< ২ রাজাবলি 23 >

1 পাছত ৰজা যোচিয়াই মানুহ পঠাই যিহূদা আৰু যিৰূচালেমৰ সকলো বৃদ্ধ পৰিচাৰকসকলক মাতি একত্রিত কৰিলে।
آنگاه پادشاه تمام مشایخ یهودا و اورشلیم را احضار کرد
2 যিহূদা আৰু যিৰূচালেমৰ সকলো লোকক, পুৰোহিত আৰু ভাববাদীসকলক, সাধাৰণ লোকৰ পৰা গণ্যমান্য ব্যক্তি সকলোকে লগত লৈ ৰজা যিহোৱাৰ গৃহলৈ গ’ল। তাৰ পাছত তেওঁ যিহোৱাৰ গৃহত যি বিধান পুস্তকখন পোৱা গৈছিল, তাৰ সকলো কথা লোকসকলক পঢ়ি শুনালে।
و همگی، در حالی که کاهنان و انبیا و مردم یهودا و اورشلیم از کوچک تا بزرگ به دنبال آنها می‌آمدند، به خانهٔ خداوند رفتند. در آنجا پادشاه تمام دستورهای کتاب عهد را که در خانهٔ خداوند پیدا شده بود، برای آنها خواند.
3 স্তম্ভটোৰ ওচৰত থিয় হৈ ৰজা যোচিয়ই যিহোৱাৰ পথত চলি সকলো মন আৰু প্ৰাণেৰে যিহোৱাৰ সকলো আজ্ঞা, বিধান আৰু নির্দেশবোৰ মানি চলিবৰ কাৰণে এক প্ৰতিজ্ঞা কৰিলে। এই পুস্তকখনত লিখা বিধানৰ সকলো কথা নিশ্চয়কৈ পালন কৰিবলৈ যিহোৱাৰ সন্মুখত এক প্ৰতিজ্ঞা কৰিলে। তাতে সকলো লোকে ৰজাৰ কথাত সহমত হৈ থিয় দিলে।
پادشاه نزد ستونی که در برابر جمعیت قرار داشت، ایستاد و با خداوند عهد بست که با دل و جان از دستورها و احکام او پیروی کند و مطابق آنچه که در آن کتاب نوشته شده است رفتار نماید. تمام جماعت نیز قول دادند این کار را بکنند.
4 ৰজাই তেতিয়া যিহোৱাৰ মন্দিৰৰ পৰা বাল দেৱতা আৰু আচেৰা, আকাশৰ সকলো তৰাবোৰৰ সেৱা-পূজাৰ কাৰণে সজা পাত্ৰবোৰ বাহিৰ কৰিবৰ কাৰণে প্রধান পুৰোহিত হিল্কিয়াক, তেওঁৰ অধীনত থকা আন আন পুৰোহিতসকলক আৰু দ্বাৰ-ৰক্ষকসকলক আদেশ দিলে। তেওঁ সেইবোৰ যিৰূচালেমৰ বাহিৰত কিদ্ৰোণ উপত্যকাৰ মুকলি ঠাইত পুৰি দিলে আৰু ছাঁইবোৰ বৈৎএললৈ লৈ গ’ল।
سپس پادشاه به حِلقیا، کاهن اعظم و سایر کاهنان و نگهبانان خانهٔ خداوند دستور داد تا تمام ظروفی را که برای پرستش بعل، اشیره، آفتاب، ماه و ستارگان به کار می‌رفت از بین ببرند. پادشاه تمام آنها را در بیرون اورشلیم در درهٔ قدرون سوزانید و خاکستر آنها را به بیت‌ئیل برد.
