< ২ রাজাবলি 10 >
1 ১ চমৰিয়াত আহাব ৰজাৰ সত্তৰ জন বংশধৰ আছিল; যেহূৱে চমৰিয়া, যিজ্ৰিয়েলৰ শাসনকর্তাসকল, পৰিচাৰক আৰু আহাবৰ বংশধৰৰ অভিভাৱকসকললৈ এই পত্ৰ লিখি পঠালে,
Erant autem Achab septuaginta filii in Samaria: scripsit ergo Iehu litteras, et misit in Samariam, ad optimates civitatis, et ad maiores natu, et ad nutritios Achab, dicens:
2 ২ “আপোনালোকৰ প্ৰভুৰ বংশধৰসকল আপোনালোকৰ লগত আছে আৰু ৰথ, ঘোঁৰা, গড়েৰে আবৃত এখন নগৰ আৰু অস্ত্ৰ-শস্ত্ৰবোৰো আছে; এই হেতুকে এই পত্ৰ পোৱা মাত্রেই,
Statim ut acceperitis litteras has, qui habetis filios domini vestri, et currus, et equos, et civitates firmas, et arma,
3 ৩ আপোনালোকৰ প্ৰভুৰ সকলোতকৈ উত্তম আৰু যোগ্য বংশধৰক বাচি লৈ আহাবৰ সিংহাসনত বহুৱাওক; তাৰ পাছত প্ৰভুৰ ৰাজবংশৰ কাৰণে যুদ্ধ কৰক।”
eligite meliorem, et eum qui vobis placuerit de filiis domini vestri, et eum ponite super solium patris sui, et pugnate pro domo domini vestri.
4 ৪ কিন্তু তেওঁলোকে অতিশয় ভয় খাই ক’লে, “চাওঁক, দুজন ৰজায়েই যেতিয়া যেহূৰ আগত থিয় হ’ব নোৱাৰিলে, তেন্তে আমিনো কেনেকৈ থিয় হ’ব পাৰিম?”
Timuerunt illi vehementer, et dixerunt: Ecce duo reges non potuerunt stare coram eo, et quo modo nos valebimus resistere?
5 ৫ এই হেতুকে ৰাজপৰিয়ালৰ পৰিচালক, নগৰৰ শাসনকর্তা, পৰিচাৰকসকল আৰু আহাবৰ বংশধৰসকলক প্রতিপাল কৰাসকলে যেহূক এই কথা কৈ পঠালে, “আমি আপোনাৰ দাস। আপুনি যি আজ্ঞা দিব, আমি সেই সকলোকে কৰিম। আমি কাকো ৰজা নাপাতোঁ; আপুনি যি ভাল দেখে, তাকেই কৰক।”
Miserunt ergo praepositi domus, et praefecti civitatis, et maiores natu, et nutritii, ad Iehu, dicentes: Servi tui sumus, quaecumque iusseris faciemus, nec constituemus nobis regem: quaecumque tibi placent, fac.
6 ৬ তেতিয়া যেহূৱে তেওঁলোকলৈ দ্বিতীয় বাৰ পত্ৰ লিখিলে, “আপোনালোক যদি মোৰ পক্ষত থাকে আৰু মোৰ কথামতে চলে, তেন্তে আপোনালোকৰ প্ৰভুৰ বংশধৰসকলৰ মূৰ ছেদন কৰি অহাকালি এই সময়তে যিজ্ৰিয়েলত মোৰ ওচৰলৈ আহিব।” আহাবৰ সেই সত্তৰজন বংশধৰ তেতিয়া নগৰৰ প্রধান লোকসকলৰ লগত আছিল। তেওঁলোকে তেওঁলোকক চোৱা-চিতা কৰিছিল।
Rescripsit autem eis litteras secundo, dicens: Si mei estis, et obeditis mihi, tollite capita filiorum domini vestri, et venite ad me hac eadem hora cras in Iezrahel. Porro filii regis, septuaginta viri apud optimates civitates nutriebantur.
7 ৭ যেহূৰ পত্ৰ পোৱাৰ পাছত সেই লোকসকলে সেই সত্তৰজনৰ সকলোকে ধৰি হত্যা কৰিলে। তাৰ পাছত পাচিত তেওঁলোকৰ মূৰবোৰ ভৰাই যিজ্ৰিয়েলত যেহূৰ ওচৰলৈ পঠাই দিলে।
Cumque venissent litteras ad eos, tulerunt filios regis, et occiderunt septuaginta viros, et posuerunt capita eorum in cophinis, et miserunt ad eum in Iezrahel.
