< ২ রাজাবলি 25 >

1 চিদিকিয়াৰ ৰাজত্বৰ নৱম বছৰৰ, দশম মাহৰ দহ দিনৰ দিনা, বেবিলনৰ ৰজা নবূখদনেচৰে তেওঁৰ সকলো সৈন্যসামন্তক লৈ যিৰূচালেমৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ গ’ল। তেওঁ নগৰৰ বিপৰীতে ছাউনি পাতি চাৰিওফালে নগৰ অৱৰোধৰ এটা ওখ দেৱাল নির্মাণ কৰিলে।
И бысть в лето девятое царства его, в месяц десятый, прииде Навуходоносор царь Вавилонский и вся сила его на Иерусалим: и обступи его отвсюду, и создаша окрест его бойницы.
2 এইদৰে চিদিকিয়াৰ ৰাজত্বৰ এঘাৰ বছৰলৈকে নগৰখন অৱৰোধ কৰি ৰাখিছিল।
И бысть град во облежении до первагонадесять лета царства Седекиина, девятаго дне месяца:
3 সেই বছৰৰে চতুৰ্থ মাহৰ নৱম দিনা নগৰত ইমান ভীষণভাৱে আকাল হ’ল যে, দেশৰ লোকসকলৰ কাৰণে খাবলৈ একোৱে নাছিল।
и превозможе во граде глад, и не бысть хлеба людем земли тоя:
4 পাছত নগৰৰ দেৱালৰ কোনো এক ঠাই ভঙা হ’ল। যদিও কলদীয়াসকলে তেতিয়াও নগৰখন ঘেৰি ৰাখিছিল, তথাপিও ৰাতি যিহূদাৰ সকলো যোদ্ধাই ৰজাৰ উদ্যানৰ ওচৰত থকা দুই দেৱালৰ মাজৰ দুৱাৰেদি পলাই গ’ল আৰু ৰজা অৰাবাৰ ফালে পলাই গ’ল।
и разседеся град, и вси мужие воинстии изыдоша нощию путем врат, яже посреде стен, яже суть у вертограда царева, и Халдее окрест града (беша). И побеже (царь Седекиа) путем пустынным:
5 কলদীয়া সৈন্য সকলে ৰজাৰ পাছত খেদি গৈ যিৰীহোৰ ওচৰৰ যর্দন নদীৰ উপত্যকাৰ সমথলত তেওঁক ধৰিলে; তেওঁৰ সকলো সৈন্য-সামন্ত তেওঁৰ ওচৰৰ পৰা ছিন্ন-ভিন্ন হৈ গ’ল।
и погна сила Халдейская вслед царя, и яша его во Аравофе Иерихонстем, и вся сила его разсыпася от него:
6 তেওঁলোকে ৰজা চিদিকিয়াক বন্দী কৰি ৰিব্লাত বেবিলনৰ ৰজাৰ ওচৰলৈ লৈ আনিলে। তাত তেওঁৰ ওপৰত শাস্তিৰ আজ্ঞা দিলে।
и пояша царя и поведоша его к царю Вавилонску в Ревлафу: и глагола с ним суд:
7 সৈন্যসকলে চিদিকিয়াৰ চকুৰ সন্মুখতে তেওঁৰ পুত্রসকলক বধ কৰিলে। তাৰ পাছত চিদিকিয়াৰ চকু দুটা কাঢ়ি তেওঁক পিতলৰ শিকলিৰে বান্ধি বেবিলনলৈ লৈ গ’ল।
и сыны Седекиины закла пред очима его, и очи Седекиины избоде, и связа его узами, и отведе его во Вавилон.
