< ২ রাজাবলি 10 >

1 চমৰিয়াত আহাব ৰজাৰ সত্তৰ জন বংশধৰ আছিল; যেহূৱে চমৰিয়া, যিজ্ৰিয়েলৰ শাসনকর্তাসকল, পৰিচাৰক আৰু আহাবৰ বংশধৰৰ অভিভাৱকসকললৈ এই পত্ৰ লিখি পঠালে,
E piny Samaria ne nitie yawuowi piero abiriyo mawuok e dhood Ahab. Kuom mano Jehu nondiko barupe mooro Samaria ne jotend Jezreel, ne jodonge kod jorit mag nyithind Ahab kowachonegi niya,
2 “আপোনালোকৰ প্ৰভুৰ বংশধৰসকল আপোনালোকৰ লগত আছে আৰু ৰথ, ঘোঁৰা, গড়েৰে আবৃত এখন নগৰ আৰু অস্ত্ৰ-শস্ত্ৰবোৰো আছে; এই হেতুকে এই পত্ৰ পোৱা মাত্রেই,
“E sa ma baruwani nochopnue, nikech un gi yawuot ruodhu kod geche lweny gi farese, gi dala maduongʼ mochiel motegno kod gige lweny,
3 আপোনালোকৰ প্ৰভুৰ সকলোতকৈ উত্তম আৰু যোগ্য বংশধৰক বাচি লৈ আহাবৰ সিংহাসনত বহুৱাওক; তাৰ পাছত প্ৰভুৰ ৰাজবংশৰ কাৰণে যুদ্ধ কৰক।”
yieruru achiel kuom yawuot ruoth mowinjore kendo ukete obed e loch wuon-gi. Bangʼ mano ikreuru mondo uked ne dhood ruodhu.”
4 কিন্তু তেওঁলোকে অতিশয় ভয় খাই ক’লে, “চাওঁক, দুজন ৰজায়েই যেতিয়া যেহূৰ আগত থিয় হ’ব নোৱাৰিলে, তেন্তে আমিনো কেনেকৈ থিয় হ’ব পাৰিম?”
To kihondko ne ogoyogi magiwacho niya, “Ka ruodhi pinje ariyo ne ok nyal sire, wan to bende dwasire?”
5 এই হেতুকে ৰাজপৰিয়ালৰ পৰিচালক, নগৰৰ শাসনকর্তা, পৰিচাৰকসকল আৰু আহাবৰ বংশধৰসকলক প্রতিপাল কৰাসকলে যেহূক এই কথা কৈ পঠালে, “আমি আপোনাৰ দাস। আপুনি যি আজ্ঞা দিব, আমি সেই সকলোকে কৰিম। আমি কাকো ৰজা নাপাতোঁ; আপুনি যি ভাল দেখে, তাকেই কৰক।”
Eka jatend dala ruoth, jatend dala maduongʼ, jodongo kod jorit mag nyithind Ahab nooro wachni ne Jehu kama: “Wan mana jotichni omiyo wabiro timo gimoro amora miwacho. Ok wabi yiero ngʼato e dierwa mondo obed ruoth, tim gima chunyi oneno ni ber.”
6 তেতিয়া যেহূৱে তেওঁলোকলৈ দ্বিতীয় বাৰ পত্ৰ লিখিলে, “আপোনালোক যদি মোৰ পক্ষত থাকে আৰু মোৰ কথামতে চলে, তেন্তে আপোনালোকৰ প্ৰভুৰ বংশধৰসকলৰ মূৰ ছেদন কৰি অহাকালি এই সময়তে যিজ্ৰিয়েলত মোৰ ওচৰলৈ আহিব।” আহাবৰ সেই সত্তৰজন বংশধৰ তেতিয়া নগৰৰ প্রধান লোকসকলৰ লগত আছিল। তেওঁলোকে তেওঁলোকক চোৱা-চিতা কৰিছিল।
Eka Jehu nondikonegi baruwa mar ariyo mawacho niya, “Ka un jokora kendo ubiro winjo wachna, to ngʼaduru wiye yawuot ruodhu kendo kiny kochopo sa maka ma to ubi ira Jezreel.” E kindeno yawuot ruoth piero abiriyo ne ni kod jorit mag-gi mane gin jotend dala maduongʼno.
