< ২ কৰিন্থীয়া 4 >
1 ১ এতেকে আমি এই পৰিচৰ্যা পদ পোৱাত, আৰু একেদৰে দয়া লাভ কৰাত, কেতিয়াও আমি নিৰুৎসাহ নহওঁ;
Therefore, seeing that we haue this ministerie, as we haue receiued mercy, we faint not:
2 ২ কিন্তু লাজৰ গুপুত কাৰ্য ত্যাগ কৰি, ধুৰ্ত্তাচাৰী নহৈ আৰু ঈশ্বৰৰ বাক্যত ভাঁজ নিদি, সত্যতা প্ৰকাশ কৰি, ঈশ্বৰৰ দৃষ্টিতে সকলো মানুহৰ বিবেকৰ আগত নিজকে যোগ্য-পাত্ৰ দেখুৱাইছোঁ।
But haue cast from vs ye clokes of shame, and walke not in craftines, neither handle we the worde of God deceitfully: but in declaration of the trueth we approue our selues to euery mans conscience in the sight of God.
3 ৩ কিন্তু আমাৰ শুভবাৰ্তা যদি ঢকা হয়, তেনেহলে বিনাশৰ পাত্ৰ সকললৈহে ঢকা হয়;
If our Gospell bee then hid, it is hid to them that are lost.
4 ৪ ঈশ্বৰৰ প্ৰতিমূৰ্তি যি খ্ৰীষ্ট, তেওঁৰ গৌৰৱ প্ৰকাশক শুভবাৰ্তাৰ দীপ্তি যেন প্ৰকাশিত নহয়, এই কাৰণে এই যুগৰ দেৱতাই সেই অবিশ্বাসী লোক সকলৰ জ্ঞান-চকু অন্ধ কৰিলে। (aiōn )
In whom the God of this world hath blinded the mindes, that is, of the infidels, that the light of the glorious Gospell of Christ, which is the image of God, should not shine vnto them. (aiōn )
5 ৫ কাৰণ আমি নিজক নহয়, কিন্তু যীচু খ্ৰীষ্টক প্ৰভু আৰু যীচুৰ কাৰণে নিজক আপোনালোকৰ দাস বুলি প্রচাৰ কৰোঁ।
For we preach not our selues, but Christ Iesus the Lord, and our selues your seruaunts for Iesus sake.
6 ৬ যীচু খ্ৰীষ্টৰ মুখত ঈশ্বৰৰ গৌৰৱ প্ৰকাশক জ্ঞানৰূপে দীপ্তি প্ৰকাশ কৰিবলৈ, যি ঈশ্বৰে ক’লে, “কিয়নো আন্ধাৰৰ মাজৰ পৰা পোহৰ প্ৰকাশিত হ’ব”, সেই ঈশ্বৰে আমাৰ হৃদয়ত পোহৰ প্ৰকাশ কৰিলে।
For God that commanded the light to shine out of darknesse, is he which hath shined in our hearts, to giue the light of the knowledge of the glory of God in the face of Iesus Christ.
7 ৭ শক্তিৰ বাহুল্যতা যেন আমাৰ পৰা নহয় কিন্তু ঈশ্বৰৰ হয়, এই কাৰণে মাটিৰ পাত্ৰ যি আমি, আমাৰ জীৱনত সেই দীপ্তিৰূপ ধন আছে;
But we haue this treasure in earthen vessels, that the excellencie of that power might be of God, and not of vs.
8 ৮ আমি সকলোতে ক্লেশ ভোগ কৰিও, ঠেকত পৰা নহওঁ; উদিগ্ন হৈয়ো, নিৰাশ নহওঁ;
Wee are afflicted on euery side, yet are we not in distresse: we are in doubt, but yet wee despaire not.
9 ৯ তাড়না পায়ো, অনাথ নহওঁ; পেলোৱা হৈয়ো, বিনষ্ট নহওঁ;
We are persecuted, but not forsaken: cast downe, but we perish not.