8 বেবিলনৰ ৰজা নবূখদনেচৰৰ ৰাজত্বৰ ঊন্নৈশ বছৰৰ পঞ্চম মাহৰ সপ্তম দিনা, বাবিলৰ ৰজা নবুখদনেচৰৰ ৰজাৰ এজন দাস দেহৰক্ষীৰ অধিনায়ক নবুজৰদান যিৰূচালেমলৈ আহিল।
В месяц же пятый, в седмый день месяца, сие лето девятоенадесять Навуходоносора царя Вавилонска, прииде Навузардан архимагир, раб царя Вавилонскаго, во Иерусалим
9 তেওঁ যিহোৱাৰ গৃহত, ৰাজগৃহত আৰু যিৰূচালেমৰ সকলো ঘৰতে জুই লগাই দিলে। নগৰৰ প্রধান প্রধান অট্টালিকাবোৰ জুই দি পুৰিলে।
и зажже храм Господень и дом царев, и вся домы Иерусалимли и вся домы великия сожже архимагир:
10 ১০ দেহৰক্ষীৰ অধিনায়ক জনৰ অধীনত সকলো বেবিলনীয় সৈন্যদলে যিৰূচালেমৰ চাৰিওফালৰ দেৱাল ভাঙি পেলালে।
и стены Иерусалимли окрест раскопа сила Халдейская.
11 ১১ নগৰত বাকী থকা লোকসকল আৰু যি সকল বেবিলনৰ ৰজাৰ পক্ষত গৈছিল, অৱশিষ্ট সাধাৰণ জনগণ আছিল, তেওঁলোক সকলোকে দেহৰক্ষীৰ অধিনায়ক নবুজৰদানে বন্দী কৰি লৈ গ’ল।
И останок людий избывших во граде и впадших, иже отпадоша ко царю Вавилонску, и прочее и утверждение пренесе Навузардан воевода.
12 ১২ কিন্তু দ্ৰাক্ষাবাৰী চোৱা-চিতা আৰু পথাৰবোৰত খেতি কৰিবলৈ কেইজনমান দুখীয়া মানুহক তেওঁ দেশত এৰি থৈ গ’ল।
И от нищих земли тоя остави архимагир винограды блюсти и вертограды.
13 ১৩ কলদীয়াসকলে যিহোৱাৰ গৃহৰ পিতলৰ স্তম্ভবোৰ, পাত্র থোৱা আধাৰবোৰ আৰু পিতলৰ সমুদ্ৰ-পাত্ৰটো ডোখৰ ডোখৰকৈ ভাঙি সেই পিতল বেবিলনলৈ লৈ গ’ল।
И столпы медяны в храме Господни, и подставы, и море медное сущее во храме Господни сокрушиша Халдее, и взяша медь их во Вавилон:
14 ১৪ তাৰ বাহিৰেও সকলো পিয়লা, হেতা, চাকিৰ শলিতা পৰিস্কাৰ কৰা চেপেনা, চামুচ আৰু মন্দিৰৰ পৰিচৰ্যা কামৰ বাবে ব্যৱহাৰ কৰা পিতলৰ আন-আন সকলো বস্তুও লৈ গ’ল।
и конобы, и котлы и фиалы, и кадилницы, и вся сосуды медяныя, в нихже служаху, взяша:
15 ১৫ ছাঁই আঁতৰোৱাৰ পিয়লা, সোণ আৰু ৰূপৰ তৈয়াৰী পাত্রবোৰ আৰু আঙঠা ধৰা, তেজ পেলোৱা পাত্ৰ, সোণৰ পাত্ৰৰ সোণ, আৰু ৰূপৰ পাত্ৰৰ ৰূপ, ৰজাৰ দেহৰক্ষীৰ অধিনায়কে লৈ গ’ল।
и кадилницы, и фиалы златыя и сребряныя взя архимагир,
16 ১৬ যিহোৱাৰ গৃহৰ কাৰণে চলোমনে যি দুটা স্তম্ভ, সমুদ্ৰ-পাত্ৰ আৰু পাত্র ৰখা আধাৰবোৰ অধিক পিতলৰে তৈয়াৰ কৰিছিল; সেই পিতলৰ ওজন কৰিব পৰা নাছিল।
столпы два, и моря едино, и подставы, яже сотвори Соломон храму Господню: не бе веса меди всех сосудов.
