< ২ রাজাবলি 19 >

1 ৰজা হিষ্কিয়াই এই কথা শুনি নিজৰ কাপোৰ ফালিলে আৰু চট কাপোৰ পিন্ধি যিহোৱাৰ গৃহত সোমাল।
And it came to pass, when king Hezekiah heard it, that he rent his clothes, and covered himself with sackcloth, and went into the house of the LORD.
2 চট কাপোৰ পিন্ধি থকা ঘৰগিৰী ইলিয়াকীম, ৰাজলিখক চেবনা আৰু পুৰোহিতৰ বয়োজ্যেষ্ঠ লোকসকলক ৰজাই আমোচৰ পুত্ৰ যিচয়া ভাববাদীৰ ওচৰলৈ পঠালে।
And he sent Eliakim, which was over the household, and Shebna the scribe, and the elders of the priests, covered with sackcloth, unto Isaiah the prophet, the son of Amoz.
3 তেওঁলোকে তেওঁক ক’লে, “হিষ্কিয়াই কৈছে যে, ‘আজিৰ দিনটো হৈছে সঙ্কটৰ; ধমকি আৰু অপমানৰ দিন; কিয়নো সন্তান সকল প্ৰসৱৰ দুৱাৰ মুখলৈ আহিছে, কিন্তু জন্ম দিয়াৰ শক্তি নাই।
And they said unto him, Thus saith Hezekiah, This day is a day of trouble, and of rebuke, and of contumely: for the children are come to the birth, and there is not strength to bring forth.
4 আপোনাৰ ঈশ্বৰ যিহোৱাই সম্ভৱতঃ ৰবচাকিৰ সকলো কথাই শুনিলে, যিজনক তেওঁৰ প্রভু অচূৰৰ ৰজাই জীৱন্ত ঈশ্বৰক ঠাট্টা-বিদ্রূপ কৰিবলৈ পঠাইছিল; হয়তো আপোনাৰ ঈশ্বৰ যিহোৱাই সেই সকলো কথা শুনি তেওঁক শাস্তি দিব। সেয়ে যিসকল এতিয়াও জীয়াই আছে, তেওঁলোকৰ কাৰণে আপুনি প্রার্থনা কৰক’।”
It may be the LORD thy God will hear all the words of Rabshakeh, whom the king of Assyria his master hath sent to reproach the living God, and will rebuke the words which the LORD thy God hath heard: wherefore lift up thy prayer for the remnant that is left.
5 ৰজা হিষ্কিয়াৰ দাসবোৰ যেতিয়া যিচয়াৰ ওচৰলৈ আহিছিল,
So the servants of king Hezekiah came to Isaiah.
6 তেতিয়া যিচয়াই তেওঁলোকক কৈছিল, “আপোনালোকৰ প্ৰভুক ক’ব যে, যিহোৱাই কৈছে, ‘তুমি যি শুনিছা অর্থাৎ অচুৰৰ ৰজাৰ দাসবোৰে মোক যি সকলো ঠাট্টা-বিদ্রূপ কৰিছে, তালৈ তুমি ভয় নকৰিবা।
And Isaiah said unto them, Thus shall ye say to your master, Thus saith the LORD, Be not afraid of the words that thou hast heard, wherewith the servants of the king of Assyria have blasphemed me.
7 শুনা, মই তেওঁৰ অন্তৰত এক আত্মা স্থিতি কৰিম; তেওঁ এক সম্বাদ শুনিব আৰু নিজৰ দেশলৈ উভটি যাব; মই তেওঁক নিজৰ সেই ঠাইতে তৰোৱালেৰে নিপাত কৰিম’।”
Behold, I will put a spirit in him, and he shall hear a rumour, and shall return to his own land; and I will cause him to fall by the sword in his own land.
8 পাছত ৰবচাকিয়ে উভটি আহি শুনিলে যে অচূৰৰ ৰজাই লাখীচ এৰি লিব্‌নাৰ বিৰুদ্ধে যুদ্ধ কৰিছে।
So Rabshakeh returned, and found the king of Assyria warring against Libnah: for he had heard that he was departed from Lachish.
