< ২ রাজাবলি 11 >

1 যিহূদাৰ ৰজা অহজিয়াৰ মাক অথলিয়াই যেতিয়া দেখিলে যে তেওঁৰ পুত্রৰ মৃত্যু হ’ল, তেতিয়া তেওঁ ৰাজবংশৰ সকলো সন্তানকে বধ কৰিলে।
و چون عتلیا، مادر اخزیا دید که پسرش مرده است، او برخاست و تمامی خانواده سلطنت را هلاک ساخت.۱
2 কিন্তু সকলো ৰাজপুত্রক বধ কৰাৰ সময়ত ৰজা যিহোৰামৰ জীয়েক অর্থাৎ অহজিয়াৰ ভনীয়েক যিহোচেবাই অহজিয়াৰ পুত্র যোৱাচক ৰাজপুত্রসকলৰ মাজৰ পৰা চুৰ কৰি আনিলে। যিহোচেবাই যোৱাচক অথলিয়াৰ পৰা লুকুৱাই ৰাখিবৰ কাৰণে তেওঁক ধাই মাকৰে সৈতে এটা শোৱা কোঁঠালিত ৰাখিলে। সেয়ে অথলিয়াই যোৱাচক বধ কৰিব নোৱাৰিলে।
اما یهوشبع دختریورام پادشاه که خواهر اخزیا بود، یوآش پسراخزیا را گرفت، و او را از میان پسران پادشاه که کشته شدند، دزدیده، او را با دایه‌اش در اطاق خوابگاه از عتلیا پنهان کرد و او کشته نشد.۲
3 যোৱাচক লৈ যিহোচেবা যিহোৱাৰ গৃহত ছবছৰ লুকাই থাকিল; সেই সময়ত যিহূদা দেশত অথলিয়াই শাসন কৰিছিল।
و اونزد وی در خانه خداوند شش سال مخفی ماند وعتلیا بر زمین سلطنت می‌نمود.۳
4 সপ্তম বছৰত পুৰোহিত যিহোয়াদাই দেহৰক্ষীসকলৰ শত-সেনাপতি আৰু ৰক্ষক-সেনাসকলৰ শত-সেনাপতিসকললৈ বার্তা পঠাই যিহোৱাৰ গৃহত নিজৰ ওচৰলৈ মাতি আনিলে। তেওঁ তেওঁলোকৰ সৈতে এটি চর্ত কৰিলে। যিহোৱাৰ গৃহত তেওঁ তেওঁলোকক এক শপত খোৱাই লৈ ৰাজকোঁৱৰ যোৱাচক আনি তেওঁলোকক দেখুৱালে।
و در سال هفتم، یهویاداع فرستاده، یوزباشیهای کریتیان و شاطران را طلبید و ایشان را نزد خود به خانه خداوند آورده، با ایشان عهدبست و به ایشان در خانه خداوند قسم داد و پسرپادشاه را به ایشان نشان داد.۴
5 তাৰ পাছত তেওঁ তেওঁলোকক নির্দেশ দি ক’লে, “আপোনালোকে এই কাম কৰিব লাগিব: আপোনালোকৰ যিসকলে বিশ্রামবাৰে কাম কৰিবলৈ যাব, তেওঁলোকৰ তিনি ভাগৰ এভাগে ৰাজগৃহ পহৰা দিব।
و ایشان را امرفرموده، گفت: «کاری که باید بکنید، این است: یک ثلث شما که در سبت داخل می‌شوید به دیده بانی خانه پادشاه مشغول باشید.۵
6 এক ভাগ ছুৰ দুৱাৰত থাকিব আৰু এক ভাগ ৰক্ষক-সেনাগৃহৰ পাছফালৰ দুৱাৰত থাকিব।”
و ثلث دیگر به دروازه سور و ثلثی به دروازه‌ای که پشت شاطران است، حاضر باشید، و خانه را دیده بانی نمایید که کسی داخل نشود.۶
7 আপোনালোকৰ অন্য দুটা দল, যিসকলে বিশ্রামবাৰে ছুটি পাব, তেওঁলোক সকলোৱে যিহোৱাৰ গৃহত ৰজা যোৱাচক পহৰা দিব।
و دو دسته شما، یعنی جمیع آنانی که در روز سبت بیرون می‌روید، خانه خداوند را نزد پادشاه دیده بانی نمایید.۷
