যুদ্ধৰ সাজ পিন্ধি যুদ্ধ কৰিব পৰা সকলো একগোট হৈ দেশৰ সীমাত উপস্থিত হ’ল।
Tsono nʼkuti Amowabu onse atamva kuti mafumu abwera kudzachita nawo nkhondo. Kotero, anayitana munthu aliyense, wamkulu ndi wamngʼono amene ankatha kugwira chida chankhondo ndipo anakayima ku malire a dziko lawo.
22 ২২ অতি ৰাতিপুৱাতে যেতিয়া তেওঁলোকে সাৰ পালে, তেতিয়া সূৰ্যৰ ৰশ্মি পানীৰ ওপৰত প্রতিফলিত হৈছিল। মোৱাবীয়াসকলে তেওঁলোকৰ ওচৰত সেই পানী তেজৰ দৰে ৰঙা যেন দেখিলে।
Amowabu atadzuka mmamawa, dzuwa likuwala pa madziwo, anaona madziwo akuoneka wofiira ngati magazi patsogolo pawo.
23 ২৩ তেওঁলোকে আচৰিত হৈ ক’লে, “এই চাওকচোন, চাওঁক, এইয়া তেজ! নিশ্চয়ে, সেই ৰজাসকলে এজনে আন জনক হত্যা কৰিলে আৰু তেওঁলোকৰ মৃত্যু হ’ল! গতিকে হে মোৱাবীয়াসকল ব’লা, এতিয়া আমি গৈ লুট কৰোঁহক!”
Ndipo iwo anati, “Taonani magazi! Mafumu aja amenyana okhaokha ndipo aphana. Amowabu, tsopano ndi nthawi yofunkha!”
24 ২৪ কিন্তু মোৱাবীয়াসকল ইস্ৰায়েলৰ ছাউনিৰ ওচৰ আহি পোৱাত ইস্ৰায়েলীয়াসকলে অতর্কিতে ওলাই গৈ মোৱাবীয়াসকলক আক্রমণ কৰিলে আৰু মোৱাবীয়াসকল ইস্রায়েলৰ সন্মুখৰ পৰা পলাই গ’ল। ইস্ৰায়েলৰ সৈন্যসকলে মোৱাবীয়াসকলক বধ কৰি কৰি তেওঁলোকৰ দেশত সোমাই পৰিল।
Koma Amowabu atafika ku misasa ya Israeli, Aisraeli ananyamuka ndi kumenyana nawo mpaka anathawa. Ndipo Aisraeli analowa mʼdzikolo ndi kupha Amowabu.
25 ২৫ তেওঁলোকে নগৰবোৰ ধ্বংস কৰিলে আৰু প্ৰত্যেকে শিল দলিয়াই সকলো সাৰুৱা পথাৰবোৰ শিলাময় কৰিলে। তেওঁলোকে পানীৰ ভুমুকবোৰ বন্ধ কৰি দিলে আৰু উত্তম উত্তম গছবোৰ কাটি পেলালে। কেৱলমাত্র কীৰ-হেৰচত নগৰখনৰ শিলবোৰ য’তে আছিল ত’তে এৰি হ’ল। কিন্তু ফিঙ্গা অস্ত্রধাৰী সৈন্যসকলে নগৰখন আক্রমণ কৰিলে।
Aisraeli anagumula mizinda yawo ndipo munthu aliyense anaponya mwala pa munda uliwonse wachonde mpaka utadzaza ndi miyala. Iwo anatseka akasupe onse amadzi ndiponso anadula mtengo wabwino uliwonse. Mzinda wa Kiri Hareseti wokha ndiye unatsala wotetezedwa koma anthu oponya miyala anawuzungulira nawuthiranso nkhondo.
26 ২৬ পাছত মোৱাবৰ ৰজা মেচেই যেতিয়া দেখিলে যে তেওঁ যুদ্ধত পৰাজয় হ’ব, তেতিয়া তেওঁ সৈন্যসকলৰ মাজেদিয়েই ইদোমৰ ৰজাৰ ওচৰলৈ যাবলৈ নিজৰ লগত সাতশ তৰোৱালধাৰী সেনা ল’লে; কিন্তু তেওঁলোকে নোৱাৰিলে।
Mfumu ya ku Mowabu itaona kuti nkhondo ikumulaka, inatenga anthu 700 a malupanga kuti athawe modutsa mfumu ya ku Edomu, koma inalephera.
27 ২৭ তাৰ পাছত তেওঁ নিজৰ জ্যেষ্ঠপুত্র, যিজন তেওঁৰ পাছত ৰাজপাটৰ উত্তৰাধিকাৰী, তেওঁক লৈ গৈ নগৰৰ দেৱালৰ ওপৰত হোম-বলি উৎসর্গ কৰিলে আৰু ইস্ৰায়েলৰ বিৰুদ্ধে অতিশয় ক্রোধিত হ’ল। তাতে ইস্রায়েলীয়া সৈন্যসকলে ৰজা মেচাক এৰি দি নিজ দেশলৈ ওভটি গ’ল।
Choncho inatenga mwana wake wamwamuna woyamba kubadwa, amene akanalowa ufumu mʼmalo mwake, ndi kumupereka nsembe pa khoma la mzinda. Zimenezi zinachititsa kuti mkwiyo ndi ukali wa Amowabu ukule kwambiri pa Aisraeli ndipo Aisraeliwo anathawa nabwerera ku dziko la kwawo.

< ২ রাজাবলি 3 >