9 তাৰ পাছতে অচূৰৰ ৰজা চনহেৰীবে খবৰ পালে যে মিচৰ আৰু কুচ দেশৰ ৰজা তিৰ্হাকাই তেওঁৰ বিৰুদ্ধে যুদ্ধ কৰিবৰ কাৰণে ওলাই আহিছে। তেতিয়া অচূৰৰ ৰজাই পুনৰ হিষ্কিয়াৰ ওচৰলৈ লোকসকলৰ যোগেদি এক বার্তা পঠাই দিলে:
And when he heard say of Tirhakah king of Ethiopia, Behold, he is come out to fight against thee: he sent messengers again unto Hezekiah, saying,
10 ১০ “তোমালোকে গৈ যিহূদাৰ ৰজা হিষ্কিয়াক কোৱাগৈ, ‘আপোনাৰ ঈশ্বৰ, যিজনৰ ওপৰত আপুনি ভাৰসা ৰাখে, তেওঁ এইবুলি কৈ প্রতাৰণা কৰিবলৈ নিদিব ‘অচূৰৰ ৰজাৰ হাতত যিৰূচালেমক শোধাই দিয়া নহ’ব’।”
Thus shall ye speak to Hezekiah king of Judah, saying, Let not thy God in whom thou trustest deceive thee, saying, Jerusalem shall not be given into the hand of the king of Assyria.
11 ১১ চাওঁক, আপুনিতো শুনিছেই যে অচূৰৰ ৰজাই সকলো দেশক সম্পূর্ণৰূপে বিনষ্ট কৰিবৰ কেনে ব্যৱহাৰ কৰিছে; তেনেহলে, আপুনি ৰক্ষা পাবনে?
Behold, thou hast heard what the kings of Assyria have done to all lands, by destroying them utterly: and shalt thou be delivered?
12 ১২ মোৰ পূর্বপুৰুষসকলে গোজন, হাৰণ, ৰেচফ, আৰু তলচ্ছাৰত থকা এদনৰ যি জাতি সমূহক বিনষ্ট কৰিছিল, তেওঁলোকৰ দেৱতাবোৰে জানো তেওঁলোকক ৰক্ষা কৰিছিল?
Have the gods of the nations delivered them, which my fathers have destroyed, Gozan, and Haran, and Rezeph, and the children of Edom which were in Telassar?
13 ১৩ হমাতৰ ৰজা, অৰ্পদৰ ৰজা, চফৰ্বয়িমৰ নগৰবোৰৰ ৰজা, হেনা আৰু ইব্বাৰ ৰজা ক’ত আছে’?”
Where is the king of Hamath, and the king of Arpad, and the king of the city of Sepharvaim, of Hena, and Ivvah?
14 ১৪ হিষ্কিয়াই বার্তাবাহকসকলৰ পৰা পত্ৰখন লৈ পঢ়িলে; তেওঁ যিহোৱাৰ গৃহলৈ উঠি গ’ল আৰু যিহোৱাৰ সন্মুখত পত্রখন মেলি ধৰিলে।
And Hezekiah received the letter from the hand of the messengers, and read it: and Hezekiah went up unto the house of the LORD, and spread it before the LORD.
15 ১৫ তাৰ পাছত হিষ্কিয়াই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “হে বাহিনীসকলৰ যিহোৱা, দুই কৰূবৰ মাজত থকা হে ইস্রায়েলৰ ঈশ্বৰ, পৃথিবীৰ সমুদায় ৰাজ্যৰ ওপৰত একমাত্র ঈশ্বৰ আপুনিয়েই; আপুনিয়েই আকাশ-মণ্ডল আৰু পৃথিবীৰ সৃষ্টিকর্তা।
And Hezekiah prayed before the LORD, and said, O LORD, the God of Israel, that sittest upon the cherubim, thou art the God, even thou alone, of all the kingdoms of the earth; thou hast made heaven and earth.