8 আপোনালোক প্ৰতিজনে হাতত অস্ত্ৰ লৈ ৰজাক চাৰিওফালে ঘেৰি ৰাখিব। আপোনালোকৰ শাৰীৰ মাজত যেয়ে সোমাই আহিব তেওঁকে বধ কৰা হওঁক; ৰজা বাহিৰ বা ভিতৰ য’লৈকে যাওঁক, আপোনালোক তেওঁৰ সঙ্গে সঙ্গে থাকিব।
و هر کدام سلاح خود را به‌دست گرفته، به اطراف پادشاه احاطه نمایید و هر‌که از میان صف‌ها درآید، کشته گردد. و چون پادشاه بیرون رود یا داخل شود نزد او بمانید.»۸
9 সেইদৰেই পুৰোহিত যিহোয়াদাই যিদৰে নির্দেশ দিলে, শত-সেনাপতিসকলে সেই সকলোকে কৰিলে। তেওঁলোক প্ৰতিজনে নিজৰ নিজৰ লোকসকলক অর্থাৎ যিসকলে বিশ্ৰাম বাৰে কাম কৰিবলৈ আহিছিল আৰু যিসকলে কামৰ পৰা ছুটি কৰিছিল, সেই সকলোকে লৈ যিহোয়াদা পুৰোহিতৰ ওচৰলৈ আহিল।
پس یوزباشیها موافق هر‌چه یهویاداع کاهن امر فرمود، عمل نمودند، و هر کدام کسان خود راخواه از آنانی که در روز سبت داخل می‌شدند وخواه از آنانی که در روز سبت بیرون می‌رفتند، برداشته، نزد یهویاداع کاهن آمدند.۹
10 ১০ পুৰোহিত যিহোয়াদাই তেতিয়া ৰজা দায়ুদৰ যি সকলো যাঠি আৰু ঢাল যিহোৱাৰ গৃহত আছিল, সেইবোৰ লৈ শত-সেনাপতিসকলক দিলে।
و کاهن نیزه‌ها و سپرها را که از آن داود پادشاه و در خانه خداوند بود، به یوزباشیها داد.۱۰
11 ১১ ৰক্ষক-সেনাবোৰৰ প্রত্যেকেই ৰজাৰ চাৰিওফালে হাতত নিজৰ অস্ত্র লৈ মন্দিৰৰ সোঁ ফালৰ পৰা বাওঁ ফাললৈকে যজ্ঞবেদীৰ কাষে কাষে থিয় হৈ থাকিল।
و هر یکی ازشاطران، سلاح خود را به‌دست گرفته، از طرف راست خانه تا طرف چپ خانه به پهلوی مذبح وبه پهلوی خانه، به اطراف پادشاه ایستادند.۱۱
12 ১২ তাৰ পাছত যিহোয়াদাই ৰাজকোঁৱৰ যোৱাচক বাহিৰলৈ উলিয়াই আনি তেওঁৰ মূৰত মুকুট পিন্ধাই হাতত ব্যৱস্থা-পুস্তকখন দিলে। তেওঁলোকে তেওঁক ৰাজপদত অভিষেক কৰিলে। তাতে সকলোৱে হাত তালি দি সমস্বৰে ক’লে, “মহাৰাজ চিৰজীৱি হওঁক।”
و اوپسر پادشاه را بیرون آورده، تاج بر سرش گذاشت، و شهادت را به او داد و او را به پادشاهی نصب کرده، مسح نمودند و دستک زده، گفتند: «پادشاه زنده بماند.»۱۲
13 ১৩ ৰক্ষক-সেনা আৰু লোকসকলৰ কোলাহল শুনি মহাৰাণী অথলিয়া যিহোৱাৰ গৃহলৈ লোক সকলৰ কাষলৈ আহিল।
و چون عتلیا آواز شاطران و قوم را شنید، نزد قوم به خانه خداوند داخل شد.۱۳
14 ১৪ তেওঁ চাই দেখিলে যে, তাত ৰীতি অনুসাৰে ৰজা যোৱাচ স্তম্ভটোৰ ওচৰত থিয় হৈ আছে। শত-সেনাপতিসকল আৰু শিঙা বজোৱাসকল ৰজাৰ কাষত ঘেৰি আছে; সকলো দেশবাসীয়ে আনন্দ কৰিছে আৰু শিঙা বজাইছে। তেতিয়া ৰাণী অথলিয়াই নিজৰ কাপোৰ ফালি চিঞৰিলে, “ৰাজদ্ৰোহী! ৰাজদ্ৰোহী!”
