< ২ কৰিন্থীয়া 8 >
1 ১ হে প্ৰিয় ভাই আৰু ভনী সকল, মাকিদনিয়া দেশৰ মণ্ডলী সমূহক দিয়া ঈশ্বৰৰ অনুগ্ৰহৰ বিষয়ে মই আপোনালোকক জনাওঁ যে,
Даємо ж вам знати, браттє, про благодать Божу, дану церквам Македонським,
2 ২ ক্লেশৰূপ মহা-পৰীক্ষাতো তেওঁলোকৰ আনন্দ অধিক হ’ল আৰু তেওঁলোকৰ অতি দৰিদ্ৰতা দানশীলতাৰূপ ধনত উপচি পৰিল।
що у великому допустї горя наддостаток радощів їх, і до глибини убожество їх достаткувадо багацтвом щирости їх.
3 ৩ কিয়নো মই সাক্ষ্য দিছোঁ যে, তেওঁলোকে নিজ শক্তি অনুসাৰে দিয়াৰ উপৰি, সাধ্যৰ অতিৰিক্ত পৰিমাণে দিলে, আৰু
Бо вони по силї - се я сьвідкую - і над силу доброхітні.
4 ৪ নিজ ইচ্ছাৰে অনেক মিনতি কৰি, পবিত্ৰ লোক সকলৰ সহভাগিতাত পৰিচৰ্যা কাৰ্যৰ সহভাগী হবলৈ আমাৰ আগত যাচনা কৰিলে;
З великим благаннєм благали нас прийняти дар і товаришуваннє (спілність) в служенню сьвятим.
5 ৫ আৰু কেৱল আমি আশা কৰা অনুযায়ী নহয়, কিন্তু প্ৰথমে প্ৰভুৰ উদ্দেশ্যে, শেষত ঈশ্বৰৰ ইচ্ছাৰ দৰে আমাৰ উদ্দেশ্যে তেওঁলোকে দান কৰিলে।
І не, яко ж ми надіялись, а оддали себе перш Господеві, та й нам, волею Божою;
6 ৬ সেই বাবে আমি তীতক উৎসাহিত কৰিলোঁ, কিয়নো যেনেকৈ তেওঁ আগেয়ে আপোনালোকৰ লগত কার্য আৰম্ভ কৰিছিল, তেনেদৰেই আপোনালোকক সেই অনুগ্ৰহতো যেন পৰিপূৰ্ণ কৰে৷
тим то ми вблагали Тита, щоб, яко ж перше почав, так і скінчив у вас благодать сю.
7 ৭ কিন্তু আপোনালোকে, বিশ্বাস, বাক্য, জ্ঞান, সকলোবিধ যত্ন আৰু প্ৰেম, এই সকলোতে যেনেকৈ আমাৰ বাবে উপচি পৰিছে, তেনেকৈ সেই অনুগ্ৰহতো উপচি পৰিবলৈ চেষ্টা কৰক।
А ви, яко ж у всьому достаткуєте вірою, і словом, і знаннєм, і всяким дбаннєм, і любовю вашою до нас, щоб і в сїй благодатї достаткували.
8 ৮ এই কথা আজ্ঞা দিয়াৰ দৰে কোৱা নাই, কিন্তু আন ব্যক্তিৰ যত্নৰ দ্বাৰাই আপোনালোকৰ প্ৰেমৰ সত্যতা বিবেচনা কৰিহে কৈছোঁ।
Не повеліваючи глаголю, а через дбаннє инших хочу допевнитись в щирості вашої любови.
9 ৯ কিয়নো আপোনালোকে প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ জানে৷ তেওঁ ধনী আছিল যদিও, তেওঁৰ দৰিদ্ৰতাৰ দ্বাৰাই আপোনালোক যেন ধনী হয়, তাৰ বাবে তেওঁ দৰিদ্ৰ হ’ল৷
Знаєте бо благодать Господа нашого Ісуса Христа, що задля вас з'убожів, бувши багатим, щоб ви убожеством Його збагатились.
10 ১০ এই বিষয়টো আপোনালোকৰ পক্ষে উপযুক্ত, সেই কাৰণে মই পৰামৰ্শহে দিছোঁ; কিয়নো আপোনালোকে এবছৰৰ আগেয়ে কোনো কাৰ্য কৰিবলৈ বিচাৰিছিল, কেৱল সেয়াই নহয়, কিন্তু নিজ ইচ্ছাৰে কৰিবলৈ প্ৰস্তুতো আছিল৷
І в сьому даю раду: се бо вам на користь, котрі не тільки робити, та й хотіти перш почали від торішнього літа.
11 ১১ এতিয়া সেই কাৰ্য সিদ্ধ কৰক৷ যেনেকৈ ইচ্ছা আৰু প্ৰস্তুততা আছিল, তেনেকৈ শক্তি অনুসাৰে সেই কার্য সিদ্ধও কৰক৷
Тепер же і кінчіть роботу, щоб яко ж була охота хотїти, так щоб і скінчили по спромозї.
12 ১২ কিয়নো কার্য কৰিবলৈ প্ৰস্তুততা থাকিলে, শক্তি নথকাৰ দৰে নহয়, কিন্তু শক্তি থকাৰ দৰে কৰিলেহে গ্ৰাহ্য হয়।
Бо коли в кого в охота, то вона приятна по тому, як хто мав, а не по тому, як хто не мав.
