< ২ রাজাবলি 17 >
1 ১ যিহূদাৰ ৰজা আহজৰ ৰাজত্বৰ বাৰ বছৰৰ সময়ত এলাৰ পুত্ৰ হোচেয়াই চমৰিয়াত ইস্ৰায়েলৰ ৰজা হৈছিল। তেওঁ ন বছৰ ৰাজত্ব কৰিছিল।
Ын ал дойспрезечеля ан ал луй Ахаз, ымпэратул луй Иуда, а ынчепут сэ домняскэ песте Исраел, ла Самария, Осея, фиул луй Ела. А домнит ноуэ ань.
2 ২ যিহোৱাৰ দৃষ্টিত যি বেয়া, তেওঁ তাকেই কৰিছিল, যদিও ইস্রায়েলৰ আগৰ ৰজাসকলে কৰাৰ দৰে তেওঁ নাছিল।
Ел а фэкут че есте рэу ынаинтя Домнулуй, тотушь ну ка ымпэраций луй Исраел динаинтя луй.
3 ৩ অচূৰৰ ৰজা চল্মনেচৰে আক্রমণ কৰি হোচেয়াক পৰাজয় কৰিলে; তাতে হোচেয়া তেওঁৰ অধীনৰ ৰজা হোৱাত তেওঁলৈ ৰাজহ আনিছিল।
Салманасар, ымпэратул Асирией, с-а суит ымпотрива луй; ши Осея и с-а супус ши й-а плэтит ун бир.
4 ৪ পাছত অচূৰৰ ৰজাই বুজি পালে যে, হোচেয়াই তেওঁৰ বিৰুদ্ধে ষড়যন্ত্র ৰচনা কৰিছে, কিয়নো তেওঁ মিচৰৰ চো ৰজা ওচৰলৈ বার্তাবাহকসকলক পঠাইছিল আৰু অচূৰৰ ৰজাক বছৰে বছৰে যি ৰাজহ দিছিল, সেয়া পুনৰ দিয়া নাছিল। সেইবাবেই অচূৰৰ ৰজাই তেওঁক ধৰি নি কাৰাগাৰত বন্দী কৰি থৈছিল।
Дар ымпэратул Асирией а дескоперит о унелтире ла Осея, кэч тримисесе соль луй Со, ымпэратул Еӂиптулуй, ши ну май плэтя пе фиекаре ан бирул ымпэратулуй Асирией. Ымпэратул Асирией л-а ынкис ши л-а пус ын ланцурь ынтр-о темницэ.
5 ৫ তাৰ পাছত অচূৰৰ ৰজাই গোটেই দেশ আক্ৰমণ কৰি চমৰিয়ালৈকে গ’ল আৰু তিনি বছৰলৈকে তাক অৱৰোধ কৰিলে।
Ши ымпэратул Асирией а стрэбэтут тоатэ цара ши с-а суит ымпотрива Самарией, пе каре а ымпресурат-о тимп де трей ань.
6 ৬ হোচেয়াৰ ৰাজত্বৰ নৱম বছৰৰ সময়ত অচূৰৰ ৰজাই চমৰিয়া দখল কৰিলে আৰু ইস্ৰায়েলীয়াসকলক বন্দী কৰি অচূৰ দেশলৈ লৈ গ’ল। তেওঁলোকক তেওঁ হলহত, গোজনৰ নদী হাবোৰৰ পাৰত আৰু মাদীয়াসকলৰ নগৰবোৰত বাস কৰিবলৈ দিলে।
Ын ал ноуэля ан ал луй Осея, ымпэратул Асирией а луат Самария ши а дус пе Исраел ын робие ын Асирия, л-а пус сэ локуяскэ ла Халах ши ла Хабор, лынгэ рыул Гозан ши ын четэциле мезилор.
