< ২ রাজাবলি 17 >
1 ১ যিহূদাৰ ৰজা আহজৰ ৰাজত্বৰ বাৰ বছৰৰ সময়ত এলাৰ পুত্ৰ হোচেয়াই চমৰিয়াত ইস্ৰায়েলৰ ৰজা হৈছিল। তেওঁ ন বছৰ ৰাজত্ব কৰিছিল।
Ní ọdún kejìlá ọba Ahasi ará Juda, Hosea ọmọ Ela jẹ ọba Israẹli ní Samaria, ó sì jẹ fún ọdún mẹ́sàn-án.
2 ২ যিহোৱাৰ দৃষ্টিত যি বেয়া, তেওঁ তাকেই কৰিছিল, যদিও ইস্রায়েলৰ আগৰ ৰজাসকলে কৰাৰ দৰে তেওঁ নাছিল।
Ó sì ṣe búburú ní ojú Olúwa, ṣùgbọ́n kì í ṣe bí i ti ọba Israẹli ẹni tí ó ti wà ṣáájú rẹ̀.
3 ৩ অচূৰৰ ৰজা চল্মনেচৰে আক্রমণ কৰি হোচেয়াক পৰাজয় কৰিলে; তাতে হোচেয়া তেওঁৰ অধীনৰ ৰজা হোৱাত তেওঁলৈ ৰাজহ আনিছিল।
Ṣalamaneseri ọba Asiria wá sókè láti mú Hosea, ẹni tí ó ti jẹ fún Ṣalamaneseri ó sì ti san owó òde fún un.
4 ৪ পাছত অচূৰৰ ৰজাই বুজি পালে যে, হোচেয়াই তেওঁৰ বিৰুদ্ধে ষড়যন্ত্র ৰচনা কৰিছে, কিয়নো তেওঁ মিচৰৰ চো ৰজা ওচৰলৈ বার্তাবাহকসকলক পঠাইছিল আৰু অচূৰৰ ৰজাক বছৰে বছৰে যি ৰাজহ দিছিল, সেয়া পুনৰ দিয়া নাছিল। সেইবাবেই অচূৰৰ ৰজাই তেওঁক ধৰি নি কাৰাগাৰত বন্দী কৰি থৈছিল।
Ṣùgbọ́n ọba Asiria rí i wí pé Hosea jẹ́ ọlọ́tẹ̀, nítorí ó ti rán oníṣẹ́ sọ́dọ̀ ọba Ejibiti, kò sì san owó òde mọ́ fún ọba Asiria, gẹ́gẹ́ bí o ti máa ń ṣe ní ọdọọdún. Nígbà náà ọba Asiria fi agbára mú ún, ó sì fi sínú túbú.
5 ৫ তাৰ পাছত অচূৰৰ ৰজাই গোটেই দেশ আক্ৰমণ কৰি চমৰিয়ালৈকে গ’ল আৰু তিনি বছৰলৈকে তাক অৱৰোধ কৰিলে।
Ọba Asiria gòkè wá sí gbogbo ibi ilé náà, ó sì lọ sí Samaria, ó sì dúró tí ì fún ọdún mẹ́ta.
6 ৬ হোচেয়াৰ ৰাজত্বৰ নৱম বছৰৰ সময়ত অচূৰৰ ৰজাই চমৰিয়া দখল কৰিলে আৰু ইস্ৰায়েলীয়াসকলক বন্দী কৰি অচূৰ দেশলৈ লৈ গ’ল। তেওঁলোকক তেওঁ হলহত, গোজনৰ নদী হাবোৰৰ পাৰত আৰু মাদীয়াসকলৰ নগৰবোৰত বাস কৰিবলৈ দিলে।
Ní ọdún kẹsànán ti Hosea, ọba Asiria mú Samaria ó sì kó Israẹli lọ sí Asiria. Ó sì fi wọ́n sílẹ̀ ní Hala, ní Gosani ní etí odò Habori àti ní ìlú àwọn ará Media.
