< ২ রাজাবলি 13 >
1 ১ যিহূদাৰ ৰজা অহজিয়াৰ পুত্ৰ যোৱাচৰ ৰাজত্বৰ তেইশ বছৰৰ সময়ত যেহূৰ পুত্ৰ যিহোৱাহজ চমৰিয়াত ইস্ৰায়েলৰ ৰজা হ’ল। তেওঁ সোঁতৰ বছৰ ৰাজত্ব কৰিছিল।
Nan venn-twazyèm ane a Joas la, fis a Achazia a, wa Juda a, te devni wa sou Israël nan Samarie, e li te renye pandan di-setan.
2 ২ যিহোৱাৰ দৃষ্টিত যি বেয়া তেওঁ তাকেই কৰিছিল আৰু নবাটৰ পুতেক যাৰবিয়ামে ইস্রায়েলৰ দ্বাৰাই যিসকলো পাপ কার্য কৰাইছিল, তেওঁ তাকেই কৰিছিল; তাৰ পৰা তেওঁ আঁতৰি অহা নাছিল।
Li te fè mal nan zye a SENYÈ a e li te swiv peche a Jéroboam yo, fis a Nebath la, avèk sila li te fè Israël peche yo. Li pa t vire kite yo menm.
3 ৩ সেয়ে, ইস্ৰায়েলৰ বিৰুদ্ধে যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল আৰু তেওঁ অৰামৰ ৰজা হজায়েল আৰু তেওঁৰ পুত্ৰ বিন-হদদৰ হাতত বাৰে বাৰে তেওঁলোকক শোধাই দিছিল।
Akoz sa, lakòlè SENYÈ a te limen kont Israël, e Li te livre yo nan men a Hazaël, wa Syrie a ak nan men a Ben-Hadad, fis a Hazaël la.
4 ৪ পাছত যিহোৱাহজে যিহোৱাৰ ওচৰত মিনতি কৰিলে আৰু যিহোৱাই তেওঁৰ প্ৰাৰ্থনা শুনিলে, কাৰণ অৰামৰ ৰজাই ইস্ৰায়েলৰ ওপৰত যি উপদ্ৰৱ কৰিছিল তাক যিহোৱাই চাই আছিল।
Alò, Joachaz te sipliye SENYÈ a pou fè li favè, e SENYÈ a te koute li; paske Li te wè opresyon Israël la, jan Syrie t ap oprime yo.
5 ৫ তেতিয়া যিহোৱাই ইস্ৰায়েলক এজন উদ্ধাৰকর্তা দিলে। তাতে ইস্রায়েলীয়াসকল অৰামীয়াসকলৰ হাতৰ পৰা মুক্ত হ’ল আৰু তেওঁলোকে পূৰ্বৰ দৰে নিজ নিজ গৃহত শান্তিৰে বাস কৰিবলৈ ধৰিলে।
SENYÈ a te bay Israël yon liberatè. Konsa, yo te chape anba men Siryen yo. Konsa, fis Israël yo te viv nan tant yo, kòm oparavan.
6 ৬ তথাপিও যাৰবিয়ামে যিবোৰ পাপৰ দ্বাৰাই ইস্ৰায়েলক পাপ কৰাইছিল, তেওঁলোকে সেই সকলো পাপ কার্য কৰিয়েই থাকিল। আচেৰা মুৰ্ত্তিটো তেতিয়াও চমৰিয়াতে আছিল।
Sepandan, yo pa t vire kite peche lakay Jéroboam yo, avèk sila li te fè Israël peche yo, men li te mache nan yo; epi zidòl Astarté a te toujou kanpe Samarie.
