< ২ রাজাবলি 2 >
1 ১ যিহোৱাই যেতিয়া এলিয়াক ঘূর্ণিবতাহৰ দ্বাৰাই স্বৰ্গলৈ তুলি নিব বিচাৰিছিল, তেতিয়া এলিয়া আৰু ইলীচাই গিলগলৰ পৰা ওলাই গৈছিল।
Succedeu pois que, havendo o Senhor de elevar a Elias n'um redemoinho ao céu, Elias partiu com Eliseo de Gilgal.
2 ২ এলিয়াই ইলীচাক ক’লে, “তুমি ইয়াতে থাকা; যিহোৱাই মোক বৈৎএললৈ পঠাইছে।” কিন্তু ইলীচাই তেওঁক ক’লে, “যিহোৱাৰ শপত আৰু আপোনাৰ প্ৰাণৰ শপত, মই আপোনাক এৰি নাযাওঁ।” তাতে তেওঁলোক বৈৎএললৈ নামি গ’ল।
E disse Elias a Eliseo: Fica-te aqui, porque o Senhor me enviou a Bethel. Porém Eliseo disse: Vive o Senhor, e vive a tua alma, que te não deixarei. E assim foram a Bethel.
3 ৩ বৈৎএলত থকা শিষ্য ভাববাদীসকলৰ এটা দলে ইলীচাৰ ওচৰলৈ আহি ক’লে, “যিহোৱাই যে আজি আপোনাৰ গুৰুক আপোনাৰ ওচৰৰ পৰা লৈ যাব, সেই বিষয়ে আপুনি জানেনে?” ইলীচাই উত্তৰ দিলে, “হয়, মই জানো; কিন্তু তোমালোকে এই বিষয়ে একোকে নকবা।”
Então os filhos dos prophetas que estavam em Bethel sairam a Eliseo, e lhe disseram: Sabes que o Senhor hoje tomará o teu senhor por de cima da tua cabeça? E elle disse: Tambem eu bem o sei; calae-vos.
4 ৪ তাৰ পাছত এলিয়াই তেওঁক ক’লে, “ইলীচা, তুমি ইয়াতে থাকা; কিয়নো যিহোৱাই মোক যিৰীহোলৈ পঠাইছে।” কিন্তু ইলীচাই ক’লে, “যিহোৱাৰ শপত আৰু আপোনাৰ প্ৰাণৰ শপত, মই আপোনাক এৰি নাযাওঁ।” তাতে তেওঁলোক যিৰীহোলৈ গ’ল।
E Elias lhe disse: Eliseo, fica-te aqui, porque o Senhor me enviou a Jericó. Porém elle disse: Vive o Senhor, e vive a tua alma, que te não deixarei. E assim vieram a Jericó.
5 ৫ যিৰীহোত থকা শিষ্য ভাববাদী ইলীচাৰ ওচৰলৈ আহি ক’লে, “যিহোৱাই যে আজি আপোনাৰ গুৰুক আপোনাৰ ওচৰৰ পৰা লৈ যাব, সেই বিষয়ে আপুনি জানেনে?” ইলীচাই উত্তৰ দিলে, “হয়, মই জানো; কিন্তু এই বিষয়ে তোমালোকে একোকে নকবা।”
Então os filhos dos prophetas que estavam em Jericó se chegaram a Eliseo, e lhe disseram: Sabes que o Senhor hoje tomará o teu senhor por de cima da tua cabeça? E elle disse: Tambem eu bem o sei; calae-vos.
6 ৬ তাৰ পাছত এলিয়াই ইলীচাক ক’লে, “তুমি ইয়াতে থাকা; কিয়নো যিহোৱাই মোক যৰ্দ্দনলৈ পঠাইছে।” ইলীচাই উত্তৰ দিলে, “যিহোৱাৰ শপত আৰু আপোনাৰ প্ৰাণৰ শপত, মই আপোনাক এৰি নাযাওঁ।” সেয়ে তেওঁলোক দুয়ো যাবলৈ ধৰিলে।
E Elias disse: Fica-te aqui, porque o Senhor me enviou ao Jordão. Mas elle disse: Vive o Senhor, e vive a tua alma, que te não deixarei. E assim ambos foram juntos.
7 ৭ এলিয়া আৰু ইলীচা দুয়ো যৰ্দ্দন নদীৰ পাৰত গৈ ৰ’ল আৰু তেওঁলোকৰ পৰা কিছু দূৰৈত পঞ্চাশজন শিষ্য ভাববাদী আহি থিয় হ’ল।
E foram cincoenta homens dos filhos dos prophetas, e de longe pararam defronte: e elles ambos pararam junto ao Jordão.
8 ৮ এলিয়াই নিজৰ গাৰ চাদৰখন নুৰিয়াই লৈ যৰ্দনৰ পানীত কোবালে; তাতে পানী দুয়োফালে দুভাগ হৈ গ’ল আৰু তেওঁলোক দুজন শুকান মাটিৰ ওপৰেদি পাৰ হৈ গ’ল।
Então Elias tomou a sua capa, e a dobrou, e feriu as aguas, as quaes se dividiram para as duas bandas: e passaram ambos em secco.
