< ২ রাজাবলি 22 >
1 ১ আঠ বছৰ বয়সত যোচিয়া ৰজা হৈছিল আৰু যিৰূচালেমত একত্ৰিশ বছৰ ৰাজত্ব কৰিছিল; তেওঁৰ মাকৰ নাম আছিল যিদীদা; তেওঁ বস্কতৰ অদায়াৰ জীয়েক আছিল।
V osmi letech byl Joziáš, když počal kralovati, a kraloval jedno a třidceti let v Jeruzalémě. Jméno matky jeho bylo Jedida, dcera Adaiášova z Baskat.
2 ২ যিহোৱাৰ দৃষ্টিত যি ভাল, যোচিয়াই তাকে কৰিছিল আৰু তেওঁৰ পূর্বপুৰুষ দায়ুদৰ সকলো পথত চলিছিল। সেই পথৰ পৰা সোঁ কি বাওঁ কোনোফালে ঘূৰা নাছিল।
Ten činil to, což pravého jest před očima Hospodinovýma, chodě po vší cestě Davida otce svého, a neuchyluje se na pravo ani na levo.
3 ৩ যোচিয়াৰ ৰাজত্বৰ ওঠৰ বছৰত, তেওঁ মচুল্লমৰ নাতি অচলিয়াৰ পুত্ৰ ৰজাৰ লেখক চাফনক এই কথা কৈ যিহোৱাৰ গৃহলৈ পঠাই দিলে,
Stalo se pak osmnáctého léta krále Joziáše, že poslal král Safana syna Azaliášova, syna Mesullamova, písaře, do domu Hospodinova, řka:
4 ৪ “আপুনি প্রধান পুৰোহিত হিল্কিয়াৰ ওচৰলৈ যাওঁক আৰু তেওঁক কওঁক যে লোকসকলৰ পৰা পোৱা যিহোৱাৰ গৃহলৈ অনা যি ধন মন্দিৰ-ৰক্ষকসকলে জমা কৰে, তাৰ যেন হিচাপ কৰে।
Jdi k Helkiášovi knězi nejvyššímu, ať sečtou peníze, kteréž jsou vneseny do domu Hospodinova, kteréž sebrali strážní prahu od lidu.
5 ৫ সেই ধন যিহোৱাৰ গৃহত নিযুক্ত তত্বাৱধায়কসকলৰ হাতত দিয়া হওঁক আৰু তেওঁলোকে মন্দিৰৰ ভগ্ন স্থান মেৰামতি কৰিবলৈ সেই ধনেৰে যিহোৱাৰ গৃহত কাম কৰা বনুৱাসকলৰ মজুৰি দিয়ক।
A ať je dadí v ruce řemeslníků představených nad dílem domu Hospodinova, aby je obraceli na dělníky, kteříž dělají dílo v domě Hospodinově, k opravení zbořenin domu,
6 ৬ কাঠমিস্ত্রী, ঘৰ নির্মাতা আৰু ৰাজমিস্ত্ৰীসকলক মজুৰি দিয়ক; তাৰ উপৰি মন্দিৰ মেৰামতিৰ কাৰণে যেন কাঠ আৰু কটা শিল আদি কিনে।”
Totiž na tesaře a stavitele a zedníky, též aby jednali dříví a tesané kamení k opravování domu.
7 ৭ কিন্তু তেওঁলোকৰ হাতত যি ধন দিয়া হ’ল, তাৰ হিচাপ তেওঁলোকে দিয়াৰ প্রয়োজন নাই। কিয়নো তেওঁলোকে বিশ্বাসীৰূপে কাৰ্য কৰিছিল।
A však ať počtu nečiní z peněz, kteréž se dávají v ruce jejich; nebo věrně dělati budou.
8 ৮ প্রধান পুৰোহিত হিল্কিয়াই লেখক চাফন লিখকক ক’লে, “মই যিহোৱাৰ গৃহত ব্যৱস্থা পুস্তকখন পালোঁ।” হিল্কিয়াই পুস্তকখন চাফনক দিয়াৰ পাছত তেওঁ তাক পঢ়িলে।
I řekl Helkiáš kněz nejvyšší Safanovi písaři: Knihu zákona nalezl jsem v domě Hospodinově. I dal Helkiáš knihu tu Safanovi, kterýž četl v ní.
