< ২ রাজাবলি 11 >
1 ১ যিহূদাৰ ৰজা অহজিয়াৰ মাক অথলিয়াই যেতিয়া দেখিলে যে তেওঁৰ পুত্রৰ মৃত্যু হ’ল, তেতিয়া তেওঁ ৰাজবংশৰ সকলো সন্তানকে বধ কৰিলে।
Ɛberɛ a Yudahene Ahasia, ne maame Atalia tee sɛ ne babarima no awuo no, ɔkɔeɛ sɛ ɔrekɔsɛe adehyebusua a aka no.
2 ২ কিন্তু সকলো ৰাজপুত্রক বধ কৰাৰ সময়ত ৰজা যিহোৰামৰ জীয়েক অর্থাৎ অহজিয়াৰ ভনীয়েক যিহোচেবাই অহজিয়াৰ পুত্র যোৱাচক ৰাজপুত্রসকলৰ মাজৰ পৰা চুৰ কৰি আনিলে। যিহোচেবাই যোৱাচক অথলিয়াৰ পৰা লুকুৱাই ৰাখিবৰ কাৰণে তেওঁক ধাই মাকৰে সৈতে এটা শোৱা কোঁঠালিত ৰাখিলে। সেয়ে অথলিয়াই যোৱাচক বধ কৰিব নোৱাৰিলে।
Nanso, Ahasia nuabaa Yehoseba a na ɔyɛ ɔhene Yehoram babaa no faa Ahasia ba abarimaa ketewa Yoas, yii no firii ɔhene no mma a anka wɔrebɛkunkum wɔn no mu. Yehoseba de Yoas ne ne bagyegyefoɔ kɔhintaa pia bi mu, sɛdeɛ Atalia renhunu no. Ɛno enti, wɔannya abɔfra no ankum no.
3 ৩ যোৱাচক লৈ যিহোচেবা যিহোৱাৰ গৃহত ছবছৰ লুকাই থাকিল; সেই সময়ত যিহূদা দেশত অথলিয়াই শাসন কৰিছিল।
Yoas ne deɛ ɔgyegye no no hintaaeɛ, wɔ Awurade asɔredan mu mfeɛ nsia, ɛberɛ a na Atalia di ɔhene wɔ asase no so no.
4 ৪ সপ্তম বছৰত পুৰোহিত যিহোয়াদাই দেহৰক্ষীসকলৰ শত-সেনাপতি আৰু ৰক্ষক-সেনাসকলৰ শত-সেনাপতিসকললৈ বার্তা পঠাই যিহোৱাৰ গৃহত নিজৰ ওচৰলৈ মাতি আনিলে। তেওঁ তেওঁলোকৰ সৈতে এটি চর্ত কৰিলে। যিহোৱাৰ গৃহত তেওঁ তেওঁলোকক এক শপত খোৱাই লৈ ৰাজকোঁৱৰ যোৱাচক আনি তেওঁলোকক দেখুৱালে।
Atalia adedie mfeɛ nson mu no, ɔsɔfoɔ Yehoiada soma ma wɔkɔfaa Karifoɔ asraafoɔ apaafoɔ ne awɛmfoɔ baa Awurade asɔredan mu hɔ. Ɔne wɔn yɛɛ nhyehyɛeɛ, na ɔma wɔkaa ntam sɛ wɔbɛdi nokorɛ wɔ Awurade asɔredan mu hɔ. Afei, ɔde ɔhene babarima Yoas kyerɛɛ wɔn.
5 ৫ তাৰ পাছত তেওঁ তেওঁলোকক নির্দেশ দি ক’লে, “আপোনালোকে এই কাম কৰিব লাগিব: আপোনালোকৰ যিসকলে বিশ্রামবাৰে কাম কৰিবলৈ যাব, তেওঁলোকৰ তিনি ভাগৰ এভাগে ৰাজগৃহ পহৰা দিব।
Yehoiada ka kyerɛɛ wɔn sɛ, “Deɛ ɛsɛ sɛ moyɛ nie. Mo mu nkyɛmu mmiɛnsa mu baako a moyɛ adwuma homeda no bɛwɛn ahemfie no.