5 যিহূদাৰ নগৰবোৰৰ ওখ ঠাইত থকা মঠবোৰত ধূপ জ্বলাবৰ কাৰণে আৰু যিৰূচালেমৰ চাৰিওফালৰ ঠাইবোৰত বাল দেৱতা, সূর্য, চন্দ্র, গ্রহ-নক্ষত্র, আকাশৰ সকলো তৰাবোৰৰ উদ্দেশ্যে ধূপ জ্বলাবৰ কাৰণে যিহূদাৰ ৰজাসকলে যি সকলো মূর্তিপূজাকাৰী পুৰোহিতসকলক মনোনীত কৰিছিল, তেওঁলোকক তেওঁ সেই ঠাইবোৰৰ পৰা আতৰালে।
او کاهنان بتها را که به‌وسیلۀ پادشاهان یهودا تعیین شده بودند برکنار کرد. این کاهنان در بتخانه‌های بالای تپه‌ها در سراسر یهودا و حتی در اورشلیم به بعل و آفتاب و ماه و ستارگان و بتها قربانی تقدیم می‌کردند.
6 তেওঁ যিহোৱাৰ গৃহৰ পৰা আচেৰা মূৰ্ত্তিটো বাহিৰ কৰি, যিৰূচালেমৰ পৰা কিদ্ৰোণ উপত্যকালৈ নি তাত পুৰি পেলালে। তাৰ পাছত তাক কোবাই কোবাই গুড়ি কৰি তাৰ ধূলি সাধাৰণ জনতাৰ মৈদামৰ ওপৰত ছটিয়াই দিলে।
او بت شرم‌آور اشیره را از خانهٔ خداوند برداشته، آن را از اورشلیم به درهٔ قدرون برد و سوزاند و خاکسترش را به قبرستان عمومی برده، روی قبرها پاشید.
7 যিহোৱাৰ গৃহত দেৱদাসসকল থকা কোঁঠাবোৰ তেওঁ ভাঙি পেলালে। সেই কোঁঠাবোৰত মহিলাসকলে আচেৰাৰ কাৰণে কাপোৰ বৈছিল।
خانه‌های لواط را نیز که در اطراف خانهٔ خداوند بودند و زنان در آنجا برای بت اشیره لباس می‌بافتند، خراب کرد.
8 ৰজা যোচিয়াই যিহূদাৰ নগৰবোৰৰ সকলো পুৰোহিতক যিৰূচালেমলৈ আনিলে আৰু গেবাৰ পৰা বেৰ-চেবা পর্যন্ত যি সকলো ওখ ঠাইৰ মঠবোৰত পুৰোহিতসকলে ধূপ জ্বলাইছিল, তেওঁ সেই সকলোবোৰ ঠাই অপবিত্র কৰি দিলে। তেওঁ দুৱাৰবোৰৰ ওচৰত থকা ওখ ঠাইৰ মঠবোৰ ধ্বংস কৰিলে; যিৰূচালেম নগৰৰ যিহোচূৱা নামৰ এজন ৰাজ্যপালে নির্মাণ কৰা যিহোচূৱা দুৱাৰৰ প্রৱেশ পথত যি সকলো ওখ ঠাইত মঠবোৰ আছিল, তেওঁ সেই সকলোকে ভাঙি পেলালে। এই মঠবোৰ নগৰলৈ সোমাই যোৱা নগৰৰ প্রধান দুৱাৰৰ বাওঁফালে আছিল।
او کاهنان خداوند را که در دیگر شهرهای یهودا بودند به اورشلیم باز آورد و تمام معبدهای بالای تپه‌ها را که در آنها قربانی می‌کردند از جبع تا بئرشبع آلوده کرد. او همچنین بتخانه‌ای را که یهوشع، حاکم شهر اورشلیم، در سمت چپ دروازهٔ شهر ساخته بود، خراب کرد.
9 ওখ ঠাইৰ মঠবোৰৰ পুৰোহিতসকলক যদিও যিৰূচালেমত যিহোৱাৰ যজ্ঞবেদীত সেৱা-কার্য কৰিবলৈ দিয়া হোৱা নাছিল, কিন্তু তেওঁলোকে আন পুৰোহিতসকলৰ দৰে খমীৰ নিদিয়া পিঠা খাব পাৰিছিল।
کاهنان بتخانه‌ها اجازه نداشتند در خانهٔ خداوند در اورشلیم خدمت کنند، ولی می‌توانستند با سایر کاهنان از نان مخصوص فطیر بخورند.
