< ২ রাজাবলি 19 >
1 ১ ৰজা হিষ্কিয়াই এই কথা শুনি নিজৰ কাপোৰ ফালিলে আৰু চট কাপোৰ পিন্ধি যিহোৱাৰ গৃহত সোমাল।
Då nu konung Hiskia hörde detta, rev han sönder sina kläder och höljde sig i sorgdräkt och gick in i HERRENS hus.
2 ২ চট কাপোৰ পিন্ধি থকা ঘৰগিৰী ইলিয়াকীম, ৰাজলিখক চেবনা আৰু পুৰোহিতৰ বয়োজ্যেষ্ঠ লোকসকলক ৰজাই আমোচৰ পুত্ৰ যিচয়া ভাববাদীৰ ওচৰলৈ পঠালে।
Och överhovmästaren Eljakim och sekreteraren Sebna och de äldste bland prästerna sände han, höljda i sorgdräkt, till profeten Jesaja, Amos' son.
3 ৩ তেওঁলোকে তেওঁক ক’লে, “হিষ্কিয়াই কৈছে যে, ‘আজিৰ দিনটো হৈছে সঙ্কটৰ; ধমকি আৰু অপমানৰ দিন; কিয়নো সন্তান সকল প্ৰসৱৰ দুৱাৰ মুখলৈ আহিছে, কিন্তু জন্ম দিয়াৰ শক্তি নাই।
Och de sade till denne: »Så säger Hiskia: En nödens, tuktans och smälekens dag är denna dag, ty fostren hava väl kommit fram till födseln, men kraft att föda finnes icke.
4 ৪ আপোনাৰ ঈশ্বৰ যিহোৱাই সম্ভৱতঃ ৰবচাকিৰ সকলো কথাই শুনিলে, যিজনক তেওঁৰ প্রভু অচূৰৰ ৰজাই জীৱন্ত ঈশ্বৰক ঠাট্টা-বিদ্রূপ কৰিবলৈ পঠাইছিল; হয়তো আপোনাৰ ঈশ্বৰ যিহোৱাই সেই সকলো কথা শুনি তেওঁক শাস্তি দিব। সেয়ে যিসকল এতিয়াও জীয়াই আছে, তেওঁলোকৰ কাৰণে আপুনি প্রার্থনা কৰক’।”
Kanhända skall HERREN, din Gud, höra alla Rab-Sakes ord, med vilka hans herre, konungen i Assyrien, har sänt honom till att smäda den levande Guden, så att han straffar honom för dessa ord, som han, HERREN, din Gud, har hört. Så bed nu en bön för den kvarleva som ännu finnes.»
5 ৫ ৰজা হিষ্কিয়াৰ দাসবোৰ যেতিয়া যিচয়াৰ ওচৰলৈ আহিছিল,
När nu konung Hiskias tjänare kommo till Jesaja,
6 ৬ তেতিয়া যিচয়াই তেওঁলোকক কৈছিল, “আপোনালোকৰ প্ৰভুক ক’ব যে, যিহোৱাই কৈছে, ‘তুমি যি শুনিছা অর্থাৎ অচুৰৰ ৰজাৰ দাসবোৰে মোক যি সকলো ঠাট্টা-বিদ্রূপ কৰিছে, তালৈ তুমি ভয় নকৰিবা।
sade Jesaja till dem: »Så skolen I säga till eder herre: Så säger HERREN: Frukta icke för de ord som du har hört, dem med vilka den assyriske konungens tjänare hava hädat mig.
7 ৭ শুনা, মই তেওঁৰ অন্তৰত এক আত্মা স্থিতি কৰিম; তেওঁ এক সম্বাদ শুনিব আৰু নিজৰ দেশলৈ উভটি যাব; মই তেওঁক নিজৰ সেই ঠাইতে তৰোৱালেৰে নিপাত কৰিম’।”
Se, jag skall låta en sådan ande komma in i honom, att han, på grund av ett rykte som han skall få höra, vänder tillbaka till sitt land; och jag skall låta honom falla för svärd i hans eget land.
