< ২ রাজাবলি 12 >

1 ইস্রায়েলত যেহূৰ ৰাজত্বৰ সপ্তম বছৰত যোৱাচ ৰজা হৈছিল আৰু তেওঁ যিৰূচালেমত চল্লিশ বছৰ কাল ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল চিবিয়া; তেওঁ বেৰ-চেবা নগৰৰ নিবাসী আছিল।
در سال هفتم ییهو، یهوآش پادشاه شدو چهل سال در اورشلیم پادشاهی کرد.۱
2 পুৰোহিত যিহোয়াদাই পৰামর্শ দি থকাৰ কাৰণে যোৱাচে সকলো সময়তে যিহোৱাৰ দৃষ্টিত যি ন্যায় তাকে কৰিছিল।
و یهوآش آنچه را که در نظر خداوند پسند بود، در تمام روزهایی که یهویاداع کاهن او را تعلیم می‌داد، بجا می‌آورد.۲
3 কিন্তু ওখ ঠাইৰ প্রার্থনাৰ মঠবোৰ ধ্বংস কৰা নাছিল; লোকসকলে তেতিয়াও সেই ঠাইবোৰত বলিদান কৰিছিল আৰু ধূপ জ্বলাইছিল।
مگر این که مکان های بلند برداشته نشد و قوم هنوز در مکان های بلند قربانی می‌گذرانیدند و بخور می‌سوزانیدند.۳
4 যোৱাচে পুৰোহিতসকলক ক’লে, “যিহোৱাৰ গৃহলৈ বিশেষ উদ্দেশ্যৰ কাৰণে পবিত্র দান হিচাবে ধন অনা হওঁক; গণিত লোকৰ পৰা মন্দিৰৰ কৰ, যিহোৱাৰ দ্বাৰা উৎসাহিত হৈ লোকসকলে মন্দিৰৰ কাৰণে নিজ মনোবাঞ্ছাৰে অনা দান-বৰঙনি, সেই সকলো লৈ আপোনালোকে জমা কৰিব।
و یهوآش به کاهنان گفت: «تمام نقره موقوفاتی که به خانه خداوند آورده شود، یعنی نقره رایج و نقره هر کس بر‌حسب نفوسی که برای او تقویم شده است، و هر نقره‌ای که در دل کسی بگذرد که آن را به خانه خداوند بیاورد،۴
5 পাছত পুৰোহিতসকলে এই সকলো ধন তেওঁলোকৰ কৰদাতাসকলৰ পৰা লৈ প্রয়োজনৰ সময়ত মন্দিৰ মেৰামতিৰ কামত সেই ধন ব্যৱহাৰ কৰিব।”
کاهنان آن را نزد خود بگیرند، هر کس از آشنای خود، وایشان خرابیهای خانه را هر جا که در آن خرابی پیدا کنند، تعمیر نمایند.»۵
6 কিন্তু যোৱাচ ৰজাৰ ৰাজত্বৰ তেইশ বছৰৰ সময়ত দেখা গ’ল পুৰোহিতসকলে মন্দিৰ মেৰামতিৰ একো কামেই কৰা নাছিল।
اما چنان واقع شد که در سال بیست و سوم یهوآش پادشاه، کاهنان، خرابیهای خانه را تعمیر نکرده بودند.۶
7 সেয়ে, যোৱাচ ৰজাই যিহোয়াদা পুৰোহিতক আৰু আন আন পুৰোহিতসকলক মাতি সুধিলে, “আপোনালোকে কিয় মন্দিৰৰ একোৱেই মেৰামতি কৰা নাই? এই হেতুকে, এতিয়াৰ পৰা আপোনালোকে পুনৰ আপোনালোকৰ কৰদাতাসকলৰ পৰা ধন নল’ব, বৰং মন্দিৰ মেৰামতিৰ অর্থে যিখিনি সংগ্রহ কৰা হ’ল সেইখিনি লৈ যেয়ে মেৰামতি কৰিব পাৰে সেইসকলক দি দিয়ক।”
و یهوآش پادشاه، یهویاداع کاهن و سایر کاهنان را خوانده، به ایشان گفت که «خرابیهای خانه را چرا تعمیرنکرده‌اید؟ پس الان نقره‌ای دیگر از آشنایان خودمگیرید بلکه آن را به جهت خرابیهای خانه بدهید.»۷