10 ১০ কোনেও যাতে মোলক দেৱতাৰ উদ্দেশ্যে নিজৰ পুতেক বা জীয়েকক হোমবলি দিব নোৱাৰে, সেয়ে ৰজা যোচিয়াই বিন-হিন্নোমৰ উপত্যকাত থকা তোফৎ নামৰ পূজাৰ ঠাইক অপবিত্র কৰি দিলে।
پادشاه، مذبح توفت را که در درهٔ حنوم بود آلوده کرد تا دیگر کسی پسر یا دختر خود را برای بت مولک روی آن قربانی نکند.
11 ১১ যিহূদাৰ ৰজাসকলে যি সকলো ঘোঁৰা আৰু ৰথবোৰ সূর্যৰ পূজাৰ অর্থে দিছিল, যোচিয়াই সেই ঘোঁৰাবোৰক দূৰ কৰিলে আৰু ৰথবোৰ পুৰি পেলালে। ঘোঁৰাবোৰক নাথন-মেলক নামৰ এজন গৃহাধ্যক্ষৰ কোঁঠাৰ ওচৰত, যিহোৱাৰ গৃহৰ প্রৱেশ পথৰ ওচৰৰ এডোখৰ ঠাইত ঘোঁৰাবোৰক ৰখা হৈছিল।
او اسبانی را که پادشاهان یهودا به خدای آفتاب وقف کرده بودند از خانهٔ خداوند بیرون راند و ارابه‌های آنها را سوزاند. (اینها در حیاط خانهٔ خدا، نزدیک دروازه و کنار حجرهٔ یکی از مقامات به نام نتنملک نگهداری می‌شدند.)
12 ১২ ৰাজপ্রাসাদৰ চালত ৰজা আহজৰ ওপৰ কোঁঠালিৰ ওপৰত যিহূদাৰ ৰজাসকলে যি সকলো বেদী নির্মাণ কৰিছিল আৰু যিহোৱাৰ মন্দিৰৰ দুখন চোতালত মনচিয়ে যি বেদীবোৰ নির্মাণ কৰিছিল, ৰজা যোচিয়াই সেই সকলোবোৰ ভাঙি পেলালে। তেওঁ সেইবোৰ ভাঙি টুকুৰা-টুকুৰ কৰি কিদ্ৰোণ উপত্যকাত পেলাই দিলে।
سپس مذبحهایی را که پادشاهان یهودا بر پشت بام قصر آحاز ساخته بودند خراب کرد. در ضمن مذبحهایی را که مَنَسی در حیاط خانهٔ خداوند بنا کرده بود در هم کوبید و تمام ذرات آن را در درهٔ قدرون پاشید.
13 ১৩ ভ্রষ্টাচাৰ পাহাৰৰ দক্ষিণে যিৰূচালেমৰ পূবফালে যি সকলো মঠ ওখ ঠাইবোৰত আছিল, সেইবোৰক যোচিয়াই অপবিত্র কৰিলে। ইস্রায়েলৰ ৰজা চলোমনে চীদোনীয়াসকলৰ ঘৃণ্য দেৱী অষ্টাৰেতৰ কাৰণে, মোৱাবীয়াসকলৰ ঘৃণ্য দেৱতা কমোচৰ কাৰণে আৰু অম্মোনৰ লোকসকলৰ ঘৃণ্য দেৱতা মিল্কমৰ কাৰণে এই সকলো ওখ ঠাইৰ মঠবোৰ তৈয়াৰ কৰিছিল।
او بتخانه‌های روی تپه‌های شرق اورشلیم و جنوب کوه زیتون را نیز آلوده کرد. (این بتخانه‌ها را سلیمان برای عشتاروت، الهه صیدون و برای کموش، بت نفرت‌انگیز موآب و ملکوم، بت نفرت‌انگیز عمون ساخته بود.)