8 ৮ তেতিয়া এজন লোকে আহি যেহূক ক’লে, “তেওঁলোকে ৰজাৰ বংশধৰসকলৰ মূৰবোৰ লৈ আনিছে।” তাতে তেওঁ ক’লে, “সেইবোৰ দুটা দম কৰি নগৰৰ প্রৱেশদ্বাৰৰ পথত ৰাতিপুৱালৈকে ৰাখি থোৱা।”
Venit autem nuncius, et indicavit ei, dicens: Attulerunt capita filiorum regis. Qui respondit: Ponite ea ad duos acervos iuxta introitum portae usque mane.
9 ৯ পিছ দিনা ৰাতিপুৱা যেহূ বাহিৰলৈ ওলাই গ’ল। তেওঁ সকলো লোকৰ সন্মুখত থিয় হৈ ক’লে, আপোনালোকৰ কোনো দোষ নাই। ময়েই মোৰ প্ৰভুৰ অহিতে ষড়যন্ত্র কৰি তেওঁক বধ কৰিলোঁ; কিন্তু এওঁলোক সকলোকে কোনে বধ কৰিলে?
Cumque diluxisset, egressus est, et stans dixit ad omnem populum: Iusti estis: si ego coniuravi contra dominum meum, et interfeci eum, quis percussit omnes hos?
10 ১০ এতিয়া আপোনালোকে নিশ্চয়কৈ জানি ৰাখক, আহাবৰ বংশৰ বিৰুদ্ধে যিহোৱাই কোৱা কোনো এটি কথাও অথলে নাযাব; যিহোৱাই তেওঁৰ দাস এলিয়াৰ দ্বাৰাই যি কৈছিল, তাক তেওঁ সিদ্ধ কৰিলে।”
Videte ergo nunc quoniam non cecidit de sermonibus Domini in terram, quos locutus est Dominus super domum Achab, et Dominus fecit quod locutus est in manu servi sui Eliae.
11 ১১ এইদৰে যেহূৱে যিজ্ৰিয়েলত থকা আহাবৰ বংশৰ সকলো অৱশিষ্ট লোকক, অৰ্থাৎ তেওঁৰ সকলো প্ৰধান লোকক, তেওঁৰ প্ৰণয়ৰ বন্ধুসকল আৰু তেওঁৰ পুৰোহিতসকলক বধ কৰিলে। তেওঁলোকৰ আৰু কোনোৱেই জীয়াই নাথাকিল।
Percussit igitur Iehu omnes, qui reliqui erant de domo Achab in Iezrahel, et universos optimates eius, et notos, et sacerdotes, donec non remanerent ex eo reliquiae.
12 ১২ পাছত যেহূ বাহিৰ হৈ চমৰিয়াৰ ফালে যাবলৈ ধৰিলে। বাটত তেওঁ মেৰ-ছাগ ৰখীয়াৰ গাওঁ বৈৎ-একদৰ ওচৰ পালে।
Et surrexit, et venit in Samariam: cumque venisset ad Cameram pastorum in via,
13 ১৩ সেই ঠাইতে যিহূদাৰ ৰজা অহজিয়াৰ কেইজনমান ভায়েকৰ লগত যেহূৰ সাক্ষাৎ হ’ল; তেওঁ তেওঁলোকক সুধিলে, “আপোনালোক কোন হয়?” তেওঁলোকে ক’লে, “আমি অহজিয়াৰ ভায়েক; আমি ৰাণী ঈজেবলৰ সন্তান সকলক আৰু ৰাজপৰিয়ালৰ সকলোকে মঙ্গলবাদ কৰিবলৈ আহিছোঁ।”
invenit fratres Ochoziae regis Iuda, dixitque ad eos: Quinam estis vos? Qui responderunt: Fratres Ochoziae sumus, et descendimus ad salutandos filios regis, et filios reginae.
14 ১৪ তেতিয়া যেহূৱে তেওঁৰ লোক সকলক আজ্ঞা দি’লে, “এওঁলোকক জীয়াই জীয়াই ধৰা।” লোকসকলে তেওঁলোকক জীৱন্তে ধৰিলে আৰু বৈৎ-একদৰ নাদত তেওঁলোকক বধ কৰিলে। তেওঁলোক সংখ্যাত বিয়াল্লিশ জন আছিল। তেওঁলোকৰ মাজৰ এজনকো জীয়াই নাৰাখিলে।
Qui ait: Comprehendite eos vivos. Quos cum comprehendissent vivos, iugulaverunt eos in cisterna iuxta Cameram, quadraginta duos viros, et non reliquit ex eis quemquam.