7 ৭ পঞ্চাশ জন অশ্বাৰোহী, দহখন ৰথ আৰু দহ হাজাৰ পদাতিক সৈন্যৰ বাহিৰে যিহোৱাহজৰ আন কোনো সৈন্য নাথাকিল; কাৰণ অৰামৰ ৰজাই বাকী সকলোকে বিনষ্ট কৰিলে। তেওঁলোকক মৰণা মৰা খলাৰ ধূলিৰ দৰে কৰিলে।
Pou sa, Li te kite pou Joachaz yon lame ki pa t plis ke senkant chevalye avèk dis cha e di-mil sòlda apye; paske wa Syrie a te detwi yo e te fè yo vin tankou pousyè vannen.
8 ৮ যিহোৱাহজৰ অন্যান্য সকলো কর্ম আৰু পৰাক্রমৰ বৃত্তান্ত, “ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত জানো লিখা নাই?
Alò tout lòt zèv a Joachaz yo, avèk tout sa li te fè ak pouvwa li, èske yo pa ekri nan Liv La A Kwonik Yo A Wa Israël Yo?
9 ৯ পাছত যিহোৱাহজ তেওঁৰ ওপৰ পিতৃসকলৰ লগত নিদ্ৰিত হ’ল আৰু লোকসকলে তেওঁক চমৰিয়াত মৈদাম দিলে। তেওঁৰ পুত্ৰ যোৱাচ তেওঁৰ পদত ৰজা হ’ল।
Epi Joachaz te dòmi avèk zansèt li yo, e yo te antere li Samarie. Epi Joas, fis li a, te renye nan plas li.
10 ১০ যিহূদাৰ ৰজা যোৱাচৰ ৰজাৰ ৰাজত্বৰ সাতত্ৰিশ বছৰৰ সময়ত যিহোৱাহজৰ পুত্ৰ যিহোৱাচ চমৰিয়াত ইস্ৰায়েলৰ ৰজা হ’ল। তেওঁ ষোল্ল বছৰ ৰাজত্ব কৰিছিল।
Nan trann-setyèm ane a Joas, wa Juda a, Joas, fis a Joachaz la te devni wa sou Israël Samarie e te renye pandan sèzan.
11 ১১ তেওঁ যিহোৱাৰ দৃষ্টিত যি বেয়া তাকেই কৰিছিল আৰু নবাটৰ পুতেক যাৰবিয়ামে ইস্রায়েলৰ দ্বাৰাই যি সকলো পাপ কার্য কৰাইছিল, তেওঁ তাকেই কৰিছিল; তাৰ পৰা তেওঁ আঁতৰি অহা নাছিল।
Li te fè mal nan zye SENYÈ a; li pa t vire kite tout peche a Jéroboam yo, fis a Nebath la, avèk sila li te fè Israël peche yo; men li te mache ladan yo.
12 ১২ যোৱাচৰ অন্যান্য সকলো কর্ম আৰু যি পৰাক্রমেৰে তেওঁ যিহূদাৰ ৰজা অমচিয়াৰ সৈতে যুদ্ধ কৰিছিল, সেই সকলো বৃত্তান্ত “ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত জানো লিখা নাই?
Alò, tout lòt zèv a Joas yo avèk tout sa ke li te fè ak pouvwa li, avèk sila li te goumen kont Amatsia, wa Juda a, èske yo pa ekri nan Liv A Kwonik A Wa Israël Yo?
13 ১৩ পাছত যোৱাচ তেওঁৰ ওপৰ পিতৃসকলৰ লগত নিদ্ৰিত হ’ল আৰু যাৰবিয়াম তেওঁৰ সিংহাসনত বহিল; যোৱাচক ইস্ৰায়েলৰ ৰজাসকলৰ লগত চমৰিয়াত মৈদাম দিয়া হ’ল।
Konsa, Joas te dòmi avèk zansèt li yo e Jéroboam te chita sou twòn li an. Epi Joas te antere Samarie avèk wa Israël yo.