16 ১৬ হে যিহোৱা, কাণ পাতি শুনক, হে যিহোৱা, চকু মেলি চাওঁক। জীৱন্ত ঈশ্বৰক নিন্দা কৰিবৰ কাৰণে চনহেৰীবে যি কথা কৈ পঠাইছে, সেয়া শুনক।
Incline thine ear, O LORD, and hear; open thine eyes, O LORD, and see: and hear the words of Sennacherib, wherewith he hath sent him to reproach the living God.
17 ১৭ হে যিহোৱা, এই কথা সত্য যে, অচূৰৰ ৰজাসকলে জাতিবোৰক আৰু তেওঁলোকৰ দেশবোৰ বিনষ্ট কৰিলে।
Of a truth, LORD, the kings of Assyria have laid waste the nations and their lands,
18 ১৮ তেওঁলোকৰ দেৱতাবোৰক জুইত পেলালে; কিয়নো সেইবোৰ দেৱতা নাছিল, মনুষ্যৰ হাতেৰে নির্মিত কেৱল কাঠ আৰু শিলৰ শিল্পকাৰ্য্য মাথোন; সেয়ে, অচূৰীয়াসকলে সেইবোৰ বিনষ্ট কৰিলে।
and have cast their gods into the fire: for they were no gods, but the work of men’s hands, wood and stone; therefore they have destroyed them.
19 ১৯ এই হেতুকে, হে আমাৰ ঈশ্বৰ যিহোৱা, মই আপোনাক বিনয় কৰোঁ, আপুনি আমাক তেওঁৰ হাতৰ পৰা উদ্ধাৰ কৰক, তেতিয়া পৃথিৱীৰ সমগ্র ৰাজ্যই জানিব পাৰিব যে আপুনিয়েই ঈশ্বৰ, কেৱল আপুনিয়েই যিহোৱা।”
Now therefore, O LORD our God, save thou us, I beseech thee, out of his hand, that all the kingdoms of the earth may know that thou art the LORD God, even thou only.
20 ২০ তেতিয়া আমোচৰ পুত্ৰ যিচয়াই হিষ্কিয়াৰ ওচৰলৈ এই কথা কৈ পঠালে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে যে, ‘অচূৰৰ ৰজা চনহেৰীবৰ সম্বন্ধে তুমি যিদৰে প্ৰাৰ্থনা কৰিলা, তাক মই শুনিলো।’
Then Isaiah the son of Amoz sent to Hezekiah, saying, Thus saith the LORD, the God of Israel, Whereas thou hast prayed to me against Sennacherib king of Assyria, I have heard [thee].
21 ২১ তেওঁৰ বিষয়ে যিহোৱাই এই কথা কৈছে: ‘চিয়োনৰ যুৱতী কন্যাই তোমাক হেয়জ্ঞান কৰে আৰু তোমাক বিদ্রূপ কৰি হাঁহে; যিৰূচালেমৰ কন্যাই তোমাক দেখি মূৰ জোকাৰে।
This is the word that the LORD hath spoken concerning him: The virgin daughter of Zion hath despised thee and laughed thee to scorn; the daughter of Jerusalem hath shaken her head at thee.
22 ২২ তুমি কাক অপমান কৰিলা? কাক নিন্দা কৰিলা? তুমি কাৰ বিৰুদ্ধে চিঞঁৰি কথা ক’লা আৰু দর্পেৰে সৈতে চকুতুলি চাইছা? ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাৰ বিৰুদ্ধেই তুমি এইবোৰ কৰিলা।
Whom hast thou reproached and blasphemed? and against whom hast thou exalted thy voice and lifted up thine eyes on high? [even] against the Holy One of Israel.