15 ১৫ সেই ঠাইৰ পৰা গুচি যোৱাৰ পাছত ৰেখবৰ পুত্ৰ যিহোনাদবক যেহূৱে লগ পালে। তেওঁ যেহূক দেখা কৰিবলৈ আহিছিল। যেহূৱে তেওঁক মঙ্গলবাদ জনাই ক’লে, “মোৰ হৃদয় যেনেকৈ আপোনাৰ লগত আছে তেনেকৈ আপুনিও মোৰ পক্ষত আছে নে?” যিহোনাদবে উত্তৰ দিলে, “হয়, আছোঁ।” যেহূৱে ক’লে “যদি সেয়ে তেন্তে আপোনাৰ হাত আগবঢ়াই দিয়ক।” যিহোনাদবে হাত আগবঢ়াই দিলে আৰু যেহূৱে তেওঁক ৰথত তুলি ল’লে।
Cumque abiisset inde, invenit Ionadab filium Rechab in occursum sibi, et benedixit ei. Et ait ad eum: Numquid est cor tuum rectum, sicut cor meum cum corde tuo? Et ait Ionadab: Est. Si est, inquit, da manum tuam. Qui dedit ei manum suam. At ille levavit eum ad se in currum:
16 ১৬ তেতিয়া যেহূৱে ক’লে, “মোৰ লগত আহাঁ আৰু যিহোৱাৰ কাৰণে মোৰ আগ্রহ কিমান তাক চোৱাহি।” এইদৰে তেওঁ যিহোনাদবক নিজৰ ৰথত তুলি লৈ গ’ল।
dixitque ad eum: Veni mecum, et vide zelum meum pro Domino. Et impositum in curru suo
17 ১৭ পাছত যেহূ চমৰিয়ালৈ আহি আহাবৰ ৰাজবংশৰ বাকী সকলো লোকক বধ কৰিলে; যিহোৱাই এলিয়াক যি কৈছিল সেই অনুসাৰে যেহূৱে তেওঁলোকক বিনষ্ট কৰিলে।
duxit in Samariam. Et percussit omnes qui reliqui fuerant de Achab in Samaria usque ad unum, iuxta verbum Domini, quod locutus est per Eliam.
18 ১৮ তাৰ পাছত যেহূৱে সকলো লোকক গোটাই তেওঁলোকক ক’লে, “আহাবে বাল দেৱতাক সামান্য ভাৱে পূজা কৰিলে; কিন্তু যেহূৱে তেওঁৰ পূজা অধিক বেছিকৈ কৰিব।
Congregavit ergo Iehu omnem populum, et dixit ad eos: Achab coluit Baal parum, ego autem colam eum amplius.
19 ১৯ এতিয়া বাল দেৱতাৰ সকলো ভাববাদী, উপাসক আৰু পুৰোহিতসকলক মোৰ ওচৰলৈ মাতি আনক। চাব যেন কোনো নহাকৈ নাথাকে, কিয়নো বাল দেৱতাৰ উদ্দেশ্যে মই এক মহাবলি উৎসর্গ কৰিব লাগিব। কোনোবা যদি নাহে, তেন্তে তেওঁ জীয়াই নাথাকিব।” কিন্তু আচলতে যেহূৱে বাল দেৱতাৰ উপাসকসকলক বিনষ্ট কৰাৰ আশয়েৰে এই ছলনা কৰিলে।
Nunc igitur omnes prophetas Baal, et universos servos eius, et cunctos sacerdotes ipsius vocate ad me: nullus sit qui non veniat, sacrificium enim grande est mihi Baal: quicumque defuerit, non vivet. Porro Iehu faciebat hoc insidiose, ut disperderet cultores Baal.
20 ২০ যেহূৱে আজ্ঞা দিলে, “বাল দেৱতাৰ উদ্দেশ্যে এটা দিন ঠিক কৰি এক পবিত্ৰ মহাসভাৰ ঘোষণা কৰা।” সেই লোকসকলে সেই কথা প্রচাৰ কৰিলে।
Et dixit: Sanctificate diem sollemnem Baal. Vocavitque
21 ২১ যেহূৱে তেতিয়া ইস্ৰায়েলৰ সকলো ঠাইলৈ এই বার্তা পঠাই দিলে। তাতে বাল দেৱতাৰ সকলো উপাসক আহি উপস্থিত হ’ল। কোনোৱে নহাকৈ নাথাকিল। তেওঁলোক বাল দেৱতাৰ মন্দিৰত সোমোৱাৰ পাছত মন্দিৰৰ ইমুৰৰ পৰা সিমুৰলৈকে লোকেৰে ভৰি পৰিল।
et misit in universos terminos Israel, et venerunt cuncti servi Baal: non fuit residuus ne unus quidem qui non veniret. Et ingressi sunt templum Baal: et repleta est domus Baal, a summo usque ad summum.