17 ১৭ এটা স্তম্ভৰ উচ্চতা আছিল ওঠৰ হাত; তাৰ শীর্ষ মূৰটোত পিতলেৰে নির্মিত এটা গম্বুজ আছিল। সেই শীর্ষভাগৰ চৌদিশ পিতলৰ জালি আৰু ডালিমৰ কাৰুকার্যৰে সজোৱা আছিল আৰু তাৰ উচ্চতা তিনি হাত আছিল। আনটো স্তম্ভও প্রথমটোৰ দৰে জালিৰ কাৰুকার্যৰে একে অাছিল।
Осминадесяти лакот бысть высота столпа единаго, и глава медяна на нем: и высота главе три лакти, и на главе мрежи и шипки окрест, вся медяна: по сему же и столп вторый со мрежею.
18 ১৮ ইহুদীসকলৰ প্রধান পুৰোহিত চৰায়া, দ্বিতীয় পুৰোহিত চফনিয়া আৰু তিনিজন দুৱাৰ-ৰক্ষকক দেহৰক্ষীৰ অধিনায়কে বন্দী কৰি লৈ গ’ল।
И поят архимагир Сареа жерца перваго и Софонию жерца втораго, и три стражы вратныя:
19 ১৯ সেই নগৰৰ পৰা তেওঁ যোদ্ধাসকলৰ ওপৰত নিযুক্ত এজন কৰ্মচাৰীক আৰু তেতিয়াও নগৰতে থকা ৰজাৰ পাচঁজন পৰামর্শদাতাক বন্দী কৰি নিলে। তাৰোপৰি সৈন্যদলত নিযুক্ত কৰাৰ বিশেষ দায়িত্বত থকা ৰজাৰ সেনাধ্যক্ষজনৰ সৈতে নগৰত থকা দেশৰ ষাঠিজন গণ্যমান্য ব্যক্তিকো ধৰি নিলে।
и от града взя скопца единаго, иже бе приставник над мужи военными, и пять мужей предстоящих пред лицем царевым, обретшихся во граде, и книгочиа князя силы, иже строяше люди земли тоя, и шестьдесят мужей людий земли тоя обретшихся во граде:
20 ২০ দেহৰক্ষীৰ অধিনায়ক নবুজৰদানে তেওঁলোকক ৰিব্লাত থকা বেবিলনৰ ৰজাৰ ওচৰলৈ লৈ গ’ল।
и поят я Навузардан архимагир, и приведе я к царю Вавилонскому в Ревлафу.
21 ২১ বেবিলনৰ ৰজাই হমাৎ দেশৰ ৰিব্লাত এই সকলো লোককে বধ কৰিলে। এইদৰে যিহূদাৰ লোকসকলক বন্দী কৰি নিজ দেশৰ পৰা দূৰলৈ লৈ যোৱা হ’ল।
И порази их царь Вавилонский, и умори я в Ревлафе, в земли Емафове. И преселися Иуда свыше земли своея.
22 ২২ বেবিলনৰ ৰজা নবূখদনেচৰে যি সকল লোকক যিহূদা দেশত এৰি থৈ গৈছিল, তেওঁলোকৰ ওপৰত নবুজাৰদানে চাফনৰ নাতি অহীকামকৰ পুত্ৰ গদলিয়াক শাসনকৰ্ত্তা নিযুক্ত কৰিলে।
И людие оставшиися в земли Иудове, ихже остави Навуходоносор царь Вавилонский, и постави над ними Годолию, сына Ахикамля, сына Сафаня.
23 ২৩ পাছত যেতিয়া বেবিলনৰ ৰজাই গদলিয়াক শাসনকৰ্ত্তা নিযুক্ত কৰিছে বুলি যিহূদাৰ বাকী কেইজনমান সেনাধ্যক্ষ আৰু তেওঁলোকৰ লোকসকলে শুনিলে, তেতিয়া তেওঁলোকে অৰ্থাৎ নথনিয়াৰ পুত্ৰ ইশ্মায়েল, কাৰেহৰ পুত্ৰ যোহানন, নটোফাতীয়া তনহূমতৰ পুত্ৰ চৰায়া, মাখাথীয়াৰ পুত্ৰ যাজনিয়া আৰু তেওঁলোকৰ লোকসকল মিস্পাত গদলিয়াৰ ওচৰলৈ আহিল।
И услышаша вси князи силы сами и мужие их, яко постави царь Вавилонский Годолию, и приидоша к Годолии в Массифу, и Исмаил сын Нафаниин, и Иоанан сын Карифов, и Сараиа сын Фанамафов Нетофафитский, и Иезониа сын Махаффов, сами и мужие их (приидоша).