8 তেতিয়া পুৰোহিতসকল সন্মত হ’ল যে, তেওঁলোকে লোকসকলৰ পৰা পুনৰ ধন নল’ব আৰু নিজে মন্দিৰ মেৰামতি কাম নকৰিব।
و کاهنان راضی شدند که نه نقره از قوم بگیرند و نه خرابیهای خانه را تعمیر نمایند.۸
9 পুৰোহিত যিহোয়াদাই এটা চন্দুক লৈ তাৰ ঢাকনিত এটা বিন্ধা কৰিলে আৰু সেইটো যজ্ঞ-বেদীৰ ওচৰত যিহোৱাৰ গৃহলৈ সোমোৱা ঠাইৰ সোঁফালে থলে। যি পুৰোহিতসকলে মন্দিৰৰ প্রৱেশদ্বাৰত পহৰা দিয়ে, তেওঁলোকে যিহোৱাৰ গৃহলৈ অনা সকলো ধন সেই চন্দুকত ৰাখিছিল।
و یهویاداع کاهن صندوقی گرفته و سوراخی در سرپوش آن کرده، آن را به پهلوی مذبح به طرف راست راهی که مردم داخل خانه خداوندمی شدند، گذاشت. و کاهنانی که مستحفظان دربودند، تمامی نقره‌ای را که به خانه خداوندمی آوردند، در آن گذاشتند.۹
10 ১০ এইভাৱে তেওঁলোকে যেতিয়া দেখিছিল যে সেই চন্দুকত বহুত ধন জমা হৈছিল, তেতিয়া ৰজাৰ সচিব আৰু প্ৰধান পুৰোহিতে আহি যিহোৱাৰ গৃহলৈ অনা সকলো ধন হিচাপ কৰি বস্তাবোৰত বান্ধি থৈছিল।
و چون دیدند که نقره بسیار در صندوق بود، کاتب پادشاه و رئیس کهنه برآمده، نقره‌ای را که در خانه خداوند یافت می‌شد، در کیسه هابسته، حساب آن را می‌دادند.۱۰
11 ১১ পাছত যিমান ধন উঠে তাক ওজন কৰি যিহোৱাৰ মন্দিৰ তদাৰককাৰী সকলৰ হাতত দিছিল। তেওঁলোকে সেই ধন যিহোৱাৰ মন্দিৰ মেৰামতি কৰা লোকসকলক অর্থাৎ বাঢ়ৈ, গৃহ নির্মাণ কৰা বনুৱাসকলক দিছিল।
و نقره‌ای را که حساب آن داده می‌شد، به‌دست کارگذارانی که برخانه خداوند گماشته بودند، می‌سپردند. و ایشان آن را به نجاران و بنایان که در خانه خداوند کارمی کردند، صرف می‌نمودند،۱۱
12 ১২ ৰাজমিস্ত্ৰী ও শিল ভঙা লোকসকলক দিছিল; তাৰ উপৰিও, যিহোৱাৰ মন্দিৰ মেৰামতিৰ কাৰণে কাঠ কিনা, শিল ভঙা আৰু প্রয়োজনীয় সকলো সামগ্রীৰ কাৰণে খৰচ কৰিছিল।
و به معماران وسنگ تراشان و به جهت خریدن چوب وسنگهای تراشیده برای تعمیر خرابیهای خانه خداوند، و به جهت هر خرجی که برای تعمیرخانه لازم می‌بود.۱۲
13 ১৩ যিহোৱাৰ গৃহলৈ যি ধন অনা হৈছিল, সেই ধনেৰে ৰূপৰ পিয়লা, শলিতা পৰিস্কাৰ কৰা চেপেনা, চৰিয়া, শিঙা বা যিহোৱাৰ গৃহৰ সোণ ৰূপৰ আন কোনো পাত্ৰ তৈয়াৰ কৰা নাছিল।
اما برای خانه خداوندطاسهای نقره و گلگیرها و کاسه‌ها و کرناها و هیچ ظرفی از طلا و نقره از نقدی که به خانه خداوندمی آوردند، ساخته نشد.۱۳
14 ১৪ কিন্তু সেই ধন কেৱল তদাৰককাৰীসকলে যিহোৱাৰ গৃহ মেৰামতি কৰা বনুৱাসকলকহে দিছিল।
زیرا که آن را به‌کارگذاران دادند تا خانه خداوند را به آن، تعمیرنمایند.۱۴