22 ২২ তেতিয়া যেহূৱে পুৰোহিতৰ পোছাক-ৰক্ষকজনক ক’লে, “বাল দেৱতাৰ উপাসকসকলৰ কাৰণে কাপোৰ লৈ আহা।” তাতে লোকজনে তেওঁলোকৰ কাৰণে কাপোৰ উলিয়াই আনিলে।
Dixitque his, qui erant super vestes: Proferte vestimenta universis servis Baal. Et protulerunt eis vestes.
23 ২৩ তাৰ পাছত যেহূ আৰু ৰেখবৰ পুত্ৰ যিহোনাদব বাল দেৱতাৰ মন্দিৰত সোমাল। যেহূৱে বাল দেৱতাৰ উপাসকসকলক ক’লে, “আপোনালোকে ভালদৰে চাওঁক যাতে যিহোৱাৰ দাসবোৰৰ মাজৰ কোনো আপোনালোকৰ মাজত নাথাকে, কেৱল বাল দেৱতাৰহে উপাসকসকল থাকিব।”
Ingressusque Iehu, et Ionadab filius Rechab templum Baal, ait cultoribus Baal: Perquirite, et videte, ne quis forte vobiscum sit de servis Domini, sed ut sint servi Baal soli.
24 ২৪ তেতিয়া তেওঁলোক বলি আৰু হোমবলি উৎসর্গ কৰিবলৈ ভিতৰলৈ সোমাই গ’ল। যেহূৱে বাহিৰত থিয় হৈ থকা আশী জন লোকক মনোনীত কৰি এই বুলি সাৱধান কৰি ক’লে, “মই তোমালোকৰ হাতত যিসকল লোকক আনি দিছোঁ, তেওঁলোকৰ এজনকো যদি কোনোৱে পলাই যাবলৈ দিয়ে তেন্তে সেই জনৰ প্ৰাণৰ সলনি, তেওঁৰে প্রাণ লোৱা হ’ব।”
Ingressi sunt igitur ut facerent victimas et holocausta: Iehu autem praeparaverat sibi foris octoginta viros, et dixerat eis: Quicumque fugerit de hominibus his, quos ego adduxero in manus vestras, anima eius erit pro anima illius.
25 ২৫ যেহূৱে হোমবলি উৎসৰ্গ শেষ কৰাৰ লগে লগে ৰখীয়া আৰু সেনাপতিসকলক আজ্ঞা দিলে, “তোমালোক ভিতৰলৈ সোমাই গৈ তেওঁলোকক বধ কৰা; এজনকো বাহিৰলৈ আহিব নিদিবা।” তেতিয়া তেওঁলোকে তৰোৱালেৰে তেওঁলোকক বধ কৰিলে। ৰখীয়া আৰু সেনাপতিসকলে তেওঁলোকৰ শবোৰ বাহিৰলৈ পেলাই দি, বাল দেৱতাৰ মন্দিৰৰ ভিতৰ কোঁঠালিলৈ গ’ল।
Factum est autem, cum completum esset holocaustum, praecepit Iehu militibus et ducibus suis: Ingredimini, et percutite eos, nullus evadat. Percusseruntque eos in ore gladii, et proiecerunt milites et duces: et ierunt in civitatem templi Baal,
26 ২৬ তেওঁলোকে বাল দেৱতাৰ মন্দিৰৰ পৰা পূজাৰ শিলৰ স্তম্ভবোৰ উলিয়াই আনি পুৰি পেলালে।
et protulerunt statuam de fano Baal, et combusserunt,
27 ২৭ তাৰ পাছত তেওঁলোকে বাল দেৱতাৰ স্তম্ভ আৰু মন্দিৰটো ভাঙি পেলালে আৰু তাক পাইখানা ঘৰ হিচাবে ব্যৱহাৰ কৰিলে। ই আজিলৈকে আছে।
et comminuerunt eam. Destruxerunt quoque aedem Baal, et fecerunt pro ea latrinas usque in diem hanc.