23 ২৩ তুমি নিজ দূতবোৰৰ দ্বাৰাই প্ৰভুৰ নিন্দা কৰি ক’লা, ‘মোৰ অধিক ৰথবোৰেৰে সৈতে পৰ্ব্বতবোৰৰ উচ্চ শিখৰলৈ, লিবানোনৰ আটাইতকৈ ওখ ওখ শিখৰলৈকে উঠি গলোঁ; মই তাৰ ওখ ওখ এৰচ গছবোৰ কাটি পেলাম আৰু তাৰ উত্তম উত্তম দেৱদাৰু গছবোৰ কাটি পেলাম; আৰু মই তাৰ বহুত দূৰলৈকে সোমাই যাম, সকলোতকৈ উত্তম ফলৱতী অৰণ্যৰ ভিতৰলৈ সোমাই যাম।
By thy messengers thou hast reproached the Lord, and hast said, With the multitude of my chariots am I come up to the height of the mountains, to the innermost parts of Lebanon; and I will cut down the tall cedars thereof, and the choice fir trees thereof: and I will enter into his farthest lodging place, the forest of his fruitful field.
24 ২৪ মই কুৱাঁ খান্দি বিদেশৰ পানী পান কৰিলোঁ। মই মোৰ ভৰিৰ তলুৱাৰেৰে মিচৰৰ নদীবোৰ শুকুৱালো।’
I have digged and drunk strange waters, and with the sole of my feet will I dry up all the rivers of Egypt.
25 ২৫ ‘তুমি জানো শুনা নাই যে অনেক আগেয়ে মই ইয়াক কেনেকৈ থিৰ কৰিলোঁ আৰু প্ৰাচীন কালতে মই তাৰ পৰিকল্পনা কৰিছিলোঁ? এতিয়া মই তাক সিদ্ধ কৰি আছোঁ। সেইবাবেইতো তুমি ইয়াত গড়েৰে আবৃত নগৰবোৰ উচ্ছন্ন কৰি ভগ্নাৱশেষ কৰিব পাৰিছা।
Hast thou not heard how I have done it long ago, and formed it of ancient times? now have I brought it to pass, that thou shouldest be to lay waste fenced cities into ruinous heaps.
26 ২৬ সেইবোৰৰ নিবাসীসকল দুর্বলী হ’ল, ভয়তে ব্যাকুল আৰু লজ্জিত হ’ল। সিহঁত পথাৰৰ তৃণ, সেউজীয়া ঘাঁহ-বন, ঘৰৰ চালত বা পথাৰত গজা ঘাহঁৰ নিচিনা, যি বাঢ়ি যোৱাৰ আগেয়েই শুকাই যায়।
Therefore their inhabitants were of small power, they were dismayed and confounded; they were as the grass of the field, and as the green herb, as the grass on the housetops, and as corn blasted before it be grown up.
27 ২৭ কিন্তু মই তোমাৰ বহা, এনেকি তুমি বাহিৰলৈ বা ভিতৰলৈ অহা-যোৱা কৰা আৰু মোৰ বিৰুদ্ধে কৰা খং এই সকলোকে জানো।
But I know thy sitting down, and thy going out, and thy coming in, and thy raging against me.
28 ২৮ তুমি মোৰ বিৰুদ্ধে কৰা খঙৰ কাৰণে আৰু তোমাৰ অহংকাৰৰ কথা মোৰ কাণত পৰাৰ কাৰণে, মই তোমাৰ নাকত মোৰ হাঁকোটা আৰু মুখত মোৰ লাগাম লগাম আৰু যি বাটেদি তুমি আহিলা, সেই বাটেদিয়েই মই তোমাক ঘূৰাই পঠাম।’
Because of thy raging against me, and for that thine arrogancy is come up into mine ears, therefore will I put my hook in thy nose, and my bridle in thy lips, and I will turn thee back by the way by which thou camest.
29 ২৯ ‘তোমাৰ কাৰণে এয়ে এক চিন হ’ব: এই বছৰত নিজে নিজে যি উৎপন্ন হ’ব, তাকে তোমালোকে খাবা। দ্বিতীয় বছৰত তাৰ পৰা যি উৎপন্ন হ’ব, তোমালোকে তাকে ভোজন কৰিবা; কিন্তু তৃতীয় বছৰত তোমালোকে কঠীয়া সিচিঁ শস্য দাবা, দ্ৰাক্ষাবাৰী পাতি তাৰ ফল ভোগ কৰিবা।
And this shall be the sign unto thee: ye shall eat this year that which groweth of itself, and in the second year that which springeth of the same; and in the third year sow ye, and reap, and plant vineyards, and eat the fruit thereof.