14 ১৪ ৰজা যোচিয়াই পূজাৰ শিলৰ স্তম্ভবোৰ ভাঙি পেলালে আৰু আচেৰা মুৰ্ত্তিবোৰো কাটি পেলালে। সেই ঠাইবোৰ মানুহৰ অস্থিৰে পূর্ণ কৰি ঢাকি দিলে।
او مجسمه‌ها را خرد کرد و بتهای شرم‌آور اشیره را از بین برد و زمینی را که آنها روی آن قرار داشتند با استخوانهای انسان پر ساخت.
15 ১৫ ইস্রায়েলক পাপ কার্যত লিপ্ত কৰোঁৱা নবাটৰ পুত্র যাৰবিয়ামে বৈৎএলত যি বেদী আৰু ওখ ঠাইৰ মঠ নির্মাণ কৰিছিল, তাক যোচিয়াই ভাঙি পেলালে। তেওঁ মঠৰ বেদী জুইৰে পুৰি তাক মাৰি মাৰি গুড়া কৰি পেলালে। আচেৰা মুৰ্ত্তিটোও জুইৰে পুৰিলে।
همچنین مذبح و بتخانهٔ بیت‌ئیل را که یربعام ساخته و به‌وسیلۀ آنها بنی‌اسرائیل را به گناه کشانده بود، در هم کوبید، سنگهای آنها را خرد کرد و بت شرم‌آور اشیره را سوزانید.
16 ১৬ তাৰ পাছত তেওঁ চাৰিওফালে চালে আৰু পাহাৰৰ কাষত থকা সমাধিস্থল দেখা পালে। তেওঁ মানুহ পঠাই সেই সমাধিবোৰৰ পৰা অস্থিবোৰ উলিয়াই অনালে আৰু সেইবোৰ বেদীৰ ওপৰত পুৰি তাক অপবিত্র কৰিলে। ঈশ্বৰৰ লোকে যি সকলো ঘটনাৰ কথা পূর্বে ঘোষণা কৰিছিল, যিহোৱাৰ সেই বাক্য অনুসাৰেই এই সকলো হ’ল।
سپس یوشیا متوجه شد که در دامنهٔ کوه چند قبر هست. پس به افرادش دستور داد تا استخوانهای درون قبرها را بیرون آورند و آنها را بر مذبح بیت‌ئیل بسوزانند تا مذبح نجس شود. این درست همان چیزی بود که نبی خداوند دربارهٔ مذبح یربعام پیشگویی کرده بود.
17 ১৭ ৰজাই সুধিলে, “মই সেই যি স্তম্ভটো দেখা পাইছো, সেইটো কি?” নগৰৰ লোকসকলে ক’লে, “সেইটো ঈশ্বৰৰ লোকৰ মৈদাম। ঈশ্বৰৰ সেই লোকে যিহূদাৰ পৰা আহি বৈৎএলৰ বেদীৰ বিৰুদ্ধে যি যি ঘোষণা কৰিছিল, আপুনিও ঠিক তাকেই কৰিছে।”
یوشیا پرسید: «آن ستون چیست؟» اهالی شهر به او گفتند: «آن قبر مرد خدایی است که از یهودا به اینجا آمد و آنچه را که شما امروز با مذبح بیت‌ئیل کردید، پیشگویی نمود.»
18 ১৮ তেতিয়া ৰজা যোচিয়াই ক’লে, “সেইটো থাকিবলৈ দিয়া; কোনেও যেন তেওঁৰ হাড়বোৰ আঁতৰ নকৰে।” সেয়ে লোকসকলে তেওঁৰ হাড়বোৰ আৰু যি ভাববাদী চমৰিয়াৰ পৰা আহিছিল, তেওঁৰ হাড়বোৰ যেনেদৰে আছিল, তেনেদৰেই ৰাখিলে।
یوشیای پادشاه گفت: «آن را واگذارید و به استخوانهایش دست نزنید.» بنابراین استخوانهای او و استخوانهای آن نبی سامری را نسوزانیدند.
