< ২ রাজাবলি 21 >

1 মনচি বাৰ বছৰ বয়সত ৰজা হৈছিল আৰু তেওঁ যিৰূচালেমত পঁচপন্ন বছৰ ৰাজত্ব কৰিছিল; তেওঁৰ মাকৰ নাম আছিল হেফচীবা।
Manase jẹ́ ẹni ọdún méjìlá nígbà tí ó bẹ̀rẹ̀ sí ìjọba, ó sì jẹ ọba ní Jerusalẹmu fún ọdún márùndínlọ́gọ́ta. Orúkọ ìyá rẹ̀ sì ni Hẹfisiba.
2 যিহোৱাই ইস্ৰায়েলীয়াসকলৰ সন্মুখৰ পৰা যি সকলো জাতিক দূৰ কৰিছিল, তেওঁলোকৰ দৰেই ঘিণলগীয়া কাৰ্য কৰি মনচিয়ে যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিছিল।
Ó sì ṣe búburú ní ojú Olúwa, ó sì tẹ̀lé iṣẹ́ ìríra tí àwọn orílẹ̀-èdè tí Olúwa lé jáde níwájú àwọn ọmọ Israẹli.
3 তেওঁৰ পিতৃ হিষ্কিয়াই ওখ ঠাইৰ যি মঠবোৰ বিনষ্ট কৰিছিল, সেইবোৰ তেওঁ পুনৰ সাজিছিল; ইস্ৰায়েলৰ ৰজা আহাবে যেনেকৈ কৰিছিল, তেনেকৈ তেৱোঁ বাল দেৱতাৰ উদ্দেশ্যে বেদীবোৰ নির্মাণ কৰিছিল আৰু এটা আচেৰা মুর্তিও সাজিছিল; তেওঁ আকাশৰ তৰাবোৰক প্রণাম জনাইছিল আৰু সেইবোৰৰ সেৱাপূজা কৰিছিল।
Ó sì tún ibi gíga tí baba rẹ̀ Hesekiah tí ó parun kọ́. Ó sì tún gbé pẹpẹ Baali dìde, ó sì ṣe ère òrìṣà Aṣerah, gẹ́gẹ́ bí Ahabu ọba Israẹli ti ṣe. Ó sì tẹríba sí gbogbo ogun ọ̀run, ó sì ń sìn wọ́n.
4 যদিও যিহোৱাই এই আজ্ঞা দিছিল যে, “মই যিৰূচালেমত চিৰকাললৈকে মোৰ নাম স্থাপন কৰিম”, তথাপিও মনচিয়ে যিহোৱাৰ গৃহত কিছুমান বেদী নির্মাণ কৰিছিল।
Ó sì kọ́ pẹpẹ nínú ilé tí a kọ́ fún Olúwa, èyí tí Olúwa ti sọ pé, “Ní Jerusalẹmu ni èmi yóò kọ orúkọ mi sí.”
5 যিহোৱাৰ গৃহৰ দুয়োখন চোতালতে তেওঁ আকাশৰ সকলো তৰাবোৰৰ উদ্দেশ্যে কিছুমান বেদী নিৰ্ম্মাণ কৰিছিল।
Ní àgbàlá méjèèjì ilé Olúwa, ó sì kọ́ pẹpẹ fún gbogbo àwọn ìrúbọ nínú ilé, ṣe iṣẹ́ àkíyèsí àfọ̀ṣẹ, ó sì béèrè lọ́wọ́ àwọn òkú àti àwọn oṣó. Ó sì ṣe ọ̀pọ̀ búburú ní ojú Olúwa, ó sì mú un bínú.
6 তেওঁ নিজৰ পুত্রক হোমবলি দি অগ্নিত আহুতি দিছিল; তেওঁ মঙ্গল চোৱা কার্য আৰু মায়াকর্মৰ অভ্যাস কৰিছিল। তেওঁ ভূত পোহা আৰু মৃত আত্মাবোৰৰ সৈতে কথোপকথন কৰাসকলৰ পৰা পৰামর্শ লৈছিল। যিহোৱাৰ দৃষ্টিত এইদৰে অনেক বেয়া কার্য কৰি তেওঁ ঈশ্বৰক ক্রোধাম্বিত কৰিছিল।
Ó fi àwọn ọmọ ara rẹ̀ rú ẹbọ nínú iná, ó ń ṣe àkíyèsí àfọ̀ṣẹ, ó sì ń lo àlúpàyídà, ó sì ń bá àwọn òku àti oṣó lò. Ó ṣe ọ̀pọ̀ ohun búburú ní ojú Olúwa láti mú un bínú.
