< ২ রাজাবলি 12 >
1 ১ ইস্রায়েলত যেহূৰ ৰাজত্বৰ সপ্তম বছৰত যোৱাচ ৰজা হৈছিল আৰু তেওঁ যিৰূচালেমত চল্লিশ বছৰ কাল ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল চিবিয়া; তেওঁ বেৰ-চেবা নগৰৰ নিবাসী আছিল।
耶戶第七年,約阿施登基,在耶路撒冷作王四十年。他母親名叫西比亞,是別是巴人。
2 ২ পুৰোহিত যিহোয়াদাই পৰামর্শ দি থকাৰ কাৰণে যোৱাচে সকলো সময়তে যিহোৱাৰ দৃষ্টিত যি ন্যায় তাকে কৰিছিল।
約阿施在祭司耶何耶大教訓他的時候,就行耶和華眼中看為正的事;
3 ৩ কিন্তু ওখ ঠাইৰ প্রার্থনাৰ মঠবোৰ ধ্বংস কৰা নাছিল; লোকসকলে তেতিয়াও সেই ঠাইবোৰত বলিদান কৰিছিল আৰু ধূপ জ্বলাইছিল।
只是邱壇還沒有廢去,百姓仍在那裏獻祭燒香。
4 ৪ যোৱাচে পুৰোহিতসকলক ক’লে, “যিহোৱাৰ গৃহলৈ বিশেষ উদ্দেশ্যৰ কাৰণে পবিত্র দান হিচাবে ধন অনা হওঁক; গণিত লোকৰ পৰা মন্দিৰৰ কৰ, যিহোৱাৰ দ্বাৰা উৎসাহিত হৈ লোকসকলে মন্দিৰৰ কাৰণে নিজ মনোবাঞ্ছাৰে অনা দান-বৰঙনি, সেই সকলো লৈ আপোনালোকে জমা কৰিব।
約阿施對眾祭司說:「凡奉到耶和華殿分別為聖之物所值通用的銀子,或各人當納的身價,或樂意奉到耶和華殿的銀子,
5 ৫ পাছত পুৰোহিতসকলে এই সকলো ধন তেওঁলোকৰ কৰদাতাসকলৰ পৰা লৈ প্রয়োজনৰ সময়ত মন্দিৰ মেৰামতিৰ কামত সেই ধন ব্যৱহাৰ কৰিব।”
你們當從所認識的人收了來,修理殿的一切破壞之處。」
6 ৬ কিন্তু যোৱাচ ৰজাৰ ৰাজত্বৰ তেইশ বছৰৰ সময়ত দেখা গ’ল পুৰোহিতসকলে মন্দিৰ মেৰামতিৰ একো কামেই কৰা নাছিল।
無奈到了約阿施王二十三年,祭司仍未修理殿的破壞之處。
7 ৭ সেয়ে, যোৱাচ ৰজাই যিহোয়াদা পুৰোহিতক আৰু আন আন পুৰোহিতসকলক মাতি সুধিলে, “আপোনালোকে কিয় মন্দিৰৰ একোৱেই মেৰামতি কৰা নাই? এই হেতুকে, এতিয়াৰ পৰা আপোনালোকে পুনৰ আপোনালোকৰ কৰদাতাসকলৰ পৰা ধন নল’ব, বৰং মন্দিৰ মেৰামতিৰ অর্থে যিখিনি সংগ্রহ কৰা হ’ল সেইখিনি লৈ যেয়ে মেৰামতি কৰিব পাৰে সেইসকলক দি দিয়ক।”
所以約阿施王召了大祭司耶何耶大和眾祭司來,對他們說:「你們怎麼不修理殿的破壞之處呢?從今以後,你們不要從所認識的人再收銀子,要將所收的交出來,修理殿的破壞之處。」
8 ৮ তেতিয়া পুৰোহিতসকল সন্মত হ’ল যে, তেওঁলোকে লোকসকলৰ পৰা পুনৰ ধন নল’ব আৰু নিজে মন্দিৰ মেৰামতি কাম নকৰিব।
眾祭司答應不再收百姓的銀子,也不修理殿的破壞之處。
9 ৯ পুৰোহিত যিহোয়াদাই এটা চন্দুক লৈ তাৰ ঢাকনিত এটা বিন্ধা কৰিলে আৰু সেইটো যজ্ঞ-বেদীৰ ওচৰত যিহোৱাৰ গৃহলৈ সোমোৱা ঠাইৰ সোঁফালে থলে। যি পুৰোহিতসকলে মন্দিৰৰ প্রৱেশদ্বাৰত পহৰা দিয়ে, তেওঁলোকে যিহোৱাৰ গৃহলৈ অনা সকলো ধন সেই চন্দুকত ৰাখিছিল।
祭司耶何耶大取了一個櫃子,在櫃蓋上鑽了一個窟窿,放於壇旁,在進耶和華殿的右邊;守門的祭司將奉到耶和華殿的一切銀子投在櫃裏。
10 ১০ এইভাৱে তেওঁলোকে যেতিয়া দেখিছিল যে সেই চন্দুকত বহুত ধন জমা হৈছিল, তেতিয়া ৰজাৰ সচিব আৰু প্ৰধান পুৰোহিতে আহি যিহোৱাৰ গৃহলৈ অনা সকলো ধন হিচাপ কৰি বস্তাবোৰত বান্ধি থৈছিল।
他們見櫃裏的銀子多了,便叫王的書記和大祭司上來,將耶和華殿裏的銀子數算包起來。