7 ৭ এই সকলো ঘটিছিল, কাৰণ যদিও ইস্রায়েলৰ ঈশ্বৰ যিহোৱাই তেওঁলোকক মিচৰৰ ৰজা ফৰৌণৰ অধীনৰ পৰা বাহিৰ কৰি মিচৰ দেশৰ পৰা লৈ আনিছিল, তথাপিও তেওঁলোকে তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে পাপ কৰিছিল। তেওঁলোকে আন দেৱ-দেৱীৰ পূজা কৰিছিল।
Лукрул ачеста с-а ынтымплат пентру кэ копиий луй Исраел ау пэкэтуит ымпотрива Домнулуй Думнезеулуй лор, каре-й скосесе дин цара Еӂиптулуй, де суб мына луй Фараон, ымпэратул Еӂиптулуй, ши пентру кэ с-ау ынкинат ла алць думнезей.
8 ৮ যি জাতিবোৰক যিহোৱাই ইস্ৰায়েলৰ সন্মুখৰ পৰা দূৰ কৰিছিল, তেওঁলোকৰ ৰীতি-নীতি আৰু নিজৰ ৰজাসকলে স্থাপন কৰা ৰীতিত তেওঁলোক চলিছিল।
Ау урмат обичеюриле нямурилор пе каре Домнул ле изгонисе динаинтя копиилор луй Исраел ши обичеюриле рындуите де ымпэраций луй Исраел.
9 ৯ ইস্ৰায়েলীয়াসকলে গোপনে ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে অনুচিত কাৰ্যবোৰ কৰিছিল। প্রহৰীৰ ওখ মিনাৰৰ পৰা গড়েৰে আবৃত নগৰলৈকে তেওঁলোকৰ সকলো নগৰত ওখ মঠবোৰ নির্মাণ কৰিছিল।
Копиий луй Исраел ау фэкут пе аскунс ымпотрива Домнулуй Думнезеулуй лор лукрурь каре ну сунт буне. Шь-ау зидит ынэлцимь ын тоате четэциле лор, де ла турнуриле стрэжерилор пынэ ла четэциле ынтэрите.
10 ১০ তেওঁলোকে প্ৰত্যেকটো ওখ পাহাৰৰ ওপৰত আৰু সেউজীয়া ডাল পাতেৰে ভৰা প্রত্যেকজোপা গছৰ তলত পূজা কৰা শিলৰ স্তম্ভ আৰু আচেৰা মূর্তিবোৰ স্থাপন কৰিছিল।
Шь-ау ридикат стылпь идолешть ши астартее пе орьче дял ши суб орьче копак верде.
11 ১১ যি জাতি সমূহক যিহোৱাই তেওঁলোকৰ সন্মুখৰ পৰা দূৰ কৰিছিল, সেই জাতিৰ লোকসকলৰ দৰে ইস্রায়েলীয়াসকলেও এই ওখ মঠবোৰত ধূপ জ্বলাইছিল। তেওঁলোকে দুষ্ট কর্মবোৰ কৰি যিহোৱাক ক্রোধিত কৰিছিল;
Ши аколо ау арс тэмые пе тоате ынэлцимиле, ка ши нямуриле пе каре ле изгонисе Домнул динаинтя лор, ши ау фэкут лукрурь реле, прин каре ау мыният пе Домнул.
12 ১২ তেওঁলোকে মূর্তি পূজা কৰিছিল, যদিও যিহোৱাই তেওঁলোকক কৈছিল যে, “তোমালোকে এনে কার্য নকৰিবা।”
Ау служит идолилор, деспре каре Домнул ле зисесе: „Сэ ну фачець лукрул ачеста!”