7 তেওঁ যি আচেৰা মূর্তি খোদাই কৰি নির্মাণ কৰিছিল, সেইটো নি যিহোৱাৰ গৃহত স্থাপন কৰিছিল। যিহোৱাই তেওঁৰ গৃহৰ সম্বন্ধে দায়ুদ আৰু দায়ুদৰ পুত্ৰ চলোমনক কৈছিল, “এই গৃহত আৰু ইস্ৰায়েলৰ সকলো ফৈদৰ মাজৰ পৰা মই মনোনীত কৰা এই যিৰূচালেমত মই মোৰ নাম চিৰকাললৈকে স্থাপন কৰিম।
Ó sì gbé ère fínfín òrìṣà Aṣerah tí ó ti ṣe, ó sì gbé e sínú ilé Olúwa, èyí tí Olúwa ti sọ fún Dafidi àti sí ọmọ rẹ̀ Solomoni, “Nínú ilé Olúwa yìí àti ní Jerusalẹmu, tí èmi ti yàn jáde lára gbogbo ẹ̀yà Israẹli, èmi yóò kọ orúkọ mi títí láéláé.
8 ইস্রায়েলীয়াসকলে যদি কেৱল মোৰ সকলো আজ্ঞা যত্নেৰে পালন কৰে আৰু মোৰ দাস মোচিয়ে তেওঁলোকক দিয়া সকলো বিধান অনুসাৰে চলে, তেন্তে তেওঁলোকৰ পূর্বপুৰুষসকলক মই যি দেশ দিলোঁ, সেই দেশৰ পৰা তেওঁলোকৰ ভৰি লৰচৰ নকৰিম।”
Èmi kò ní jẹ́ kí ẹsẹ̀ àwọn ọmọ Israẹli yẹ̀ kúrò láti ilẹ̀ tí èmi fi fún àwọn baba ńlá wọn tí ó bá jẹ́ wí pé wọn yóò ṣe àkíyèsí láti ṣe gbogbo ohun tí èmi ti paláṣẹ fún wọn kí wọn sì pa gbogbo òfin tí ìránṣẹ́ mi Mose fi fún wọn mọ́.”
9 কিন্তু লোকসকলে সেই কথা নুশুনিলে; মনচিয়ে তেওঁলোকক বিপথে পৰিচালিত কৰিলে; এনেকি যি জাতিবোৰক যিহোৱাই ইস্ৰায়েলৰ লোকসকলৰ সন্মুখৰ পৰা উচ্ছন্ন কৰিছিল, তেওঁলোকতকৈয়ো অধিক কু-আচৰণ কৰিবলৈ ধৰিলে।
Ṣùgbọ́n àwọn ènìyàn náà kò tẹ́tí. Manase tàn wọ́n síwájú, bẹ́ẹ̀ ni kí wọ́n lè ṣe búburú ju gbogbo orílẹ̀-èdè tí Olúwa tí parun níwájú àwọn ọmọ Israẹli lọ.
10 ১০ তেতিয়া যিহোৱাই তেওঁৰ দাস ভাববাদীসকলৰ দ্বাৰাই এই কথা ক’লে,
Olúwa sì wí nípasẹ̀ ìránṣẹ́ rẹ̀ wòlíì pé,
11 ১১ “যিহূদাৰ ৰজা মনচিয়ে এনেবোৰ ঘিণলগীয়া কৰ্ম কৰিছে। তেওঁৰ পূৰ্বতে যি ইমোৰীয়া লোকসকল আছিল, তেওঁলোকতকৈও তেওঁ অধিক কুকৰ্ম কৰিছে আৰু নিজৰ মূর্তি বোৰৰ দ্বাৰাই যিহূদাক পাপৰ পথত পৰিচালিত কৰাইছে।”
“Manase ọba Juda ti ṣe ẹ̀ṣẹ̀ ohun ìríra. Ó ti ṣe ohun búburú jùlọ ju àwọn ará Amori lọ ẹni tí ó ti wà ṣáájú rẹ̀ tí ó sì ti ṣáájú Juda sínú ẹ̀ṣẹ̀ pẹ̀lú àwọn ère rẹ̀.