7 ৭ এই সকলো ঘটিছিল, কাৰণ যদিও ইস্রায়েলৰ ঈশ্বৰ যিহোৱাই তেওঁলোকক মিচৰৰ ৰজা ফৰৌণৰ অধীনৰ পৰা বাহিৰ কৰি মিচৰ দেশৰ পৰা লৈ আনিছিল, তথাপিও তেওঁলোকে তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে পাপ কৰিছিল। তেওঁলোকে আন দেৱ-দেৱীৰ পূজা কৰিছিল।
Gbogbo eléyìí ṣẹlẹ̀ nítorí àwọn ọmọ Israẹli ti dẹ́ṣẹ̀ sí Olúwa Ọlọ́run wọn, ẹni tí ó mú wọn jáde ní Ejibiti lábẹ́ agbára Farao ọba Ejibiti. Wọ́n sin ọlọ́run mìíràn,
8 ৮ যি জাতিবোৰক যিহোৱাই ইস্ৰায়েলৰ সন্মুখৰ পৰা দূৰ কৰিছিল, তেওঁলোকৰ ৰীতি-নীতি আৰু নিজৰ ৰজাসকলে স্থাপন কৰা ৰীতিত তেওঁলোক চলিছিল।
wọn si tẹ̀lé ìwà orílẹ̀-èdè tí Olúwa ti gbá kúrò níwájú wọn gẹ́gẹ́ bí ìwà ti ọba Israẹli tí ó ti paláṣẹ.
9 ৯ ইস্ৰায়েলীয়াসকলে গোপনে ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে অনুচিত কাৰ্যবোৰ কৰিছিল। প্রহৰীৰ ওখ মিনাৰৰ পৰা গড়েৰে আবৃত নগৰলৈকে তেওঁলোকৰ সকলো নগৰত ওখ মঠবোৰ নির্মাণ কৰিছিল।
Àwọn ọmọ Israẹli ṣe ohun ìríra sí Olúwa Ọlọ́run wọn kọ́ láti ilé ìṣọ́ sí ìlú tí a dáàbò bò, wọ́n kọ́ ilé gíga fún ara wọn ní gbogbo ìlú wọn.
10 ১০ তেওঁলোকে প্ৰত্যেকটো ওখ পাহাৰৰ ওপৰত আৰু সেউজীয়া ডাল পাতেৰে ভৰা প্রত্যেকজোপা গছৰ তলত পূজা কৰা শিলৰ স্তম্ভ আৰু আচেৰা মূর্তিবোৰ স্থাপন কৰিছিল।
Wọ́n sì gbé àwọn òkúta tí a yà sọ́tọ̀ sókè àti ère òrìṣà Aṣerah lórí gbogbo igi tútù.
11 ১১ যি জাতি সমূহক যিহোৱাই তেওঁলোকৰ সন্মুখৰ পৰা দূৰ কৰিছিল, সেই জাতিৰ লোকসকলৰ দৰে ইস্রায়েলীয়াসকলেও এই ওখ মঠবোৰত ধূপ জ্বলাইছিল। তেওঁলোকে দুষ্ট কর্মবোৰ কৰি যিহোৱাক ক্রোধিত কৰিছিল;
Ní gbogbo ibi gíga, wọ́n sun tùràrí gẹ́gẹ́ bí orílẹ̀-èdè tí Olúwa ti lé jáde níwájú wọn. Wọ́n ṣe ohun búburú tí ó rú ìbínú Olúwa sókè.
12 ১২ তেওঁলোকে মূর্তি পূজা কৰিছিল, যদিও যিহোৱাই তেওঁলোকক কৈছিল যে, “তোমালোকে এনে কার্য নকৰিবা।”
Wọ́n sìn òrìṣà, èyí tí Olúwa ti sọ pé, “Ẹ kò gbọdọ̀ ṣe èyí.”
13 ১৩ যিহোৱাই তেওঁৰ সকলো ভাববাদী আৰু দৰ্শকসকলৰ মাধ্যমেদি ইস্ৰায়েল আৰু যিহূদা দেশক এই বুলি সাৱধান কৰি দিছিল, “তোমালোক সকলো কু-পথৰ পৰা ঘূৰা; মোৰ সকলো আজ্ঞা আৰু বিধি-বিধান অনুসাৰে চলা। মোৰ দাস ভাৱবাদীসকলক পঠাই তেওঁলোকৰ দ্বাৰাই মই যি সকলো বিধি-বিধান তোমালোকৰ পূর্বপুৰুষসকলক দিছিলোঁ, সেই সকলো বিধান যত্নেৰে পালন কৰা।”
Olúwa kìlọ̀ fún Israẹli àti Juda nípa gbogbo àwọn wòlíì wọn àti aríran: “Ẹ yípadà kúrò ní ọ̀nà búburú yín. Kí ẹ ṣe òfin mi àti ìlànà mi, ní ìbámu pẹ̀lú gbogbo òfin tí Èmi paláṣẹ fún àwọn baba yín láti tẹ̀lé àti èyí tí mo rán sí i yín nípa ìránṣẹ́ àwọn wòlíì mi.”
