< ২ রাজাবলি 21 >

1 মনচি বাৰ বছৰ বয়সত ৰজা হৈছিল আৰু তেওঁ যিৰূচালেমত পঁচপন্ন বছৰ ৰাজত্ব কৰিছিল; তেওঁৰ মাকৰ নাম আছিল হেফচীবা।
Manašeu je bilo dvanaest godina kad se zakraljio. Pedeset i pet godina kraljevao je u Jeruzalemu. Njegova se majka zvala Hefsi-Bah.
2 যিহোৱাই ইস্ৰায়েলীয়াসকলৰ সন্মুখৰ পৰা যি সকলো জাতিক দূৰ কৰিছিল, তেওঁলোকৰ দৰেই ঘিণলগীয়া কাৰ্য কৰি মনচিয়ে যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিছিল।
Činio je što je zlo u Jahvinim očima, povodeći se za gnusobama naroda što ih je Jahve protjerao pred Izraelovim sinovima.
3 তেওঁৰ পিতৃ হিষ্কিয়াই ওখ ঠাইৰ যি মঠবোৰ বিনষ্ট কৰিছিল, সেইবোৰ তেওঁ পুনৰ সাজিছিল; ইস্ৰায়েলৰ ৰজা আহাবে যেনেকৈ কৰিছিল, তেনেকৈ তেৱোঁ বাল দেৱতাৰ উদ্দেশ্যে বেদীবোৰ নির্মাণ কৰিছিল আৰু এটা আচেৰা মুর্তিও সাজিছিল; তেওঁ আকাশৰ তৰাবোৰক প্রণাম জনাইছিল আৰু সেইবোৰৰ সেৱাপূজা কৰিছিল।
Obnovio je uzvišice što ih bijaše oborio otac mu Ezekija, podigao je žrtvenik Baalu, načinio ašere kako bijaše učinio izraelski kralj Ahab; i stao se klanjati svoj vojsci nebeskoj i služiti joj.
4 যদিও যিহোৱাই এই আজ্ঞা দিছিল যে, “মই যিৰূচালেমত চিৰকাললৈকে মোৰ নাম স্থাপন কৰিম”, তথাপিও মনচিয়ে যিহোৱাৰ গৃহত কিছুমান বেদী নির্মাণ কৰিছিল।
Podigao je žrtvenike i u Domu Jahvinu, za koji bijaše rekao Jahve: “U Jeruzalemu će prebivati moje Ime zauvijek.”
5 যিহোৱাৰ গৃহৰ দুয়োখন চোতালতে তেওঁ আকাশৰ সকলো তৰাবোৰৰ উদ্দেশ্যে কিছুমান বেদী নিৰ্ম্মাণ কৰিছিল।
Sagradio je žrtvenike svoj nebeskoj vojsci u oba predvorja Doma Jahvina.
6 তেওঁ নিজৰ পুত্রক হোমবলি দি অগ্নিত আহুতি দিছিল; তেওঁ মঙ্গল চোৱা কার্য আৰু মায়াকর্মৰ অভ্যাস কৰিছিল। তেওঁ ভূত পোহা আৰু মৃত আত্মাবোৰৰ সৈতে কথোপকথন কৰাসকলৰ পৰা পৰামর্শ লৈছিল। যিহোৱাৰ দৃষ্টিত এইদৰে অনেক বেয়া কার্য কৰি তেওঁ ঈশ্বৰক ক্রোধাম্বিত কৰিছিল।
I sinove je svoje proveo kroz oganj. Vračao je, gatao, stvorio bajače i opsjenare, učinio je premnogo zla u očima Jahve i razjarivao ga.
7 তেওঁ যি আচেৰা মূর্তি খোদাই কৰি নির্মাণ কৰিছিল, সেইটো নি যিহোৱাৰ গৃহত স্থাপন কৰিছিল। যিহোৱাই তেওঁৰ গৃহৰ সম্বন্ধে দায়ুদ আৰু দায়ুদৰ পুত্ৰ চলোমনক কৈছিল, “এই গৃহত আৰু ইস্ৰায়েলৰ সকলো ফৈদৰ মাজৰ পৰা মই মনোনীত কৰা এই যিৰূচালেমত মই মোৰ নাম চিৰকাললৈকে স্থাপন কৰিম।
Dao je načiniti lik Ašere i posadio ga u Domu, za koji Jahve bijaše rekao Davidu i njegovu sinu Salomonu: “U ovom Domu i u Jeruzalemu, koji sam izabrao među svim izraelskim plemenima, postavit ću svoje Ime zauvijek.