30 ৩০ যিহূদাৰ ফৈদৰ যি লোকসকল তেতিয়াও জীৱিত থাকিব, তেওঁলোকে পুনৰ শিপা মেলিব আৰু ফল উৎপন্ন কৰিব।
And the remnant that is escaped of the house of Judah shall again take root downward, and bear fruit upward.
31 ৩১ কিয়নো যিৰূচালেমৰ পৰা আৰু চিয়োন পর্বতৰ পৰা অৱশিষ্ট জীৱিত লোকসকল আহিব; বাহিনী সমূহৰ যিহোৱাৰ উৎসাহে ইয়াক সিদ্ধ কৰিব।’
For out of Jerusalem shall go forth a remnant, and out of mount Zion they that shall escape: the zeal of the LORD shall perform this.
32 ৩২ এই হেতুকে অচূৰৰ ৰজাৰ বিষয়ে যিহোৱাই এই কথা কৈছে: ‘তেওঁ এই নগৰলৈ নাহিব, এনেকি এপাত কাঁড়ো নামাৰিব। তেওঁ ঢাল লৈ ইয়াৰ সন্মুখলৈ নাহিব নাইবা ইয়াৰ বিৰুদ্ধে অৱৰোধৰ পথ নির্মাণ নকৰিব।
Therefore thus saith the LORD concerning the king of Assyria, He shall not come unto this city, nor shoot an arrow there, neither shall he come before it with shield, nor cast a mount against it.
33 ৩৩ তেওঁ যি পথেদি আহিল, সেই পথেৰেই উলটি যাব; এই নগৰত তেওঁ নোসোমাব; এয়ে হৈছে যিহোৱাৰ ঘোষণা।
By the way that he came, by the same shall he return, and he shall not come unto this city, saith the LORD.
34 ৩৪ মই নিজৰ কাৰণে আৰু মোৰ দাস দায়ুদৰ কাৰণে, মই এই নগৰক প্রতিহত কৰি উদ্ধাৰ কৰিম’।”
For I will defend this city to save it, for mine own sake, and for my servant David’s sake.
35 ৩৫ সেই ৰাতিয়েই যিহোৱাৰ স্বর্গদূতে বাহিৰলৈ ওলাই গৈ, অচূৰীয়াসকলৰ ছাউনিৰ এক লাখ পঁচাশী হাজাৰ সৈন্যক বধ কৰিলে; পিছদিনা ৰাতিপুৱা লোকসকল যেতিয়া উঠিল, তেতিয়া সকলো ঠাইতে মৰা শৱ পৰি থকা দেখিলে।
And it came to pass that night, that the angel of the LORD went forth, and smote in the camp of the Assyrians an hundred fourscore and five thousand: and when men arose early in the morning, behold, they were all dead corpses.
36 ৩৬ সেয়ে অচূৰৰ ৰজা চনহেৰীবে ইস্রায়েলৰ পৰা ঘৰলৈ উভটি গ’ল আৰু নীনবি চহৰত বাস কৰিলে।
So Sennacherib king of Assyria departed, and went and returned, and dwelt at Nineveh.
37 ৩৭ এদিন যেতিয়া চনহেৰীবে নিজৰ দেৱতা নিষ্ৰোকৰ মন্দিৰত পূজা কৰি আছিল, তেতিয়া অদ্ৰমেলক আৰু চৰেচৰ নামেৰে তেওঁৰ দুজন পুতেকে তেওঁক তৰোৱালেৰে আঘাত কৰি বধ কৰিলে; পাছত তেওঁলোক অৰাৰট দেশলৈ পলাই গ’ল। চনহেৰীবৰ পদত তেওঁৰ পুত্ৰ এচৰ-হদ্দোন ৰজা হ’ল।
And it came to pass, as he was worshipping in the house of Nisroch his god, that Adrammelech and Sharezer smote him with the sword: and they escaped into the land of Ararat. And Esar-haddon his son reigned in his stead.

< ২ রাজাবলি 19 >