14 ১৪ তথাপিও তেওঁলোকে সেই কথা নুশুনিলে। ঈশ্বৰ যিহোৱাত বিশ্বাস নকৰা তেওঁলোকৰ পূর্বপুৰুষসকলৰ নিচিনাকৈ তেওঁলোক আঁকোৰ-গোঁজ হৈ থাকিল।
Ṣùgbọ́n wọn kò ní gbọ́, wọ́n sì ṣe gẹ́gẹ́ bí ọlọ́rùn líle gẹ́gẹ́ bí i ti baba wọn, ẹni tí kò gbà Olúwa Ọlọ́run wọn gbọ́.
15 ১৫ তেওঁলোকে যিহোৱাৰ বিধিবোৰ, তেওঁলোকৰ পূর্বপুৰুষসকলৰ সৈতে স্থাপন কৰা তেওঁৰ বিধান আৰু তেওঁলোকক দিয়া তেওঁৰ সাৱধান বাণী মানিবলৈ অস্বীকাৰ কৰিছিল। তেওঁলোকে অসাৰ মূর্তিবোৰৰ পাছত চলি নিজেও অসাৰ হৈ পৰিছিল। যিহোৱাই তেওঁলোকক যি লোক সমূহৰ দৰে চলিবলৈ নিষেধ কৰিছিল, তেওঁলোকে নিজৰ চাৰিওফালে থকা সেই জাতি সমূহৰ দৰেই চলিছিল।
Wọ́n kọ̀ ìlànà rẹ̀ àti májẹ̀mú tí ó ti ṣe pẹ̀lú baba wọn àti ìkìlọ̀ tí ó ti fi fún wọn. Wọ́n tẹ̀lé òrìṣà aláìníláárí, àwọn fún rara wọn sì jẹ́ aláìníláárí. Wọ́n tẹ̀lé orílẹ̀-èdè tí ó yí wọn ká bí ó tilẹ̀ jẹ́ pé Olúwa ti kìlọ̀ fún wọn pé, “Má ṣe ṣe gẹ́gẹ́ bí wọn tí ń ṣe,” wọ́n sì ṣe ohun tí Olúwa ti kà léèwọ̀ fún wọn láti ṣe.
16 ১৬ তেওঁলোকে তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ সকলো আজ্ঞা অগ্রাহ্য কৰি, নিজৰ নিমিত্তে পূজা কৰিবলৈ সাঁচত ঢলা দুটা দামুৰিৰ মূর্তি, এটা আচেৰা মূর্তি সাজিছিল; তেওঁলোকে আকাশৰ সকলো তৰা আৰু বাল দেৱতাৰ সেৱা-পূজা কৰিছিল।
Wọ́n kọ̀ gbogbo òfin Olúwa Ọlọ́run wọn sílẹ̀, wọ́n sì ṣe òrìṣà méjì fún ara wọn, wọ́n sì gbẹ́ ẹ ọ̀kan ní ère ẹgbọrọ màlúù, àti ọ̀kan ní ère òrìṣà Aṣerah. Wọ́n sì tẹrí wọn ba sí gbogbo ogun ọ̀run, wọ́n sì sin Baali.
17 ১৭ নিজৰ ল’ৰা-ছোৱালীবোৰক তেওঁলোকে হোমবলিৰূপে উৎসর্গ কৰিছিল; ভৱিষ্যত জনাৰ বাবে তেওঁলোকে মঙ্গল চোৱা কাৰ্য ও মায়াকৰ্মৰ অভ্যাস কৰিছিল; যিহোৱাৰ দৃষ্টিত যি বেয়া, সেই সকলোকে কৰিবলৈ তেওঁলোকে নিজক বিক্রী কৰি যিহোৱাক ক্রোধিত কৰি তুলিছিল।
Wọ́n sì fi àwọn ọmọkùnrin àti àwọn ọmọbìnrin wọn rú ẹbọ nínú iná. Wọ́n sì ń fọ àfọ̀ṣẹ, wọ́n sì ń ṣe àlúpàyídà wọ́n sì ta ara wọn láti ṣe ohun búburú níwájú Olúwa, wọ́n sì mú un bínú.