15 ১৫ তদাৰককাৰীসকলৰ পৰা তেওঁলোকে কোনো হিচাপ লোৱাৰ আৱশ্যকতা নাছিল, কাৰণ এই লোকসকল সৎ আছিল।
و از کسانی که نقره را به‌دست ایشان می‌دادند تا به‌کارگذاران بسپارند، حساب نمی گرفتند، زیرا که ایشان به امانت رفتارمی نمودند.۱۵
16 ১৬ কিন্তু যিহোৱাৰ মন্দিৰলৈ দোষাৰ্থক আৰু পাপাৰ্থক বলিৰ ধন অনা হোৱা নাছিল; সেইবোৰ পুৰোহিতসকলে পাইছিল।
اما نقره قربانی های جرم و نقره قربانی های گناه را به خانه خداوند نمی آوردند، چونکه از آن کاهنان می‌بود.۱۶
17 ১৭ সেই কালত অৰামৰ ৰজা হজায়েলে গাত নগৰৰ বিৰুদ্ধে যুদ্ধ কৰি তাক অধিকাৰ কৰিলে; তাৰ পাছত তেওঁ যিৰূচালেম আক্রমণ কৰিবলৈ আগবাঢ়িল।
آنگاه حزائیل، پادشاه ارام برآمده، با جت جنگ نمود و آن را تسخیر کرد. پس حزائیل توجه نموده، به سوی اورشلیم برآمد.۱۷
18 ১৮ তেতিয়া যিহূদাৰ ৰজা যোৱাচে তেওঁৰ পিতৃ আৰু পূর্বপুৰুষসকলে অর্থাৎ যিহূদাৰ পূর্বৰ ৰজা যিহোচাফট, যিহোৰাম আৰু অহজিয়াই দিয়া যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ কৰা আৰু নিজৰো সকলো পবিত্র বস্তুবোৰ অৰামৰ ৰজা হজায়েলৰ ওচৰলৈ পঠাই দিলে। তাৰ লগতে, যিহোৱাৰ গৃহ আৰু ৰাজগৃহৰ ভঁৰালবোৰত থকা সকলো সোণও পঠাই দিলে। হজায়েলে তেতিয়া যিৰূচালেম এৰি গুচি গ’ল।
ویهوآش، پادشاه یهودا تمامی موقوفاتی را که پدرانش، یهوشافاط و یهورام و اخزیا، پادشاهان یهودا وقف نموده بودند و موقوفات خود وتمامی طلا را که در خزانه های خانه خداوند وخانه پادشاه یافت شد، گرفته، آن را نزد حزائیل، پادشاه ارام فرستاد و او از اورشلیم برفت.۱۸
19 ১৯ যোৱাচৰ অন্যান্য সকলো কার্যৰ বৃত্তান্ত “যিহূদাৰ ৰজাসকলৰ ইতিহাস” নামৰ পুস্তকখনত জানো লিখা নাই?
و بقیه وقایع یوآش و هر‌چه کرد، آیا در کتاب تواریخ ایام پادشاهان یهودا مکتوب نیست؟۱۹
20 ২০ পাছত তেওঁৰ দাসবোৰে লগ হৈ তেওঁৰ বিৰুদ্ধে ষড়যন্ত্র কৰি চিল্লালৈ নামি যোৱা পথত বৈৎ-মিল্লোত তেওঁক আক্রমণ কৰি বধ কৰিলে।
و خادمانش برخاسته، فتنه انگیختند ویوآش را در خانه ملو به راهی که به سوی سلی فرود می‌رود، کشتند.۲۰
21 ২১ চিমিয়তৰ পুতেক যোজাখৰ আৰু চোমেৰৰ পুতেক যিহোজাবদ, এই দুজন দাসে তেওঁক আক্রমণ কৰি বধ কৰিছিল। তেওঁলোকে যোৱাচক দায়ুদৰ নগৰত তেওঁৰ পূর্বপুৰুষসকলৰ লগত মৈদাম দিলে। তেওঁৰ পুত্ৰ অমচিয়া তেওঁৰ পদত ৰজা হ’ল।
زیرا خادمانش، یوزاکاربن شمعت و یهوزاباد بن شومیر، او را زدند که مردو او را با پدرانش در شهر داود دفن کردند وپسرش امصیا در جایش سلطنت نمود.۲۱

< ২ রাজাবলি 12 >