< ২ রাজাবলি 14 >
1 ১ ইস্রায়েলৰ ৰজা যিহোৱাহজৰ পুত্ৰ যিহোৱাচৰ ৰাজত্ব কালৰ দ্বিতীয় বছৰত যিহূদাৰ ৰজা যোৱাচৰ পুত্ৰ অমচিয়াই ৰাজত্ব কৰিবলৈ ধৰিলে।
Bere a Yoas babarima Amasia fii ase dii ade wɔ Yuda no, na ɔhene Yehoas adi ade wɔ Israel mfe abien.
2 ২ তেওঁ পঁচিশ বছৰ বয়সত ৰজা হৈ যিৰূচালেমত ঊনত্ৰিশ বছৰ ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল যিহোৱাদ্দন। তেওঁ যিৰূচালেম নগৰৰ বাসিন্দা আছিল।
Amasia dii ade no, na wadi mfe aduonu anum, na odii ade wɔ Yerusalem mfe aduonu akron. Na wɔfrɛ ne na se Yehoadin a ofi Yerusalem.
3 ৩ যিহোৱাৰ দৃষ্টিত যি ন্যায়, তেওঁ তাকে কৰিছিল; তথাপিও তেওঁৰ পূর্বপুৰুষ দায়ূদৰ নিচিনা নাছিল; তেওঁ তেওঁৰ পিতৃ যোৱাচৰ দৰে সকলো কৰ্ম কৰিছিল।
Ɔyɛɛ nea ɛteɛ wɔ Awurade ani so, nanso anto nea nʼagya Dawid yɛe. Ɔhwɛɛ nʼagya Yoas nhwɛso so.
4 ৪ কিন্তু ওখ ঠাইৰ মঠবোৰ তেওঁ ধ্বংস নকৰিলে। লোকসকলে তাত তেতিয়াও হোমবলি দিছিল আৰু ধূপ জ্বলাই আছিল।
Nanso, wansɛe abosonnan a na nnipa kɔbɔ afɔre, kɔhyew nnuhuam wɔ hɔ no.
5 ৫ ৰাজ্য তেওঁৰ অধীনলৈ অহাৰ পাছতেই যি দাসবোৰে ৰজা অর্থাৎ তেওঁৰ পিতৃক বধ কৰিছিল, তেওঁলোকক তেওঁ বধ কৰিলে।
Bere a Amasia tim wɔ nʼahenni mu yiye no, okunkum mmarima a wokum nʼagya a na ɔyɛ ɔhene no.
6 ৬ কিন্তু ঘাতকসকলৰ পুত্রসকলক হ’লে তেওঁ বধ কৰা নাছিল; মোচিৰ বিধান পুস্তকত যি লিখা আছিল, তেওঁ সেই দৰেই তেওঁলোকক বধ নকৰিলে। সেই পুস্তকত যিহোৱাই এইদৰে কৈছে, “সন্তানৰ কাৰণে পিতৃক অথবা পিতৃ-মাতৃৰ কাৰণে সন্তানক মৃত্যুদণ্ডৰে দণ্ডিত কৰা উচিত নহ’ব। কিন্তু প্ৰতিজনে তেওঁৰ নিজ নিজ পাপৰ কাৰণে মৰিব লাগিব।”
Nanso wɔn a wokunkum wɔn no mma de, wankum wɔn, sɛnea wɔakyerɛw wɔ Mose Mmara Nhoma no mu no, ne sɛnea Awurade ahyɛ no sɛ: Wonnkunkum agyanom, wɔn mma bɔne nti; na wonnkunkum mma, agyanom bɔne nti. Ɛsɛ sɛ wɔn mu biara wu wɔ ne bɔne ho.
7 ৭ অমচিয়াই লৱণ উপত্যকাত দহ হাজাৰ ইদোমীয়া লোকক বধ কৰিলে আৰু যুদ্ধত চেলা নগৰ অধিকাৰ কৰি সেই ঠাইৰ নাম যক্তিয়েল ৰাখিলে; সেই নাম আজিলৈকে আছে।
Amasia na okunkum Edomfo mpem du wɔ Nkyene Bon no mu no. Ɔno ara nso na odii Sela so nkonim, na ɔtoo hɔ din Yokteel, din a wɔde frɛ hɔ de besi nnɛ no.