7 যেহূৰ পত্ৰ পোৱাৰ পাছত সেই লোকসকলে সেই সত্তৰজনৰ সকলোকে ধৰি হত্যা কৰিলে। তাৰ পাছত পাচিত তেওঁলোকৰ মূৰবোৰ ভৰাই যিজ্ৰিয়েলত যেহূৰ ওচৰলৈ পঠাই দিলে।
Kane baruwa ochopo jogi nokawo yawuot ruoth piero abiriyogo ma ginego. Negikawo wiyegi ma giketogi ei okapu kendo giterone Jehu e piny Jezreel.
8 তেতিয়া এজন লোকে আহি যেহূক ক’লে, “তেওঁলোকে ৰজাৰ বংশধৰসকলৰ মূৰবোৰ লৈ আনিছে।” তাতে তেওঁ ক’লে, “সেইবোৰ দুটা দম কৰি নগৰৰ প্রৱেশদ্বাৰৰ পথত ৰাতিপুৱালৈকে ৰাখি থোৱা।”
Kane jaote ochopo ne owacho ne Jehu niya, “Gisekelo wiye yawuot ruoth.” Eka Jehu nogolo chik niya, “Dhurgiuru pidhe ariyo e dhoranga dala maduongʼ nyaka piny yawre.”
9 পিছ দিনা ৰাতিপুৱা যেহূ বাহিৰলৈ ওলাই গ’ল। তেওঁ সকলো লোকৰ সন্মুখত থিয় হৈ ক’লে, আপোনালোকৰ কোনো দোষ নাই। ময়েই মোৰ প্ৰভুৰ অহিতে ষড়যন্ত্র কৰি তেওঁক বধ কৰিলোঁ; কিন্তু এওঁলোক সকলোকে কোনে বধ কৰিলে?
Kinyne gokinyi machielono Jehu nowuok modhi ochungʼ e nyim oganda mowachonegi niya, “Un to uonge ketho makmana ni an ema ne ariwora gi ji ma andhogo ruodha kendo anege, to koro joma othogi duto, to ngʼama onego?
10 ১০ এতিয়া আপোনালোকে নিশ্চয়কৈ জানি ৰাখক, আহাবৰ বংশৰ বিৰুদ্ধে যিহোৱাই কোৱা কোনো এটি কথাও অথলে নাযাব; যিহোৱাই তেওঁৰ দাস এলিয়াৰ দ্বাৰাই যি কৈছিল, তাক তেওঁ সিদ্ধ কৰিলে।”
Koro ngʼeuru ni onge wach ma Jehova Nyasaye osewacho ewi od Ahab ma ok nochop kare. Jehova Nyasaye osetimo gima ne osingo kokalo kuom jatichne Elija.”
11 ১১ এইদৰে যেহূৱে যিজ্ৰিয়েলত থকা আহাবৰ বংশৰ সকলো অৱশিষ্ট লোকক, অৰ্থাৎ তেওঁৰ সকলো প্ৰধান লোকক, তেওঁৰ প্ৰণয়ৰ বন্ধুসকল আৰু তেওঁৰ পুৰোহিতসকলক বধ কৰিলে। তেওঁলোকৰ আৰু কোনোৱেই জীয়াই নাথাকিল।
Omiyo Jehu nonego ji duto man Jezreel mane odongʼ e od Ahab, kaachiel gi jotende duto, osiepene kod jodolo mage duto, maonge ngʼama noweyo kangima.