8 ৮ পাছত ৰবচাকিয়ে উভটি আহি শুনিলে যে অচূৰৰ ৰজাই লাখীচ এৰি লিব্নাৰ বিৰুদ্ধে যুদ্ধ কৰিছে।
Och Rab-Sake vände tillbaka och fann den assyriske konungen upptagen med att belägra Libna; ty han hade hört att han hade brutit upp från Lakis.
9 ৯ তাৰ পাছতে অচূৰৰ ৰজা চনহেৰীবে খবৰ পালে যে মিচৰ আৰু কুচ দেশৰ ৰজা তিৰ্হাকাই তেওঁৰ বিৰুদ্ধে যুদ্ধ কৰিবৰ কাৰণে ওলাই আহিছে। তেতিয়া অচূৰৰ ৰজাই পুনৰ হিষ্কিয়াৰ ওচৰলৈ লোকসকলৰ যোগেদি এক বার্তা পঠাই দিলে:
Men när Sanherib fick höra säga om Tirhaka, konungen i Etiopien, att denne hade dragit ut för att strida mot honom, skickade han åter sändebud till Hiskia och sade:
10 ১০ “তোমালোকে গৈ যিহূদাৰ ৰজা হিষ্কিয়াক কোৱাগৈ, ‘আপোনাৰ ঈশ্বৰ, যিজনৰ ওপৰত আপুনি ভাৰসা ৰাখে, তেওঁ এইবুলি কৈ প্রতাৰণা কৰিবলৈ নিদিব ‘অচূৰৰ ৰজাৰ হাতত যিৰূচালেমক শোধাই দিয়া নহ’ব’।”
»Så skolen I säga till Hiskia, Juda konung: Låt icke din Gud, som du förtröstar på, bedraga dig, i det att du tänker: 'Jerusalem skall icke bliva givet i den assyriske konungens hand.'
11 ১১ চাওঁক, আপুনিতো শুনিছেই যে অচূৰৰ ৰজাই সকলো দেশক সম্পূর্ণৰূপে বিনষ্ট কৰিবৰ কেনে ব্যৱহাৰ কৰিছে; তেনেহলে, আপুনি ৰক্ষা পাবনে?
Du har nu hört vad konungarna i Assyrien hava gjort med alla andra länder, huru de hava givit dem till spillo. Och du skulle nu bliva räddad!
12 ১২ মোৰ পূর্বপুৰুষসকলে গোজন, হাৰণ, ৰেচফ, আৰু তলচ্ছাৰত থকা এদনৰ যি জাতি সমূহক বিনষ্ট কৰিছিল, তেওঁলোকৰ দেৱতাবোৰে জানো তেওঁলোকক ৰক্ষা কৰিছিল?
Hava väl de folk som mina fäder fördärvade, Gosan, Haran, Resef och Edens barn i Telassar, blivit räddade av sina gudar?
13 ১৩ হমাতৰ ৰজা, অৰ্পদৰ ৰজা, চফৰ্বয়িমৰ নগৰবোৰৰ ৰজা, হেনা আৰু ইব্বাৰ ৰজা ক’ত আছে’?”
Var är Hamats konung och Arpads konung och konungen över Sefarvaims stad, över Hena och Iva?»
14 ১৪ হিষ্কিয়াই বার্তাবাহকসকলৰ পৰা পত্ৰখন লৈ পঢ়িলে; তেওঁ যিহোৱাৰ গৃহলৈ উঠি গ’ল আৰু যিহোৱাৰ সন্মুখত পত্রখন মেলি ধৰিলে।
När Hiskia hade mottagit brevet av sändebuden och läst det, gick han upp i HERRENS hus, och där bredde Hiskia ut det inför HERRENS ansikte.
15 ১৫ তাৰ পাছত হিষ্কিয়াই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “হে বাহিনীসকলৰ যিহোৱা, দুই কৰূবৰ মাজত থকা হে ইস্রায়েলৰ ঈশ্বৰ, পৃথিবীৰ সমুদায় ৰাজ্যৰ ওপৰত একমাত্র ঈশ্বৰ আপুনিয়েই; আপুনিয়েই আকাশ-মণ্ডল আৰু পৃথিবীৰ সৃষ্টিকর্তা।
Och Hiskia bad inför HERRENS ansikte och sade: »HERRE, Israels Gud, du som tronar på keruberna, du allena är Gud, den som råder över alla riken på jorden; du har gjort himmel och jord.