8 ৮ তাৰ পাছত তেওঁ যেহূৰ নাতি, অর্থাৎ যিহোৱাহজৰ পুত্ৰ ইস্রায়েলৰ ৰজা যিহোৱাচলৈ মানুহ পঠাই ক’লে, “আহঁক, আমি যুদ্ধৰ কাৰণে মুখা-মুখি হওঁ।”
Da bi, Amasia ka sii Israelhene a ɔyɛ Yehoahas babarima ne Yehu nena anim se, “Behyia me ma yɛnko.”
9 ৯ কিন্তু ইস্ৰায়েলৰ ৰজা যিহোৱাচে উত্তৰত যিহূদাৰ ৰজা অমচিয়ালৈ কৈ পঠালে, “লিবানোনৰ এজোপা কাঁইট গছে লিবানোনৰেই এৰচ গছজোপালৈ কৈ পঠালে, ‘মোৰ পুত্রৰ লগত আপোনাৰ ছোৱালীক বিয়া দিয়ক।’ তাৰ পাছত লিবানোনত থকা এটা বন্য জন্তুৱে ঘূৰি-ফুৰি আহি সেই কাঁইট গছজোপাক গছকি মাৰিলে।
Na Israelhene Yoas buaa Yudahene Amasia se, “Nsɔe a ɛwɔ Lebanon mmepɔw so somaa abɔfo kɔɔ dutan sida nkyɛn kɔka kyerɛɛ no se, ‘Fa wo babea ma me babarima aware.’ Ɛhɔ ara na aboa bi fi wuram betiatiaa nsɔe no so sɛee no.
10 ১০ ইদোমক পৰাজয় কৰি নিশ্চয় আপোনাৰ মনত অহংকাৰ হৈছে। গতিকে জয়ৰ অহংকাৰ কৰক; তথাপিও ঘৰতে থাকক। কিয় নিজলৈ বিপদ মাতি আনিছে আৰু তাৰ লগতে নিজৰ আৰু যিহূদাৰো ধ্বংস মাতি আনিছে?”
Nokware, woadi Edom so nkonim, ama woayɛ ahantan. Ma wʼani nsɔ wo nkonimdi no, na tena wo fi. Adɛn nti na wopere wo ho kɔ ɔhaw a ɛde amanehunu bɛba wo ne Yudafo nyinaa so yi?”
11 ১১ কিন্তু অমচিয়াই সেই কথালৈ কাণ নিদিলে। সেয়ে, ইস্ৰায়েলৰ ৰজা যিহোৱাচে তেওঁক আক্রমণ কৰিলে; তেওঁ আৰু যিহূদাৰ ৰজা অমচিয়াই যিহূদাৰ বৈৎচেমচত ইজনে সিজনৰ মুখা-মুখি হ’ল।
Na Amasia antie nti, Israelhene Yoas boaboaa nʼakofo ano ne no kɔkoe. Asraafo dɔm abien no hyiaa mu koe wɔ Bet-Semes a ɛwɔ Yuda.
12 ১২ ইস্ৰায়েলৰ হাতত যিহূদা সম্পূর্ণৰূপে পৰাস্ত হ’ল আৰু সকলোৱেই নিজৰ নিজৰ ঘৰলৈ পলাই গ’ল।
Israel asraafo dii Yuda so nkonim, maa Yuda asraafo no bɔ hwetee, guan kɔɔ wɔn kurom.
13 ১৩ ইস্ৰায়েলৰ ৰজা যিহোৱাচে বৈৎচেমচত যিহূদাৰ ৰজা অমচিয়াক বন্দী কৰি যিৰূচালেমলৈ লৈ আহিল। অমচিয়া যোৱাচৰ পুত্র আৰু অহজিয়াৰ নাতি আছিল। তাৰ পাছত ৰজা যিহোৱাচে যিৰূচালেমলৈ আহি ইফ্ৰয়িমৰ দুৱাৰৰ পৰা কোণৰ দুৱাৰ পর্যন্ত প্ৰায় চাৰিশ হাত দীঘল যিৰূচালেমৰ প্রাচীৰ ভাঙি পেলালে।
Israelhene Yoas kyeree Yudahene, Yoas babarima Ahasia babarima Amasia wɔ Bet-Semes. Na Yoas bɔɔ nsra kɔɔ Yerusalem. Afei ɔhyɛɛ nʼakofo no ma wodwiriw Yerusalem fasu no, fi Efraim Pon no de kosii Twɔtwɔw so Pon no, a ne tenten bɛyɛ sɛ anammɔn ahansia no.