12 ১২ পাছত যেহূ বাহিৰ হৈ চমৰিয়াৰ ফালে যাবলৈ ধৰিলে। বাটত তেওঁ মেৰ-ছাগ ৰখীয়াৰ গাওঁ বৈৎ-একদৰ ওচৰ পালে।
Eka Jehu ne owuok kochomo yo Samaria. Kane ochopo kar jokwath miluongo ni Beth Eked,
13 ১৩ সেই ঠাইতে যিহূদাৰ ৰজা অহজিয়াৰ কেইজনমান ভায়েকৰ লগত যেহূৰ সাক্ষাৎ হ’ল; তেওঁ তেওঁলোকক সুধিলে, “আপোনালোক কোন হয়?” তেওঁলোকে ক’লে, “আমি অহজিয়াৰ ভায়েক; আমি ৰাণী ঈজেবলৰ সন্তান সকলক আৰু ৰাজপৰিয়ালৰ সকলোকে মঙ্গলবাদ কৰিবলৈ আহিছোঁ।”
ne oromo gi wede Ahazia ruodh Juda moko mopenjogi niya, “Un ngʼa gini.” To negidwoko niya, “Wan wede Ahazia kendo ne walor mondo wamos joka ruoth kod min ruoth.”
14 ১৪ তেতিয়া যেহূৱে তেওঁৰ লোক সকলক আজ্ঞা দি’লে, “এওঁলোকক জীয়াই জীয়াই ধৰা।” লোকসকলে তেওঁলোকক জীৱন্তে ধৰিলে আৰু বৈৎ-একদৰ নাদত তেওঁলোকক বধ কৰিলে। তেওঁলোক সংখ্যাত বিয়াল্লিশ জন আছিল। তেওঁলোকৰ মাজৰ এজনকো জীয়াই নাৰাখিলে।
Eka nogolo chik niya, “Makgiuru” Omiyo negimako ji piero angʼwen gariyogo ma gidhi kodgi e bath soko man Beth Eked ma ginegogi, kendo onge moro amora mane otony.
15 ১৫ সেই ঠাইৰ পৰা গুচি যোৱাৰ পাছত ৰেখবৰ পুত্ৰ যিহোনাদবক যেহূৱে লগ পালে। তেওঁ যেহূক দেখা কৰিবলৈ আহিছিল। যেহূৱে তেওঁক মঙ্গলবাদ জনাই ক’লে, “মোৰ হৃদয় যেনেকৈ আপোনাৰ লগত আছে তেনেকৈ আপুনিও মোৰ পক্ষত আছে নে?” যিহোনাদবে উত্তৰ দিলে, “হয়, আছোঁ।” যেহূৱে ক’লে “যদি সেয়ে তেন্তে আপোনাৰ হাত আগবঢ়াই দিয়ক।” যিহোনাদবে হাত আগবঢ়াই দিলে আৰু যেহূৱে তেওঁক ৰথত তুলি ল’লে।
Kane osea kanyo noyudo Jehonadab wuod Rekab, mane dhi romone. Jehu nomose mopenje niya, “Bende in koda e winjruok kaka an kodini?” Jehonadab nodwoke niya, Ee an kodi. Jehu nowachone niya, “Ka en kamano, to miya lweti.” Omiyo notimo kamano kendo nomako lwete moidho gach lweny.
16 ১৬ তেতিয়া যেহূৱে ক’লে, “মোৰ লগত আহাঁ আৰু যিহোৱাৰ কাৰণে মোৰ আগ্রহ কিমান তাক চোৱাহি।” এইদৰে তেওঁ যিহোনাদবক নিজৰ ৰথত তুলি লৈ গ’ল।
Jehu nowachone niya, “Bi mondo idhi koda mondo ineye kaka achiwora tiyone Jehova Nyasaye.” Eka negidhi kode koidho gache.
17 ১৭ পাছত যেহূ চমৰিয়ালৈ আহি আহাবৰ ৰাজবংশৰ বাকী সকলো লোকক বধ কৰিলে; যিহোৱাই এলিয়াক যি কৈছিল সেই অনুসাৰে যেহূৱে তেওঁলোকক বিনষ্ট কৰিলে।
Kane Jehu ochopo Samaria, nonego jood Ahab duto mane odongʼ, notiekogi kaluwore gi wach mane Jehova Nyasaye owachone Elija.