12 ১২ সেয়ে, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই কৈছে, “মই শীঘ্রেই যিৰূচালেম আৰু যিহূদালৈ এনে অমঙ্গল আনিম যে, যেয়ে তাক শুনিব, তেওঁলোক সকলো শিয়ৰি উঠিব।
Nítorí náà èyí ni ohun tí Olúwa Ọlọ́run Israẹli, wí, Èmi le è lọ mú irú ibi báyìí wá sórí Jerusalẹmu àti Juda kí gbogbo etí olúkúlùkù tí ó gbọ́ nípa rẹ̀ le è hó.
13 ১৩ মই যিৰূচালেমৰ ওপৰত চমৰিয়াৰ বিৰুদ্ধে যি মাপ-জৰী আৰু আহাবৰ বংশৰ বিৰুদ্ধে যি উলম্ব-জৰী ব্যৱহাৰ কৰিছিলোঁ, তাক বিস্তৃত কৰিম। মানুহে যেনেকৈ এখন বাচন মচে আৰু মচা হ’লে, তাক তলমুৱাকৈ উবুৰিয়াই থয়, তেনেকৈয়ে মই যিৰূচালেমক মচি চাফা কৰিম।
Èmi yóò sì nà okùn ìwọ̀n kan tí a lò lórí Jerusalẹmu àti lórí Samaria àti òjé ìdiwọ̀n ti a lò lórí ilé Ahabu. Èmi yóò sì nu Jerusalẹmu gẹ́gẹ́ bí ọkàn tí ń nu àwokòtò nù tí o ń nù un tí o sì ń dorí rẹ̀ kodò.
14 ১৪ মোৰ লোকসকলৰ বাকী অংশক মই ত্যাগ কৰিম আৰু শত্ৰুবোৰৰ হাতত তেওঁলোকক শোধাই দিম; তাতে তেওঁলোক শত্রুবোৰৰ চিকাৰ হ’ব আৰু তেওঁলোকৰ সকলো বস্তু শত্রুবোৰে লুট কৰি নিব।
Èmi yóò sì kọ ìyókù àwọn ìní mi sílẹ̀ èmi yóò sì kó wọn lé àwọn ọ̀tá wọn lọ́wọ́. Wọn yóò sì di ìkógun àti ìjẹ fún gbogbo àwọn ọ̀tá wọn,
15 ১৫ কিয়নো মোৰ দৃষ্টিত যি বেয়া তেওঁলোকে তাকেই কৰিলে; যিদিনা তেওঁলোকৰ পূর্বপুৰুষসকল মিচৰ দেশৰ পৰা ওলাই আহিছিল, সেইদিনাৰ পৰা আজিলৈকে তেওঁলোকে মোক খং উঠাই আহিছে।”
nítorí pé wọ́n ti ṣe búburú ní ojú mi, wọ́n sì ti mú mi bínú láti ọjọ́ tí baba ńlá wọn ti jáde wá láti Ejibiti títí di òní yìí.”
16 ১৬ তাৰ বাহিৰেও ইমূৰৰ পৰা সিমূৰলৈকে যিৰূচালেম মৃতকৰ তেজেৰে পূর্ণ নকৰামানলৈকে মনচিয়ে নিৰ্দ্দোষী লোকসকলৰ ৰক্তপাত কৰিলে। যিহূদাৰ লোকসকলৰ দ্বাৰাই তেওঁ কৰোঁৱা পাপ কার্যৰ উপৰি তেওঁ এনে পাপ কৰি যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিছিল।
Pẹ̀lúpẹ̀lú, Manase pẹ̀lú ta ẹ̀jẹ̀ aláìṣẹ̀ sílẹ̀ púpọ̀ tí ó kún Jerusalẹmu láti ìkangun dé ìkangun ní ẹ̀gbẹ́ ẹ̀ṣẹ̀ tí ó ti mú Juda ṣẹ̀, bẹ́ẹ̀ ni, kí wọ́n lè ṣe ohun búburú ní ojú Olúwa.
17 ১৭ মনচিৰ অন্যান্য সকলো বৃত্তান্ত, তেওঁ কৰা সকলো কাৰ্য আৰু পাপ কৰ্মৰ কথা জানো “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত লিখা নাই?
Ní ti iṣẹ́ ìyókù ti ìjọba Manase, àti gbogbo ohun tí ó ṣe, àti fún ẹ̀ṣẹ̀ tí ó ṣẹ̀, ṣé wọ́n kò kọ wọ́n sínú ìwé ìtàn àwọn ọba Juda?
