< ২ রাজাবলি 16 >
1 ১ ইস্রায়েলত ৰমলিয়াৰ পুত্ৰ পেকহৰ সোঁতৰ বছৰ বয়সৰ সময়ত, যিহূদাত যোথমৰ পুত্ৰ আহজে ৰাজত্ব আৰম্ভ কৰিছিল।
Godine sedamnaeste Fekaja sina Remalijina zacari se Ahaz sin Jotamov car Judin.
2 ২ আহজ বিশ বছৰ বয়সত ৰজা হৈছিল আৰু ষোল্ল বছৰ ধৰি তেওঁ যিৰূচালেমত ৰাজত্ব কৰিছিল; পূর্বপুৰুষ দায়ুদে যেনেকৈ তেওঁৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত ভাল কার্য কৰিছিল, ৰজা আহজে তেনে কার্য কৰা নাছিল।
Dvadeset godina bijaše Ahazu kad poèe carovati, i carova šesnaest godina u Jerusalimu, ali ne èinjaše što je pravo pred Gospodom Bogom njegovijem kao David otac njegov.
3 ৩ কিন্তু তাৰ পৰিবর্তে তেওঁ ইস্ৰায়েলৰ ৰজাসকলৰ পথত চলিছিল; এনেকি যিহোৱাই যি সকলোক জাতিক ইস্ৰায়েলীয়াসকলৰ পৰা দূৰ কৰিছিল, তেওঁলোকৰ ঘিণলগীয়া ৰীতিবোৰৰ দৰে তেৱোঁ নিজৰ পুত্ৰক হোমবলি উৎসর্গ কৰিছিল।
Jer hoðaše putem careva Izrailjevijeh, pa i sina svojega pusti kroz oganj po gadnijem djelima naroda koje odagna Gospod ispred sinova Izrailjevijeh.
4 ৪ তেওঁ পূজাৰ ওখ ঠাইবোৰত, পাহাৰৰ ওপৰত আৰু প্ৰত্যেক সেউজীয়া ডাল-পাতৰ গছৰ তলত বলি উৎসর্গ কৰিছিল আৰু ধূপ জ্বলাইছিল।
I prinošaše žrtve i kaðaše na visinama i po humovima i pod svakim zelenijem drvetom.
5 ৫ অৰামৰ ৰজা ৰচীন আৰু ৰমলিয়াৰ পুত্ৰ ইস্ৰায়েলৰ ৰজা পেকহে যিৰূচালেমৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যিৰূচালেমলৈকে আহিল আৰু ৰজা আহজৰ সৈতে নগৰখন বেৰি ধৰিলে; কিন্তু আহজক জয় কৰিব নোৱাৰিলে।
Tada doðe Resin car Sirski i Fekaj sin Remalijin car Izrailjev, doðoše da biju Jerusalim, i opkoliše Ahaza; ali ga ne mogoše osvojiti.
6 ৬ সেই সময়ত অৰামৰ ৰজা ৰচীনে এলৎ নগৰৰ পৰা যিহুদী লোকসকলক খেদাই দি এলৎ নগৰ পুণৰায় অৰামৰ অধীনলৈ আনিলে। তাৰ পাছত ইদোমীয়াসকলে এলতলৈ আহি বাস কৰিবলৈ ধৰিলে আৰু আজিলৈকে তেওঁলোকে তাত নিবাস কৰি আছে।
U to vrijeme Resin car Sirski povrati Sircima Elat, i izagna Judeje iz Elata, i doðoše Sirci u Elat i ostaše ondje do danas.
7 ৭ পাছত আহজে অচূৰৰ ৰজা তিগ্লৎ-পিলেচৰ ওচৰলৈ এই কথা ক’বলৈ মানুহ পঠিয়াই দিলে, “মই আপোনাৰ দাস আৰু আপোনাৰ পুত্ৰ হওঁ; অৰামৰ ৰজা আৰু ইস্ৰায়েলৰ ৰজাই মোক আক্রমণ কৰিছে। আপুনি আহি তেওঁলোকৰ হাতৰ পৰা মোক উদ্ধাৰ কৰক।”
Ali Ahaz posla poslanike k Teglat-Felasaru caru Asirskom i poruèi mu: sluga sam tvoj, hodi i izbavi me iz ruku cara Sirskoga i iz ruku cara Izrailjeva, koji se podigoše na me.