18 ১৮ তাৰ পাছত যেহূৱে সকলো লোকক গোটাই তেওঁলোকক ক’লে, “আহাবে বাল দেৱতাক সামান্য ভাৱে পূজা কৰিলে; কিন্তু যেহূৱে তেওঁৰ পূজা অধিক বেছিকৈ কৰিব।
Eka Jehu nochoko ji duto kanyakla mowachonegi niya, “Ahab ne otiyone Baal mana matin, to Jehu biro tiyone mangʼeny.
19 ১৯ এতিয়া বাল দেৱতাৰ সকলো ভাববাদী, উপাসক আৰু পুৰোহিতসকলক মোৰ ওচৰলৈ মাতি আনক। চাব যেন কোনো নহাকৈ নাথাকে, কিয়নো বাল দেৱতাৰ উদ্দেশ্যে মই এক মহাবলি উৎসর্গ কৰিব লাগিব। কোনোবা যদি নাহে, তেন্তে তেওঁ জীয়াই নাথাকিব।” কিন্তু আচলতে যেহূৱে বাল দেৱতাৰ উপাসকসকলক বিনষ্ট কৰাৰ আশয়েৰে এই ছলনা কৰিলে।
Koro luong jonabi duto mag Baal, jodonge duto kod jodolone duto. Kik yudi ni ngʼato kuomgi onge nikech adhi timo nyasi mar misango maduongʼ ne Baal. Ngʼato angʼata ma ok ochopo e nyasino to ok nobed mangima.” To Jehu ne wuondore nimar ne odwaro kaka doneg jodong Baal duto.
20 ২০ যেহূৱে আজ্ঞা দিলে, “বাল দেৱতাৰ উদ্দেশ্যে এটা দিন ঠিক কৰি এক পবিত্ৰ মহাসভাৰ ঘোষণা কৰা।” সেই লোকসকলে সেই কথা প্রচাৰ কৰিলে।
Jehu nowacho niya, “Timuru chokruok maduongʼ mar Baal.” Omiyo negilando wachno.
21 ২১ যেহূৱে তেতিয়া ইস্ৰায়েলৰ সকলো ঠাইলৈ এই বার্তা পঠাই দিলে। তাতে বাল দেৱতাৰ সকলো উপাসক আহি উপস্থিত হ’ল। কোনোৱে নহাকৈ নাথাকিল। তেওঁলোক বাল দেৱতাৰ মন্দিৰত সোমোৱাৰ পাছত মন্দিৰৰ ইমুৰৰ পৰা সিমুৰলৈকে লোকেৰে ভৰি পৰিল।
Eka nooro wach e piny Israel duto mi jodong Baal duto nobiro; kendo onge kata mana ngʼato achiel mane odongʼ. Negipongʼo ii hekaluno duto koni gi koni.
22 ২২ তেতিয়া যেহূৱে পুৰোহিতৰ পোছাক-ৰক্ষকজনক ক’লে, “বাল দেৱতাৰ উপাসকসকলৰ কাৰণে কাপোৰ লৈ আহা।” তাতে লোকজনে তেওঁলোকৰ কাৰণে কাপোৰ উলিয়াই আনিলে।
Kendo Jehu nowachone jarit kar keno mar lewni niya, “Keluru kandhe moromo jodong Baal duto.” Omiyo nokelo kandhe moromogi duto.
23 ২৩ তাৰ পাছত যেহূ আৰু ৰেখবৰ পুত্ৰ যিহোনাদব বাল দেৱতাৰ মন্দিৰত সোমাল। যেহূৱে বাল দেৱতাৰ উপাসকসকলক ক’লে, “আপোনালোকে ভালদৰে চাওঁক যাতে যিহোৱাৰ দাসবোৰৰ মাজৰ কোনো আপোনালোকৰ মাজত নাথাকে, কেৱল বাল দেৱতাৰহে উপাসকসকল থাকিব।”
Bangʼ mano Jehu gi Jehonadab wuod Rekab nodhi ei hekalu mar Baal. Jehu nowachone jodong Baal duto niya, “Neuru ni onge jatich Jehova Nyasaye moro amora kodu ka makmana jodong Baal.”