16 ১৬ হে যিহোৱা, কাণ পাতি শুনক, হে যিহোৱা, চকু মেলি চাওঁক। জীৱন্ত ঈশ্বৰক নিন্দা কৰিবৰ কাৰণে চনহেৰীবে যি কথা কৈ পঠাইছে, সেয়া শুনক।
HERRE, böj ditt öra härtill och hör; HERRE, öppna dina ögon och se. Ja, hör Sanheribs ord, det budskap varmed han har smädat den levande Guden.
17 ১৭ হে যিহোৱা, এই কথা সত্য যে, অচূৰৰ ৰজাসকলে জাতিবোৰক আৰু তেওঁলোকৰ দেশবোৰ বিনষ্ট কৰিলে।
Det är sant, HERRE, att konungarna i Assyrien hava förött folken och deras land.
18 ১৮ তেওঁলোকৰ দেৱতাবোৰক জুইত পেলালে; কিয়নো সেইবোৰ দেৱতা নাছিল, মনুষ্যৰ হাতেৰে নির্মিত কেৱল কাঠ আৰু শিলৰ শিল্পকাৰ্য্য মাথোন; সেয়ে, অচূৰীয়াসকলে সেইবোৰ বিনষ্ট কৰিলে।
Och de hava kastat deras gudar i elden; ty dessa voro inga gudar, utan verk av människohänder, trä och sten; därför kunde de förgöra dem.
19 ১৯ এই হেতুকে, হে আমাৰ ঈশ্বৰ যিহোৱা, মই আপোনাক বিনয় কৰোঁ, আপুনি আমাক তেওঁৰ হাতৰ পৰা উদ্ধাৰ কৰক, তেতিয়া পৃথিৱীৰ সমগ্র ৰাজ্যই জানিব পাৰিব যে আপুনিয়েই ঈশ্বৰ, কেৱল আপুনিয়েই যিহোৱা।”
Men fräls oss nu, HERRE, vår Gud, ur hans hand, så att alla riken på jorden förnimma att du, HERRE, allena är Gud.»
20 ২০ তেতিয়া আমোচৰ পুত্ৰ যিচয়াই হিষ্কিয়াৰ ওচৰলৈ এই কথা কৈ পঠালে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে যে, ‘অচূৰৰ ৰজা চনহেৰীবৰ সম্বন্ধে তুমি যিদৰে প্ৰাৰ্থনা কৰিলা, তাক মই শুনিলো।’
Då sände Jesaja, Amos' son, bud till Hiskia och låt säga: »Så säger HERREN, Israels Gud: Det varom du har bett mig angående Sanherib, konungen i Assyrien, det har jag hört.
21 ২১ তেওঁৰ বিষয়ে যিহোৱাই এই কথা কৈছে: ‘চিয়োনৰ যুৱতী কন্যাই তোমাক হেয়জ্ঞান কৰে আৰু তোমাক বিদ্রূপ কৰি হাঁহে; যিৰূচালেমৰ কন্যাই তোমাক দেখি মূৰ জোকাৰে।
Så är nu detta det ord som HERREN har talat om honom: Hon föraktar dig och bespottar dig, jungfrun dottern Sion; hon skakar huvudet efter dig, dottern Jerusalem.
22 ২২ তুমি কাক অপমান কৰিলা? কাক নিন্দা কৰিলা? তুমি কাৰ বিৰুদ্ধে চিঞঁৰি কথা ক’লা আৰু দর্পেৰে সৈতে চকুতুলি চাইছা? ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাৰ বিৰুদ্ধেই তুমি এইবোৰ কৰিলা।
vem har du smädat och hädat, och mot vem har du upphävt din röst? Alltför högt har du upplyft dina ögon -- Ja, mot Israels Helige.