24 ২৪ গদলিয়াই তেওঁলোকক আৰু তেওঁলোকৰ লোকসকলৰ ওচৰত শপত খাই ক’লে, “আপোনালোকে কলদীয়া অধিকাৰীসকললৈ ভয় নকৰিব; আপোনালোকে দেশত বাস কৰি বেবিলনৰ ৰজাৰ বশ্যতা স্বীকাৰ কৰক, তাতে আপোনালোকৰ ভাল হ’ব।”
И клятся им Годолиа и мужем их и рече им: не бойтеся пришествия Халдеев: седите на земли и работайте царю Вавилонскому, и добро будет вам.
25 ২৫ কিন্তু সপ্তম মাহত ইলীচামাৰ নাতি, নথনিয়াৰ পুত্র ইশ্মায়েলে দহ জন মানুহক লগত লৈ গদলিয়াৰ লগতে যিহূদাৰ যি সকল লোক আৰু কলদীয়াসকল তেওঁৰ লগত মিস্পাত আছিল, সকলোকে আক্রমণ কৰি বধ কৰিলে। এই ইশ্মায়েল এজন ৰাজবংশীয় লোক আছিল।
И бысть в месяц седмый, прииде Исмаил сын Нафаниин сына Елисамля от семене царска, и десять мужей с ним, и порази Годолию, и умре, и Иудеев и Халдеев, иже с ним бяху в Массифе.
26 ২৬ সেয়ে বেবিলনীয়াসকলৰ ভয়ত যিহূদাৰ সৰুৰ পৰা বৰলৈকে সকলো আৰু সেনাধ্যক্ষসকল মিচৰলৈ গুছি গ’ল।
И восташа вси людие, от мала и до велика, и князи сил, и внидоша во Египет, яко убояшася от лица Халдейска.
27 ২৭ পৰৱর্তী সময়ত যিহূদাৰ ৰজা যিহোয়াখীনৰ বন্দী অৱস্থাৰ সাতত্ৰিশ বছৰত বেবিলনৰ ৰজা ইবীল-মৰোদকে ৰাজত্ব আৰম্ভ কৰিছিল। তেওঁ বাৰ মাহৰ সাতাইশ দিনৰ দিনা যিহোৱাখীনক কাৰাগাৰৰ পৰা মুকলি কৰি দিলে।
И бысть в лето тридесять седмое преселения Иоахина царя Иудина, в дванадесятый месяц, в двадесять седмый день месяца, вознесе Евилмародах царь Вавилонский, в лето царства своего, главу Иоахина царя Иудина, и изведе его из дому темницы его,
28 ২৮ তেওঁ যিহোৱাখীনৰ লগত ভালভাৱে কথা ক’লে আৰু তেওঁৰ লগত বেবিলনত থকা আন আন ৰজাসকলতকৈ তেওঁক অধিক সন্মানীয় আসন দিলে।
и глагола с ним благая, и даде престол ему свыше престолов царей, иже бяху с ним в Вавилоне:
29 ২৯ ইবীল-মৰোদকে যিহোৱাখীনৰ পৰা কাৰাগাৰৰ কাপোৰ খুলি পেলালে আৰু যিহোৱাখীনে নিজৰ জীৱনৰ বাকী দিনবোৰত সদায় ৰজাৰ মেজত খোৱা-বোৱা কৰি কটালে।
и измени ризы его темничныя, и ядяше хлеб с ним всегда, во вся дни живота своего.
30 ৩০ জীৱিত কাললৈকে প্রতিদিনৰ কাৰণে ৰজাই তেওঁক এক খাদ্য খৰছ প্রদান কৰিছিল।
И пища его от дому царска давана бяше, и все изобилие во дни его, во вся дни живота его.

< ২ রাজাবলি 25 >