و دید که اینک پادشاه بر‌حسب عادت، نزد ستون ایستاده. و سروران و کرنانوازان نزد پادشاه بودند و تمامی قوم زمین شادی می‌کردند و کرناها را می‌نواختند. پس عتلیا لباس خود را دریده، صدا زد که خیانت! خیانت!۱۴
15 ১৫ পুৰোহিত যিহোয়াদাই তেতিয়া যিসকলৰ ওপৰত সেনাদলৰ ভাৰ আছিল, সেই শত-সেনাপতিসকলক নির্দেশ দিলে, “তেওঁক শাৰীবোৰৰ মাজলৈ বাহিৰলৈ লৈ আনা। তেওঁৰ সমর্থক যিকোনো লোক তেওঁৰ পাছে পাছে বাহিৰলৈ আহিব, তেওঁক তৰোৱালেৰে বধ কৰিব।” কিয়নো পুৰোহিতে কৈছিল, “তেওঁক যেন যিহোৱাৰ গৃহৰ ভিতৰত বধ কৰা নহয়।”
و یهویاداع کاهن، یوزباشیها را که سرداران فوج بودند، امر فرموده، ایشان را گفت: «او را از میان صفها بیرون کنید و هر‌که از عقب اوبرود، به شمشیر کشته شود.» زیرا کاهن فرموده بود که در خانه خداوند کشته نگردد.۱۵
16 ১৬ সেয়ে অথলিয়াক তেওঁলোকে বাট এৰি দিলে। তাৰ পাছত তেওঁ ঘোঁৰা সোমোৱা ফালৰ দুৱাৰেদি ৰাজগৃহলৈ গৈছিল আৰু তাতে তেওঁক বধ কৰা হ’ল।
پس او راراه دادند و از راهی که اسبان به خانه پادشاه می‌آمدند، رفت و در آنجا کشته شد.۱۶
17 ১৭ তাৰ পাছত যিহোয়াদাই যিহোৱা, ৰজা যোৱাচ আৰু প্রজাসকলৰ মাজত এক চুক্তি কৰিলে। এই চুক্তিত কোৱা হ’ল যে, ৰজা আৰু প্রজা উভয়েই যিহোৱাৰ লোক হৈ চলিব। তেওঁ ৰজা আৰু প্রজা পৰস্পৰৰ মাজতো এক চুক্তি কৰিলে।
و یهویادع در میان خداوند و پادشاه و قوم عهد بست تا قوم خداوند باشند و همچنین درمیان پادشاه و قوم.۱۷
18 ১৮ তাৰ পাছত দেশৰ সকলো লোকে একেলগে বাল দেৱতাৰ মন্দিৰলৈ গৈ তাক ভাঙি পেলালে; সেই ঠাইৰ বেদী আৰু মূৰ্ত্তিবোৰ ভাঙি খণ্ড-বিখণ্ড কৰিলে। তেওঁলোকে বাল দেৱতাৰ পুৰোহিত মত্তনকো বেদীবোৰৰ সন্মুখত বধ কৰিলে। পাছত পুৰোহিত যিহোয়াদাই যিহোৱাৰ গৃহত ৰক্ষক-সেনাসকলৰ নিযুক্ত কৰিলে।
و تمامی قوم زمین به خانه بعل رفته، آن را منهدم ساختند و مذبح هایش وتماثیلش را خرد درهم شکستند. و کاهن بعل، متان را روبروی مذبح‌ها کشتند و کاهن ناظران برخانه خداوند گماشت.۱۸
19 ১৯ তাৰ পাছত যিহোয়াদাই শত-সেনাপতি, দেহৰক্ষী, ৰক্ষক-সেনাসকল আৰু দেশৰ সকলো লোকক লগত লৈ যিহোৱাৰ গৃহৰ পৰা ৰজা যোৱচক উলিয়াই আনিলে। তেওঁলোকে ৰক্ষক-সেনাসকলৰ দুৱাৰৰ বাটেদি ৰাজগৃহলৈ আহিল সোমাই আহিল। এইদৰে যোৱাচ ৰাজ সিংহাসনত বহিল।
و یوزباشیها و کریتیان و شاطران و تمامی قوم زمین را برداشته، ایشان پادشاه را از خانه خداوند به زیر آوردند و به راه دروازه شاطران به خانه پادشاه آمدند و او برکرسی پادشاهان بنشست.۱۹
20 ২০ দেশৰ সকলো প্রজাই আনন্দ কৰিবলৈ ধৰিলে আৰু নগৰখনত শান্তি ঘূৰি আহিল। অথলিয়াক ৰাজগৃহত তৰোৱালেৰে বধ কৰাৰ কাৰণে দেশৰ সকলো মানুহে আনন্দ কৰিলে।
و تمامی قوم زمین شادی کردند و شهر آرامی یافت و عتلیا را نزدخانه پادشاه به شمشیر کشتند.۲۰
21 ২১ যোৱাচে যেতিয়া ৰাজত্ব আৰম্ভ কৰিছিল, তেতিয়া তেওঁৰ বয়স সাত বছৰ আছিল।
و چون یوآش پادشاه شد، هفت ساله بود.۲۱

< ২ রাজাবলি 11 >