13 ১৩ কিয়নো আন লোক সকলে কাৰ্য নকৰি জিৰণি ল’ব আৰু আপোনালোকে কাৰ্যৰ দায়িত্ব ল’ব, এনে নহয়; কিন্তু সকলোৰে ন্যায় হওক৷
(Нехай) бо не (буде) иншим одрада, а вам горе, а по рівнотї:
14 ১৪ এই বৰ্ত্তমান সময়ত আপোনালোকৰ প্ৰাচুৰ্যতাই তেওঁলোকৰ অভাৱ পূৰ্ণ কৰিব৷ এইদৰে তেওঁলোকৰ প্ৰাচুৰ্যতায়ো আপোনালোকৰ অভাৱ পূৰ্ণ কৰিব আৰু ইয়াতে সকলোৰে বাবে সমতা স্থাপন হয়;
в теперешнїй час ваш достаток про їх недостаток, щоб і їх достаток був про ваш недостаток, щоб була рівнота,
15 ১৫ যি দৰে লিখাও আছে, “যি জনে অধিক গোটাইছিল, তেওঁৰ একো নাথাকিল; কিন্তু যি জনে অলপ গোটাইছিল, তেওঁৰ অভাৱ নহ’ল”।
яко ж писано: хто (назбирав) багато, не надто мав, і хто мало, не мав недостатку.
16 ১৬ কিন্তু যি ঈশ্বৰে আপোনালোকৰ অৰ্থে তীতৰ হৃদয়ত সেই একে উৎসাহ জন্মাইছে, তেওঁ ধন্য।
Дякуємо ж Богові, що дав таке щире дбаннє про вас у серце Титу.
17 ১৭ কিয়নো তেওঁ আমাৰ উদগণি গ্ৰহণ কৰিলে কিন্তু তাতকৈয়ো নিজে উৎসাহী হৈ, নিজ ইচ্ছাৰে আপোনালোকৰ ওচৰলৈ গ’ল।
Бо благаннє таки прийняв, та й, бувши прихильнішим своєю охотою, вийшов до вас.
18 ১৮ তাতে তীতৰ সৈতে আমাৰ এজন ভাই, যি জনে শুভবাৰ্তা ঘোষণা কৰা বিষয়ত সকলো মণ্ডলীৰ মাজত প্ৰশংসা লাভ কৰিছে; সেই জন ভাইক আমি তেওঁৰ লগত পঠাই দিলোঁ৷
Послали ж ми з ним і брата, котрого похвала в євангелию по всіх церквах.
19 ১৯ তেওঁ কেৱল মৰ্যদা পোৱা ব্যক্তিয়ে নহয়, কিন্তু প্ৰভুৰ গৌৰৱ আৰু আমাৰ প্ৰস্তুততাৰ অর্থে, আমাৰ যোগেদি সাধিত হ’ব লগা প্ৰভুৰ অনুগ্ৰহৰ কাৰ্যত আমাৰ সহযাত্ৰী হ’বলৈ মণ্ডলী সকলৰ দ্বাৰাই পৰিচাৰকৰূপে মনোনীত হোৱা৷
Не тільки ж се; а він і вибраний від церков товариш наш з сією благодаттю, що нею служимо на славу самого Господа й на одраду вашу,
20 ২০ আৰু আমাৰ দ্বাৰাই সাধিত হ’ব লগা এই মহা-দানৰ বিষয়ে কোনেও যেন আমাৰ বদনাম নকৰে, তাৰ বাবে আমি সতৰ্ক হৈছোঁ;
остерегаючись того, щоб хто не дорікав нам достатком сім, котрим ми служимо,
21 ২১ কিয়নো কেৱল প্ৰভুৰ দৃষ্টিত নহয় কিন্তু মানুহৰ আগতো যি যি উচিত, সেইটোহে আমি চিন্তা কৰিছোঁ।
промишляючи про добре не тільки перед Богом, та й перед людьми.
22 ২২ আৰু তেওঁৰ সৈতে আন এজন ভাইক আমি পঠিয়ালোঁ৷ তেওঁক আমি অনেকবাৰ অনেক বিষয়ত পৰীক্ষা কৰি এইবোৰ কাৰ্যত উৎসাহী পালোঁ আৰু আপোনালোকৰ প্ৰতি থকা তেওঁৰ দৃঢ় বিশ্বাসৰ কাৰণে এইবাৰ অধিক আগ্ৰহী দেখিলোঁ৷
Послали ж з ними брата нашого, про котрого ми допевнились, що він у многому дуже пильний, тепер же він ще пильнїший, у великій надїї на вас.
23 ২৩ তীতৰ বিষয়ে হ’লে, তেওঁ মোৰ সহভাগী আৰু আপোনালোকৰ প্ৰতি মোৰ পাঁচনি কৰ্মৰ সহকাৰী৷ আমাৰ ভাই দুজনৰ বিষয়ে হ’লে, তেওঁলোক মণ্ডলী সমূহৰ দূত আৰু খ্ৰীষ্টৰ গৌৰৱ স্বৰূপ।
Що до Тита, то він мій товариш і помічник про вас; що до братів наших, вони посланники церков, слава Христова.
24 ২৪ এতেকে আপোনালোকৰ প্ৰেম প্ৰকাশ কৰক আৰু আন মণ্ডলীবোৰৰ মাজত আপোনালোকৰ বিষয়ে যি গৌৰৱ কৰিছিলোঁ, সেয়া প্ৰকাশ কৰক৷
Покажіть же доказ любови вашої і хвалення нашого вами перед ними й перед лицем церков.