18 ১৮ পাছত মনচি তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁক নিজৰ ঘৰৰ বাৰীত অৰ্থাৎ উজ্জাৰ বাৰীত মৈদাম দিলে। তেওঁৰ পুত্ৰ আমোন তেওঁৰ পদত ৰজা হ’ল।
Manase sì sùn pẹ̀lú àwọn baba rẹ̀ wọ́n sì sin ín nínú ọgbà ààfin rẹ̀, ọgbà Ussa. Amoni ọmọ rẹ̀ sì jẹ ọba ní ipò rẹ̀.
19 ১৯ বাইশ বছৰ বয়সত আমোন ৰজা হৈছিল আৰু যিৰূচালেমত তেওঁ দুই বছৰ ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল মচুল্লেমৎ; তেওঁ যটবা নিবাসী হাৰূচৰ জীয়েক আছিল।
Amoni jẹ́ ẹni ọdún méjìlélógún nígbà tí ó jẹ ọba. Orúkọ màmá rẹ̀ a sì máa jẹ́ Meṣulemeti ọmọbìnrin Harusi: ó wá láti Jotba, ó sì jẹ ọba ní Jerusalẹmu fún ọdún méjì.
20 ২০ আমোনে তেওঁৰ পিতৃয়ে কৰাৰ দৰেই যিহোৱাৰ দৃষ্টিত যি বেয়া তাকেই কৰিছিল।
Ó sì ṣe búburú ní ojú Olúwa àti gẹ́gẹ́ bí baba rẹ̀ Manase ti ṣe.
21 ২১ তেওঁৰ পিতৃয়ে যি পথত চলিছিল, তেৱোঁ সেই সকলো পথত চলিছিল। তেওঁৰ পিতৃয়ে যি সকলো মূর্তিৰ সেৱা-পূজা কৰিছিল, তেৱোঁ সেইবোৰৰ সেৱা-পূজা কৰিছিল। সেইবোৰৰ ওচৰত শিৰ নত কৰিছিল।
Ó rìn ní gbogbo ọ̀nà baba rẹ̀: Ó sì ń sin àwọn ère tí baba rẹ̀ ń sìn, ó sì ń tẹrí rẹ̀ ba fún wọn.
22 ২২ তেওঁৰ পূর্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাক তেওঁ ত্যাগ কৰিলে আৰু যিহোৱাৰ পথত নচলিলে।
Ó sì kọ Olúwa Ọlọ́run baba rẹ̀ sílẹ̀ kò sì rìn ní ọ̀nà ti Olúwa.
23 ২৩ পাছত আমোনৰ দাসবোৰে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্র কৰি ৰাজগৃহতে তেওঁক বধ কৰিলে।
Àwọn ìránṣẹ́ Amoni dìtẹ̀ lórí rẹ̀ wọ́n sì lu ọba pa ní àárín ilé rẹ̀.
24 ২৪ কিন্তু যিসকলে ৰজা আমোনৰ বিৰুদ্ধে ষড়যন্ত্র কৰিছিল, দেশৰ লোকসকলে তেওঁলোক সকলোকে বধ কৰিলে আৰু আমোনৰ পুত্ৰ যোচিয়াক তেওঁলোকে ৰজা পাতিলে।
Nígbà náà àwọn ènìyàn ilẹ̀ náà pa gbogbo àwọn tí ó dìtẹ̀ sí ọba Amoni, wọ́n sì fi Josiah ọmọ rẹ̀ jẹ ọba ní ààyè rẹ̀.
25 ২৫ আমোনৰ অন্যান্য সকলো কাৰ্যৰ বৃত্তান্ত “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত জানো লিখা নাই?
Àti gẹ́gẹ́ bí ìyókù iṣẹ́ ti ìjọba Amoni àti ohun tí ó ṣe, ṣé wọn kò kọ wọ́n sínú ìwé ìtàn àwọn ọba Juda?
26 ২৬ পাছত উজ্জাৰ বাৰীত থকা নিজৰ মৈদামনিত তেওঁক মৈদাম দিলে। তেওঁৰ পুত্ৰ যোচিয়া তেওঁৰ পদত ৰজা হ’ল।
Wọ́n sì sin ín sínú isà òkú nínú ọgbà Ussa. Josiah ọmọ rẹ̀ sì jẹ ọba ní ipò rẹ̀.

< ২ রাজাবলি 21 >