< ২ রাজাবলি 24 >
1 ১ যিহোয়াকীমৰ ৰাজত্বৰ সময়ত বেবিলনৰ ৰজা নবূখদনেচৰে যিহূদা দেশ আক্রমণ কৰিলে। যিহোৱাকীম তিনি বছৰ তেওঁৰ অধীনত আছিল। কিন্তু পাছত তেওঁ নবুখদনেচৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে।
De son temps Nébuchadnetsar, Roi de Babylone, monta [contre Jéhojakim], et Jéhojakim lui fut asservi l'espace de trois ans; puis ayant changé de volonté, il se rebella contre lui.
2 ২ যিহোৱাই যিহোৱাকীমৰ বিৰুদ্ধে কলদীয়া, অৰামীয়া, মোৱাবীয়া আৰু অম্মোনীয়া লুট কৰোঁতা দলসমূহক পঠালে। যিহোৱাই তেওঁৰ দাস ভাববাদীসকলৰ দ্বাৰাই যি কথা ঘোষণা কৰিছিল, সেই অনুসাৰে যিহূদা দেশক বিনষ্ট কৰিবলৈ তেওঁ তেওঁলোকক পঠালে।
Et l'Eternel envoya contre Jéhojakim des troupes de Chaldéens, et des troupes de Syriens, et des troupes de Moab, et des troupes des enfants de Hammon; il les envoya, dis-je, contre Juda, pour le détruire, suivant la parole de l'Eternel qu'il avait prononcée par le moyen des Prophètes ses serviteurs.
3 ৩ যিহোৱাৰ আজ্ঞা অনুসাৰেই যিহূদা দেশৰ প্ৰতি এই সকলো ঘটিছিল, যাতে তেওঁলোকক নিজৰ সন্মুখৰ পৰা যিহোৱাই দূৰ কৰিব পাৰে। এই সকলোবোৰ ঘটিছিল, কিয়নো মনচিয়ে কৰা সকলো পাপ কাৰ্যৰ কাৰণে;
Et cela arriva selon le mandement de l'Eternel contre Juda, pour le rejeter de devant sa face, à cause des péchés de Manassé, selon tout ce qu'il avait fait;
4 ৪ আৰু তেওঁ কৰা নিৰ্দ্দোষী লোকসকলৰ ৰক্তপাতৰ কাৰণে। মনচিয়ে নির্দ্দোষীসকলৰ তেজেৰে যিৰূচালেম পূৰ্ণ কৰিছিল আৰু যিহোৱাই ইয়াক ক্ষমা কৰিবলৈ মান্তি নহ’ল।
Et à cause aussi du sang innocent qu'il avait répandu, ayant rempli Jérusalem de sang innocent; [c'est pourquoi] l'Eternel ne lui voulut point pardonner.
5 ৫ যিহোয়াকীমৰ অন্যান্য বৃত্তান্ত আৰু তেওঁ কৰা সকলো কাৰ্যৰ কথা “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত জানো লিখা নাই?
Le reste des faits de Jéhojakim, tout ce, dis-je, qu'il a fait, n'est-il pas écrit au Livre des Chroniques des Rois de Juda?
6 ৬ পাছত যিহোয়াকীম তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁৰ পদত পুত্ৰ যিহোয়াখীন ৰজা হ’ল।
Ainsi Jéhojakim s'endormit avec ses pères; et Jéhojachin son fils régna en sa place.
7 ৭ মিচৰৰ ৰজাই যুদ্ধ কৰিবৰ কাৰণে নিজৰ দেশৰ পৰা আৰু বাহিৰ নহ’ল; কিয়নো বেবিলনৰ ৰজাই মিচৰৰ ৰজাৰ অধীনত থকা মিচৰৰ জুৰিৰ পৰা ইউফ্রেটিচ নদীলৈকে সমগ্র ৰাজ্য দখল কৰি ল’লে।
Or le Roi d'Egypte ne sortit plus de son pays, parce que le Roi de Babylone avait pris tout ce qui était au Roi d Egypte, depuis le torrent d'Egypte jusqu'au fleuve d'Euphrate.
8 ৮ ওঠৰ বছৰ বয়সত যিহোয়াখীন ৰজা হৈছিল আৰু তেওঁ তিনি মাহ যিৰূচালেমত ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল নহূস্তা; তেওঁ যিৰূচালেম নগৰৰ নিবাসী ইলনাথনৰ জীয়েক আছিল।
Jéhojachin était âgé de dix-huit ans quand il commença à régner, et il régna trois mois à Jérusalem; sa mère avait nom Nehusta, fille d'Elnathan de Jérusalem.
9 ৯ যিহোৱাখীনে তেওঁৰ পিতৃৰ দৰেই যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিছিল।
Il fit ce qui déplaît à l'Eternel, comme avait fait son père.
10 ১০ সেই সময়ত বেবিলনৰ ৰজা নবূখদনেচৰৰ সৈন্যসকলে যিৰূচালেম আক্রমণ কৰি নগৰ অৱৰোধ কৰিলে।
En ce temps-là les gens de Nébuchadnetsar, Roi de Babylone, montèrent contre Jérusalem, et là ville fut assiégée.
11 ১১ তেওঁৰ সৈন্যসকলে যেতিয়া নগৰখন ঘেৰি ৰাখিছিল, তেতিয়া বেবিলনৰ ৰজা নবূখদনেচৰ নিজেই নগৰলৈ আহিল।
Et Nébuchadnetsar Roi de Babylone vint contre la ville, lorsque ses gens l'assiégeaient.