9 ৯ তাৰ পাছত চাফনে পুস্তকখন লৈ ৰজাৰ ওচৰলৈ গ’ল আৰু এই সংবাদ দিলে, “আপোনাৰ দাসবোৰে মন্দিৰত পোৱা ধন বাহিৰ কৰি যিহোৱাৰ গৃহৰ তদাৰক কৰা তত্বাৱধায়কসকলৰ হাতত দিলে।”
Přišel pak Safan písař k králi, a oznamuje králi tu věc, řekl: Sebrali služebníci tvoji peníze, kteréž se nalezly v domě Páně, a dali je v ruce řemeslníků představených nad dílem domu Hospodinova.
10 ১০ লেখক চাফনে ৰজাক এই কথাও জনালে, “প্রধান পুৰোহিত হিল্কিয়াই মোক এখন পুস্তক দিছে।” এইবুলি কৈ চাফনে ৰজাৰ আগত তাক পাঠ কৰিবলৈ ধৰিলে।
Oznámil také Safan písař králi, řka: Knihu mi dal Helkiáš kněz. I četl ji Safan před králem.
11 ১১ ব্যৱস্থা পুস্তকত যি লিখা আছিল, তাক শুনি ৰজাই নিজৰ কাপোৰ ফালিলে।
A když slyšel král slova knihy zákona, roztrhl roucho své.
12 ১২ ৰজাই পুৰোহিত হিল্কিয়াক, চাফনৰ পুত্ৰ অহীকামক, মীখায়াৰ পুত্ৰ অকবোৰক, লেখক চাফনক আৰু ৰজাৰ নিজ দাস অচায়াক আজ্ঞা দি ক’লে,
A rozkázal král Helkiášovi knězi, a Achikamovi synu Safanovu, a Achborovi synu Michaia, a Safanovi písaři, a Asaiášovi služebníku královskému, řka:
13 ১৩ “আপোনালোক যাওঁক আৰু এই যি পুস্তকখন পোৱা গৈছে, তাত যিবোৰ কথা লিখা আছে সেই সকলোবোৰৰ সম্বন্ধে আপোনালোকে গৈ মোৰ কাৰণে, লোকসকলৰ কাৰণে আৰু সমগ্র যিহূদা দেশৰ কাৰণে যিহোৱাৰ ওচৰত সোধক; কিয়নো আমাৰ বিৰুদ্ধে যিহোৱা ক্ৰোধত প্ৰজ্বলিত হৈছে; কাৰণ আমাৰ পূর্বপুৰুষসকলে এই পুস্তকৰ কথাবোৰ নুশুনিলে আৰু আমাৰ সম্বন্ধে পালন কৰিবৰ কাৰণে যি সকলো কথা লিখা আছে, সেই অনুসাৰে তেওঁলোকে কার্য নকৰিলে।”
Jděte, poraďte se s Hospodinem o mne i o lid, a o všeho Judu z strany slov knihy této, kteráž jest nalezena; nebo veliký jest hněv Hospodinův, kterýž rozpálen jest proti nám, proto že otcové naši neposlouchali slov knihy této, aby činili všecko tak, jakž jest nám zapsáno.
14 ১৪ এই কথা শুনি পুৰোহিত হিল্কিয়া, অহীকামক, অকবোৰ, চাফন আৰু অচায়াই ভাৱবাদিনী হুল্দাৰ ওচৰলৈ গ’ল। হুল্দা আছিল বস্ত্র ৰখীয়া চল্লুমৰ ভার্যা আৰু চল্লুম আছিল হৰ্হচৰ নাতি তিকবাৰ পুত্ৰ। হুল্দাই যিৰূচালেমৰ দ্বিতীয় অংশত বাস কৰিছিল। তেওঁলোকে ভাৱবাদিনী হুল্দাৰ লগত কথোপকথন কৰিলে।
Tedy šli Helkiáš kněz a Achikam, a Achbor, a Safan a Asaia k Chuldě prorokyni, manželce Salluma, syna Tekue, syna Charchas, strážného nad rouchem; nebo bydlila v Jeruzalémě na druhé straně. A mluvili s ní.