23 ২৩ তুমি নিজ দূতবোৰৰ দ্বাৰাই প্ৰভুৰ নিন্দা কৰি ক’লা, ‘মোৰ অধিক ৰথবোৰেৰে সৈতে পৰ্ব্বতবোৰৰ উচ্চ শিখৰলৈ, লিবানোনৰ আটাইতকৈ ওখ ওখ শিখৰলৈকে উঠি গলোঁ; মই তাৰ ওখ ওখ এৰচ গছবোৰ কাটি পেলাম আৰু তাৰ উত্তম উত্তম দেৱদাৰু গছবোৰ কাটি পেলাম; আৰু মই তাৰ বহুত দূৰলৈকে সোমাই যাম, সকলোতকৈ উত্তম ফলৱতী অৰণ্যৰ ভিতৰলৈ সোমাই যাম।
Genom dina sändebud smädade du Herren, när du sade: 'Med mina många vagnar drog jag upp på bergens höjder, längst upp på Libanon; jag högg ned dess höga cedrar och väldiga cypresser; jag trängde fram till dess innersta gömslen, dess frodigaste skog;
24 ২৪ মই কুৱাঁ খান্দি বিদেশৰ পানী পান কৰিলোঁ। মই মোৰ ভৰিৰ তলুৱাৰেৰে মিচৰৰ নদীবোৰ শুকুৱালো।’
jag grävde brunnar och drack ut främmande vatten, och med min fot uttorkade jag alla Egyptens strömmar.'
25 ২৫ ‘তুমি জানো শুনা নাই যে অনেক আগেয়ে মই ইয়াক কেনেকৈ থিৰ কৰিলোঁ আৰু প্ৰাচীন কালতে মই তাৰ পৰিকল্পনা কৰিছিলোঁ? এতিয়া মই তাক সিদ্ধ কৰি আছোঁ। সেইবাবেইতো তুমি ইয়াত গড়েৰে আবৃত নগৰবোৰ উচ্ছন্ন কৰি ভগ্নাৱশেষ কৰিব পাৰিছা।
Har du icke hört att jag för länge sedan beredde detta? Av ålder bestämde jag ju så; och nu har jag fört det fram: du fick makt att ödelägga befästa städer till grusade stenhopar.
26 ২৬ সেইবোৰৰ নিবাসীসকল দুর্বলী হ’ল, ভয়তে ব্যাকুল আৰু লজ্জিত হ’ল। সিহঁত পথাৰৰ তৃণ, সেউজীয়া ঘাঁহ-বন, ঘৰৰ চালত বা পথাৰত গজা ঘাহঁৰ নিচিনা, যি বাঢ়ি যোৱাৰ আগেয়েই শুকাই যায়।
Deras invånare blevo maktlösa, de förfärades och stodo med skam. Det gick dem såsom gräset på marken och gröna örter, såsom det som växer på taken, och säd som förbrännes, förrän strået har vuxit upp.
27 ২৭ কিন্তু মই তোমাৰ বহা, এনেকি তুমি বাহিৰলৈ বা ভিতৰলৈ অহা-যোৱা কৰা আৰু মোৰ বিৰুদ্ধে কৰা খং এই সকলোকে জানো।
Om du sitter eller går ut eller går in, så vet jag det, och huru du rasar mot mig.
28 ২৮ তুমি মোৰ বিৰুদ্ধে কৰা খঙৰ কাৰণে আৰু তোমাৰ অহংকাৰৰ কথা মোৰ কাণত পৰাৰ কাৰণে, মই তোমাৰ নাকত মোৰ হাঁকোটা আৰু মুখত মোৰ লাগাম লগাম আৰু যি বাটেদি তুমি আহিলা, সেই বাটেদিয়েই মই তোমাক ঘূৰাই পঠাম।’
Men då du nu så rasar mot mig, och då ditt övermod har nått till mina öron, skall jag sätta min krok i din näsa och mitt betsel i din mun och föra dig tillbaka samma väg som du har kommit på.
29 ২৯ ‘তোমাৰ কাৰণে এয়ে এক চিন হ’ব: এই বছৰত নিজে নিজে যি উৎপন্ন হ’ব, তাকে তোমালোকে খাবা। দ্বিতীয় বছৰত তাৰ পৰা যি উৎপন্ন হ’ব, তোমালোকে তাকে ভোজন কৰিবা; কিন্তু তৃতীয় বছৰত তোমালোকে কঠীয়া সিচিঁ শস্য দাবা, দ্ৰাক্ষাবাৰী পাতি তাৰ ফল ভোগ কৰিবা।
Och detta skall för dig vara tecknet: man skall detta år äta vad som växer upp av spillsäd, och nästa år självvuxen säd; men det tredje året skolen I få så och skörda och plantera vingårdar och äta deras frukt.
