< ২ রাজাবলি 1 >
1 ১ আহাবৰ মৃত্যুৰ পাছত, মোৱাব দেশে ইস্ৰায়েলৰ বিৰুদ্ধে বিদ্ৰোহ-আচৰণ কৰিলে।
Bayan mutuwar Ahab, Mowab ta yi wa Isra’ila tawaye.
2 ২ অহজিয়াই চমৰিয়াত তেওঁৰ ঘৰৰ ওপৰ-কোঁঠালিৰ খিড়িকিয়েদি তললৈ পৰি আঘাত পালে। তেতিয়া তেওঁ কেইজনমান লোকক এইবুলি কৈ পঠাই দিলে যে, “তোমালোকে গৈ ইক্ৰোণৰ দেৱতা বাল-জবুবৰ ওচৰত সোধা, এই আঘাতৰ পৰা মই সুস্থ হ’ম নে নাই।”
Ahaziya fa ya fāɗo daga tagar ɗakin samansa a Samariya ya ji rauni. Saboda haka ya aiki masinjoji, yana cewa, “Ku je ku tuntuɓi Ba’al-Zebub, allahn Ekron, ku ga ko zan warke daga wannan rauni.”
3 ৩ কিন্তু যিহোৱাৰ দূতে তিচবীয়া এলিয়াক ক’লে, “তুমি গৈ চমৰিয়াৰ ৰজাই পঠোৱা লোকসকলৰ লগত সাক্ষাত কৰি তেওঁলোকক কোৱা, ‘ইস্ৰায়েল দেশত জানো ঈশ্বৰ নাই যে, তোমালোকে ইক্ৰোণৰ বাল-জবুবৰ গুৰিত সুধিবলৈ গৈছা?
Amma mala’ikan Ubangiji ya ce wa Iliya mutumin Tishbe, “Ka haura ka taryi masinjojin sarkin Samariya, ka tambaye su, ‘Don babu Allah ne a Isra’ila da za ku tafi ku tuntuɓi Ba’al-Zebub allahn Ekron?’
4 ৪ সেয়ে যিহোৱাই কৈছে, “তুমি যি শয্যাত পৰি আছা, তাৰ পৰা তুমি পুনৰ নুঠিবা। তোমাৰ অৱেশ্যেই মৃত্যু হ’ব’।” এলিয়াই সেই লোকসকলক লগ ধৰিলে আৰু এই দৰে কৈ গুছি গ’ল।
Saboda haka, ga abin da Ubangiji ya ce, ‘Ba za ka tashi daga inda kake kwance ba, ba shakka za ka mutu!’” Iliya ya yi kamar yadda Ubangiji ya umarce shi, sai ya tafi.
5 ৫ পাছত সেই লোকসকল ৰজাৰ ওচৰলৈ ঘূৰি অহাৰ পাছত তেওঁ তেওঁলোকক সুধিলে, “তোমালোক কিয় উভটি আহিলা?”
Da masinjojin suka koma wurin sarki, sai sarki ya ce da su, “Don me kuka komo?”
6 ৬ উত্তৰত তেওঁলোকে ক’লে, “এজন মানুহে আমাৰ লগত সাক্ষাত কৰি ক’লে, ‘যি জনে আপোনালোকক পঠিয়াইছে, আপোনালোক যেন সেই ৰজাৰ ওচৰলৈ উভটি গৈ তেওঁক জনায়, “যিহোৱাই কৈছে, ‘ইস্ৰায়েল দেশত জানো ঈশ্বৰ নাই, আপুনি যে ইক্ৰোণৰ দেৱতা বাল-জবুবৰ গুৰিত সুধিবৰ কাৰণে মানুহ পঠিয়াইছে? সেয়ে আপুনি যি শয্যাত পৰি আছে, তাৰ পৰা পুনৰ নুঠিব, কিন্তু অৱশ্যেই মৃত্যু হ’ব।’”
Sai suka amsa, “Wani mutum ya sadu da mu ya ce mana, ‘Ku koma wurin sarkin da ya aike ku, ku ce masa, “Ga abin da Ubangiji ya ce, don babu Allah ne a Isra’ila da ka aika a tuntuɓi Ba’al-Zebub allahn Ekron? Saboda haka ba za ka tashi daga gadon da kake kwance ba. Ba shakka za ka mutu!”’”