8 ৮ আহজে যিহোৱাৰ গৃহ আৰু ৰাজগৃহৰ ভঁৰালত পোৱা সোণ আৰু ৰূপ লৈ উপহাৰ হিচাবে অচূৰৰ ৰজাৰ ওচৰলৈ পঠিয়াই দিলে।
I uze Ahaz zlato i srebro što se naðe u domu Gospodnjem i u riznicama doma carskoga, i posla na dar caru Asirskom.
9 ৯ তেতিয়া অচূৰৰ ৰজাই তেওঁৰ কথাত মান্তি হ’ল আৰু দম্মেচকৰ বিৰুদ্ধে যুদ্ধযাত্ৰা কৰি তাক জয় কৰিলে। সেই ঠাইৰ লোকসকলক বন্দী কৰি কীৰলৈ লৈ গ’ল আৰু অৰামৰ ৰজা ৰচীনক বধ কৰিলে।
I posluša ga car Asirski, i doðe na Damasak i uze ga, i preseli narod odande u Kir, a Resina pogubi.
10 ১০ পাছত ৰজা আহজে অচূৰৰ ৰজা তিগ্লৎ-পিলেচক সাক্ষাৎ কৰিবলৈ দম্মেচকলৈ গ’ল; তেওঁ দম্মেচকত এটা যজ্ঞবেদী দেখি তাৰ নক্সা, নমুনাৰ লগতে সেইটো তৈয়াৰ কৰাৰ সম্পূর্ণ পৰিকল্পনা ঊৰিয়া পুৰোহিতৰ ওচৰলৈ পঠাই দিলে।
Tada car Ahaz otide na susret Teglat-Felasaru caru Asirskom u Damasak; i vidje car Ahaz oltar koji bijaše u Damasku, pa posla svešteniku Uriji sliku od toga oltara i od sve naprave njegove.
11 ১১ সেয়ে দম্মেচকৰ পৰা ৰজা আহজে পঠোৱা সকলো পৰিকল্পনাৰ দৰেই ঊৰিয়া পুৰোহিতে এটা যজ্ঞবেদী নির্ম্মাণ কৰিলে আৰু ৰজা আহজ দম্মেচকলৈ উলটি অহাৰ আগেয়ে, সেই কাম কৰি শেষ কৰিলে।
I naèini sveštenik Urija oltar sasvijem kako posla car Ahaz iz Damaska, onako naèini Urija sveštenik, dokle se vrati car Ahaz iz Damaska.
12 ১২ দম্মেচকৰ পৰা ঘূৰি আহি ৰজাই সেই যজ্ঞবেদী দেখিলে আৰু ওচৰলৈ গৈ তাৰ ওপৰত বলি উৎসর্গ কৰিলে।
Pa kad se car vrati iz Damaska i vidje oltar, pristupi k njemu i prinese žrtvu na njemu.
13 ১৩ তেওঁ সেই যজ্ঞবেদীৰ ওপৰত নিজৰ হোমবলি, শস্য উৎসর্গ আৰু নিজৰ পেয় উৎসর্গ ঢালিলে; নিজৰ সমজুৱা বলিৰ তেজো ছটিয়াই দিলে।
I zapali žrtvu svoju paljenicu i dar svoj, i izli naljev svoj, i pokropi oltar krvlju zahvalnijeh žrtava svojih.
14 ১৪ তেওঁ যিহোৱাৰ সন্মুখত থকা পিতলৰ যজ্ঞবেদীটো তেওঁ মন্দিৰৰ আগৰ পৰা, অৰ্থাৎ যিহোৱাৰ গৃহ আৰু নতুন বেদীৰ মাজ ঠাইৰ পৰা আঁতৰাই আনি নতুন বেদীৰ উত্তৰ ফালে স্থাপন কৰিলে।
A mjedeni oltar što bješe pred Gospodom prenese s prednje strane doma da ne stoji izmeðu njegova oltara i doma Gospodnjega, i namjesti ga pokraj svoga oltara k sjeveru.