13 ১৩ যিহোৱাই তেওঁৰ সকলো ভাববাদী আৰু দৰ্শকসকলৰ মাধ্যমেদি ইস্ৰায়েল আৰু যিহূদা দেশক এই বুলি সাৱধান কৰি দিছিল, “তোমালোক সকলো কু-পথৰ পৰা ঘূৰা; মোৰ সকলো আজ্ঞা আৰু বিধি-বিধান অনুসাৰে চলা। মোৰ দাস ভাৱবাদীসকলক পঠাই তেওঁলোকৰ দ্বাৰাই মই যি সকলো বিধি-বিধান তোমালোকৰ পূর্বপুৰুষসকলক দিছিলোঁ, সেই সকলো বিধান যত্নেৰে পালন কৰা।”
Домнул а ынштиинцат пе Исраел ши Иуда прин тоць пророчий Луй, прин тоць вэзэторий, ши ле-а зис: „Ынтоарчеци-вэ де ла кэиле воастре челе реле ши пэзиць порунчиле ши рындуелиле Меле, урмынд ын тотул леӂя пе каре ам дат-о пэринцилор воштри ши пе каре в-ам тримис-о прин робий Мей, пророчий.”
14 ১৪ তথাপিও তেওঁলোকে সেই কথা নুশুনিলে। ঈশ্বৰ যিহোৱাত বিশ্বাস নকৰা তেওঁলোকৰ পূর্বপুৰুষসকলৰ নিচিনাকৈ তেওঁলোক আঁকোৰ-গোঁজ হৈ থাকিল।
Дар ей н-ау аскултат, шь-ау ынцепенит грумазул, ка ши пэринций лор, каре ну крезусерэ ын Домнул Думнезеул лор.
15 ১৫ তেওঁলোকে যিহোৱাৰ বিধিবোৰ, তেওঁলোকৰ পূর্বপুৰুষসকলৰ সৈতে স্থাপন কৰা তেওঁৰ বিধান আৰু তেওঁলোকক দিয়া তেওঁৰ সাৱধান বাণী মানিবলৈ অস্বীকাৰ কৰিছিল। তেওঁলোকে অসাৰ মূর্তিবোৰৰ পাছত চলি নিজেও অসাৰ হৈ পৰিছিল। যিহোৱাই তেওঁলোকক যি লোক সমূহৰ দৰে চলিবলৈ নিষেধ কৰিছিল, তেওঁলোকে নিজৰ চাৰিওফালে থকা সেই জাতি সমূহৰ দৰেই চলিছিল।
Н-ау врут сэ штие де леӂиле Луй, де легэмынтул пе каре-л фэкусе ку пэринций лор ши де ынштиинцэриле пе каре ли ле дэдусе. С-ау луат дупэ лукрурь де нимик – ши ей ыншишь н-ау фост декыт нимик – ши дупэ нямуриле ын мижлокул кэрора трэяу, мэкар кэ Домнул ле порунчисе сэ ну се я дупэ еле.
16 ১৬ তেওঁলোকে তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ সকলো আজ্ঞা অগ্রাহ্য কৰি, নিজৰ নিমিত্তে পূজা কৰিবলৈ সাঁচত ঢলা দুটা দামুৰিৰ মূর্তি, এটা আচেৰা মূর্তি সাজিছিল; তেওঁলোকে আকাশৰ সকলো তৰা আৰু বাল দেৱতাৰ সেৱা-পূজা কৰিছিল।
Ау пэрэсит тоате порунчиле Домнулуй Думнезеулуй лор, шь-ау фэкут вицей турнаць, ау фэкут идоль де-ай Астартеей, с-ау ынкинат ынаинтя ынтреӂий оштирь а черурилор ши ау служит луй Баал.
17 ১৭ নিজৰ ল’ৰা-ছোৱালীবোৰক তেওঁলোকে হোমবলিৰূপে উৎসর্গ কৰিছিল; ভৱিষ্যত জনাৰ বাবে তেওঁলোকে মঙ্গল চোৱা কাৰ্য ও মায়াকৰ্মৰ অভ্যাস কৰিছিল; যিহোৱাৰ দৃষ্টিত যি বেয়া, সেই সকলোকে কৰিবলৈ তেওঁলোকে নিজক বিক্রী কৰি যিহোৱাক ক্রোধিত কৰি তুলিছিল।
Ау трекут прин фок пе фиий ши фийчеле лор, с-ау дедат ла гичире ши врэжиторий ши с-ау вындут ка сэ факэ че есте рэу ынаинтя Домнулуй, мыниинду-Л.