30 ৩০ যিহূদাৰ ফৈদৰ যি লোকসকল তেতিয়াও জীৱিত থাকিব, তেওঁলোকে পুনৰ শিপা মেলিব আৰু ফল উৎপন্ন কৰিব।
Och den räddade skara av Juda hus, som bliver kvar, skall åter skjuta rot nedtill och bära frukt upptill.
31 ৩১ কিয়নো যিৰূচালেমৰ পৰা আৰু চিয়োন পর্বতৰ পৰা অৱশিষ্ট জীৱিত লোকসকল আহিব; বাহিনী সমূহৰ যিহোৱাৰ উৎসাহে ইয়াক সিদ্ধ কৰিব।’
Ty från Jerusalem skall utgå en kvarleva, en räddad skara från Sions berg. HERRENS nitälskan skall göra detta.
32 ৩২ এই হেতুকে অচূৰৰ ৰজাৰ বিষয়ে যিহোৱাই এই কথা কৈছে: ‘তেওঁ এই নগৰলৈ নাহিব, এনেকি এপাত কাঁড়ো নামাৰিব। তেওঁ ঢাল লৈ ইয়াৰ সন্মুখলৈ নাহিব নাইবা ইয়াৰ বিৰুদ্ধে অৱৰোধৰ পথ নির্মাণ নকৰিব।
Därför säger HERREN så om konungen i Assyrien: Han skall icke komma in i denna stad och icke skjuta någon pil ditin; han skall icke mot den föra fram någon sköld eller kasta upp någon vall mot den.
33 ৩৩ তেওঁ যি পথেদি আহিল, সেই পথেৰেই উলটি যাব; এই নগৰত তেওঁ নোসোমাব; এয়ে হৈছে যিহোৱাৰ ঘোষণা।
Samma väg han kom skall han vända tillbaka, och in i denna stad skall han icke komma, säger HERREN.
34 ৩৪ মই নিজৰ কাৰণে আৰু মোৰ দাস দায়ুদৰ কাৰণে, মই এই নগৰক প্রতিহত কৰি উদ্ধাৰ কৰিম’।”
Ty jag skall beskärma och frälsa denna stad för min och min tjänare Davids skull.»
35 ৩৫ সেই ৰাতিয়েই যিহোৱাৰ স্বর্গদূতে বাহিৰলৈ ওলাই গৈ, অচূৰীয়াসকলৰ ছাউনিৰ এক লাখ পঁচাশী হাজাৰ সৈন্যক বধ কৰিলে; পিছদিনা ৰাতিপুৱা লোকসকল যেতিয়া উঠিল, তেতিয়া সকলো ঠাইতে মৰা শৱ পৰি থকা দেখিলে।
Och samma natt gick HERRENS ängel ut och slog i assyriernas läger ett hundra åttiofem tusen man; och när man bittida följande morgon kom ut, fick man se döda kroppar ligga där överallt
36 ৩৬ সেয়ে অচূৰৰ ৰজা চনহেৰীবে ইস্রায়েলৰ পৰা ঘৰলৈ উভটি গ’ল আৰু নীনবি চহৰত বাস কৰিলে।
Då bröt Sanherib, konungen i Assyrien, upp och tågade tillbaka; och han stannade sedan i Nineve.
37 ৩৭ এদিন যেতিয়া চনহেৰীবে নিজৰ দেৱতা নিষ্ৰোকৰ মন্দিৰত পূজা কৰি আছিল, তেতিয়া অদ্ৰমেলক আৰু চৰেচৰ নামেৰে তেওঁৰ দুজন পুতেকে তেওঁক তৰোৱালেৰে আঘাত কৰি বধ কৰিলে; পাছত তেওঁলোক অৰাৰট দেশলৈ পলাই গ’ল। চনহেৰীবৰ পদত তেওঁৰ পুত্ৰ এচৰ-হদ্দোন ৰজা হ’ল।
Men när han en gång tillbad i sin gud Nisroks tempel, blev han dräpt med svärd av Adrammelek och Sareser; därefter flydde dessa undan till Ararats land. Och hans son Esarhaddon blev konung efter honom.