6 ৬ এক ভাগ ছুৰ দুৱাৰত থাকিব আৰু এক ভাগ ৰক্ষক-সেনাগৃহৰ পাছফালৰ দুৱাৰত থাকিব।”
Nkyɛmu mmiɛnsa mu baako nso, nnwɛn wɔ Sur ɛpono no ano. Na nkyɛmu mmiɛnsa mu baako a aka no nso, bɛwɛn ahemfie no akyi. Saa akuo mmiɛnsa yi nyinaa bɛwɛn ahemfie no.
7 ৭ আপোনালোকৰ অন্য দুটা দল, যিসকলে বিশ্রামবাৰে ছুটি পাব, তেওঁলোক সকলোৱে যিহোৱাৰ গৃহত ৰজা যোৱাচক পহৰা দিব।
Akuo mmienu a wɔamma adwuma homeda no nso bɛwɛn ama ɔhene no wɔ Awurade asɔredan mu.
8 ৮ আপোনালোক প্ৰতিজনে হাতত অস্ত্ৰ লৈ ৰজাক চাৰিওফালে ঘেৰি ৰাখিব। আপোনালোকৰ শাৰীৰ মাজত যেয়ে সোমাই আহিব তেওঁকে বধ কৰা হওঁক; ৰজা বাহিৰ বা ভিতৰ য’লৈকে যাওঁক, আপোনালোক তেওঁৰ সঙ্গে সঙ্গে থাকিব।
Mobɛyɛ ɔhene ho awɛmfoɔ kuo, a mokurakura mo akodeɛ. Onipa biara a wɔmmaa no kwan a ɔbɛbɛn mo no, monkum no. Ɛberɛ biara, mommɛn ɔhene no.”
9 ৯ সেইদৰেই পুৰোহিত যিহোয়াদাই যিদৰে নির্দেশ দিলে, শত-সেনাপতিসকলে সেই সকলোকে কৰিলে। তেওঁলোক প্ৰতিজনে নিজৰ নিজৰ লোকসকলক অর্থাৎ যিসকলে বিশ্ৰাম বাৰে কাম কৰিবলৈ আহিছিল আৰু যিসকলে কামৰ পৰা ছুটি কৰিছিল, সেই সকলোকে লৈ যিহোয়াদা পুৰোহিতৰ ওচৰলৈ আহিল।
Na asahene no dii biribiara a ɔsɔfoɔ Yehoiada hyɛɛ sɛ wɔnyɛ no so pɛpɛɛpɛ. Asahene no faa asraafoɔ a wɔbaa adwuma homeda no ne wɔn a wɔakɔ adwuma da no no. Wɔde wɔn nyinaa baa ɔsɔfoɔ Yehoiada anim.
10 ১০ পুৰোহিত যিহোয়াদাই তেতিয়া ৰজা দায়ুদৰ যি সকলো যাঠি আৰু ঢাল যিহোৱাৰ গৃহত আছিল, সেইবোৰ লৈ শত-সেনাপতিসকলক দিলে।
Ɔmaa wɔn mpea ne akyɛm a na berɛ bi ɛyɛ ɔhene Dawid dea a na wɔakora no Awurade asɔredan mu hɔ no.
11 ১১ ৰক্ষক-সেনাবোৰৰ প্রত্যেকেই ৰজাৰ চাৰিওফালে হাতত নিজৰ অস্ত্র লৈ মন্দিৰৰ সোঁ ফালৰ পৰা বাওঁ ফাললৈকে যজ্ঞবেদীৰ কাষে কাষে থিয় হৈ থাকিল।
Awɛmfoɔ no gyinagyinaa ɔhene no ho hyiaeɛ a wɔkurakura wɔn akodeɛ. Wɔsaa so tee firii asɔredan no anafoɔ fam, de kɔfaa atifi fam, ne afɔrebukyia no ho nyinaa.