18 ১৮ এই হেতুকে ইস্ৰায়েলী লোকসকলৰ ওপৰত যিহোৱা অতিশয় ক্ৰোধিত হ’ল আৰু তেওঁলোকক নিজৰ সন্মুখৰ পৰা দূৰ কৰিলে; কেৱল যিহূদা গোষ্ঠীৰ বাহিৰে কোনো বাকী নাথাকিল।
Bẹ́ẹ̀ ni Olúwa sì bínú gidigidi pẹ̀lú Israẹli ó sì mú wọn kúrò níwájú rẹ̀. Ẹ̀yà Juda nìkan ṣoṣo ni ó kù,
19 ১৯ কিন্তু যিহূদা ফৈদেও তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা অনুসাৰে নচলি, ইস্ৰায়েলে যি যি কৰিছিল তাকে অনুসৰণ কৰিছিল।
àti pẹ̀lú, Juda kò pa òfin Olúwa Ọlọ́run wọn mọ́. Wọ́n tẹ̀lé ìhùwàsí àwọn Israẹli tí wọ́n ṣe.
20 ২০ সেয়ে যিহোৱাই ইস্ৰায়েলৰ সকলো বংশকে অগ্ৰাহ্য কৰিলে আৰু নিজৰ সন্মুখৰ পৰা তেওঁলোকক দূৰ নকৰালৈকে, তেওঁ তেওঁলোকক কষ্ট দি আছিল; লুট কৰোঁতা সকলৰ হাতত তেওঁলোকক শোধাই দিছিল।
Nítorí náà Olúwa kọ gbogbo àwọn ènìyàn Israẹli; ó sì jẹ wọ́n ní yà. Ó sì fi wọ́n lé ọwọ́ àwọn olè títí tí ó fi ta wọ́n nù kúrò níwájú rẹ̀.
21 ২১ যিহোৱাই ইস্রায়েলীসকলক দায়ুদৰ ৰাজকীয় বংশৰ পৰা যেতিয়া কাঢ়ি লৈ বেলেগ কৰিছিল, তেতিয়া তেওঁলোকে নবাটৰ পুত্র যাৰবিয়ামক ৰজা পাতিছিল। সেই যাৰবিয়ামে ইস্রায়েলী লোকসকলক যিহোৱাৰ নির্দেশিত পথত চলাৰ পৰা আঁতৰাই নি তেওঁলোকৰ দ্বাৰাই মহাপাপ কৰাইছিল।
Nígbà tí ó ta Israẹli kúrò láti ìdílé Dafidi, wọ́n sì mú Jeroboamu ọmọ Nebati jẹ ọba wọn. Jeroboamu sì mú kí àwọn ọmọ Israẹli yípadà kúrò ní títẹ̀lé Olúwa, ó sí mú kí wọn dẹ́ṣẹ̀ ńlá.
22 ২২ ইস্ৰায়েলৰ লোকসকলে যাৰবিয়ামে কৰা সকলো পাপ কার্যকে অনুসৰণ কৰি চলিছিল। সেইবোৰৰ পৰা ঘূৰি অহা নাছিল।
Àwọn ọmọ Israẹli forítì í nínú gbogbo ẹ̀ṣẹ̀ Jeroboamu kò sì yí padà kúrò lọ́dọ̀ wọn,
23 ২৩ এইদৰে যিহোৱাই তেওঁৰ সকলো দাস অর্থাৎ ভাববাদীসকলৰ যোগেদি দিয়া সাৱধান বাণী অনুসাৰে নিজৰ সন্মুখৰ পৰা ইস্রায়েলক দূৰ কৰিলে। এইকাৰণেই ইস্রায়েলৰ লোকসকলক তেওঁলোকৰ নিজৰ দেশৰ পৰা অচূৰ দেশলৈ নিয়া হ’ল। আজিলৈকে তেওঁলোক সেই ঠাইতে আছে।
títí tí Olúwa fi mú wọn kúrò níwájú rẹ̀, gẹ́gẹ́ bí ó ti paláṣẹ láti ọ̀dọ̀ àwọn ìránṣẹ́ wòlíì. Bẹ́ẹ̀ ni a kó gbogbo ènìyàn Israẹli kúrò ní ilẹ̀ wọn lọ sí ìgbèkùn ni Asiria, títí di òní yìí.