14 ১৪ পাছত ইলীচা অসুস্থ হৈ পৰিল আৰু সেই অসুখতেই তেওঁৰ মৃত্যু হৈছিল। ইস্রায়েলৰ ৰজা যিহোৱাচ তেওঁৰ ওচৰলৈ গৈ কান্দি কান্দি ক’লে, “হে মোৰ পিতৃ, হে মোৰ পিতৃ, ইস্ৰায়েলৰ ৰথ আৰু অশ্বাৰোহীসকলে আপোনাক লৈ যাব!”
Lè Élisée te vin malad avèk maladi ki te pran lavi li a, Joas, wa Israël la, te desann kote li, e te kriye sou li e te di: “Papa mwen, O Papa mwen, men cha Israël yo avèk chevalye li yo!”
15 ১৫ তেতিয়া ইলীচাই তেওঁক ক’লে, “আপুনি মোৰ বাবে এখন ধনু আৰু কিছুমান কাঁড় লৈ আহঁক।” ৰজাই তেতিয়া এখন ধনু আৰু কিছুমান কাঁড় আনিলে।
Élisée te di li: “Pran yon banza avèk flèch.” Konsa, li te pran yon Banza avèk flèch.
16 ১৬ তাৰ পাছত ইলীচাই ইস্ৰায়েলৰ ৰজাক ক’লে, “আপোনাৰ হাত ধনুত ৰাখক।” তেতিয়া ৰজাই ধনুখনৰ ওপৰত হাত ৰাখিলে। ইলীচাই নিজৰ হাত ৰজাৰ হাতৰ ওপৰত থলে।
Alò, li te di a wa Israël la: “Mete men ou sou banza a.” Epi li te mete men l sou li e Élisée te mete men l sou men wa a.
17 ১৭ ইলীচাই ক’লে, “পূব ফালৰ খিড়িকিখন খুলি দিয়ক।” তাতে ৰজাই তাক খুলি দিলে। তাৰ পাছত ইলীচাই ক’লে, “কাঁড় মাৰি দিয়ক!” ৰজাই সেইদৰে কাঁড় মাৰি দিলে। তেতিয়া ইলীচাই ক’লে, “এইয়া যিহোৱাৰ জয়লাভৰ কাঁড়, অৰামৰ ওপৰত জয়লাভৰ কাঁড়; আপুনি অফেকাত অৰামীয়াসকলক সমূলে ধ্বংস নকৰালৈকে আক্রমণ কৰিব।”
Li te di: “Ouvri fenèt la vè lès!” Epi li te ouvri li. Alò, Élisée te di: “Tire!” Epi li te tire. Epi li te di: “Flèch viktwa SENYÈ a, menm flèch viktwa sou Syrie a; paske ou va bat Siryen yo nan Aphek jiskaske ou fin detwi yo.”
18 ১৮ তেওঁ পুনৰ ক’লে, “আপুনি কাঁড়বোৰ লওঁক।” ৰজাই সেইবোৰ লোৱাৰ পাছত ইলীচাই ইস্রায়েলৰ ৰজাক ক’লে, “সেইবোৰেৰে মাটিত আঘাত কৰক।” তাতে ৰজাই মাটিত তিনিবাৰ আঘাত কৰিলে।
Epi li te di: “Pran flèch yo!” Epi li te pran yo. Li te di a wa Israël la: “Frape tè a!” Epi li te frape li twa fwa e te sispann.
19 ১৯ তেতিয়া ঈশ্বৰৰ লোকে তেওঁৰ ওপৰত ক্রুদ্ধ হৈ ক’লে, “পাঁচ-ছয়বাৰ মাটিত আঘাত কৰা আপোনাৰ উচিত আছিল। সেয়ে হোৱা হলে, আপুনি অৰামীয়াসকলক সমূলে ধ্বংস নোহোৱালৈকে আক্রমণ কৰি থাকিব পাৰিলেহেঁতেন। কিন্তু এতিয়া আপুনি কেৱল তিনিবাৰ তেওঁলোকক আক্রমণ কৰিব পাৰিব।
Pou sa, nonm Bondye a te fache avèk li e te di: “Ou te dwe frape l senk oswa sis fwa; epi konsa, ou t ap frape Syrie jiskaske ou fin detwi li. Men koulye a, se sèlman twa fwa ke ou va frape Syrie.”