28 ২৮ এইদৰে যেহূৱে ইস্ৰায়েলৰ মাজৰ পৰা বাল দেৱতা আৰু ইয়াৰ পূজা-অর্চনাক বন্ধ কৰিলে।
Delevit itaque Iehu Baal de Israel:
29 ২৯ কিন্তু নবাটৰ পুত্র যাৰবিয়ামে ইস্রায়েলৰ দ্বাৰাই যিবোৰ পাপ কার্য কৰাইছিল, সেইবোৰৰ পৰা তেওঁ আঁতৰি নাহিল অৰ্থাৎ বৈৎএল আৰু দানত থকা সোণৰ দামুৰি দুটাৰ পাছত চলাৰ পৰা যেহূ আঁতৰ নহ’ল।
verumtamen a peccatis Ieroboam filii Nabat, qui peccare fecit Israel, non recessit, nec dereliquit vitulos aureos, qui erant in Bethel, et in Dan.
30 ৩০ যিহোৱাই যেহূক ক’লে, মোৰ দৃষ্টিত যি ন্যায়, তাক কৰি তুমি ভাল কৰ্ম কৰিলা, আৰু মোৰ মনত যি যি আছিল, সেই সকলোকে তুমি আহাবৰ বংশলৈ কৰিলা; এই কাৰণে চতুৰ্থ পুৰুষলৈকে তোমাৰ বংশ ইস্ৰায়েলৰ সিংহাসনত বহিব।
Dixit autem Dominus ad Iehu: Quia studiose egisti quod rectum erat, et placebat in oculis meis, et omnia quae erant in corde meo fecisti contra domum Achab: filii tui usque ad quartam generationem sedebunt super thronum Israel.
31 ৩১ তথাপি যেহূৱে নিজৰ সকলো চিত্তে সৈতে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ ব্যৱস্থা অনুসাৰে চলিবলৈ সাৱধান নহ’ল; যাৰবিয়ামে যিবোৰ পাপৰ দ্বাৰাই ইস্ৰায়েলক পাপ কৰাইছিল, সেইবোৰ পাপৰ পৰা তেওঁ আঁতৰ নহ’ল।
Porro Iehu non custodivit ut ambularet in lege Domini Dei Israel in toto corde suo: non enim recessit a peccatis Ieroboam, qui peccare fecerat Israel.
32 ৩২ সেই কালত যিহোৱাই ইস্ৰায়েল দেশৰ সীমা সৰু কৰিবলৈ ধৰিলে। হজায়েলে ইস্রায়েলৰ সীমাত ইস্ৰায়েলীয়াসকলক পৰাজয় কৰিলে।
In diebus illis coepit Dominus taedere super Israel: percussitque eos Hazael in universis finibus Israel,
33 ৩৩ তেওঁ যৰ্দ্দন নদীৰ পূব ফালৰ পৰা, অৰ্ণোন উপত্যকাৰ ওচৰত থকা অৰোয়েৰ পর্যন্ত, সমগ্র গিলিয়দ আৰু বাচান অঞ্চল জয় কৰিলে; সেই ঠাইবোৰ গাদ, ৰূবেণ আৰু মনচি ফৈদৰ অঞ্চল আছিল।
a Iordane contra Orientalem plagam, omnem Terram Galaad, et Gad, et Ruben, et Manasse, ab Aroer, quae est super Torrentem Arnon, et Galaad, et Basan.
34 ৩৪ যেহূৰ অন্যান্য সকলো বৃত্তান্ত, তেওঁৰ সকলো কৰ্ম আৰু পৰাক্ৰমৰ কথা জানো ইস্ৰায়েলৰ ৰজাসকলৰ ‘ইতিহাস-পুস্তকখনত’ লিখা নাই?
Reliqua autem verborum Iehu, et universa quae fecit, et fortitudo eius, nonne haec scripta sunt in Libro verborum dierum regum Israel?
35 ৩৫ পাছত যেহূ তেওঁৰ পূর্বপুৰুষসকলৰ সৈতে নিদ্ৰিত হ’ল আৰু লোকসকলে তেওঁক চমৰিয়াত মৈদাম দিলে। তেওঁৰ ঠাইত তেওঁৰ পুত্ৰ যিহোৱাহজ ৰজা হ’ল।
Et dormivit Iehu cum patribus suis, sepelieruntque eum in Samaria: et regnavit Ioachaz filius eius pro eo.
36 ৩৬ যেহূৱে চমৰিয়াত ইস্ৰায়েলৰ ওপৰত আঠাইশ বছৰ ৰাজত্ব কৰিছিল।
Dies autem, quos regnavit Iehu super Israel, viginti et octo anni sunt, in Samaria.