11 ১১ পাছত যিমান ধন উঠে তাক ওজন কৰি যিহোৱাৰ মন্দিৰ তদাৰককাৰী সকলৰ হাতত দিছিল। তেওঁলোকে সেই ধন যিহোৱাৰ মন্দিৰ মেৰামতি কৰা লোকসকলক অর্থাৎ বাঢ়ৈ, গৃহ নির্মাণ কৰা বনুৱাসকলক দিছিল।
把所平的銀子交給督工的,就是耶和華殿裏辦事的人;他們把銀子轉交修理耶和華殿的木匠和工人,
12 ১২ ৰাজমিস্ত্ৰী ও শিল ভঙা লোকসকলক দিছিল; তাৰ উপৰিও, যিহোৱাৰ মন্দিৰ মেৰামতিৰ কাৰণে কাঠ কিনা, শিল ভঙা আৰু প্রয়োজনীয় সকলো সামগ্রীৰ কাৰণে খৰচ কৰিছিল।
並瓦匠、石匠,又買木料和鑿成的石頭,修理耶和華殿的破壞之處,以及修理殿的各樣使用。
13 ১৩ যিহোৱাৰ গৃহলৈ যি ধন অনা হৈছিল, সেই ধনেৰে ৰূপৰ পিয়লা, শলিতা পৰিস্কাৰ কৰা চেপেনা, চৰিয়া, শিঙা বা যিহোৱাৰ গৃহৰ সোণ ৰূপৰ আন কোনো পাত্ৰ তৈয়াৰ কৰা নাছিল।
但那奉到耶和華殿的銀子,沒有用以做耶和華殿裏的銀杯、蠟剪、碗、號,和別樣的金銀器皿,
14 ১৪ কিন্তু সেই ধন কেৱল তদাৰককাৰীসকলে যিহোৱাৰ গৃহ মেৰামতি কৰা বনুৱাসকলকহে দিছিল।
乃將那銀子交給督工的人修理耶和華的殿;
15 ১৫ তদাৰককাৰীসকলৰ পৰা তেওঁলোকে কোনো হিচাপ লোৱাৰ আৱশ্যকতা নাছিল, কাৰণ এই লোকসকল সৎ আছিল।
且將銀子交給辦事的人轉交做工的人,不與他們算賬,因為他們辦事誠實。
16 ১৬ কিন্তু যিহোৱাৰ মন্দিৰলৈ দোষাৰ্থক আৰু পাপাৰ্থক বলিৰ ধন অনা হোৱা নাছিল; সেইবোৰ পুৰোহিতসকলে পাইছিল।
惟有贖愆祭、贖罪祭的銀子沒有奉到耶和華的殿,都歸祭司。
17 ১৭ সেই কালত অৰামৰ ৰজা হজায়েলে গাত নগৰৰ বিৰুদ্ধে যুদ্ধ কৰি তাক অধিকাৰ কৰিলে; তাৰ পাছত তেওঁ যিৰূচালেম আক্রমণ কৰিবলৈ আগবাঢ়িল।
那時,亞蘭王哈薛上來攻打迦特,攻取了,就定意上來攻打耶路撒冷。
18 ১৮ তেতিয়া যিহূদাৰ ৰজা যোৱাচে তেওঁৰ পিতৃ আৰু পূর্বপুৰুষসকলে অর্থাৎ যিহূদাৰ পূর্বৰ ৰজা যিহোচাফট, যিহোৰাম আৰু অহজিয়াই দিয়া যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ কৰা আৰু নিজৰো সকলো পবিত্র বস্তুবোৰ অৰামৰ ৰজা হজায়েলৰ ওচৰলৈ পঠাই দিলে। তাৰ লগতে, যিহোৱাৰ গৃহ আৰু ৰাজগৃহৰ ভঁৰালবোৰত থকা সকলো সোণও পঠাই দিলে। হজায়েলে তেতিয়া যিৰূচালেম এৰি গুচি গ’ল।
猶大王約阿施將他列祖猶大王約沙法、約蘭、亞哈謝所分別為聖的物和自己所分別為聖的物,並耶和華殿與王宮府庫裏所有的金子都送給亞蘭王哈薛;哈薛就不上耶路撒冷來了。
19 ১৯ যোৱাচৰ অন্যান্য সকলো কার্যৰ বৃত্তান্ত “যিহূদাৰ ৰজাসকলৰ ইতিহাস” নামৰ পুস্তকখনত জানো লিখা নাই?
約阿施其餘的事,凡他所行的都寫在猶大列王記上。
20 ২০ পাছত তেওঁৰ দাসবোৰে লগ হৈ তেওঁৰ বিৰুদ্ধে ষড়যন্ত্র কৰি চিল্লালৈ নামি যোৱা পথত বৈৎ-মিল্লোত তেওঁক আক্রমণ কৰি বধ কৰিলে।
約阿施的臣僕起來背叛,在下悉拉的米羅宮那裏將他殺了。
21 ২১ চিমিয়তৰ পুতেক যোজাখৰ আৰু চোমেৰৰ পুতেক যিহোজাবদ, এই দুজন দাসে তেওঁক আক্রমণ কৰি বধ কৰিছিল। তেওঁলোকে যোৱাচক দায়ুদৰ নগৰত তেওঁৰ পূর্বপুৰুষসকলৰ লগত মৈদাম দিলে। তেওঁৰ পুত্ৰ অমচিয়া তেওঁৰ পদত ৰজা হ’ল।
殺他的那臣僕就是示米押的兒子約撒甲和朔默的兒子約薩拔。眾人將他葬在大衛城他列祖的墳地裏。他兒子亞瑪謝接續他作王。