19 ১৯ চমৰিয়াৰ নগৰবোৰত থকা সকলো মন্দিৰ আৰু ওখ ঠাইৰ মঠবোৰ, যি সকলোবোৰ ইস্ৰায়েলৰ ৰজাসকলে নির্মাণ কৰি যিহোৱাক ক্রুদ্ধ কৰি তুলিছিল, যোচিয়াই সেইবোৰ দূৰ কৰি দিলে আৰু তেওঁ বৈৎএলত কৰা সকলো কর্মৰ দৰেই সেইবোৰলৈকো কৰিলে।
یوشیا تمام بتخانه‌های روی تپه‌های سراسر سامره را نیز از میان برداشت. این بتخانه‌ها را پادشاهان اسرائیل ساخته بودند و با این کارشان خداوند را به خشم آورده بودند. ولی یوشیا آنها را با خاک یکسان کرد، همان‌طور که در بیت‌ئیل کرده بود.
20 ২০ মঠবোৰৰ সকলো পুৰোহিতকে যোচিয়াই সেই বেদীবোৰৰ ওপৰত বধ কৰিলে আৰু সেইবোৰৰ ওপৰত মানুহৰ হাড়বোৰ পুৰিলে। তাৰ পাছত তেওঁ যিৰূচালেমলৈ ঘূৰি গ’ল।
کاهنان بتخانه‌های بالای تپه‌ها را روی مذبحهای خودشان کشت و استخوانهای مردم را روی آن مذبحها سوزانید. سرانجام وی به اورشلیم بازگشت.
21 ২১ ৰজাই সকলো লোকক এই আজ্ঞা দিলে, “বিধান-পুস্তকখনত যেনেকৈ লিখা আছে, তেনেকৈ আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে ‘নিস্তাৰ-পৰ্ব্ব’ পালন কৰক।
یوشیای پادشاه به قوم خود دستور داد تا آیین عید پِسَح را همان‌طور که به‌وسیله خداوند، خدای ایشان در کتاب عهد نوشته شده است، برگزار نمایند.
22 ২২ ইস্রায়েলৰ বিচাৰকর্তাসকলৰ শাসন কালত অথবা ইস্রায়েল আৰু যিহূদাৰ ৰজাসকলৰ আমোলত এনে ধৰণৰ নিস্তাৰ-পৰ্ব্ব পালন কেতিয়াও কৰা হোৱা নাছিল।
از زمان یوشع به بعد، هیچ رهبر یا پادشاهی در اسرائیل یا یهودا هرگز با چنین شکوهی عید پِسَح را برگزار نکرده بود.
23 ২৩ কিন্তু ৰজা যোচিয়াৰ ৰাজত্বৰ ওঠৰ বছৰত যিৰূচালেমত যিহোৱাৰ উদ্দেশ্যে এই নিস্তাৰ-পৰ্ব্ব পালন কৰা হ’ল।
این عید پِسَح در سال هجدهم سلطنت یوشیا برای خداوند در اورشلیم برگزار شد.
24 ২৪ ইয়াৰ বাহিৰেও, যোচিয়াই ভূত পোহা বা মৃত আত্মাৰ লগত পৰামর্শ কৰা সকলক আঁতৰাই পঠালে। তেওঁ পাৰিবাৰিক দেৱমূর্তিবোৰ, প্রতিমাবোৰ, যিহূদা আৰু যিৰূচালেমত যিবোৰ ঘৃণনীয় বস্তু দেখা পালে, সেই সকলোবোৰ দূৰ কৰিলে। পুৰোহিত হিল্কিয়াই যিহোৱাৰ গৃহত বিধান লিখা যি পুস্তকখন পাইছিল, তাৰ কথাবোৰ যেন পালন কৰা হয়, সেয়ে যোচিয়াই এই কার্য কৰিছিল।
در ضمن، یوشیا احضار ارواح و جادوگری و هر نوع بت‌پرستی را در اورشلیم و در سراسر یهودا ریشه‌کن کرد، زیرا می‌خواست مطابق دستورهای کتاب تورات که حِلقیا کاهن اعظم در خانهٔ خداوند پیدا کرده بود، رفتار کند.