12 ১২ তাৰ পাছত যিহোয়াদাই ৰাজকোঁৱৰ যোৱাচক বাহিৰলৈ উলিয়াই আনি তেওঁৰ মূৰত মুকুট পিন্ধাই হাতত ব্যৱস্থা-পুস্তকখন দিলে। তেওঁলোকে তেওঁক ৰাজপদত অভিষেক কৰিলে। তাতে সকলোৱে হাত তালি দি সমস্বৰে ক’লে, “মহাৰাজ চিৰজীৱি হওঁক।”
Na Yehoiada de ɔhene babarima Yoas no pueeɛ, hyɛɛ no ahenkyɛ. Ɔmaa Yoas Onyankopɔn apam no nhwɛsoɔ no bi, sii no ɔhene. Wɔsraa no, na nnipa no nyinaa bɔɔ wɔn nsam, teateaam sɛ, “Ɔhene nkwa so!”
13 ১৩ ৰক্ষক-সেনা আৰু লোকসকলৰ কোলাহল শুনি মহাৰাণী অথলিয়া যিহোৱাৰ গৃহলৈ লোক সকলৰ কাষলৈ আহিল।
Atalia tee gyegyeegye no a awɛmfoɔ no ne nnipa no reyɛ no, ɔyɛɛ ntɛm kɔɔ Awurade asɔredan mu hɔ, kɔhwɛɛ deɛ ɛrekɔ so.
14 ১৪ তেওঁ চাই দেখিলে যে, তাত ৰীতি অনুসাৰে ৰজা যোৱাচ স্তম্ভটোৰ ওচৰত থিয় হৈ আছে। শত-সেনাপতিসকল আৰু শিঙা বজোৱাসকল ৰজাৰ কাষত ঘেৰি আছে; সকলো দেশবাসীয়ে আনন্দ কৰিছে আৰু শিঙা বজাইছে। তেতিয়া ৰাণী অথলিয়াই নিজৰ কাপোৰ ফালি চিঞৰিলে, “ৰাজদ্ৰোহী! ৰাজদ্ৰোহী!”
Ɔhunuu sɛ ɔhene foforɔ no gyina beaeɛ bi a ɛkyerɛ ne tumi wɔ afadum no ho, sɛdeɛ amanneɛ kyerɛ wɔ ahensie mu no. Na mpanimfoɔ ne totorobɛntohyɛnfoɔ atwa ne ho ahyia. Na nnipa a wɔfiri asase no so afanan nyinaa redi ahurisie rehyɛn totorobɛnto. Ɛberɛ a Atalia hunuu yeinom nyinaa no, ɔde ahometeɛ sunsuanee ne ntadeɛ mu teateaam sɛ, “Amammɔeɛsɛm! Amammɔeɛsɛm!”
15 ১৫ পুৰোহিত যিহোয়াদাই তেতিয়া যিসকলৰ ওপৰত সেনাদলৰ ভাৰ আছিল, সেই শত-সেনাপতিসকলক নির্দেশ দিলে, “তেওঁক শাৰীবোৰৰ মাজলৈ বাহিৰলৈ লৈ আনা। তেওঁৰ সমর্থক যিকোনো লোক তেওঁৰ পাছে পাছে বাহিৰলৈ আহিব, তেওঁক তৰোৱালেৰে বধ কৰিব।” কিয়নো পুৰোহিতে কৈছিল, “তেওঁক যেন যিহোৱাৰ গৃহৰ ভিতৰত বধ কৰা নহয়।”
Na ɔsɔfoɔ Yehoiada hyɛɛ asafohene a wɔhwɛ nsraadɔm no so no sɛ, “Momfa no mfiri asɔredan mu ha, na monkum obiara a ɔpɛ sɛ ɔgye no. Monnkum no wɔ Awurade asɔredan mu ha.”