9 ৯ পাৰ হৈ যোৱাৰ পাছত এলিয়াই ইলীচাক ক’লে, “মোক কোৱা, তোমাৰ ওচৰৰ পৰা মোক তুলি নিয়াৰ আগেয়ে মই তোমাৰ কাৰণে কি কৰিম?” ইলীচাই উত্তৰত ক’লে, “মিনতি কৰোঁ, আপোনাৰ আত্মাৰ ক্ষমতাৰ দুগুণ আত্মা যেন মই পাওঁ।”
Succedeu pois que, havendo elles passado, Elias disse a Eliseo: Pede-me o que queres que te faça, antes que seja tomado de ti. E disse Eliseo: Peço-te que haja porção dobrada de teu espirito sobre mim
10 ১০ এলিয়াই ক’লে, “তুমি এক জটিল বিষয় বিচাৰিলা। তথাপিও তোমাৰ ওচৰৰ পৰা মোক লৈ যোৱাৰ সময়ত যদি তুমি মোক দেখা পোৱা, তেন্তে তুমি তাক পাবা; যদি দেখা নোপোৱা, তেন্তে নাপাবা।”
E disse: Coisa dura pediste; se me vires quando fôr tomado de ti, assim se te fará, porém, se não, não se fará
11 ১১ তেওঁলোকে এইদৰে কথা পাতি গৈ থাকোঁতেই, হঠাৎ এখন অগ্নিময় ৰথ আৰু অগ্নিময় কিছুমান ঘোঁৰা আহি তেওঁলোক দুজনক পৃথক কৰি দিলে, আৰু এক ঘূর্ণিবতাহত এলিয়া স্বৰ্গলৈ উঠি গুছি গ’ল।
E succedeu que, indo elles andando e fallando, eis que um carro de fogo, com cavallos de fogo, os separou um do outro: e Elias subiu ao céu n'um redemoinho.
12 ১২ ইলীচাই তাকে দেখি চিঞঁৰি উঠিল, “মোৰ পিতৃ, হে মোৰ পিতৃ, ইস্ৰায়েলৰ ৰথ আৰু অশ্বাৰোহীসকল!” তাৰ পিছত ইলীচাই এলিয়াক পুনৰ দেখা নাপালে। তেতিয়া তেওঁ নিজৰ কাপোৰ ধৰি ফালি দুডোখৰ কৰিলে।
O que vendo Eliseo, clamou: Meu pae, meu pae, carros de Israel, e seus cavalleiros! E nunca mais o viu: e, travando dos seus vestidos, os rasgou em duas partes.
13 ১৩ তাৰ পাছত এলিয়াৰ গাৰ পৰা পৰি যোৱা চাদৰখন তুলি লৈ তেওঁ উলটি আহি যৰ্দ্দনৰ তীৰত থিয় হ’ল।
Tambem levantou a capa de Elias, que lhe caira: e tornou-se, e parou á borda do Jordão.
14 ১৪ এলিয়াৰ গাৰ পৰা পৰি যোৱা সেই চাদৰখনেৰে তেওঁ পানীত আঘাত কৰি ক’লে, “এলিয়াৰ ঈশ্বৰ যিহোৱা ক’ত?” যেতিয়া তেওঁ পানীত আঘাত কৰিলে, তেতিয়া পানী দুয়োকাষে দুভাগ হ’ল আৰু ইলীচা পাৰ হৈ গ’ল।
E tomou a capa de Elias, que lhe caira, e feriu as aguas, e disse: Onde está o Senhor, Deus de Elias? Então feriu as aguas, e se dividiram ellas d'uma e outra banda; e Eliseo passou.
15 ১৫ যিৰীহোৰ শিষ্য ভাববাদীসকলৰ দলটোৱে যেতিয়া ইলীচাক দেখা পালে, তেতিয়া তেওঁলোকে ক’লে, “এলিয়াৰ আত্মা ইলীচাৰ ওপৰত স্থিতি লৈছে!” সেইবাবে, তেওঁলোকে ইলীচাক সাক্ষাৎ কৰিবলৈ আহিল আৰু তেওঁৰ সন্মুখত মাটিত উবুৰি হৈ পৰি প্ৰণিপাত কৰিলে।
Vendo-o pois os filhos dos prophetas que estavam defronte em Jericó, disseram: O espirito de Elias repousa sobre Eliseo. E vieram-lhe ao encontro, e se prostraram diante d'elle em terra.
16 ১৬ তেওঁলোকে তেওঁক ক’লে, “চাওক, আপোনাৰ দাসবোৰৰ মাজত ইয়াত পঞ্চাশজন শক্তিশালী লোক আছে। বিনয় কৰোঁ, তেওঁলোকক আপোনাৰ গুৰুক বিচাৰি যাবলৈ অনুমতি দিয়ক; হয়তো যিহোৱাৰ আত্মাই তেওঁক তুলি লৈ গৈ কোনো পৰ্ব্বত নাইবা কোনো উপত্যকাত পেলাই গৈছে।” কিন্তু ইলীচাই ক’লে, “নহয়! তেওঁলোকৰ কাকো পঠাব নালাগে।”
E disseram-lhe: Eis que com teus servos ha cincoenta homens valentes; ora deixa-os ir para buscar a teu senhor; pode ser que o elevasse o Espirito do Senhor, e o lançasse n'algum dos montes, ou n'algum dos valles. Porém elle disse: Não os envieis.