18 ১৮ এই হেতুকে ইস্ৰায়েলী লোকসকলৰ ওপৰত যিহোৱা অতিশয় ক্ৰোধিত হ’ল আৰু তেওঁলোকক নিজৰ সন্মুখৰ পৰা দূৰ কৰিলে; কেৱল যিহূদা গোষ্ঠীৰ বাহিৰে কোনো বাকী নাথাকিল।
Де ачея Домнул С-а мыният фоарте таре ымпотрива луй Исраел ши й-а ындепэртат де ла Фаца Луй. Н-а рэмас декыт семинция луй Иуда,
19 ১৯ কিন্তু যিহূদা ফৈদেও তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা অনুসাৰে নচলি, ইস্ৰায়েলে যি যি কৰিছিল তাকে অনুসৰণ কৰিছিল।
ши кяр Иуда ну пэзисе порунчиле Домнулуй Думнезеулуй луй, чи се луасе дупэ обичеюриле рындуите де Исраел.
20 ২০ সেয়ে যিহোৱাই ইস্ৰায়েলৰ সকলো বংশকে অগ্ৰাহ্য কৰিলে আৰু নিজৰ সন্মুখৰ পৰা তেওঁলোকক দূৰ নকৰালৈকে, তেওঁ তেওঁলোকক কষ্ট দি আছিল; লুট কৰোঁতা সকলৰ হাতত তেওঁলোকক শোধাই দিছিল।
Домнул а лепэдат тот нямул луй Исраел; й-а смерит, й-а дат ын мыниле жефуиторилор ши а сфыршит прин а-й изгони динаинтя Фецей Луй.
21 ২১ যিহোৱাই ইস্রায়েলীসকলক দায়ুদৰ ৰাজকীয় বংশৰ পৰা যেতিয়া কাঢ়ি লৈ বেলেগ কৰিছিল, তেতিয়া তেওঁলোকে নবাটৰ পুত্র যাৰবিয়ামক ৰজা পাতিছিল। সেই যাৰবিয়ামে ইস্রায়েলী লোকসকলক যিহোৱাৰ নির্দেশিত পথত চলাৰ পৰা আঁতৰাই নি তেওঁলোকৰ দ্বাৰাই মহাপাপ কৰাইছিল।
Кэч Исраел се дезлиписе де каса луй Давид ши фэкусе ымпэрат пе Иеробоам, фиул луй Небат, каре-л абэтусе де ла Домнул ши фэкусе пе Исраел сэ сэвыршяскэ ун маре пэкат.
22 ২২ ইস্ৰায়েলৰ লোকসকলে যাৰবিয়ামে কৰা সকলো পাপ কার্যকে অনুসৰণ কৰি চলিছিল। সেইবোৰৰ পৰা ঘূৰি অহা নাছিল।
Копиий луй Исраел се дэдусерэ ла тоате пэкателе пе каре ле фэкусе Иеробоам; ну с-ау абэтут де ла еле
23 ২৩ এইদৰে যিহোৱাই তেওঁৰ সকলো দাস অর্থাৎ ভাববাদীসকলৰ যোগেদি দিয়া সাৱধান বাণী অনুসাৰে নিজৰ সন্মুখৰ পৰা ইস্রায়েলক দূৰ কৰিলে। এইকাৰণেই ইস্রায়েলৰ লোকসকলক তেওঁলোকৰ নিজৰ দেশৰ পৰা অচূৰ দেশলৈ নিয়া হ’ল। আজিলৈকে তেওঁলোক সেই ঠাইতে আছে।
пынэ че Домнул а изгонит пе Исраел динаинтя Луй, кум вестисе прин тоць служиторий Сэй пророчь. Ши Исраел а фост дус ын робие департе де цара луй, ын Асирия, унде а рэмас пынэ ын зиуа де азь.