15 ১৫ পাছত আহজ ৰজাই ঊৰিয়া পুৰোহিতক এই নির্দেশ দিলে যে, “ডাঙৰ বেদীটোৰ ওপৰত ৰাতিপুৱাৰ হোমবলি আৰু সন্ধিয়া শস্য উৎসর্গ কৰিব; তাৰ উপৰি ৰজাৰ হোমবলি আৰু শস্য উৎসর্গ, দেশৰ সকলো লোকৰ হোমবলি, তেওঁলোকৰ শস্য আৰু পেয় উৎসর্গ কৰিব; সকলো হোমবলি আৰু আন আন সকলো বলি উৎসর্গৰ তেজ আপুনি সেই যজ্ঞবেদীৰ ওপৰত ছটিয়াই দিব। কিন্তু পিতলৰ যজ্ঞবেদীটো ঈশ্বৰৰ সহায় লাভৰ অর্থে মই ব্যৱহাৰ কৰিম।”
I zapovjedi car Ahaz Uriji svešteniku govoreæi: na velikom oltaru pali žrtvu paljenicu jutrenju i dar veèernji i žrtvu paljenicu carevu s darom njezinijem i žrtvu paljenicu svega naroda zemaljskoga s darovima njihovijem i naljevima njihovijem; i po njemu kropi svakom krvlju od žrtava paljenica i svakom krvlju od drugih žrtava. A za oltar mjedeni promisliæu.
16 ১৬ ঊৰিয়া পুৰোহিতে আহজ ৰজাৰ নির্দেশ অনুসাৰে সকলো কাম কৰিলে।
I uèini sveštenik Urija sve kako mu zapovjedi car Ahaz.
17 ১৭ তাৰ পাছত ৰজা আহজে পাত্র থোৱা আধাৰবোৰৰ খলাপা আৰু প্রক্ষালন পাত্রবোৰ আধাৰবোৰৰ পৰা আতৰালে। তেওঁ পিতলেৰে তৈয়াৰী ষাঁড়বোৰৰ ওপৰত যি ডাঙৰ সমুদ্র পাত্রটো বহোৱা আছিল, সেইটোও তেওঁ নমাই আনিলে আৰু এটা শিলৰ ভিত্তিৰ ওপৰত বহুৱালে।
I oplate s podnožja skide car Ahaz i uze s njih umivaonice, i more skide s volova mjedenijeh koji bijahu pod njim, i metnu ga na pod kameni.
18 ১৮ যিহোৱাৰ গৃহত বিশ্ৰাম দিনৰ উদ্দেশ্যে মন্দিৰত চালি দি তেওঁলোকে যি ঠাই তৈয়াৰ কৰিছিল, অচূৰৰ ৰজাৰ ভয়ত ৰজা আহজে সেই চালি খুলি পেলালে আৰু যিহোৱাৰ গৃহৰ বাহিৰৰ ফালে ৰজা সোমাবৰ কাৰণে যি বিশেষ প্রৱেশদ্বাৰ কৰা হৈছিল, তাকো বন্ধ কৰি দিলে।
I strehu subotnu, koju bijahu naèinili u domu, i ulazak carski, koji bijaše spolja, ukloni takoðer od doma Gospodnjega, bojeæi se cara Asirskoga.
19 ১৯ ৰজা আহজৰ অন্যান্য সকলো কাৰ্যৰ বৃত্তান্ত “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত জানো লিখা নাই?
A ostala djela Ahazova što je èinio, nijesu li zapisana u dnevniku careva Judinijeh?
20 ২০ পাছত ৰজা আহজ তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু দায়ুদৰ নগৰত তেওঁৰ পূর্বপুৰুষসকলৰ লগত তেওঁক মৈদাম দিয়া হ’ল; তেওঁৰ পদত তেওঁৰ পুত্ৰ হিষ্কিয়া ৰজা হ’ল।
I poèinu Ahaz kod otaca svojih, i bi pogreben kod otaca svojih u gradu Davidovu; a na njegovo se mjesto zacari Jezekija sin njegov.