7 ৭ ৰজাই তেওঁলোকক সুধিলে, “যি মানুহজনে তোমালোকৰ লগত সাক্ষাত কৰি এই কথা ক’লে, তেওঁ বাৰু দেখাত কেনেকুৱা আছিল?”
Sai Sarkin ya tambaye su ya ce, “Wanda irin mutum ne ya yi muku wannan magana?”
8 ৮ তেওঁলোকে উত্তৰ দিলে, “তেওঁ জন্তুৰ নোমেৰে তৈয়াৰী পোছাক পিন্ধিছিল আৰু তেওঁৰ কঁকালত আছিল চামৰাৰ কটিবন্ধন।” ৰজাই ক’লে, “তেৱেঁ হৈছে তিচবীয়া এলিয়া।”
Sai suka ce, “Mutumin ya sa riga mai gashi, ya kuma yi ɗamara da fata.” Sarkin ya ce, “Ai, Iliya mutumin Tishbe nan ne.”
9 ৯ তাৰ পাছত ৰজাই এজন সেনাপতি আৰু তেওঁৰ পঞ্চাশজন সৈন্যক এলিয়াৰ ওচৰলৈ পঠাই দিলে। এলিয়া সেই সময়ত পাহাৰৰ ওপৰত বহি আছিল। সেনাপতিজন এলিয়াৰ ওচৰলৈ উঠি গৈ ক’লে, “হে ঈশ্বৰৰ লোক, ৰজাই আপোনাক নামি আহিবলৈ কৈছে।”
Sai sarki ya aiki kaftin da sojojin hamsin wurin Iliya. Kaftin ya haura wajen Iliya, wanda yake zaune a kan tudu, ya ce masa, “Mutumin Allah, sarki ya ce, ‘Ka sauko, ka zo!’”
10 ১০ এলিয়াই সেনাপতিজনক ক’লে, “মই যদি ঈশ্বৰৰ লোক হওঁ, তেন্তে আকাশৰ পৰা জুই নামি আহি যেন আপোনাক আৰু আপোনাৰ পঞ্চাশজন সৈন্যক পুৰি গ্ৰাস কৰে।” তেতিয়া আকাশৰ পৰা জুই নামি আহি সেই সেনাপতি আৰু তেওঁৰ পঞ্চাশজন সৈন্যক গ্ৰাস কৰিলে।
Iliya ya ce masa, “In ni mutumin Allah ne, bari wuta tă sauko daga sama tă cinye ka da sojojinka hamsin!” Sai wuta ta sauko daga sama ta cinye kaftin tare da sojojinsa hamsin.
11 ১১ ৰজাই আকৌ এজন সেনাপতি আৰু তেওঁৰ পঞ্চাশজন সৈন্যক এলিয়াৰ ওচৰলৈ পঠালে। সেই সেনাপতিয়েও এলিয়াক ক’লে, “হে ঈশ্বৰৰ লোক, ৰজাই আপোনাক এতিয়াই নামি আহিবলৈ কৈছে।”
Da jin haka sai sarki ya sāke aiken wani kaftin tare da waɗansu sojojinsa hamsin wurin Iliya. Kaftin ya ce wa Iliya, “Mutumin Allah, ga abin da sarki ya ce, ‘Ka sauko, nan take ka zo!’”
12 ১২ এলিয়াই উত্তৰ দি ক’লে, “মই যদি ঈশ্বৰৰ লোক হওঁ, তেন্তে আকাশৰ পৰা জুই নামি আহি যেন আপোনাক আৰু আপোনাৰ পঞ্চাশজন সৈন্যক পুৰি গ্ৰাস কৰে।” তেতিয়া পুনৰাই আকাশৰ পৰা ঈশ্বৰৰ জুই নামি আহি তেওঁক আৰু তেওঁৰ পঞ্চাশজন সৈন্যক গ্ৰাস কৰিলে।
Sai Iliya ya amsa, “In ni mutumin Allah ne, bari wuta ta sauko daga sama ta cinye ka da sojojinka hamsin!” Sai wutar Allah ta sauko daga sama ta cinye shi da sojojinsa hamsin.