24 ২৪ অচূৰৰ ৰজাই ইস্রায়েলীসকলৰ সলনি বেবিলন, কূথা, অব্বা, হমাৎ আৰু চফৰ্বয়িমৰ পৰা লোক আনি চমৰীয়াৰ নগৰবোৰত বাস কৰিবলৈ দিলে; তেওঁলোকে চমৰিয়া অধিকাৰ কৰি তাৰ নগৰবোৰত বসতি কৰিবলৈ ধৰিলে।
Ымпэратул Асирией а адус оамень дин Бабилон, дин Кута, дин Ава, дин Хамат ши дин Сефарваим ши й-а ашезат ын четэциле Самарией ын локул копиилор луй Исраел. Ау пус стэпынире пе Самария ши ау локуит ын четэциле ей.
25 ২৫ সেই ঠাইত বসতি কৰাৰ আৰম্ভণীতে, তেওঁলোকে যিহোৱাক ভয় কৰা নাছিল; এই হেতুকে যিহোৱাই তেওঁলোকৰ মাজলৈ সিংহ পঠাই দিলে আৰু সেইবোৰে তেওঁলোকৰ কিছুমানক মাৰি পেলালে।
Кынд ау ынчепут сэ локуяскэ аич, ну се темяу де Домнул, ши Домнул а тримис ымпотрива лор ниште лей, каре-й оморау.
26 ২৬ তেতিয়া অচূৰৰ ৰজাৰ আগত তেওঁলোকে ক’লে, “আপুনি যি জাতিবোৰক আনি চমৰিয়াত বাস কৰিবৰ কাৰণে পঠাই দিলে, তেওঁলোকে সেই দেশৰ ঈশ্বৰক কেনেদৰে উপাসনা কৰিব লাগে, তাক নাজানে। সেয়ে ঈশ্বৰে তেওঁলোকৰ মাজলৈ সিংহ পঠালে আৰু সেইবোৰে লোকসকলক মাৰি আছে, কিয়নো তেওঁলোকে সেই দেশৰ ঈশ্বৰৰ নিয়ম প্ৰণালী নাজানে।”
Атунч ау спус ымпэратулуй Асирией: „Нямуриле пе каре ле-ай стрэмутат ши ле-ай ашезат ын четэциле Самарией ну куноск фелул ын каре сэ служяскэ Думнезеулуй цэрий, ши Ел а тримис ымпотрива лор ниште лей каре ле омоарэ, пентру кэ ну куноск фелул ын каре требуе сэ служяскэ Думнезеулуй цэрий.”
27 ২৭ তেতিয়া অচূৰৰ ৰজাই এই আজ্ঞা দিলে, “তাৰ পৰা অনা পুৰোহিতসকলৰ এজনক তালৈ যাবলৈ দিয়া আৰু তেওঁ গৈ তাত বসতি কৰক। তেওঁ সেই দেশৰ ঈশ্বৰক কেনেদৰে উপাসনা কৰিব লাগে, তাক শিকাওক।”
Ымпэратул Асирией а дат урмэтоаря порункэ: „Тримитець пе унул дин преоций пе каре й-аць луат де аколо ын робие; сэ плече сэ се ашезе аколо ши сэ ле ынвеце фелул ын каре сэ служяскэ Думнезеулуй цэрий.”
28 ২৮ সেয়ে চমৰিয়াৰ পৰা লৈ যোৱা পুৰোহিতসকলৰ মাজৰ এজনে আহি বৈৎএলত নিবাস কৰিলে আৰু কেনেকৈ তেওঁলোকে যিহোৱাক উপাসনা কৰিব লাগে, তাক তেওঁ শিকালে।
Унул дин преоций каре фусесерэ луаць робь дин Самария а венит де с-а ашезат ла Бетел ши ле-а ынвэцат кум сэ се тямэ де Домнул.