25 ২৫ তেওঁ তেওঁৰ সকলো মন, সকলো প্ৰাণ, আৰু সকলো শক্তিৰে মোচিৰ বিধান অনুসাৰে যিহোৱাৰ পথত চলিছিল। তেওঁৰ আগত বা পাছত আন কোনো ৰজা তেওঁৰ দৰে নাছিল।
هیچ پادشاهی قبل از یوشیا و بعد از او نبوده که اینچنین با تمام دل و جان و قوت خود از خداوند پیروی کند و تمام احکام موسی را اطاعت نماید.
26 ২৬ তথাপিও, মনচিয়ে যি সকলো কাম কৰি যিহোৱাক ক্রুদ্ধ কৰি তুলিছিল, সেইবোৰৰ কাৰণে যিহূদাৰ বিৰুদ্ধে যিহোৱাৰ যি ভয়ঙ্কৰ ক্রোধ প্রজ্বলিত হৈ উঠিছিল, সেই ক্ৰোধৰ পৰা তেওঁ নুঘূৰিল।
ولی با وجود این، خداوند از شدت خشم خود علیه یهودا که مسبب آن مَنَسی پادشاه بود، برنگشت.
27 ২৭ সেইবাবে যিহোৱাই ক’লে, “মই মোৰ দৃষ্টিৰ পৰা ইস্ৰায়েলক যেনেকৈ দূৰ কৰিলোঁ, তেনেকৈ যিহূদাকো দূৰ কৰিম। মই যি নগৰক মনোনীত কৰি লৈছিলোঁ, সেই যিৰূচালেমক আৰু যি গৃহৰ সম্বন্ধে মই কৈছিলোঁ, ‘মোৰ নাম তাত থাকিব’ সেই গৃহক মই অগ্রাহ্য কৰিম।
خداوند فرمود: «یهودا را نیز مثل اسرائیل طرد خواهم کرد و شهر برگزیدهٔ خود، اورشلیم و خانه‌ای را که گفتم اسم من در آن خواهد بود، ترک خواهم نمود.»
28 ২৮ যোচিয়াৰ অন্যান্য সকলো বৃত্তান্ত, তেওঁ কৰা সকলো কাৰ্যৰ কথা জানো “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত লিখা নাই?
شرح بقیهٔ رویدادهای دوران سلطنت یوشیا و کارهای او در کتاب «تاریخ پادشاهان یهودا» نوشته شده است.
29 ২৯ যোচিয়াৰ ৰাজত্বৰ সময়ত মিচৰৰ ফৰৌণ-নখোৱে ইউফ্রেটিচ নদীৰ তীৰত অচূৰৰ ৰজাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ গ’ল। তেতিয়া ৰজা যোচিয়াই যুদ্ধত নখোক লগ পাবলৈ গ’ল আৰু তাতে নখোৱে তেওঁক মগিদ্দোত বধ কৰিলে।
در آن روزها، نکو پادشاه مصر، با لشکر خود به طرف رود فرات رفت تا به آشور در جنگ کمک کند. یوشیا در مجدو با او مقابله کرد، ولی در جنگ کشته شد.
30 ৩০ যোচিয়াৰ দাসবোৰে তেওঁৰ শৱটো ৰথত তুলি মগিদ্দোৰ পৰা যিৰূচালেমলৈ লৈ আনিলে আৰু তেওঁৰ নিজৰ মৈদামনিত মৈদাম দিলে। পাছত দেশৰ লোকসকলে যোচিয়াৰ পুত্ৰ যিহোৱাহজক অভিষেক কৰি তেওঁৰ পিতৃৰ পদত ৰজা পাতিলে।
سردارانش جنازهٔ وی را بر ارابه‌ای نهاده از مجدو به اورشلیم بردند و او را در قبری که از پیش تدارک دیده بود دفن کردند. مردم یهودا پسر او یهوآحاز را به پادشاهی خود انتخاب کردند.