8 ইস্রায়েলীয়াসকলে যদি কেৱল মোৰ সকলো আজ্ঞা যত্নেৰে পালন কৰে আৰু মোৰ দাস মোচিয়ে তেওঁলোকক দিয়া সকলো বিধান অনুসাৰে চলে, তেন্তে তেওঁলোকৰ পূর্বপুৰুষসকলক মই যি দেশ দিলোঁ, সেই দেশৰ পৰা তেওঁলোকৰ ভৰি লৰচৰ নকৰিম।”
Neću više dati da noga Izraelaca uzmakne iz zemlje koju sam dao u baštinu njihovim očevima, samo ako budu držali i provodili u djelo sve što sam im zapovjedio: Zakon što im ga je objavio moj sluga Mojsije.”
9 কিন্তু লোকসকলে সেই কথা নুশুনিলে; মনচিয়ে তেওঁলোকক বিপথে পৰিচালিত কৰিলে; এনেকি যি জাতিবোৰক যিহোৱাই ইস্ৰায়েলৰ লোকসকলৰ সন্মুখৰ পৰা উচ্ছন্ন কৰিছিল, তেওঁলোকতকৈয়ো অধিক কু-আচৰণ কৰিবলৈ ধৰিলে।
Ali oni nisu poslušali, Manaše ih je zaveo te su radili još gore nego narodi što ih je Jahve iskorijenio pred Izraelovim sinovima.
10 ১০ তেতিয়া যিহোৱাই তেওঁৰ দাস ভাববাদীসকলৰ দ্বাৰাই এই কথা ক’লে,
Tada je Jahve ovako govorio preko slugu svojih proroka:
11 ১১ “যিহূদাৰ ৰজা মনচিয়ে এনেবোৰ ঘিণলগীয়া কৰ্ম কৰিছে। তেওঁৰ পূৰ্বতে যি ইমোৰীয়া লোকসকল আছিল, তেওঁলোকতকৈও তেওঁ অধিক কুকৰ্ম কৰিছে আৰু নিজৰ মূর্তি বোৰৰ দ্বাৰাই যিহূদাক পাপৰ পথত পৰিচালিত কৰাইছে।”
“Zato što je judejski kralj Manaše činio te gnusobe, zato što je učinio više zla nego što su prije njega radili Amorejci i što je zaveo Judejce svojim idolima,
12 ১২ সেয়ে, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই কৈছে, “মই শীঘ্রেই যিৰূচালেম আৰু যিহূদালৈ এনে অমঙ্গল আনিম যে, যেয়ে তাক শুনিব, তেওঁলোক সকলো শিয়ৰি উঠিব।
ovako veli Jahve, Bog Izraelov: 'Evo, učinit ću da dođe nevolja na Jeruzalem i Judeju, takva da će zazujati oba uha onima koji o njoj čuju.
13 ১৩ মই যিৰূচালেমৰ ওপৰত চমৰিয়াৰ বিৰুদ্ধে যি মাপ-জৰী আৰু আহাবৰ বংশৰ বিৰুদ্ধে যি উলম্ব-জৰী ব্যৱহাৰ কৰিছিলোঁ, তাক বিস্তৃত কৰিম। মানুহে যেনেকৈ এখন বাচন মচে আৰু মচা হ’লে, তাক তলমুৱাকৈ উবুৰিয়াই থয়, তেনেকৈয়ে মই যিৰূচালেমক মচি চাফা কৰিম।
Nategnut ću nad Jeruzalemom isto uže kao nad Samarijom, isto mjerilo kao nad kućom Ahabovom; zbrisat ću Jeruzalem kao što se briše zdjela pa se tad izvrne.
14 ১৪ মোৰ লোকসকলৰ বাকী অংশক মই ত্যাগ কৰিম আৰু শত্ৰুবোৰৰ হাতত তেওঁলোকক শোধাই দিম; তাতে তেওঁলোক শত্রুবোৰৰ চিকাৰ হ’ব আৰু তেওঁলোকৰ সকলো বস্তু শত্রুবোৰে লুট কৰি নিব।
Odbacit ću ostatke svoje baštine, predat ću ih u ruke njihovih neprijatelja; služit će za plijen i grabež svim svojim neprijateljima
15 ১৫ কিয়নো মোৰ দৃষ্টিত যি বেয়া তেওঁলোকে তাকেই কৰিলে; যিদিনা তেওঁলোকৰ পূর্বপুৰুষসকল মিচৰ দেশৰ পৰা ওলাই আহিছিল, সেইদিনাৰ পৰা আজিলৈকে তেওঁলোকে মোক খং উঠাই আহিছে।”
jer su činili što je zlo u mojim očima jer su izazivali moj gnjev od dana kada su njihovi oci izišli iz Egipta pa sve do danas.'”