15 ১৫ তেওঁ তেওঁলোকক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: ‘মোৰ ওচৰলৈ তোমালোকক পঠোৱা জনক কোৱাগৈ যে,
Kteráž řekla jim: Toto praví Hospodin Bůh Izraelský: Povězte muži, kterýž vás poslal ke mně:
16 ১৬ “যিহোৱাই এই কথা কৈছে, ‘চোৱা, যিহূদাৰ ৰজাই পুস্তকখনত লিখা যি সকলো কথা পঢ়িলে, মই সেই অনুসাৰেই এই ঠাই আৰু ইয়াৰ লোকসকলৰ ওপৰত অমঙ্গল আনিম।
Takto praví Hospodin: Aj, já uvedu zlé věci na místo toto a na obyvatele jeho, všecka slova knihy té, kterouž četl král Judský,
17 ১৭ কাৰণ তেওঁলোকে মোক ত্যাগ কৰি আন দেৱ-দেৱীৰ উদ্দেশ্যে ধূপ জ্বলালে আৰু তেওঁলোকৰ সকলো কৰ্মৰ দ্বাৰাই মোক ক্রোধিত কৰিলে। সেয়ে এই ঠাইৰ বিৰুদ্ধে মোৰ ক্ৰোধ প্ৰজ্বলিত হ’ব আৰু তাক নুমুৱা নহ’ব’।”
Proto že mne opustili a kadili bohům cizím, aby mne popouzeli všelikým dílem rukou svých. Z té příčiny rozpálila se prchlivost má na místo toto, aniž bude uhašena.
18 ১৮ কিন্তু যিজনে যিহোৱাৰ ইচ্ছা সুধিবৰ কাৰণে আপোনালোকক পঠাইছে, সেই যিহূদাৰ ৰজাক আপোনালোকে ক’ব যে, ‘ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে: ‘তুমি সেই সকলো কথা শুনিলা।’
Králi pak Judskému, kterýž vás poslal, abyste se tázali Hospodina, takto povíte: Toto praví Hospodin Bůh Izraelský o slovích těch, kteráž jsi slyšel:
19 ১৯ তোমাৰ অন্তৰ কোমল আছিল কাৰণে যেতিয়া তুমি মই এই ঠাই আৰু ইয়াৰ লোকসকলৰ বিৰুদ্ধে কোৱা ধ্বংস আৰু শাওৰ কথা শুনিলা, তেতিয়া তুমি যিহোৱাৰ সন্মুখত নম্র থ’লো; নিজৰ কাপোৰ ফালি মোৰ সন্মুখত কান্দি শোক কৰিলা; সেয়ে ময়ো তোমাৰ প্রার্থনা শুনিলো’ - যিহোৱাই এই কথা প্রকাশ কৰিলে।
Poněvadž obměkčeno jest srdce tvé, a ponížils se před tváří Hospodinovou, když jsi slyšel, které věci jsem mluvil proti místu tomuto, a proti obyvatelům jeho, že má přijíti v zpuštění a v zlořečení, a roztrhl jsi roucho své, a plakals přede mnou, i já také uslyšel jsem tě, praví Hospodin.
20 ২০ ‘এই কাৰণতে শুনা, মই তোমাক তোমাৰ পূর্বপুৰুষসকলৰ ওচৰলৈ লৈ যাম; তোমাক শান্তিৰে মৈদাম দিয়া হ’ব। এই ঠাই আৰু ইয়াৰ লোকসকলৰ ওপৰত মই যি অমঙ্গল আনিম, তোমাৰ চকুৱে তাক নেদেখিব’।” তেতিয়া লোককেইজনে হুল্দাৰ এই বার্তা লৈ ৰজাৰ ওচৰলৈ উলটি গ’ল।
Protož, aj, já připojím tě k otcům tvým, a pochován budeš v hrobích svých v pokoji, aby neviděly oči tvé ničeho z toho zlého, kteréž přivedu na místo toto. I oznámili králi tu řeč.