31 ৩১ তেইশ বছৰ বয়সত যিহোৱাহজ ৰজা হৈছিল। তেওঁ তিনি মাহ যিৰূচালেমত ৰাজত্ব কৰিছিল; তেওঁৰ মাকৰ নাম আছিল হমূতল। তেওঁ লিব্‌না নিবাসী যিৰিমিয়াৰ জীয়েক আছিল।
یهوآحاز بیست و سه ساله بود که پادشاه شد و سه ماه در اورشلیم سلطنت کرد. (مادرش حموطل دختر ارمیا از اهالی لبنه بود.)
32 ৩২ যিহোৱাহজে তেওঁৰ পূর্বপুৰুষসকলৰ দৰে যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিলে।
یهوآحاز مانند اجدادش نسبت به خداوند گناه ورزید.
33 ৩৩ ফৰৌণ নখোৱে তেওঁক হমাৎ দেশৰ ৰিব্লাত শিকলিৰে বান্ধি আটক কৰি ৰাখিলে, যাতে তেওঁ যিৰূচালেমত ৰাজত্ব কৰিব নোৱাৰে। তাৰ পাছত ফৰৌণ নখোৱে যিহূদা দেশক প্রায় এশ কিক্কৰ ৰূপ আৰু এক কিক্কৰ সোণ জৰিমনা দিবলৈ নিৰূপণ কৰিলে।
نکو، پادشاه مصر، یهوآحاز را در ربله در سرزمین حمات زندانی کرد تا از فرمانروایی وی در اورشلیم جلوگیری نماید و از یهودا سه هزار و چهارصد کیلوگرم نقره و سی و چهار کیلوگرم طلا باج خواست.
34 ৩৪ ফৰৌণ নখোৱে যোচিয়াৰ আন এজন পুত্ৰ ইলিয়াকীমক তেওঁৰ পিতৃ যোচিয়াৰ পদত ৰজা পাতিলে আৰু তেওঁৰ নাম সলাই যিহোয়াকীম ৰাখিলে। কিন্তু তেওঁ যিহোৱাহজক মিচৰলৈ লৈ গ’ল আৰু তাতে যিহোৱাহজৰ মৃত্যু হ’ল।
پادشاه مصر سپس اِلیاقیم یکی دیگر از پسران یوشیا را انتخاب کرد تا در اورشلیم سلطنت کند و اسم او را به یهویاقیم تبدیل کرد. پادشاه مصر، یهوآحاز را به مصر برد و او در همان جا مرد.
35 ৩৫ যিহোয়াকীমে ফৰৌণ নখোৰ দাবী অনুসাৰে তেওঁক সেই ৰূপ আৰু সোণ দিলে; ফৰৌণৰ নির্দেশত তেওঁ ধন দিয়াৰ কাৰণে মাটিৰ কৰ নিৰূপণ কৰিলে; ফৰৌণ নখোক দিবলৈ দেশৰ লোকসকলৰ মাজত প্রতিজনকে সোণ আৰু ৰূপ দিবৰ কাৰণে তেওঁ বাধ্য কৰিলে।
یهویاقیم از قوم خود مالیات سنگینی گرفت تا باجی را که نکو، پادشاه مصر خواسته بود به او بدهد.
36 ৩৬ যিহোয়াকীমে পঁচিশ বছৰ বয়সত ৰজা হৈছিল। তেওঁ যিৰূচালেমত এঘাৰ বছৰ ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল জবীদা। তেওঁ ৰূমা-নিবাসী পদায়াৰ জীয়েক আছিল।
یهویاقیم بیست و پنج ساله بود که پادشاه یهودا شد و یازده سال در اورشلیم سلطنت کرد. (مادرش زبیده، دختر فدایه و اهل رومه بود.)
37 ৩৭ যিহোৱাকীমে তেওঁৰ পূর্বপুৰুষসকলৰ দৰেই যিহোৱাৰ দৃষ্টিত যি বেয়া তাকেই কৰিছিল।
یهویاقیم مانند اجدادش نسبت به خداوند گناه ورزید.

< ২ রাজাবলি 23 >