24 ২৪ তেতিয়া তেওঁলোক বলি আৰু হোমবলি উৎসর্গ কৰিবলৈ ভিতৰলৈ সোমাই গ’ল। যেহূৱে বাহিৰত থিয় হৈ থকা আশী জন লোকক মনোনীত কৰি এই বুলি সাৱধান কৰি ক’লে, “মই তোমালোকৰ হাতত যিসকল লোকক আনি দিছোঁ, তেওঁলোকৰ এজনকো যদি কোনোৱে পলাই যাবলৈ দিয়ে তেন্তে সেই জনৰ প্ৰাণৰ সলনি, তেওঁৰে প্রাণ লোৱা হ’ব।”
Eka negidonjo ei hekaluno mondo gichiw misengini miwangʼo pep kod liswa. Noyudo Jehu oseketo ji piero aboro oko momiyogi siem kama: “Kapo ni ngʼato moro kuomu oweyo achiel kuom jogi otony, to ngimani nokaw kar ngimane.”
25 ২৫ যেহূৱে হোমবলি উৎসৰ্গ শেষ কৰাৰ লগে লগে ৰখীয়া আৰু সেনাপতিসকলক আজ্ঞা দিলে, “তোমালোক ভিতৰলৈ সোমাই গৈ তেওঁলোকক বধ কৰা; এজনকো বাহিৰলৈ আহিব নিদিবা।” তেতিয়া তেওঁলোকে তৰোৱালেৰে তেওঁলোকক বধ কৰিলে। ৰখীয়া আৰু সেনাপতিসকলে তেওঁলোকৰ শবোৰ বাহিৰলৈ পেলাই দি, বাল দেৱতাৰ মন্দিৰৰ ভিতৰ কোঁঠালিলৈ গ’ল।
Sa mane Jehu osetieko misango miwangʼo pep, ne ogolo chikne jorit gi jotelo kama: “Donjuru kendo uneg-gi, kendo kik uwe moro otony.” Omiyo neginegogi gi ligangla. Jorit kod jotelogo nowito ringregi oko kendo negidonjo nyaka ei agola mar hekalu mar Baal.
26 ২৬ তেওঁলোকে বাল দেৱতাৰ মন্দিৰৰ পৰা পূজাৰ শিলৰ স্তম্ভবোৰ উলিয়াই আনি পুৰি পেলালে।
Bangʼe negigolo oko kido milamo e hekalu mar Baal mi giwangʼe.
27 ২৭ তাৰ পাছত তেওঁলোকে বাল দেৱতাৰ স্তম্ভ আৰু মন্দিৰটো ভাঙি পেলালে আৰু তাক পাইখানা ঘৰ হিচাবে ব্যৱহাৰ কৰিলে। ই আজিলৈকে আছে।
Negitoyo kidi milamo kendo gimuko hekalu mar Baal kendo kanyo ji osebedo katiyogo kaka choo nyaka chil kawuono.
28 ২৮ এইদৰে যেহূৱে ইস্ৰায়েলৰ মাজৰ পৰা বাল দেৱতা আৰু ইয়াৰ পূজা-অর্চনাক বন্ধ কৰিলে।
Omiyo Jehu noketho lamo Baal e piny Israel.
29 ২৯ কিন্তু নবাটৰ পুত্র যাৰবিয়ামে ইস্রায়েলৰ দ্বাৰাই যিবোৰ পাপ কার্য কৰাইছিল, সেইবোৰৰ পৰা তেওঁ আঁতৰি নাহিল অৰ্থাৎ বৈৎএল আৰু দানত থকা সোণৰ দামুৰি দুটাৰ পাছত চলাৰ পৰা যেহূ আঁতৰ নহ’ল।
Kata kamano ne ok olokore oweyo richo mar Jeroboam wuod Nebat, mane omiyo jo-Israel odonje richo mar lamo nyaroya mar mula mochwe e Bethel kod Dan.