10 ১০ আমি সদায় যীচুৰ মৃত্যু শৰীৰত লৈ ফুৰিছোঁ, যাতে যীচুৰ জীৱন আমাৰ শৰীৰত প্ৰকাশিত হয়।
Euery where we beare about in our bodie the dying of the Lord Iesus, that the life of Iesus might also be made manifest in our bodies.
11 ১১ কিয়নো জীয়াই থকা যি আমি, আমাৰ মৰ্ত্ত্য মাংসত যীচুৰ জীৱন প্ৰকাশিত হ’বলৈ, আমি যীচুৰ কাৰণে সদায় মৃত্যুৰ হাতত সমৰ্পিত হৈছোঁ।
For we which liue, are alwaies deliuered vnto death for Iesus sake, that the life also of Iesus might be made manifest in our mortal flesh.
12 ১২ এইদৰে মৃত্যুৱে আমাৰ জীৱনত, কিন্তু জীৱনে আপোনালোকত নিজ কাৰ্য সাধন কৰিছে।
So then death worketh in vs, and life in you.
13 ১৩ কিন্তু যেনেকৈ লিখা আছে, বোলে “মই বিশ্বাস কৰিলোঁ, এই হেতুকে কথা ক’লোঁ”; তেনেকৈ আমিও সেই একেই বিশ্বাসজনক আত্মা পোৱাত, বিশ্বাস কৰিছোঁ, এই হেতুকে কথা কৈছোঁ৷
And because we haue the same spirite of faith, according as it is written, I beleeued, and therefore haue I spoken, we also beleeue, and therefore speake,
14 ১৪ কাৰণ যি জনে প্ৰভু যীচুক তুলিলে তেৱেঁই যে যীচুৰ লগত আমাকো তুলিব আৰু তেওঁলোকে সৈতে আমাকো উপস্থিত কৰিব, সেই বিষয়ে আমি জানো।
Knowing that he which hath raised vp the Lord Iesus, shall raise vs vp also by Iesus, and shall set vs with you.
15 ১৫ কিয়নো এইবোৰ আপোনালোকৰ কাৰণেহে হৈছে, যাতে অনেক লোকে ঈশ্বৰৰ মহিমাৰ অর্থে অনুগ্রহ পায় ধন্যবাদত উপচি পৰে।
For all thinges are for your sakes, that that most plenteous grace by the thankesgiuing of many, may redound to the praise of God.
16 ১৬ এই কাৰণে আমি নিৰুৎসাহ নহওঁ; যদিও আমাৰ বাহ্যিক পুৰুষ বিনষ্ট হৈ আছে, তথাপি আমাৰ আন্তৰিক পুৰুষ দিনে দিনে নতুন হৈ উঠিছে।
Therefore we faint not, but though our outward man perish, yet the inward man is renewed daily.
17 ১৭ আমাৰ এই দুখ-কষ্ট ক্ষন্তেকীয়া, এই ক্ষন্তেকীয়া লঘু ক্লেশে আমাৰ জীৱনলৈ আনিবলগীয়া শ্রেষ্ঠ শাশ্বত মহিমাৰ যি অনন্তকলীয়া প্রভাৱ, তাৰ লগত আমাৰ দুখ-কষ্টৰ কোনো তুলনাই নহয়। (aiōnios )
For our light affliction which is but for a moment, causeth vnto vs a farre most excellent and an eternall waight of glorie: (aiōnios )
18 ১৮ এই কাৰণে দৃশ্য বস্তুলৈ নাচাই, অদৃশ্য বস্তুলৈ চাই থাকোঁহক৷ কাৰণ দৃশ্য বস্তু অলপদিনীয়া; কিন্তু অদৃশ্য বস্তু অনন্তকলীয়া। (aiōnios )
While we looke not on the thinges which are seene, but on the things which are not seene: for the things which are seene, are temporall: but the things which are not seene, are eternall. (aiōnios )