16 ১৬ সেয়ে অথলিয়াক তেওঁলোকে বাট এৰি দিলে। তাৰ পাছত তেওঁ ঘোঁৰা সোমোৱা ফালৰ দুৱাৰেদি ৰাজগৃহলৈ গৈছিল আৰু তাতে তেওঁক বধ কৰা হ’ল।
Enti, wɔkyeree no de no puee ɛpono no ano wɔ baabi a apɔnkɔ fa ba ahemfie hɔ no, kumm no wɔ hɔ.
17 ১৭ তাৰ পাছত যিহোয়াদাই যিহোৱা, ৰজা যোৱাচ আৰু প্রজাসকলৰ মাজত এক চুক্তি কৰিলে। এই চুক্তিত কোৱা হ’ল যে, ৰজা আৰু প্রজা উভয়েই যিহোৱাৰ লোক হৈ চলিব। তেওঁ ৰজা আৰু প্রজা পৰস্পৰৰ মাজতো এক চুক্তি কৰিলে।
Na Yehoiada yɛɛ apam de too Awurade ne ɔhene ne nnipa no ntam sɛ, wɔbɛyɛ Awurade nkurɔfoɔ. Ɔsane yɛɛ apam too ɔhene no ne nnipa no ntam.
18 ১৮ তাৰ পাছত দেশৰ সকলো লোকে একেলগে বাল দেৱতাৰ মন্দিৰলৈ গৈ তাক ভাঙি পেলালে; সেই ঠাইৰ বেদী আৰু মূৰ্ত্তিবোৰ ভাঙি খণ্ড-বিখণ্ড কৰিলে। তেওঁলোকে বাল দেৱতাৰ পুৰোহিত মত্তনকো বেদীবোৰৰ সন্মুখত বধ কৰিলে। পাছত পুৰোহিত যিহোয়াদাই যিহোৱাৰ গৃহত ৰক্ষক-সেনাসকলৰ নিযুক্ত কৰিলে।
Na nnipa a wɔwɔ asase no so nyinaa kɔɔ Baal abosonnan mu, kɔbubu guu fam. Wɔbubuu afɔrebukyia ne ahoni ahodoɔ nyinaa no asinasini, kumm Baal ɔbosomfoɔ Matan nso wɔ afɔrebukyia no anim. Ɔsɔfoɔ Yehoiada maa awɛmfoɔ wɛnee Awurade asɔredan no.
19 ১৯ তাৰ পাছত যিহোয়াদাই শত-সেনাপতি, দেহৰক্ষী, ৰক্ষক-সেনাসকল আৰু দেশৰ সকলো লোকক লগত লৈ যিহোৱাৰ গৃহৰ পৰা ৰজা যোৱচক উলিয়াই আনিলে। তেওঁলোকে ৰক্ষক-সেনাসকলৰ দুৱাৰৰ বাটেদি ৰাজগৃহলৈ আহিল সোমাই আহিল। এইদৰে যোৱাচ ৰাজ সিংহাসনত বহিল।
Na asahene, Karifoɔ asraafoɔ apaafoɔ, awɛmfoɔ no ne nnipa a wɔwɔ asase no so nyinaa dii ɔhene no akyi, de no pue firii Awurade asɔredan no mu. Wɔfaa awɛmfoɔ no ɛpono no ano, kɔɔ ahemfie hɔ, na ɔhene no kɔtenaa ahennwa no so.
20 ২০ দেশৰ সকলো প্রজাই আনন্দ কৰিবলৈ ধৰিলে আৰু নগৰখনত শান্তি ঘূৰি আহিল। অথলিয়াক ৰাজগৃহত তৰোৱালেৰে বধ কৰাৰ কাৰণে দেশৰ সকলো মানুহে আনন্দ কৰিলে।
Enti, nnipa a wɔwɔ asase no so nyinaa dii ahurisie, na asomdwoeɛ baa kuropɔn no mu, ɛfiri sɛ, wɔakum Atalia wɔ ahemfie.
21 ২১ যোৱাচে যেতিয়া ৰাজত্ব আৰম্ভ কৰিছিল, তেতিয়া তেওঁৰ বয়স সাত বছৰ আছিল।
Yoas bɛdii adeɛ no, na wadi mfirinhyia nson.