30 ৩০ যিহোৱাই যেহূক ক’লে, মোৰ দৃষ্টিত যি ন্যায়, তাক কৰি তুমি ভাল কৰ্ম কৰিলা, আৰু মোৰ মনত যি যি আছিল, সেই সকলোকে তুমি আহাবৰ বংশলৈ কৰিলা; এই কাৰণে চতুৰ্থ পুৰুষলৈকে তোমাৰ বংশ ইস্ৰায়েলৰ সিংহাসনত বহিব।
Jehova Nyasaye nowachone Jehu niya, “Nikech isetimo maber mondo ichop gima nikare e wangʼa kendo isetimo ne od Ahab gik mane ni e pacha, ogandani nobed e loch mar Israel nyaka tiengʼ mar angʼwen.”
31 ৩১ তথাপি যেহূৱে নিজৰ সকলো চিত্তে সৈতে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ ব্যৱস্থা অনুসাৰে চলিবলৈ সাৱধান নহ’ল; যাৰবিয়ামে যিবোৰ পাপৰ দ্বাৰাই ইস্ৰায়েলক পাপ কৰাইছিল, সেইবোৰ পাপৰ পৰা তেওঁ আঁতৰ নহ’ল।
Kata kamano Jehu ne ok oritore kuom mako chike Jehova Nyasaye ma Nyasach Israel gi chunye duto. Bende ne ok olokore e richo Jeroboam, mane omiyo jo-Israel otimo.
32 ৩২ সেই কালত যিহোৱাই ইস্ৰায়েল দেশৰ সীমা সৰু কৰিবলৈ ধৰিলে। হজায়েলে ইস্রায়েলৰ সীমাত ইস্ৰায়েলীয়াসকলক পৰাজয় কৰিলে।
E kindeno Jehova Nyasaye nochako dwoko kwan mar jo-Israel piny, Hazael noloyo jo-Israel e pinjegi duto,
33 ৩৩ তেওঁ যৰ্দ্দন নদীৰ পূব ফালৰ পৰা, অৰ্ণোন উপত্যকাৰ ওচৰত থকা অৰোয়েৰ পর্যন্ত, সমগ্র গিলিয়দ আৰু বাচান অঞ্চল জয় কৰিলে; সেই ঠাইবোৰ গাদ, ৰূবেণ আৰু মনচি ফৈদৰ অঞ্চল আছিল।
chakre aora Jordan kochomo yo wuok chiengʼ kaachiel gi pinje duto mag Gilead (ma gin gwenge mag Gad, Reuben kod Manase), kendo chakre Aroer manie bath aora Arnon kokadho Gilead nyaka Bashan.
34 ৩৪ যেহূৰ অন্যান্য সকলো বৃত্তান্ত, তেওঁৰ সকলো কৰ্ম আৰু পৰাক্ৰমৰ কথা জানো ইস্ৰায়েলৰ ৰজাসকলৰ ‘ইতিহাস-পুস্তকখনত’ লিখা নাই?
To kuom weche moko mondiki e sigand loch Jehu, gik mane otimo, gima ne ochopo kare, donge ondikgi e kitabu motingʼo weche mag ruodhi jo-Israel?
35 ৩৫ পাছত যেহূ তেওঁৰ পূর্বপুৰুষসকলৰ সৈতে নিদ্ৰিত হ’ল আৰু লোকসকলে তেওঁক চমৰিয়াত মৈদাম দিলে। তেওঁৰ ঠাইত তেওঁৰ পুত্ৰ যিহোৱাহজ ৰজা হ’ল।
Jehu notho moyweyo gi kwerene kendo ne oike e piny Samaria mi Jehoahaz wuode nobedo ruoth kare.
36 ৩৬ যেহূৱে চমৰিয়াত ইস্ৰায়েলৰ ওপৰত আঠাইশ বছৰ ৰাজত্ব কৰিছিল।
Ndalo mane Jehu obedo gi loch e piny Israel ka en Samaria noromo higni piero ariyo gaboro.

< ২ রাজাবলি 10 >