14 ১৪ যিহোৱাৰ গৃহত পোৱা সোণ, ৰূপ আৰু আনসকলো বস্তু আৰু ৰাজগৃহৰ ভঁৰালত থকা সকলো মূল্যবান বস্তুবোৰ লৈ গ’ল। তাৰ বাহিৰেও জামিন হিচাপে অনেক লোকক বন্দী কৰি যিহোৱাচ চমৰিয়ালৈ উলটি গ’ল।
Ɔfaa sikakɔkɔɔ, dwetɛ ne nnwinne nyinaa fii Awurade asɔredan mu ne ahemfi adekoradan mu hɔ. Ɔfaa nnipa no nnommum, na ɔsan kɔɔ Samaria.
15 ১৫ যিহোৱাচে কৰা কাৰ্যৰ অন্যান্য বৃতান্ত, তেওঁৰ পৰাক্ৰমৰ কথা আৰু যিহূদাৰ অমচিয়া ৰজাৰ লগত তেওঁ যুদ্ধ কৰা কথা জানো “ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত লিখা নাই?
Yoas ahenni mu nsɛm nkae ne nea ne tumi kosii ne ako a ɔne Yudahene Amasia dii no nyinaa, wɔankyerɛw angu Israel Ahemfo Abakɔsɛm Nhoma no mu ana?
16 ১৬ পাছত যিহোৱাচ তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু চমৰিয়াত ইস্ৰায়েলৰ ৰজাসকলৰ লগত তেওঁক মৈদাম দিয়া হ’ল; তেওঁৰ পুত্ৰ যাৰবিয়াম তেওঁৰ পদত ৰজা হ’ল।
Bere a Yoas wui no, wosiee no wɔ ne mpanyimfo nkyɛn wɔ Samaria. Na ne babarima Yeroboam a ɔto so abien na odii nʼade sɛ ɔhene.
17 ১৭ ইস্রায়েলৰ ৰজা যিহোৱাহজৰ পুত্ৰ যিহোৱাচৰ মৃত্যুৰ পাছত যিহূদাৰ ৰজা যোৱাচৰ পুত্ৰ অমচিয়াই আৰু পোন্ধৰ বছৰ জীয়াই থাকিল।
Israelhene Yoas, Yehoahas babarima wu akyi no, Yudahene Amasia tenaa ase mfe dunum.
18 ১৮ অমচিয়াৰ অন্যান্য বৃত্তান্ত জানো যিহূদাৰ “ৰজাসকলৰ ইতিহাস-পুস্তক” খনত লিখা নাই?
Amasia ahenni mu nsɛm nkae no, wɔankyerɛw angu Yuda Ahemfo Abakɔsɛm Nhoma no mu ana?
19 ১৯ তেওঁলোকে যিৰূচালেমত অমিচিয়াৰ বিৰুদ্ধে ষড়যন্ত্র কৰিলে আৰু তেওঁ লাখীচলৈ পলাই গ’ল। কিন্তু লোকসকলে লাখীচলৈকে তেওঁৰ পাছত মানুহ পঠাই তেওঁক তাত বধ কৰিলে।
Wɔpam Amasia ti so wɔ Yerusalem nti, oguan kɔɔ Lakis. Nanso, nʼatamfo no somaa awudifo, ma wotiw no, kokum no wɔ hɔ.
20 ২০ তেওঁলোকে তেওঁৰ শৱটো ঘোঁৰাৰ পিঠিত তুলি যিৰূচালেমলৈ লৈ আনিলে আৰু দায়ুদৰ নগৰত তেওঁৰ পূর্বপুৰুষসকলৰ লগত তেওঁক মৈদাম দিয়া হ’ল।
Wɔsan de no too ɔpɔnkɔ so, baa Yerusalem, na wosiee no wɔ ne mpanyimfo nkyɛn wɔ Dawid kurom.
21 ২১ পাছত যিহূদাৰ সকলো লোকে অজৰিয়াক তেওঁৰ পিতৃ অমচিয়াৰ পদত ৰজা পাতিলে। তেতিয়া তেওঁৰ বয়স আছিল ষোল্ল বছৰ।
Yudafo sii Amasia babarima Asaria a na wadi mfe dunsia no hene.
22 ২২ ৰজা অমচিয়া তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হোৱাৰ পাছত, ৰজা অজৰিয়াই এলৎ নগৰ পুনৰ নির্মাণ কৰিলে আৰু যিহূদাৰ অধীনলৈ আনিলে।
Nʼagya wu akyi no, Asaria san kyekyeree Elat kurow, dan maa Yuda.