16 ১৬ তাৰ বাহিৰেও ইমূৰৰ পৰা সিমূৰলৈকে যিৰূচালেম মৃতকৰ তেজেৰে পূর্ণ নকৰামানলৈকে মনচিয়ে নিৰ্দ্দোষী লোকসকলৰ ৰক্তপাত কৰিলে। যিহূদাৰ লোকসকলৰ দ্বাৰাই তেওঁ কৰোঁৱা পাপ কার্যৰ উপৰি তেওঁ এনে পাপ কৰি যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিছিল।
I mnogo je nedužne krvi prolio Manaše, tako da se njome napunio Jeruzalem od jednoga kraja do drugoga, da se i ne spominje njegov grijeh kojim je zaveo Judu da čini što je zlo u očima Jahvinim.
17 ১৭ মনচিৰ অন্যান্য সকলো বৃত্তান্ত, তেওঁ কৰা সকলো কাৰ্য আৰু পাপ কৰ্মৰ কথা জানো “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত লিখা নাই?
Ostala povijest Manašeova, njegova djela i grijesi koje je počinio, zar sve to nije zapisano u knjizi Ljetopisa judejskih kraljeva?
18 ১৮ পাছত মনচি তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁক নিজৰ ঘৰৰ বাৰীত অৰ্থাৎ উজ্জাৰ বাৰীত মৈদাম দিলে। তেওঁৰ পুত্ৰ আমোন তেওঁৰ পদত ৰজা হ’ল।
Manaše je počinuo kraj svojih otaca i sahranjen je u vrtu svojeg dvora, u vrtu Uzinu. Sin mu Amon zakralji se mjesto njega.
19 ১৯ বাইশ বছৰ বয়সত আমোন ৰজা হৈছিল আৰু যিৰূচালেমত তেওঁ দুই বছৰ ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল মচুল্লেমৎ; তেওঁ যটবা নিবাসী হাৰূচৰ জীয়েক আছিল।
Amonu bijahu dvadeset i dvije godine kad je zavladao, a kraljevao je dvije godine u Jeruzalemu. Njegova se majka zvala Mešulemet, kći Harusova, i bila je iz Jotbe.
20 ২০ আমোনে তেওঁৰ পিতৃয়ে কৰাৰ দৰেই যিহোৱাৰ দৃষ্টিত যি বেয়া তাকেই কৰিছিল।
On je činio što je zlo u očima Jahvinim, kao što je činio njegov otac Manaše.
21 ২১ তেওঁৰ পিতৃয়ে যি পথত চলিছিল, তেৱোঁ সেই সকলো পথত চলিছিল। তেওঁৰ পিতৃয়ে যি সকলো মূর্তিৰ সেৱা-পূজা কৰিছিল, তেৱোঁ সেইবোৰৰ সেৱা-পূজা কৰিছিল। সেইবোৰৰ ওচৰত শিৰ নত কৰিছিল।
U svemu je slijedio put svoga oca, služio je idolima kojima je služio i njegov otac i klanjao im se.
22 ২২ তেওঁৰ পূর্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাক তেওঁ ত্যাগ কৰিলে আৰু যিহোৱাৰ পথত নচলিলে।
On je ostavio Jahvu, Boga svojih praotaca, i nije hodio putem Jahvinim.
23 ২৩ পাছত আমোনৰ দাসবোৰে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্র কৰি ৰাজগৃহতে তেওঁক বধ কৰিলে।
Amonovi se časnici urotiše protiv njega i ubiše kralja u dvoru.
24 ২৪ কিন্তু যিসকলে ৰজা আমোনৰ বিৰুদ্ধে ষড়যন্ত্র কৰিছিল, দেশৰ লোকসকলে তেওঁলোক সকলোকে বধ কৰিলে আৰু আমোনৰ পুত্ৰ যোচিয়াক তেওঁলোকে ৰজা পাতিলে।
Ali je prosti puk pobio sve one koji se bijahu urotili protiv kralja Amona i na njegovo mjesto zakraljio sina mu Jošiju.
25 ২৫ আমোনৰ অন্যান্য সকলো কাৰ্যৰ বৃত্তান্ত “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত জানো লিখা নাই?
Ostala povijest Amonova i sve što je činio, zar sve to nije zapisano u knjizi Ljetopisa judejskih kraljeva?
26 ২৬ পাছত উজ্জাৰ বাৰীত থকা নিজৰ মৈদামনিত তেওঁক মৈদাম দিলে। তেওঁৰ পুত্ৰ যোচিয়া তেওঁৰ পদত ৰজা হ’ল।
Pokopali su ga u grobnicu njegova oca, u vrtu Uzinu, a njegov sin Jošija zakralji se mjesto njega.

< ২ রাজাবলি 21 >