20 ২০ পাছত ইলীচাৰ মৃত্যু হ’ল আৰু তেওঁক মৈদাম দিয়া হ’ল। বছৰৰ আৰম্ভণিতে মোৱাবীয়া দলবোৰ ইস্ৰায়েল দেশত সোমাল।
Élisée te mouri e yo te antere li. Alò, bann Moabit yo te fè envazyon teritwa a nan sezon prentan ane sila a.
21 ২১ এবাৰ ইস্রায়েলীয়াসকলে যেতিয়া এজন মানুহক মৈদাম দি আছিল, তেতিয়া হঠাৎ এদল মোৱাবীয়া মানুহ দেখি তেওঁৰ শৱটো ইলীচাৰ মৈদামৰ ভিতৰত পেলাই দিলে; তাতে সেই শৱে ইলীচাৰ অস্থি স্পৰ্শ কৰা মাত্ৰে জী উঠি নিজৰ ভৰিত ভৰ দি থিয় হ’ল।
Pandan yo t ap antere yon mesye, men vwala, yo te wè yon bann piyajè; epi yo te jete mesye a nan tonm Élisée a. Epi lè mesye a te touche zo Élisée yo, li te resisite e te kanpe sou pye l.
22 ২২ যিহোৱাহজৰ গোটেই ৰাজত্ব কালত অৰামৰ ৰজা হজায়েলে ইস্ৰায়েলক উপদ্ৰৱ কৰিছিল।
Alò Hazaël, wa Syrie a, te oprime Israël pandan tout jou a Joachaz yo.
23 ২৩ কিন্তু যিহোৱাই অব্ৰাহাম, ইচহাক আৰু যাকোবে সৈতে কৰা নিয়মৰ কাৰণে, তেওঁ ইস্ৰায়েলৰ ওপৰত অনুগ্ৰহ আৰু দয়া কৰিলে; তেওঁলোকলৈ মনোযোগ দিলে। সেয়ে যিহোৱাই তেওঁলোকক বিনষ্ট কৰা নাছিল আৰু এতিয়াও তেওঁলোকক নিজৰ উপস্থিতিৰ পৰা দূৰ কৰা নাই।
Men SENYÈ a te fè yo gras, Li te gen mizerikòd pou yo, Li te vire kote yo akoz akò ke li te gen avèk Abraham, Isaac, avèk Jacob la e Li pa t detwi yo ni jete yo deyò prezans li jis rive nan moman sa a.
24 ২৪ অৰামৰ ৰজা হজায়েলৰ মৃত্যু হ’ল আৰু তেওঁৰ পুত্ৰ বিন-হদদ তেওঁৰ পদত ৰজা হ’ল।
Lè Hazaël, wa Syrie a te mouri, Ben-Hadad, fis li a, te devni wa nan plas li.
25 ২৫ যিহোৱাহজৰ পুত্র যিহোৱাচে সেই সকলো নগৰবোৰ পুনৰায় অধিকাৰ কৰিলে, যিবোৰ নগৰ হজায়েলৰ পুত্র বিন-হদদে তেওঁৰ পিতৃ যিহোৱাহজৰ পৰা যুদ্ধত জয় কৰি লৈছিল। যিহোৱাচে তিনিবাৰ বিন-হদদক আক্ৰমণ কৰি ইস্ৰায়েলৰ সেই নগৰবোৰ পুনৰায় উদ্ধাৰ কৰিলে।
Epi Joas, fis a Joachaz la, te reprann vil yo soti nan men a Ben-Hadad, fis Hazaël la, vil ke papa li te pran nan lagè soti nan men a Joachaz yo, papa li a. Twa fwa Joas te bat li e te reprann vil yo ki te pou Israël yo.