< ২ কৰিন্থীয়া 9 >
1 ১ কিয়নো পবিত্ৰ লোক সকলৰ পৰিচৰ্যা কৰা কাৰ্যৰ বিষয়ে মই আপোনালোকলৈ লিখাৰ প্ৰয়োজন নাই৷
पवित्रलोकानाम् उपकारार्थकसेवामधि युष्मान् प्रति मम लिखनं निष्प्रयोजनं।
2 ২ মই আপোনালোকৰ কামনা জানো, যাৰ বিষয়ে মই মাকিদনিয়া সকলৰ আগত আপোনালোকৰ পক্ষে গৌৰৱ কৰিছিলোঁ৷ মই তেখেত সকলক কৈছিলোঁ যে, এবছৰৰ আগৰ পৰাই আখায়া প্ৰস্তুত হৈ আছিল; আৰু আপোনালোকৰ সেই আগ্ৰহে অধিক ভাগ মানুহক প্ৰভাৱত পেলালে।
यत आखायादेशस्था लोका गतवर्षम् आरभ्य तत्कार्य्य उद्यताः सन्तीति वाक्येनाहं माकिदनीयलोकानां समीपे युष्माकं याम् इच्छुकतामधि श्लाघे ताम् अवगतोऽस्मि युष्माकं तस्माद् उत्साहाच्चापरेषां बहूनाम् उद्योगो जातः।
3 ৩ এতিয়া মই আপোনালোকৰ ওচৰলৈ ভাই সকলক পঠালোঁ, যাতে আপোনালোকৰ পক্ষে আমাৰ সেই গৌৰৱ যেন ব্যৰ্থ নহয় আৰু মই যেনেকৈ কৈছিলোঁ, আপোনালোকে তেনেকৈ যেন প্ৰস্তুত হৈ থাকে৷
किञ्चैतस्मिन् युष्मान् अध्यस्माकं श्लाघा यद् अतथ्या न भवेत् यूयञ्च मम वाक्यानुसाराद् यद् उद्यतास्तिष्ठेत तदर्थमेव ते भ्रातरो मया प्रेषिताः।
4 ৪ নহ’লে মাকিদনিয়াৰ পৰা মোৰ লগত অহা কোনো মানুহে যদি আপোনালোকক অপ্ৰস্তুত পায়, তেনেহলে আমি আপোনালোকৰ প্ৰতি সেই দৃঢ় আশা ৰখাত, আমি লাজত পৰিম - মই আপোনালোকৰ বিষয়ে এনে একো কথা নকওঁ, কাৰণ আপোনালোকৰ বিশ্ৱাসৰ ওপৰত মই নিশ্চিত হৈ আছোঁ৷
यस्मात् मया सार्द्धं कैश्चित् माकिदनीयभ्रातृभिरागत्य यूयमनुद्यता इति यदि दृश्यते तर्हि तस्माद् दृढविश्वासाद् युष्माकं लज्जा जनिष्यत इत्यस्माभि र्न वक्तव्यं किन्त्वस्माकमेव लज्जा जनिष्यते।
5 ৫ সেই কাৰণে মই ভাই কেইজনক উৎসাহিত কৰিবলৈ প্ৰয়োজন দেখি, আপোনালোকৰ ওচৰত পঠিয়াম বুলি ভাবিলোঁ; আপোনালোকে যি পূৰ্বৰে পৰা প্ৰতিজ্ঞা কৰা সেই আশীৰ্বাদ স্বৰূপ দান, সেই বিষয়ে তেখেত সকলে আপোনালোকৰ ওচৰলৈ আহি যেন আয়োজন কৰে৷ এই বিনামূলীয়া আশীর্বাদ দানৰ দৰে যেন যুগুত থাকে, কিন্তু আপোনালোকে বাধ্যত পৰি দান কৰিলে, এনে যেন নহয়৷
अतः प्राक् प्रतिज्ञातं युष्माकं दानं यत् सञ्चितं भवेत् तच्च यद् ग्राहकतायाः फलम् अभूत्वा दानशीलताया एव फलं भवेत् तदर्थं ममाग्रे गमनाय तत्सञ्चयनाय च तान् भ्रातृन् आदेष्टुमहं प्रयोजनम् अमन्ये।
6 ৬ কিন্তু সেই বিষয়ে সাৰ কথা এই- যি জনে অলপকৈ বয়, তেওঁ অলপকৈ চপাব; আৰু যি জনে অধিককৈ বয়, তেওঁ অধিককৈ চপাব।
अपरमपि व्याहरामि केनचित् क्षुद्रभावेन बीजेषूप्तेषु स्वल्पानि शस्यानि कर्त्तिष्यन्ते, किञ्च केनचिद् बहुदभवेन बीजेषूप्तेषु बहूनि शस्यानि कर्त्तिष्यन्ते।
7 ৭ প্ৰতিজনে নিজৰ হৃদয়ত যেনেকৈ ঠাৱৰ কৰিলে, তেনেকৈ দিয়ক৷ মনোদুখেৰে যেন নহয় বা আৱশ্যকতাৰেও যেন নিদিয়ে- কিয়নো হৰ্ষিত মনেৰে দিয়া জনক ঈশ্বৰে প্ৰেম কৰে।