24 ২৪ অচূৰৰ ৰজাই ইস্রায়েলীসকলৰ সলনি বেবিলন, কূথা, অব্বা, হমাৎ আৰু চফৰ্বয়িমৰ পৰা লোক আনি চমৰীয়াৰ নগৰবোৰত বাস কৰিবলৈ দিলে; তেওঁলোকে চমৰিয়া অধিকাৰ কৰি তাৰ নগৰবোৰত বসতি কৰিবলৈ ধৰিলে।
Ọba Asiria mú àwọn ènìyàn láti Babeli, Kuta, Afa, Hamati àti Sefarfaimi, wọ́n sì fi wọ́n sínú ìlú Samaria láti rọ́pò àwọn ọmọ Israẹli. Wọ́n sì ń gbé ní ìlú náà.
25 ২৫ সেই ঠাইত বসতি কৰাৰ আৰম্ভণীতে, তেওঁলোকে যিহোৱাক ভয় কৰা নাছিল; এই হেতুকে যিহোৱাই তেওঁলোকৰ মাজলৈ সিংহ পঠাই দিলে আৰু সেইবোৰে তেওঁলোকৰ কিছুমানক মাৰি পেলালে।
Nígbà tí wọ́n gbé bẹ̀ ní àkọ́kọ́, wọn kò sì bẹ̀rù Olúwa, bẹ́ẹ̀ ni ó rán kìnnìún sí àárín wọn. Wọ́n sì pa nínú wọn.
26 ২৬ তেতিয়া অচূৰৰ ৰজাৰ আগত তেওঁলোকে ক’লে, “আপুনি যি জাতিবোৰক আনি চমৰিয়াত বাস কৰিবৰ কাৰণে পঠাই দিলে, তেওঁলোকে সেই দেশৰ ঈশ্বৰক কেনেদৰে উপাসনা কৰিব লাগে, তাক নাজানে। সেয়ে ঈশ্বৰে তেওঁলোকৰ মাজলৈ সিংহ পঠালে আৰু সেইবোৰে লোকসকলক মাৰি আছে, কিয়নো তেওঁলোকে সেই দেশৰ ঈশ্বৰৰ নিয়ম প্ৰণালী নাজানে।”
Wọ́n sì sọ fún ọba Asiria pé, “Àwọn ènìyàn tí ìwọ lé kúrò tí o sì fi sínú ìlú Samaria kò mọ ohun tí ọlọ́run ìlú náà béèrè. Ó sì ti rán kìnnìún sí àárín wọn, tí ó sì ń pa wọ́n run, nítorí ènìyàn wọn kò mọ ohun tí ó béèrè.”
27 ২৭ তেতিয়া অচূৰৰ ৰজাই এই আজ্ঞা দিলে, “তাৰ পৰা অনা পুৰোহিতসকলৰ এজনক তালৈ যাবলৈ দিয়া আৰু তেওঁ গৈ তাত বসতি কৰক। তেওঁ সেই দেশৰ ঈশ্বৰক কেনেদৰে উপাসনা কৰিব লাগে, তাক শিকাওক।”
Nígbà náà ọba Asiria pàṣẹ yìí wí pé, “Mú ọ̀kan lára àwọn àlùfáà tí ó mú láti Samaria lọ padà gbé níbẹ̀ kí ó sì kọ́ àwọn ènìyàn ní, ohun tí ọlọ́run ilẹ̀ náà béèrè.”
28 ২৮ সেয়ে চমৰিয়াৰ পৰা লৈ যোৱা পুৰোহিতসকলৰ মাজৰ এজনে আহি বৈৎএলত নিবাস কৰিলে আৰু কেনেকৈ তেওঁলোকে যিহোৱাক উপাসনা কৰিব লাগে, তাক তেওঁ শিকালে।
Bẹ́ẹ̀ ni ọ̀kan lára àwọn àlùfáà tí ó ti kúrò ní Samaria wá gbé ní Beteli ó sì kọ́ wọn bí a ti ń sin Olúwa.
29 ২৯ তথাপিও প্ৰত্যেক জাতিৰ লোকসকলে যি যি নগৰত বাস কৰিছিল, তেওঁলোকে সেই নগৰবোৰত নিজৰ নিজৰ দেৱতাবোৰ নির্মাণ কৰিলে আৰু চমৰিয়াৰ লোকসকলে নির্মাণ কৰা ওখ ঠাইৰ মঠবোৰত সেইবোৰ ৰাখিলে।
Bí ó tilẹ̀ rí bẹ́ẹ̀, olúkúlùkù orílẹ̀-èdè ṣe òrìṣà tirẹ̀ ní gbogbo ìlú níbi tí wọ́n gbé wà, wọ́n sì gbé wọn nínú ilé òrìṣà àti àwọn ènìyàn Samaria ó sì ṣe wọ́n sí ibi gíga wọ̀n-ọn-nì.