23 ২৩ যিহূদাৰ ৰজা যোৱাচৰ পুত্ৰ অমচিয়াৰ ৰাজত্বৰ পোন্ধৰ বছৰৰ সময়ত ইস্ৰায়েলৰ ৰজা যিহোৱাচৰ পুত্ৰ যাৰবিয়ামে চমৰিয়াত ৰজা হ’ল আৰু তেওঁ একচল্লিশ বছৰ ৰাজত্ব কৰিলে।
Yudahene Yoas babarima Amasia adedi mfe dunum mu no, Israelhene Yoas babarima Yeroboam a ɔto so abien bedii hene wɔ Israel. Odii ade wɔ Samaria mfirihyia aduanan baako.
24 ২৪ তেওঁ যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিলে আৰু নবাটৰ পুত্র যাৰবিয়ামে ইস্রায়েলৰ দ্বাৰাই যিসকলো পাপ কৰাইছিল, তেওঁ সেইসকলো পাপ কৰি থাকিল; সেইসকলোৰে পৰা তেওঁ আঁতৰ নহ’ল।
Ɔyɛɛ bɔne wɔ Awurade ani so. Na wantwe ne ho amfi abosonsom a Nebat babarima Yeroboam maa Israelfo kɔɔ mu no ho.
25 ২৫ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই তেওঁৰ দাস গৎ-হেফৰৰ অমিত্তয়ৰ পুত্ৰ ভাববাদী যোনাৰ দ্বাৰাই যি কথা কৈছিল, সেই কথা অনুসাৰে যাৰবিয়ামে লেব হমাত এলেকাৰ পৰা অৰাবা সমুদ্ৰলৈকে ইস্ৰায়েলৰ সীমা পুনৰায় স্থাপন কৰিলে।
Yeroboam a ɔto so abien gyigyee Israel nsase a ɛda Lebo Hamat ne Nkyene Po no ntam no sɛnea Awurade, Israel Nyankopɔn nam Amitai babarima Yona, odiyifo a ofi Gat-Hefer so, hyɛɛ ho bɔ no.
26 ২৬ কিয়নো যিহোৱাই দেখিছিল যে, ইস্ৰায়েলত স্বাধীন বা দাস সকলোৱে কেনেৰূপ কষ্ট ভোগ কৰি আছে; তেওঁলোকক উদ্ধাৰ কৰিবলৈ তাত কোনো নাছিল।
Awurade huu sɛnea obiara a ɔwɔ Israel no reteetee, na wonni obiara a ɔbɛboa wɔn nso.
27 ২৭ যিহেতু যিহোৱাই কোৱা নাছিল যে, ইস্ৰায়েলৰ নাম আকাশৰ তলৰ পৰা লুপ্ত কৰি পেলাব, সেয়ে তেওঁ যিহোৱাচৰ পুত্ৰ যাৰবিয়ামৰ দ্বাৰাই তেওঁলোকক উদ্ধাৰ কৰিলে।
Esiane sɛ Awurade nkaa se ɔbɛpepa Israel din koraa no nti, ɔnam Yoas babarima Yeroboam nso so gyee wɔn nkwa.
28 ২৮ যাৰবিয়ামৰ অন্যান্য সকলো কাৰ্য, পৰাক্ৰম, আৰু যুদ্ধ জয়ৰ বৃত্তান্ত আৰু এসময়ত যিহূদাৰ অধীনত থকা দম্মেচক আৰু হমাৎ কেনেদৰে তেওঁ ইস্ৰায়েলৰ কাৰণে পুনৰায় অধিকাৰ কৰিলে, সেই কথা জানো “ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস” পুস্তক খনত জানো লিখা নাই?
Yeroboam a ɔto so abien ahenni mu nsɛm nkae ne dwuma a odii nyinaa, nea ne tumi ano kosii, nʼakodi ne nsase a ogyigye maa Israel a Damasko ne Hamat a na ɛwɔ Yuda nsam no nyinaa ka ho no, wɔankyerɛw angu Israel Ahemfo Abakɔsɛm Nhoma no mu ana?
29 ২৯ পাছত যাৰবিয়াম তেওঁৰ পূর্বপুৰুষ ইস্ৰায়েলৰ ৰজাসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁৰ পুত্ৰ জখৰিয়া তেওঁৰ পদত ৰজা হ’ল।
Bere a Yeroboam wui no, wosiee no ne mpanyimfo a na wɔyɛ Israel ahemfo no nkyɛn. Na ne babarima Sakaria na odii nʼade sɛ ɔhene.