12 ১২ যিহূদাৰ ৰজা যিহোয়াখীন, তেওঁৰ মাক, তেওঁৰ দাসবোৰ, তেওঁৰ ৰাজপুত্রসকল আৰু কৰ্মচাৰীসকল সকলোৱেই ৰজা নবুখদনেচৰৰ ওচৰলৈ ওলাই গ’ল। তাতে ৰজা নবুখদনেচৰৰ ৰাজত্বৰ আঠ বছৰত তেওঁ যিহোৱাখীমক বন্দী কৰি লৈ গ’ল।
Alors Jéhojachin Roi de Juda sortit vers le Roi de Babylone, lui, sa mère, ses gens, ses capitaines, et ses Eunuques; de sorte que le Roi de Babylone le prit la huitième année de son règne.
13 ১৩ যিহোৱাই যি দৰে কৈছিল, তেনেদৰেই ঘটিল; নবুখদনেচৰে যিহোৱাৰ গৃহ আৰু ৰাজগৃহৰ পৰা সকলো মূল্যবান সামগ্রীবোৰ লৈ গ’ল আৰু ইস্ৰায়েলৰ ৰজা চলোমনে যিহোৱাৰ মন্দিৰৰ কাৰণে সোণেৰে যিবোৰ সামগ্রী নির্মাণ কৰিছিল, সেইবোৰ তেওঁ কাটি টুকুৰা- টুকুৰি কৰি লৈ গ’ল।
Et il tira hors de là, selon que l'Eternel en avait parlé, tous les trésors de la maison de l'Eternel, et les trésors de la maison Royale, et mit en pièces tous les ustensiles d'or que Salomon Roi d'Israël avait faits pour le Temple de l'Eternel.
14 ১৪ তাৰ উপৰিও যিৰূচালেমৰ সকলোকে, অর্থাৎ সকলো প্ৰধান লোক, যোদ্ধা সহ দহ হাজাৰ লোক আৰু কাৰিকৰ, কমাৰ সকলকো বন্দী কৰি লৈ গ’ল; দেশত দৰিদ্ৰ লোকৰ বাহিৰে আন কোনো নাথাকিল।
Et il transporta tout Jérusalem, savoir, tous les capitaines, et tous les vaillants hommes de guerre, au nombre de dix mille captifs, avec les charpentiers et les serruriers, de sorte qu'il ne demeura personne de reste que le pauvre peuple du pays.
15 ১৫ নবুখদনেচৰে যিহোয়াখীনক বন্দী হিচাবে বেবিলনলৈ লৈ গ’ল। তেওঁ যিৰূচালেমৰ পৰা ৰজাৰ মাকক, তেওঁৰ ভাৰ্য্যাসকলক, কৰ্মচাৰী সকলক আৰু দেশৰ প্রধান লোকসকলকো লৈ গ’ল।
Ainsi il transporta Jéhojachin à Babylone, avec la mère du Roi, et les femmes du Roi et ses Eunuques, et il emmena captifs à Babylone tous les plus puissants du pays de Jérusalem;
16 ১৬ বেবিলনৰ ৰজাই যুদ্ধৰ কাৰণে উপযুক্ত সাত হাজাৰ যোদ্ধা, এক হাজাৰ কাৰিকৰ আৰু কমাৰসকলক বন্দী কৰি বেবিলনলৈ আনিলে।
Avec tous les hommes vaillants au nombre de sept mille, et les charpentiers et les serruriers au nombre de mille, tous puissants et propres à la guerre, lesquels le Roi de Babylone emmena captifs [à] Babylone.
17 ১৭ বেবিলনৰ ৰজাই যিহোৱাখীনৰ খুড়ায়েক মত্তনীয়াক তেওঁৰ পদত ৰজা পাতিলে আৰু তেওঁৰ নাম সলনি কৰি চিদিকিয়া ৰাখিলে।
Et le Roi de Babylone établit pour Roi, en la place de Jéhojachin, Mattania son oncle, et lui changea son nom, [l'appelant] Sédécias.
18 ১৮ একৈশ বছৰ বয়সত চিদিকিয়া ৰজা হৈছিল। তেওঁ যিৰূচালেমত এঘাৰ বছৰ ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল হমূতল। তেওঁ লিব্না নিবাসী যিৰিমিয়াৰ জীয়েক আছিল।
Sédécias était âgé de vingt et un ans, quand il commença à régner, et il régna onze ans à Jérusalem; sa mère avait nom Hamutal, fille de Jérémie de Libna.
19 ১৯ যিহোয়াকীমৰ দৰে চিদিকিয়াই যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিছিল।
Il fit ce qui déplaît à l'Eternel comme avait fait Jéhojakim.
20 ২০ যিৰূচালেম আৰু যিহূদাৰ ওপৰত যিহোৱা ক্রুদ্ধ হোৱাৰ কাৰণে এই দুই দেশক তেওঁ নিজৰ সন্মুখৰ পৰা দূৰ নকৰা পর্যন্ত এই সকলো দশা ঘটি আছিল। পাছত চিদিকিয়াই বেবিলনৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে।
Car il arriva à cause de la colère de l'Eternel contre Jérusalem et contre Juda, afin qu'il les rejetât de devant sa face, que Sédécias se rebella contre le Roi de Babylone.