30 ৩০ সেইদৰে বেবিলনৰ লোকসকলে চক্কোৎ-বনোতৰ মূর্তি, কুথৰ লোকসকলে নেৰ্গলৰ মূর্তি, হমাতৰ লোকসকলে অচীমা মূর্তি সাজিলে;
Bẹ́ẹ̀ ni àwọn ọkùnrin láti Babeli ṣe àgọ́ àwọn wúńdíá, àwọn ènìyàn Kuti ṣe òrìṣà Nergali, àti àwọn ènìyàn Hamati ṣe ti Aṣima;
31 ৩১ অব্বিয়াসকলে নিভজ আৰু তৰ্তকৰ মূর্তি সাজিলে; অদ্ৰম্মেলক আৰু অনম্মেলক নামৰ চফৰ্বয়িমৰ দেৱতাবোৰৰ উদ্দেশ্যে চফৰ্বয়িমৰ লোকসকলে তেওঁলোকৰ নিজৰ সন্তান সকলক জুইত পুৰি উৎসর্গ কৰিলে।
àti àwọn ará Afa ṣe Nibhasi àti Tartaki, àti àwọn ará Sefarfaimi sun àwọn ọmọ wọn níná gẹ́gẹ́ bí ẹbọ sí Adrameleki àti Anameleki, àwọn òrìṣà Sefarfaimi.
32 ৩২ তেওঁলোকে যিহোৱাৰো উপাসনা কৰিছিল। উপাসনাৰ ওখ ঠাইৰ মঠবোৰত পুৰোহিতৰ কার্য কৰিবৰ কাৰণে নিজৰ মাজৰ পৰাই লোক নিযুক্ত কৰিছিল; সেই পুৰোহিতসকলে তেওঁলোকৰ বাবে ওখ ঠাইৰ মঠ-মন্দিৰবোৰত বলি উৎসর্গ কৰিছিল।
Wọ́n sin Olúwa, ṣùgbọ́n wọ́n sì tún yan gbogbo ẹgbẹ́ tí ènìyàn wọn láti ṣe iṣẹ́ oyè fún wọn gẹ́gẹ́ bí àlùfáà ní ibi gíga.
33 ৩৩ তেওঁলোকে যিহোৱাক উপাসনা কৰাৰ লগতে যি জাতিবোৰৰ মাজৰ পৰা তেওঁলোকক লৈ অনা হৈছিল, সেই জাতিবোৰৰ নিয়ম-প্ৰণালী অনুসাৰে নিজৰ দেৱতাবোৰৰো পূজা-অর্চনা কৰিছিল।
Wọ́n sin Olúwa ṣùgbọ́n wọ́n sin òrìṣà wọn ní ìṣọ̀kan pẹ̀lú àṣà orílẹ̀-èdè wọn láti ibi tí wọ́n ti gbé wọn wá.
34 ৩৪ আজিলৈকে তেওঁলোকে সেই পূৰ্বকালৰ নিয়ম-প্ৰণালী মানি চলি আছে। তেওঁলোকে প্রকৃতার্থত যিহোৱাক উপাসনা নকৰে, কাৰণ যিহোৱাই যি যাকোবৰ নাম ইস্রায়েল ৰাখিছিল, সেই যাকোবৰ সন্তান সকলৰ বিধি বা নির্দেশ বা বিধান বা যিহোৱাই তেওঁলোকক দিয়া আজ্ঞা অনুসাৰে তেওঁলোকে কাৰ্য নকৰে।
Láti ìgbà náà wá àwọn àlùfáà wọn ṣe bí ti àtẹ̀yìnwá. Wọn kò sin Olúwa tàbí kí wọ́n fi ara mọ́ ìlànà àti àṣẹ àti òfin tí Olúwa fi fún ìránṣẹ́ Jakọbu, tí wọ́n pe orúkọ rẹ̀ ní Israẹli.