17 ১৭ কিন্তু ভাৱবাদীসকলৰ শিষ্যৰ দলটোৱে ইলীচাক মিনতি কৰি থকাত, তেওঁ লাজ পাই ক’লে, “ঠিক আছে, পঠাই দিয়া।” তাতে তেওঁলোকে পঞ্চাশজন লোকক পঠাই দিলে আৰু সেই পঞ্চাশজনে তিনি দিন ধৰি বিচৰা পাছতো এলিয়াক নাপালে।
Mas elles apertaram com elle, até se enfastiar; e disse-lhes: Enviae. E enviaram cincoenta homens, que o buscaram tres dias, porém não o acharam.
18 ১৮ ইলীচা যিৰীহোত থকাৰ সময়তে তেওঁলোক তেওঁৰ ওচৰলৈ উলটি আহিল; ইলীচাই তেওঁলোকক ক’লে, “মই জানো তোমালোকক কোৱা নাছিলো, ‘নাযাবা বুলি’?”
Então voltaram para elle, tendo elle ficado em Jericó: e disse-lhes: Eu não vos disse que não fosseis?
19 ১৯ এদিন নগৰৰ লোকসকলে ইলীচাক ক’লে, “মহাশয়, আপুনিতো দেখিছেই যে এক সুন্দৰ অৱস্থানত এই নগৰখন আছে। কিন্তু ইয়াৰ পানী বিশুদ্ধ নহয় আৰু ভূমিয়েও ভাল শস্য উৎপন্ন নকৰে।”
E os homens da cidade disseram a Eliseo: Eis que boa é a habitação d'esta cidade, como o meu senhor vê; porém as aguas são más, e a terra é esteril
20 ২০ ইলীচাই ক’লে, “আপোনালোকে এটা নতুন পাত্রত অলপ নিমখ লৈ মোৰ ওচৰলৈ আহক।” লোকসকলেও সেইদৰেই ইলীচাৰ ওচৰলৈ আনি দিলে।
E elle disse: Trazei-me uma salva nova, e ponde n'ella sal. E lh'a trouxeram.
21 ২১ তেতিয়া ইলীচাই সেইখিনি লৈ পানীৰ ভুমুকৰ কাষলৈ ওলাই গ’ল আৰু তাত লোণখিনি পেলাই দি ক’লে, “যিহোৱাই এইদৰে কৈছে, ‘মই এই পানী বিশুদ্ধ কৰিলোঁ; এতিয়াৰ পৰা এই পানী খাই কাৰো মৃত্যু নহ’ব আৰু ভূমিৰ উৎপাদন শস্যও নষ্ট নহ’ব’।”
Então saiu elle ao manancial das aguas, e deitou sal n'elle; e disse: Assim diz o Senhor: Sararei a estas aguas; não haverá mais n'ellas morte nem esterilidade.
22 ২২ এনেদৰে ইলীচাৰ কথামতে সেই পানী বিশুদ্ধ হৈ আজি পর্যন্ত তেনেদৰে আছে।
Ficaram pois sãs aquellas aguas até ao dia d'hoje, conforme á palavra que Eliseo tinha dito.
23 ২৩ পাছত ইলীচা তাৰ পৰা বৈৎএললৈ গ’ল। তেওঁ ওপৰলৈ উঠি গৈ থাকোতে বাটত কিছুমান সৰু ল’ৰাই নগৰৰ পৰা ওলাই আহি তেওঁক বিদ্রূপ কৰি ক’বলৈ ধৰিলে, “ঐ তপামূৰা, সোনকালে সোনকালে উঠি যা; তপামূৰা!”
Então subiu d'ali a Bethel: e, subindo elle pelo caminho, uns moços pequenos sairam da cidade, e zombavam d'elle, e diziam-lhe: Sobe, calvo, sobe, calvo!
24 ২৪ তেতিয়া ইলীচাই পাছফালে ঘূৰি সিহঁতৰ ফালে চাই যিহোৱাৰ নামেৰে সিহঁতক শাও দিলে; তেতিয়া বননিৰ পৰা হঠাৎ দুজনী ভালুক ওলাই আহিল আৰু সিহঁতৰ মাজৰ বিয়াল্লিশটা ল’ৰাক ক্ষত-বিক্ষত কৰিলে।
E, virando-se elle para traz, os viu, e os amaldiçoou no nome do Senhor: então duas ursas sairam do bosque, e despedaçaram d'elles quarenta e dois meninos.
25 ২৫ তাৰ পাছত তেওঁ সেই ঠাইৰ পৰা কৰ্মিল পৰ্ব্বতলৈ গ’ল, আৰু তাৰ পৰা চমৰিয়ালৈ উভটি গ’ল।
E foi-se d'ali para o monte Carmelo: e d'ali voltou para Samaria.