एकैकेन स्वमनसि यथा निश्चीयते तथैव दीयतां केनापि कातरेण भीतेन वा न दीयतां यत ईश्वरो हृष्टमानसे दातरि प्रीयते।
8 ৮ ঈশ্বৰে আপোনালোকক সকলো বিষয়তে অনুগ্ৰহত বৃদ্ধি কৰিব পাৰে আৰু সকলো সময়তে আপোনালোকৰ সকলো জোৰাওকৈ থকাত, আপোনালোক সকলো সৎকৰ্মত যেন উপচি পৰিব পাৰে৷
अपरम् ईश्वरो युष्मान् प्रति सर्व्वविधं बहुप्रदं प्रसादं प्रकाशयितुम् अर्हति तेन यूयं सर्व्वविषये यथेष्टं प्राप्य सर्व्वेण सत्कर्म्मणा बहुफलवन्तो भविष्यथ।
9 ৯ এই বিষয়ে যি দৰে লিখাও আছে, “তেওঁ নিজ ধন-সম্পত্তি দৰিদ্ৰ সকলক বিলাই দি, দান কৰিলে; তেওঁৰ ধাৰ্মিকতা চিৰকাললৈকে থাকে৷” (aiōn )
एतस्मिन् लिखितमास्ते, यथा, व्ययते स जनो रायं दुर्गतेभ्यो ददाति च। नित्यस्थायी च तद्धर्म्मः (aiōn )
10 ১০ যি জনে কঠীয়া সিচোতাজনক সিচিঁবলৈ কঠীয়া আৰু ভোজনৰ কাৰণে আহাৰ যোগাই, তেৱেঁই আপোনালোকৰ কঠীয়া যোগাই বাহুল্য কৰিব আৰু আপোনালোকৰ ধাৰ্মিকতাৰ ফল বৃদ্ধি কৰিব;
बीजं भेजनीयम् अन्नञ्च वप्त्रे येन विश्राण्यते स युष्मभ्यम् अपि बीजं विश्राण्य बहुलीकरिष्यति युष्माकं धर्म्मफलानि वर्द्धयिष्यति च।
11 ১১ এইদৰে আপোনালোক সকলো দানশীলতাৰ অৰ্থে সকলো বিষয়তে ধনৱন্ত হব, আৰু সেই দানশীলতাই আমাৰ দ্বাৰাই ঈশ্বৰলৈ ধন্যবাদ সাধন কৰাব।
तेन सर्व्वविषये सधनीभूतै र्युष्माभिः सर्व्वविषये दानशीलतायां प्रकाशितायाम् अस्माभिरीश्वरस्य धन्यवादः साधयिष्यते।
12 ১২ কিয়নো এই দান দি পৰিচৰ্যা কৰা কাৰ্যই পবিত্ৰ লোকৰ অভাৱ পূৰ কৰিছে, অকল এয়ে নহয়, কিন্তু ঈশ্বৰৰ অনেক ধন্যবাদত ঈশ্বৰৰ উদ্দেশ্যেও উপচি পৰিছে৷
एतयोपकारसेवया पवित्रलोकानाम् अर्थाभावस्य प्रतीकारो जायत इति केवलं नहि किन्त्वीश्चरस्य धन्यवादोऽपि बाहुल्येनोत्पाद्यते।
13 ১৩ আপোনালোকক এই পৰিচৰ্যা কৰা কাৰ্যত পৰীক্ষাৰ দ্ৱাৰাই নিযুক্ত কৰা হ’ল; আপোনালোকে ঈশ্বৰক মহিমান্বিত কৰিছে, কিয়নো আপোনালোকে খ্ৰীষ্টৰ শুভবাৰ্তাৰ বিষয়ে স্বীকাৰ কৰি বশৱৰ্ত্তী হোৱা কাৰণে আৰু তেখেত সকললৈ আৰু আন লোকলৈও আপোনালোকে ভালেমান দান কৰিলে৷
यत एतस्माद् उपकारकरणाद् युष्माकं परीक्षितत्वं बुद्ध्वा बहुभिः ख्रीष्टसुसंवादाङ्गीकरणे युष्माकम् आज्ञाग्राहित्वात् तद्भागित्वे च तान् अपरांश्च प्रति युष्माकं दातृत्वाद् ईश्वरस्य धन्यवादः कारिष्यते,
14 ১৪ তেওঁলোকে আপোনালোকলৈ অতিশয় হাবিয়াহ কৰি আছে আৰু আপোনালোকৰ কাৰণে প্ৰার্থনাত আছে, কিয়নো ঈশ্বৰৰ সেই মহৎ অনুগ্ৰহ আপোনালোকৰ ওপৰত আছে৷
युष्मदर्थं प्रार्थनां कृत्वा च युष्मास्वीश्वरस्य गरिष्ठानुग्रहाद् युष्मासु तैः प्रेम कारिष्यते।
15 ১৫ ঈশ্বৰৰ বৰ্ণনাতীত দানৰ কাৰণে তেওঁৰ ধন্যবাদ হওক।
अपरम् ईश्वरस्यानिर्व्वचनीयदानात् स धन्यो भूयात्।