13 ১৩ তাৰ পাছত পুনৰ ৰজাই তৃতীয়বাৰলৈ এজন সেনাপতি আৰু তেওঁৰ পঞ্চাশজন সৈন্যক পঠালে। এই তৃতীয় সেনাপতিয়ে ওপৰলৈ উঠি গৈ এলিয়াৰ সন্মুখত আঠুকাঢ়ি মিনতি কৰিলে, “হে ঈশ্বৰৰ লোক, আপোনাৰ দৃষ্টিত মোৰ আৰু আপোনাৰ এই পঞ্চাশজন দাসৰ জীৱন যেন বহুমূলীয়াৰূপে গ্রাহ্য হয়।
Saboda haka sai sarki ya aiki kaftin na uku da sojojinsa hamsin. Wannan kaftin na ukun ya haura ya durƙusa a gaban Iliya, ya roƙe shi ya ce, “Mutumin Allah, ina roƙonka ka dubi darajar raina da na waɗannan sojoji hamsin, bayinka!
14 ১৪ চাওক, আকাশৰ পৰা জুই নামি আগেয়ে অহা দুজন সেনাপতি আৰু তেওঁলোকৰ সকলো সৈন্যকে পুৰি গ্ৰাস কৰিলে; কিন্তু এইবাৰ আপোনাৰ দৃষ্টিত মোৰ প্ৰাণ বহুমূল্য হওক।”
Duba, wuta ta sauko daga sama ta cinye su kaftin nan biyu waɗanda suka zo da farko da dukan sojojinsu. To, yanzu dai, ka daraja raina!”
15 ১৫ তেতিয়া যিহোৱাৰ দূতে এলিয়াক ক’লে, “তুমি তেওঁৰ লগত নামি যোৱা, তেওঁক ভয় নকৰিবা।” তাতে এলিয়াই তেওঁৰ লগত নামি আহি ৰজাৰ ওচৰলৈ গ’ল।
Sai mala’ikan Ubangiji ya ce wa Iliya, “Sauka, ka tafi tare da shi; kada ka ji tsoro.” Saboda haka Iliya ya tashi ya sauko, ya tafi tare da shi wajen sarki.
16 ১৬ তেওঁ ৰজাক ক’লে, “যিহোৱাই এই কথা কৈছে, ‘আপুনি ইক্ৰোণৰ দেৱতা বাল-জবুবৰ ওচৰলৈ লোক পঠাইছিল। ইস্ৰায়েল দেশত জানো সুধিবৰ বাবে ঈশ্বৰ নাই? এনে কাম কৰাৰ কাৰণে যি শয্যাত আপুনি পৰি আছে, সেই শয্যাৰ পৰা আৰু উঠিব নোৱাৰিব; কিন্তু অৱশ্যেই মৃত্যু হ’ব’।”
Iliya ya ce wa sarki, “Ga abin da Ubangiji ya ce, don babu Allah a Isra’ila ne wanda za ka tuntuɓa da ka aika a tuntuɓi Ba’al-Zebub, allahn Ekron? Domin ka yi haka, ba za ka tashi daga gadon da kake kwance ba, ba shakka za ka mutu!”
17 ১৭ যিহোৱাই এলিয়াৰ যোগেদি যিদৰে কৈছিল, সেইদৰে ৰজা অহজিয়াৰ মৃত্যু হ’ল। অহজিয়াৰ কোনো পুত্ৰ সন্তান নথকাৰ বাবে তেওঁৰ ঠাইত যোৰাম ইস্রায়েলৰ ৰজা হ’ল। যিহূদাৰ ৰজা যিহোচাফটৰ পুত্র যিহোৰামৰ ৰাজত্ব কালৰ দ্বিতীয় বছৰত যোৰাম ইস্রায়েলৰ ৰজা হৈছিল।
Ya kuwa mutu yadda Ubangiji ya faɗa ta bakin Iliya. Da yake Ahaziya ba shi da ɗa, sai Yoram ya gāje shi, ya zama sarki a shekara ta biyu ta mulkin Yehoram, ɗan Yehoshafat, sarkin Yahuda.
18 ১৮ অহজিয়াৰ আন আন সকলো কৰ্মৰ বৃত্তান্ত ইস্ৰায়েলৰ ৰজাসকলৰ “ইতিহাস” পুস্তকখনত জানো লিখা নাই?
Game da dukan sauran abubuwan da suka faru a zamani Ahaziya, da abin da ya yi, ba a rubuce suke a littattafan tarihin sarakuna Isra’ila ba?