29 ২৯ তথাপিও প্ৰত্যেক জাতিৰ লোকসকলে যি যি নগৰত বাস কৰিছিল, তেওঁলোকে সেই নগৰবোৰত নিজৰ নিজৰ দেৱতাবোৰ নির্মাণ কৰিলে আৰু চমৰিয়াৰ লোকসকলে নির্মাণ কৰা ওখ ঠাইৰ মঠবোৰত সেইবোৰ ৰাখিলে।
Дар нямуриле шь-ау фэкут, фиекаре, думнезеий лор ын четэциле пе каре ле локуяу ши й-ау ашезат ын темплеле идолешть дин ынэлцимиле зидите де самаритень.
30 ৩০ সেইদৰে বেবিলনৰ লোকসকলে চক্কোৎ-বনোতৰ মূর্তি, কুথৰ লোকসকলে নেৰ্গলৰ মূর্তি, হমাতৰ লোকসকলে অচীমা মূর্তি সাজিলে;
Оамений дин Бабилон ау фэкут пе Сукот-Бенот, оамений дин Кут ау фэкут пе Нергал, чей дин Хамат ау фэкут пе Ашима,
31 ৩১ অব্বিয়াসকলে নিভজ আৰু তৰ্তকৰ মূর্তি সাজিলে; অদ্ৰম্মেলক আৰু অনম্মেলক নামৰ চফৰ্বয়িমৰ দেৱতাবোৰৰ উদ্দেশ্যে চফৰ্বয়িমৰ লোকসকলে তেওঁলোকৰ নিজৰ সন্তান সকলক জুইত পুৰি উৎসর্গ কৰিলে।
чей дин Ава ау фэкут пе Нибхаз ши Тартак, чей дин Сефарваим ышь ардяу копиий ын фок ын чинстя луй Адрамелек ши Анамелек, думнезеий дин Сефарваим.
32 ৩২ তেওঁলোকে যিহোৱাৰো উপাসনা কৰিছিল। উপাসনাৰ ওখ ঠাইৰ মঠবোৰত পুৰোহিতৰ কার্য কৰিবৰ কাৰণে নিজৰ মাজৰ পৰাই লোক নিযুক্ত কৰিছিল; সেই পুৰোহিতসকলে তেওঁলোকৰ বাবে ওখ ঠাইৰ মঠ-মন্দিৰবোৰত বলি উৎসর্গ কৰিছিল।
Тотодатэ се ынкинау ши Домнулуй ши шь-ау фэкут преоць ай ынэлцимилор, луаць дин тот попорул: преоций ачештя адучяу пентру ей жертфе ын темплеле дин ынэлцимь.
33 ৩৩ তেওঁলোকে যিহোৱাক উপাসনা কৰাৰ লগতে যি জাতিবোৰৰ মাজৰ পৰা তেওঁলোকক লৈ অনা হৈছিল, সেই জাতিবোৰৰ নিয়ম-প্ৰণালী অনুসাৰে নিজৰ দেৱতাবোৰৰো পূজা-অর্চনা কৰিছিল।
Астфел се ынкинау Домнулуй, дар служяу ын ачелашь тимп ши думнезеилор лор, дупэ обичеюл нямурилор де унде фусесерэ мутаць.
34 ৩৪ আজিলৈকে তেওঁলোকে সেই পূৰ্বকালৰ নিয়ম-প্ৰণালী মানি চলি আছে। তেওঁলোকে প্রকৃতার্থত যিহোৱাক উপাসনা নকৰে, কাৰণ যিহোৱাই যি যাকোবৰ নাম ইস্রায়েল ৰাখিছিল, সেই যাকোবৰ সন্তান সকলৰ বিধি বা নির্দেশ বা বিধান বা যিহোৱাই তেওঁলোকক দিয়া আজ্ঞা অনুসাৰে তেওঁলোকে কাৰ্য নকৰে।
Пынэ ын зиуа де астэзь ышь урмязэ ей обичеюриле де ла ынчепут: ну се ынкинэ Домнулуй ши ну се цин нич де леӂиле ши рындуелиле лор, нич де леӂиле ши порунчиле дате де Домнул копиилор луй Иаков, кэруя й-а пус нумеле Исраел.