35 ৩৫ যাকোবৰ সৈতে যিহোৱাই ইস্রায়েলসকলৰ কাৰণে এটি নিয়ম স্থাপন কৰি তেওঁলোকক এই আজ্ঞা দিছিল, “তোমালোকে আন কোনো দেৱ-দেবীক ভয় নকৰিবা বা তেওঁলোকৰ আগত প্ৰণিপাত নকৰিবা আৰু তেওঁলোকক সেৱা-পূজা বা তেওঁলোকৰ উদ্দেশ্যে বলিদান নকৰিবা।
Nígbà tí Olúwa ṣe májẹ̀mú pẹ̀lú àwọn ọmọ Israẹli ó pàṣẹ fún wọn pé, “Ẹ má ṣe sin òrìṣà mìíràn tàbí tẹríba fún wọn, sìn wọ́n tàbí kí ẹ rú ẹbọ sí wọn.
36 ৩৬ কিন্তু যিহোৱাই, যি জনে মহা-পৰাক্ৰমেৰে আৰু মেলা বাহুৰে মিচৰ দেশৰ পৰা তোমালোকক উলিয়াই আনিলে, তোমালোকে সেই যিহোৱাৰেই উপাসনা কৰিবা; তেওঁকেই প্ৰণিপাত কৰিবা আৰু তেওঁৰেই উদ্দেশ্যে বলি উৎসর্গ কৰিবা।
Ṣùgbọ́n Olúwa, ẹni tí ó mú yín gòkè jáde wá láti ilẹ̀ Ejibiti pẹ̀lú agbára ńlá àti nínà apá, òun ni ẹni náà tí ó yẹ kí ẹ sìn. Òun ni ẹni tí ó yẹ kí ẹ tẹríba fún àti sí òun ni kí ẹ rú ẹbọ fún.
37 ৩৭ তেওঁ যি সকলো বিধি, নির্দেশ, বিধান আৰু আজ্ঞা তোমালোকৰ কাৰণে লিখি দিছিল তাক তোমালোকে সদায় পালন কৰিবা। গতিকে তোমালোকে আন দেৱতাবোৰলৈ ভয় নকৰিবা।
Ó yẹ kí ẹ̀yin kí ó máa kíyèsi ara yín gidigidi láti pa ìlànà àti àṣẹ, àti òfin tí ó kọ fún un yín mọ́. Ẹ má ṣe sin ọlọ́run mìíràn.
38 ৩৮ মই তোমালোকে সৈতে কৰা নিয়মটি তোমালোকে নাপাহৰিবা আৰু আন দেৱতাবোৰৰ উপাসনা নকৰিবা।
Ẹ má ṣe gbàgbé májẹ̀mú tí mo ti ṣe pẹ̀lú yín mọ́ àti kí ẹ má sin ọlọ́run mìíràn.
39 ৩৯ কিন্তু তোমালোকৰ ঈশ্বৰ যিহোৱাকেই তোমালোকে উপাসনা কৰিবা; তাতে তেৱেঁই তোমালোকক তোমালোকৰ সকলো শত্ৰুৰ শক্তিৰ পৰা উদ্ধাৰ কৰিব।”
Kúkú sin Olúwa Ọlọ́run rẹ; Òun ni ẹni náà tí yóò gbà yín kúrò lọ́wọ́ gbogbo àwọn ọ̀tá a yín.”
40 ৪০ তথাপিও তেওঁলোকে সেই কথালৈ কাণ নিদিলে; তেওঁলোকে পূর্বে যিদৰে কৰিছিল, সেই অনুসাৰেই চলি থাকিল।
Wọn kò ní gbọ́, bẹ́ẹ̀ ni, wọ́n sì ń ṣe iṣẹ́ wọ́n ti àtijọ́.
41 ৪১ এইদৰে সেই জাতি সমূহে যিহোৱাক ভয় কৰিছিল আৰু তেওঁলোকৰ কটা-প্ৰতিমাকো পূজা কৰিছিল; তেওঁলোকৰ পূর্বপুৰুষসকলে যেনেকৈ কৰিছিল, তেওঁলোকৰ নাতি-পুতিসকলেও তেনেকৈ আজিলৈকে কৰি আহিছে।
Bẹ́ẹ̀ ni àwọn ènìyàn wọn sin Olúwa, wọ́n sì ń sin òrìṣà wọn. Títí di ọjọ́ òní ọmọ wọn àti àwọn ọmọ ọmọ wọn sì ń ṣe bí àwọn baba wọn ti ń ṣe.