35 ৩৫ যাকোবৰ সৈতে যিহোৱাই ইস্রায়েলসকলৰ কাৰণে এটি নিয়ম স্থাপন কৰি তেওঁলোকক এই আজ্ঞা দিছিল, “তোমালোকে আন কোনো দেৱ-দেবীক ভয় নকৰিবা বা তেওঁলোকৰ আগত প্ৰণিপাত নকৰিবা আৰু তেওঁলোকক সেৱা-পূজা বা তেওঁলোকৰ উদ্দেশ্যে বলিদান নকৰিবা।
Домнул фэкусе легэмынт ку ей ши ле дэдусе порунка ачаста: „Сэ ну вэ темець де алць думнезей; сэ ну вэ ынкинаць ынаинтя лор, сэ ну ле служиць ши сэ ну ле адучець жертфе.
36 ৩৬ কিন্তু যিহোৱাই, যি জনে মহা-পৰাক্ৰমেৰে আৰু মেলা বাহুৰে মিচৰ দেশৰ পৰা তোমালোকক উলিয়াই আনিলে, তোমালোকে সেই যিহোৱাৰেই উপাসনা কৰিবা; তেওঁকেই প্ৰণিপাত কৰিবা আৰু তেওঁৰেই উদ্দেশ্যে বলি উৎসর্গ কৰিবা।
Чи сэ вэ темець де Домнул, каре в-а скос дин цара Еӂиптулуй ку о маре путере ши ку брацул ынтинс; ынаинтя Луй сэ вэ ынкинаць ши Луй сэ-Й адучець жертфе.
37 ৩৭ তেওঁ যি সকলো বিধি, নির্দেশ, বিধান আৰু আজ্ঞা তোমালোকৰ কাৰণে লিখি দিছিল তাক তোমালোকে সদায় পালন কৰিবা। গতিকে তোমালোকে আন দেৱতাবোৰলৈ ভয় নকৰিবা।
Сэ пэзиць ши сэ ымплиниць тотдяуна ынвэцэтуриле, рындуелиле, леӂя ши порунчиле пе каре ви ле-а скрис Ел ши сэ ну вэ темець де алць думнезей.
38 ৩৮ মই তোমালোকে সৈতে কৰা নিয়মটি তোমালোকে নাপাহৰিবা আৰু আন দেৱতাবোৰৰ উপাসনা নকৰিবা।
Сэ ну уйтаць легэмынтул пе каре л-ам фэкут ку вой ши сэ ну вэ темець де алць думнезей.
39 ৩৯ কিন্তু তোমালোকৰ ঈশ্বৰ যিহোৱাকেই তোমালোকে উপাসনা কৰিবা; তাতে তেৱেঁই তোমালোকক তোমালোকৰ সকলো শত্ৰুৰ শক্তিৰ পৰা উদ্ধাৰ কৰিব।”
Чи сэ вэ темець де Домнул Думнезеул востру, ши Ел вэ ва избэви дин мына тутурор врэжмашилор воштри.”
40 ৪০ তথাপিও তেওঁলোকে সেই কথালৈ কাণ নিদিলে; তেওঁলোকে পূর্বে যিদৰে কৰিছিল, সেই অনুসাৰেই চলি থাকিল।
Ей н-ау аскултат ши ау урмат обичеюриле лор де ла ынчепут.
41 ৪১ এইদৰে সেই জাতি সমূহে যিহোৱাক ভয় কৰিছিল আৰু তেওঁলোকৰ কটা-প্ৰতিমাকো পূজা কৰিছিল; তেওঁলোকৰ পূর্বপুৰুষসকলে যেনেকৈ কৰিছিল, তেওঁলোকৰ নাতি-পুতিসকলেও তেনেকৈ আজিলৈকে কৰি আহিছে।
Нямуриле ачестя се темяу де Домнул ши служяу ши кипурилор лор чоплите, ши копиий лор ши копиий копиилор лор фак пынэ ын зиуа де азь че ау фэкут пэринций лор.